Skip to content

Skip to table of contents

১৯২৩—এশ বছৰৰ আগত

১৯২৩—এশ বছৰৰ আগত

জানুৱাৰী ১, ১৯২৩ চনৰ প্ৰহৰীদুৰ্গত এইদৰে লিখা আছিল, ‘এনে লাগে যেন ১৯২৩ চনটো বহুত ৰোমাঞ্চকৰ হʼব। অতি সোনকালে ভাল পৰিস্থিতি আহিব বুলি দুখত থকা লোকসকলক প্ৰচাৰ কৰিবলৈ আমি এটা ভাল সুযোগ পাম।’ সঁচাকৈ এই বছৰ বৰ ৰোমাঞ্চকৰ আছিল। বাইবেল বিদ্যাৰ্থীসকলে নিজৰ সভা, অধিৱেশন আৰু প্ৰচাৰ কৰাৰ উপায়বোৰত বহুতো সাল-সলনি কৰিছিল, যাৰ যোগেদি তেওঁলোকৰ মাজত একতা আৰু বাঢ়ি গৈছিল। আজিও এই একতা স্পষ্টকৈ দেখিবলৈ পোৱা যায়।

সভাবোৰৰ পৰা একতা বাঢ়ে

কেলেণ্ডাৰ য’ত বাইবেলৰ পদ আৰু গীতৰ নম্বৰ দিয়া হৈছে।

সেই বছৰতে সংগঠনে কিছুমান সাল-সলনি কৰিলে যাৰ বাবে বাইবেল বিদ্যাৰ্থীসকলৰ মাজত থকা একতা আৰু বাঢ়ি গʼল। প্ৰতি সপ্তাহে ‘প্ৰাৰ্থনা, প্ৰশংসা আৰু সাক্ষ্য দিয়াৰ সভাত’ যি পদৰ ওপৰত আলোচনা কৰিবলগীয়া হৈছিল, সেই পদটো প্ৰহৰীদুৰ্গ পত্ৰিকাত আৰু ভালদৰে বুজোৱা হৈছিল। ইয়াৰ উপৰিও বাইবেল বিদ্যাৰ্থীসকলে এখন কেলেণ্ডাৰ ছপা কৰিবলৈ ধৰিলে, যʼত প্ৰতি সপ্তাহে সভাত আলোচনা কৰিবলগীয়া পদ দিয়া হৈছিল আৰু প্ৰতি দিনৰ বাবে এটি গীতো দিয়া হৈছিল, যি লোকসকলে নিজৰ ব্যক্তিগত অধ্যয়ন বা পাৰিবাৰিক উপাসনাত গাব পাৰিছিল।

বাইবেল বিদ্যাৰ্থীসকলে নিজৰ সভাত “সাক্ষ্যও” দিছিল। বহু বাৰ তেওঁলোকে প্ৰচাৰত পোৱা অনুভৱৰ বিষয়ে কৈছিল, যিহোৱাক ধন্যবাদ দিছিল, গীত গাইছিল আৰু বহু বাৰ তেওঁলোকে প্ৰাৰ্থনা কৰিবলৈ ধৰিছিল। ভনী ইবা বাৰ্ণীৰ ১৯২৩ চনত ১৫ বছৰ বয়সতে বাপ্তিষ্মা হৈছিল। তাই এইদৰে কৈছে, “যদি কোনোবাই ‘সাক্ষ্য’ দিম বুলি ভাবে, তেনেহʼল তেওঁ থিয় হৈ এইদৰে কৈছিল, ‘প্ৰভুৱে মোৰ বাবে যি ভাল কাম কৰিলে তাৰ বাবে মই ধন্যবাদ দিব বিচাৰোঁ।’” কিছুমান ভাইক এইদৰে “সাক্ষ্য” দিবলৈ বহুত ভাল লাগিছিল। ভনী বাৰ্ণীয়ে এজন বৃদ্ধ ভাইৰ বিষয়ে এইদৰে কৈছে, “মৰমৰ ভাই গʼডবিনৰ ওচৰত প্ৰভুক ধন্যবাদ দিবলৈ বহুতো কথা আছিল। কিন্তু যেতিয়া তেওঁৰ পত্নীয়ে দেখিছিল যে সভা চলোৱা ভাইজন অলপ চিন্তিত হৈছে, তেতিয়া তেওঁ ভাইৰ চোলাত ধৰি টানিছিল আৰু তেওঁ বহি গৈছিল।”

প্ৰতিটো মণ্ডলীত মাহত এবাৰ ‘প্ৰাৰ্থনা, প্ৰশংসা আৰু সাক্ষ্য দিয়াৰ’ বাবে এটা বিশেষ সভা ৰখা হৈছিল। এপ্ৰিল ১, ১৯২৩ চনৰ প্ৰহৰীদুৰ্গত এই সভাবোৰৰ বিষয়ে এনেদৰে কোৱা হৈছে, “সভাৰ আধা সময় ভাই-ভনীসকলে প্ৰচাৰত পোৱা অনুভৱৰ বিষয়ে জনোৱা উচিত বা এজনে-আনজনক উৎসাহিত কৰিবলৈ ‘সাক্ষ্য’ দিয়া উচিত। . . . আমাৰ বিশ্বাস আছে যে এনেধৰণৰ সভাবোৰৰ পৰা ভাই-ভনীসকলে এজনে-আনজনৰ আৰু কাষ চাপি আহিব।”

কানাডাৰ বেঙকুবৰ চহৰত থকা ভাই চাৰ্ল্ছ মাৰ্টিনে এই সভাবোৰৰ পৰা বহুত লাভৱান হৈছিল। সেই সময়ত তেওঁ ১৯ বছৰৰ আছিল আৰু এজন প্ৰচাৰক আছিল। তেওঁ পাছত এইদৰে কৈছে, “এই সভাবোৰৰ পৰাহে মই প্ৰথমবাৰ জানিবলৈ পাইছিলোঁ যে ঘৰে ঘৰে প্ৰচাৰ কৰাৰ সময়ত মই কি কোৱা উচিত। প্ৰায়ে ভাই-ভনীসকলে ঘৰে ঘৰে প্ৰচাৰ কৰাৰ বহুতো অনুভৱ কৈছিল। ইয়াৰ পৰা মই গম পাইছিলোঁ যে মই লোকসকলৰ লগত কেনেদৰে কথা পাতিব পাৰোঁ আৰু যদি কোনোবাই মোক প্ৰশ্ন সোধে, তেনেহʼলে মই তেওঁলোকক কেনেকৈ উত্তৰ দিব পাৰোঁ।”

প্ৰচাৰ কামৰ বাবে একতা বাঢ়িল

১ মে, ১৯২৩ চনৰ বুলেটিন

প্ৰচাৰৰ বাবে “সেৱা দিৱস” আয়োজন কৰা হʼল। ইয়াৰ যোগেদিও সংগঠনত ভাই-ভনীসকলৰ মাজত একতা বাঢ়িল। এক এপ্ৰিল, ১৯২৩ চনৰ প্ৰহৰীদুৰ্গত এয়া ঘোষণা কৰা হʼল, ‘১ মেʼ, ১৯২৩ চনৰ মংগলবাৰে সেৱা দিৱস নিৰ্ধাৰণ কৰা হৈছে, যাতে আমি সকলোৱে মিলি একেটা কাম কৰোঁ আৰু আমাৰ মাজত একতা থাকে। এতিয়াৰে পৰা প্ৰতি মাহৰ প্ৰথম মংগলবাৰটো সেৱা দিৱস হʼব। প্ৰতিটো মণ্ডলীৰ প্ৰতিজন লোকে অলপ হʼলেও প্ৰচাৰ কৰা উচিত।’

ডেকা বাইবেল বিদ্যাৰ্থীসকলেও এই কামত ভাগ লৈছিল। সেই সময়ত ভনী হেজল বৰফৰ্ডৰ বয়স ১৬ বছৰ আছিল। তাই এইদৰে কয়, “বুলেটিনত লোকসকলৰ লগত কেনেদৰে কথা পাতিব লাগে তাৰ কিছুমান উপায়ৰ বিষয়ে কোৱা হৈছিল আৰু সেইবোৰ আমি মনত ৰাখিবলগীয়া হৈছিল। a মই আৰু মোৰ ককা এইবোৰত উৎসাহেৰে ভাগ লৈছিলোঁ।” কিন্তু পাছত কোনোবাই ভনী বৰফৰ্ডক বাধা দিবলৈ চেষ্টা কৰিছিল। তেওঁ কোন আছিল বাৰু? তেওঁ এজন বৃদ্ধ ভাই আছিল। ভনীয়ে এইদৰে কয়, “মই গৈ লোকসকলৰ লগত কথা পাতিব নালাগে বুলি [তেওঁ] কঠোৰ শব্দেৰে কৈছিল। সকলো বাইবেল বিদ্যাৰ্থীয়ে, ‘ডেকা লʼৰা বা ছোৱালীৱেই হওক’ সকলোৱে আমাৰ মহান সৃষ্টিকৰ্তাৰ মহিমা কৰিব লাগে বুলি সেই সময়ত বহুতো লোকে বুজি পোৱা নাছিল।” (গীত. ১৪৮:১২, ১৩) ভনী বৰফৰ্ডক অলপ বেয়া লাগিছিল, তথাপিও তাই হাৰ নামানিলে আৰু প্ৰচাৰ কৰি থাকিল। পাছত তাই গিলিয়াড স্কুলৰ দ্বিতীয় ক্লাচত গʼল আৰু তাৰ পাছত তাই পানামাত মিচনেৰী হিচাপেও সেৱা কৰিলে। আগলৈ গৈ ভাইসকলে নিজৰ চিন্তাধাৰা সলনি কৰিলে। তেওঁলোকে বুজি পালে যে ডেকাসকলেও প্ৰচাৰ কৰা উচিত।

অধিৱেশনৰ বাবে একতা বাঢ়িল

স্থানীয় আৰু আঞ্চলিক অধিৱেশনৰ যোগেদিও ভাই-ভনীসকলৰ মাজত একতা বাঢ়িল। ইয়াৰে মাজৰ কিছুমান অধিৱেশনত প্ৰচাৰৰ বাবে সেৱা দিৱস ৰখা হৈছিল। যেনে, এবাৰ কানাডাৰ বিনিপেগ চহৰত এখন অধিৱেশন হৈছিল, তেতিয়া তাত ৩১ মাৰ্চত সেৱা দিৱস ৰখা হৈছিল। ইয়াক “বিনিপেগত এটা ডাঙৰ বিস্ফোৰণ” নাম দিয়া হৈছিল। অধিৱেশনত অহা সকলো লোককে সেই দিনা চহৰত প্ৰচাৰ কৰিবলৈ উৎসাহিত কৰা হৈছিল। এই সেৱা দিৱসবোৰত ভাই-ভনীসকলে বহুতো লোকক লগ কৰিব পাৰিছিল, যাৰ বাবে আমাৰ কাম বৃদ্ধি হʼবলৈ ধৰিলে। পাঁচ আগষ্টত বিনিপেগত আৰু এখন অধিৱেশন ৰখা হৈছিল, যʼত প্ৰায় ৭০০০ লোক উপস্থিতি হৈছিল। ইয়াৰ আগতে কানাডাত ৰখা কোনো অধিৱেশনতে ইমান লোক উপস্থিত হোৱা নাছিল।

যিহোৱাৰ লোকসকলৰ ১৯২৩ চনত এটা বিশেষ অধিৱেশন হʼল। এয়া কেলিফʼৰ্ণিয়াৰ লʼচ এঞ্জেলিচ চহৰত ১৮-২৬ আগষ্টত ৰখা হৈছিল। অধিৱেশনৰ কিছু সপ্তাহৰ আগতে বাতৰি কাকতত এই অধিৱেশনৰ এড দিয়া হৈছিল। বাইবেল বিদ্যাৰ্থীসকলে লোকসকলক অধিৱেশনত মাতিবলৈ ৫,০০,০০০-তকৈ বেছি নিমন্ত্ৰণ পত্ৰ বিতৰণ কৰিলে। তেওঁলোকে ৰাজহুৱা আৰু ব্যক্তিগত গাড়ীবোৰতো বেনাৰ লগালে।

১৯২৩ চনত লছ এঞ্জেলিছ চহৰত বাইবেল বিদ্যাৰ্থীসকলৰ অধিৱেশনত

শনিবাৰ, ২৫ আগষ্টত ভাই ৰাডাফৰ্ডে এটা ভাষণ দিলে, যাৰ বিষয় আছিল “মেৰ আৰু ছাগলী।” এই ভাষণত তেওঁ স্পষ্টকৈ জনালে যে মেৰ হৈছে নম্ৰ লোকসকল, যিসকলে এই পৃথিৱীৰ প্ৰমোদবনত থাকিব। তেওঁ এটা প্ৰস্তাৱো ৰাখিলে যাৰ নাম আছিল “সাৱধানবাণী।” এই প্ৰস্তাৱত তেওঁ গীৰ্জাবোৰৰ নিন্দা কৰিলে আৰু নম্ৰ লোকসকলক ‘মহা-বাবিলৰ’ পৰা ওলাই আহিবলৈ অনুৰোধ কৰিলে। (প্ৰকা. ১৮:২, ৪) আগলৈ গৈ গোটেই পৃথিৱীত বাইবেল বিদ্যাৰ্থীসকলে উৎসাহেৰে এই প্ৰস্তাৱৰ লাখ লাখ পত্ৰিকা বিতৰণ কৰিলে।

“এনেধৰণৰ সভাবোৰৰ পৰা ভাই-ভনীসকলে এজনে-আনজনৰ আৰু কাষ চাপিব”

অধিৱেশনৰ শেষৰ দিনা ৩০,০০০-তকৈও বেছি লোকে ভাই ৰাডাৰফৰ্ডৰ জনভাষণ শুনিবলৈ আহিলে। সেই ভাষণৰ বিষয় আছিল, “সকলো ৰাষ্ট্ৰ হৰমাগিদোনৰ ফালে আগবাঢ়িছে, কিন্তু আজি জীৱিত লাখ লাখ লোকৰ কেতিয়াও মৃত্যু নহʼব।” বাইবেল বিদ্যাৰ্থীসকলে আশা কৰিছিল যে এই অধিৱেশনত হাজাৰ হাজাৰ লোক আহিব। সেইবাবে, তেওঁলোকে লচ এঞ্জেলিচ কʼলিজিয়াম নামৰ নতুনকৈ বনোৱা ষ্টেডিয়াম ভাড়াত লʼলে। সকলোৱে ভাষণ ভালদৰে শুনি পোৱাটো তেওঁলোকে বিচাৰিছিল, সেইবাবে সেই ষ্টেডিয়ামৰ লাউডস্পিকাৰ ব্যৱহাৰ কৰিলে। সেই সময়ত এয়া নতুনকৈ ওলাইছিল। ইয়াৰ উপৰিও বহুতো লোকে ৰেডিঅʼৰ যোগেদি এই কাৰ্য্যক্ৰম শুনিলে।

কাম দূৰ-দূৰণি ঠাইলৈকে বিয়পি পৰিল

প্ৰচাৰ কাম ১৯২৩ চনত আফ্ৰিকা, ইউৰোপ, ভাৰত আৰু দক্ষিণ আমেৰিকাৰ দৰে দূ-দূৰণি ঠাইবোৰতো হʼবলৈ ধৰিলে। ভাৰতত ভাই এ.জে. যোচেফে নিজৰ পত্নী আৰু ৬ জন সন্তানৰ চোৱা-চিতা কৰাৰ লগতে হিন্দী, তামিল, তেলেগু আৰু উৰ্দু ভাষাত প্ৰকাশন ছপা কৰা কামৰ চোৱা-চিতা কৰিবলৈ ধৰিলে।

উইলিয়াম আৰ. ব্ৰাউন আৰু তেওঁৰ পৰিয়াল

চিয়েৰা লিয়নত আলফ্ৰেড যোচেফ আৰু লেনৰ্ড ব্লেকমন নামৰ দুজন বাইবেল বিদ্যাৰ্থী আছিল। তেওঁলোকে নিউ ইয়ৰ্কৰ ব্ৰুকলিন চহৰত আমাৰ মুখ্য কাৰ্য্যালয়লৈ এখন চিঠি লিখি সহায় বিচাৰিলে। তেওঁলোকে ১৯২৩ চনৰ ১৪ এপ্ৰিলত নিজৰ চিঠিৰ উত্তৰ পালে। ভাই আলফ্ৰেডে এইদৰে কয়, “এদিনাখন শনিবাৰে বহুত ৰাতি হঠাতে আমাৰ ফোন বাজিলে।” যেতিয়া মই ফোন উঠালোঁ, তেতিয়া কোনোবাই মোক সুধিলে, “আপুনি ৱাচ টাৱাৰ চʼচাইটিক চিঠি লিখি প্ৰচাৰকসকলৰ আবেদন কৰিছিলনে?” ভাই আলফ্ৰেডে কʼলে “হয়।” তেতিয়া তেওঁ কʼলে, “তেওঁলোকে মোক পঠিয়াইছে।” এই মাত ভাই বিলিয়াম আৰ. ব্ৰাউনৰ আছিল। তেওঁলোকে সেই দিনাই কেৰিবিয়নৰ পৰা নিজৰ পত্নী আন্টʼনিয়া আৰু দুজনী ছোৱালী লুইজ আৰু লুচীৰ লগত চিয়েৰা লিয়নত আহি পাইছিল। ভাইসকলে সেই পৰিয়ালক লগ কৰিবলৈ বেছি অপেক্ষা কৰিবলগীয়া নহʼল।

ভাই আলফ্ৰেডে এইদৰে কৈছে, “পাছদিনা ৰাতিপুৱা মই আৰু ভাই লেনৰ্ডে যেতিয়া বাইবেলৰ ওপৰত আলোচনা কৰি আছিলোঁ যিদৰে আমি প্ৰতি সপ্তাহে কৰোঁ, তেতিয়া আমি এজন ওখ ব্যক্তিক আমাৰ দৰ্জাৰ মুখত দেখিলোঁ। তেওঁ আন কোনো নহয় ভাই ব্ৰাউন আছিল। সত্যৰ প্ৰতি তেওঁৰ ইমানেই উৎসাহ আছিল যে পাছদিনাখনেই তেওঁ এটা জনভাষণ দিব বিচাৰিছিল।” ভাই ব্ৰাউনে নিজৰ লগত যিমান পত্ৰিকা আনিছিল, সেই সকলোবোৰ এক মাহৰ ভিতৰতে বিতৰণ কৰি শেষ কৰিলে। তাৰ কিছু সময়ৰ পাছত তেওঁ আৰু ৫০০০ কিতাপ পালে আৰু সেইবোৰো সোনকালে শেষ হৈ গʼল। তেওঁক আৰু কিতাপৰ প্ৰয়োজন আছিল। কিন্তু ভাই ব্ৰাউন কিতাপ বিক্ৰী কৰা লোক বুলি জনাজাত নাছিল। ইয়াৰ পৰিৱৰ্তে লোকসকলে তেওঁক মৰমেৰে “বাইবেল ব্ৰাউন” বুলি মাতিছিল। কিয়নো তেওঁ নিজৰ ভাষণত সদায় বাইবেলৰ পদবোৰ ব্যৱহাৰ কৰিছিল। তেওঁ বহু বছৰলৈকে উৎসাহেৰে যিহোৱাৰ সেৱা কৰি থাকিল।

১৯২৩ চনৰ আশে-পাশে মেগডেবৰ্গৰ বেথেলৰ ছবি

ইয়াৰ মাজতে জাৰ্মানীৰ বেৰমন চহৰত যি শাখা কাৰ্য্যালয় আছিল, তাত ভাই-ভনীসকলৰ বাবে ঠাই কম হʼবলৈ ধৰিলে আৰু এয়াও শুনিবলৈ পোৱা গʼল যে অতি সোনকালে ফ্ৰান্স সেনাই সেই চহৰখনৰ ওপৰত আক্ৰমণ কৰিব। পাছত বাইবেল বিদ্যাৰ্থীসকলে মেগডেবৰ্গত এখন ঠাই বিচাৰিলে, যি ছপা কৰা কামৰ বাবে একেবাৰে সঠিক ঠাই আছিল। ১৯ জুনত ভাইসকলে ছপা কৰা মেচিন আৰু শাখা কাৰ্য্যালয়ৰ আন বস্তুবোৰ বান্ধিলে আৰু মেগডেবৰ্গৰ নতুন বেথেললৈ গʼল। যেতিয়া তেওঁলোকে মুখ্য কাৰ্য্যালয়ক এই খবৰ দিলে যে সকলো বস্তু আৰু ভাই-ভনীসকলে সুৰক্ষিতভাৱে নতুন বেথেলত গৈ পালে, তাৰ পাছদিনাখনেই বাতৰিত এই খবৰ আহিল যে ফ্ৰান্সে বেৰমন চহৰখন অধিকাৰ কৰি লʼলে। যিহোৱাই তেওঁলোকক সুৰক্ষিত আৰু চম্ভালি ৰখাৰ বাবে ভাইসকলে যিহোৱাক ধন্যবাদ দিলে।

ভাই জৰ্জ ইয়ং; চাৰাহ ফৰগীচন (সোঁফালে) আৰু তাইৰ বায়েক

পৃথিৱীৰ আন এটা ভাগত ভাই জৰ্জ ইয়ঙে বহুত পৰিশ্ৰম কৰিলে। তেওঁ লোকসকলক শুভবাৰ্তা শুনাবলৈ দূৰ-দূৰণি ঠাইলৈকে যাত্ৰা কৰিছিল। ব্ৰাজিলত গৈ পোৱাৰ পাছত তেওঁ এখন নতুন শাখা কাৰ্য্যালয় খুলিলে আৰু পৰ্তুগালী ভাষাত প্ৰহৰীদুৰ্গ পত্ৰিকা ছপা কৰিবলৈ ধৰিলে। কিছু মাহৰ ভিতৰতে তেওঁ ৭০০০-তকৈ বেছি প্ৰকাশন লোকসকলৰ মাজত বিতৰণ কৰিলে। যেতিয়া তেওঁ ব্ৰাজিল আহিলে, তেতিয়া ভনী চাৰাহ ফৰগীচন বহুত আনন্দিত হৈছিল। কিয়নো তাই ১৮৯৯ চনৰ পৰা প্ৰহৰীদুৰ্গ পত্ৰিকা পঢ়ি আছিল, কিন্তু এতিয়ালৈকে তাই বাপ্তিষ্মা লৈ নিজৰ সমৰ্পণ সকলোৰে আগত প্ৰকাশ কৰিব পৰা নাছিল। ইয়াৰ কিছু মাহৰ ভিতৰত ভনী চাৰাহ আৰু তাইৰ চাৰি জন সন্তানে বাপ্তিষ্মা লʼলে।

“আমি আৰু বেছি উৎসাহ আৰু আনন্দেৰে সেৱা কৰিম”

বছৰৰ শেষত ১৫ ডিচেম্বৰ, ১৯২৩ চনৰ প্ৰহৰীদুৰ্গত কোৱা হৈছিল যে সভা, প্ৰচাৰ কাম আৰু অধিৱেশনবোৰত যি সাল-সলনি কৰা হʼল, তাৰ পৰা বাইবেল বিদ্যাৰ্থীসকলৰ কি লাভ হʼল। তাত এইদৰে লিখা আছিল, ‘এয়া স্পষ্টকৈ দেখিবলৈ পোৱা যায় যে মণ্ডলীবোৰত ভাই-ভনীসকলৰ বিশ্বাস আৰু বাঢ়ি গৈছে। গতিকে আহক আমি নিজৰ অস্ত্ৰ-শস্ত্ৰ লৈ সাজু হওঁ আৰু আহিবলগীয়া বছৰবোৰত আৰু উৎসাহ আৰু আনন্দেৰে প্ৰচাৰ কৰিবলৈ থিৰাং কৰোঁ।

পাছৰ বছৰটো বাইবেল বিদ্যাৰ্থীসকলৰ বাবে বহুত ৰোমাঞ্চকৰ হʼলহেঁতেন। বেথেলৰ ভাইসকলে ষ্টেটন আইলেণ্ডত মাটি কিনিছিল আৰু ইয়াত বহু মাহলৈকে কাম কৰি আছিল। এই ঠাই ব্ৰুকলিনৰ আমাৰ মুখ্য কাৰ্য্যালয়ৰ পৰা অলপমানহে দূৰত আছিল। তাত যি কাম হৈ আছিল, সেয়া ১৯২৪ চনৰ আৰম্ভণিত সম্পূৰ্ণ হʼল। সেই ঠাইত যি হʼবলগীয়া আছিল, তাৰ পৰা ভাই-ভনীসকলৰ মাজত একতা আৰু বাঢ়িলেহেঁতেন আৰু শুভবাৰ্তা এনেদৰে প্ৰচাৰ কৰা হʼলহেঁতেন, যিদৰে আগতে কেতিয়াও হোৱা নাছিল।

ষ্টেটন আইলেণ্ডত নিৰ্মাণ কৰা ভাইসকল

a এতিয়া ইয়াক জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকা বুলি কোৱা হয়।