Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৪২

আপুনি আজ্ঞা মানিবলৈ সাজু আছেনে?

আপুনি আজ্ঞা মানিবলৈ সাজু আছেনে?

‘যি বুদ্ধি স্বৰ্গৰ পৰা পোৱা যায়, সি আজ্ঞা মানিবলৈ সাজু থাকে।’ —যাকো. ৩:১৭, NW. a

গীত ১০১ একতাৰে কাম কৰা

লেখৰ এক আভাস b

১. আমাক আনৰ আজ্ঞাবোৰ পালন কৰিবলৈ কিয় কঠিন লাগিব পাৰে?

 আপোনাক কেতিয়াবা আনৰ কথা মানিবলৈ কঠিন লাগেনে? ৰজা দায়ূদক কঠিন লাগিছিল। সেইবাবে, তেওঁ যিহোৱালৈ এইদৰে প্ৰাৰ্থনা কৰিছিল, ‘উদাৰ আত্মা দি মোক ধৰি ৰাখা’ যাতে আপোনাৰ আজ্ঞাবোৰ মই পালন কৰিব পাৰোঁ। (গীত. ৫১:১২) দায়ূদে যিহোৱাক বহুত প্ৰেম কৰিছিল, তথাপি কেতিয়াবা কেতিয়াবা তেওঁৰ আজ্ঞাবোৰ পালন কৰিবলৈ দায়ূদক কঠিন লাগিছিল। আজি আমাকো তেওঁৰ কথা মানিবলৈ কেতিয়াবা কেতিয়াবা কঠিন লাগিব পাৰে। কিয় বাৰু? প্ৰথম কথা, জন্মৰে পৰা আমাৰ সকলোৰে আজ্ঞা নমনাৰ এটা স্বভাৱ থাকে। দ্বিতীয় কথা, চয়তানে যেনেকৈ যিহোৱাৰ বিৰোধে কাম কৰিলে, তেনেকৈ আমিও যাতে কৰোঁ, তাৰ বাবে চয়তানে সদায় চেষ্টা কৰি থাকে। (২ কৰি. ১১:৩) তৃতীয় কথা, আমি এনে এখন জগতত জীয়াই আছোঁ, য’ত বেছিভাগ লোকে বিদ্ৰোহ কৰে আৰু আজ্ঞা নমনাটোৱে তেওঁলোকৰ স্বভাৱ হয়। (ইফি. ২:২) গতিকে আমি নিজৰ বেয়া কাম কৰাৰ ইচ্ছাৰ বিৰোধ কৰা আৰু চয়তান আৰু এই জগতৰ লোকসকলৰ দৰে বিদ্ৰোহী নোহোৱাটো অতি প্ৰয়োজন। সেইবাবে, আমি যিহোৱা আৰু তেওঁ যিসকলক অধিকাৰ দিছে, তেওঁলোকৰ আজ্ঞা মানিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰি থকা উচিত।

২. “আজ্ঞা মানিবলৈ সাজু” থকাৰ অৰ্থ কি? (যাকোব ৩:১৭)

যাকোব ৩:১৭ পঢ়ক। যিহোৱাই যাকোবৰ যোগেদি লিখুৱালে যে বুদ্ধিমান লোকসকলে আজ্ঞা মানিবলৈ সাজু থাকে। ইয়াৰ অৰ্থ হৈছে যিসকল লোকক যিহোৱাই অধিকাৰ দিছে, আমি তেওঁলোকৰ কথা আনন্দেৰে মানিবলৈ সাজু থকা উচিত। যদি তেওঁলোকে আমাক এনে কিবা কাম কৰিবলৈ কয় যি যিহোৱাৰ আজ্ঞাৰ বিৰোধে হয়, তেনেহ’লে আমি তেওঁলোকৰ কথা পালন নকৰাটো যিহোৱাই বিচাৰে।—পাঁচ. ৪:১৮-২০.

৩. যিসকল লোকক কিছুমান অধিকাৰ দিয়া হৈছে, তেওঁলোকৰ কথা আমি কিয় পালন কৰা উচিত?

যিহোৱাৰ কথা মানিবলৈ আমাক সহজ লাগে কিন্তু মানুহৰ কথা মানিবলৈ হয়তো আমাক কঠিন লাগিব পাৰে। কাৰণ, যিহোৱাই যিবোৰ নিৰ্দেশনা দিয়ে সেয়া সদায় সঠিক হয়। (গীত. ১৯:৭) কিন্তু এই কথা সেই লোকসকলৰ বিষয়ে ক’ব নোৱাৰি যিসকলৰ ওচৰত কিছুমান অধিকাৰ থাকে। তথাপিও যিহোৱাই পিতৃ-মাতৃ, চৰকাৰী অধিকাৰী আৰু প্ৰাচীনসকলক কিছুমান অধিকাৰ দিছে। (হিতো. ৬:২০; ১ থিচ. ৫:১২; ১ পিত. ২:১৩, ১৪) যেতিয়া আমি তেওঁলোকৰ কথা পালন কৰোঁ, তেতিয়া আচলতে আমি যিহোৱাৰ আজ্ঞা পালন কৰি থকাৰ দৰে হয়। কিন্তু বহু বাৰ তেওঁলোকে হয়তো আমাক এনে কথা ক’ব পাৰে, যাৰ লগত আমি সন্মত নহয় বা যাক পালন কৰিবলৈ আমাৰ মন নাযায়। এনে পৰিস্থিতিত আমি কেনেকৈ তেওঁলোকৰ কথা মানিব পাৰোঁ, আহক চাওঁ।

নিজৰ মা-দেউতাৰ কথা পালন কৰক

৪. বহুতো লʼৰা-ছোৱালীয়ে নিজৰ মা-দেউতাৰ কথা কিয় পালন নকৰে?

আজি আমাৰ কিশোৰ-কিশোৰীসকলে এনে লʼৰা-ছোৱালীৰ মাজত থাকে, যিসকলে নিজৰ “পিতৃ-মাতৃক নামানে।” (২ তীম. ৩:১, ২) বহুতো লʼৰা-ছোৱালীয়ে কিয় নিজৰ মা-দেউতাৰ কথা নুশুনে? তেওঁলোকে ভাবে যে আমাৰ মা-দেউতাই যি কৰিবলৈ কৈছে, সেয়া দেখোন তেওঁলোকে নিজেই নকৰে, তেনেহ’লে মই কিয় কৰিম। আন কিছুমান লʼৰা-ছেৱালীয়ে ভাবে যে এতিয়া সময় সলনি হ’ল আৰু তেওঁলোকৰ মা-দেউতাই যি পৰামৰ্শ দিছে সেয়া আজি কোনো কামত নাহিব বা মা-দেউতাই তেওঁলোকৰ লগত বেছিকৈ কঠোৰতাৰে ব্যৱহাৰ কৰি আছে। যদি আপুনিও এজন কিশোৰ বা কিশোৰী হয়, তেনেহ’লে আপুনিও কেতিয়াবা এইদৰে ভাবিছেনে? বহুতো লʼৰা-ছোৱালীক যিহোৱাৰ এই আজ্ঞা পালন কৰিবলৈ কঠিন লাগে “হে সন্তানবিলাক, প্ৰভুত তোমালোক পিতৃ-মাতৃৰ আজ্ঞাধীন হোৱা; কিয়নো এয়ে উচিত।” (ইফি. ৬:১) আপুনি যিহোৱাৰ এই আজ্ঞা কেনেকৈ মানিব পাৰে?

৫. নিজৰ মা-দেউতাকৰ আজ্ঞা পালন কৰাৰ ক্ষেত্ৰত যীচু কিয় সকলোতকৈ ভাল উদাহৰণ হয়? (লূক ২:৪৬-৫২)

আজ্ঞা মনাৰ ক্ষেত্ৰত যীচু সকলোতকৈ ভাল উদাহৰণ হয়। (১ পিত. ২:২১-২৪) আপুনি তেওঁৰ পৰা বহুতো কথা শিকিব পাৰে। তেওঁ সিদ্ধ আছিল কিন্তু তেওঁৰ মা-দেউতা অসিদ্ধ আছিল। বহু বাৰ তেওঁলোকে ভুল কৰিছিল আৰু কিছুমান পৰিস্থিতিত তেওঁলোকে ভুল বুজিছিল, তথাপিও যীচুয়ে সদায় তেওঁলোকক সন্মান কৰিলে। (যাত্ৰা. ২০:১২) এটা ঘটনালৈ মন কৰকচোন, এয়া যেতিয়া যীচু ১২ বছৰৰ আছিল সেই সময়ৰ কথা। (লূক ২:৪৬-৫২ পঢ়ক।) তেওঁৰ পৰিয়ালে যিৰূচালেমত এটা উৎসৱ পালন কৰি ঘৰলৈ উভটি আহিছিল। কিন্তু যীচু যিৰূচালেমতে থাকি গ’ল। চাবলৈ গ’লে যোচেফ আৰু মৰিয়মে এই কথাৰ প্ৰতি ধ্যান দিয়াৰ প্ৰয়োজন আছিল যে তেওঁলোকৰ সকলো লʼৰা-ছোৱালী লগত আছে নে নাই। কিন্তু শেষত যেতিয়া তেওঁলোকে যীচুক বিচাৰি পালে, তেতিয়া মৰিয়ামে যীচুক দোষ দিবলৈ ধৰিলে আৰু ক’লে যে যীচুৰ বাবে তেওঁলোকে ইমানবোৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। যীচুয়ে বিচৰা হ’লে ক’ব পাৰিলেহেতেঁন ‘ইয়াত মোৰ কোনো ভুল নাই আপোনালোকৰহে।’ কিন্তু তেওঁ এইদৰে নকʼলে। যীচুয়ে সন্মানেৰে তেওঁলোকৰ লগত কথা পাতিলে। যোচেফ আৰু মৰিয়মে ‘তেওঁ কোৱা এই কথা নুবুজিলে’ তথাপি যীচু ‘তেওঁলোকৰ বশ [অধীন] হৈ থাকিল।’

৬-৭. নিজৰ মা-দেউতাৰ কথা পালন কৰিবলৈ কিশোৰ-কিশোৰীসকলক কিহে সহায় কৰিব পাৰে?

কিশোৰ-কিশোৰীসকল, যেতিয়া আপোনাৰ মা-দেউতাৰ পৰা ভুল হয় বা তেওঁলোকে ভুল বুজে, তেতিয়া তেওঁলোকৰ কথা পালন কৰিবলৈ আপোনাক কঠিন লাগে নে? যদি লাগে তেনেহ’লে কি কথাই আপোনাক সহায় কৰিব পাৰে। প্ৰথম কথা, চিন্তা কৰক যে যেতিয়া আপুনি তেওঁলোকৰ কথা পালন কৰে, তেতিয়া যিহোৱাক কেনেকুৱা লাগে। বাইবেলত লিখা আছে যে যেতিয়া লʼৰা-ছোৱালীয়ে মা-দেউতাৰ কথা পালন কৰে, তেতিয়া “প্ৰভুত সেয়েই সন্তোষজনক।” (কল. ৩:২০) যিহোৱাই জানে যে বহু বাৰ আপোনাৰ মা-দেউতাই আপোনাক সম্পূৰ্ণৰূপে বুজি নাপাবও পাৰে বা কেতিয়াবা কেতিয়াবা তেওঁলোকে হয়তো এনে কিছুমান নিয়ম বনাব পাৰে, যিবোৰ পালন কৰিবলৈ সহজ নহয়। তথাপিও যেতিয়া আপুনি তেওঁলোকৰ কথা পালন কৰে, তেতিয়া আপুনি যিহোৱাক আনন্দিত কৰাৰ দৰে হয়।

দ্বিতীয় কথা, চিন্তা কৰক যে এইদৰে কৰিলে আপোনাৰ মা-দেউতাক কেনেকুৱা লাগিব। যেতিয়া আপুনি তেওঁলোকৰ কথা পালন কৰে তেতিয়া তেওঁলোক আনন্দিত হয় আৰু তেওঁলোকে আপোনাৰ ওপৰত আৰু ভৰসা কৰিবলৈ ধৰে। (হিতো. ২৩:২২-২৫) মা-দেউতাৰ কথা পালন কৰিলে তেওঁলোকৰ লগত আপোনাৰ সম্পৰ্ক আৰু ভাল হ’ব। বেলজিয়ামত থকা ভাই আলেকজেণ্ডাৰে এইদৰে কৈছে, “মই দেখিলোঁ যে যেতিয়া মই মা-দেউতাৰ কথা মানিবলৈ ধৰিলোঁ, তেতিয়া আমাৰ সম্পৰ্ক আৰু ভাল হৈ পৰিল। আমি এজনে-আনজনৰ আৰু কাষ চাপিলোঁ আৰু আগতকৈ বেছি আনন্দত থাকিবলৈ ধৰিলোঁ।” c চিন্তা কৰক, যদি আপুনি এতিয়া নিজৰ মা-দেউতাৰ কথা পালন কৰিব, তেনেহʼলে আগলৈ গৈ ইয়াৰ পৰা আপোনাৰ কি লাভ হʼব। ব্ৰাজিলত থকা পাৱলʼয়ে এইদৰে কৈছে, “যেতিয়া মই মা-দেউতাৰ কথা মানিবলৈ ধৰিলোঁ, তেতিয়া যিহোৱা আৰু আন লোকসকলৰ কথা মানিবলৈ মোৰ বাবে সহজ হৈ পৰিল।” বাইবেলত নিজৰ মা-দেউতাৰ কথা পালন কৰাৰ এটা ভাল কাৰণ দিয়া হৈছে। তাত লিখা আছে যে এইদৰে কৰিলে ‘আপোনাৰ কল্যাণ হব, আৰু আপুনি দেশত দীৰ্ঘায়ু হব।’—ইফি. ৬:২, ৩.

৮. বহুতো কিশোৰ-কিশোৰীয়ে কিয় নিজৰ মা-দেউতাৰ কথা পালন কৰে?

বহুতো কিশোৰ-কিশোৰীয়ে দেখিলে যে যেতিয়া তেওঁলোকে নিজৰ মা-দেউতাৰ কথা শুনে, তেতিয়া তেওঁলোকৰ লাভ হয়। ব্ৰাজিলত থকা লুইজায়ে কয় যে যেতিয়া তাইৰ মা-দেউতাই কʼলে যে মোবাইল লʼবলৈ তাই অলপ দিন অপেক্ষা কৰিব লাগিব, তেতিয়া তাই বুজি পোৱা নাছিল যে তেওঁলোকে এইদৰে কিয় কʼলে। কিয়নো তাইৰ বয়সৰ বেছিভাগ লʼৰা-ছোৱালীৰ ওচৰত নিজৰ মোবাইল আছিল। কিন্তু পাছত তাই গম পালে যে মা-দেউতাকে তাইক সুৰক্ষিত কৰি ৰাখিবলৈ এইদৰে কৰিছিল। তাইৰ মা-দেউতাই যিবোৰ নিয়ম বনাই সেইবোৰেৰে বান্ধ খাই গৈছে বুলি এতিয়া তাই নাভাবে। কিয়নো তাই জানে যে তেওঁলোকৰ কথা মানিলে তাইৰে লাভ হʼব। আমেৰিকাৰ এজনী যুৱতী ভনী এলিজাবেথক এতিয়াও নিজৰ মা-দেউতাৰ কথা মানিবলৈ কঠিন লাগে। তাই এইদৰে কৈছে, “বহু বাৰ মই সম্পূৰ্ণৰূপে বুজি নাপাওঁ যে মা-দেউতাই কোনো এটা নিয়ম কিয় বনাইছে। তেতিয়া মই চিন্তা কৰোঁ আগতে তেওঁলোকৰ কথা পালন কৰাৰ বাবে মই কেনেকৈ সুৰক্ষিত হৈ আছিলোঁ।” আৰ্মীনিয়াত থকা মনিকাই কয় যে যেতিয়া তাই নিজৰ মা-দেউতাৰ কথা মানিলে, তেতিয়া তাইৰ বেছিকৈ লাভ হৈছে।

‘ক্ষমতা পোৱাবিলাকৰ’ আজ্ঞা পালন কৰক

৯. বহুতো লোকে চৰকাৰৰ নিয়ম পালন কৰাৰ বিষয়ে কেনে অনুভৱ কৰে?

বাইবেলত চৰকাৰক ‘ক্ষমতা পোৱাবিলাক’ অৰ্থাৎ অধিকাৰী বুলি কোৱা হৈছে আৰু বহুতো লোকে বিশ্বাস কৰে যে চৰকাৰ বা অধিকাৰীসকল থকা উচিত আৰু আমি তেওঁলোকে বনোৱা কিছুমান নিয়ম পালন কৰা উচিত। (ৰোম. ১৩:১) কিন্তু চৰকাৰৰ কোনো নিয়ম যদি তেওঁলোকক ভাল নালাগে বা তাক পালন কৰিবলৈ তেওঁলোকৰ মন নাযায়, তেতিয়া সেই লোকসকলেই তাক পালন কৰিবলৈ নিবিচাৰে। টেক্স দিয়াৰ কথাই লওক। ইউৰোপৰ এখন দেশত কিছুমান লোকৰ চাৰ্ভে লোৱা হʼল আৰু দেখিবলৈ পোৱা গʼল যে প্ৰতি চাৰিজনৰ মাজত এজনে বিশ্বাস কৰিছিল যে “যদি চৰকাৰে অলপ বেছিকৈ টেক্স খুজিছে, তেনেহʼলে আমি তাক নিদিম আৰু এইদৰে কৰাত কোনো ভুল নাই।” সেইবাবে, এয়া কোনো আচৰিত কথা নহয় যে সেই দেশৰ নাগৰিকসকলে চৰকাৰক সম্পূৰ্ণ টেক্স নিদিয়ে, প্ৰায় ৬৫ শতাংশহে দিয়ে।

যোচেফ আৰু মৰিয়মৰ পৰা আমি আজ্ঞা পালন কৰাৰ বিষয়ে কি শিকিব পাৰোঁ? (অনুচ্ছেদ ১০-১২ চাওক) d

১০. যেতিয়া চৰকাৰৰ কোনো এটা নিয়ম পালন কৰিবলৈ কঠিন লাগে, তেতিয়াও আমি তাক কিয় পালন কৰোঁ?

১০ বাইবেলত কোৱা হৈছে যে মানৱীয় চৰকাৰবোৰে বহুতো সমস্যা আনিছে, তেওঁলোকে চয়তানৰ অধীনত আছে আৰু অতি সোনকালে তেওঁলোকক ধ্বংস কৰা হʼব। (গীত. ১১০:৫, ৬; উপ. ৮:৯; লূক ৪:৫, ৬) কিন্তু ইয়াত এয়াও লিখা আছে যে “যি জনে সেই ক্ষমতাৰ প্ৰতিৰোধ কৰে, তেওঁ ঈশ্বৰৰ আদেশৰেই প্ৰতিৰোধ কৰে।” যিহোৱাই অলপ সময়ৰ বাবে চৰকাৰবোৰক থাকিবলৈ দিছে যাতে সকলো কাম শৃংখলাবদ্ধভাৱে হয় আৰু আমি তেওঁলোকৰ আজ্ঞা পালন কৰাটো যিহোৱাই বিচাৰে। বাইবেলত কোৱা হৈছে, “যাৰে যি পাওনা, তাকে তেওঁক দিয়া।” সেইবাবে, আমি টেক্স দিওঁ, চৰকাৰী অধিকাৰীসকলক সন্মান কৰোঁ আৰু তেওঁলোকৰ কথা পালন কৰোঁ। (ৰোম. ১৩:১-৭) হয়তো চৰকাৰৰ কোনো নিয়ম আমাক ভাল নালাগিব পাৰে বা তাক পালন কৰাৰ বাবে আমি বহুতো সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়। তথাপিও আমি তাক পালন কৰোঁ, কিয়নো আমি চৰকাৰৰ কথা পালন কৰাটো যিহোৱাই বিচাৰে। কিন্তু চৰকাৰে যদি আমাক এনে কিবা কাম কৰিবলৈ কয়, যি যিহোৱাৰ নিয়মৰ বিৰোধে হয়, তেনেহʼলে আমি তাক পালন নকৰিম।—পাঁচ. ৫:২৯.

১১-১২. (ক) যোচেফ আৰু মৰিয়মক চৰকাৰৰ এটা নিয়ম পালন কৰিবলৈ বহুত কঠিন লাগিছিল, তথাপিও তেওঁলোকে কি কৰিলে? (খ) ইয়াৰ পৰিণাম কি হʼল? (লূক ২:১-৬) (ছবিখনো চাওক।)

১১ আমি যোচেফ আৰু মৰিয়মৰ পৰা বহুতো কথা শিকিব পাৰোঁ। তেওঁলোকে সেই সময়তো অধিকাৰীসকলৰ কথা মানিলে, যেতিয়া এইদৰে কৰিবলৈ তেওঁলোকক কঠিন লাগিছিল। (লূক ২:১-৬ পঢ়ক।) এয়া সেই সময়ৰ কথা হয় যেতিয়া মৰিয়ম গৰ্ভৱতী আছিল আৰু তাইৰ প্ৰসৱৰ সময় একেবাৰে ওচৰ চাপিছিল। ৰোমী সম্ৰাট আগস্তে এটা ফৰমান উলিয়ালে যে সকলো লোকে নিজৰ নাম লিখাবলৈ নিজৰ জন্ম হোৱা চহৰলৈ যাব লাগিব। চৰকাৰৰ এই কথা পালন কৰিবলৈ যোচেফ আৰু মৰিয়মৰ বাবে হয়তো বহুত কঠিন হৈছিল। কাৰণ তেওঁলোকে পাহাৰীয়া এলেকাৰ মাজেদি বৈৎলেহেমলৈ ১৫০ কিলোমিটাৰ যাত্ৰা কৰিবলগীয়া হʼলহেঁতেন। এই যাত্ৰা বিশেষকৈ মৰিয়মৰ বাবে কঠিন হʼলহেঁতেন। তেওঁলোকে হয়তো মৰিয়মৰ গৰ্ভত থকা শিশুটিৰ কথা চিন্তা কৰিছিল। তেওঁলোকে হয়তো ভাবিছিল যে যদি ৰাস্তাতে মৰিয়মৰ প্ৰসৱ বেদনা হয়, তেনেহʼলে তেওঁলোকে কি কৰিব? তাইৰ গৰ্ভত থকা শিশুটি আগলৈ গৈ মচীহা হʼলহেঁতেন। এই সকলো কথা ভাবি তেওঁলোকে চৰকাৰৰ কথা পালন নকৰিলেহেঁতেন নে?

১২ যোচেফ আৰু মৰিয়মৰ পৰিস্থিতি বহুত কঠিন আছিল, তথাপিও তেওঁলোকে চৰকাৰৰ নিয়ম পালন কৰিবলৈ নিৰ্ণয় লʼলে। যিহোৱাই তেওঁলোকৰ নিৰ্ণয়ত আশীৰ্বাদ দিলে। মৰিয়মে ভালদৰে বৈৎলেহেমত গৈ পালে আৰু তাত তেওঁ এটি শিশুক জন্ম দিলে। এইদৰে বাইবেলৰ এটা গুৰুত্বপূৰ্ণ ভৱিষ্যবাণীও পূৰ হʼল।—মীখা ৫:২.

১৩. চৰকাৰৰ নিয়ম পালন কৰিলে আমাৰ ভাই-ভনীসকলৰ কেনেকৈ লাভ হʼব পাৰে?

১৩ অধিকাৰীসকলৰ কথা পালন কৰিলে আমাৰ লগতে আনৰো লাভ হয়। কেনেকৈ বাৰু? চৰকাৰৰ নিয়ম পালন কৰিলে আমি শাস্তি পোৱাৰ পৰা বাচি থাকিব পাৰোঁ। (ৰোম. ১৩:৪) যেতিয়া আমি চৰকাৰৰ নিয়ম পালন কৰোঁ, তেতিয়া অধিকাৰীসকলে গম পায় যে যিহোৱাৰ সাক্ষীসকল ভাল লোক হয়। ইয়াৰ এটা উদাহৰণলৈ মন কৰক। এয়া কিছু বছৰৰ আগৰ কথা হয়। নাইজেৰিয়াত এখন সভা হৈ থাকোঁতে কিছুমান সৈনিকে আমাৰ ৰাজ্যগৃহত সোমাই আহিছিল। আচলতে তেওঁলোকে এনে কিছুমান লোকক বিচাৰি আছিল, যিসকলে টেক্স দিবলৈ বিচৰা নাছিল আৰু ইয়াৰ বাবে প্ৰতিবাদ কৰিছিল। কিন্তু সৈনিকসকলৰ অধিকাৰীজনে কʼলে “যিহোৱাৰ সাক্ষীসকলে সদায় টেক্স দিয়ে আৰু তেওঁলোকে সেই লোকসকলৰ দৰে নহয়।” সেইবাবে, অধিকাৰীজনে তেওঁলোকক তাৰ পৰা ওলাই যাবলৈ কʼলে। যেতিয়া আপুনি চৰকাৰৰ কোনো নিয়ম পালন কৰে, তেতিয়া অধিকাৰীসকলৰ দৃষ্টিত যিহোৱাৰ লোকসকলৰ বাবে সন্মান বাঢ়ে। হয়তো ইয়াৰ বাবে কোনোবা দিনা আমাৰ ভাই-ভনীসকলৰ সুৰক্ষা হʼব।—মথি ৫:১৬.

১৪. এজনী ভনীয়ে কিয় চৰকাৰী অধিকাৰীসকলৰ “আজ্ঞা মানিবলৈ সাজু” হৈ থাকিব পাৰিলে?

১৪ আজ্ঞা মানিলে বহুতো লাভ হয়, তথাপি চৰকাৰৰ নিয়ম সদায় পালন কৰিবলৈ আমাক মন নাযাবও পাৰে। আমেৰিকাৰ ভনী জোৱানাই এইদৰে কৈছে, “মোক অধিকাৰীসকলৰ কথা পালন কৰিবলৈ কঠিন লাগিছিল। কাৰণ অধিকাৰীসকলে মোৰ পৰিয়ালৰ কিছুমান লোকৰ লগত অন্যায় কৰিছিল।” কিন্তু পাছত তাই অধিকাৰীসকলৰ বিষয়ে নিজৰ চিন্তাধাৰা সলনি কৰিবলৈ কিছুমান পদক্ষেপ লʼলে। প্ৰথমতে, তাই চʼচিয়েল মিডিয়াত এনে কথাবোৰ পঢ়িবলৈ বন্ধ কৰিলে, যাতে তাই অধিকাৰীসকলৰ বিষয়ে বেয়াকৈ নাভাবে। (হিতো. ২০:৩) দ্বিতীয়তে, চৰকাৰখন সলনি হওক বুলি ভবাৰ পৰিৱৰ্তে তেওঁলোকৰ ওপৰত তাই যাতে ভৰসা কৰিব পাৰে তাৰ বাবে সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিলে। (গীত. ৯:৯, ১০) তৃতীয়তে, আমাৰ প্ৰকাশনবোৰত নিৰপেক্ষতাৰ বিষয়ে যিবোৰ লেখ আহে, সেইবোৰ পঢ়িলে। (যোহ. ১৭:১৬) এতিয়া জোৱানাই কয় যে অধিকাৰীসকলক সন্মান কৰাৰ বাবে আৰু তেওঁলোকৰ কথা পালন কৰাৰ বাবে তাই “মনত এনে শান্তি পালে যাক শব্দৰে প্ৰকাশ কৰিব নোৱাৰি।”

যিহোৱাৰ সংগঠনৰ পৰা পোৱা নিৰ্দেশনা পালন কৰক

১৫. যিহোৱাৰ সংগঠনৰ পৰা পোৱা নিৰ্দেশনা পালন কৰিবলৈ আমাক কিয় কঠিন লাগিব পাৰে?

১৫ যিহোৱাই আমাক মণ্ডলীৰ ‘নায়কসকলৰ বশীভূত’ হʼবলৈ কৈছে। (ইব্ৰী ১৩:১৭) যীচু খ্ৰীষ্ট সিদ্ধ হয়, কিন্তু তেওঁ যিসকল লোকক পৃথিৱীত নেতৃত্ব লʼবলৈ বাছনি কৰিছে, তেওঁলোক অসিদ্ধ হয়। সেইবাবে, বহু বাৰ আমাক হয়তো তেওঁলোকৰ কথা মানিবলৈ কঠিন লাগিব পাৰে। বিশেষকৈ যদি তেওঁলোকে আমাক এনে কিবা কৰিবলৈ কয় যাক কৰিবলৈ আমাৰ মন নাযায়। এবাৰ পাঁচনি পিতৰৰ লগতো এইদৰেই হৈছিল। এজন স্বৰ্গদূতে তেওঁক এনে কিছুমান জীৱ-জন্তুৰ মাংস খাব কৈছিল, যি মোচিৰ নিয়মৰ অনুসৰি অশুচি আছিল। তেওঁ কেতিয়াও অশুচি জীৱ-জন্তুৰ মাংস খোৱা নাছিল। সেইবাবে, তেওঁক এই নিৰ্দেশনা ভাল লগা নাছিল। সেই কাৰণে পিতৰে সেইবোৰ খাবলৈ মানা কৰিলে আৰু এইদৰে তেওঁ তিনি বাৰ কৰিলে। (পাঁচ. ১০:৯-১৬) পাঁচনি পিতৰক এজন সিদ্ধ স্বৰ্গদূতৰ কথা পালন কৰিবলৈ কঠিন লাগিছিল, গতিকে আমাক অসিদ্ধ লোকসকলৰ কথা পালন কৰিবলৈ নিশ্চয় কঠিন লাগিব পাৰে।

১৬. যেতিয়া পৌলক এনে এটা নিৰ্দেশনা দিয়া হৈছিল যি তেওঁক কোনো যুক্তি নোহোৱা কথা যেন লাগিব পাৰিলেহেঁতেন, তেতিয়া তেওঁ কি কৰিলে? (পাঁচনিৰ কৰ্ম্ম ২১:২৩, ২৪, ২৬)

১৬ এতিয়া পাঁচনি পৌলৰ উদাহৰণলৈ মন কৰক। এবাৰ তেওঁক এনে নিৰ্দেশনা দিয়া হৈছিল, যি তেওঁক কোনো যুক্তি নোহোৱা কথা যেন লাগিব পাৰিলেহেঁতেন। তথাপি তেওঁ আজ্ঞা মানিবলৈ সাজু আছিল। যিহূদী খ্ৰীষ্টানসকলে পৌলৰ বিষয়ে কিছুমান মিছা কথা শুনিছিল। তেওঁলোকে শুনিছিল যে পৌলে লোকসকলক ‘মোচিৰ নিয়ম ত্যাগ কৰিবলৈ’ শিকাই আছে আৰু এইদৰে তেওঁ মোচিৰ নিয়মক অসন্মান কৰি আছে। (পাঁচ. ২১:২১) তেতিয়া যিৰূচালেমৰ খ্ৰীষ্টান মণ্ডলীৰ কিছুমান খ্ৰীষ্টান বৃদ্ধই পৌলক এটা নিৰ্দেশনা দিলে। তেওঁলোকে পৌলক চাৰিজন মানুহক লৈ মন্দিৰত যাবলৈ আৰু নিয়মৰ অনুসৰি নিজকে শুদ্ধ কৰিবলৈ কʼলে, যাতে সকলোৱে জানিব পাৰে যে তেওঁ নিয়ম পালন কৰে। কিন্তু পৌলে জানিছিল যে এতিয়া খ্ৰীষ্টানসকলে মোচিৰ নিয়মৰ অধীনত নাই আৰু তেওঁ কোনো ভুল কৰা নাই। তথাপি পৌলে ভাইসকলৰ নিৰ্দেশনা পালন কৰিলে। ‘পৌলে সেই মানুহ কেইজনক লৈ, পাছদিনা তেওঁলোকে সৈতে নিজকে শুচি কৰিলে।’ (পাঁচনিৰ কৰ্ম্ম ২১:২৩, ২৪, ২৬ পঢ়ক।) পৌলে আজ্ঞা পালন কৰাৰ বাবে ভাইসকলৰ মাজত একতা থাকিলে।—ৰোম. ১৪:১৯, ২১.

১৭. ভনী ষ্টেফনীৰ অনুভৱৰ পৰা আপুনি কি শিকিলে?

১৭ ভনী ষ্টেফনীৰ লগত কি হʼল আহক চাওঁ। তাই আৰু তাইৰ স্বামীয়ে আন ভাষা কোৱা এটা সমূহত সেৱা কৰিছিল আৰু তেওঁলোক বহুত আনন্দিত আছিল। কিন্তু হঠাতে সেই দেশৰ শাখা কাৰ্য্যালয়ে সেই সমূহ বন্ধ কৰিবলৈ নিৰ্ণয় লʼলে আৰু তেওঁলোকক নিজৰ ভাষাৰ মণ্ডলীত আকৌ সেৱা কৰিবলৈ কোৱা হʼল। ষ্টেফনীয়ে কয় যে তেওঁলোকক এই নিৰ্ণয় মানি লʼবলৈ বৰ কঠিন লাগিছিল। তাই এইদৰে কৈছে, “মোক বৰ দুখ লাগিছিল। মই এই কথা বিশ্বাসে কৰিব পৰা নাছিলোঁ যে আমাৰ ভাষাৰ মণ্ডলীত বেছিকৈ সহায়ৰ প্ৰয়োজন আছে।” তথাপি তেওঁলোকে ভাইসকলৰ নিৰ্দেশনা মানিবলৈ নিৰ্ণয় লʼলে। তাই এইদৰে কৈছে, “আগলৈ গৈ মই দেখিবলৈ পালোঁ যে তেওঁলোকৰ নিৰ্ণয় একেবাৰে সঠিক আছিল। আমি নিজৰ নতুন মণ্ডলীত বহুতো কাম কৰিব পাৰিছোঁ। আমি এনে বহুতো ভাই-ভনীৰ মা-দেউতাৰ দৰে হৈ পৰিলোঁ, যিসকলে সত্যত অকলে আছে। এতিয়া মই এনে এজনী ভনীৰ অধ্যয়ন কৰি আছোঁ, যি অলপতে সভাত আহিবলৈ আৰু প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছে। এতিয়া ব্যক্তিগত অধ্যয়ন কৰিবলৈ মোৰ ওচৰত বহুত সময় থাকে আৰু ভাইসকলৰ কথা সম্পূৰ্ণৰূপে মানিবলৈ চেষ্টা কৰাৰ বাবে মোৰ বিবেক শুদ্ধ হৈ আছে।”

১৮. আজ্ঞা মানিলে আমাৰ কি কি লাভ হয়?

১৮ আমি আজ্ঞা পালন কৰিবলৈ শিকিব পাৰোঁ। বাইবেলত কোৱা হৈছে যে যীচুৱেও আজ্ঞা মানিবলৈ শিকিছিল। তেওঁ এইদৰে ভাল পৰিস্থিতিত নহয় ‘দুখভোগ’ কৰি শিকিছিল। (ইব্ৰী ৫:৮) যীচুৰ নিচিনা আমিও কঠিন পৰিস্থিতিত আজ্ঞা মানিবলৈ শিকোঁ। যেনে, আপোনাৰ হয়তো মনত আছে যেতিয়া কভিড ১৯ মহামাৰী আৰম্ভ হৈছিল, তেতিয়া আমাক ৰাজ্যগৃহত সভাৰ বাবে একগোট নহʼবলৈ আৰু অলপ সময়ৰ বাবে ঘৰে ঘৰে প্ৰচাৰ নকৰিবলৈ কোৱা হৈছিল। সেই সময়ত আজ্ঞা পালন কৰিবলৈ আপোনাক কঠিন লাগিছিল নে? হয়তো আপোনাক কঠিন লাগিছিল, তথাপিও আপুনি আজ্ঞা পালন কৰিলে। সেইবাবে, আপোনাৰ সুৰক্ষা হʼল, মণ্ডলীত একতা থাকিল আৰু আপুনি যিহোৱাক আনন্দিত কৰিব পাৰিলে। সেই সময়ত আমি সকলোৱে আজ্ঞা মানিলোঁ। সেইবাবে, এতিয়া যিকোনো আজ্ঞা মানিবলৈ আমাৰ বাবে অলপ সহজ হৈ পৰিছে। মহা সংকটৰ সময়ত আমাক যিয়ে আজ্ঞা দিয়া হʼব, আমি সেইবোৰ পালন কৰিব পাৰিম। হয়তো সেইবোৰ পালন কৰাৰ বাবে আমাৰ জীৱন ৰক্ষা পৰিব পাৰে।—ইয়ো. ৩৬:১১.

১৯. আপুনি কিয় আজ্ঞা মানিবলৈ সাজু হৈ থাকিব বিচাৰে?

১৯ এই লেখত আমি শিকিলোঁ যে আজ্ঞা পালন কৰিলে বহুতো আশীৰ্বাদ পোৱা যায়। কিন্তু আমি যিহোৱাক প্ৰেম কৰোঁ আৰু তেওঁক আনন্দিত কৰিব বিচাৰোঁ, সেইবাবেহে তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁ। (১ যোহ. ৫:৩) যিহোৱাই আমাৰ বাবে যি কৰিলে, তাক আমি কেতিয়াও ঘুৰাই দিব নোৱাৰোঁ। (গীত. ১১৬:১২) কিন্তু আমি এটা কাম নিশ্চয় কৰিব পাৰোঁ সেয়া হৈছে আমি যিহোৱা আৰু তেওঁ যিসকলক অধিকাৰ দিছে, তেওঁলোকৰ আজ্ঞা পালন কৰিব পাৰোঁ। যদি আমি আজ্ঞা পালন কৰোঁ, তেনেহʼলে ইয়াৰ পৰা জানিব পাৰি যে আমি বুদ্ধিমান হয় আৰু যিসকল বুদ্ধিমান হয়, তেওঁলোকে যিহোৱাৰ মন আনন্দিত কৰে।—হিতো. ২৭:১১.

গীত ৮৯ শুনি পালন কৰা

a যাকোব ৩:১৭, NW: “কিন্তু যি বুদ্ধি স্বৰ্গৰ পৰা পোৱা যায় সি প্ৰথমে পবিত্ৰ, তাৰ পাছত শান্তি স্থাপন কৰা, সন্মান কৰা, আজ্ঞা মানিবলৈ সাজু থকা, দয়া আৰু ভাল কামেৰে পৰিপূৰ্ণ হৈ থাকে। ই পক্ষপাত নকৰে আৰু কপটীয়াও নহয়।”

b আমি সকলোৱে অসিদ্ধ হয়, সেইবাবে বহু বাৰ আমাক আনৰ আজ্ঞা পালন কৰিবলৈ কঠিন লাগে। যিসকলে আমাক আজ্ঞা দিয়ে, তেওঁলোকৰ এইদৰে কৰাৰ অধিকাৰ থাকে। তথাপিও কেতিয়াবা কেতিয়াবা তেওঁলোকৰ আজ্ঞা মানিবলৈ কঠিন লাগে। এই লেখত বুজোৱা হʼব যে যেতিয়া আমি নিজৰ মা-দেউতা, অধিকাৰী আৰু মণ্ডলীত নেতৃত্ব লোৱা ভাইসকলৰ কথা পালন কৰোঁ, তেতিয়া আমাৰ কি কি লাভ হয়।

c যদি আপোনাক নিজৰ মা-দেউতাৰ নিয়মবোৰ মানিবলৈ কঠিন লাগে, তেনেহʼলে jw.org-ত “মা-দেউতাৰ লগত তেওঁলোকৰ নিয়মৰ বিষয়ে কেনেকৈ কথা পাতিম?” (হিন্দী) নামৰ লেখখন পাঢ়িব পাৰে। ইয়াত বহুতো ভাল ভাল পৰামৰ্শ দিয়া হৈছে, যিয়ে আপোনাক সহায় কৰিব পাৰে।

d ছবিৰ বিষয়ে: যোচেফ আৰু মৰিয়মে সম্ৰাটৰ আজ্ঞা পালন কৰি নিজৰ নাম লিখাবলৈ বৈৎলেহেমলৈ গʼল। আজি সত্য খ্ৰীষ্টানসকলে চৰকাৰী অধিকাৰীসকলৰ আজ্ঞা পালন কৰি ট্ৰেফিকৰ নিয়ম পালন কৰে, টেক্স দিয়ে আৰু স্বাস্থ্যৰ লগত জড়িত বিষয়বোৰত চৰকাৰৰ নিৰ্দেশনা পালন কৰে।