Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৪৫

যিহোৱাৰ মহান লাক্ষণিক মন্দিৰত উপাসনা কৰিবলৈ বিশেষ সুযোগ পোৱাৰ বাবে কৃতজ্ঞ হওক

যিহোৱাৰ মহান লাক্ষণিক মন্দিৰত উপাসনা কৰিবলৈ বিশেষ সুযোগ পোৱাৰ বাবে কৃতজ্ঞ হওক

‘যি জনে স্বৰ্গ, পৃথিৱী সৃষ্টি কৰিলে, সেই জন সৃষ্টিকৰ্তাক আৰাধনা [উপাসনা] কৰা।’—প্ৰকা. ১৪:৭.

গীত ৯৩ আমাৰ সভাবোৰত আশীৰ্বাদ দিয়ক

লেখৰ এক আভাস a

১. এজন স্বৰ্গদূতে কি কৈ আছে আৰু তাৰ বিষয়ে চিন্তা কৰি আমাক কেনেকুৱা লাগে?

 চিন্তা কৰক, যদি এজন স্বৰ্গদূতে আহি আপোনাৰ লগত কথা পাতে, তেনেহʼলে আপুনি তেওঁৰ কথা নুশুনিব নে? আচলতে আজি এজন স্বৰ্গদূতে “সকলো জাতি, ফৈদ, ভাষা, আৰু লোকবিলাকৰ” লগত কথা পাতি আছে। তেওঁ কি কৈছে বাৰু? ‘যি জনে স্বৰ্গ, পৃথিৱী সৃষ্টি কৰিলে, সেই জন সৃষ্টিকৰ্তাক আৰাধনা কৰা।’ (প্ৰকা. ১৪:৬, ৭) যিহোৱাই সত্য ঈশ্বৰৰ হয় আৰু সকলো মানুহে কেৱল তেওঁৰহে উপাসনা কৰা উচিত। আমাৰ বাবে এয়া সন্মানৰ বিষয়ে যে যিহোৱাই আমাক নিজৰ মহান লাক্ষণিক মন্দিৰত তেওঁৰ উপাসনা কৰিবলৈ সুযোগ দিছে। ইয়াৰ বাবে আমি সঁচাকৈ যিহোৱাৰ প্ৰতি বহুত কৃতজ্ঞ।

২. মহান লাক্ষণিক মন্দিৰৰ অৰ্থ কি? (“ লাক্ষণিক মন্দিৰ কি নহয়?” নামৰ বক্সখনো চাওক।)

মহান লাক্ষণিক মন্দিৰ কি আৰু আমি ইয়াৰ বিষয়ে কেনেকৈ জানিব পাৰোঁ? এই মন্দিৰ সঁচাকৈ কোনো বিল্ডিং নহয়। ইয়াৰ অৰ্থ হৈছে, যীচুৰ মুক্তিপণ বলিদানৰ আধাৰত শুদ্ধ উপাসনা কৰিবলৈ যিহোৱাই কৰা ব্যৱস্থা। পাঁচনি পৌলে এই ব্যৱস্থাৰ বিষয়ে সেই চিঠিখনত বুজাইছিল, যি তেওঁ প্ৰথম শতিকাত যিহূদীয়াত থকা ইব্ৰী খ্ৰীষ্টানসকললৈ লিখিছিল। b

৩-৪. (ক) পৌলে কি কি কথাৰ বাবে ইব্ৰী খ্ৰীষ্টানসকলৰ বিষয়ে চিন্তিত হৈছিল? (খ) পৌলে তেওঁলোকক কেনেকৈ সহায় কৰিলে?

পৌলে যিহূদীয়াত থকা ইব্ৰী খ্ৰীষ্টানসকললৈ কিয় চিঠি লিখিছিল? ইয়াৰ হয়তো দুটা কাৰণ হʼব পাৰে? প্ৰথম কাৰণটো হৈছে পৌলে তেওঁলোকক উৎসাহিত কৰিব বিচাৰিছল। তেওঁলোকৰ মাজৰ বেছিভাগ খ্ৰীষ্টান আগতে যিহূদী আছিল। কিন্তু এতিয়া খ্ৰীষ্টান হোৱাৰ বাবে যিহূদী ধৰ্মগুৰুসকলে হয়তো তেওঁলোকক ঠাট্টা কৰিছিল। তেওঁলোকৰ ওচৰত ধুনীয়া মন্দিৰ নাছিল, যʼত তেওঁলোকে উপাসনা কৰিব পাৰে, তেওঁলোকৰ বেদী আৰু পুৰোহিতো নাছিল, যি তেওঁলোকৰ ফালৰ পৰা বলিদান দিব পাৰে। এইবোৰৰ বাবে খ্ৰীষ্টানসকলে নিৰাশ হʼলহেঁতেন বা তেওঁলোকৰ বিশ্বাস দুৰ্বল হʼলহেঁতেন। (ইব্ৰী ২:১; ৩:১২, ১৪) তেওঁলোকৰ মাজৰ কিছুমানে হয়তো আকৌ যিহূদী ধৰ্ম লোৱাৰ কথা ভাবিছিল।

দ্বিতীয় কাৰণ, সেই খ্ৰীষ্টানসকলে যিমান জানিছিল, সিমানতে সন্তুষ্ট আছিল। তেওঁলোকে নতুন কথা শিকিবলৈ চেষ্টা কৰা নাছিল আৰু ঈশ্বৰৰ বাক্যৰ “টান আহাৰ” অৰ্থাৎ গভীৰ কথাবোৰ বুজিবলৈ চেষ্টা কৰা নাছিল। (ইব্ৰী ৫:১১-১৪) এনে লাগে যেন কিছুমান খ্ৰীষ্টানে সেই সময়তো মোচিৰ নিয়ম পালন কৰি আছিল। সেইবাবে, পৌলে তেওঁলোকক বুজাইছিল যে এই নিয়মৰ অনুসৰি যি বলিদান আগবঢ়োৱা হৈছিল, তাৰ পৰা তেওঁলোকে পাপৰ পৰা সম্পূৰ্ণৰূপে ক্ষমা নাপালেহেঁতেন। সেইবাবে, এই নিয়মটো “লোপ” কৰা হৈছিল। তাৰ পাছত পৌলে তেওঁলোকক কিছুমান গভীৰ কথা শিকাইছিল। সেই খ্ৰীষ্টানসকলক তেওঁ মনত পেলাই দিছিল যে যীচুৰ বলিদানৰ বাবে তেওঁলোকে “শ্ৰেষ্ঠ আশা” পাইছে, যাৰ বাবে তেওঁলোকে “ঈশ্বৰৰ ওচৰলৈ চাপি” আহিব পাৰে।—ইব্ৰী ৭:১৮, ১৯.

৫. আমি কোনটো ব্যৱস্থা বুজি পোৱাৰ প্ৰয়োজন আছে? (খ) এইদৰে কৰিলে আমাৰ কি লাভ হʼব?

পৌলে ইব্ৰী খ্ৰীষ্টানসকলক জনাইছিল যে এতিয়া তেওঁলোকে যিদৰে যিহোৱাৰ উপাসনা কৰে, সেয়া আগৰ তুলনাত কিয় ভাল। তেওঁ কৈছিল যে মোচিৰ নিয়মৰ অনুসৰি যিহূদীসকলে যিদৰে উপাসনা কৰিছিল সেয়া ‘এই সকলো বিষয়ৰ ছাঁ মাথোন; কিন্তু প্ৰকৃত খ্ৰীষ্টহে।’ (কল. ২:১৭, NW) কোনো বস্তুৰ ছাঁ দেখি আমি অনুমান কৰিব পাৰোঁ যে সেই বস্তুটো কি হʼব পাৰে। ঠিক সেইদৰে যিহূদীসকলে যিদৰে উপাসনা কৰিছিল, সেয়া আটাইতকৈ ভাল উপায়েৰে উপাসনা কৰা ব্যৱস্থাৰ (অৰ্থাৎ লাক্ষণিক মন্দিৰ) ছাঁ আছিল। যিহোৱাই এই ব্যৱস্থা কৰিছে যাতে আমি নিজৰ পাপৰ পৰা ক্ষমা পাব পাৰোঁ আৰু তেওঁ যিদৰে বিচাৰে সেই অনুসৰি তেওঁৰ উপাসনা কৰিব পাৰোঁ। সেইবাবে, এই ব্যৱস্থা বুজি পোৱাটো আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। গতিকে আহক এয়া বুজিবলৈ চেষ্টা কৰোঁ যে সেই “ছাঁ” (প্ৰাচীন সময়ত যিহূদীসকলে উপাসনা কৰাৰ উপায়) কিয় হয় আৰু ‘প্ৰকৃত’ অৰ্থত (খ্ৰীষ্টানসকলে উপাসনা কৰাৰ উপায়) কি হয়, যাৰ বিষয়ে ইব্ৰী কিতাপখনত কোৱা হৈছে। এইদৰে আমি আৰু ভালদৰে বুজি পাম যে মহান লাক্ষণিক মন্দিৰ কি আৰু ই আমাৰ বাবে কি অৰ্থ ৰাখে।

পবিত্ৰ তম্বু

৬. পবিত্ৰ তম্বুত কি হৈছিল?

ছাঁ। পৌলে সেই পবিত্ৰ আবাসক মনত ৰাখি কথা পাতিছিল, যি মোচিয়ে খ্ৰীষ্টপূৰ্ব ১৫১২-ত বনাইছিল। (ছাঁ—প্ৰকৃত অৰ্থত” নামৰ তালিকাখন চাওক।) এই পবিত্ৰ আবাস এটা তম্বু আছিল, যʼত ইস্ৰায়েলীসকলে যিহোৱাক বলিদান দিবলৈ আৰু তেওঁৰ উপাসনা কৰিবলৈ আহিছিল। এই তম্বুক “সাক্ষাৎ কৰা তম্বু” বুলিও কোৱা হৈছিল। (যাত্ৰা. ২৯:৪৩-৪৬) যেতিয়া ইস্ৰায়েলীসকলে অৰণ্যত এঠাইৰ পৰা আন ঠাইলৈ গৈছিল, তেতিয়া তেওঁলোকে ইয়াকো লগত লৈ গৈছিল। তেওঁলোকে প্ৰায় ৫০০ বছৰলৈকে সেই তম্বুত উপাসনা কৰিলে, যেতিয়ালৈকে যিৰূচালেমত মন্দিৰ নিৰ্মাণ হোৱা নাছিল। (যাত্ৰা. ২৫:৮, ৯; গণ. ৯:২২) কিন্তু এই তম্বুৱে এনে এটা উত্তম বস্তুক চিত্ৰিত কৰিছিল, যি খ্ৰীষ্টানসকলৰ বাবে হʼলহেঁতেন।

৭. লাক্ষণিক মন্দিৰ কেতিয়া অস্তিত্বত আহিছিল?

প্ৰকৃত অৰ্থত। পবিত্ৰ তম্বু ‘স্বৰ্গীয়স্থানৰ ছাঁ’ আছিল, ইয়ে যিহোৱাৰ মহান লাক্ষণিক মন্দিৰক চিত্ৰিত কৰিছিল। পৌলে কৈছিল যে এই তম্বু এতিয়াৰ “উপস্থিত কালৰ নিমিত্তে দৃষ্টান্তস্বৰূপ আছিল।” (ইব্ৰী ৮:৫; ৯:৯) ইয়াৰ অৰ্থ হৈছে পৌলে যেতিয়া ইব্ৰী খ্ৰীষ্টানসকলক চিঠি লিখিছিল, তেতিয়া এই লাক্ষণিক মন্দিৰটো প্ৰকৃত অৰ্থত সঁচা হৈ পৰিছিল। এই মন্দিৰটো ২৯ খ্ৰীষ্টাব্দত অস্তিত্বত আহিছিল। সেই বছৰতে যীচুৱে বাপ্তিষ্মা লৈছিল, তেওঁক পবিত্ৰ শক্তিৰে অভিষিক্ত কৰা হৈছিল আৰু তেওঁ লাক্ষণিক মন্দিৰত যিহোৱাৰ “মহা-পুৰোহিত” হিচাপে সেৱা কৰিবলৈ আৰম্ভ কৰিছিল। cইব্ৰী ৪:১৪; পাঁচ. ১০:৩৭, ৩৮.

মহা-পুৰোহিত

৮-৯. ইব্ৰী ৭:২৩-২৭ পদৰ অনুসৰি ইস্ৰায়েলী মহা পুৰোহিত আৰু মহান মহা পুৰোহিত যীচুৰ মাজত কি পাৰ্থক্য আছে?

ছাঁ। মহা-পুৰোহিতসকলে লোকসকলৰ ফলীয়া হৈ যিহোৱাৰ ওচৰলৈ গৈছিল। ইস্ৰায়েলীসকলৰ প্ৰথম মহা-পুৰোহিত আছিল হাৰোণ। যেতিয়া পবিত্ৰ তম্বু উদঘাটন কৰা হৈছিল, তেতিয়া যিহোৱাই হাৰোণক মহা-পুৰোহিত হিচাপে নিযুক্ত কৰিছিল। কিন্তু পৌলে কৈছিল যে “তেওঁবিলাক হলে অনেক পুৰোহিত হৈ উঠিল; কাৰণ মৃত্যুৱে তেওঁবিলাকক থাকিবলৈ নিদিয়ে।” (ইব্ৰী ৭:২৩-২৭ পঢ়ক।) d ইয়াৰ উপৰিও অসিদ্ধ হোৱাৰ বাবে মহা-পুৰোহিতসকলে নিজৰ পাপৰ বাবেও বলিদান দিবলগীয়া হৈছিল। ইয়াৰ পৰা জানিব পাৰি যে ইস্ৰায়েলীসকলৰ মহা-পুৰোহিত আৰু আমাৰ মহান মহা-পুৰোহিত যীচুৰ মাজত বহুত পাৰ্থক্য আছে।

প্ৰকৃত অৰ্থত। আমাৰ মহা-পুৰোহিত যীচু খ্ৰীষ্ট ‘মানুহে স্থাপন কৰা নহয়, প্ৰভুৱে স্থাপন কৰা প্ৰকৃত তম্বুৰ’ সেৱক হয়। (ইব্ৰী ৮:১, ২) পৌলে বুজাইছিল যে যীচু ‘অনন্ত কাললৈকে থকাৰ কাৰণে, সলনি নোহোৱা পুৰোহিত পদৰ অধিকাৰী’ হয় আৰু তেওঁৰ ঠাই কোনেও লʼব নোৱাৰে। তেওঁ এয়াও কৈছিল যে যীচু ‘পবিত্ৰ আৰু পাপীবিলাকৰ পৰা পৃথক।’ যীচুৱে কোনো পাপ কৰা নাছিল, সেইবাবে ইস্ৰায়েলী মহা-পুৰোহিতসকলৰ দৰে প্ৰতিদিনে “বলিদান উৎসৰ্গ কৰিবলৈ তেওঁৰ প্ৰয়োজন” নাছিল। এতিয়া আহক চাওঁ যে বেদী আৰু তাৰ ওপৰত যি বলিদান দিয়া হৈছিল, সেইবোৰ কিহৰ ছাঁ আছিল।

বেদীবোৰ আৰু বলিদানবোৰ

১০. পিতলৰ বেদীত যি বলিদান দিয়া হৈছিল, সেইবোৰে কাক চিত্ৰিত কৰিছিল?

১০ ছাঁ। পবিত্ৰ তম্বুৰ বাহিৰত পিতলৰ এটা বেদী আছিল, যʼত যিহোৱাৰ বাবে জীৱ-জন্তুবোৰ বলিদান দিয়া হৈছিল। (যাত্ৰা. ২৭:১, ২; ৪০:২৯) কিন্তু এই বলিদানৰ বাবে লোকসকলে নিজৰ পাপৰ পৰা সম্পূৰ্ণৰূপে ক্ষমা পোৱা নাছিল। (ইব্ৰী ১০:১-৪) এই বেদীত এটাৰ পাছত এটা জীৱ-জন্তুৰ যি বলিদান দিয়া হৈছিল, ইয়ে সেই বলিদানক চিত্ৰিত কৰে যাৰ পৰা লোকসকলে নিজৰ পাপৰ পৰা সম্পূৰ্ণৰূপে ক্ষমা পালেহেঁতেন।

১১. যীচুৱে কোনটো বেদীত নিজৰ বলিদান দিলে? (ইব্ৰী ১০:৫-৭, ১০)

১১ প্ৰকৃত অৰ্থত। যীচুক নিজৰ জীৱন লোকসকলৰ বাবে মুক্তিপণ হিচাপে বলিদান দিবলৈ যিহোৱাই তেওঁক পৃথিৱীলৈ পঠিয়াইছে বুলি যীচুৱে জানিছিল। (মথি ২০:২৬) বাপ্তিষ্মা লৈ তেওঁ প্ৰকাশ কৰিলে যে তেওঁ যিহোৱাৰ ইচ্ছা পূৰ কৰিব বিচাৰে। (যোহ. ৬:৩৮; গালা. ১:৪) যীচুৱে যি লাক্ষণিক বেদীৰ ওপৰত নিজৰ বলিদান দিছিল, সেয়া যিহোৱাৰ ‘ইচ্ছাক’ চিত্ৰিত কৰে আৰু তেওঁৰ পুত্ৰ যীচুৱে লোকসকলৰ বাবে নিজৰ জীৱন বলিদান দিয়াটোৱে যিহোৱাৰ ইচ্ছা আছিল। যীচুৱে নিজৰ “শৰীৰ নৈবেদ্যস্বৰূপে একেবাৰে উৎসৰ্গ” কৰিলে যাতে যিসকলে খ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰে তেওঁ নিজৰ পাপৰ পৰা ক্ষমা পায়। (ইব্ৰী ১০:৫-৭, ১০ পঢ়ক।) এতিয়া আহক পবিত্ৰ তম্বুৰ ভিতৰলৈ চাও আৰু ইয়াৰ আন কিছুমান কথাবোৰলৈ ধ্যান দিওঁ।

পবিত্ৰস্থান আৰু অতি পবিত্ৰস্থান

১২. (ক) তম্বুৰ পবিত্ৰস্থানত কোনে যাব পাৰিছিল? (খ) অতি পবিত্ৰস্থানত কোনে যাব পাৰিছিল?

১২ ছাঁ। পবিত্ৰ তম্বু আৰু আগলৈ গৈ যিৰূচালেমত যি মন্দিৰ নিৰ্মাণ কৰা হৈছিল, তাৰ মাজত বহুতো মিল আছিল। তাৰ ভিতৰত দুটা ভাগ আছিল। এটা “পবিত্ৰস্থান” আৰু আনটো “অতি পবিত্ৰস্থান।” এই দুয়োটা ভাগৰ মাজত এখন প্ৰভেদক বস্ত্ৰ অৰ্থাৎ পৰ্দা আছিল। (ইব্ৰী ৯:২-৫; যাত্ৰা. ২৬:৩১-৩৩) পবিত্ৰস্থানত সোনৰ দীপাধাৰ, মেজ, আৰু দৰ্শন-পিঠা আছিল। এই স্থানত কেৱল সেই লোকসকলেহে পবিত্ৰ সেৱা কৰিব পাৰিছিল, যিসকলক পুৰোহিত হিচাপে অভিষেক কৰা হৈছিল। (গণ. ৩:৩, ৭, ১০) অতি পবিত্ৰস্থানত সোণৰ পতা মৰোৱা নিয়ম-চন্দুক আছিল আৰু ই যিহোৱাৰ উপস্থিতিক চিত্ৰিত কৰিছিল। (যাত্ৰা. ২৫:২১, ২২) কেৱল মহা-পুৰোহিতক পৰ্দাৰ সিপাৰে অৰ্থাৎ অতি পবিত্ৰস্থানত যাবলৈ অনুমতি দিয়া হৈছিল আৰু বছৰত কেৱল এবাৰ প্ৰায়শ্চিত্তৰ দিনাহে তেওঁ তাত যাবলৈ পাৰিছিল। (লেবী. ১৬:২, ১৭) প্ৰতি বছৰে তেওঁ জীৱ-জন্তুৰ তেজ লৈ অতি পবিত্ৰস্থানলৈ গৈছিল যাতে তেওঁ নিজৰ আৰু গোটেই ইস্ৰায়েলী ৰাষ্ট্ৰৰ পাপৰ বাবে প্ৰায়শ্চিত্ত কৰিব পাৰে। আগলৈ গৈ যিহোৱাই নিজৰ পবিত্ৰ শক্তিৰ যোগেদি প্ৰকাশ কৰিলে যে পবিত্ৰস্থানৰ এই ভাগে কি কথাবোৰক চিত্ৰিত কৰে।—ইব্ৰী ৯:৬-৮. e

১৩. (ক) তম্বুৰ পবিত্ৰস্থানে কি কথাক চিত্ৰিত কৰে? (খ) অতি পবিত্ৰস্থানে কিহক চিত্ৰিত কৰে?

১৩ প্ৰকৃত অৰ্থত। যীচুৰ কিছুমান শিষ্যক পবিত্ৰ শক্তিৰে অভিষেক কৰা হৈছে আৰু যিহোৱাৰ লগত তেওঁলোকৰ এটা বিশেষ সম্পৰ্ক আছে। এই ১,৪৪,০০০ জনে স্বৰ্গত যীচুৰ লগত পুৰোহিত হিচাপে সেৱা কৰিব। (প্ৰকা. ১:৬; ১৪:১) যেতিয়া তেওঁলোকে পৃথিৱীতে থাকে, তেতিয়াই ঈশ্বৰে তেওঁলোকক পবিত্ৰ শক্তিৰে অভিষেক কৰি নিজৰ পুত্ৰ হিচাপে তুলি লয়। তম্বুৰ পবিত্ৰস্থানে ঈশ্বৰৰ লগত থকা তেওঁলোকৰ এই বিশেষ সম্পৰ্কক চিত্ৰিত কৰে। (ৰোম. ৮:১৫-১৭) তম্বুৰ অতি পবিত্ৰস্থানে স্বৰ্গক চিত্ৰিত কৰে, যʼত যিহোৱা নিবাস কৰে। পবিত্ৰস্থান আৰু অতি পবিত্ৰস্থানৰ মাজত যি পৰ্দা আছিল, সেয়া যীচুৰ মানৱীয় শৰীৰক চিত্ৰিত কৰে, যাক লৈ তেওঁ মহা-পুৰোহিত হিচাপে স্বৰ্গলৈ যাব নোৱাৰিলেহেঁতেন আৰু লাক্ষণিক মন্দিৰত সেৱা কৰিব নোৱাৰিলেহেঁতেন। যেতিয়া যীচুৱে নিজৰ শৰীৰ লোকসকলৰ বাবে বলিদান দিলে, তেতিয়া তেওঁ সকলো অভিষিক্ত খ্ৰীষ্টানসকলৰ বাবে স্বৰ্গলৈ যোৱাৰ বাট মুকলি কৰিলে। তেওঁলোকেও স্বৰ্গত নিজৰ পুৰস্কাৰ পাবলৈ মানৱীয় শৰীৰ ত্যাগ কৰিব লাগিব। (ইব্ৰী ১০:১৯, ২০; ১ কৰি. ১৫:৫০) জীৱিত হোৱাৰ পাছত যীচুৱে লাক্ষণিক মন্দিৰৰ অতি পবিত্ৰস্থানলৈ গʼল, যʼত আগলৈ গৈ সকলো অভিষিক্ত খ্ৰীষ্টানসকলে তেওঁৰ লগত থাকিব।

১৪. ইব্ৰী ৯:১২, ২৪-২৬ পদৰ অনুসৰি যিহোৱাৰ লাক্ষণিক মন্দিৰত তেওঁৰ উপাসনা কৰাৰ ব্যৱস্থা কিয় ভাল হয়?

১৪ যিহোৱাই মুক্তিপণ বলিদানৰ আধাৰত শুদ্ধ উপাসনাৰ বাবে যি ব্যৱস্থা কৰিছে, তাৰ মহা-পুৰোহিত হৈছে যীচু আৰু এয়া আটাইতকৈ ভাল ব্যৱস্থা হয়। কিয় বাৰু? কাৰণ ইস্ৰায়েলত মহা-পুৰোহিতসকলে জীৱ-জন্তুৰ তেজ লৈ মানুহে বনোৱা অতি পবিত্ৰস্থানলৈ গৈছিল। কিন্তু যীচু ‘স্বৰ্গলৈ’ গʼল, যি সকলোতকৈ পবিত্ৰ ঠাই হয় যাতে তেওঁ যিহোৱাৰ ওচৰত থিয় হʼব পাৰে। তেওঁ আমাৰ বাবে নিজৰ সিদ্ধ জীৱনৰ মূল্য (পৃথিৱীত অনন্ত জীৱন জীয়াই থকাৰ অধিকাৰ) যিহোৱাৰ আগত দিলে যাতে নিজৰ বলিদানৰ যোগেদি আমাৰ ‘পাপ-নাশ’ কৰিব পাৰে। (ইব্ৰী ৯:১২, ২৪-২৬ পঢ়ক।) যীচুৰ বলিদানৰ পৰাহে লোকসকলে পাপৰ পৰা সম্পূৰ্ণৰূপে মুক্তি পাব পাৰে। আমাৰ আশা স্বৰ্গত জীয়াই থকাৰ বাবে হওক বা পৃথিৱীত, আজি আমি সকলোৱে যিহোৱাৰ লাক্ষণিক মন্দিৰত উপাসনা কৰিব পাৰোঁ। আহক ইয়াৰ বিষয়ে আৰু বেছিকৈ শিকোঁ।

চোতাল

১৫. পবিত্ৰ তম্বুৰ চোতালত কোনে সেৱা কৰিছিল?

১৫ ছাঁ। পবিত্ৰ তম্বুত এখন চোতাল আছিল আৰু তাৰ চাৰিওফালে কাপোৰেৰে বেৰ দিয়া হৈছিল। এই চোতালত পুৰোহিতসকলে সেৱা কৰিছিল। ইয়াত হোমবলি দিবলৈ পিতলৰ এটা ডাঙৰ বেদী আছিল। চোতালত পিতলৰ এটা প্ৰক্ষালন-পাত্ৰ আছিল, যʼত পানী ভৰাই ৰখা হৈছিল। পবিত্ৰ সেৱা কৰাৰ আগতে পুৰোহিতসকলে ইয়াৰ পানীৰেই হাত-ভৰি ধুই নিজকে শুদ্ধ কৰিছিল। (যাত্ৰা. ৩০:১৭-২০; ৪০:৬-৮) আগলৈ গৈ যি মন্দিৰ নিৰ্মাণ কৰা হৈছিল, তাত এখন বাহিৰৰ চোতালো আছিল। পুৰোহিত নোহোৱা লোকসকলেও এই চোতালত আহিব পাৰিছিল আৰু ঈশ্বৰৰ উপাসনা কৰিব পাৰিছিল।

১৬. লাক্ষণিক মন্দিৰৰ চোতালত কোনে সেৱা কৰে?

১৬ প্ৰকৃত অৰ্থত। স্বৰ্গলৈ গৈ যীচুৰ লগত পুৰোহিত হিচাপে সেৱা কৰাৰ আগতে বাকী থকা অভিষিক্ত খ্ৰীষ্টানসকলে পৃথিৱীত লাক্ষণিক মন্দিৰৰ ভিতৰৰ চোতালত বিশ্বাসী হৈ যিহোৱাৰ সেৱা কৰি আছে। এই চোতালত পানীৰ যি প্ৰক্ষালন-পাত্ৰ আছিল, সেয়া অভিষিক্ত খ্ৰীষ্টান আৰু সকলো সত্য খ্ৰীষ্টানক এটা গুৰুত্বপূৰ্ণ কথা মনত পেলাই দিয়ে। সেয়া হৈছে আমি নৈতিকভাৱে আৰু উপাসনাৰ ক্ষেত্ৰত শুদ্ধ হৈ থকা উচিত। গতিকে অভিষিক্ত ভাইসকলক সহযোগ কৰা ‘বৰ লোক সমূহে’ কʼত সেৱা কৰি আছে? পাঁচনি যোহনে দেখিছিল যে তেওঁলোকে ‘সিংহাসনৰ আগত’ থিয় হৈ আছে। ইয়াৰ অৰ্থ হৈছে পৃথিৱীৰ লাক্ষণিক মন্দিৰৰ বাহিৰৰ চোতালত ‘দিনে-ৰাতিয়ে যিহোৱাৰ আৰাধনা’ কৰি আছে। (প্ৰকা. ৭:৯, ১৩-১৫) আমি বহুত আনন্দিত যে যিহোৱাই আমাক তেওঁৰ লাক্ষণিক মন্দিৰত তেওঁৰ উপাসনা কৰিবলৈ এটা ঠাই দিছে।

যিহোৱাৰ উপাসনা কৰাৰ বিশেষ সুযোগ

১৭. আমি যিহোৱাৰ ওচৰত কি কি বলিদান দিয়াৰ বিশেষ সুযোগ পাইছোঁ?

১৭ আজি সকলো খ্ৰীষ্টানৰ ওচৰত যিহোৱাক বলিদান দিয়াৰ এটা বিশেষ সুযোগ আছে। আমি ঈশ্বৰৰ ৰাজ্যত কামত নিজৰ সময় আৰু সঁজুলি ব্যৱহাৰ কৰিব পাৰোঁ আৰু বহুত পৰিশ্ৰম কৰিব পাৰোঁ। যেনে, পাঁচনি পৌলে ইব্ৰী খ্ৰীষ্টানসকলক কৈছিল যে আমি “সদায় ঈশ্বৰৰ উদ্দেশে স্তৱৰূপ যজ্ঞ, অৰ্থাৎ তেওঁৰ নাম স্বীকাৰকাৰী ওঁঠৰ ফল উৎসৰ্গ” কৰিব পাৰোঁ। (ইব্ৰী ১৩:১৫) যেতিয়া আমি যিহোৱাক আটাইতকৈ উত্তম বলিদান দিওঁ, তেতিয়া আমি দেখুৱাওঁ যে আমি তেওঁৰ উপাসনা কৰিবলৈ যি বিশেষ সুযোগ পাইছোঁ, তাৰ প্ৰতি আমি বহুত কৃতজ্ঞ।

১৮. (ক) ইব্ৰী ১০:২২-২৫ পদৰ অনুসৰি আমি সকলোৱে কি কৰাটো অতি গুৰুত্বপূৰ্ণ? (খ) আমি কি পাহৰা উচিত নহয়?

১৮ ইব্ৰী ১০:২২-২৫ পঢ়ক। ইব্ৰী লোকসকলক লিখা নিজৰ চিঠিখনৰ শেষত পৌলে উপাসনাৰ লগত জড়িত এনে কিছুমান কামৰ বিষয়ে কৈছিল, যিবোৰ কৰাটো আমাৰ সকলোৰে বাবে অতি গুৰুত্বপূৰ্ণ। যেনে, যিহোৱালৈ প্ৰাৰ্থনা কৰা, নিজৰ আশাৰ বিষয়ে সকলোৰে আগত ঘোষণা কৰা, মণ্ডলীৰ সভাবোৰত গোট খোৱা আৰু ‘দিন যিমান ওচৰ হোৱা দেখোঁ, সিমান অধিককৈ পৰস্পৰক উদগোৱা।’ এই সকলো কাম কৰাটো অতি গুৰুত্বপূৰ্ণ। সেইবাবে, প্ৰকাশিত বাক্য কিতাপৰ শেষত যিহোৱাৰ এজন স্বৰ্গদূতে দুবাৰ এই কথা কৈছিল ‘ঈশ্বৰক প্ৰণিপাত কৰা।’ (প্ৰকা. ১৯:১০; ২২:৯) গতিকে আহক আমি এই লেখত যিহোৱাৰ মহান লাক্ষণিক মন্দিৰৰ বিষয়ে যিবোৰ কথা শিকিলোঁ, সেইবোৰ কেতিয়াও নাপাহৰোঁ আৰু আমি আমাৰ মহান ঈশ্বৰ যিহোৱাৰ উপাসনা কৰাৰ যি বিশেষ সুযোগ পাইছোঁ সেয়াও নাপাহৰোঁ।

গীত ৮৮ তোমাৰ পথ আমাক দেখুৱা

a ঈশ্বৰৰ বাক্যত যি গভীৰ কথাবোৰৰ বিষয়ে কোৱা হৈছে, তাৰে মাজৰ এটা হৈছে যিহোৱাৰ মহান লাক্ষণিক মন্দিৰ। এই মন্দিৰ কি হয়? ইব্ৰী কিতাপত এই মন্দিৰৰ বিষয়ে যিবোৰ সৰু সৰু কথা কোৱা হৈছে, তাৰ বিষয়ে এই লেখত বুজোৱা হʼব। ইয়াৰ বিষয়ে অধ্যয়ন কৰাৰ বাবে আপুনি যিহোৱাৰ উপাসনা কৰিবলৈ যি বিশেষ সুযোগ পাইছে, তাৰ প্ৰতি আপোনাৰ কৃতজ্ঞতা বাঢ়ি যোৱাটোৱেই আমি আশা কৰিছোঁ।

b ইব্ৰী কিতাপৰ সাৰাংশ চাবলৈ jw.org-ত ইব্ৰী কিতাপখনৰ পৰিচয় নামৰ ভিডিঅʼখন চাওক।

c খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰত কেৱল ইব্ৰী কিতাপত যীচুক মহা-পুৰোহিত বুলি কোৱা হৈছে।

d এখনত কিতাপত কোৱা হৈছিল যে ৭০ খ্ৰীষ্টাব্দত যেতিয়া যিৰূচালেম মন্দিৰখন নাশ কৰা হৈছিল, তেতিয়ালৈকে ইস্ৰায়েলত হয়তো ৮৪ জন লোকে মহা পুৰোহিত হিচাপে সেৱা কৰিছিল।

e প্ৰায়শ্চিত্তৰ দিনাখন মহা পুৰোহিতে যি যি কাম কৰিছিল, সেইবোৰে কি কি কথাক চিত্ৰিত কৰিছিল, তাৰ বিষয়ে জানিবলৈ jw.org-ত পবিত্ৰ তম্বু নামৰ ইংৰাজী ভিডিঅʼখন চাওক।