Skip to content

Skip to table of contents

অনুসন্ধানৰ উপায়

অনুসন্ধানৰ উপায়

আমাৰ বুজাবুজিত হোৱা সাল-সলনিৰ বিষয়ে কʼৰ পৰা জানিব পাৰিম?

আজি আমি বৰ ৰোমাঞ্চকৰ সময়ত জীয়াই আছোঁ। যিহোৱাই লাহে লাহে তেওঁৰ বাক্যৰ বিষয়ে আগতকৈ বেছি কথা বুজিবলৈ সহায় কৰি আছে। (দানি. ১২:৪) কিন্তু বাইবেলৰ শিক্ষাৰ বিষয়ে আমাৰ বুজাবুজিত যি সাল-সলনি কৰা হয়, সেই বিষয়ে নতুন তথ্যবোৰ ৰখাটো আমাৰ বাবে কঠিন হ’ব পাৰে। তেনেহ’লে এই বিষয়ে আমি নতুন তথ্যবোৰ ক’ৰ পৰা পাম?

• যিবোৰ বিষয়ে আমাৰ বুজাবুজিত সাল-সলনি কৰা হৈছে, তাৰে মাজত কিছুমান যিহোৱাৰ সাক্ষীসকলৰ বাবে অনুসন্ধান গাইডত (হিন্দী) দিয়া হৈছে। এই বিষয়বোৰৰ তালিকা চাবলৈ “যিহোৱাৰ সাক্ষীসকল” বিষয়ৰ তলত দিয়া উপশীৰ্ষক “দৃষ্টিভংগী আৰু শিক্ষাত” দিয়া “আমাৰ শিক্ষাবোৰৰ নতুন বুজাবুজি” ভাগলৈ যাওক। অথবা আপুনি যদি বিচাৰে, তেনেহ’লে ওৱাচটাৱাৰ লাইব্ৰেৰী বা ওৱাচটাৱাৰ অনলাইন লাইব্ৰেৰীত চাৰ্চ বক্সত “আমাৰ শিক্ষাবোৰৰ নতুন বুজাবুজি” টাইপ কৰিব পাৰে (“” এই চিনটো টাইপ কৰক)।

আপুনি নিজৰ ব্যক্তিগত অধ্যয়নত অলপতে হোৱা কিবা সাল-সলনিৰ বিষয়ে অনুসন্ধান কৰিব পাৰিবনে? সেই বিষয়ত এতিয়া আমাৰ কি বুজাবুজি আছে আৰু ইয়াত কিয় সাল-সলনি কৰা হৈছে, তাৰ বিষয়ে আপুনি অনুসন্ধান কৰিব পাৰিব।