Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ২

গীত ১৯ প্ৰভুৰ ভোজ

বছৰৰ বিশেষ দিনৰ বাবে আপুনি সাজু নে?

বছৰৰ বিশেষ দিনৰ বাবে আপুনি সাজু নে?

“মোক সুৱৰিবলৈ ইয়াকে কৰা।”লূক ২২:১৯.

কি শিকিম?

স্মৰণীয় দিনটো আমাৰ বাবে কিয় ইমান বিশেষ হয়, ইয়াৰ বাবে আমি কেনেকৈ তৈয়াৰী কৰিব পাৰোঁ আৰু ইয়াত উপস্থিত হʼবলৈ আনক কেনেকৈ সহায় কৰিব পাৰোঁ?

১. স্মৰণীয় দিন কিয় বছৰৰ আটাইতকৈ বিশেষ দিন হয়? (লূক ২২:১৯, ২০)

 প্ৰতিবছৰে যিহোৱাৰ সাক্ষীসকলে যীচুৰ বলিদান মনত পেলাই। এই দিনক স্মৰণীয় দিন বুলি কোৱা হয়। এই দিনটো মনত পেলাবলৈ যীচুৱে নিজৰ শিষ্যসকলক আজ্ঞা দিছিল। এই দিনটো আমাৰ বাবে এটা বিশেষ দিন হয়। (লূক ২২:১৯, ২০ পঢ়ক।) আমি সকলোৱে আগ্ৰহেৰে সেই দিনৰ বাবে বাট চাই থাকোঁ। কিয় বাৰু? আহক ইয়াৰ কিছুমান কাৰণৰ ওপৰত মন কৰোঁ।

২. আমি কিয় আগ্ৰহেৰে স্মৰণীয় দিনৰ বাবে বাট চাই থাকোঁ?

স্মৰণীয় দিনৰ বাবে আমি ধ্যান দিব পাৰোঁ যে মুক্তিৰ মূল্যৰ বলিদান আমাৰ বাবে কিমান মূল্যৱান হয় আৰু ইয়াৰ পৰা আমি কিমান লাভৱান হʼব পাৰোঁ। আমি এয়াও চিন্তা কৰিব পাৰোঁ যে যীচু খ্ৰীষ্টই যি বলিদান দিলে, তাৰ প্ৰতি কেনেকৈ কৃতজ্ঞতা দেখুৱাব পাৰোঁ। (২ কৰি. ৫:১৪, ১৫) আমি এজনে-আনজনক উৎসাহিত কৰাৰ সুযোগ পাওঁ। (ৰোম. ১:১২) প্ৰতিবছৰে এনে বহুতো ভাই-ভনী স্মৰণীয় দিনত উপস্থিত হয়, যিসকলে কিছু সময়ৰ পৰা সভাত আহিবলৈ এৰি দিছে। সেই সময়ত ভাই-ভনীসকলে মৰমেৰে আদৰণি জনোৱাৰ বাবে তেওঁলোকৰ মাজৰ কিছুমানে যিহোৱাৰ কাষলৈ উভতি আহে। আগ্ৰহী লোকসকলে যেতিয়া স্মৰণীয় দিনত উপস্থিত হয়, তেতিয়া তাত যি চাই আৰু শুনে, তাৰ বাবে তেওঁলোকে বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে আৰু জীৱনৰ পথত চলে। এই সকলো কাৰণৰ বাবে স্মৰণীয় দিন আমাৰ বাবে আটাইতকৈ বিশেষ দিন হয়!

৩. স্মৰণীয় দিনৰ কাৰণে গোটেই বিশ্বত থকা যিহোৱাৰ সাক্ষীসকলৰ মাজৰ একতা কেনেকৈ মজবুত হয়? (ছবিখনো চাওক।)

আমি আৰু এটা কাৰণৰ বাবে আগ্ৰহেৰে স্মৰণীয় দিনৰ বাট চাই থাকোঁ। কিয়নো ইয়াৰ যোগেদি আমাৰ মাজত একতা আৰু দৃঢ় হৈ পৰে। পৃথিৱীৰ বেলেগ বেলেগ ঠাইত বেলি মাৰ যোৱাৰ পাছত যিহোৱাৰ সাক্ষীসকলে স্মৰণীয় দিন পালন কৰিবলৈ একগোট হয়। আমি সকলোৱে একেটা বিষয়ত ভাষণ শুনোঁ। ইয়াত বুজোৱা হয় যে যীচুৰ মুক্তিৰ মূল্যৰ বলিদান কিয় আমাৰ বাবে ইমান গুৰুত্বপূৰ্ণ হয়। আমি যিহোৱাৰ মহিমা কৰিবলৈ দুটা গীত গাওঁ আৰু পিঠা আৰু দ্ৰাক্ষাৰস এজনৰ পৰা আন এজনলৈ আগবঢ়োৱা হয়। এই সময়ছোৱাত চাৰি বাৰ প্ৰাৰ্থনা কৰা হয় আৰু প্ৰতিটো প্ৰাৰ্থনাৰ শেষত আমি হৃদয়ৰ পৰা আমেন কওঁ। গোটেই পৃথিৱীত ২৪ ঘন্টাৰ ভিতৰত সকলো মণ্ডলীয়ে একেধৰণেৰে স্মৰণীয় দিন পালন কৰে। গতিকে চিন্তা কৰকচোন, যেতিয়া আমি একগোট হৈ যীচু আৰু যিহোৱাৰ প্ৰতি কৃতজ্ঞতা দেখুৱাওঁ, তেতিয়া তেওঁলোকে স্বৰ্গৰ পৰা চাই কিমান আনন্দিত হয়!

স্মৰণীয় দিনে গোটেই পৃথিৱীত ভাই-ভনীসকলক একতাৰ বান্ধোনত বান্ধি ৰাখে (অনুচ্ছেদ ৩ চাওক) f


৪. এই লেখত আমি কি শিকিম?

আমি এই লেখত তিনিটা প্ৰশ্নৰ উত্তৰ পাম, স্মৰণীয়ৰ বাবে আমি নিজৰ হৃদয় কেনেকৈ তৈয়াৰ কৰিব পাৰোঁ? ইয়াৰ পৰা লাভৱান হʼবলৈ আমি আনক কেনেকৈ সহায় কৰিব পাৰিম আৰু যিসকল ভাই-ভনীয়ে কিছু সময়ৰ পৰা সভালৈ অহা নাই, তেওঁলোকক আমি কেনেকৈ সহায় কৰিব পাৰিম? এই প্ৰশ্নবোৰৰ উত্তৰে সেই বিশেষ দিনৰ বাবে সাজু হৈ থাকিবলৈ আমাক সহায় কৰিব।

স্মৰণীয় দিনৰ বাবে নিজৰ হৃদয় তৈয়াৰ কৰক

৫. (ক) মুক্তিৰ মূল্যৰ বলিদান আমাৰ বাবে কিমান মূল্যৱান হয়, তাৰ বিষয়ে আমি কিয় চিন্তা কৰা উচিত? (গীতমালা ৪৯:৭, ৮) (খ)যীচুৰ কিয় মৃত্যু হৈছিল? এই ভিডিঅʼখনৰ পৰা আপুনি কি শিকিলে?

বিভিন্ন ধৰণে স্মৰণীয় দিনৰ বাবে আমি নিজকে তৈয়াৰ কৰিব পাৰোঁ। এটা গুৰুত্বপূৰ্ণ উপায় হৈছে মুক্তিৰ মূল্যৰ বলিদান কিমান মূল্যৱান আৰু ইয়াৰ পৰা কি কি সম্ভৱ হৈছে, ইয়াৰ বিষয়ে চিন্তা কৰা। পাপ আৰু মৃত্যুৰ পৰা বাচিবলৈ আমি একো কৰিব নোৱাৰোঁ। (গীতমালা ৪৯:৭, ৮ পঢ়ক; যীচুৰ কিয় মৃত্যু হৈছিল? এই ভিডিঅʼখন চাওক।) a সেইবাবে, যিহোৱা আৰু যীচুৱে আমাৰ বাবে এটা ডাঙৰ মূল্য দিলে। আমাক মুকলি কৰিবলৈ যিহোৱাই নিজৰ পুত্ৰ যীচুক বলিদান দিলে। (ৰোম. ৬:২৩) চিন্তা কৰকচোন, যিহোৱা আৰু যীচুৱে আমাৰ বাবে কিমান সহন কৰিলে। ইয়াৰ বিষয়ে আমি যিমানেই চিন্তা কৰিম, সিমানেই মুক্তিৰ মূল্যৰ প্ৰতি আমাৰ কৃতজ্ঞতা বাঢ়িব। যিহোৱা আৰু যীচুৱে আমাৰ বাবে যি যি ত্যাগ কৰিলে, আহক সেইবোৰলৈ ধ্যান দিওঁ। কিন্তু প্ৰথমে আমি মুক্তিৰ মূল্যৰ ব্যৱস্থাৰ ওপৰত মন কৰিম।

৬. (ক) মুক্তিৰ মূল্যৰ অৰ্থ কি? (খ) যীচুৱে নিজৰ জীৱন মুক্তিৰ মূল্য হিচাপে কিয় দিব লগা হৈছিল?

কোনো ব্যক্তিক মুকলি কৰিবলৈ বা তেওঁক ঘূৰাই পাবলৈ যি মূল্য দিয়া হয়, তাক মুক্তিৰ মূল্য বুলি কোৱা হয়। যেতিয়া প্ৰথম পুৰুষ আদমক সৃষ্টি কৰা হৈছিল, তেতিয়া তেওঁ সিদ্ধ আছিল আৰু অনন্ত জীৱন জীয়াই থকাৰ আশা আছিল। কিন্তু যেতিয়া তেওঁ পাপ কৰিলে, তেতিয়া অনন্ত জীৱন জীয়াই থকাৰ সুযোগ হেৰুৱালে আৰু এই সুযোগ তেওঁৰ লʼৰা-ছোৱালীসকলেও হেৰুৱালে। আদমে যি হেৰুৱাইছিল তাক ঘূৰাই পাবলৈ যীচুৱে নিজৰ সিদ্ধ জীৱন বলিদান দিলে। যেতিয়া যীচু পৃথিৱীত আছিল, তেতিয়া “তেওঁ কোনো পাপ নকৰিলে, তেওঁৰ মুখত কোনো ছলনা পোৱা নগল।” (১ পিত. ২:২২) গতিকে যেতিয়া তেওঁৰ মৃত্যু হʼল, তেতিয়া তেওঁ সিদ্ধ আছিল, যেনেকৈ আদমে পাপ কৰাৰ আগতে সিদ্ধ আছিল। সেইবাবে, নিজৰ সিদ্ধ জীৱন বলিদান দি যীচুৱে মুক্তিৰ সমান মূল্য দিলে।—১ কৰি. ১৫:৪৫; ১ তীম. ২:৬.

৭. যীচুৱে পৃথিৱীত থকাৰ সময়ত তেওঁ কি কি সমস্যাৰ সন্মুখীন হৈছিল?

যীচুৱে পৃথিৱীত থকাৰ সময়ত বহুতো সমস্যাৰ সন্মুখীন হৈছিল। তথাপি তেওঁ নিজৰ পিতৃ যিহোৱাৰ আজ্ঞা মানিলে। সৰু হৈ থাকোঁতে যদিও তেওঁ সিদ্ধ আছিল, কিন্তু অসিদ্ধ পিতৃ-মাতৃৰ অধীনত থাকিবলগীয়া হৈছিল। (লূক ২:৫১) ডেকা হৈ থাকোঁতে নিজৰ মা-দেউতাৰ কথা নামানিবলৈ বা যিহোৱাৰ বিশ্বাসী হৈ নাথাকিবলৈ, তেওঁৰ ওপৰত হয়তো হেঁচা আহিছিল। পাছত যেতিয়া তেওঁ ডাঙৰ হʼল, তেতিয়া চয়তানে তেওঁক ফুচলাবলৈ চেষ্টা কৰিলে, আনকি তেওঁক যিহোৱাৰ লগত বিশ্বাসঘাত কৰিবলৈ হেঁচা দিলে। (মথি ৪:১-১১) চয়তানে যেন শপত খাই লৈছিল যে তেওঁ যীচুক পাপ কৰাইহে এৰিব যাতে তেওঁ মুক্তিৰ মূল্য দিব নোৱাৰে।

৮. যীচুৱে আৰু কি কি সমস্যাৰ সন্মুখীন হʼবলগীয়া হৈছিল?

যেতিয়া যীচুৱে পৃথিৱীত নিজৰ সেৱা আৰম্ভ কৰিছিল, তেতিয়া তেওঁ আৰু কিছুমান সমস্যাৰ সন্মুখীন হʼবলগীয়া হৈছিল। তেওঁৰ শত্ৰুসকলে তেওঁক তাড়না দিছিল, আনকি তেওঁক মাৰি পেলাবলৈও চেষ্টা কৰিছিল। (লূক ৪:২৮, ২৯; ১৩:৩১) তেওঁ নিজৰ শিষ্যসকলৰ দুৰ্বলতাবোৰো সহন কৰিবলগীয়া হৈছিল। (মাৰ্ক ৯:৩৩, ৩৪) পাছত যেতিয়া তেওঁৰ ওপৰত মোকদমা চলোৱা হʼল, তেতিয়া লোকসকলে তেওঁক ঠাট্টা কৰিলে আৰু তেওঁক এজন অপৰাধীৰ দৰে বহুত যাতনা দিলে। (ইব্ৰী ১২:১-৩) তেওঁ মৃত্যুৰ আগতে যিবোৰ দুখ আৰু অত্যাচাৰ সহন কৰিলে, সেইবোৰ যিহোৱাৰ সহায়ৰ অবিহনেই সহিবলগীয়া হৈছিল। b (মথি ২৭:৪৬) অৱশেষত তেওঁৰ মৃত্যু হʼল।

৯. যীচুৱে আমাৰ বাবে যি বলিদান দিলে, তাৰ বিষয়ে চিন্তা কৰি আমাৰ কেনে লাগে? (১ পিতৰ ১:৮)

মুক্তিৰ মূল্য দিবলৈ যীচুৱে সঁচাকৈ কিমান ডাঙৰ মূল্য দিলে। যেতিয়া আমি চিন্তা কৰোঁ যে যীচুৱে আমাৰ বাবে কিমান সহিলে, তেতিয়া তেওঁৰ প্ৰতি আমাৰ প্ৰেম আৰু কৃতজ্ঞতা বাঢ়ি যায়।—১ পিতৰ ১:৮ পঢ়ক।

১০. মুক্তিৰ মূল্য দিবলৈ যিহোৱাই কি কি সহন কৰিলে?

১০ অলপ সময় চিন্তা কৰক যে যিহোৱাই কি কি সহিবলগীয়া হৈছিল যাতে যীচুৱে মুক্তিৰ মূল্য দিব পাৰে। এজন পিতৃ আৰু পুত্ৰৰ সম্পৰ্ক বহুত মজবুত হয়। কল্পনা কৰকচোন, যিহোৱা আৰু যীচুৰ সম্পৰ্কটো কিমান মজবুত আছিল? (হিতো. ৮:৩০) চিন্তা কৰক, যেতিয়া যিহোৱাই দেখিলে যে যীচুৱে পৃথিৱীত কিমান সমস্যা সহি আছে, তেতিয়া তেওঁক কেনেকুৱা লাগিলে। যেতিয়া তেওঁ দেখিলে যে লোকসকলে তেওঁৰ লʼৰাক কেনেকৈ তাড়না দিছে, অস্বীকাৰ কৰিছে আৰু তেওঁৰ ওপৰত অত্যাচাৰ কৰি আছে, তেতিয়া তেওঁক হয়তো কিমান দুখ লাগিছিল।

১১. যীচুক মাৰি পেলোৱাৰ সময়ত যিহোৱাক কেনেকুৱা লাগিছিল? বুজাওক।

১১ যিসকল মা-দেউতাই নিজৰ লʼৰা-ছোৱালীক মৃত্যুত হেৰুৱাইছে, তেওঁলোকে নিজৰ লʼৰা-ছোৱালীক হেৰুৱাৰ দুখ ভালদৰে বুজি পায়। আমাৰ সম্পূৰ্ণ বিশ্বাস আছে যে যিসকলৰ মৃত্যু হʼল, তেওঁলোকক যিহোৱাই এদিন আকৌ জীয়াই তুলিব। তথাপি আপোন লোকসকলক মৃত্যুত হেৰুৱাৰ দুখ সহ্য কৰাটো ইমান সহজ নহয়। গতিকে চিন্তা কৰক, ৩৩ খ্ৰীষ্টাব্দৰ নিচান ১৪-ত যেতিয়া যিহোৱাই দেখিলে যে তেওঁৰ লʼৰাক কেনেকৈ ইমান যাতনা দি মাৰি পেলোৱা হʼল, তেতিয়া তেওঁক কিমান দুখ লাগিলে। cমথি ৩:১৭.

১২. আমি স্মৰণীয় দিনৰ বাবে নিজৰ হৃদয় কেনেকৈ তৈয়াৰ কৰিব পাৰোঁ?

১২ স্মৰণীয় দিন অহাৰ আগতে আপুনি ব্যক্তিগত অধ্যয়নত বা পাৰিবাৰিক উপাসনাত মুক্তিৰ মূল্যৰ বিষয়ে আৰু ভালদৰে অধ্যয়ন কৰক। আপুনি যদি বিচাৰে যিহোৱাৰ সাক্ষীসকলৰ বাবে অনুসন্ধান গাইড (হিন্দী) বা আন প্ৰকাশনবোৰৰ সহায়ত এই বিষয়ে অনুসন্ধান কৰিব পাৰে, যাতে আপুনি ইয়াৰ বিষয়ে ভালদৰে বুজিব পাৰে। d ইয়াৰ উপৰিও, আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকাত স্মৰণীয় দিনৰ বাইবেল পঢ়াৰ যি তালিকা দিয়া হৈছে, তাৰ অনুসৰি বাইবেল পঢ়ক। স্মৰণীয় দিনত ৰাতিপুৱাৰ উপাসনাৰ যি বিশেষ কাৰ্য্যক্ৰম আহিব সেয়াও নিশ্চয় চাওক। এইদৰে স্মৰণীয় দিনৰ বাবে নিজৰ হৃদয় তৈয়াৰ কৰিলে ইয়াৰ পৰা লাভৱান হʼবলৈ আমি আনকো সহায় কৰিব পাৰিম।—ইজ্ৰা ৭:১০.

স্মৰণীয় দিনৰ পৰা লাভৱান হʼবলৈ আনক সহায় কৰক

১৩. লোকসকলে স্মৰণীয় দিনৰ পৰা লাভৱান হʼবলৈ আমি প্ৰথমতে কি কৰিব লাগিব?

১৩ স্মৰণীয় দিনৰ পৰা লাভৱান হʼবলৈ আমি আনক কেনেকৈ সহায় কৰিব পাৰোঁ। প্ৰথমতে, আমি লোকসকলক ইয়াৰ বাবে নিমন্ত্ৰণ দিব লাগিব। আমি প্ৰচাৰ কৰি লোকসকলক নিমন্ত্ৰণ দিমে, কিন্তু আন কিছুমান লোকৰ নাম লিখি ৰাখিব পাৰোঁ যিসকলক আমি মাতিব বিচাৰোঁ। যেনে, সম্বন্ধীয় লোক, একেলগে কাম কৰা লোক, একেলগে পঢ়া আৰু আন লোকসকলৰ। যদি আমাৰ ওচৰত ছপা কৰা নিমন্ত্ৰণ বেছি নাই, তেনেহʼলে আমি নিজৰ ফোন বা টেবলেটৰ যোগেদি লোকসকলক নিমন্ত্ৰণ পঠিয়াব পাৰোঁ। গতিকে, আহক আমি বেছিতকৈ বেছি লোকক নিমন্ত্ৰণ দিওঁ, কাৰণ কোন লোকসকল আহিব আমি নাজানোঁ।—উপ. ১১:৬.

১৪. এটা উদাহৰণ দি বুজাওক যে যদি আমি চিনাকী লোকসকলক বেলেগকৈ নিমন্ত্ৰণ দিওঁ, তেনেহʼলে কি লাভ হʼব পাৰে?

১৪ যেতিয়া আমি চিনাকী লোকসকলক নিমন্ত্ৰণ দিওঁ আৰু কওঁ যে এয়া আমি বিশেষকৈ আপোনাৰ বাবে আনিছোঁ, তেতিয়া তেওঁলোকক বহুত ভাল লাগে আৰু তেওঁলোকক স্মৰণীয় দিনত আহিবলৈ মন যায়। এজনী ভনীৰ উদাহৰণলৈ মন কৰক, এদিনাখন তেওঁৰ স্বামীয়ে আনন্দ মনেৰে আহি কʼলে যে তেওঁ তাইৰ লগত স্মৰণীয় দিনত যাব বিচাৰে। এয়া শুনি ভনী অলপ আচৰিত হʼল, কাৰণ তাই বহু বাৰ তেওঁক নিমন্ত্ৰণ দিছিল কিন্তু তেওঁ এবাৰো যোৱা নাছিল। কিন্তু এইবাৰ কি হʼল? তেওঁৰ স্বামীয়ে এইদৰে কৈছে, “এইবাৰ মই বেলেগকৈ এখন নিমন্ত্ৰণ পালোঁ।” তেওঁ কʼলে যে তেওঁৰ ভাল চিনাকী থকা এজন প্ৰাচীনে তেওঁক এই নিমন্ত্ৰণখন দিছে। সেই বছৰৰ স্মৰণীয় দিনত তেওঁ উপস্থিত হʼল আৰু বহু বছৰলৈকে গৈ থাকিল।

১৫. লোকসকলক স্মৰণীয় দিনত নিমন্ত্ৰণ কৰাৰ সময়ত কি কথা মনত ৰখা উচিত?

১৫ আমি আৰু এটা কথা মনত ৰাখিব পাৰোঁ। যেতিয়া আমি কাৰোবাক স্মৰণীয় দিনলৈ মাতোঁ, তেতিয়া তেওঁলোকৰ মনত কিবা প্ৰশ্ন থাকিব পাৰে। বিশেষকৈ, যিসকলে আমাৰ সভাত কেতিয়াও অহা নাই। সেইবাবে, আপুনি আগতীয়াকৈ ভাবিব পাৰে যে তেওঁ কি কি প্ৰশ্ন সুধিব পাৰে আৰু আপুনি কেনেকৈ তাৰ উত্তৰ দিব। (কল. ৪:৬) যেনে, কিছুমান লোকৰ মনত হয়তো এই প্ৰশ্ন আহিব পাৰে, ‘এই কাৰ্য্যক্ৰমত কি হʼব?’ ‘এই কাৰ্য্যক্ৰম কিমান দেৰিলৈকে চলিব?’ ‘ইয়াত কেনেধৰণৰ কাপোৰ পিন্ধি আহিব লাগিব?’ ‘এই সভাত উপস্থিত হʼবলৈ পইচা দিব লাগিব নেকি?’ ‘তাত দান তোলা হʼব নেকি?’ যেতিয়া আপুনি কাৰোবাক স্মৰণীয় দিনত মাতে, তেতিয়া আপুনি তেওঁক সুধিব পাৰে, “ইয়াৰ বিষয়ে আপুনি আৰু কিবা জানিব বিচাৰে নে?” তাৰ পাছত তেওঁ আপোনাক যি প্ৰশ্ন সোধে তাৰ উত্তৰ দিব পাৰে। আপুনি তেওঁলোকক যীচুৰ মৃত্যুক সোঁৱৰণ কৰক আৰু যিহোৱাৰ সাক্ষীসকলৰ ৰাজ্য গৃহত কি হয়? নামৰ ভিডিঅʼখনো দেখুৱাব পাৰে। ইয়াৰ পৰা তেওঁলোকে বুজিব পাৰিব যে আমাৰ সভাবোৰ কেনেকৈ চলোৱা হয়। ইয়াৰ উপৰিও, আপুনি তেওঁলোকক দুখ-কষ্ট নথকা এক অনন্ত জীৱন কিতাপৰ পাঠ ২৮-ত কোৱা কিছুমান কথা জনাব পাৰে।

১৬. যিসকলে স্মৰণীয় দিনত আহিব তেওঁলোকৰ মনত আৰু কি কি প্ৰশ্ন আহিব পাৰে?

১৬ যিসকল নতুন লোক স্মৰণীয় দিনত আহিব, তেওঁলোকৰ মনত হয়তো এনে প্ৰশ্ন আহিব পাৰে যে কোনো মানুহেই কিয় পিঠা আৰু দ্ৰাক্ষাৰস নাখালে বা কেৱল কিছুমান মানুহে কিয় পিঠা আৰু দ্ৰাক্ষাৰস খালে? অথবা তেওঁলোকে এয়াও জানিব বিচাৰে যে স্মৰণীয় দিন কেতিয়া কেতিয়া পালন কৰা হয় আৰু আমাৰ সকলো সভা এইদৰেই চলোৱা হয় নেকি? যদিও স্মৰণীয় দিনৰ ভাষণত ইয়াৰে মাজৰ কিছুমান প্ৰশ্নৰ উত্তৰ দিয়া হয়। তথাপিও নতুনকৈ অহা লোকসকলক হয়তো আৰু ভালদৰে বুজাৰ প্ৰয়োজন হʼব পাৰে। jw.org-ত দিয়া যিহোৱাৰ সাক্ষীসকলে যীচুৰ মৃত্যু দিনটো কিয় বেলেগ ধৰণেৰে পালন কৰে? (হিন্দী) নামৰ লেখত এনেধৰণৰ কিছুমান প্ৰশ্নৰ উত্তৰ দিয়া হৈছে। আপুনি ইয়াৰ যোগেদিও তেওঁলোকক বুজাব পাৰে। ‘ভাল মনৰ’লোকসকলে স্মৰণীয় দিনৰ পৰা লাভৱান হোৱাটো আমি সকলোৱে বিচাৰোঁ। সেইবাবে, স্মৰণীয় দিনৰ আগত, সেই সময়ছোৱাত আৰু তাৰ পাছতো তেওঁলোকক সহায় কৰিবলৈ আমি সম্পূৰ্ণৰূপে চেষ্টা কৰিম।—পাঁচ. ১৩:৪৮, NW.

সভাত আহিবলৈ এৰি দিয়া ভাই-ভনীসকলক সহায় কৰক

১৭. প্ৰাচীনসকলে সেই লোকসকলক কেনেকৈ সহায় কৰিব পাৰে, যিসকলে কিছু সময়ৰ পৰা সভাত আহিবলৈ এৰি দিছে? (যিহিষ্কেল ৩৪:১২, ১৬)

১৭ স্মৰণীয় দিনৰ মাহবোৰত প্ৰাচীনসকলে সেই লোকসকলক কেনেকৈ সহায় কৰিব পাৰে, যিসকলে কিছু সময়ৰ পৰা সভাত আহিবলৈ এৰি দিছে। আপুনি তেওঁলোকৰ বিষয়ে চিন্তা কৰে বুলি তেওঁলোকক অনুভৱ কৰাওক। (যিহিষ্কেল ৩৪:১২, ১৬ পঢ়ক।) স্মৰণীয় দিনৰ আগতে এনেধৰণৰ ভাই-ভনীসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰক। আপুনি তেওঁলোকক প্ৰেম কৰে আৰু যিকোনো উপায়ৰে তেওঁলোকক সহায় কৰিবলৈ সাজু আছে বুলি তেওঁলোকক বিশ্বাস দিয়ক। তেওঁলোকক স্মৰণীয় দিনলৈ মাতক। তেওঁলোকে স্মৰণীয় দিনত আহিলে মৰমেৰে তেওঁলোকক আদৰণি জনাওক। স্মৰণীয় দিনৰ পাছতো এনে ভাই-ভনীসকলৰ লগত কথা পাতিবলৈ আৰু লগ কৰিবলৈ নেৰিব। যিহোৱাৰ ওচৰত উভতি আহিবলৈ তেওঁলোকক যি সহায়ৰ প্ৰয়োজন আছে, সেই সহায় তেওঁলোকক দিয়ক।—১ পিত. ২:২৫.

১৮. আমি সেই ভাই-ভনীসকলক কেনেকৈ সহায় কৰিব পাৰোঁ, যিসকলে কিছু সময়ৰ পৰা সভালৈ আহিবলৈ এৰি দিছে? (ৰোমীয়া ১২:১০)

১৮ কিছু সময়ৰ পৰা সভালৈ আহিবলৈ এৰি দিয়া ভাই-ভনীসকলে স্মৰণীয় দিনত আহিলে মণ্ডলীৰ সকলোৱে তেওঁলোকক সহায় কৰিব পাৰে। কেনেকৈ বাৰু? মৰমেৰে তেওঁলোকক আদৰণি জনাওক, তেওঁলোকৰ লগত ভালদৰে ব্যৱহাৰ কৰক আৰু তেওঁলোকক সন্মান কৰক। (ৰোমীয়া ১২:১০ পঢ়ক।) চিন্তা কৰক, সভাত আহিবলৈ তেওঁলোকে হয়তো কিমান সংকোচ কৰিছিল। তেওঁলোকে হয়তো মনতে ভবিছিল যে তেওঁক দেখি ভাই-ভনীসকলে কি ভাবিব আৰু কি কʼব। e সেইবাবে, তেওঁলোকক এনে একো নকʼব বা প্ৰশ্ন নুসুধিব, যাৰ বাবে তেওঁ সংকোচ কৰিব পাৰে বা তেওঁক দুখ লাগিব পাৰে। (১ থিচ. ৫:১১) মনত ৰাখক, তেওঁলোক আমাৰ ভাই-ভনী হয় আৰু যিহোৱাৰ মূল্যৱান মেৰ। তেওঁলোকৰ লগত মিলি আকৌ যিহোৱাৰ উপাসনা কৰি আমি বহুত আনন্দিত হম।—গীত. ১১৯:১৭৬; পাঁচ. ২০:৩৫.

১৯. যীচুৰ বলিদান মনত পেলালে কি কি লাভ হয়?

১৯ যীচুৱে যি বলিদান দিলে, তাক প্ৰতি বছৰে মনত পেলাবলৈ আমাক কৈছিল। ইয়াৰ বাবে আমি সঁচাকৈ তেওঁৰ প্ৰতি কৃতজ্ঞ। এইদৰে কৰিলে আমাৰ লাভ হয় আৰু আমি আনকো সহায় কৰিব পাৰোঁ। (যিচ. ৪৮:১৭, ১৮) আমি যিহোৱা আৰু যীচুক বেছিকৈ প্ৰেম কৰিবলৈ ধৰোঁ আৰু তেওঁলোকে আমাৰ বাবে যি কৰিলে তাৰ প্ৰতি কৃতজ্ঞতা দেখুৱাৰ সুযোগ পাওঁ। ভাই-ভনীসকলৰ লগতো আমাৰ সম্পৰ্ক আৰু মজবুত হৈ পৰে। আমি হয়তো আনকো এয়া শিকাবলৈ সুযোগ পাম যে তেওঁলোকেও মুক্তিৰ মূল্যৰ বলিদানৰ পৰা বহুতো আশীৰ্বাদ পাব পাৰে। গতিকে, আহক আমি স্মৰণীয় দিনৰ বাবে ভালদৰে তৈয়াৰী কৰোঁ। কিয়নো এয়া বছৰৰ আটাইতকৈ বিশেষ দিন হয়।

আপুনি কেনেকৈ উত্তৰ দিব?

  • আমি স্মৰণীয় দিনৰ বাবে নিজৰ হৃদয় কেনেকৈ তৈয়াৰ কৰিব পাৰোঁ?

  • স্মৰণীয় দিনৰ পৰা লাভৱান হʼবলৈ আমি আনক কেনেকৈ সহায় কৰিব পাৰোঁ?

  • আমি সেই ভাই-ভনীসকলক কেনেকৈ সহায় কৰিব পাৰোঁ, যিসকলে কিছু সময়ৰ পৰা সভাত আহিবলৈ এৰি দিছে?

গীত ১৮ মুক্তিপণৰ বাবে কৃতজ্ঞ

a এই লেখত যিবোৰ ভিডিঅʼ আৰু লেখৰ বিষয়ে কোৱা হৈছে, সেইবোৰ চাবলৈ jw.org-ৰ চাৰ্চ বক্সত সেইবোৰৰ নাম টাইপ কৰক।

b এপ্ৰিল ২০২১ চনৰ প্ৰহৰীদুৰ্গত দিয়া “পাঠকসকলৰ প্ৰশ্ন” নামৰ লেখখন পঢ়ক।

e ভাই-ভনীসকলে কেনেকৈ ব্যৱহাৰ কৰিলে?” নামৰ বক্স আৰু ছবিখন চাওক। এজন ভাই কিছু সময়ৰ পৰা সভাত আহিবলৈ এৰি দিছিল, তেওঁ ৰাজ্যগৃহত যাবলৈ সংকোচ কৰিছে কিন্তু তেওঁ সাহস কৰি ভিতৰলৈ গৈছে। তাত ভাই-ভনীসকলে মৰমেৰে তেওঁক আদৰণি জনালে আৰু সকলোকে লগ কৰি তেওঁক বহুত ভাল লাগিল।

f ছবিৰ বিষয়ে : পৃথিৱীৰ এটা ভাগত যিহোৱাৰ সাক্ষীসকলে স্মৰণীয় দিন পালন কৰি আছে আৰু আন দেশবোৰত ভাই-ভনীসকলে এই বিশেষ দিন পালন কৰিবলৈ তৈয়াৰী কৰি আছে।