Skip to content

Skip to table of contents

যিহোৱাৰ দৰে হওক, ভনীসকলৰ লগত ভালদৰে ব্যৱহাৰ কৰক

যিহোৱাৰ দৰে হওক, ভনীসকলৰ লগত ভালদৰে ব্যৱহাৰ কৰক

বহুতো বিশ্বাসী ভনীসকলৰ লগত কাম কৰিবলৈ পাই আমি ভাইসকল সঁচাকৈ বহুত আনন্দিত। তেওঁলোকে যিহোৱাৰ সেৱাত বহুত পৰিশ্ৰম কৰে। সেইবাবে, আমি তেওঁলোকক প্ৰেম কৰোঁ আৰু তেওঁলোক আমাৰ বাবে বহুত মূল্যৱান। a গতিকে ভাইসকল, ভনীসকলৰ লগত প্ৰেমেৰে ব্যৱহাৰ কৰক, তেওঁলোকক সন্মান কৰক আৰু তেওঁলোকৰ লগত পক্ষপাত নকৰিব। কিন্তু অসিদ্ধ হোৱাৰ বাবে কিছুমান ভাইক এইদৰে কৰিবলৈকঠিন লাগিব পাৰে। আন কিছুমান কাৰণৰ বাবেও কিছুমান ভাইক এইদৰে কৰিবলৈ কঠিন হʼব পাৰে।

আমি হয়তো এনে পৰিৱেশ আৰু সংস্কৃতিত ডাঙৰ-দীঘল হৈছোঁ, য’ত তিৰোতাসকলক পুৰুষসকলৰ তুলনাত কম মৰ্য্যদা দিয়া হয়। উদাহৰণস্বৰূপে, বʼলিবিয়াত থকা এজন চাৰ্কিট ওভাৰচিয়াৰ ভাই হাঞ্জে কয় যে কিছুমান পুৰুষ এনে পৰিৱেশত ডাঙৰ-দীঘল হৈছে, যʼত লোকসকলে ভাবে যে তিৰোতাসকলৰ তুলনাত পুৰুষসকল শ্ৰেষ্ঠ হয়। সেইবাবে, তেওঁলোকে নিজকে বহুত শ্ৰেষ্ঠ বুলি ভাবে আৰু প্ৰায়ে তেওঁলোকে তিৰোতাসকলৰ লগত বেয়া ব্যৱহাৰ কৰে। টাইৱানত থকা এজন প্ৰাচীন ভাই চিংচিয়াঙে এইদৰে কয়, “মই য’ত থাকোঁ তাত বেছিভাগ লোকে এয়া ভাবে যে পুৰুষসকলৰ কথাৰ মাজত তিৰোতাই কেতিয়াও মাত মাতিব নালাগে। যদি কোনো এজন পুৰুষে কিবা বিষয়ত কোনো এগৰাকী তিৰোতাৰ মতামত তেওঁলোকৰ আগত কয়, তেনেহʼলে কেতিয়াবা কেতিয়াবা আন লোকসকলে তেওঁক তল চকুৰে চায়।” আনফালে, কিছুমান পুৰুষে পোনপটীয়াকৈ তিৰোতাসকলৰ লগত পক্ষপাত নকৰিবও পাৰে। কিন্তু তেওঁলোকে আন উপায়েৰে এইদৰে কৰিব পাৰে। যেনে, তেওঁলোকে হয়তো তিৰোতাসকলক ঠাট্টা কৰি কথা কʼব পাৰে।

কিন্তু আনন্দৰ বিষয় যে এজন পুৰুষ যিয়েই পৰিস্থতিত ডাঙৰ-দীঘল নহওক কিয়, তেওঁ সলনি হʼব পাৰে। পুৰুষ আৰু স্ত্ৰী সমান, এই চিন্তাধাৰা তেওঁ আঁকোৱালি লʼব পাৰে। (ইফি. ৪:২২-২৪) এইদৰে কৰিবলৈ তেওঁ যিহোৱাৰ দৰে হʼবলৈ চেষ্টা কৰা উচিত। এই লেখত আমি শিকিম যে যিহোৱাই তিৰোতাসকলৰ লগত কেনেকৈ ব্যৱহাৰ কৰে, এজন ভায়ে কেনেকৈ যিহোৱাৰ দৰে চিন্তাধাৰা ৰাখিব পাৰে আৰু ভনীসকলক সন্মান কৰাৰ ক্ষেত্ৰত প্ৰাচীনসকলে কেনেকৈ ভাল উদাহৰণ ৰাখিব পাৰে।

যিহোৱাই তিৰোতাসকলৰ লগত কিদৰে ব্যৱহাৰ কৰে?

তিৰোতাসকলৰ লগত কিদৰে ব্যৱহাৰ কৰিব লাগে, এই ক্ষেত্ৰত যিহোৱাই সকলোতকৈ ভাল উদাহৰণ ৰাখিছে। যিহোৱাই পৃথিৱীত থকা তেওঁৰ সকলো সন্তানক বহুত প্ৰম কৰে আৰু তেওঁলোকৰ যত্ন লয়। (যোহ. ৩:১৬) যিসকল তিৰোতাই বিশ্বাসী হৈ যিহোৱাৰ সেৱা কৰে, তেওঁলোকে যিহোৱাৰ ছোৱালীৰ দৰে হয়। গতিকে, যিহোৱাই কি কি উপায়েৰে তিৰোতাসকলক সন্মান কৰে, আহক তাৰ ওপৰত মন কৰোঁ।

যিহোৱাই তেওঁলোকৰ লগত পক্ষপাত নকৰে। যিহোৱা পুৰুষ আৰু মহিলাক নিজৰ সাদৃশ্যেৰে সৃষ্টি কৰিলে। (আদি. ১:২৭) তেওঁ পুৰুষসকলক তিৰোতাসকলতকৈ বেছি পছন্দ কৰে বা তিৰোতাতকৈ পুৰুষসকলক বেছিকৈ বুদ্ধিমান আৰু যোগ্য বনাইছে, এনে নহয়। (২ বং. ১৯:৭) বাইবেলৰ সত্যতা ভালদৰে বুজিবলৈ আৰু তেওঁৰ দৰে গুণ দেখুৱাবলৈ যিহোৱাই পুৰুষ আৰু তিৰোতা সকলোকে দক্ষতা দিছে। যিসকলে যিহোৱাৰ ওপৰত বিশ্বাস কৰে, তেওঁ পুৰুষ বা তিৰোতা যিয়ে নহওক কিয় তেওঁ সকলোকে প্ৰেম কৰে। তেওঁ পৃথিৱীত প্ৰমোদবনত অনন্ত জীৱন জীয়াই থকাৰ বা স্বৰ্গত ৰজা আৰু পুৰোহিত হিচাপে সেৱা কৰাৰ আশা পুৰুষ আৰু তিৰোতা সকলোকে দিছে। (২ পিত. ১:১) ইয়াৰ পৰা বুজিব পাৰি যে যিহোৱাই তিৰোতাসকলৰ লগত কোনো ধৰণৰ পক্ষপাত নকৰে।

যিহোৱাই তেওঁলোকৰ কথা শুনে। তিৰোতাসকলে কেনেধৰণৰ চিন্তা আৰু সমস্যাৰ সন্মুখীন হৈ আছে আৰু তেওঁলোকে কেনে অনুভৱ কৰে যিহোৱাই সেই কথাৰ ওপৰতো ধ্যান দিয়ে। উদাহৰণস্বৰূপে, যেতিয়া ৰাহেল আৰু হান্নাই নিজৰ মনৰ সকলো কথা খুলি কʼলে, তেতিয়া যিহোৱাই তেওঁলোকৰ কথা শুনিলে আৰু তেওঁলোকৰ প্ৰাৰ্থনাৰ উত্তৰো দিলে। (আদি. ৩০:২২; ১ চমূ. ১:১০, ১১, ১৯, ২০) বাইবেলত যিহোৱাই এনে বহুতো ঘটনাবোৰৰ বিষয়ে লিখিলে যʼত পুৰুষসকলে তিৰোতাৰ কথা শুনিলে। যেনে, অব্ৰাহামে যিহোৱাৰ পৰামৰ্শ পালন কৰি নিজৰ পত্নী চাৰাৰ কথা শুনিলে। (আদি. ২১:১২-১৪) ৰজা দায়ূদেও অবীগলৰ কথা শুনিছিল। তেওঁ কৈছিল যে যিহোৱাইহে অবীগলক তেওঁৰ ওচৰলৈ পঠাইছিল। (১ চমূ. ২৫:৩২-৩৫) যীচুৱেও তেওঁৰ পিতৃ যিহোৱাৰ দৰে আছিল। তেওঁ নিজৰ মা মৰিয়মৰ কথা শুনিলে। (যোহ. ২:৩-১০) এই উদাহৰণবোৰৰ পৰা স্পষ্টকৈ জানিব পাৰি যে যিহোৱাই তিৰোতাসকলক সন্মান কৰে।

যিহোৱাই তেওঁলোকৰ ওপৰত ভৰসা কৰে। যিহোৱাই হৱাৰ ওপৰত ভৰসা কৰিছিল। সেইবাবে, তেওঁ এই পৃথিৱীখনক চোৱা-চিতা কৰিবলৈ আদমৰ লগতে তেওঁকো দায়িত্ব দিছিল। (আদি. ১:২৮) এইদৰে যিহোৱাই দেখুৱালে যে তেওঁ আদম আৰু হৱাক একে দৃষ্টিৰে চাই আৰু হৱাই নিজৰ সংগীক সম্পূৰ্ণৰূপে সহযোগ কৰিব বুলি তেওঁ ভাবে। যিহোৱাই দবোৰা আৰু হুল্‌দাৰ ওপৰতো ভৰসা আছিল। সেইবাবে, তেওঁলোকক ভাববাদিনী নিযুক্ত কৰিছিল, যাতে তেওঁলোকে লোকসকলক পৰামৰ্শ দিব পাৰে, আনকি এজন বিচাৰকৰ্ত্তা আৰু ৰজাকো। (বিচা. ৪:৪-৯; ২ ৰাজা. ২২:১৪-২০) আজিও যিহোৱাই খ্ৰীষ্টান ভনীসকলৰ ওপৰত ভৰসা কৰে। সেইবাবে, তেওঁলোকক বেলেগ বেলেগ কামৰ দায়িত্ব দিছে। বহুতো বিশ্বাসী ভনীয়ে প্ৰচাৰক, অগ্ৰগামী সেৱক আৰু মিচনেৰী হিচাপে সেৱা কৰে। কিছুমানে ৰাজ্যগৃহ আৰু শাখা কাৰ্য্যালয়ৰ অফিচবোৰ ডিজাইন কৰে, নিৰ্মাণ আৰু মেৰা-মতিৰ কামত সহযোগ কৰে। ইয়াৰ উপৰিও, কিছুমান ভনীয়ে বেথেল আৰু অনুবাদ অফিচতো সেৱা কৰে। এই ভনীসকল এটা মহাবাহিনী হয়, যাৰ যোগেদি যিহোৱাই নিজৰ ইচ্ছা পূৰ কৰে। (গীত. ৬৮:১১) ইয়াৰ পৰা বুজিব পাৰি যে যিহোৱাই তিৰোতাসকলক দুৰ্ব্বল বা অযোগ্য বুলি নাভাবে।

ভাইসকলে কেনেকৈ যিহোৱাৰ দৰে ভনীসকলৰ লগত ব্যৱহাৰ কৰিব পাৰে?

ভাইসকল, যিহোৱাই যিদৰে ভনীসকলৰ লগত ব্যৱহাৰ কৰে, ঠিক সেইদৰে আপোনালোকেও ব্যৱহাৰ কৰে নে? এয়া জনাৰ আটাইতকৈ ভাল উপায় হৈছে আপুনি ভাবিব লাগিব যে তিৰোতাসকলৰ প্ৰতি আপোনাৰ দৃষ্টিভংগী কি আৰু আপুনি কেনেকৈ তেওঁলোকৰ লগত ব্যৱহাৰ কৰে। ইয়াৰ বাবে আপোনাক হয়তো কাৰোবাৰ সহায় লʼব লাগিব। যেনে, এজন ডাক্তৰে মেচিনৰ সহায়ত এজন ব্যক্তিৰ হৃদয়ৰ অৱস্থা বুজি পায়। ঠিক সেইদৰে আপুনিও এজন ভাল বন্ধু আৰু যিহোৱাৰ বাক্যৰ সহায়ত এয়া জানিব পাৰে যে তিৰোতাসকলৰ বিষয়ে আপুনি কি ভাবে আৰু আপোনাৰ দৃষ্টিভংগী যিহোৱাৰ দৰে হয় নে নহয়।

এজন ভাল বন্ধুক সোধক। (হিতো. ১৮:১৭) আমি এনে এজন বন্ধুৰ লগত কথা পতা উচিত যাৰ ওপৰত আমি ভৰসা কৰোঁ, যিজনে আমাক প্ৰেম কৰে আৰু আমাক আমাৰ বিষয়ে সঁচা কথা কʼব। তেওঁক সোধক, “তুমি কি ভবা মই ভনীসকলৰ লগত কিদৰে ব্যৱহাৰ কৰোঁ? মোৰ ব্যৱহাৰে দেখুৱাইনে যে মই ভনীসকলক সন্মান কৰোঁ? এই ক্ষেত্ৰত মোক ক’ত শুধৰণি কৰাৰ প্ৰয়োজন আছে?” যদি আপোনাৰ বন্ধুৱে আপোনাক কয় যে আপোনাক ক’ত শুধৰনি কৰাৰ প্ৰয়োজন আছে, তেনেহʼলে তেওঁক যুক্তি দিয়াৰ পৰিৱৰ্তে লগে লগে তেওঁৰ কথা পালন কৰক আৰু আনন্দ মনেৰে শুধৰনি কৰক।

ঈশ্বৰৰ বাক্য অধ্যয়ন কৰক। ভনীসকলৰ প্ৰতি আমাৰ দৃষ্টিভংগী কেনেকুৱা আৰু আমি তেওঁলোকৰ লগত কেনেদৰে ব্যৱহাৰ কৰোঁ তাক জনাৰ আটাইতকৈ ভাল উপায় হৈছে ঈশ্বৰৰ বাক্য অধ্যয়ন কৰা। (ইব্ৰী ৪:১২) যেতিয়া আমি বাইবেল অধ্যয়ন কৰিম, তেতিয়া আমি এনে পুৰুষসকলৰ বিষয়ে শিকিবলৈ পাম যিসকলে তিৰোতাসকলৰ লগত ভাল ব্যৱহাৰ কৰিছিল আৰু যিসকলে ভাল ব্যৱহাৰ কৰা নাছিল। তাৰ পাছত আমি নিজৰ তুলনা তেওঁলোকৰ লগত কৰিব পাৰোঁ। এইদৰে আমি বুজিব পাৰিম যে আমাৰ ব্যৱহাৰ তিৰোতাসকলৰ প্ৰতি ভাল নে বেয়া। ইয়াৰ উপৰিও আমি বাইবেলৰ একেটা পদকে ধৰি ৰখা উচিত নহয়, কিয়নো এইদৰে কৰিলে আমি কথাবোৰৰ ভুল অৰ্থ উলিয়াব পাৰোঁ। ইয়াৰ পৰিৱৰ্তে আমি আন পদবোৰলৈও ধ্যান দিয়া উচিত। উদাহৰণস্বৰূপে ১ পিতৰ ৩:৭ পদত পত্নীসকলক “দুৰ্ব্বল” পাত্ৰ বুলি কোৱা হৈছে। b ইয়াৰ অৰ্থ এয়ানে যে পুৰুষৰ তুলনাত স্ত্ৰীসকল দুৰ্ব্বল বা কম বুদ্ধিমান? নহয়। কাৰণ যদি আমি গালাতীয়া ৩:২৬-২৯ পদ পঢ়োঁ, তেনেহʼলে তাত কোৱা হৈছে যে যিহোৱাই পুৰুষসকলৰ লগতে তিৰোতাসকলকো যীচুৰ লগত স্বৰ্গত শাসন কৰিবলৈ বাছনি কৰিছে। এইদৰে যেতিয়া আমি ঈশ্বৰৰ বাক্য অধ্যয়ন কৰিম আৰু কোনো এজন ভাল বন্ধুক সুধিম যে তিৰোতাসকলৰ লগত আমাৰ ব্যৱহাৰ কেনেকুৱা, তেতিয়া আমি ভনীসকলক সন্মান কৰিব পাৰিম।

ভনীসকলক সন্মান কৰাৰ ক্ষেত্ৰত প্ৰাচীনসকল কিয় এটা ভাল উদাহৰণ হয়?

ভনীসকলক সন্মান দেখুৱাৰ ক্ষেত্ৰত ভাইসকলে প্ৰাচীনসকলৰ পৰা বহুতো কথা শিকিব পাৰে। এই ক্ষেত্ৰত প্ৰাচীনসকলে আমাৰ কাৰণে ভাল উদাহৰণ ৰাখিছে। তেওঁলোকে কি কি উপায়েৰে এইদৰে কৰে, আহক কিছুমান কথাৰ ওপৰত ধ্যান দিওঁ।

তেওঁলোকে ভনীসকলৰ প্ৰশংসা কৰে। এই ক্ষেত্ৰত পাঁচনি পৌলে প্ৰাচীনসকলৰ বাবে এটা ভাল উদাহৰণ ৰাখিলে। যেতিয়া তেওঁ ৰোম মণ্ডলীলৈ চিঠি লিখিলে, তেতিয়া তেওঁ বহুতো ভনীৰ নাম উল্লেখ কৰি তেওঁলোকৰ প্ৰশংসা কৰিলে। (ৰোম. ১৬:১২) চিন্তা কৰক, যেতিয়া পৌলে লিখা এই চিঠি সেই মণ্ডলীত পঢ়া হৈছিল, তেতিয়া ভনীসকল কিমান আনন্দিত হৈছিল। ঠিক সেইদৰে যেতিয়া প্ৰাচীনসকলে ভনীসকলৰ ভাল গুণবোৰলৈ ধ্যান দিয়ে আৰু চাই যে তেওঁলোকে যিহোৱাৰ সেৱাত কিমান পৰিশ্ৰম কৰি আছে তেতিয়া প্ৰাচীনসকলে হৃদয় খুলি তেওঁলোকৰ প্ৰশংসা কৰে। ইয়াৰ যোগেদি ভনীসকলে অনুভৱ কৰে যে ভাইসকলে তেওঁলোকক সন্মান কৰে আৰু তেওঁলোকক মূল্যৱান বুলি ভাবে। বহু বাৰ যেতিয়া প্ৰাচীনে উৎসাহজনক কিবা কথা কয়, তেতিয়া হয়তো এজনী ভনীয়ে উৎসাহ লাভ কৰিব পাৰে। সেই সময়ত হয়তো তেওঁক সেই উৎসাহৰে প্ৰয়োজন আছিল যাতে তেওঁ বিশ্বাসী হৈ যিহোৱাৰ সেৱা কৰি থাকিব পাৰে।—হিতো. ১৫:২৩.

প্ৰশংসা কৰক

প্ৰাচীনে ভনীসকলক হৃদয় খুলি আৰু স্পষ্টকৈ কয় যে তেওঁলোকৰ কোনটো কথা তেওঁলোকক ভাল লাগে। এইদৰে কৰিলে কি লাভ হয়। ভনী জেচিকাই এইদৰে কয়, “যেতিয়া কোনো এজন ভায়ে এজনী ভনীক কয় যে ‘আপুনি কামটো ভালকৈ কৰিলে’ তেতিয়া এয়া শুনি ভাল লাগে। কিন্তু যেতিয়া ভায়ে স্পষ্টকৈ কয় যে তেওঁলোকৰ কি ভাল লাগিল, তেতিয়া এয়া শুনি আমাক বহুত ভাল লাগে। যেনে, হয়তো তেওঁলোকে আমাক এইদৰে কয় আপোনালোকে নিজৰ লৰা-ছোৱালীক সভাত শান্তভাৱে বহিবলৈ শিকাইছে বা সময় উলিয়াই নিজৰ বাইবেল বিদ্যাৰ্থীক সভালৈ লৈ আহে, এনেধৰণৰ কথা শুনি আমাক বহুত ভাল লাগে।” সেইবাবে, যেতিয়া প্ৰাচীনে স্পষ্টকৈ ভনীসকলক কয় যে তেওঁলোকৰ কোনটো কথা তেওঁলোকক ভাল লাগে, তেতিয়া ভনীসকলৰ অনুভৱ হয় যে মণ্ডলীত তেওঁলোকৰ প্ৰয়োজন আছে আৰু সকলোৱে তেওঁলোকক সন্মান কৰে।

তেওঁলোকে ভনীসকলৰ কথা শুনে। প্ৰাচীনসকল নম্ৰ হৈ থাকে আৰু তেওঁলোকে এয়া নাভাবে যে অকল তেওঁলোকৰ ওচৰত ভাল পৰামৰ্শ আছে। তেওঁলোকে ভনীসকলৰ পৰাও পৰামৰ্শ লয় আৰু তেওঁলোকৰ কথা ধ্যান দি শুনে। এইদৰে কৰি ভনীসকলৰ উৎসাহ বঢ়াই আৰু তেওঁলোকৰো লাভ হয়। কেনেকৈ বাৰু। বেথেলত সেৱা কৰা প্ৰাচীন ভাই হেৰাৰডʼয়ে এইদৰে কৈছে, “মই প্ৰায়ে ভনীসকলৰ পৰা পৰামৰ্শ লওঁ। ইয়াৰ বাবে মই নিজৰ কাম আৰু ভালদৰে কৰিব পাৰোঁ। এনে বহুতো কাম আছে, যিবোৰ কৰাৰ দক্ষতা ভাইসকলৰ তুলনাত ভনীসকলৰ বেছি আছে।” মণ্ডলীত এনে বহুতো ভনীসকল আছে, যিসকলে অগ্ৰগামী সেৱা কৰে। সেইবাবে, তেওঁলোকে নিজৰ এলেকাত থকা লোকসকলৰ বিষয়ে ভালদৰে জানে। এজন প্ৰাচীন ভাই ব্ৰাইনে এইদৰে কৈছে, “আমাৰ ভনীসকলৰ বহুতো ভাল গুণ আৰু দক্ষতা আছে, যাৰ বাবে সংগঠনৰ বহুতো লাভ হয়। গতিকে ভনীসকলৰ অভিজ্ঞতাৰ পৰা শিকক।”

শুনক

অনুভৱী প্ৰাচীনসকলে ভনীসকলৰ পৰামৰ্শক আওকাণ নকৰে। কিয় বাৰু? এই বিষয়ে এজন প্ৰাচীন ভাই এডবাৰ্ডে এইদৰে কয়, “বহু বাৰ হয়তো কিছুমান ভনীৰ পৰামৰ্শ বা অনুভৱে এজন ভাইক কোনো এটা বিষয়ক আৰু ভালদৰে বুজিবলৈ আৰু আনক সহানুভুতি দেখুৱাবলৈ শিকিব পাৰে। (হিতো. ১:৬) যদি এজন প্ৰাচীনে ভাবে যে ভনীয়ে আগবঢ়োৱা পৰামৰ্শ সঠিক নহয়, তথাপিও এই বিষয়ে ভনীয়ে ভাবিলে আৰু নিজৰ মতামত আগবঢ়ালে তাৰ বাবে প্ৰাচীনে তাইক ধন্যবাদ দিব পাৰে।

তেওঁলোকে ভনীসকলক ট্ৰেইনিং দিয়ে। প্ৰাচীসকলে ভৱিষ্যতৰ কথা ভাবে, সেইবাবে তেওঁলোকে ভনীসকলক বেলেগ বেলেগ কাম শিকাই। যেনে, ভনীসকলক প্ৰচাৰ সভা চলাবলৈ শিকাব পাৰে যাতে যেতিয়া কোনো বাপ্তিষ্মা লোৱা কোনো ভাই উপস্থিত নাথাকে, তেতিয়া তেওঁলোকে সভা চলাব পাৰে। ইয়াৰ উপৰিও সংগঠনৰ বিল্ডিঙবোৰৰ নিৰ্মাণ আৰু ইয়াৰ চোৱা-চিতা কৰিবলৈ সহযোগ কৰাৰ বাবে তেওঁলোকে ভনীসকলক কিছুমান সঁজুলি বা মেচিন চলাবলৈ শিকায়। বেথেলতো ভনীসকলক বেলেগ বেলেগ বিভাগত কাম কৰাৰ ট্ৰেইনিং দিয়া হয়। যেনে, চোৱা-চিতা বিভাগ, কিনা-বেচা বিভাগ, কম্পিউটাৰ প্ৰগ্ৰামিং, একাউন্টচ্‌ আৰু আন বিভাগবোৰ। যেতিয়া প্ৰাচীনে ভনীসকলক ট্ৰেইনিং দিয়ে, তেতিয়া তেওঁলোকেদেখুৱাই যে ভনীসকলে এই কাম ভালদৰে কৰিব বুলি তেওঁলোকৰ ওপৰত ভৰসা আছে।

ট্ৰেইনিং দিয়ক

প্ৰাচীনে যিসকল ভনীক ট্ৰেইনিং দিছিল, তেওঁলোকেও আনক সহায় কৰিব পাৰিলে। যেনে, যিসকল ভনীক নিৰ্মাণ কামৰ ট্ৰেইনিং দিয়া হৈছিল, তেওঁলোকে প্ৰাকৃতিক দুৰ্যোগ অহাৰ পাছত আন ভাই-ভনীসকলৰ ঘৰ আকৌ বনোৱাত সহায় কৰিব পাৰিলে। যিসকল ভনীক ৰাজহুৱাভাৱে প্ৰচাৰ কৰিবলৈ শিকোৱা হৈছিল, তেওঁলোকে আন ভনীসকলক এই দক্ষতা বঢ়োৱাত সহায় কৰিব পাৰিলে। যিসকল ভনীক প্ৰাচীনে সময় উলিয়াই ট্ৰেইনিং দিয়ে, তেওঁলোকৰ কেনে অনুভৱ হʼল। ভনী জেনিফাৰে এইদৰে কৈছে, “যেতিয়া মই এখন ৰাজ্যগৃহ নিৰ্মাণ কামত সহযোগ কৰি আছিলোঁ, তেতিয়া আমাৰ ওভাৰচিয়াৰে সময় উলিয়াই মোক ট্ৰেইনিং দিলে। যেতিয়া মই কোনো এটা কাম কৰিছিলোঁ, তেতিয়া তেওঁলোকে সেই কামক ধ্যান দি চাইছিল আৰু মোৰ প্ৰশংসা কৰিছিল। তেওঁলোকে মোৰ ওপৰত ভৰসা কৰিছিল। সেইবাবে মোৰ অনুভৱ হʼল যে মই যিহোৱাৰ কাম আৰু ভালদৰে কৰিব পাৰিম। তেওঁলোকৰ লগত কাম কৰি মোক বহুত ভাল লাগিছিল।”

ভনীসকলক পৰিয়ালৰ লোকৰ দৰে ব্যৱহাৰ কৰক

যিহোৱাই আমাৰ বিশ্বাসী ভনীসকলক প্ৰেম কৰে আৰু আমিও তেওঁলোকক বহুত প্ৰেম কৰোঁ। তেওঁলোকেও আমাৰ পৰিয়ালৰ এটা ভাগ হয়। (১ তীম. ৫:১, ২) আমি নিজৰ ভনীসকলৰ ওপৰত গৌৰৱ অনুভৱ কৰোঁ। তেওঁলোকৰ লগত কাম কৰি আমি বহুত আনন্দ পাওঁ। আমি এয়া জানি বহুত আনন্দিত যে আমাৰ ভনীসকল এয়া অনুভৱ কৰিব পাৰে যে আমি তেওঁলোকক প্ৰেম কৰোঁ আৰু তেওঁলোকৰ লগত আছোঁ। ভনী বনেছাই এইদৰে কয়, “মই বহুত আনন্দিত অনুভৱ কৰোঁ যে যিহোৱাই মোক তেওঁৰ সংগঠনৰ এটা ভাগ হʼবলৈ সুযোগ দিছে। যিহোৱাৰ সংগঠনত এনে বহুতো ভাই আছে, যিসকলে মোৰ উৎসাহ বঢ়ায়। টাইৱানত থকা এজনী ভনীয়ে এইদৰে কয়, “মই এই কথাৰ কাৰণে বহুত কৃতজ্ঞ যে যিহোৱা আৰু তেওঁৰ সংগঠনে তিৰোতাসকলক সন্মান কৰে আৰু তেওঁলোকৰ ভৱনাক বুজি পায়। ইয়াৰ বাবে মোৰ যিহোৱাৰ ওপৰত ভৰসা বাঢ়ে আৰু মই এই কথাক লৈ আনন্দিত হওঁ যে মই যিহোৱাৰ সংগঠনৰ এটা ভাগ হওঁ।”

যেতিয়া যিহোৱাই চাই যে ভাইসকলে তেওঁৰ দৰে ভনীসকলৰ লগত ব্যৱহাৰ কৰিছে, তেতিয়া তেওঁ বহুত আনন্দিত হয়। (হিতো. ২৭:১১) স্কটলেণ্ডৰ এজন প্ৰাচীন ভাই বেঞ্জামিনে এইদৰে কʼলে, “আজি পৃথিৱীত প্ৰায়ে পুৰুষসকলে তিৰোতাসকলক একেবাৰে সন্মান নকৰে। সেইবাবে, যেতিয়া ভনীসকলে ৰাজ্যগৃহলৈ আহে, তেতিয়া আমি তেওঁলোকক প্ৰেম আৰু সন্মান কৰোঁ বুলি তেওঁলোকে অনুভৱ কৰোটো আমি বিচাৰোঁ।” গতিকে আহক আমি সকলোৱে যিহোৱাৰ দৰে হʼবলৈ চেষ্টা কৰিম আৰু আমাৰ মৰমৰ ভনীসকলক প্ৰেম আৰু সন্মান কৰোঁ বুলি দেখুৱাম যি তেওঁলোক পোৱাৰ যোগ্য।—ৰোম. ১২:১০.

a এই লেখত “ভনী” শব্দটো খ্ৰীষ্টান ভনীসকলৰ বাবে ব্যৱহাৰ কৰা হৈছে, নিজৰ ভনীসকলৰ বাবে নহয়।

b ‘দুৰ্ব্বল পাত্ৰ’ এই শব্দৰ অৰ্থ ভালদৰে বুজিবলৈ ১৫ মে’ ২০০৬ চনৰ প্ৰহৰীদুৰ্গত (হিন্দী) দিয়া “‘দুৰ্ব্বলপাত্ৰৰ’ মূল্য” আৰু ১ মাৰ্চ ২০০৫ চনৰ প্ৰহৰীদুৰ্গত (হিন্দী) দিয়া “বিবাহিত দম্পতীৰ বাবে দিয়া ভাল পৰামৰ্শ” নামৰ লেখখন পঢ়ক।