Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৫

গীত ২৭ ঈশ্বৰৰ সন্তানসকলৰ উপস্থিতি

“মই তোমাক কেতিয়াও নেৰিম”!

“মই তোমাক কেতিয়াও নেৰিম”!

‘ঈশ্বৰে কৈছে, মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম।’ইব্ৰী ১৩:৫.

কি শিকিম?

বাকী থকা অভিষিক্ত খ্ৰীষ্টানসকলে যেতিয়া স্বৰ্গলৈ গুচি যাব, তেতিয়া পৃথিৱীত জীয়াই থকাৰ আশা থকা ঈশ্বৰৰ সকলো সেৱকক যিহোৱাই অকলশৰীয়াকৈ নেৰিব বুলি তেওঁলোকে কিয় বিশ্বাস ৰাখিব পাৰে?

১. সকলো অভিষিক্ত খ্ৰীষ্টান কেতিয়া স্বৰ্গলৈ গুচি যাব?

 বহু বছৰৰ আগতে যিহোৱাৰ লোকসকলৰ মনত প্ৰায়ে এই প্ৰশ্ন আহিছিল ‘বাকী থকা অভিষিক্ত খ্ৰীষ্টানসকলৰ মাজৰ শেষৰ জন কেতিয়া স্বৰ্গলৈ যাব?’ এসময়ত আমি বিশ্বাস কৰিছিলোঁ যে কিছুমান অভিষিক্ত খ্ৰীষ্টান হয়তো হৰমাগিদোনৰ পাছতো এই পৃথিৱীৰ প্ৰমোদবনত কিছু সময়লৈকে থাকিব। কিন্তু পাছত জুলাই ১৫, ২০১৩ চনৰ প্ৰহৰীদুৰ্গত (হিন্দী) বুজোৱা হৈছিল যে হৰমাগিদোন আৰম্ভ হোৱাৰ আগতেই বাকী থকা সকলো অভিষিক্ত খ্ৰীষ্টান স্বৰ্গলৈ গুচি যাব।—মথি ২৪:৩১.

২. (ক) কিছুমান লোকৰ মনত হয়তো কি প্ৰশ্ন আহিব পাৰে? (খ) এই লেখত আমি কি শিকিম?

কিন্তু কিছুমান লোকৰ মনত হয়তো এই প্ৰশ্ন আহিব পাৰে: ‘মহা-সংকটৰ’ সময়ত বিশ্বাসী হৈ যিহোৱাৰ সেৱা কৰি থকা মচীহৰ ‘অন্য মেৰৰ’ কি হ’ব? (যোহ. ১০:১৬; মথি ২৪:২১) আমি অভিষিক্ত খ্ৰীষ্টানসকলক বহুত প্ৰেম কৰোঁ। গতিকে যেতিয়া সকলো অভিষিক্ত খ্ৰীষ্টান স্বৰ্গলৈ গুচি যাব, তেতিয়া কিছুমান লোকে হয়তো এই বিষয়ে ভাবি চিন্তিত হʼব যে সেই সময়ত তেওঁলোকে অকলশৰীয়া হৈ পৰিব আৰু তেওঁলোকক পথ দেখুৱাবলৈ কোনো নাথাকিব। গতিকে আহক বাইবেলৰ এনে দুটা ঘটনাৰ ওপৰত ধ্যান দিওঁ, যাৰ বাবে ভাই-ভনীসকলে হয়তো এইদৰে ভাবে। তাৰ পাছত আমি ইয়াৰ বিষয়ে কিয় ইমান চিন্তা কৰা উচিত নহয় তাৰ কিছুমান কাৰণৰ ওপৰত ধ্যান দিম।

অন্য-মেৰৰ লগত কি নহʼব?

৩-৪. কিছুমান ভাই-ভনীয়ে হয়তো কি ভাবিব পাৰে আৰু কিয়?

কিছুমান ভাই-ভনীয়ে হয়তো ভাবিব কৰিব পাৰে যে যেতিয়া প্ৰশাসন গোষ্ঠীৰ ভাইসকল পৃথিৱীত নাথাকিব, তেতিয়া অন্য মেৰৰ লোকসকলে সত্যৰ পৰা আঁতৰি যাব পাৰে। বাইবেলৰ কিছুমান ঘটনা পঢ়ি হয়তো তেওঁলোকক এইদৰে লাগিব পাৰে। আহক এনে দুটা ঘটনাৰ ওপৰত ধ্যান দিওঁ। প্ৰথম ঘটনা সেই সময়ৰ হয় যেতিয়া যিহোয়াদা মহাপুৰোহিত আছিল। তেওঁ যিহোৱাৰ এজন বিশ্বাসী সেৱক আছিল। যোৱাচ কেঁচুৱা হৈ থকাৰ সময়ত যিহোয়াদা আৰু তেওঁৰ পত্নী যিহোচাবতে তেওঁৰ জীৱন ৰক্ষা কৰিছিল। তেওঁলোকে যোৱাচক সঠিক পথত চলিবলৈ শিকালে। সেইবাবে, আগলৈ গৈ তেওঁ এজন ভাল ৰজা হʼব পাৰিলে। যেতিয়ালৈকে যিহোয়াদা মহাপুৰোহিত জীয়াই আছিল, তেতিয়ালৈকে যোৱাচ যিহোৱাৰ বিশ্বাসী হৈ থাকিল আৰু সঠিক কাম কৰি থাকিল। কিন্তু যিহোয়াদাৰ মৃত্যুৰ পাছত তেওঁ যিহূদাৰ দুষ্ট অধিকাৰীসকলৰ কথা শুনিলে আৰু যিহোৱাৰ উপাসনা কৰিবলৈ এৰি দিলে।—২ বং. ২৪:২, ১৫-১৯.

আন ঘটনাটো দ্বিতীয় শতিকাৰ (১০০ খ্ৰীষ্টাব্দৰ পাছৰ) খ্ৰীষ্টানসকলৰ বিষয়ে হয়। যেতিয়ালৈকে যীচুৰ পাঁচনিসকল জীয়াই আছিল, তেতিয়ালৈকে তেওঁলোকে বিশ্বাসী হৈ যিহোৱাৰ সেৱা কৰিবলৈ খ্ৰীষ্টানসকলক সহায় কৰিছিল। যোহনেও এইদৰেই কৰিছিল, যি পাঁচনিসকলৰ মাজত সকলোতকৈ শেষলৈকে জীয়াই আছিল। (৩ যোহ. ৪) সেই সময়ত লোকসকলে মণ্ডলীত মিছা কথাবোৰ শিকাই আছিল। তেওঁলোকৰ পৰা খ্ৰীষ্টানসকলক বচাই ৰাখিবলৈ আন পাঁচনিসকলৰ দৰে যোহনেও কঠিন পৰিশ্ৰম কৰিছিল, যোহনে যেন তেওঁলোকক ধৰি ৰাখিছিল। (১ যোহ. ২:১৮; ২ থিচ. ২:৭) কিন্তু যোহনৰ মৃত্যুৰ পাছত মিছা শিক্ষাবোৰ মণ্ডলীত জুইৰ দৰে বিয়পি গʼল আৰু কিছু বছৰৰ ভিতৰতে খ্ৰীষ্টান মণ্ডলী অশুচি হৈ পৰিল।

৫. বাইবেলৰ এই দুটা ঘটনা পঢ়ি আমি কি ভবা উচিত নহয়?

এই দুটা ঘটনাৰ অৰ্থ এয়া নে যে যেতিয়া সকলো অভিষিক্ত খ্ৰীষ্টান স্বৰ্গলৈ গুচি যাব, তেতিয়া যীচুৰ অন্য মেৰৰ লোকসকলৰ লগতো এইদৰে হʼব? সেই সময়ত বিশ্বাসী খ্ৰীষ্টানসকলে যোৱাচৰ দৰে সঠিক পথৰ পৰা আঁতৰি যাব নে বা দ্বিতীয় শতিকাৰ খ্ৰীষ্টানসকলৰ দৰে সত্য ধৰ্মৰ লগত বিদ্ৰোহ কৰিব নে? এইদৰে নহʼব! আমি সম্পূৰ্ণ বিশ্বাস ৰাখিব পাৰোঁ যে অভিষিক্ত খ্ৰীষ্টানসকলে স্বৰ্গলৈ যোৱাৰ পাছত যীচুৰ অন্য মেৰৰ লোকসকলে বিশ্বাসী হৈ যিহোৱাৰ সেৱা কৰি থাকিব আৰু যিহোৱাই তেওঁলোকৰ যত্ন লʼব। কিন্তু আমি এই কথাৰ ওপৰত কিয় বিশ্বাস কৰিব পাৰোঁ?

শুদ্ধ উপাসনা কেতিয়াও অশুচি নহʼব

৬. আমি কি তিনিটা সময়ৰ বিষয়ে আলোচনা কৰিম?

আমি কিয় বিশ্বাস কৰিব পাৰোঁ যে আগলৈ গৈ যেতিয়া সমস্যা আহিব, তেতিয়াও শুদ্ধ উপাসনা অশুচি নহʼব? কাৰণ বাইবেলৰ পৰা আমি জানিব পাৰিলোঁ যে আমি এটা বিশেষ সময়ত জীয়াই আছোঁ। এই সময় ইস্ৰায়েলীসকলৰ সময় আৰু দ্বিতীয় শতিকাৰ খ্ৰীষ্টানসকলৰ সময়ৰ পৰা একেবাৰে বেলেগ হয়। গতিকে আহক আমি এই তিনিটা সময়ৰ বিষয়ে আলোচনা কৰোঁ: (১) ইস্ৰায়েলীসকলৰ সময়, (২) পাঁচনিসকলৰ মৃত্যুৰ পাছৰ সময় আৰু (৩) আমাৰ সময় অৰ্থাৎ সেই সময় যেতিয়া ‘সকলো বিষয় পুনঃস্থাপন’ কৰা হʼব।—পাঁচ. ৩:২১.

৭. যেতিয়া ইস্ৰায়েলী ৰজা আৰু আন লোকসকলে বেয়া বেয়া কাম কৰিবলৈ ধৰিলে, তেতিয়া বিশ্বাসী ইস্ৰায়েলীসকলে কিয় হাৰ নামানিলে?

ইস্ৰায়েলীসকলৰ সময়। মোচিয়ে নিজৰ মৃত্যুৰ কিছু সময়ৰ আগতে ইস্ৰায়েলীসকলক এইদৰে কৈছিল, “মই জানো, মোৰ মৃত্যুৰ পাছত তোমালোকে সকলো ভাৱে ভ্ৰষ্ট হৈ, মই তোমালোকক আজ্ঞা কৰা পথ ত্যাগ কৰিবা।” (দ্বিতী. ৩১:২৯) মোচিয়ে ইস্ৰায়েলীসকলক সাৱধান কৰিছিল যে যদি তেওঁলোকে যিহোৱাৰ কথা মানি নচলে, তেনেহʼলে তেওঁলোকক বন্দী বনোৱা হʼব। (দ্বিতী. ২৮:৩৫, ৩৬) ঠিক সেইদৰেই হʼল। পাছত ইস্ৰায়েলত এনে বহুতো ৰজা হʼল, যিসকলে বেয়া বেয়া কাম কৰিলে আৰু নিজৰ লোকসকলক যিহোৱাৰ পৰা আঁতৰাই নিলে। ইয়াৰ বাবে যিহোৱাই সেই দুষ্ট লোকসকলক এৰি দিলে আৰু ইস্ৰায়েলত ৰজাসকলৰ শাসন শেষ কৰিলে। (যিহি. ২১:২৫-২৭) কিন্তু যেতিয়া বিশ্বাসী ইস্ৰায়েলীসকলে চালে যে যিহোৱাৰ প্ৰতিটো কথা কেনেকৈ পূৰ হৈ আছে, তেতিয়া ইয়াৰ পৰা তেওঁলোকে সাহস লাভ কৰিলে আৰু সত্যৰ পথত চলি থাকিলে।— যিচ. ৫৫:১০, ১১.

৮. দ্বিতীয় শতিকাৰ খ্ৰীষ্টান মণ্ডলীবোৰ অশুচি হৈছিল বুলি আমি আচৰিত হোৱা উচিত নে? বুজাওক।

পাঁচনিসকলৰ মৃত্যুৰ পাছৰ সময়। দ্বিতীয় শতিকাৰ খ্ৰীষ্টান মণ্ডলীবোৰ সম্পূৰ্ণৰূপে অশুচি হৈ পৰিছিল। এয়া জানি আমি আচৰিত হোৱা উচিত নে? নহয়। যীচুৱে আগতেই কৈছিল যে বহুতো লোকে সত্য ধৰ্মৰ লগত বিদ্ৰোহ কৰিব। (মথি ৭:২১-২৩; ১৩:২৪-৩০, ৩৬-৪৩) প্ৰথম শতিকাতে যীচুৰ এই ভৱিষ্যবাণী পূৰ হৈছিল। পাঁচনি পৌল, পিতৰ আৰু যোহনেও ইয়াৰ বিষয়ে লিখিছিল। (২ থিচ. ২:৩, ৭; ২ পিত. ২:১-৩, ১৭-১৯; ১ যোহ. ২:১৮) দ্বিতীয় শতিকাৰ খ্ৰীষ্টান মণ্ডলীবোৰ সম্পূৰ্ণৰূপে অশুচি হৈ পৰিছিল। এইদৰে মিছা ধৰ্মৰ আৰম্ভণি হৈছিল, যি মহা বাবিলৰ (মিছা ধৰ্মৰ সাম্ৰাজ্য) এটা ডাঙৰ ভাগ হৈ পৰিল। যীচুৱে যিদৰে কৈছিল, ঠিক সেইদৰেই হʼল।

৯. আমি যি সময়ত জীয়াই আছোঁ, সেয়া ইস্ৰায়েলীসকলৰ আৰু দ্বিতীয় শতিকাৰ খ্ৰীষ্টানসকলৰ সময়ৰ পৰা কেনেকৈ বেলেগ?

সেই সময় যেতিয়া ‘সকলো বিষয় পুনঃস্থাপন’ কৰা হʼব। আজি আমি যি সময়ত জীয়াই আছোঁ, সেয়া ইস্ৰায়েলীসকলৰ সময় আৰু দ্বিতীয় শতিকাৰ খ্ৰীষ্টানসকলৰ সময়ৰ দৰে নহয়, যেতিয়া বহুতো লোকে সত্য ধৰ্মৰ লগত বিদ্ৰোহ কৰিছিল। তেনেহʼলে আমি কোনটো সময়ত জীয়াই আছোঁ? আমি ইয়াক এই দুষ্ট জগতৰ ‘শেষ-কাল’ বুলি কওঁ। (২ তীম. ৩:১) কিন্তু বাইবেলৰ পৰা জানিব পাৰি যে ১৯১৪ চনত এটা বিশেষ সময় আৰম্ভ হʼল আৰু এই সময় বহুত দীঘলীয়া। এই সময় মচীহৰ হাজাৰ বছৰ শাসনৰ শেষলৈকে অৰ্থাৎ যেতিয়ালৈকে সকলো মানুহ সিদ্ধ হৈ নপৰে আৰু পৃথিৱীখন প্ৰমোদবনত পৰিৱৰ্তন নহয় তেতিয়ালৈকে চলিব। এই সময়ছোৱাত ‘সকলো বিষয় পুনঃস্থাপন’ কৰা হʼব। (পাঁচ. ৩:২১) গতিকে এতিয়ালৈকে কি কি আগৰ দৰে হʼল? ১৯১৪ চনত যীচুক স্বৰ্গত ৰজা পতা হʼল। এইদৰে আকৌ যিহোৱাৰ ফালৰ পৰা এজন ৰজাই শাসন কৰিবলৈ ধৰিলে, যি বিশ্বাসী ৰজা দায়ূদৰ বংশৰ হয়। ইয়াৰ কিছু সময়ৰ পাছত যিহোৱাই আৰু কিছুমান বিষয় আগৰ দৰে কৰিলে। যিহোৱাৰ সহায়ত তেওঁৰ লোকসকল আকৌ শুদ্ধ উপাসনা কৰিবলৈ ধৰিলে। (যিচ. ২:২-৪; যিহি. ১১:১৭-২০) কিন্তু শুদ্ধ উপাসনা আকৌ অশুচি হʼব নে?

১০. (ক) আমাৰ সময়ত কৰা শুদ্ধ উপাসনাৰ বিষয়ে কি ভৱিষ্যবাণী কৰা হৈছিল? (যিচয়া ৫৪:১৭) (খ) এই ভৱিষ্যবাণীবোৰৰ পৰা আমি কিয় সাহস পাওঁ?

১০ যিচয়া ৫৪:১৭ পঢ়ক। এই ভৱিষ্যবাণীৰ বিষয়ে চিন্তা কৰক: “তোমাৰ বিৰুদ্ধে গঢ়া কোনো অস্ত্ৰ সাৰ্থক নহʼব।” যিহোৱাই কোৱা এই কথা আজি পূৰ হৈ আছে। আৰু এটা ভৱিষ্যবাণী আমাৰ সময়ত পূৰ হৈ আছে: “তোমাৰ সন্তানবিলাক যিহোৱাৰ দ্বাৰাই শিক্ষিত হব, আৰু তোমাৰ সন্তানবিলাকৰ পৰমশান্তি হব। ধাৰ্ম্মিকতাত তুমি স্থাপিত হবা . . . তোমাৰ ভয় নহব; আৰু ত্ৰাসৰ পৰা আঁতৰে থাকিবা, কাৰণ সেয়ে তোমাৰ ওচৰলৈ নাহিব।” (যিচ. ৫৪:১৩, ১৪) আজি যিহোৱাৰ লোকসকল গোটেই পৃথিৱীত শিকোৱাৰ যি কাম কৰি আছে, সেয়া ‘এই যুগৰ ঈশ্বৰ’ চয়তানে ৰখাব নোৱাৰে। (২ কৰি. ৪:৪) পুনৰাই শুদ্ধ উপাসনা কৰা হৈছে আৰু এয়া আকৌ কেতিয়াও অশুচি নহʼব। যিহোৱাৰ লোকসকলে সদায় শুদ্ধ উপাসনা কৰি থাকিব আৰু আমাৰ বিৰুদ্ধে উঠা কোনো অস্ত্ৰ সফল নহʼব।

অভিষিক্ত খ্ৰীষ্টানসকলে স্বৰ্গলৈ গুচি যোৱাৰ পাছত কি হʼব?

১১. অভিষিক্ত খ্ৰীষ্টানসকলে স্বৰ্গলৈ যোৱাৰ পাছত অন্য মেৰৰ লোকলকলক অকলশৰীয়াকৈ এৰি দিয়া নহʼব বুলি কি কথাৰ পৰা আমাৰ বিশ্বাস বাঢ়ে?

১১ যেতিয়া অভিষিক্ত খ্ৰীষ্টানসকল স্বৰ্গলৈ গুচি যাব, তেতিয়া কি হʼব? মনত ৰাখক যীচু আমাৰ ৰখীয়া আৰু তেওঁৱেই খ্ৰীষ্টান মণ্ডলীৰ মুৰব্বী হয়। তেওঁ কৈছে, “তোমালোকৰ এজনেই নেতা আছে, তেওঁ হৈছে খ্ৰীষ্ট।” (মথি ২৩:১০) খ্ৰীষ্ট যীচু স্বৰ্গত শাসন কৰি আছে আৰু তেওঁ সদাই নিজৰ লোকসকলৰ যত্ন লʼব। গতিকে মচীহে আমাক পথ দেখুৱাব, তেনেহʼলে চিন্তা কিহৰ। আমি নাজানোঁ যে সেই সময়ত মচীহে আমাক কেনেকৈ পথ দেখুৱাব। কিন্তু আমি বিশ্বাস ৰাখিব পাৰোঁ যে তেওঁ নিজৰ দায়িত্ব ভালদৰে পূৰ কৰিব। গতিকে আহক বাইবেলৰ পৰা এনে কিছুমান উদাহৰণৰ ওপৰত মন কৰোঁ যাৰ পৰা এই কথাৰ ওপৰত আমাৰ বিশ্বাস আৰু বাঢ়িব।

১২. (ক) মোচিৰ মৃত্যুৰ পাছত যিহোৱাই নিজৰ লোকসকলৰ কেনেকৈ যত্ন লʼলে? (খ) যেতিয়া এলিয়াক বেলেগ ঠাইত পঠিয়াই দিয়া হৈছিল, তেতিয়া যিহোৱাই নিজৰ লোকসকলৰ কেনেকৈ যত্ন লʼলে? (ছবিখনো চাওক।)

১২ ইস্ৰায়েলীসকলে প্ৰতিজ্ঞা কৰা দেশত যোৱাৰ আগতে মোচিৰ মৃত্যুৰ হৈছিল। গতিকে যেতিয়া মোচিৰ মৃত্যু হʼল, তেতিয়া যিহোৱাই নিজৰ লোকসকলক অকলশৰীয়াকৈ এৰি দিছিল নে? নহয়। যেতিয়ালৈকে তেওঁলোকে যিহোৱাৰ বিশ্বাসী হৈ থাকিল, তেতিয়ালৈকে যিহোৱাই তেওঁলোকৰ সম্পূৰ্ণ যত্ন লʼলে। মোচিৰ মৃত্যুৰ আগতেই যিহোৱাই ইস্ৰায়েলীসকলৰ নেতৃত্ব লোৱাৰ বাবে যিহোচূৱাক নিযুক্ত কৰিবলৈ মোচিক কৈছিল। মোচিয়ে বহু বছৰ ধৰি যিহোচূৱাক শিকাই আছিল। (যাত্ৰা. ৩৩:১১; দ্বিতী. ৩৪:৯) ইয়াৰ উপৰিও ইস্ৰায়েলত এনে বহুতো অভিজ্ঞতা থকা লোক আছিল, যিসকলক হাজাৰ, শ, পঞ্চাশ আনকি দহ জনৰ গোটতো বিষয়া পাতিছিল। (দ্বিতী. ১:১৫) যিহোৱাই নিজৰ লোকসকলৰ বহুত ভালদৰে যত্ন লʼলে। আৰু এটা উদাহাৰণলৈ মন কৰক। এয়া সেই সময়ৰ কথা হয় যেতিয়া এলিয়া ইস্ৰায়েলীসকলৰ ভৱিষ্যবক্তা আছিল। তেওঁ বহু বছৰলৈকে ইস্ৰায়েলীসকলক যিহোৱাৰ উপাসনা কৰিবলৈ বহুত সহায় কৰি থাকিল। কিন্তু পাছত যিহোৱাই তেওঁক দক্ষিণৰ ফালে যিহূদালৈ পঠালে। (২ ৰাজা. ২:১; ২ বং. ২১:১২) তেতিয়া ইস্ৰায়েল ৰাষ্ট্ৰৰ দহ ফৈদৰ বিশ্বাসী লোকসকলক অকলশৰীয়াকৈ এৰি দিয়া হৈছিল নে? তেওঁলোকক পথ দেখুৱাবলৈ কোনো নাছিল নে? নহয়। এলিয়া বহু বছৰলৈকে ইলীচাক শিকাই আছিল। ইয়াৰ উপৰিও ‘শিষ্য-ভাববাদীবীলাক’ আছিল, যিসকলক বহুত ভালদৰে শিকোৱা হৈছিল। (২ ৰাজা. ২:৭) ইয়াৰ পৰা জানিব পাৰি যে যিহোৱাৰ লোকসকলৰ নেতৃত্ব লʼবলৈ সদায় বহুতো বিশ্বাসী লোক আছিল। তেওঁলোকৰ জৰিয়তে যিহোৱাই নিজৰ লোকসকলৰ ভালদৰে যত্ন লৈছিল আৰু নিজৰ উদ্দেশ্য পূৰ কৰিছিল।

মোচি (বাওঁফালৰ ছবি) আৰু এলিয়া (সোঁফালৰ ছবি) দুয়োজনে কাৰোবাক শিকালে, যিয়ে তেওঁলোকৰ পাছত ঈশ্বৰৰ লোকসকলক সঠিক পথ দেখুৱাব পাৰে (অনুচ্ছেদ ১২ চাওক)


১৩. ইব্ৰী ১৩:৫খ পদত আমাক কি আশ্বাস দিয়া হৈছে? (ছবিখনো চাওক।)

১৩ বাইবেলৰ এই ঘটনাবোৰৰ ওপৰত ধ্যান দিয়াৰ পাছত আপুনি এতিয়া কি কʼব? যেতিয়া বাকী থকা অভিষিক্ত খ্ৰীষ্টানসকল স্বৰ্গলৈ গুচি যাব, তেতিয়া কি হʼব? এই বিষয়ে ভাবি আমি চিন্তিত হোৱাৰ কোনো প্ৰয়োজন নাই। বাইবেলত আমাক আশ্বাস দিয়া হৈছে যে যিহোৱাই নিজৰ লোকসকলক কেতিয়াও নেৰিব। (ইব্ৰী ১৩:৫খ পঢ়ক।) মোচি আৰু এলিয়াৰ দৰে প্ৰশাসন গোষ্ঠীৰ ভাইসকলেও জানে যে আনক ট্ৰেইনিং দিয়াটো কিমান গুৰুত্বপূৰ্ণ। বহু বছৰৰ পৰা তেওঁলোকে অন্য মেৰৰ ভাইসকলক ট্ৰেইনিং দি আহিছে যাতে তেওঁলোকে ঈশ্বৰৰ মেৰবোৰৰ নেতৃত্ব লʼব পাৰে। ইয়াৰ বাবে তেওঁলোকে বহুতো স্কুল আৰম্ভ কৰিছে। যেনে, চাৰ্কিট ওভাৰচিয়াৰসকলৰ বাবে, প্ৰাচীনসকলৰ বাবে, শাখা সমিতিৰ সদস্যসকলৰ বাবে, বেথেলত নেতৃত্ব লোৱা ভাইসকলৰ বাবে, মিচনেৰীসকলৰ বাবে আৰু আনৰ বাবে। ইয়াৰ উপৰিও যিসকল ভাই প্ৰশাসন গোষ্ঠীৰ সহায়ক হিচাপে কাম কৰে, তেওঁলোকক প্ৰশাসন গোষ্ঠীৰ ভাইসকলে নিজে ট্ৰেইনিং দিয়ে। এই ভাইসকলে সংগঠনত বহুতো ডাঙৰ ডাঙৰ দায়িত্ব চম্ভালি আছে আৰু তেওঁলোকে আগলৈ গৈ খ্ৰীষ্টৰ মেৰবোৰৰ চোৱা-চিতা কৰিবলৈ এতিয়াৰে পৰা সম্পূৰ্ণৰূপে সাজু আছে।

প্ৰশাসন গোষ্ঠীৰ ভাইসকলে তেওঁলোকক সহায়ক হিচাপে সেৱা কৰা ভাইসকলক ট্ৰেইনিং দিবলৈ আৰু গোটেই পৃথিৱীত প্ৰাচীনসকলক, চাৰ্কিট ওভাৰচিয়াৰসকলক, শাখা সমিতিৰ সদস্যসকলক, বেথেলত নেতৃত্ব লোৱা ভাইসকলক আৰু মিচনেৰী ভাই-ভনীসকলক শিকাবলৈ স্কুলবোৰৰ ব্যৱস্থা কৰিছে (অনুচ্ছেদ ১৩ চাওক)


১৪. এতিয়ালৈকে আমি যি আলোচনা কৰিলোঁ তাৰ পৰা কি কথাৰ ওপৰত আমি ভাৰসা ৰাখিব পাৰোঁ?

১৪ বাকী থকা অভিষিক্ত খ্ৰীষ্টানসকল মহা-সংকট শেষ হোৱাৰ অলপ আগতে স্বৰ্গলৈ গুচি যাব, কিন্তু তেতিয়াও পৃথিৱীত শুদ্ধ উপাসনা হৈ থাকিব। মচীহৰ নেতৃত্বত যিহোৱাৰ লোকসকলে বিশ্বাসী হৈ সেৱা কৰি থাকিব। আমি জানোঁ যে সেই সময়ত মাগোগ দেশীয় গোগে অৰ্থাৎ ৰাষ্ট্ৰৰ সমূহে খঙত আমাৰ ওপৰত আক্ৰমণ কৰিব। (যিহি. ৩৮:১৮-২০) কিন্তু এই আক্ৰমণ অলপ সময়ৰ বাবেহে হʼব আৰু শত্ৰুসকলে সফল হʼব নোৱাৰিব, আনহাতে যিহোৱাৰ লোকসকলে তেওঁৰ উপাসনা কৰি থাকিব। যিহোৱাই নিজৰ লোকসকলক নিশ্চয় বচাব। পাঁচনি যোহনে দৰ্শনত মচীহৰ অন্য মেৰেৰে গঠিত এটা “বৰ লোকসমূহ” দেখিলে। যোহনক কোৱা হৈছিল যে এই “বৰ লোকসমূহ” “মহা-ক্লেশৰ পৰা” ওলাই অহা লোক হয়। (প্ৰকা. ৭:৯, ১৪) ইয়াৰ পৰা আমাৰ বিশ্বাস হয় যে যিহোৱাই যিকোনো পৰিস্থিতিতে নিজৰ লোকসকলক ৰক্ষা কৰিব!

১৫-১৬. প্ৰকাশিত বাক্য ১৭:১৪ পদৰ অনুসৰি অভিষিক্ত খ্ৰীষ্টানসকলে হৰমাগিদোনৰ সময়ত কি কৰিব আৰু এয়া জানি আমি কিয় সাহস লাভ কৰোঁ?

১৫ কিন্তু কিছুমান লোকে হয়তো ভাবিব পাৰে যে ‘অভিষিক্ত খ্ৰীষ্টানসকলে স্বৰ্গলৈ যোৱাৰ পাছত কি কৰিব?’ বাইবেলত ইয়াৰ উত্তৰ স্পষ্টকৈ দিয়া আছে। ইয়াত কোৱা হৈছে যে পৃথিৱীৰ চৰকাৰবোৰে ‘মেৰ পোৱালিৰ লগত যুদ্ধ কৰিব।’ আমি জানোঁ যে তেওঁলোকে সফল হʼব নোৱাৰিব। বাইবেলত লিখা আছে, “মেৰ পোৱালিয়ে তেওঁলোকক জয় কৰিব।” মেৰ পোৱালিক কোনে সহায় কৰিব? এই পদত আগলৈ এইদৰে কোৱা হৈছে, যিসকল “আমন্ত্ৰিত, মনোনীত, আৰু বিশ্বাসী” হয়। (প্ৰকাশিত বাক্য ১৭:১৪ পঢ়ক।) কিন্তু এওঁলোক কোন? স্বৰ্গত জীৱন লাভ কৰা সকলো অভিষিক্ত খ্ৰীষ্টান। গতিকে যেতিয়া বাকী থকা অভিষিক্ত খ্ৰীষ্টানসকল মহা-সংকট শেষ হোৱাৰ অলপ আগতে স্বৰ্গলৈ গুচি যাব, তেতিয়া প্ৰথমে তেওঁলোকক কি কাম দিয়া হʼব? তেওঁলোকে যুদ্ধ কৰিব লাগিব। সঁচাকৈ কিযে কাম পাব তেওঁলোকক! কিছুমান অভিষিক্ত খ্ৰীষ্টান যিহোৱাৰ সাক্ষী হোৱাৰ আগতে লোকসকলৰ লগত কাজিয়া কৰিছিল আৰু আন কিছুমানে সেনাবাহিনীত আছিল। কিন্তু যেতিয়া তেওঁলোকে খ্ৰীষ্টান হʼল, তেতিয়া তেওঁলোকে শান্তিৰ পথত চলিবলৈ শিকিলে। (গালা. ৫:২২; ২ থিচ. ৩:১৬) তেওঁলোকে যুদ্ধ বা কাজিয়া কৰিবলৈ এৰি দিছিল। কিন্তু যেতিয়া তেওঁলোকে স্বৰ্গলৈ গুচি যাব, তেতিয়া তেওঁলোকে মচীহ আৰু তেওঁৰ পবিত্ৰ স্বৰ্গদূতসকলৰ লগত মিলি যিহোৱাৰ শত্ৰুসকলৰ লগত শেষ বাৰৰ বাবে যুদ্ধ কৰিব।

১৬ এই বিষয়ে চিন্তা কৰক। আজি কিছুমান অভিষিক্ত খ্ৰীষ্টান বৃদ্ধ আৰু দুৰ্বল হৈ পৰিছে। কিন্তু যেতিয়া স্বৰ্গত তেওঁলোকক জীৱন দিয়া হʼব, তেতিয়া তেওঁলোক শক্তিশালী আৰু অমৰ হʼব। তেওঁলোকে নিজৰ ৰজা যীচু খ্ৰীষ্টৰ লগত মিলি যুদ্ধ কৰিব। হৰমাগিদোন যুদ্ধৰ পাছত তেওঁলোকে যীচুৰ লগত মিলি সিদ্ধ হʼবলৈ লোকসকলক সহায় কৰিব। আমি সম্পূৰ্ণ বিশ্বাস ৰাখিব পাৰোঁ যে যেতিয়া সকলো অভিষিক্ত খ্ৰীষ্টান স্বৰ্গলৈ গুচি যাব, তেতিয়া তেওঁলোকে আমাৰ বাবে সেই সকলো কাম কৰিব যিবোৰ আজি তেওঁলোকে কৰিব নোৱাৰে।

১৭. হৰমাগিদোন যুদ্ধৰ সময়ত যিহোৱাৰ সকলো সেৱকক ৰক্ষা কৰা হʼব বুলি আমি কিয় কʼব পাৰোঁ?

১৭ আপুনি অন্য মেৰৰ লোক হয় নে? যদি হয়, তেনেহʼলে যেতিয়া হৰমাগিদোন যুদ্ধ আৰম্ভ হʼব, তেতিয়া আপুনি কি কৰিব লাগিব? আপুনি যিহোৱাৰ ওপৰত ভৰসা কৰিব লাগিব আৰু তেওঁ দিয়া নিৰ্দেশনাবোৰ পালন কৰিব লাগিব। বাইবেলত যি লিখা আছে, আপুনি তাৰ দৰেই কৰিব লাগিব: “হে মোৰ প্ৰজা, যোৱা, তোমাৰ কোঁঠালিত সোমোৱা, আৰু চাৰিওফালে দুৱাৰ বন্ধ কৰা; ক্ৰোধ মাৰ নোযোৱালৈকে খন্তেকমান লুকাই থাকা।” (যিচ. ২৬:২০) ইয়াৰ বিষয়ে জানি আপুনি শান্ত্বনা লাভ নকৰে নে? স্বৰ্গতেই হওক বা পৃথিৱীত সেই সময়ত ঈশ্বৰৰ সকলো বিশ্বাসী সেৱকক সুৰক্ষা দিয়া হʼব। পাঁচনি পৌলৰ দৰে আমাৰো সম্পূৰ্ণ বিশ্বাস আছে যে ঈশ্বৰৰ প্ৰেমৰ পৰা ‘আধিপত্য, বৰ্ত্তমান বা ভবিষ্যত বিষয় বা আন কোনো সৃষ্ট বস্তুৱেই আমাক বিছিন্ন কৰিব নোৱাৰে।’ (ৰোম. ৮:৩৮, ৩৯) সদায় মনত ৰাখক: যিহোৱাই আপোনাক বহুত প্ৰেম কৰে আৰু তেওঁ আপোনাক কেতিয়াও নেৰিব!

যেতিয়া বাকী থকা সকলো অভিষিক্ত খ্ৰীষ্টান স্বৰ্গলৈ গুচি যাব,

  • তেতিয়া অন্য মেৰৰ লোকসকলৰ লগত কি নহʼব?

  • তেতিয়া শুদ্ধ উপাসনা অশুচি নহʼব বুলি আমি কিয় বিশ্বাস ৰাখিব পাৰোঁ?

  • তেতিয়া যিহোৱাই নিজৰ লোকসকলৰ যত্ন লʼব বুলি আমি কিয় ভৰসা ৰাখিব পাৰোঁ?

গীত ৮ যিহোৱা আমাৰ দুৰ্গ