Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৭

গীত ৫১ আমি যিহোৱালৈ সমৰ্পণ কৰিলোঁ

নাচৰীয়াসকলৰ পৰা গুৰুত্বপূৰ্ণ শিক্ষা

নাচৰীয়াসকলৰ পৰা গুৰুত্বপূৰ্ণ শিক্ষা

“সি বেলেগ হৈ থকা সকলো কালত যিহোৱাৰ উদ্দেশে পবিত্ৰ হৈ থাকিব।”গণ. ৬:৮.

কি শিকিম?

নাচৰীয়াসকলৰ উদাহৰণৰ পৰা আমি শিকিম যে যিহোৱাৰ সেৱা কৰিবলৈ আমি কেনেকৈ আনন্দেৰে ত্যাগ কৰিব পাৰোঁ আৰু সাহসেৰে কাম কৰিব পাৰোঁ।

১. প্ৰাচীন সময়ৰ পৰাই যিহোৱাৰ উপাসকসকলৰ মাজত কি কথা স্পষ্টকৈ দেখিবলৈ পোৱা যায়?

 আপুনি যিহোৱাৰ লগত থকা নিজৰ সম্পৰ্কক মূল্যৱান বুলি ভাবে নে? নিশ্চয় ভাবে। প্ৰাচীন সময়তো এনে বহুতো লোক আছিল, যিসকলে আপোনাৰ দৰেই অনুভৱ কৰিছিল। (গীত. ১০৪:৩৩, ৩৪) তেওঁলোকে যিহোৱাৰ উপাসনাত বহুতো ত্যাগ কৰিছিল। প্ৰাচীন ইস্ৰায়েলত এনেধৰণৰ কিছুমান লোক আছিল, যিসকলক নাচৰীয়া বুলি কোৱা হৈছিল। তেওঁলোক কোন আছিল আৰু আমি তেওঁলোকৰ পৰা কি শিকিব পাৰোঁ?

২. (ক) কোন লোকসকলক নাচৰীয়া বুলি কোৱা হৈছিল? (গণনা পুস্তক ৬:১, ২) (খ) কিছুমান ইস্ৰায়েলীয়ে কিয় নাচৰীয়া হʼবলৈ প্ৰতিজ্ঞা কৰিছিল?

নাচৰীয়া শব্দটো হিব্ৰু ভাষাৰ পৰা ওলাইছে, যাৰ অৰ্থ হৈছে “বাছনি কৰা,” “বেলেগ কৰা” বা “সমৰ্পিত কৰা।” এই শব্দৰ পৰা সেই ইস্ৰায়েলীসকলৰ উৎসাহ দেখিবলৈ পোৱা গৈছিল, যিসকলে বিশেষ ধৰণে যিহোৱাৰ সেৱা কৰিবলৈ কিছুমান ত্যাগ কৰিছিল। মোচিৰ নিয়মৰ অনুসৰি এজন পুৰুষ বা মহিলাই কিছু সময়ৰ বাবে নাচৰীয়া হিচাপে জীৱন-যাপন কৰিবলৈ বিশেষ ব্ৰত ৰাখিব বা প্ৰতিজ্ঞা কৰিব পাৰিছিল। a (গণনা পুস্তক ৬:১, ২ পঢ়ক।) এই বিশেষ প্ৰতিজ্ঞা কৰাৰ বাবে এজন নাচৰীয়াই এনে কিছুমান নিৰ্দেশনা মানিবলগীয়া হৈছিল, যিবোৰ আন ইস্ৰায়েলীসকলক মনাৰ প্ৰয়োজন নাছিল। তেনেহʼলে এজন ইস্ৰায়েলীয়ে নাচৰীয়া হোৱাৰ প্ৰতিজ্ঞা কিয় কৰিছিল? কিয়নো তেওঁ যিহোৱাক বহুত প্ৰেম কৰিছিল আৰু যিহোৱাই তেওঁৰ বাবে যি কৰিলে তাৰ প্ৰতি কৃতজ্ঞ আছিল।—দ্বিতী. ৬:৫; ১৬:১৭.

৩. ঈশ্বৰৰ লোকসকলে আজিও কেনেকৈ নাচৰীয়াসকলৰ দৰে উৎসাহ দেখুৱায়?

কিন্তু যেতিয়া “খ্ৰীষ্টৰ বিধান” আহিল, তেতিয়া মোচিৰ নিয়ম শেষ হৈ গʼল আৰু তাৰ লগত নাচৰীয়া হোৱাৰ ব্যৱস্থাও শেষ হʼল। (গালা. ৬:২; ৰোম. ১০:৪) কিন্তু ঈশ্বৰৰ লোকসকলে আজিও নাচৰীয়াসকলৰ দৰে উৎসাহ দেখুৱায়। তেওঁলোকে সম্পূৰ্ণ হৃদয়, সম্পূৰ্ণ প্ৰাণ, সম্পূৰ্ণ মগজু আৰু নিজৰ সম্পূৰ্ণ শক্তিৰে যিহোৱাৰ সেৱা কৰিব বিচাৰে। (মাৰ্ক ১২:৩০) সেইবাবে, তেওঁলোকে নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰে আৰু আনন্দ মনেৰে তেওঁলোকে যেন এটা ব্ৰত ৰাখে বা তেওঁক প্ৰতিজ্ঞা কৰে। এই প্ৰতিজ্ঞা পূৰ কৰিবলৈ তেওঁলোকে যিহোৱাৰ ইচ্ছাৰ অনুসৰি জীৱন-যাপন কৰিবলগীয়া হয় আৰু কিছুমান ত্যাগ কৰিবলগীয়া হয়। এই লেখত আমি শিকিম যে নাচৰীয়াসকলে কেনেকৈ নিজৰ প্ৰতিজ্ঞা পূৰ কৰিছিল আৰু আমি তেওঁলোকৰ পৰা কি শিকিব পাৰোঁ। bমথি ১৬:২৪.

ত্যাগ কৰিবলৈ সাজু থাকক

৪. গণনা পুস্তক ৬:৩, ৪ পদৰ অনুসৰি নাচৰীয়াসকলে কি কি বস্তুৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল?

গণনা পুস্তক ৬:৩, ৪ পঢ়ক। নাচৰীয়াসকলে কোনো ধৰণৰ মদ খাব নালাগিছিল আৰু দ্ৰাক্ষাফলৰ পৰা বনোৱা কোনো বস্তু খাব নালাগিছিল, যেনে: আঙুৰ আৰু কিচিমিচ। কিন্তু আন ইস্ৰায়েলীসকলে এই বস্তুবোৰ খাইছিল আৰু এইবোৰৰ আনন্দ লৈছিল। এনে কৰাটো ভুলো নাছিল। বাইবেলতো লিখা আছে, ‘দ্ৰাক্ষাৰস মানুহৰ মন আনন্দিত কৰে’ কিয়নো এয়া ঈশ্বৰৰ ফালৰ পৰা পোৱা উপহাৰ হয়। (গীত. ১০৪:১৪, ১৫) তথাপিও নাচৰীয়াসকলে আনন্দ মনেৰে এই সকলো বস্তুৰ পৰা আঁতৰি থাকিছিল। c

আপুনিও নাচৰীয়াসকলৰ দৰে ত্যাগ কৰিবলৈ সাজু আছে নে? (অনুচ্ছেদ ৪-৬ চাওক)


৫. ভাই মেদিয়ান আৰু তেওঁৰ পত্নীয়ে কি কি ত্যাগ কৰিবলৈ নিৰ্ণয় লʼলে আৰু কিয়?

নাচৰীয়াসকলৰ দৰে যিহোৱাৰ সেৱা বেছিকৈ কৰিবলৈ আমিও কিছুমান ত্যাগ কৰোঁ। ভাই মেদিয়ান আৰু তেওঁৰ পত্নী মাৰ্ছেলাৰ d উদাহৰণলৈ মন কৰক। তেওঁলোকে আৰামদায়ক জীৱন জীয়াই আছিল। ভাইৰ ওচৰত এটা ভাল চাকৰি আৰু এখন সুন্দৰ ঘৰ আছিল। কিন্তু তেওঁলোকে যিহোৱাৰ সেৱা আৰু বেছিকৈ কৰিব বিচাৰছিল। সেইবাবে, তেওঁলোকে কিছুমান সাল-সলনি কৰিবলৈ নিৰ্ণয় লʼলে। তেওঁলোকে কৈছে, “আমি নিজৰ খৰচ কম কৰিলোঁ। তাৰ পাছত এখন সৰু ঘৰত থাকিবলৈ ধৰিলোঁ আৰু নিজৰ গাড়ীখন বিক্ৰী কৰিলোঁ।” ভাই মেদিয়ান আৰু ভনী মাৰ্ছেলাই এনেধৰণৰ ত্যাগ যে কৰিবই লাগিব তেনে কথা নাছিল। তেওঁলোকে নিজ ইচ্ছাৰে এইদৰে কৰিলে যাতে যিহোৱাৰ সেৱা বেছিকৈ কৰিব পাৰে। তেওঁলোকে যি নিৰ্ণয় লʼলে তাৰ বাবে তেওঁলোক অতি আনন্দিত।

৬. আজি যিহোৱাৰ লোকসকলে কিয় ত্যাগ কৰে? (ছবিখনো চাওক।)

আজিও যিহোৱাৰ লোকসকলে আনন্দ মনেৰে কিছুমান ত্যাগ কৰে যাতে ৰাজ্যৰ কামত বেছিকৈ ভাগ লʼব পাৰে। (১ কৰি. ৯:৩-৬) এনেধৰণৰ ত্যাগ কৰিবই লাগিব বুলি যিহোৱাই জোৰ-জবৰদস্তি নকৰে আৰু ভাই-ভনীসকলে যি ত্যাগ কৰে, সেয়াও কোনো ভুল নহয়। উদাহৰণস্বৰূপে, কিছুমান ভাই-ভনীয়ে নিজৰ পচন্দৰ চাকৰি নকৰে বা ঘৰ নবনাই অথবা পোহনীয়া জন্তু নাৰাখে। ইয়াৰ উপৰিও কিছুমান লোকে কিছু সময়লৈকে বিয়া নাপাতিবলৈ আৰু পৰিয়াল নবঢ়াবলৈ নিৰ্ণয় লয়। আনহাতে কিছুমানে এনে ঠাইত গৈ সেৱা কৰিবলৈ নিৰ্ণয় লয়, যʼত প্ৰচাৰকৰ বেছি প্ৰয়োজন আছে। ইয়াৰ বাবে তেওঁলোকক নিজৰ পৰিয়াল আৰু বন্ধুসকলৰ পৰা দূৰত থাকিবলগীয়া হয়, তথাপিও তেওঁলোকে এইদৰে কৰে। তেওঁলোকে আনন্দ মনেৰে এই সকলো ত্যাগ কৰে। কিয়নো তেওঁলোকে মনে-প্ৰাণে যিহোৱাৰ সেৱা কৰিব বিচাৰে। বিশ্বাস ৰাখক, আপুনি যিহোৱাৰ সেৱা কৰিবলৈ সৰু বা ডাঙৰ যিয়ে ত্যাগ নকৰক কিয়, যিহোৱাই তাৰ মূল্যাংকন কৰে।—ইব্ৰী ৬:১০.

আনৰ পৰা নিজকে বেলেগ দেখুৱাবলৈ সাজু থাকক

৭. এজন নাচৰীয়াক নিজৰ প্ৰতিজ্ঞা পূৰ কৰিবলৈ কি কি সমস্যা সন্মুখীন হʼবলগীয়া হৈছিল? (গণনা পুস্তক ৬:৫) (ছবিখনো চাওক।)

গণনা পুস্তক ৬:৫ পঢ়ক। নাচৰীয়াসকলে যেতিয়া প্ৰতিজ্ঞা কৰিছিল, তেতিয়া তাৰ অনুসৰি তেওঁলোকক চুলি কাটিব নালাগিছিল। ইয়ে দেখুৱাইছিল যে তেওঁলোকে সম্পূৰ্ণৰূপে যিহোৱাৰ অধীনত আছে। যদি তেওঁলোকে বহু সময়লৈকে ব্ৰত ৰাখিছিল, তেনেহʼলে তেওঁলোকৰ চুলি দীঘল হৈ গৈছিল আৰু আন লোকসকলেও এয়া স্পষ্টকৈ দেখা পাইছিল। নাচৰীয়াসকলক সন্মান কৰা লোকসকলে তেওঁলোকক সহযোগ কৰিছিল। কিন্তু কিছুমান লোকক এই কথা ভাল লগা নাছিল। সেইবাবে, তেওঁলোকে নাচৰীয়াসকলক সহযোগ কৰা নাছিল। ভৱিষ্যবক্তা আমোচৰ দিনত এইদৰেই হৈছিল। যিসকল ইস্ৰায়েলীয়ে যিহোৱাৰ উপাসনা কৰিবলৈ এৰি দিছিল, তেওঁলোকে ‘নাচৰীয়াবিলাকক দ্ৰাক্ষাৰস পান কৰাইছিল,’ যাতে তেওঁলোকে কৰা প্ৰতিজ্ঞা পূৰ নহয়। (আমো. ২:১২) এই সকলোবোৰৰ সন্মুখীন হোৱাটো নাচৰীয়াসকলৰ বাবে হয়তো সহজ নাছিল। তেওঁলোকক বহুত সাহসৰ প্ৰয়োজন আছিল, যাতে তেওঁলোকে আনৰ পৰা নিজকে বেলেগ দেখুৱাব পাৰে আৰু নিজৰ প্ৰতিজ্ঞাও পূৰ কৰিব পাৰে।

যিসকল নাচৰীয়াই যিকোনো পৰস্থিতিতে নিজৰ প্ৰতিজ্ঞা পূৰ কৰিব বিচাৰিছিল, তেওঁলোকে আনৰ পৰা বেলেগ দেখিবলৈ সাজু আছিল (অনুচ্ছেদ ৭ চাওক)


৮. বেঞ্জামিনৰ উদাহৰণৰ পৰা আপুনি কেনেকৈ উৎসাহ লাভ কৰিলে?

কেতিয়াবা কেতিয়াবা আনৰ পৰা নিজকে বেলেগ দেখুৱাবলৈ আমাৰ বাবে সহজ নহয়। আমি হয়তো লাজুকীয়া স্বভাৱৰ হয় বা আমি আনক ভয় কৰোঁ। কিন্তু যিহোৱাৰ সহায়ত আমি সাহসেৰে কাম কৰিব পাৰোঁ। নাৰ্বেত থকা আমাৰ সৰু ভাই বেঞ্জামিনৰ উদাহৰণলৈ মন কৰক। তেওঁৰ বয়স ১০ বছৰ। এবাৰ তেওঁলোকৰ স্কুলত এখন কাৰ্য্যক্ৰম ৰখা হৈছিল। সেই সময়ত ৰুচ আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ চলি আছিল। ইউক্ৰেইনক সহযোগ কৰিবলৈ এই কাৰ্য্যক্ৰম ৰখা হৈছিল। সকলো লʼৰা-ছোৱালীকে ইউক্ৰেইনৰ পতাকাৰ ৰঙৰ কাপোৰ পিন্ধিবলৈ আৰু এটা গীত গাবলৈ কোৱা হৈছিল। বেঞ্জামিন বুদ্ধিমান আছিল, সেইবাবে তেওঁ দূৰত গৈ থিয় হʼল যাতে তেওঁক এই কাৰ্য্যক্ৰমত ভাগ লʼবলগীয়া নহয়। কিন্তু তেওঁৰ টিচাৰে তেওঁক দেখিলে আৰু জোৰেৰে চিঞৰি মাতিলে, “বেঞ্জামিন সোনকালে আহা আৰু সকলোৰে লগত ইয়াত থিয় হোৱা। আমি তোমাৰ বাবেই ৰৈ আছোঁ।” তেওঁ সাহস গোটাই টিচাৰৰ ওচৰলৈ গৈ এইদৰে কʼলে, “মই কাৰো পক্ষ নলওঁ আৰু ৰাজনৈতিক বিষয়বোৰৰ লগত জড়িত কোনো কাৰ্য্যক্ৰমতো ভাগ নলওঁ। আনকি যুদ্ধত ভাগ নোলোৱাৰ বাবে বহুতো যিহোৱাৰ সাক্ষী জেলতো আছে।” টিচাৰে তেওঁৰ কথা মানিলে আৰু তেওঁক কাৰ্য্যক্ৰমতো ভাগ লʼবলৈ একো নকʼলে। কিন্তু বেঞ্জামিনৰ ক্লাচৰ লʼৰা-ছোৱালীসকলে সি কিয় অহা নাই বুলি তাক সুধিবলৈ ধৰিলে। বেঞ্জামিন বহুত ভয় খালে আৰু তাৰ চকুৰ পৰা চকুপানী ববলৈ ধৰিলে। তথাপি সি কাৰ্য্যক্ৰমত কিয় ভাগ লোৱা নাই তাৰ বিষয়ে সাহস গোটাই লʼৰা-ছোৱালীবিলাকক কʼলে। পাছত বেঞ্জামিনে নিজৰ মা-দেউতাকক জনালে যে যিহোৱাই তেওঁক সহায় কৰিছিল। সেইবাবে, তেওঁ কি বিশ্বাস কৰে তাৰ বিষয়ে আনক জনাব পাৰিলে।

৯. আমি কেনেকৈ যিহোৱাৰ মন আনন্দিত কৰিব পাৰোঁ?

আমি যিহোৱাৰ ইচ্ছাৰ অনুসৰি জীৱন-যাপন কৰিব বিচাৰোঁ। সেইবাবে, আমাক জগতৰ লোকসকলৰ পৰা বেলেগ দেখিবলৈ পোৱা যায়। ইয়াৰ বাবে বহু বাৰ স্কুলতেই হওক বা কামৰ ঠাইত আমি যিহোৱাৰ সাক্ষী হওঁ বুলি কʼবলৈ সাহসৰ প্ৰয়োজন হয়। ইয়াৰ উপৰিও জগতৰ লোকসকলৰ চিন্তাধাৰা আৰু আচাৰ-ব্যৱহাৰ দিনক দিনে একেবাৰে বেয়া হৈ পৰিছে। সেইবাবে, হয়তো বাইবেলৰ সিদ্ধান্তৰ অনুসৰি জীৱন-যাপন কৰিবলৈ আৰু লোকসকলক শুভবাৰ্তা শুনাবলৈ আমাৰ বাবে কঠিন হʼব পাৰে। (২ তীম. ১:৮; ৩:১৩) কিন্তু আমি মনত ৰখা উচিত যে যেতিয়া আমি সাহসেৰে যিহোৱাৰ সেৱা কৰি থাকোঁ আৰু জগতৰ লোকসকল পৰা নিজকে বেলেগ দেখুৱাবলৈ চেষ্টা কৰোঁ, তেতিয়া আমি যিহোৱাৰ “মনক আনন্দিত” কৰোঁ।—হিতো. ২৭:১১; মলা. ৩:১৮.

যিহোৱাক নিজৰ জীৱনত প্ৰথম স্থান দিয়ক

১০. এজন নাচৰীয়া লোকৰ বাবে গণনা পুস্তক ৬:৬, ৭ পদত দিয়া নিৰ্দেশনা পালন কৰিবলৈ হয়তো কেতিয়া কঠিন হৈছিল?

১০ গণনা পুস্তক ৬:৬, ৭ পঢ়ক। এজন নাচৰীয়া ব্যক্তিয়ে কোনো মৃতদেহৰ ওচৰত যাব নোৱাৰিছিল। চিন্তা কৰক, যেতিয়া এজন নাচৰীয়া ব্যক্তিৰ আপোনজনাৰ মৃত্যু হয়, তেতিয়া তেওঁক এই নিৰ্দেশনা পালন কৰিবলৈ হয়তো কিমান কঠিন হৈছিল। ইয়াৰ উপৰিও সেই সময়ত যেতিয়া কাৰোবাৰ আপোনজনাৰ মৃত্যু হৈছিল, তেতিয়া তেওঁক সেই মৃতদেহৰ ওচৰত থকাৰ পৰম্পৰা আছিল। (যোহ. ১৯:৩৯, ৪০; পাঁচ. ৯:৩৬-৪০) কিন্তু নাচৰীয়া ব্যক্তিয়ে নিজৰ প্ৰতিজ্ঞাৰ বাবে এই পৰম্পৰা পালন কৰিব নোৱাৰিছিল। এনে দুখ লগা পৰিস্থিতিতো তেওঁলোকে নিজৰ প্ৰতিজ্ঞা পালন কৰিছিল। এইদৰে তেওঁলোকে যিহোৱাৰ বিশ্বাসী হৈ আছিল। যিহোৱাই নিজৰ এই বিশ্বাসী সেৱকসকলক নিশ্চয় সাহস আৰু শক্তি দিছিল যাতে তেওঁলোকে এই কঠিন সময়ছোৱাত নিজকে চম্ভালিব পাৰে।

১১. এজন খ্ৰীষ্টানে পৰিয়ালৰ বাবে কোনো এটা নিৰ্ণয় লোৱাৰ আগতে কি কথাৰ ওপৰত ধ্যান দিয়া উচিত? (ছবিখনো চাওক।)

১১ আমি সকলো খ্ৰীষ্টানে সমৰ্পণ কৰি যিহোৱাক যি প্ৰতিজ্ঞা কৰিছোঁ, তাক আমি সহজভাৱে নলওঁ। আমি নিজৰ বাবেও যেতিয়া কিবা নিৰ্ণয় লʼবলগীয়া হয়, তেতিয়াও আমি এই প্ৰতিজ্ঞা সদায় মনত ৰাখোঁ। শাস্ত্ৰত কোৱাৰ দৰে আমি নিজৰ পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈ কঠিন পৰিশ্ৰম কৰোঁ। কিন্তু তেওঁলোকৰ ইচ্ছা পূৰ কৰিবলৈ আমি কেতিয়াও যিহোৱাৰ ইচ্ছাক আওকাণ নকৰোঁ। (মথি ১০:৩৫-৩৭; ১ তীম. ৫:৮) সেইবাবে, বহু বাৰ পৰিয়ালৰ লোকসকলে হয়তো আমাক খং কৰিব পাৰে, তথাপিও আমি যিহোৱাক আনন্দিত কৰিবলৈ চেষ্টা কৰোঁ।

আপুনি কঠিন পৰিস্থিতিতো নিজৰ ইচ্ছা পূৰ কৰাৰ পৰিৱৰ্তে যিহোৱাৰ ইচ্ছা পূৰ কৰিবলৈ সাজু আছে নে? (অনুচ্ছেদ ১১ চাওক) e


১২. ভাই আলেকছাণ্ড্ৰৰ পৰিয়ালত যেতিয়া সমস্যা আহিলে, তেতিয়া তেওঁলোকে কি কৰিলে আৰু কি নকৰিলে?

১২ ভাই আলেকছাণ্ড্ৰ আৰু ডৰিণাৰ উদাহৰণলৈ মন কৰক। তেওঁলোকে এবছৰলৈকে বাইবেল অধ্যয়ন কৰিলে। পাছত ডৰিণাই অধ্যয়ন কৰিবলৈ বন্ধ কৰিলে আৰু তাইৰ স্বামীয়েও অধ্যয়ন বন্ধ কৰাটো তাই বিচাৰিছিল। কিন্তু ভায়ে এইদৰে নকৰে বুলি তাইক মৰমেৰে বুজালে। এই কথা ডৰিণাক ভাল লগা নাছিল আৰু ভাইৰ অধ্যয়ন বন্ধ কৰিবলৈ তাই বহুত চেষ্টা কৰিলে। ভাই আলেকছাণ্ড্ৰয়ে কয় যে তেওঁ এয়া জানিবলৈ চেষ্টা কৰিছিল যে তেওঁৰ পত্নীয়ে কিয় এইদৰে ব্যৱহাৰ কৰিছে। কেতিয়াবা কেতিয়াবা তাই ভাইক বহুত বেয়াকৈ কৈছিল আৰু খঙেৰে উত্তৰ দিছিল। এই সকলো সহন কৰাটো ভাইৰ বাবে সহজ নাছিল। বহু বাৰ তেওঁ অনুভৱ কৰিছিল যে তেওঁ অধ্যয়ন বন্ধ কৰি দিয়া উচিত হʼব। কিন্তু তেওঁ হাৰ মনা নাছিল আৰু তেওঁ যিহোৱাক নিজৰ জীৱনত প্ৰথম স্থান দি থাকিল। এই সময়ছোৱাত তেওঁ নিজৰ পত্নীৰ লগত বহুত প্ৰেমেৰে ব্যৱহাৰ কৰিলে আৰু তাইক সন্মান কৰি থাকিল। তেওঁৰ এই ভাল ব্যৱহাৰৰ বাবে ডৰিণাই আকৌ বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলে আৰু এজনী যিহোৱাৰ সাক্ষী হʼল।—jw.org-ত “সত্যই জীৱন পৰিৱৰ্তন কৰে” ধাৰাবাহিকত দিয়া আলেকছাণ্ড্ৰ আৰু ডৰিণা ৱেকাৰ: ‘প্ৰেমে ধৈৰ্য্য ধৰে আৰু মৰম কৰে নামৰ ভিডিঅʼখন চাওক।

১৩. আমি নিজৰ পৰিয়াল আৰু যিহোৱাৰ বাবে প্ৰেম কেনেকৈ দেখুৱাব পাৰোঁ?

১৩ যিহোৱাই পৰিয়ালৰ আৰম্ভণি কৰিছিল আৰু পৰিয়ালত সকলোৱে আনন্দিত থকাটো তেওঁ বিচাৰে। (ইফি. ৩:১৪, ১৫) গতিকে আমি যদি সঁচাকৈ আনন্দত থাকিব বিচাৰোঁ, তেনেহʼলে যিহোৱাই যিদৰে বিচাৰে ঠিক সেইদৰে আমি কাম কৰিব লাগিব। যিহোৱাই জানে যে আপুনি নিজৰ পৰিয়ালৰ চোৱা-চিতা কৰিব বিচাৰে, তেওঁলোকৰ লগত প্ৰেম আৰু সন্মানেৰে ব্যৱহাৰ কৰিব বিচাৰে আৰু ইয়াৰ লগতে তেওঁৰ উপাসনাও কৰিব বিচাৰে। সেইবাবে, বহু বাৰ আপুনি কিছুমান ত্যাগ কৰিবলগীয়া হয়। বিশ্বাস ৰাখক, আপুনি যি ত্যাগ কৰে, যিহোৱাই তাক বহুত মূল্যাকংন কৰে।—ৰোম. ১২:১০.

নাচৰীয়াসকলৰ দৰে উৎসাহ দেখুৱাবলৈ এজনে-আনজনৰ উৎসাহিত কৰক

১৪. আমি বিশেষকৈ কোন লোকসকলক নিজৰ কথাৰে উৎসাহিত কৰা উচিত?

১৪ যিসকলে যিহোৱাৰ উপাসনা কৰিব বিচাৰে, তেওঁলোকে আনন্দেৰে ত্যাগ কৰিবলৈ সাজু থাকে। কিয়নো তেওঁলোকে যিহোৱাক প্ৰেম কৰে। কিন্তু এইদৰে কৰিবলৈ সদায় সহজ নহয়। গতিকে আমি নিজৰ উৎসাহ বজাই ৰাখিবলৈ কি কৰিব পাৰোঁ? আমি নিজৰ কথাৰে এজনে-আনজনৰ উৎসাহ বঢ়াব পাৰোঁ। (ইয়ো. ১৬:৫) আপুনি মণ্ডলীৰ এনে কিছুমান ভাই-ভনীৰ বিষয়ে জানেনে, যিসকলে যিহোৱাৰ সেৱা বেছিকৈ কৰিবলৈ নিজৰ জীৱন সৰল কৰিবলৈ চেষ্টা কৰি আছে? বা আপুনি এনে কিশোৰ-কিশোৰীসকলৰ বিষয়ে জানেনে, যিসকলে সমস্যাৰ সময়ত সাহসেৰে কাম কৰে আৰু এনে কৰাৰ যোগেদি স্কুলত আনৰ পৰা বেলেগ দেখিবলৈ পোৱা যায়? অথবা এনে কিছুমান বাইবেল বিদ্যাৰ্থী বা ভাই-ভনীসকলৰ বিষয়ে জানেনে, যিসকলক তেওঁলোকৰ পৰিয়ালে বিৰোধ কৰে, তথাপিও তেওঁলোকে যিহোৱাৰ মানদণ্ডৰ অনুসৰি জীৱন-যাপন কৰিবলৈ চেষ্টা কৰে? সঁচাকৈ এই ভাই-ভনীসকলে বহুত সাহসেৰে কাম কৰে আৰু বহুতো ত্যাগ কৰে। গতিকে আহক আমি সকলো সময়তে তেওঁলোকৰ উৎসাহ বঢ়াই থাকোঁ আৰু তেওঁলোকক আশ্বাস দি থাকোঁ যে তেওঁলোকে যি উৎসাহ দেখুৱাই তাক আমি বহুত মূল্যাংকন কৰোঁ।—ফিলী. ৪, ৫, ৭.

১৫. কিছুমান ভাই-ভনীয়ে পূৰ্ণসময়ৰ সেৱকসকলক কেনেকৈ সহায় কৰে?

১৫ আমি নিজৰ সময় আৰু টকা-পইচাৰে ভাই-ভনীসকলক সহায় কৰিব পাৰোঁ, বিশেষকৈ পূৰ্ণসময়ৰ সেৱকসকলক। (হিতো. ১৯:১৭; ইব্ৰী ১৩:১৬) শ্ৰীলংকাত থকা এগৰাকী বৃদ্ধ ভনীয়ে এইদৰেই কৰিলে। তেওঁ দেখিলে যে টকা-পইচাৰ অভাৱ হোৱাৰ বাবে অগ্ৰগামী সেৱা কৰা দুজনী ভনীৰ বাবে এই সেৱা কৰি থাকিবলৈ কঠিন হৈছে। ভনীয়ে হৃদয়ৰ পৰা তেওঁলোকক সহায় কৰিব বিচাৰিছিল। সেইবাবে, যেতিয়া তেওঁৰ পেঞ্চনৰ টকা বাঢ়িলে, তেতিয়া প্ৰতি মাহে অলপ টকা সেই ভনীসকলক দিবলৈ নিৰ্ণয় লʼলে যাতে তেওঁলোকে নিজৰ ফোনৰ বিল দিব পাৰে। সঁচাকৈ, সেই বৃদ্ধ ভনীয়ে কিমান ভাল উৎসাহ দেখুৱালে!

১৬. নাচৰীয়াসকলৰ ব্যৱস্থাৰ পৰা আমি কি জানিব পাৰোঁ?

১৬ প্ৰাচীন সময়ত যিসকল লোকে নিজ ইচ্ছাৰে নাচৰীয়া হʼবলৈ প্ৰতিজ্ঞা কৰিছিল, তেওঁলোকৰ পৰা আমি বহুতো কথা শিকিব পাৰোঁ। কিন্তু এই ব্যৱস্থাৰ পৰা আমি যিহোৱাৰ বিষয়েও বহুতো কথা শিকিব পাৰোঁ। যিহোৱাৰ বিশ্বাস আছে যে আমি হৃদয়ৰ পৰা তেওঁক আনন্দিত কৰিব বিচাৰোঁ আৰু আমি যিকোনো ত্যাগ কৰিবলৈ সাজু থাকোঁ যাতে সমৰ্পণ কৰি আমি তেওঁক যি প্ৰতিজ্ঞা কৰিছিলোঁ, তাক পূৰ কৰিব পাৰোঁ। যিহোৱাৰ প্ৰতি আমাৰ যি প্ৰেম আছে তাক দেখুৱাবলৈ তেওঁ আমাক এটা বিশেষ সুযোগ দিছে। (হিতো. ২৩:১৫, ১৬; মাৰ্ক ১০:২৮-৩০; ১ যোহ. ৪:১৯) নাচৰীয়াসকলৰ ব্যৱস্থাৰ পৰা এয়াও জানিব পাৰি যে আমি যিহোৱাৰ সেৱা কৰিবলৈ যি ত্যাগ কৰোঁ, তাৰ প্ৰতি তেওঁ ধ্যান দিয়ে আৰু তাক মূল্যাংকন কৰে। গতিকে আহক আমি সদায় মনে-প্ৰাণে যিহোৱাৰ সেৱা কৰি থাকিবলৈ থিৰাং কৰোঁ।

আপুনি কেনেকৈ উত্তৰ দিব?

  • নাচৰীয়াসকলে ত্যাগ কৰিবলৈ সাজু আছিল আৰু সাহসেৰে কাম কৰিছিল বুলি কেনেকৈ দেখুৱালে?

  • নাচৰীয়াসকলৰ দৰে উৎসাহ দেখুৱাবলৈ আজি আমি এজনে-আনজনক কেনেকৈ উৎসাহিত কৰিব পাৰোঁ?

  • নাচৰীয়াসকলৰ ব্যৱস্থাৰ পৰা আমি যিহোৱাৰ বিষয়ে কি জানিব পাৰোঁ?

গীত ১২৪ সদায় নিষ্ঠাৱান

a কিছুমান লোকক নাচৰীয়া হʼবলৈ যিহোৱাই নিজেই বাছনি কৰিছিল। কিন্তু বেছি ভাগ ইস্ৰায়েলীয়ে নিজ ইচ্ছাৰে কিছু সময়লৈকে নাচৰীয়া হʼবলৈ প্ৰতিজ্ঞা কৰিছিল।—“ যিহোৱাই বাছনি কৰা নাচৰীয়াসকল” নামৰ বক্সখন চাওক।

b আমাৰ কিছুমান প্ৰকাশনত নাচৰীয়াসকলক পূৰ্ণসময়ৰ সেৱকসকলৰ লগত তুলনা কৰা হৈছে। কিন্তু এই লেখত আমি চাম যে যিহোৱালৈ নিজকে সমৰ্পণ কৰা সকলো সেৱকে কেনেকৈ নাচৰীয়াসকলৰ দৰে উৎসাহ দেখুৱাব পাৰে।

c চাবলৈ গʼলে নাচৰীয়াসকলক নিজৰ প্ৰতিজ্ঞা পূৰ কৰিবলৈ হয়তো বেলেগকৈ কোনো বিশেষ কাম কৰাৰ প্ৰয়োজন হোৱা নাছিল।

d jw.org-ত “যিহোৱাৰ সাক্ষীসকলৰ অনুভৱ” নামৰ ধাৰাবাহিকত দিয়া “কম খৰচত জীৱন-যাপন কৰাৰ বাবে পালোঁ বহুতো আনন্দ” (হিন্দী) নামৰ লেখখন পঢ়ক।

e ছবিৰ বিষয়ে,: এজন নাচৰীয়াৰ পৰিয়ালত কাৰোবাৰ মৃত্যু হৈছে আৰু তেওঁৰ মৃতদেহ লৈ যোৱা হৈছে। তেওঁ ঘৰৰ ছাদৰ পৰা এই সকলো চাই আছে। তেওঁ নিজৰ প্ৰতিজ্ঞাৰ বাবে সেই মৃতদেহৰ ওচৰলৈ যাব নোৱাৰে।