Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৮

গীত ১২৩ ঈশ্বৰৰ সংগঠনৰ নিয়মবোৰ হৃদয়েৰে পালন কৰক

যিহোৱাই দেখুৱা পথত চলি থাকক

যিহোৱাই দেখুৱা পথত চলি থাকক

“তুমি যাব লগীয়া বাটেদি তোমাক নিওঁতা তোমাৰ ঈশ্বৰ যিহোৱা ময়েই।”যিচ. ৪৮:১৭.

কি শিকিম?

আজি যিহোৱাই কেনেকৈ নিজৰ লোকসকলক সঠিক পথ দেখুৱাই আৰু তেওঁ দেখুৱা পথত চলিলে আমি কি কি আশীৰ্বাদ লাভ কৰিম?

১. উদাহৰণ দি বুজাওক যে আমি কিয় যিহোৱাই দেখুৱা পথত চলি থকা উচিত?

 কল্পনা কৰক, আপুনি এখন ঘন জংঘলত হেৰাই গৈছে। সেয়া এটা শিলাময় এলেকা হয়, যʼত চাৰিওফালে ভয়ংকৰ জীৱ-জন্তু ঘুৰি-ফুৰিছে। বিষাক্ত পোক-পৰুৱা আৰু গছ-গছনি আছে। কিন্তু আপোনাৰ লগত যদি এনে এজন ব্যক্তি থাকে, যিজনে জানে যে কʼত কʼত বিপদ আছে আৰু তাৰ পৰা কেনেকৈ বাচিব পাৰি, তেনেহʼলে আপুনি কিমান শান্ত্বনা লাভ কৰিব আৰু তেওঁৰ প্ৰতি কৃতজ্ঞ হʼব। এই পৃথিৱীখনো ঘন জংঘলৰ দৰে হয়, যʼত চাৰিওফালে বিপদ আছে। যদি আমি অলপো ইফাল-সিফাল হৈ যাওঁ, তেনেহʼলে যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্ক বেয়া হʼব পাৰে। কিন্তু আমি ভয় কৰাৰ প্ৰয়োজন নাই কিয়নো যিহোৱা আমাৰ লগত আছে। তেওঁ আমাক সকলো বিপদৰ পৰা বচাই আৰু আমাক এনে পথত লৈ যায়, যʼত গʼলে আমি নিজৰ লক্ষ্য স্থানত গৈ পাব পাৰিম অৰ্থাৎ নতুন পৃথিৱীত যʼত আমি শান্তিৰে জীয়াই থাকিব পাৰিম।

২. যিহোৱাই কেনেকৈ আমাক সঠিক পথ দেখুৱায়?

আজি যিহোৱাই কেনেকৈ আমাক পথ দেখুৱায়? নিজৰ বাক্য বাক্য বাইবেলৰ জৰিয়তে। ইয়াৰ উপৰিও তেওঁ লোকসকলৰ জৰিয়তেও আমাক সহায় কৰে। যেনে, যিহোৱাই ‘বিশ্বাসী আৰু বুদ্ধিমান দাসৰ’ জৰিয়তে আমাক সঠিক সময়ত আহাৰ দিয়ে, যাতে আমি সঠিক নিৰ্ণয় লʼব পাৰোঁ। (মথি ২৪:৪৫) তেওঁ আন যোগ্য লোকসকলৰ যোগেদিও আমাক পথ দেখুৱায়। যেনে, চাৰ্কিট ওভাৰচিয়াৰ আৰু মণ্ডলীৰ প্ৰাচীনসকলৰ যোগেদিও আমাক পথ দেখুৱাই আৰু আমাক নিৰ্দেশনা দিয়ে যাতে আমি সমস্যাবোৰ সন্মুখীন হʼব পাৰোঁ। এই শেষ কালত যিহোৱাই আমাক যিদৰে সহায় কৰি আছে তাৰ বাবে আমি বহুত কৃতজ্ঞ। ইয়াৰ সহায়ত আমি যিহোৱাৰ বন্ধু হৈ থাকিব পাৰোঁ আৰু জীৱনৰ পথত চলি থাকিব পাৰোঁ।

৩. এই লেখত আমি কি শিকিম?

কিন্তু কেতিয়াবা কেতিয়াবা আমাক যিহোৱাৰ পৰা পোৱা নিৰ্দেশনা মানিবলৈ কঠিন লাগিব পাৰে, বিশেষকৈ যেতিয়া এই নিৰ্দেশনা অসিদ্ধ মানুহে দিয়ে। ভাইসকলে যি নিৰ্দেশনা দিয়ে সেয়া আমাক হয়তো ভাল নালাগিব পাৰে বা সেই নিৰ্দেশনা আমাক সঠিক যেন নালাগিব পাৰে। সেইবাবে, হয়তো আমি ভাবিব পাৰোঁ যে এই নিৰ্দেশনা সঁচাকৈ যিহোৱাৰ ফালৰ পৰা হয় নে? এনে পৰিস্থিতিত আমি কি কৰিব পাৰোঁ? আমি সম্পূৰ্ণৰূপে ভৰসা ৰখা উচিত যে সেই ভাইসকলৰ জৰিয়তে যিহোৱাই আমাক নিৰ্দেশনা দি আছে আৰু সেইবোৰ পালন কৰিলে আমাৰেই লাভ হʼব। এই লেখত আমি শিকিম যে আমি নিজৰ এই ভৰসা কেনেকৈ বঢ়াব পাৰোঁ? আমি তিনিটা কথাৰ বিষয়ে আলোচনা কৰিম, (১) যিহোৱাই প্ৰাচীন সময়ত কেনেকৈ নিজৰ লোকসকলক পথ দেখুৱাইছিল? (২) যিহোৱাই আজি কেনেকৈ আমাক পথ দেখুৱাই আছে? আৰু (৩) তেওঁ দেখুৱা পথত চলি থাকিলে আমি কি কি আশীৰ্বাদ লাভ কৰি থাকিম?

প্ৰাচীন সময়ৰ পৰা বৰ্তমান সময়লৈকে যিহোৱাই লোকসকলৰ জৰিয়তে নিজৰ লোকসকলক পথ দেখুৱাই আছে (অনুচ্ছেদ ৩ চাওক)


যিহোৱাই ইস্ৰায়েলীসকলক কেনেকৈ পথ দেখুৱাইছিল?

৪-৫. যিহোৱাই মোচিৰ জৰিয়তে ইস্ৰায়েলীসকলক পথ দেখুৱাই আছে বুলি কেনেকৈ দেখুৱালে? (বেটুপাতত দিয়া ছবিখন চাওক।)

ইস্ৰায়েলীসকলক মিচৰ দেশৰ পৰা উলিয়াই আনিবলৈ যিহোৱাই মোচিক বাছনি কৰিছিল। যিহোৱাই বহুতো উপায়েৰে প্ৰমাণ কৰিছিল যে তেওঁৱেই মোচিৰ জৰিয়তে নিজৰ লোকসকলক পথ দেখুৱাই আছে। এই ঘটনাৰ বিষয়ে চিন্তা কৰক। যিহোৱাই দিনত মেঘ স্তম্ভ আৰু ৰাতি অগ্নি স্তম্ভৰ ব্যৱস্থা কৰিছিল। (যাত্ৰা. ১৩:২১) মোচিয়ে স্তম্ভৰ পিছে পিছে গৈছিল আৰু ইস্ৰায়েলীসকলক লৈ চুফ সাগৰত গৈ পালে। কিন্তু যেতিয়া ইস্ৰায়েলীসকলে দেখিলে যে ওচৰত চুফ সাগৰ আছে আৰু পিছফালে মিচৰীয়া সেনা বাহিনীয়ে বেগাই আহি আছে, তেতিয়া তেওঁলোকে বহুত ভয় খালে। মোচিয়ে তেওঁলোকক ইয়াত আনি বহুত ডাঙৰ ভুল কৰিলে আৰু এতিয়া তেওঁলোকে ফচি গʼল বুলি তেওঁলোকে ভাবিছিল। কিন্তু এয়া কোনো ভুল নাছিল কিয়নো যিহোৱাই মোচিৰ জৰিয়তে নিজৰ লোকসকলক জানি-শুনি ইয়ালৈ আনিছিল। (যাত্ৰা. ১৪:২) পাছত যিহোৱাই বহুত আচৰিত ধৰণে তেওঁলোকক বচালে।—যাত্ৰা. ১৪:২৬-২৮.

অৰণ্যত ঈশ্বৰৰ লোকসকলক পথ দেখুৱাবলৈ মোচিয়ে মেঘ স্তম্ভৰ ওপৰত নিৰ্ভৰ কৰিছিল(অনুচ্ছেদ ৪-৫ চাওক)


ইয়াৰ পাছত ৪০ বছৰলৈকে মোচিয়ে মেঘ স্তম্ভৰ পিছে পিছে গৈ থাকিল। অৰণ্যত যিহোৱাই নিজৰ লোকসকলক পথ দেখুৱাই থাকিল। a কিছু সময়লৈকে যিহোৱাই মেঘ স্তম্ভক মোচিৰ তম্বুৰ ওপৰত ৰখাইছিল আৰু তাক সকলো ইস্ৰায়েলীয়ে স্পষ্টকৈ চাব পাৰিছিল। (যাত্ৰা. ৩৩:৭, ৯, ১০) সেই স্তম্ভৰ পৰা যিহোৱাই মোচিৰ লগত কথা পাতিছিল আৰু তাক নিৰ্দেশনা দিছিল। তাৰ পাছত মোচিয়ে সেই নিৰ্দেশনাবোৰ লোকসকলক জনাইছিল। (গীত. ৯৯:৭) সঁচাকৈ ইস্ৰায়েলীসকলে স্পষ্টকৈ চাব পাৰিছিল যে যিহোৱাই মোচিৰ জৰিয়তে তেওঁলোকক পথ দেখুৱাই আছে।

মোচি আৰু তেওঁৰ পাছত নেতৃত্ব লʼবলৈ বাছনি কৰা যিহূচোৱা (অনুচ্ছেদ ৫, ৭ চাওক)


৬. বেছিভাগ ইস্ৰায়েলীয়ে কেনেধৰণৰ প্ৰতিক্ৰিয়া দেখুৱালে? (গণনা পুস্তক ১৪:২, ১০, ১১)

দুখৰ বিষয়ে যে যিহোৱাই মোচিৰ জৰিয়তে নিৰ্দেশনা দি আছে বুলি স্পষ্টকৈ প্ৰমাণ পোৱাৰ পাছতো এই কথাষাৰ মানি লʼবলৈ বেছিভাগ ইস্ৰায়েলীয়ে অস্বীকাৰ কৰিলে। (গণনা পুস্তক ১৪:২, ১০, ১১ পঢ়ক।) তেওঁলোকে বাৰে বাৰে এইদৰে কৰি থাকিল। সেইবাবে, যিহোৱাই সেই সময়ত জীয়াই থকা ইস্ৰায়েলীসকলক প্ৰতিজ্ঞা কৰা দেশত যাবলৈ নিদিলে।—গণ. ১৪:৩০.

৭. এনে কিছুমান লোকৰ উদাহৰণ দিয়ক যিসকলে যিহোৱাই দেখুৱা পথত চলি থাকিল? (গণনা পুস্তক ১৪:২৪) (ছবিখনো চাওক।)

কিন্তু কিছুমান ইস্ৰায়েলীয়ে যিহোৱাই দেখুৱা পথত চলি থাকিল। তেওঁলোকৰ মাজত কালেবো আছিল। যিহোৱাই কালেবৰ বিষয়ে এইদৰে কৈছিল, “তেওঁ সম্পূৰ্ণকৈ মোৰ আজ্ঞামতে চলিলে।” (গণনা পুস্তক ১৪:২৪ পঢ়ক।) যিহোৱাই তেওঁক ইয়াৰ পুৰস্কাৰ দিলে, আনকি প্ৰতিজ্ঞা কৰা দেশত তেওঁ কোনখন ঠাইত থাকিব তাক বাছনি কৰাৰ সুযোগো দিলে। (যিহো. ১৪:১২-১৪) ইয়াৰ উপৰিও, ইয়াৰ পাছৰ সময়ত জীয়াই থকা ইস্ৰায়েলীসকলেও যিহোৱাই দেখুৱা পথত চলি থাকিল। মোচিৰ পাছত যেতিয়া যিহোচূৱাক ইস্ৰায়েলৰ নেতৃত্ব লʼবলৈ বাছনি কৰা হʼল, তেতিয়া যিহোচূৱাকো “তেওঁৰ জীৱনৰ সকলো কালত তেওঁবিলাকে ভয় [সন্মান] কৰিলে।” (যিহো. ৪:১৪) ইয়াৰ বাবে যিহোৱাই তেওঁলোকক বহুতো আশীৰ্বাদ দিলে আৰু তেওঁলোকক প্ৰতিজ্ঞা কৰা দেশত লৈ গʼল।—যিহো. ২১:৪৩, ৪৪.

৮. ৰজাসকলৰ দিনত যিহোৱাই কেনেকৈ নিজৰ লোকসকলক পথ দেখুৱাইছিল? (ছবিখনো চাওক।)

বহু বছৰৰ পাছত যিহোৱাই নিজৰ লোকসকলক পথ দেখুৱাবলৈ বিচাৰকৰ্ত্তাবিলাকক বাছনি কৰিলে। ইয়াৰ পাছত ৰজাসকলৰ সময়ত যিহোৱাই ভৱিষ্যবক্তাসকলৰ জৰিয়তে নিজৰ লোকসকলক পথ দেখুৱাইছিল। বিশ্বাসী ৰজাসকলেও সেই ভৱিষ্যবক্তাসকলৰ কথা শুনিছিল। যেনে, যেতিয়া ভৱিষ্যবক্তা নাথনে ৰজা দায়ূদক তেওঁৰ ভুলৰ বিষয়ে জনাইছিল, তেতিয়া তেওঁ নম্ৰ হৈ নিজৰ ভুল মানি লৈছিল। (২ চমূ. ১২:৭, ১৩; ১ বং. ১৭:৩, ৪) ৰজা যিহোচাফটে ভৱিষ্যবক্তা জহজীয়েলৰ পৰামৰ্শ মানিলে আৰু ঈশ্বৰৰ ভৱিষ্যবক্তাসকলক বিশ্বাস কৰিবলৈ যিহূদাৰ লোকসকলক উৎসাহিত কৰিলে। (২ বং. ২০:১৪, ১৫, ২০) ৰজা হিষ্কিয়া যেতিয়া বহুত চিন্তিত আছিল, তেতিয়া তেওঁ ভৱিষ্যবক্তা যিচয়াৰ সহায় লৈছিল। (যিচ. ৩৭:১-৬) যেতিয়া ৰজাসকলে যিহোৱাই দেখুৱা পথত চলিছিল, তেতিয়া যিহোৱাই তেওঁলোকক আশীৰ্বাদ দিছিল আৰু গোটেই ৰাষ্ট্ৰক ৰক্ষা কৰিছিল। (২ বং. ২০:২৯, ৩০; ৩২:২২) এই সকলো চাই যিকোনো লোকে বুজিব পাৰিলেহেঁতেন যে যিহোৱাই ভৱিষ্যবক্তাসকলৰ জৰিয়তে নিজৰ লোকসকলক পথ দেখুৱাই আছে। তথাপিও বেছিভাগ ৰজা আৰু লোকসকলে যিহোৱাৰ ভৱিষ্যবক্তাসকলৰ কথা নুশুনিলে।—যিৰি. ৩৫:১২-১৫.

ৰজা হিষ্কিয়া আৰু ভৱিষ্যবক্তা যিচয়া (অনুচ্ছেদ ৮ চাওক)


যিহোৱাই প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলক কেনেকৈ পথ দেখুৱাইছিল?

৯. যিহোৱাই প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলক কেনেকৈ পথ দেখুৱাইছিল? (ছবিখনো চাওক।)

প্ৰথম শতিকাত যিহোৱাই খ্ৰীষ্টান মণ্ডলীৰ আৰম্ভ কৰিছিল। সেই সময়ত যিহোৱাই খ্ৰীষ্টানসকলক কেনেকৈ পথ দেখুৱাইছিল? তেওঁ মণ্ডলীৰ মূৰ বা মুৰব্বী হিচাপে যীচুক বাছনি কৰিছিল। (ইফি. ৫:২৩) কিন্তু যীচুয়ে প্ৰতিজন শিষ্যৰ ওচৰলৈ গৈ নিৰ্দেশনা দিয়া নাছিল। ইয়াৰ পৰিৱৰ্তে সেই সময়ত যিৰূচালেমত থকা পাঁচনি আৰু প্ৰাচীনসকলৰ জৰিয়তে তেওঁলোকৰ নেতৃত্ব লৈছিল। (পাঁচ. ১৫:১, ২) ইয়াৰ উপৰিও মণ্ডলীৰ নেতৃত্ব লʼবলৈ প্ৰাচীনসকলক নিযুক্ত কৰা হৈছিল।—১ থিচ. ৫:১২; তীত ১:৫.

যিৰূচালেমত পাঁচনি আৰু প্ৰাচীনসকল (অনুচ্ছেদ ৯ চাওক)


১০. (ক) প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে কেনে প্ৰতিক্ৰয়া দেখুৱাইছিল? (পাঁচনিৰ কৰ্ম্ম ১৫:৩০, ৩১) (খ) প্ৰাচীন সময়ত কিছুমান লোকে যিহোৱাই বাছনি কৰা লোকসকলৰ কথাৰ ওপৰত কিয় ভৰসা কৰা নাছিল? (“ কিছুমান লোকে স্পষ্টকৈ দেখি পোৱা প্ৰমাণবোৰকো কিয় আওকাণ কৰিলে?” নামৰ বক্সখন চাওক।)

১০ যিহোৱাই প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলক যিদৰে পথ দেখুৱাইছিল, তাৰ প্ৰতি তেওঁলোকে কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল? বেছিভাগ খ্ৰীষ্টানে যি নিৰ্দেশনা পাইছিল তাক আনন্দ মনেৰে পালন কৰিলে। আনকি তেওঁলোকে নিৰ্দেশনাবোৰ “পঢ়ি আশ্বাসজনক কথাৰ কাৰণে আনন্দ কৰিলে।” (পাঁচনিৰ কৰ্ম্ম ১৫:৩০, ৩১ পঢ়ক।) কিন্তু যিহোৱাই বৰ্তমান সময়ত নিজৰ লোকসকল কেনেকৈ পথ দেখুৱাই আছে?

 

যিহোৱাই বৰ্তমান সময়ত নিজৰ লোকসকল কেনেকৈ পথ দেখুৱাই আছে?

১১. উদাহৰণ দি বুজাওক যে যিহোৱাই বৰ্তমান সময়ত নেতৃত্ব লোৱা ভাইসকলক কেনেকৈ সঠিক পথ দেখুৱাই আছে?

১১ যিহোৱাই বৰ্তমান সময়তো নিজৰ লোকসকলক পথ দেখুৱাই আছে। তেওঁ নিজৰ বাক্য বাইবেল আৰু নিজৰ পুত্ৰৰ জৰিয়তে এইদৰে কৰি আছে, যিজন মণ্ডলীৰ মুৰব্বী হয়। ইয়াৰ উপৰিও প্ৰাচীন সময়ত যিহোৱাই লোকসকলৰ জৰিয়তে যিদৰে নিজৰ লোকসকলক পথ দেখুৱাইছিল, ঠিক সেইদৰে আজিও কৰি আছে। আমি এয়া কিয় কʼব পাৰোঁ? মন কৰক যে ১৮৭০ চনৰ পাছত কি হʼল। চাৰ্ল্চ টেজ ৰছল আৰু তেওঁৰ সংগীসকলে বাইবেলৰ ভৱিষ্যবাণীবোৰ অধ্যয়ন কৰিবলৈ ধৰিলে আৰু ইয়াৰ পৰা তেওঁলোকৰ বিশ্বাস হʼল যে ১৯১৪ চনটো ঈশ্বৰৰ ৰাজ্যৰ ক্ষেত্ৰত বৰ বিশেষ বছৰ হʼবলগীয়া আছে। (দানি. ৪:২৫, ২৬) এই সকলোৰে আঁৰত যিহোৱাৰ হাত আছিল নে? নিশ্চয়। ১৯১৪ চনত যিবোৰ ঘটনা ঘটিছিল তাৰ পৰা প্ৰমাণ হʼল যে ঈশ্বৰৰ ৰাজ্য আৰম্ভ হʼল। সেই বছৰতেই প্ৰথম বিশ্ব যুদ্ধ হʼল, মহামাৰী বিয়পিবলৈ ধৰিলে, ঠায়ে ঠায়ে ভূমিকম্প আৰু আকাল হʼবলৈ ধৰিলে। (লূক ২১:১০, ১১) সঁচাকৈ যিহোৱাই সেই বাইবেল বিদ্যাৰ্থীসকলৰ জৰিয়তে নিজৰ লোকসকলক পথ দেখুৱাই আছিল।

১২-১৩. বেছিতকৈ বেছি লোকক প্ৰচাৰ কৰিবলৈ আৰু শিকাবলৈ দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ছোৱাত কি ব্যৱস্থা কৰা হৈছিল?

১২ দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ছোৱাত কি হৈছিল এতিয়া তালৈ মন কৰক। মুখ্য কাৰ্য্যালয়ত দায়িত্ব লোৱা ভাইসকলে প্ৰকাশিত বাক্য ১৭:৮ পদত লিখা কথা অধ্যয়ন কৰিলে। ইয়াৰ পৰা তেওঁলোকে বুজি পালে যে দ্বিতীয় বিশ্ব যুদ্ধৰ পাছত হৰমাগিদোনৰ যুদ্ধ নহʼব, তাৰ পৰিৱৰ্তে এনে এটা সময় আহিব, যʼত কিছু সময়লৈকে শান্তি থাকিব আৰু তেওঁলোকে উৎসাহেৰে প্ৰচাৰ কৰিব পাৰিব। সেইবাবে, যিহোৱাৰ সংগঠনে ‘ৱাচটাৱাৰ বাইবেল কলেজ (স্কুল) অফ গিলিয়াডৰ’ আৰম্ভ কৰিলে। মানুহৰ দৃষ্টিৰে চালে সেই সময়ত এইদৰে কৰাটো সঠিক নাছিল। তথাপিও, ভাইসকলে এই ব্যৱস্থা কৰিলে যাতে গোটেই পৃথিৱীত লোকসকলক প্ৰচাৰ কৰিবলৈ আৰু শিকাবলৈ মিচনেৰীসকলক ট্ৰেইনিং দিব পাৰে। যুদ্ধ চলি থকাৰ সময়তে মিচনেৰীসকলক বেলেগ বেলেগ ঠাইত পঠিওৱা হৈছিল। ইয়াৰ উপৰিও বিশ্বাসী আৰু বুদ্ধিমান দাসে ঈশ্বৰশাসিত সেৱা স্কুলৰ b আৰম্ভ কৰিছিল, যাতে মণ্ডলীৰ ভাই-ভনীসকলক ভালদৰে প্ৰচাৰ কৰিবলৈ আৰু শিকাবলৈ ট্ৰেইনিং দিব পাৰে। এইদৰে যিহোৱাই নিজৰ লোকসকলক আৰু বেছিকৈ প্ৰচাৰ কৰিবলৈ তৈয়াৰ কৰি আছিল।

১৩ সেই সময়ত যি হৈছিল তাৰ পৰা স্পষ্টকৈ জানিব পাৰি যে এই কঠিন সময়তো যিহোৱাই নিজৰ লোকসকলক পথ দেখুৱাই আছিল। দ্বিতীয় বিশ্ব যুদ্ধৰ পাছত যিহোৱাৰ লোকসকলে বহুতো দেশত শান্তিৰে আৰু কোনো বাধা নোহোৱাকৈ প্ৰচাৰ কৰিব পাৰিছে। ঈশ্বৰৰ সেৱকসকলে গোটেই পৃথিৱীত লোকসকলক শুভবাৰ্তা প্ৰচাৰ কৰি আছে আৰু বহুতো লোকে যিহোৱাৰ বিষয়ে জানিব পাৰিছে।

১৪. যিহোৱাৰ সংগঠন আৰু প্ৰাচীনসকলৰ পৰা আজি আমি যিবোৰ নিৰ্দেশনা পাওঁ তাৰ ওপৰত আমি কিয় সম্পূৰ্ণৰূপে ভৰসা কৰিব পাৰোঁ? (প্ৰকাশিত বাক্য ২:১) (ছবিখনো চাওক।)

১৪ প্ৰশাসন গোষ্ঠীৰ ভাইসকলে সদায় এয়া জানিবলৈ চেষ্টা কৰে যে যীচুৱে তেওঁলোকৰ পৰা কি বিচাৰে আৰু তেওঁলোকে যিহোৱা আৰু যীচুৰ চিন্তাধাৰা অনুসৰি ভাই-ভনীসকলক নিৰ্দেশনা দিব বিচাৰে। তেওঁলোকে এই নিৰ্দেশনাবোৰ চাৰ্কিট ওভাৰচিয়াৰ আৰু প্ৰাচীনসকলৰ জৰিয়তে মণ্ডলীবোৰত দিয়ে। c অভিষিক্ত প্ৰাচীন আৰু মণ্ডলীৰ আন সকলো প্ৰাচীন খ্ৰীষ্টৰ “সোঁ হাতত” আছে। (প্ৰকাশিত বাক্য ২:১ পঢ়ক।) যিদৰে মোচি, যিহোচূৱা আৰু পাঁচনিসকলৰ পৰা কেতিয়াবা কেতিয়াবা ভুল হৈছিল, ঠিক সেইদৰে প্ৰাচীনসকলৰ পৰাও ভুল হয়, কিয়নো তেওঁলোক অসিদ্ধ। (গণ. ২০:১২; যিহো. ৯:১৪, ১৫; ৰোম. ৩:২৩) তথাপি খ্ৰীষ্টই বুদ্ধিমতাৰে বিশ্বাসী আৰু বুদ্ধিমান দাস আৰু প্ৰাচীনসকলক নিৰ্দেশনা দি আছে তাৰ প্ৰমাণ স্পষ্টকৈ দেখিবলৈ পোৱা যায় আৰু ‘জগতৰ ব্যৱস্থাৰ শেষ সময়লৈকে সদায়’ যীচুৱে এইদৰে কৰি থাকিব। (মথি ২৮:২০) সেইবাবে, প্ৰাচীনসকলৰ পৰা পোৱা নিৰ্দেশনাবোৰৰ ওপৰত আমি সম্পূৰ্ণৰূপে ভৰসা কৰিব পাৰোঁ, যিসকলৰ জৰিয়তে আজি খ্ৰীষ্টই নিজৰ লোকসকলৰ নেতৃত্ব লৈ আছে।

বৰ্তমান সময়ৰ প্ৰশাসন গোষ্ঠী (অনুচ্ছেদ ১৪ চাওক)


যিহোৱাৰ পথত চলি থাকিলে আশীৰ্বাদ পোৱা যায়

১৫-১৬. যিসকল লোকে সদায় যিহোৱাই দেখুৱা পথত চলি থাকে, তেওঁলোকৰ অনুভৱৰ পৰা আপুনি কি শিকিলে?

১৫ যিহোৱাই দেখুৱা পথত চলি থাকিলে আজিও আমি বহুতো আশীৰ্বাদ লাভ কৰোঁ। ভাই এণ্ড্ৰো আৰু ভনী ৰʼচৰ d উদাহৰণলৈ মন কৰক। আমি নিজৰ জীৱন সৰল কৰাৰ যি নিৰ্দেশনা বাৰে বাৰে পাওঁ সেয়া তেওঁলোকে পালন কৰিলে। (মথি ৬:২২) সেইবাবে, তেওঁলোকে সংগঠনৰ নিৰ্মাণ কামত সহায় কৰিব পাৰিলে। ভনী ৰʼচে এইদৰে কৈছে, “কেতিয়াবা কেতিয়াবা আমি বহুত সৰু ঠাইত থাকিছিলোঁ আৰু বহু বাৰ তাত পাকঘৰো নাছিল। ইয়াৰ উপৰিও ফটো তুলি মোক বহুত ভাল লাগিছিল কিন্তু মই মোৰ কেমেৰা আৰু আন বস্তুবোৰ বিক্ৰী কৰিবলগীয়া হʼল। সেই সময়ত মোৰ চকু পানী বৈ আহিছিল কিন্তু অব্ৰাহামৰ পত্নীৰ দৰে মই থিৰাং কৰিলোঁ যে মই এৰি আহা বস্তুবোৰলৈ ধ্যান দিয়াৰ পৰিৱৰ্তে এতিয়া কি কৰিব পাৰিছোঁ তালৈ ধ্যান দিম।” (ইব্ৰী ১১:১৫) এই দম্পতীয়ে যি নিৰ্ণয় লʼলে, তাৰ বাবে তেওঁলোকে বহুতো আশীৰ্বাদ লাভ কৰিলে। ভনীয়ে এইদৰে কৈছে, “আমি বহুত আনন্দিত যে আমি যিহোৱাক নিজৰ সকলোবোৰ দিব পাৰিছোঁ। সংগঠনৰ নিৰ্মাণ কামত ভাগ লৈ আমি এয়া জানিব পাৰিছোঁ যে নতুন পৃথিৱীত জীৱন কেনেকুৱা হʼব।” ভাই এণ্ড্ৰোৱেও এইদৰেই অনুভৱ কৰে। তেওঁ এইদৰে কৈছে, “ৰাজ্যৰ কামত নিজকে সম্পূৰ্ণৰূপে দিয়াৰ কাৰণে আমি সঁচাকৈ বহুত আনন্দিত।”

১৬ যিহোৱাই দেখুৱা পথত চলি থাকিলে আৰু কি লাভ হয়? ভনী মাৰ্চিয়াৰ অনুভৱলৈ মন কৰোঁ। স্কুলৰ পঢ়া শেষ কৰাৰ পাছত তাই সংগঠনৰ পৰা পোৱা নিৰ্দেশনা মানিলে আৰু যিহোৱাৰ সেৱাক নিজৰ কেৰিয়াৰ বনালে। (মথি ৬:৩৩; ৰোম. ১২:১১) তাই এইদৰে কৈছে, “মই চাৰি বছৰৰ স্কলাৰশ্বিপত বিশ্ববিদ্যালয়ত পঢ়াৰ সুযোগ পাইছিলোঁ। কিন্তু মই যিহোৱাৰ সেৱা কৰিব বিচাৰিছিলোঁ। সেইবাবে, মই এটা সৰু-সুৰা টেকনিকেল কৰ্চ কৰিলোঁ, যাতে কিছু টকা গোটাব পাৰোঁ আৰু বেছিতকৈ বেছি প্ৰচাৰ কৰিব পাৰোঁ। সেয়া মোৰ জীৱনৰ আটাইতকৈ ভাল নিৰ্ণয় আছিল। মই অগ্ৰগামী সেৱক হিচাপে সেৱা কৰি আছোঁ আৰু বহুত আনন্দিত আছোঁ। মই মোৰ সময়ৰ অনুসৰি নিজৰ কাম কৰিব পাৰোঁ। সেইবাবে, মই কিছু দিন বেথেলত সেৱা কৰিব পাৰোঁ আৰু মই যিহোৱাৰ সেৱা কৰিবলৈ আৰু বহুতো সুযোগ লাভ কৰোঁ।

১৭. যিহোৱাই দেখুৱা পথত চলি থাকিলে আৰু কি কি আশীৰ্বাদ পোৱা যায়? (যিচয়া ৪৮:১৭, ১৮)

১৭ আমি সংগঠনৰ পৰা সময়ে সময়ে যি নিৰ্দেশনা পাওঁ তাক পালন কৰিলে আমাৰে লাভ হয়। যেনে, আমাক সাৱধান কৰা হয় যাতে আমি বেছিকৈ টকা পইচা গোটোৱাৰ পৰা আঁতৰি থাকোঁ আৰু এনে একো কাম নকৰোঁ যাৰ পৰা আগলৈ গৈ আমি পাপ কৰিব পাৰোঁ। এনেধৰণৰ পৰামৰ্শ পালন কৰিলেও আমি আশীৰ্বাদ লাভ কৰোঁ। আমাৰ বিবেক শুদ্ধ হৈ থাকে আৰু আমি সমস্যাবোৰৰ পৰা বাচি থাকিব পাৰোঁ। (১ তীম. ৬:৯, ১০) ইয়াৰ বাবে আমি সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ উপাসনা কৰিব পাৰোঁ। এনে কৰাৰ বাবে আমি যি আনন্দ আৰু শান্তি পাওঁ, সেয়া আৰু আন কোনো কামৰ পৰা পাব নোৱাৰি।—যিচয়া ৪৮:১৭, ১৮ পঢ়ক।

১৮. আপুনি যিহোৱাই দেখুৱা পথত চলি থাকিবলৈ কিয় থিৰাং কৰিছে?

১৮ যিহোৱাই মহা-সংকটৰ সময়ছোৱাত আৰু মচীহৰহাজাৰ বছৰৰ শাসনৰ সময়ছোৱাত লোকসকলৰ জৰিয়তে নিজৰ লোকসকলক সঠিক পথ দেখুৱাই থাকিব তাত কোনো সন্দেহ নাই। (গীত. ৪৫:১৬) সেই সময়ত আমাক যি নিৰ্দেশনা দিয়া হʼব, সেয়া হয়তো আমাক ভাল নালাগিব পাৰে। কিন্তু তেতিয়াও আমি সেইবোৰ পালন কৰিম নে? যদি আজি আমি যিহোৱাই দিয়া নিৰ্দেশনাবোৰ পালন কৰিবলৈ শিকোঁ, তেনেহʼলে তেতিয়াও আমি এইদৰে কৰিব পাৰিম। গতিকে আহক আমি সদায় যিহোৱাই দেখুৱা পথত চলি থাকোঁ আৰু সেই লোকসকলৰ পৰামৰ্শ পালন কৰোঁ, যিসকলক তেওঁ আমাৰ নেতৃত্ব লʼবলৈ নিযুক্ত কৰিছে। (যিচ. ৩২:১, ২; ইব্ৰী ১৩:১৭) এইদৰে কৰি আমি দেখুৱাম যে যিহোৱাই আমাক সঠিক পথ দেখুৱাব বুলি আমাৰ সম্পূৰ্ণ ভৰসা আছে। তেওঁ আমাক এনে সকলো বিপদৰ পৰা বচাই যাৰ পৰা তেওঁৰ লগত থকা আমাৰ সম্পৰ্ক বেয়া হʼব পাৰে আৰু আমাৰ লক্ষ্য স্থানত লৈ যায় অৰ্থাৎ নতুন পৃথিৱীত যʼত আমি সদায় জীয়াই থাকিম।

আপুনি কেনেকৈ উত্তৰ দিব?

  • যিহোৱাই ইস্ৰায়েলীসকলক কেনেকৈ পথ দেখুৱাইছিল?

  • যিহোৱাই প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলক কেনেকৈ পথ দেখুৱাইছিল?

  • যিহোৱাই দেখুৱা পথত চলি থাকিলে আজি আমি কি কি আশীৰ্বাদ লাভ কৰোঁ?

গীত ৪৮ প্ৰতি দিনে যিহোৱাৰ লগত চলা

a প্ৰতিজ্ঞা কৰা দেশত যাবলৈ ৰাস্তা দেখুৱাৰ বাবে যিহোৱাই এজন স্বৰ্গদূতক বাছনি কৰিছিল, যি ‘ইস্ৰায়েলৰ আগে আগে গৈছিল।’ নিশ্চয়, সেই স্বৰ্গদূতজন মীখায়েল আছিল। পৃথিৱীত অহাৰ আগত যীচুৰ নাম মীখায়েল আছিল।—যাত্ৰা. ১৪:১৯; ৩২:৩৪

b পাছত ইয়াক ‘ঈশ্বৰশাসিত স্কুল’ বুলি কোৱা হʼল। আজি এই ট্ৰেইনিং সপ্তাহৰ মাজত হোৱা সভাত দিয়া হয়।

c ফেব্ৰুৱাৰী ২০২১ চনৰ প্ৰহৰীদুৰ্গৰ পৃষ্ঠা ১৮-ত দিয়া “প্ৰশাসন গোষ্ঠীৰ দায়িত্ব” নামৰ বক্সখন পঢ়ক।

d কিছুমান নাম সলনি কৰা হৈছে।