Skip to content

Skip to table of contents

যিহোৱাৰ দিনৰ বাবে অপেক্ষা কৰাৰ সময়ত কেনেকৈ আনন্দত থাকিব পাৰোঁ?

যিহোৱাৰ দিনৰ বাবে অপেক্ষা কৰাৰ সময়ত কেনেকৈ আনন্দত থাকিব পাৰোঁ?

আপুনি সেই সময়ৰ বাবে আগ্ৰহেৰে বাট চাই আছে নে, যেতিয়া যিহোৱাই সকলো দুষ্টতাক শেষ কৰি সকলোবোৰ নতুন কৰিব। (প্ৰকা. ২১:১-৫) সঁচাকৈ আমি সকলোৱে এইদৰে কৰি আছোঁ। কিন্তু ধৈৰ্য্য ধৰা আৰু যিহোৱাৰ দিনৰ বাবে অপেক্ষা কৰা সদায় সহজ নহʼবও পাৰে, বিশেষকৈ যেতিয়া আমি কোনো সমস্যাৰ মাজেদি পাৰ হওঁ। বাইবেলত কিমান সঁচা কথা লিখা আছে যে যেতিয়া আমাৰ আশা পূৰ হোৱাত দেৰি হয়, তেতিয়া আমাৰ মন নিৰাশ হৈ পৰে।—হিতো. ১৩:১২.

তথাপিও আমি ধৈৰ্য্য ধৰা আৰু যিহোৱাই নিৰ্ধাৰিত কৰা সময়ৰ বাবে অপেক্ষা কৰি থকাটো যিহোৱাই বিচাৰে। যিহোৱাই আমাৰ পৰা এয়া কিয় বিচাৰে আৰু আমি অপেক্ষা কৰি থকাৰ সময়ত কেনেকৈ আনন্দিত থাকিব পাৰোঁ?

আমি ধৈৰ্য্য ধৰাটো যিহোৱাই কিয় বিচাৰে?

বাইবেলত লিখা আছে, “যিহোৱাই তোমালোকক দয়া কৰিবলৈ অপেক্ষা কৰিব, আৰু এই নিমিত্তে তেওঁ তোমালোকক অনুগ্ৰহ কৰিবলৈ উঠিব; কিয়নো যিহোৱা ন্যায় বিচাৰ কৰোঁতা ঈশ্বৰ, যি সকলোৱে তেওঁলৈ অপেক্ষা কৰে, সেই সকলো ধন্য।” (যিচ. ৩০:১৮) যিচয়াই ৩০ অধ্যায়ত লিখা এই কথা যিচয়াই সেই যিহূদীসকলক কৈছিল, যিসকলে নিজকে যি ভাল লাগিছিল তাৰ মতে কাম কৰিছিল। (যিচ. ৩০:১) কিন্তু তেওঁলোকৰ মাজত কিছুমান বিশ্বাসী যিহূদীও আছিল, যিসকলে ১৮ পদত লিখা এই কথা শুনি আশা লাভ কৰিছিল। ঠিক সেইদৰে আজিও যিহোৱাৰ বিশ্বাসী সেৱকসকলে যিচয়াৰ এই কথাৰ পৰা আশা লাভ কৰে।

যিচয়াই লিখা এই কথাৰ পৰা গম পোৱা যায় যে যিহোৱাই ধৈৰ্য্য ধৰি আছে। সেইবাবে, আমিও ধৈৰ্য্য ধৰা উচিত। যিহোৱাই এই দুষ্ট জগতক নাশ কৰাৰ এটা সময় নিৰ্ধাৰণ কৰিছে। যেতিয়ালৈকে সেই দিন আৰু সময় নাহে, তেতিয়ালৈকে তেওঁ অপেক্ষা কৰি আছে। (মথি ২৪:৩৬) চয়তানে যিহোৱা আৰু তেওঁৰ সেৱকসকলৰ ওপৰত যি অভিযোগ লগাইছে, সেয়া একেবাৰে মিছা হয় বুলি সেই সময়ত প্ৰমাণ হৈ যাব। ইয়াৰ পাছত সকলো দুষ্ট লোকক শেষ কৰা হʼব, লগতে চয়তান আৰু দুষ্ট স্বৰ্গদূতসকলক অগাধ ঠাইত পেলাই দিব কিন্তু তেওঁ আমাক ‘দয়া কৰিব।’

যেতিয়ালৈকে সেই সময় নাহে, তেতিয়ালৈকে যিহোৱাই আমাৰ সমস্যাবোৰ হয়তো দূৰ নকৰিব, কিন্তু তেওঁ আমাক আশ্বাস দিয়ে যে যদি আমি অপেক্ষা কৰিম, তেনেহʼলে আমি আনন্দত থাকিব পাৰিম। যিচয়াই কৈছিল যে যেতিয়া আমি কিবা এটা ভাল হʼব বুলি আগ্ৰহেৰে বাট চাই থাকোঁ, তেতিয়াও আমি আনন্দত থাকিব পাৰোঁ। (যিচ. ৩০:১৮) a ইয়াৰ বাবে আমি কি কৰিব লাগিব? তলত উল্লেখ কৰা চাৰিটা কথালৈ মন কৰক।

অপেক্ষা কৰাৰ সময়ত কেনেকৈ আনন্দত থাকিব পাৰোঁ?

ভাল কথাবোৰলৈ মন দিয়ক। ৰজা দায়ূদে নিজৰ চাৰিওফালে বহুতো দুষ্টতা হৈ থকা দেখিছিল। (গীত. ৩৭:৩৫) তথাপিও তেওঁ এইদৰে লিখিলে, “যিহোৱাৰ আগত শান্তভাৱে থাকি তেওঁলৈ অপেক্ষা কৰা; যি মানুহ নিজ পথত কৃতকাৰ্য্য হয়, তাৰ বিষয়ে বেজাৰ নাপাবা; যেয়ে নিজ কুকল্পনা সিদ্ধ কৰে, তালৈ তুমি অসন্তুষ্ট নহবা।” (গীত. ৩৭:৭) দায়ূদে নিজেও এই পৰামৰ্শ পালন কৰিছিল। তেওঁ যিহোৱাৰ প্ৰতিজ্ঞাৰ ওপৰত ধ্যান দিলে যে যিহোৱাই তেওঁক নিশ্চয় সহায় কৰিব। যিহোৱাই এতিয়ালৈকে তেওঁৰ বাবে কি কি কৰিলে তাৰ ওপৰতো তেওঁ ধ্যান দিলে। (গীত. ৪০:৫) ঠিক সেইদৰে আমি কেৱল নিজৰ সমস্যাৰ ওপৰত ধ্যান দি থকা উচিত নহয়। ইয়াৰ পৰিৱৰ্তে আমাৰ লগত এতিয়ালৈকে কি কি ভাল হʼল, তাৰ ওপৰত ধ্যান দিয়া উচিত। তেতিয়া যিহোৱাৰ দিনৰ বাবে অপেক্ষা কৰিবলৈ আমাৰ বাবে সহজ হৈ পৰিব।

যেতিয়াই সুযোগ পাই, তেতিয়াই যিহোৱাৰ প্ৰশংসা কৰক। ইয়াৰ বিষয়ে গীতমালা ৭১-ত এটা বহুত ভাল কথা কোৱা হৈছে। এই কথা হয়তো দায়ূদেই কৈছিল। তেওঁ যিহোৱাক এইদৰে কৈছিল, “মই হলে, সদায় আশা কৰি থাকিম, তোমাৰ প্ৰশংসা আৰু অধিককৈ কৰিম।” (গীত. ৭১:১৪) তেওঁ যিহোৱাৰ প্ৰশংসা কেনেকৈ কৰিলে? যিহোৱাৰ বিষয়ে আনক জনাই আৰু তেওঁৰ প্ৰশংসাত গীত গায়। (গীত. ৭১:১৬, ২৩) দায়ূদৰ দৰে আমিও আনন্দেৰে যিহোৱাৰ দিনৰ বাবে অপেক্ষা কৰিব পাৰোঁ আৰু তেওঁৰ প্ৰশংসা কৰিব পাৰোঁ। যেতিয়া আমি প্ৰচাৰ কৰোঁ, এজনে-আনজনৰ লগত কথা পাতোঁ আৰু উপাসনাৰ বাবে গীত গাওঁ, তেতিয়া আমি যিহোৱাৰ প্ৰশংসা কৰোঁ। গতিকে ইয়াৰ পাছত যেতিয়া আপুনি কোনা এটা ৰাজ্য গীত গাব, তেতিয়া তাৰ শব্দবোৰৰ ওপৰত বিশেষ ধ্যান দিয়ক আৰু চিন্তা কৰক যে তাৰ পৰা আপুনি কেনেকৈ উৎসাহ পাব পাৰে।

ভাই-ভনীসকলৰ লগত সময় কটাওক আৰু উৎসাহ লাভ কৰক। যেতিয়া দায়ূদে সমস্যাৰ সন্মুখীন হৈ আছিল, তেতিয়া তেওঁ যিহোৱাক এইদৰে কৈছিল, “মই তোমাৰ সাধুবিলাকৰ সন্মুখত তোমাৰ নামলৈ অপেক্ষা কৰিম।” (গীত. ৫২:৯) যেতিয়া আমি ভাই-ভনীসকলৰ লগত সময় কটাও, তেতিয়া আমি উৎসাহ লাভ কৰোঁ। আমি সভাত আৰু প্ৰচাৰ কৰাৰ সময়ত ভাই-ভনীসকলক লগ কৰোৱেই কিন্তু আমি আন সময়তো তেওঁলোকৰ লগত সময় কটাব পাৰোঁ আৰু তেওঁলোকৰ পৰা উৎসাহ পাব পাৰোঁ। —ৰোম. ১:১১, ১২.

নিজৰ আশা দৃঢ় কৰি থাকক। গীতমালা ৬২:৫ পদত এইদৰে লিখা আছে, “হে মোৰ প্ৰাণ, কেৱল ঈশ্বৰলৈহে অপেক্ষা কৰা; কিয়নো তেওঁৰ পৰাই মোৰ আশা জন্মে।” দৃঢ় আশাৰ অৰ্থ হৈছে কোনো এটা কথাৰ বাবে সম্পূৰ্ণ বিশ্বাসেৰে অপেক্ষা কৰা। কিন্তু আমি যদি বহু সময়ৰ পৰা অপেক্ষা কৰি আছোঁ, তেনেহʼলে আমাৰ আশা দুৰ্বল হʼব পাৰে। সেইবাবে, আমাৰ আশা পূৰ হʼবলৈ যিমানেই দেৰি নহওক কিয়, যিহোৱাই যি প্ৰতিজ্ঞা কৰিছে, সেয়া নিশ্চয় পূৰ হʼব বুলি আমাৰ সম্পূৰ্ণ বিশ্বাস থকা উচিত। কিন্তু আমি নিজৰ আশা বা বিশ্বাস কেনেকৈ দৃঢ় কৰিব পাৰোঁ? ঈশ্বৰৰ বাক্য অধ্যয়ন কৰি। যেনে, আমি এই বিষয়ে ভাবিব পাৰোঁ যে বাইবেলৰ বেলেগ বেলেগ ভৱিষ্যবাণী কেনেকৈ পূৰ হʼল আৰু এইবোৰ বেলেগ বেলেগ ব্যক্তিয়ে লিখাৰ সত্ত্বেও ইয়াৰ মাজত মিল আছে আৰু ইয়াৰ পৰা আমি যিহোৱাৰ বিষয়ে বহুতো কথা শিকিব পাৰোঁ। (গীত. ১:২, ৩) ইয়াৰ উপৰিও আমি ‘পবিত্ৰ আত্মাৰ অনুসৰি প্ৰাৰ্থনা কৰি’ থকা উচিত যাতে যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্ক মজবুত হৈ থাকে, আমি ধৈৰ্য্য ধৰিব পাৰোঁ আৰু অনন্ত জীৱন জীয়াই থকাৰ প্ৰতিজ্ঞাৰ বাবে অপেক্ষা কৰিব পাৰোঁ।—যিহূ. ২০, ২১.

ৰজা দায়ূদৰ দৰে বিশ্বাস ৰাখক যে যিসকল লোকে যিহোৱাৰ দিনৰ বাবে অপেক্ষা কৰে, তেওঁলোকৰ ওপৰত যিহোৱাৰ দৃষ্টি থাকে আৰু যিহোৱাই তেওঁলোকক প্ৰকৃত প্ৰেম কৰে। (গীত. ৩৩:১৮, ২২) গতিকে আহক ভাল কথাবোৰলৈ ধ্যান দিওঁ, যিহোৱাৰ প্ৰশংসা কৰোঁ, ভাই-ভনীসকলৰ লগত সময় কটাই সাহস লাভ কৰি থাকোঁ আৰু নিজৰ আশা দৃঢ় কৰি থাকোঁ। তেতিয়াহে আমি সদায় ধৈৰ্য্য ধৰিব পাৰিম আৰু আনন্দেৰে যিহোৱাৰ দিনৰ বাবে অপেক্ষা কৰিব পাৰিম।

a মূল ভাষাত “অপেক্ষা” শব্দৰ অৰ্থ এয়াও হʼব পাৰে যে “কিবা কথা নিশ্চয় পূৰ হʼব বুলি ধৈৰ্য্যৰে অপেক্ষা কৰা” ইয়ে দেখুৱাই যে আমাৰ উদ্ধাৰ পোৱাৰ আশা স্বাভাৱিক।