Skip to content

Skip to table of contents

প্ৰশাসন গোষ্ঠীৰ দুজন নতুন সদস্য

প্ৰশাসন গোষ্ঠীৰ দুজন নতুন সদস্য

বুধবাৰ ১৮ জানুৱাৰী, ২০২৩ চনত jw.org-ত এটা বিশেষ খবৰ দিয়া হʼল। তাত জনোৱা হʼল যে, ভাই গেজ ফ্লিগল আৰু ভাই জেফ্ৰি উইণ্ডাৰ এতিয়াৰ পৰা যিহোৱাৰ সাক্ষীসকলৰ প্ৰশাসন গোষ্ঠীৰ সদস্য হিচাপে সেৱা কৰিব। দুয়োজন ভাই বহু সময়ৰ পৰা বিশ্বাসী হৈ যিহোৱাৰ সেৱা কৰি আছে।

গেজ ফ্লিগল আৰু তেওঁৰ পত্নী নাদিয়া

ভাই ফ্লিগল আমেৰিকাৰ পেনচিলভেনিয়া ৰাজ্যৰ পশ্চিম এলেকাত ডাঙৰ-দীঘল হৈছিল। তেওঁৰ মা-দেউতা দুয়োজনে যিহোৱাৰ সাক্ষী আছিল। যেতিয়া তেওঁ ডেকা আছিল, তেতিয়া তেওঁৰ পৰিয়াল এখন সৰু গাঁৱত থাকিবলৈ লʼলে, যʼত প্ৰচাৰকসকলৰ বহুত প্ৰয়োজন আছিল। তাৰ কিছু সময়ৰ পাছত ২০ নৱেম্বৰ, ১৯৮৮ চনত তেওঁ বাপ্তিষ্মা লʼলে।

ভাই ফ্লিগলৰ মা-দেউতাই তেওঁক পূৰ্ণসময়ৰ সেৱা কৰিবলৈ সদায় উৎসাহিত কৰিছিল। তেওঁৰ মা-দেউতাই প্ৰায়ে নিজৰ ঘৰত চাৰ্কিট ওভাৰচিয়াৰ আৰু বেথেলত কাম কৰা ভাই-ভনীসকলক থাকিবলৈ দিছিল। এইদৰে ভাই ফ্লিগলে চাব পাৰিছিল যে সেই ভাই-ভনীসকল কিমান আনন্দত থাকে। বাপ্তিষ্মা লোৱাৰ কিছু সময়ৰ পাছত ১ চেপ্টেম্বৰ, ১৯৮৯ চনত তেওঁ অগ্ৰগামী সেৱা আৰম্ভ কৰিলে। ইয়াৰ ২ বছৰৰ পাছত অক্টোবৰ ১৯৯১ চনত তেওঁক ব্ৰুকলিনৰ বেথেলত সেৱা কৰিবলৈ মাতা হʼল। এইদৰে ১২ বছৰৰ বয়সত তেওঁ বেথেলত সেৱা কৰাৰ যি লক্ষ্য ৰাখিছিল সেয়া পূৰ হʼল।

ভাই ফ্লিগেলে আঠ বছৰ ধৰি বেথেলৰ প্ৰিণ্টিং বিভাগত কিতাপ বাইণ্ডিঙৰ কাম কৰিছিল। তাৰ পাছত তেওঁক সেৱা বিভাগৰ লগত কাম কৰিবলৈ কোৱা হʼল। এই সময়ছোৱাত তেওঁ ৰুছ ভাষা কোৱা মণ্ডলীত সেৱা কৰি আছিল। ২০০৬ চনত তেওঁ ভনী নাদিয়াক বিয়া পাতিলে। তাৰ পাছত তেওঁলোকে একেলগে বেথেলত সেৱা কৰিলে। ইয়াৰ লগতে তেওঁলোকে একেলগে পৰ্তুগীজ ভাষা কোৱা মণ্ডলীত সেৱা কৰিলে আৰু স্পেনিছ ভাষা কোৱা মণ্ডলীত দহ বছৰতকৈও বেছি সময়লৈকে সেৱা কৰিলে। সেৱা বিভাগত কেইবা বছৰ কাম কৰাৰ পাছত ভাই ফ্লিগেলক শিক্ষা সমিতিৰ লগত কাম কৰিবলৈ কোৱা হʼল আৰু পাছত সেৱা সমিতিৰ লগত কাম কৰিবলৈ নিযুক্ত কৰা হʼল। তাৰ পাছত ২০২২ চনৰ মাৰ্চ মাহত তেওঁক প্ৰশাসন গোষ্ঠীৰ সেৱা সমিতিৰ সহায়ক হিচাপে নিযুক্ত কৰা হʼল।

জেফ্ৰি উইণ্ডাৰ আৰু তেওঁৰ পত্নী এঞ্জেলা

ভাই উইণ্ডাৰ আমেৰিকাৰ কেলিফʼৰ্ণিয়া ৰাজ্যৰ মুৰ্লিৱেটা চহৰত ডাঙৰ-দীঘল হৈছিল। তেওঁ নিজৰ মা-দেউতাৰ পৰা সত্য শিকিছিল। তাৰ পাছত ২৯ মাৰ্চ, ১৯৮৬ চনত তেওঁ বাপ্তিষ্মা লʼলে। তাৰ পাছৰ মাহত তেওঁ সহযোগী অগ্ৰগামী সেৱা আৰম্ভ কৰিলে। তেওঁক এই সেৱা ইমানে ভাল লাগিল যে তেওঁ আগলৈও কৰি থাকিল। কেইবা মাহলৈকে সহযোগী অগ্ৰগামী হিচাপে সেৱা কৰাৰ পাছত তেওঁ ১ অক্টোবৰ, ১৯৮৬ চনত অগ্ৰগামী সেৱা আৰম্ভ কৰিলে।

যেতিয়া ভাই উইণ্ডাৰ ডেকা হৈ আছিল, তেতিয়া তেওঁৰ দুজন ডাঙৰ ভায়ে বেথেলত সেৱা কৰি আছিল। এবাৰ ভায়ে বেথেলত তেওঁলোকক লগ কৰিবলৈ গৈছিল। তাত গৈ তেওঁক ইমানে ভাল লাগিল যে তেওঁ আগলৈ গৈ বেথেলত সেৱা কৰিম বুলি ভাবিলে। তাৰ পাছত মে’ ১৯৯০ চনত তেওঁক ৱালকিলৰ বেথেলত সেৱা কৰিবলৈ মাতা হʼল।

ভাই উইণ্ডাৰে বেথেলৰ বহুতো বিভাগত সেৱা কৰিলে। যেনে, পৰিষ্কাৰ কৰা বিভাগত, ফল আৰু পাচলি খেতি কৰা বিভাগত, আৰু বেথেল কাৰ্য্যালয়ত। তাৰ পাছত ১৯৯৭ চনত তেওঁ ভনী এঞ্জেলাক বিয়া পাতিলে আৰু তেওঁলোকে একেলগে বেথেলত সেৱা কৰিলে। ২০১৪ চনত তেওঁক ৱাৰউইকলৈ পঠোৱা হʼল, য’ত ভাই উইণ্ডাৰে মুখ্য কাৰ্য্যালয়ৰ নিৰ্মাণ কামত সহায় কৰিলে। ২০১৬ চনত তেওঁক পেটৰচনৰ প্ৰহৰীদুৰ্গৰ শিক্ষা কেন্দ্ৰলৈ পঠোৱা হʼল, য’ত ভাই উইণ্ডাৰে অডিঅ’/ভিডিঅ’ বিভাগত সেৱা কৰিলে। তাৰ চাৰি বছৰৰ পাছত তেওঁক পুনৰ ৱাৰউইকলৈ মাতা হʼল। এইবাৰ ভাই উইণ্ডাৰক বেথেলৰ স্বেচ্ছাসেৱক সমিতিৰ লগত কাম কৰিবলৈ কোৱা হʼল। মাৰ্চ ২০২২ চনত ভাই উইণ্ডাৰক প্ৰশাসন গোষ্ঠীৰ বেথেল স্বেচ্ছাসেৱক সমিতিৰ সহায়ক হিচাপে সেৱা কৰিবলৈ নিযুক্ত কৰা হʼল।

এই ভাইসকল ‘মানুহৰ’ ৰূপত যিহোৱাৰ পৰা পোৱা “বৰ” অৰ্থাৎ আশীৰ্বাদ হয়। আমি আশা কৰোঁ যে এই ভাইসকলে ৰাজ্যৰ কামক আগবঢ়াই লৈ যাবলৈ যি পৰিশ্ৰম কৰি আছে, তাত যিহোৱাই বহুতো আশীৰ্বাদ দিয়ক।—ইফি. ৪:৮.