Skip to content

Skip to table of contents

পাঠকসকলৰ প্ৰশ্ন

পাঠকসকলৰ প্ৰশ্ন

যিহোৱাৰ ভৱিষ্যৰ বিষয়ে কোৱাৰ যি দক্ষতা আছে তাৰ বিষয়ে বাইবেলত কি কোৱা হৈছে?

বাইবেলত স্পষ্টকৈ কোৱা হৈছে যে ভৱিষ্যতে কি হʼব তাৰ বিষয়ে যিহোৱাই আগতেই জনাব পাৰে। (যিচ. ৪৫:২১) কিন্তু বাইবেলত সৰু সৰু সকলো কথা জনোৱা নাই। যেনে, যিহোৱাই ভৱিষ্যৰ বিষয়ে কেনেকৈ জানে, তেওঁ কেতিয়া এইদৰে কৰে আৰু তেওঁ কিমান জানিবলৈ নিৰ্ণয় লয়। সেইবাবে, ভৱিষ্যৰ বিষয়ে জনাৰ যিহোৱাৰ যি দক্ষতা আছে, তাৰ বিষয়ে আমি সকলো কথা নাজানোঁ। কিন্তু আমি যিহোৱাৰ বিষয়ে যি জানোঁ, আহক সেইবোৰৰ মাজত কিছুমান কথাৰ বিষয়ে মন কৰোঁ।

যিহোৱাই যি বিচাৰে তাকে কৰিব পাৰে, কিন্তু বহু বাৰ তেওঁ কিছুমান কাম নকৰিবলৈ নিৰ্ণয় লয়। যিহোৱাৰ বুদ্ধিৰ কোনো সীমা নাই। সেইবাবে, তেওঁ ভৱিষ্যতৰ বিষয়ে যি বিচাৰে তাকেই জনাব পাৰে। (ৰোম. ১১:৩৩) কিন্তু যিহোৱা আত্মসংযম ৰখাত আটাইতকৈ ভাল উদাহৰণ হয়। সেইবাবে, তেওঁ ভৱিষ্যতৰ বিষয়ে কিছুমান কথা নাজানিবলৈ নিৰ্ণয় লʼব পাৰে।—যিচয়া ৪২:১৪ পদৰ লগত তুলনা কৰক।

যিহোৱাই যিকোনো পৰিস্থিতিতে নিজৰ ইচ্ছা পূৰ কৰে। ভৱিষ্যতৰ বিষয়ে জনাৰ তেওঁৰ দক্ষতাৰ লগত এই কথা কেনেকৈ জড়িত হৈ আছে? যিচয়া ৪৬:১০ পদত এইদৰে লিখা আছে, “মোৰ কল্পনা থিৰে থাকিব, আৰু মোৰ সকলো বাঞ্ছা সিদ্ধ কৰিম, এই বুলি, শেষত ঘটিব লগীয়া কথা আদিৰে পৰা, আৰু এতিয়াও যি সিদ্ধ হোৱা নাই, সেইবোৰ পুৰণি কালৰ পৰা প্ৰকাশ কৰি আহিছোঁ।”

ইয়াৰ অৰ্থ হৈছে, যদি যিহোৱাই ভৱিষ্যতে কিবা কৰাৰ নিৰ্ণয় লৈছে বা কিবা ভাবিছে, তেনেহʼলে তেওঁ এয়া নিশ্চয় কৰিব। ভৱিষ্যতে কি হʼব সেয়া কʼবলৈ তেওঁক সময়ত আগলৈ গৈ চোৱাৰ কোনো প্ৰয়োজন নাই, তাৰ পৰিৱৰ্তে কিছুমান ক্ষেত্ৰত তেওঁ নিজেই নিৰ্ণয় লৈ যে আগলৈ গৈ কি হʼব। এই বিষয়ে চিন্তা কৰক। যদি আপুনি কোনো এখন চিনেমা চাই আছে আৰু আপুনি আগতীয়াকৈ জানিব বিচাৰে যে চিনেমাখনৰ শেষত কি হʼব, তেনেহʼলে আপুনি চিনেমাখন ফৰৱাৰ্ড কৰিব লাগিব। কিন্তু যিহোৱাৰ ক্ষেত্ৰত এইদৰে নহয়। কিয়নো এনে নহয় যে কোনো এটা ঘটনা আগতেই ঘটিল আৰু যিহোৱাই যেন আগলৈ গৈ চাই যে কি হৈছে আৰু তাৰ পাছত ভৱিষ্যতে কি হʼব তাৰ বিষয়ে আমাক জনায়।ইয়াৰ পৰিৱৰ্তে যিহোৱাই আগতীয়াকৈ নিৰ্ণয় লʼব পাৰে যে ভৱিষ্যতে এটা সঠিক সময়ত কি হʼব। তাৰ পাছত তেওঁ এনে কিবা কৰিব পাৰে যাতে সেই সময়ৰ বাবে তেওঁ যি ভাবিছিল, ঠিক সেইদৰেই হয়।—যাত্ৰা. ৯:৫, ৬; মথি ২৪:৩৬; পাঁচ. ১৭:৩১.

সেইবাবে, যেতিয়া বাইবেলত এয়া কোৱা হৈছিল যে যিহোৱাই ভৱিষ্যতে কি কৰিব, তেতিয়া এনেধৰণৰ শব্দবোৰ ব্যৱহাৰ কৰা হৈছে, “কল্পনা,” “স্থিৰ” আৰু ‘সিদ্ধ।’ (২ ৰাজা. ১৯:২৫; যিচ. ৪৬:১১) এই সকলো শব্দৰ অনুবাদ যি হিব্ৰু শব্দৰ পৰা কৰা হৈছে, সেয়া এনে এটা শব্দৰ লগত জড়িত আছে, যাৰ অৰ্থ হৈছে, ‘কুমাৰ।’ (যিৰি. ১৮:৩, ৪) যিদৰে এজন কুমাৰে মাটিৰ পৰা সুন্দৰ পাত্ৰ বনাব পাৰে, ঠিক সেইদৰে যিহোৱাই ঘটনাবোৰক এনেদৰে পৰিৱৰ্তন কৰিব পাৰে যাতে তেওঁৰ ইচ্ছা পূৰ হয়।—ইফি. ১:১১.

যিহোৱাই আমাক সকলোকে নিজ ইচ্ছাৰে নিৰ্ণয় লোৱাৰ স্বাধীনতা দিছে। তেওঁ আগৰে পৰা এয়া কেতিয়াও নিৰ্ণয় নলয় যে এজন ব্যক্তিৰ জীৱন কেনেকুৱা হʼব বা তেওঁ কি কৰিব অথবা ভাল লোকসকলক এনে একো কাম নকৰাই যাৰ পৰা তেওঁলোকৰ জীৱন শেষ হৈ যাব পাৰে। লোকসকলে কেনেধৰণৰ জীৱন জীয়াই থাকিব বিচাৰে, তাক বাছনি কৰাৰ স্বাধীনতা যিহোৱাই সকলোকে দিছে। কিন্তু তেওঁ সকলোকে ভাল পথ বাছনি কৰিবলৈ উৎসাহিত কৰে।

দুটা উদাহৰণলৈ মন কৰক। প্ৰথম উদাহৰণটো নীনবিৰ লোকসকলৰ হয়। যিহোৱাই আগতীয়াকৈ জনাইছিল যে তেওঁ নীনবি চহৰখনক ধ্বংস কৰিব, কিয়নো তাত থকা লোকসকলে বহুত দুষ্ট কাম কৰিছিল। কিন্তু যেতিয়া নীনবিৰ লোকসকলে অনুতাপ কৰিলে, তেতিয়া যিহোৱাই ‘সিহঁতলৈ মনস্থ কৰা অমঙ্গলৰ পৰা মন পালটালে, তাক নকৰিলে।’ (যোনা ৩:১-১০) নীনবিত থকা লোকসকলে নিজ ইচ্ছাৰে নিজৰ জীৱনত সাল-সলনি কৰিলে। তেওঁলোকে যিহোৱাই দিয়া সতৰ্কবাণী শুনিলে, আৰু অনুতাপ কৰিলে। সেইবাবে, যিহোৱাই আগতে যি নিৰ্ণয় লৈছিল সেয়া সলনি কৰিলে।

দ্বিতীয় উদাহৰণ কোৰচ নামৰ এজন ব্যক্তিৰ হয়। তেওঁৰ বিষয়ে ভৱিষ্যবাণী কৰা হৈছিল যে তেওঁ যিহূদীসকলক দাসত্বৰ পৰা মুকলি কৰিব আৰু যিহোৱাৰ মন্দিৰ পুনৰ বনাবলৈ আজ্ঞা দিব। (যিচ. ৪৪:২৬–৪৫:৪) পাৰস্যৰ ৰজা কোৰচে এই ভৱিষ্যবাণী পূৰ কৰিলে। (ইজ্ৰা ১:১-৪) কিন্তু কোৰচে সত্য ঈশ্বৰক উপাসনা কৰা নাছিল। যিহোৱাই তেওঁৰ যোগেদি এই ভৱিষ্যবাণী পূৰ কৰালে, কিন্তু তেওঁৰ লগত কোনো জোৰ-জবৰদস্তি কৰা নাছিল। কোৰচে কাৰ উপাসনা কৰিব তাক নিজেই বাছনি কৰিবলৈ যিহোৱাই তেওঁক সুযোগ দিলে।—হিতো. ২১:১.

এইবোৰ কেৱল কিছুমানহে কথা হয়, যিবোৰৰ পৰা আমি যিহোৱাৰ এই দক্ষতা বিষয়ে জানিব পাৰোঁ। সঁচাকৈ কʼবলৈ গʼলে যিহোৱাৰ চিন্তাধাৰা আৰু তেওঁৰ কাম কৰাৰ পদ্ধতিৰ বিষয়ে আমি সম্পূৰ্ণকৈ বুজিব নোৱাৰোঁ। (যিচ. ৫৫:৮, ৯) কিন্তু যিহোৱাই যিবোৰ তথ্য দিছে, তাৰ পৰা আমাৰ বিশ্বাস বাঢ়ে যে তেওঁ যিয়েই কৰে, সঠিক কৰে, এয়া ভৱিষ্যৰ বিষয়ে কোৱা কথাৰ ক্ষেত্ৰতো সঁচা হয়।