Skip to content

Skip to table of contents

আপুনি জানে নে?

আপুনি জানে নে?

বাইবেলত একেটা কথাকে কিয় বাৰে বাৰে লিখা হৈছে?

বাইবেলৰ লেখকসকলে কেতিয়াবা কেতিয়াবা একেটা কথাকে আখৰে আখৰে বহু বাৰ লিখিছিল। আহক এনে তিনিটা কথাৰ ওপৰত ধ্যান দিওঁ যাৰ বাবে হয়তো তেওঁলোকে এইদৰে কৰিছিল।

এই কথা কেতিয়া লিখা হৈছিল। প্ৰাচীন সময়ত বেছিভাল ইস্ৰায়েলীসকলৰ ওচৰত বিধানৰ-নূৰা নাছিল। তেওঁলোকে তেতিয়াহে বিধানত লিখা কথাবোৰ শুনিবলৈ পাইছিল, যেতিয়া পবিত্ৰ তম্বু বা মন্দিৰত গোটেই ৰাষ্ট্ৰৰ বাবে বিধানত লিখা কথাবোৰ পঢ়ি শুনোৱা হৈছিল। (দ্বিতী. ৩১:১০-১২) তেওঁলোকক কেইবা ঘন্টা ধৰি থিয় হʼবলগীয়া হৈছিল। লোকসকলৰ ইমান ডাঙৰ ভীৰ হোৱাৰ বাবে তেওঁলোকৰ ধ্যান বিচলিত হৈছিল। (নহি. ৮:২, ৩, ৭) তেনে পৰিস্থিতিত যেতিয়া শাস্ত্ৰৰ কথা শুৱৰাই দিয়া হৈছিল, তেতিয়া লোকসকলৰ বাবে ইয়াক মনত ৰখা আৰু পালন কৰাটো হয়তো সহজ হয় পৰিছিল। কিছুমান শব্দক বাৰে বাৰে কোৱাৰ বাবে বহুতো সৰু সৰু কথা লোকসকলে মনত ৰাখিব পাৰিছিল যেনে, ঈশ্বৰৰ নীতি-নিয়ম আৰু ন্যায় সিদ্ধান্ত।—লেবী. ১৮:৪-২২; দ্বিতী. ৫:১.

সেই কথা কি ৰূপত লিখা হৈছিল। বাইবেলৰ কিছুমান ভাগ গীতৰ ৰূপত লিখা হৈছিল। যেনে, গীতমালা, পৰমগীত আৰু বিলাপ গীত কিতাপবোৰ। এখন গীত যি বিষয়ত আছিল সেই বিষয়টো জোৰ দিবলৈ সেই গীতত কিছুমান শব্দক বাৰে বাৰে কোৱা হৈছিল। এইদৰে শুনোতা সকলে সেই শব্দবোৰ সহজতে মনত ৰাখিব পাৰিছিল। উদাহৰণস্বৰূপে গীতমালা ১১৫:৯-১১ পদত ধ্যান দিয়ক। তাত লিখা আছে, “হে ইস্ৰায়েল, তোমালোকে যিহোৱাত ভাৰসা কৰা; তেৱেঁই সিবিলাকৰ সহায় আৰু ঢাল। হে হাৰোণৰ বংশ, তোমালোকে যিহোৱাত ভাৰসা কৰা; তেৱেঁই সিবিলাকৰ আৰু ঢাল। হে যিহোৱাৰ ভয়কাৰীবিলাক, তোমালোকে যিহোৱাত ভাৰসা কৰা।” চিন্তা কৰক যেতিয়া গায়কবোৰে সেই গীতবোৰ গাইছিল আৰু বাৰে বাৰে সেই শব্দবোৰ কৈছিল, তেতিয়া কেনেকৈ সেই বহুমূলীয়া সত্যবোৰ তেওঁলোকৰ মন আৰু হৃদয়ত থাকি গৈছিল।

সেই কথাবোৰ কিয় লিখা হৈছিল। বাইবেলৰ লেখকসকলে কেতিয়াবা কেতিয়াবা কিছুমান গুৰুত্বপূৰ্ণ বিষয়বোৰ বাৰে বাৰে লিখিছিল। যেনে, যিহোৱাই ইস্ৰায়েলীসকলক তেজ নাখাবলৈ আজ্ঞা দিছিল। এইদৰে তেওঁলোক কিয় কৰাৰ প্ৰয়োজন আছে ইয়াৰ বিষয়ে তেওঁ মোচিৰ জৰিয়তে বহু বাৰ লিখুৱালে। ঈশ্বৰৰে এই কথাৰ ওপৰত জোৰ দিছিল যে তেজত জীৱন আছে অৰ্থাৎ তেজ জীৱনক চিত্ৰিত কৰে। (লেবী. ১৭:১১, ১৪) পাছত যিৰূচালেমত থকা পাঁচনি আৰু প্ৰাচীনসকলে কিছুমান এনে কথা কʼলে যাৰ পৰা খ্ৰীষ্টানসকলে আঁতৰি থকাৰ প্ৰয়োজন আছিল, যাতে ঈশ্বৰে তেওঁলোকৰ ওপৰত খং নকৰে। এইদৰে কৰাৰ সময়ত তেওঁলোকে পুনৰাই এই কথাৰ ওপৰত জোৰ দিলে যে তেওঁলোকে তেজৰ পৰা আঁতৰি থকা উচিত।—পাঁচ. ১৫:২০, ২৯.

প্ৰায়ে বাইবেলত কিছুমান শব্দক বাৰে বাৰে কোৱা হৈছে। কিন্তু যিহোৱাই এয়া নিবিচাৰে যে আমি সেই কথাবোৰ বাৰে বাৰে কোৱাৰ অভ্যাস কৰি লওঁ। যেনে যীচুয়ে কৈছিল, “প্ৰাৰ্থনা কৰাৰ সময়ত তোমালোকে একেটা কথাকে বাৰে বাৰে কৈ নাথাকিবা।” (মথি ৬:৭) ইয়াৰ পাছত যীচুয়ে কʼলে যে আমি এনে কথাবোৰৰ বাবে প্ৰাৰ্থনা কৰিব পাৰোঁ যি ঈশ্বৰৰ ইচ্ছাৰ অনুসৰি হয়। (মথি ৬:৯-১৩) গতিকে প্ৰাৰ্থনা কৰাৰ সময়ত আমি একেটা শব্দকে বাৰে বাৰে কৈ নাথাকো। কিন্তু আমি এটা বিষয়ৰ বাবে নিশ্চয় বাৰে বাৰে প্ৰাৰ্থনা কৰিব পাৰোঁ।—মথি ৭:৭-১১.

সেইবাবে আমি দেখিলো যে এনে বহুতো কথাৰ বিষয়ে বাইবেলত কিছুমান শব্দক বাৰে বাৰে কোৱা হৈছে। আমাৰ মহান শিক্ষক যিহোৱাই আমাৰ ভাল হোৱাটো বিচাৰে, সেইবাবে তেওঁ আমাক এইদৰে শিকাব বিচাৰে যাতে তেওঁৰ বাক্যত লিখা কথাবোৰ আমাৰ অন্তৰত থাকি যায়।—যিচ. ৪৮:১৭, ১৮.