Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ১৭

গীত ১১১ আমাৰ আনন্দৰ বহুতো কাৰণ

প্ৰমোদবন কেতিয়াও এৰি নিদিব

প্ৰমোদবন কেতিয়াও এৰি নিদিব

“মই যি সৃষ্টি কৰোঁ, তাত তোমালোকে অনন্ত কাল আনন্দ আৰু উল্লাস কৰা।”যিচ. ৬৫:১৮.

কি শিকিম?

প্ৰমোদবনৰ নিচিনা পৰিৱেশত থাকিলে আমি কি কি আশীৰ্বাদ পাম আৰু আমি আনক কেনেকৈ আকৰ্ষিত কৰিব পাৰোঁ, তাৰ বিষয়ে শিকিম।

১. ঈশ্বৰে আমাক যি প্ৰমোদবন দিছে, এয়া কি হয় আৰু আমি কি কৰিবলৈ থিৰাং কৰিছোঁ?

 পৃথিৱীত আজি এনে এখন প্ৰমোদবন a আছে, যʼত লাখ লাখ লোকে মিলি শান্তিৰে জীৱন-যাপন কৰি আছে। তেওঁলোকৰ মাজত অদ্ভুত প্ৰেম আছে আৰু সকলোৱে ভাল কাম কৰি আছে। তেওঁলোকে সদায় একেলগে মিলি থাকিব আৰু এই প্ৰমোদবন কেতিয়াও নেৰিব বুলি থিৰাং কৰি লৈছে। ইয়াত থকা শান্তি আনেও উপভোগ কৰাটো তেওঁলোকে বিচাৰে। আপুনি হয়তো ভাবিব পাৰে, এই প্ৰমোদবন কি হয় আৰু কʼত আছে? এয়া সঁচাকৈ কোনো ঠাই নহয়, ইয়াৰ পৰিৱৰ্তে ঈশ্বৰৰ এনে এক পৰিৱেশ হয়, যʼত আমি ঈশ্বৰ যিহোৱাৰ উপাসনা কৰোঁ। ইয়াত আমি ভাই-ভনীসকলৰ লগত আৰু ঈশ্বৰৰ লগত এক ভাল সম্পৰ্কৰ আনন্দ উপভোগ কৰোঁ।

২. ঈশ্বৰে দিয়া প্ৰমোদবন কেনেকৈ একেবাৰে বেলেগ?

চয়তানৰ এই জগতত লোকসকলে এজনে-আনজনক হিংসা কৰে আৰু একেবাৰে সুৰক্ষিত নাই। কিন্তু আচৰিত কথা যে এই দুষ্ট জগতটো যিহোৱাই আমাক প্ৰমোদবন দিছে। (১ যোহ. ৫:১৯; প্ৰকা. ১২:১২) কিয়নো তেওঁ জানে যে জগতৰ পৰিস্থিতিয়ে আমাৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে। সেইবাবে, তেওঁ আমাক শান্তিৰে ভৰা এটা পৰিৱেশ দিছে, যʼত আমি সুৰক্ষিত থাকিব পাৰোঁ আৰু আনন্দেৰে তেওঁৰ সেৱা কৰিব পাৰোঁ। বাইবেলত কোৱা হৈছে যে এই প্ৰমোদবন “আঁৰৰ” দৰে হয় আৰু “পানী দিয়া এক উদ্যানৰ” নিচিনা হয়। (যিচ. ৪:৬; ৫৮:১১) ইয়াত থকা লোকসকলৰ ওপৰত যিহোৱাৰ আশীৰ্বাদ থাকে। সেইবাবে, তেওঁলোকে দিনক দিনে বাঢ়ি যায় আৰু আনন্দেৰে যিহোৱাৰ সেৱা কৰে।—যিচ. ৫৪:১৪; ২ তীম. ৩:১.

৩. যিচয়া ৬৫ অধ্যায়ত লিখা ভৱিষ্যবাণী প্ৰথমবাৰ কেতিয়া আৰু কেনেকৈ পূৰ হৈছিল?

যিহোৱাই ভৱিষ্যবক্তা যিচয়াৰ যোগেদি প্ৰমোদবনত থকা লোকসকলৰ জীৱন কেনেকুৱা হʼব আৰু তেওঁলোকে কেনে অনুভৱ কৰিব, তাৰ বিষয়ে যিচয়া ৬৫ অধ্যায়ত স্পষ্টকৈ জনাইছে। এই ভৱিষ্যবাণী প্ৰথমবাৰ খ্ৰীষ্টপূৰ্ব ৫৩৭-ত পূৰ হৈছিল। সেই সময়ত অনুতাপ কৰা যিহুদীসকলে বাবিলৰ পৰা মুকলি হৈ পুনৰ নিজৰ দেশলৈ উভতি আহিছিল। তেতিয়া যিৰূচালেমত কোনো মানুহ, জীৱ-জন্তু নাছিল, ঠাইখন নিজান হৈ আছিল, কিন্তু যিহোৱাৰ সহায়ত লোকসকলে নগৰখন পুনৰ নিৰ্মাণ কৰিলে আৰু সুন্দৰ কৰি তুলিলে। তাৰ পাছত তেওঁলোকে আকৌ মন্দিৰত যিহোৱাৰ উপাসনা কৰিবলৈ আৰম্ভ কৰিলে।—যিচ. ৫১:১১; জখ. ৮:৩.

৪. যিচয়া ৬৫ অধ্যায়ত লিখা ভৱিষ্যবাণী বৰ্তমান সময়ত কেনেকৈ পূৰ হৈ আছে?

যিচয়াৰ ভৱিষ্যবাণী দ্বিতীয় বাৰ ১৯১৯ চনত পূৰ হʼবলৈ আৰম্ভ হʼল। সেই সময়ত ঈশ্বৰৰ লোকসকলে মহা-বাবিলৰ পৰা মুকলি হʼল আৰু প্ৰমোদবনৰ দৰে পৰিস্থিতিত তেওঁৰ উপাসনা কৰিবলৈ ধৰিলে। তেওঁলোকে উৎসাহেৰে গোটেই পৃথিৱীত প্ৰচাৰ কৰিবলৈ ধৰিলে আৰু ইয়াৰ ফলত বহুতো মণ্ডলী গঠন হʼল। লাহে লাহে বহুতো লোকে এই প্ৰমোদবনত আহিলে আৰু নিজৰ অন্তৰত ঈশ্বৰৰ গুণবোৰ বিকশিত কৰিলে। তেওঁলোকে এসময়ত হিংসাত্মক আৰু বহুতো বেয়া কাম কৰিছিল। কিন্তু তেওঁলোকে “ঈশ্বৰৰ প্ৰতিমুৰ্তিৰ দৰে সৃষ্ট হোৱা নতুন পুৰুষক” পিন্ধিলে। (ইফি. ৪:২৪) যিচয়াৰ কিছুমান ভৱিষ্যবাণী বৰ্তমান সময়ত পূৰ হৈ আছে আৰু কিছুমান নতুন পৃথিৱীতো পূৰ হʼব। গতিকে, এতিয়া আমি চাম যে ঈশ্বৰে দিয়া প্ৰমোদবনত লোকসকলে কেনেধৰণৰ আশীৰ্বাদ লাভ কৰিছে আৰু তেওঁলোকে এয়া কিয় এৰি জাব নিবিচাৰে।

প্ৰমোদবনত থকা সকলে কি আশীৰ্বাদ লাভ কৰিছে

৫. প্ৰমোদবনৰ নিচিনা পৰিস্থিতিত জীয়াই থকা লোকসকলে কি কি আশীৰ্বাদ লাভ কৰিছে? (যিচয়া ৬৫:১৩)

তেওঁলোকে সতেজ আৰু সুস্থ হৈ থাকে। যিচয়াৰ ভৱিষ্যবাণীত কোৱা হৈছিল যে প্ৰমোদবনৰ ভিতৰত আৰু বাহিৰত থকা লোকসকলৰ মাজত বহুত পাৰ্থক্য হʼব। (যিচয়া ৬৫:১৩ পঢ়ক।) আজি যিহোৱাই নিজৰ লোকসকলক সঠিক জ্ঞান দি আছে আৰু তেওঁলোকৰ একো অভাৱ হোৱা নাই। যিহোৱাই তেওঁলোকক নিজৰ পবিত্ৰ শক্তি দিছে, নিজৰ বাক্য বাইবেল আৰু প্ৰকাশন দিছে, যাতে তেওঁৰ ‘সেৱকসকলে খাব পাৰে, পান কৰিব পাৰে আৰু আনন্দত থাকিব পাৰে।’ (প্ৰকাশিত বাক্য ২২:১৭ লগত তুলনা কৰক।) কিন্তু যিসকলে প্ৰমোদবনত নাই, ‘তেওঁলোকে ভোকত, পিয়াহত আৰু লাজত পৰিবলগীয়া হয়। তেওঁলোকে সদায় ঈশ্বৰক জনাৰ ভোকতে থাকিব।’—আমো. ৮:১১.

৬. যিহোৱাই আমাৰ বাবে কি ব্যৱস্থা কৰিছে আৰু ইয়াৰ পৰা আমাৰ কি লাভ হয়? (যোৱেল ২:২১-২৪)

যোৱেলে নিজৰ ভৱিষ্যবাণীত কৈছিল যে যিহোৱাই নিজৰ লোকসকলক লাগতিয়াল বস্তুবোৰ যেনে, ঘেহুঁ, দ্ৰাক্ষাৰস আৰু জলফাই তেল বহু পৰিমাণে দিব। ইয়াৰ অৰ্থ কি আছিল? তেওঁ নিজৰ লোকসকলৰ বাবে এনে ব্যৱস্থা কৰিব যাৰ যোগেদি তেওঁলোকৰ বিশ্বাস মজবুত হৈ থাকিব। (যোৱে. ২:২১-২৪) যিহোৱাই আজি এয়া কেনেকৈ কৰি আছে? তেওঁ নিজৰ লোকসকলক আমাৰ ৱেবছাইট, বাইবেল, বাইবেল আধাৰিত প্ৰকাশন, সভা, সন্মিলন আৰু অধিবেশনৰ যোগেদি বহুতো কথা শিকাই আছে। আমি প্ৰতিদিনে এই ব্যৱস্থাবোৰৰ পৰা লাভৱান হোৱাৰ বাবে সুস্থ আৰু সতেজ হৈ থাকো।

৭. আমাৰ মন কিয় “সুখত” আছে? (যিচয়া ৬৫:১৪)

তেওঁলোকে সন্তুষ্ট আৰু আনন্দত থাকে। যিহোৱাৰ প্ৰতি কৃতজ্ঞ হোৱাৰ বাবে তেওঁৰ লোকসকলে যিহোৱাৰ “আনন্দ-গান” কৰে। (যিচয়া ৬৫:১৪ পঢ়ক।) ঈশ্বৰে আমাক সত্য শিকোৱাৰ বাবে আমি সন্তুষ্টি লাভ কৰিছোঁ। লগতে তেওঁ কৰা প্ৰতিজ্ঞাবোৰৰ বাবে আমি সান্ত্বনা লাভ কৰোঁ। ইয়াৰ উপৰিও যীচু খ্ৰীষ্টৰ মুক্তিপণস্বৰূপ বলিদানৰ আধাৰত তেওঁ আমাক প্ৰকৃত আশা দিছে। এইবোৰৰ বাবে ‘আমাৰ মন সুখত থাকে।’ যেতিয়া আমি নিজৰ ভাই-ভনীসকলৰ লগত এইবোৰৰ বিষয়ে কথা পাতোঁ, তেতিয়া আমাৰ আনন্দ আৰু বাঢ়ি যায়।—গীত. ৩৪:৮; ১৩৩:১-৩.

৮. কি কি কাৰণৰ বাবে এই প্ৰমোদবনৰ সৌন্দৰ্য্য বাঢ়ি যায়?

যিহোৱাৰ লোকসকলৰ মাজত যি প্ৰেম আৰু একতা আছে, ইয়াৰ ফলত এই প্ৰমোদবনৰ সৌন্দৰ্য্য আৰু বাঢ়ি যায়। এই প্ৰেমৰ বিষয়ে বাইবেলত কোৱা হৈছে ‘এই সৰ্ব্ব সিদ্ধিৰ বান্ধনিয়ে’ এজনে-আনজনক বান্ধি ৰাখে। (কল. ৩:১৪) ইয়াৰ পৰা জানিব পাৰি যে নতুন পৃথিৱীত আমি কেনেকৈ এজনে-আনজনৰ লগত মিলি থাকিম। সেই সময়ত আমাৰ মাজৰ প্ৰেম, একতা আৰু বাঢ়ি যাব। এগৰাকী ভনীয়ে প্ৰথমবাৰ যেতিয়া যিহোৱাৰ সাক্ষীসকলক লগ পাইছিল, তেতিয়া তেওঁৰ কেনে অনুভৱ হৈছিল তাৰ বিষয়ে তেওঁ কৈছিল, “মই মোৰ জীৱনত বা মোৰ পৰিয়ালত আনন্দ কি হয় জনাই নাছিলোঁ। প্ৰেম কি হয়, এয়া প্ৰথমবাৰ মই যিহোৱাৰ সাক্ষীসকলৰ মাজত দেখিবলৈ পালোঁ।” আমাৰ মাজৰ পৰিৱেশ সঁচাকৈ একেবাৰে বেলেগ। জগতৰ লোকসকলে আমাৰ বিষয়ে যিয়ে নকওক কিয়, কিন্তু যিহোৱাৰ আগত আমাৰ এটা ভাল “নাম” আছে আৰু তেওঁৰ সেৱকসকলৰ লগত আমাৰ এক ভাল সম্পৰ্ক আছে। (যিচ. ৬৫:১৫) যদি এজন ব্যক্তিয়ে আনন্দ আৰু সন্তুষ্টি লাভ কৰিব বিচাৰে, তেনেহʼলে প্ৰমোদবনৰ দৰে এই পৰিৱেশত আহিব লাগিব আৰু নিজেই অনুভৱ কৰিব লাগিব।

৯. যিচয়া ৬৫:১৬, ১৭ পদত কি প্ৰতিজ্ঞা কৰা হৈছে?

তেওঁলোকে নিচিন্ত হৈ জীয়াই থাকে। যিচয়াই নিজৰ ভৱিষ্যবাণীত কৈছিল যে যিসকল লোকে এই প্ৰমোদবনত আহিব নিবিচাৰে ‘তেওঁলোকে মনৰ দুখত কাতোৰোক্তি কৰিব আৰু মন ভগ্ন হোৱাৰ কাৰণে হাহাকাৰ কৰিব।’ (যিচ. ৬৫:১৪) বৰ্তমান সময়ত যিহোৱাৰ লোকসকলেও কিছুমান দুখৰ সন্মুখীন হʼবলগীয়া হয় আৰু নিৰাশ হৈ পৰে। কিন্তু যিচয়াই লিখিছিল যে সেইবোৰ ‘পাহৰোৱা হʼব, সেইবোৰ ঈশ্বৰৰ দৃষ্টিৰ পৰা লুকোৱা হʼব।’ (যিচয়া ৬৫:১৬, ১৭ পঢ়ক।) সঁচাকৈ, যিহোৱাই আমাৰ সকলো সমস্যা, আমাৰ দুখ-কষ্ট নাইকিয়া কৰি দিব আৰু ইয়াৰ ফলত আমাৰ ওপৰত যি বেয়া প্ৰভাৱ পৰে, সেয়াও নাইকিয়া কৰি দিব।

১০. সভালৈ যোৱাটো এটা ডাঙৰ আশীৰ্বাদ হয় বুলি আপুনি কিয় ভাৱে? (ছবিখনো চাওক।)

১০ নতুন পৃথিৱীত আমি নিচিন্ত মনেৰে জীয়াই থাকিব পাৰিম। লগতে বৰ্তমান সময়ত শান্তি আৰু সতেজ অনুভৱ কৰিব পাৰোঁ। কেনেকৈ বাৰু? সভাত উপস্থিত হোৱাৰ যোগেদি। যেতিয়া আমি সভালৈ যাওঁ, তেতিয়া এই দুষ্ট জগতৰ চিন্তাধাৰা আমি পাহৰি যাওঁ। ইয়াৰ উপৰিও পবিত্ৰ শক্তিৰ গুণবোৰ, যেনে: প্ৰেম, আনন্দ, শান্তি, কৃপা আৰু মৃদু-ভাৱ আদি গুণবোৰ বিকশিত কৰোঁ। এই গুণবোৰৰ সহায়ত আমি এই প্ৰমোদবনত শান্তিৰ পৰিৱেশ গঢ়ি তুলিব পাৰোঁ। (গালা. ৫:২২, ২৩) যিহোৱাৰ সংগঠনৰ এক ভাগ হোৱাটো আমাৰ বাবে এটা ডাঙৰ আশীৰ্বাদ হয়। যি লোকসকলে প্ৰমোদবনৰ দৰে এই পৰিৱেশত জীয়াই থাকিব, তেওঁলোকে ‘নতুন আকাশ-মণ্ডল আৰু নতুন পৃথিৱী’ দিয়াৰ ঈশ্বৰে যি প্ৰতিজ্ঞা কৰিছে, সেয়া দেখিবলৈ পাব।

আমি ঈশ্বৰৰ পৰিয়ালত প্ৰমোদবনৰ দৰে পৰিৱেশৰ আনন্দ উপভোগ কৰি আছোঁ। এয়া সঁচাকৈ এক ডাঙৰ আশীৰ্বাদ (অনুচ্ছেদ ১০ চাওক) c


১১. যিহোৱাই আমাৰ বাবে প্ৰমোদবন সৃষ্টি কৰিছে, এয়া জানি আমাৰ কেনেকুৱা লাগে? (যিচয়া ৬৫:১৮, ১৯)

১১ তেওঁলোক কৃতজ্ঞ হয় আৰু আনন্দ কৰে। যিচয়াই এয়াও জনাইছিল যে আমি কিয় ‘আনন্দ আৰু উল্লাখ কৰা উচিত।’ কিয়নো ঈশ্বৰে আমাৰ বাবে এই প্ৰমোদবন সৃষ্টি কৰিছে। (যিচয়া ৬৫:১৮, ১৯ পঢ়ক।) আমি আন লোকসকলকো এই প্ৰমোদবনত আহিবলৈ সহায় কৰাটো যিহোৱাই বিচাৰে, যাতে তেওঁলোকেও ইয়াৰ আনন্দ লʼব পাৰে। আন সংগঠনবোৰে লোকসকলক যিহোৱাৰ বিষয়ে নিশিকায়। কিন্তু আমি সত্যৰ বিষয়ে জনাৰ বাবে বহুতো আনন্দ লাভ কৰিছোঁ আৰু ইয়াৰ বাবে আমি বহুত কৃতজ্ঞ। সেইবাবে, আনকো ইয়াৰ বিষয়ে জনাবলৈ আমাৰ মন যায়।—যিৰি. ৩১:১২.

১২. যিচয়া ৬৫:২০-২৪ পদত দিয়া প্ৰতিজ্ঞাবোৰৰ বিষয়ে আপুনি কেনে অনুভৱ কৰে আৰু কিয়?

১২ প্ৰমোদবনৰ দৰে পৰিৱেশত থকা লোকসকলে সদায় জীয়াই থকাৰ আশা পোৱাৰ বাবে কৃতজ্ঞ আৰু আনন্দিত হয়। খন্তেকৰ বাবে চিন্তা কৰক, নতুন পৃথিৱীত আমি কেনেকৈ জীয়াই থাকিম আৰু তাত আমি কি কি কৰিম? বাইবেলত লিখা আছে যে “কোনো অলপ দিনীয়া কেচুৱা বা সম্পূৰ্ণ আয়ুস হোৱা কোনো বুঢ়া লোকক মৈদামলৈ নিয়া নহব।” ‘অন্যে বাস কৰিবলৈ আমি ঘৰ নাসাজিম, অন্যে ভোগ কৰিবলৈ আমি বাৰী নাপাতিম।’ ‘আমাৰ পৰিশ্ৰম বৃথা নহব,’ কিয়নো যিহোৱাই আমাক আশীৰ্বাদ দিব। যিহোৱাই আমাক প্ৰতিজ্ঞা কৰিছে যে তেওঁ আমাক এনে কাম দিব, যাৰ পৰা আমি আনন্দ লাভ কৰিম। ‘আমি নৌ মাতোতেই তেওঁ শুনিব আৰু আমাৰ প্ৰয়োজনীয়তা পূৰ কৰিব।’ ইয়াৰ উপৰিও তেওঁ ‘সমূদায় প্ৰাণীৰে বাঞ্চা পূৰ কৰিব।’—যিচ. ৬৫:২০-২৪; গীত. ১৪৫:১৬.

১৩. যিহোৱাৰ সেৱা কৰিবলৈ লোকসকলে কেনেধৰণৰ সাল-সলনি কৰিলে? (যিচয়া ৬৫:২৫)

১৩ তেওঁলোকে একো ভয় নকৰাকৈ শান্তিৰে জীয়াই থাকে। বহুতো ভাই-ভনী আগতে হিংসাত্মক কাম কৰিছিল। কিন্তু ঈশ্বৰৰ পবিত্ৰ শক্তিৰ সহায়ত তেওঁলোকে সাল-সলনি কৰিব পাৰিলে। (যিচয়া ৬৫:২৫ পঢ়ক।) তেওঁলোকে নিজৰ বেয়া ইচ্ছাক দমন কৰিলে। (ৰোম. ১২:২; ইফি. ৪:২২-২৪) এইবোৰ কৰাৰ সত্ত্বেও যিহোৱাৰ উপাসকসকলৰ পৰা ভুল হয়। কিন্তু যিহোৱাই ‘সকলো মানুহক’ একতাৰ বান্ধোনত বান্ধিছে, সেইবাবে তেওঁলোকৰ মাজত প্ৰকৃত প্ৰেম আৰু শান্তি আছে। (তীত ২:১১) এনেধৰণৰ আচৰিত কাম কেৱল সৰ্ব্বশক্তিমান ঈশ্বৰেহে কৰিব পাৰে।

১৪. যিচয়া ৬৫:২৫ পদত যি লিখা আছে, সেয়া এজন ভাইৰ লগত কেনেকৈ মিল খালে?

১৪ এজন ব্যক্তিয়ে সঁচাকৈ নিজৰ অভ্যাস সলনি কৰিব পাৰেনে? এজন ডেকা লʼৰাৰ উদাহৰণলৈ মন কৰক, ২০ বছৰ বয়সলৈকে তেওঁ কেইবাবাৰো জেইললৈ যাবলগীয়া হৈছিল। কিয়নো তেওঁ হাই-কাজিয়া কৰিছিল আৰু অনৈতিক কামবোৰত লাগি আছিল। তেওঁ গাড়ী চোৰ কৰিছিল, ঘৰত চোৰ কৰিছিল আৰু ডাঙৰ ডাঙৰ অপৰাধবোৰ কৰিছিল, লগতে অনৱৰতে কাজিয়া কৰিবলৈ সাজু হৈ থাকিছিল। কিন্তু যেতিয়া তেওঁ প্ৰথমবাৰ বাইবেলৰ সত্যতা জানিব পাৰিলে আৰু যিহোৱাৰ সাক্ষীসকলৰ সভাত যাবলৈ আৰম্ভ কৰিলে, তেতিয়া প্ৰমোদবনৰ দৰে পৰিৱেশ দেখি তেওঁ হৃদয় স্পৰ্শ হʼল। তেওঁ ভালদৰে বুজি পালে যে যদি তেওঁ সঁচাকৈ আনন্দিত থাকিব বিচাৰে, তেনেহʼলে তেওঁ যিহোৱাৰ উপাসনা কৰিব লাগিব আৰু তেওঁৰ আজ্ঞা মানি চালিব লাগিব। বাপ্তিষ্মা লোৱাৰ পাছত তেওঁ প্ৰায়ে চিন্তা কৰিছিল যে যিচয়া ৬৫:২৫ পদত যি লিখা আছে, তেওঁৰ লগত ঠিক সেইদৰেই হʼল। তেওঁৰ অভ্যাস জন্তুৰ নিচিনা হিংসাত্মক আছিল, কিন্তু পাছলৈ ভেৰাৰ নিচিনা কোমল মনৰ হʼল আৰু লোকসকলৰ লগত মিলি শান্তিৰে থাকিবলৈ ধৰিলে।

১৫. যিমান পাৰে সিমান লোকে এই পৰিয়ালৰ সদস্য হোৱাটো আমি কিয় বিচাৰোঁ আৰু আমি তেওঁলোকক কেনেকৈ সহায় কৰিব পাৰোঁ?

১৫ যিচয়া ৬৫:১৩ পদৰ আৰম্ভণিতে লিখা আছে, “যিহোৱাই এই কথা কৈছে” আৰু ২৫ পদৰ শেষৰ ফালে লিখা আছে, “যিহোৱাই কৈছে” আৰু যিহোৱাই কোৱা কথা পূৰ নোহোৱাকৈ নাথাকে। (যিচ. ৫৫:১০, ১১) বৰ্তমান সময়ত আমি তেওঁৰ কথা পূৰ হোৱা দেখিবলৈ পাইছোঁ আৰু প্ৰমোদবনৰ দৰে পৰিৱেশত জীয়াই আছোঁ। যিহোৱাই আমাক এনে এক পৰিয়াল দিছে, যʼত আমি শান্তি আৰু সুৰক্ষা লাভ কৰোঁ। এই পৰিয়াল মৰুভূমিৰ দৰে এই জগতৰ মাজত হোৱা ধুনীয়া বাগিচাৰ দৰে হয়। (গীত. ৭২:৭) সেইবাবে, আমি যিমান পাৰোঁ সিমান লোকক এই পৰিয়ালৰ সদস্য হʼবলৈ সহায় কৰিব বিচাৰোঁ। আমি এয়া কেনেকৈ কৰিব পাৰোঁ? উৎসাহেৰে প্ৰচাৰ কামত ভাল লোৱাৰ যোগেদি।—মথি ২৮:১৯, ২০.

লোকসকলক প্ৰমোদবনৰ ফালে কেনেকৈ আকৰ্ষিত কৰিব পাৰি?

১৬. লোকসকলে এই প্ৰমোদবনৰ ফালে কিয় আকৰ্ষিত হয়?

১৬ আমি প্ৰমোদবনৰ সৌন্দৰ্য্য আৰু বঢ়োৱাটো আমাৰ সকলোৰে দায়িত্ব, যাতে লোকসকলে ইয়াৰ ফালে আকৰ্ষিত হয়। আমি এয়া কেনেকৈ কৰিব পাৰোঁ? যিহোৱাক অনুকৰণ কৰি। যিহোৱাই জোৰ-জবৰদস্তি কৰি কাকো নিজৰ সংগঠনৰ ফালে নানে। ইয়াৰ পৰিৱৰ্তে, প্ৰেমেৰে লোকসকলক নিজৰ ফালে ‘আকৰ্ষিত’ কৰে। (যোহ. ৬:৪৪; যিৰি. ৩১:৩) ভাল মন থকা লোকসকলে যেতিয়া শিকে যে যিহোৱা এজন প্ৰেম কৰোঁতা ঈশ্বৰ হয় আৰু তেওঁৰ বহুতো ভাল গুণ আছে, তেতিয়া তেওঁক প্ৰেম কৰিবলৈ ধৰে আৰু তেওঁৰ ফালে আকৰ্ষিত হয়। যিহোৱাৰ দৰে আমিও নিজৰ ভাল গুণবোৰ আৰু ভাল আচাৰ-ব্যৱহাৰেৰে লোকসকলক প্ৰমোদবনৰ ফালে আকৰ্ষিত কৰিব বিচাৰোঁ। কিন্তু এইদৰে কৰিবলৈ আমি কি কৰিব লাগিব?

১৭. আমি লোকসকলক প্ৰমোদবনৰ ফালে কেনেকৈ আকৰ্ষিত কৰিব পাৰোঁ?

১৭ লোকসকলক প্ৰমোদবনৰ ফালে আকৰ্ষিত কৰাৰ এটা উপায় হৈছে, আমি নিজৰ ভাই-ভনীসকলক প্ৰেম কৰা আৰু তেওঁলোকৰ বাবে ভাল কাম কৰা। যেতিয়া নতুন লোকসকলে সভাত আহে, তেতিয়া স্পষ্টকৈ দেখা উচিত যে আমাৰ মাজত কিমান প্ৰেম আছে। এইদৰে কৰিন্থ মণ্ডলীলৈ অহা লোকসকলৰ নিচিনা তেওঁলোকেও অনুভৱ কৰিব পাৰে, যিসকলে কৈছিল, “নিশ্চয় তোমালোকৰ মাজত ঈশ্বৰ আছে।” (১ কৰি. ১৪:২৪, ২৫; জখ. ৮:২৩) তেনেহʼলে, আহক আমি বাইবেলৰ এই পৰামৰ্শ মানিবলৈ সম্পূৰ্ণ চেষ্টা কৰোঁ, “তোমালোক পৰস্পৰ মিলেৰে থাকা।” এইদৰে কৰাৰ যোগেদি আমি সৌন্দৰ্য্যৰে ভৰা এই প্ৰমোদবনৰ ফালে লোকসকলক আকৰ্ষিত কৰিব পাৰিম।—১ থিচ. ৫:১৪.

১৮. লোকসকলে কিয় আমাৰ সংগঠনৰ ফালে আকৰ্ষিত হয়?

১৮ আমি ভাই-ভনীসকলক যিহোৱাৰ দৃষ্টিৰে চাব লাগিব। কিয়নো যিহোৱাই তেওঁলোকৰ ভাল গুণবোৰলৈ ধ্যান দিয়ে। ইয়াৰ উপৰিও যদি আমি ‘আনক সদায় নম্ৰতাৰে পৰস্পৰে ক্ষমা কৰোঁ,’ তেনেহʼলে আনৰ লগত সমস্যা থাকিলেও প্ৰেমেৰে সমাধান কৰিব পাৰিম। (ইফি. ৪:৩২) আমাৰ এই ব্যৱহাৰ দেখি লোকসকলে প্ৰমোদবনৰ ফালে আকৰ্ষিত হয়। কিয়নো তেওঁলোকৰ লগত এইদৰে ব্যৱহাৰ কৰাটো তেওঁলোকেও বিচাৰে। b

প্ৰমোদবনতে থাকক

১৯. (ক) প্ৰমোদবনলৈ ঘূৰি অহা কিছুমান লোকে কি কʼলে? (“ তেওঁলোকে আকৌ ঘূৰি আহিলে” নামৰ বক্স চাওক।) (খ) আপুনি কি থিৰাং কৰিছে? (ছবিখনো চাওক।)

১৯ যিহোৱাই আমাক এই প্ৰমোদবন দিয়াৰ কাৰণে আমি তেওঁৰ প্ৰতি বহুত কৃতজ্ঞ। এই প্ৰমোদবন দিনক দিনে আৰু সুন্দৰ হৈ গৈ আছে। বহুতো লোকে ইয়াত আহি যিহোৱাৰ উপাসনা কৰি আছে। যিহোৱাই আমাক এই প্ৰমোদবনত ঠাই দিয়াৰ কাৰণে আমি তেওঁৰ প্ৰতি সদায় কৃতজ্ঞ হৈ থাকিম। যদি কোনো এজন ব্যক্তিয়ে জীৱনত আনন্দ লাভ কৰিব বিচাৰে, সতেজ হʼব বিচাৰে, শান্তিৰে আৰু সুৰক্ষাৰে জীয়াই থাকিব বিচাৰে, তেনেহʼলে তেওঁ এই প্ৰমোদবনলৈ আহিব লাগিব আৰু এয়া এৰি নাজাবলৈ থিৰাং কৰিব লাগিব। কিন্তু আমি চয়তানৰ পৰা সাৱধান হোৱা উচিত। কিয়নো সি আমাক এই প্ৰমোদবনৰ পৰা আঁতৰাই লৈ যাবলৈ সম্পূৰ্ণ চেষ্টা কৰি আছে। (১ পিত. ৫:৮; প্ৰকা. ১২:৯) কিন্তু আমি চয়তানৰ প্ৰলোভনত নপৰোঁ। গতিকে, আহক আমি এই প্ৰমোদবনক আৰু সুন্দৰ কৰিবলৈ চেষ্টা কৰোঁ, লগতে এয়া পৰিষ্কাৰ কৰি শান্তিৰে থাকোঁ।

যিসকল লোকে বৰ্তমান সময়ত প্ৰমোদবনৰ দৰে পৰিৱেশত আছে, তেওঁলোকে আহিবলগীয়া প্ৰমোদবনতো থাকিবলৈ সুযোগ পাব (অনুচ্ছেদ ১৯ চাওক)


আপুনি কেনেকৈ উত্তৰ দিব?

  • ঈশ্বৰে আমাক যি প্ৰমোদবন দিছে, সেয়া কি হয়?

  • এই প্ৰমোদবনত আমি কি কি আশীৰ্বাদ লাভ কৰি আছোঁ?

  • আমি কেনেকৈ লোকসকলক এই প্ৰমোদবনৰ ফালে আকৰ্ষিত কৰিব পাৰোঁ?

গীত ১৪৪ পুৰস্কাৰৰ ওপৰত দৃষ্টি ৰাখক

a শব্দৰ বৰ্ণনা: “প্ৰমোদবন” শব্দটোৱে যিহোৱাৰ উপাসনা কৰাৰ পৰিৱেশৰ বিষয়ে বুজায়। এই প্ৰমোদবনত আমি যিহোৱা আৰু আন ভাই-ভনীসকলৰ লগত শান্তিপূৰ্ণ সম্পৰ্কৰ উপভোগ কৰোঁ।

b যিহোৱাৰ সাক্ষীসকলৰ লগত থকাৰ বাবে এগৰাকী ভনীয়ে কি আশীৰ্বাদ লাভ কৰিলে? এই বিষয়ে জানিবলৈ jw.org-ত দিয়া এতিয়া তেওঁলোকে ক’ত? এলেনা জিটনীকোবা: মোৰ সপোন কেনেকৈ পূৰ হʼল! (হিন্দী) নামৰ ভিডিঅʼখন চাওক।

c ছবিৰ বিষয়ে: সভাত ভাই-ভনীসকলে এজনে-আনজনক লগ কৰি আছে, কিন্তু এজন ভাই অকলে বহি আছে।