Skip to content

Skip to table of contents

জীৱন কাহিনী

মোৰ দুৰ্বল অৱস্থাত যিহোৱাৰ শক্তি দেখিবলৈ পালোঁ

মোৰ দুৰ্বল অৱস্থাত যিহোৱাৰ শক্তি দেখিবলৈ পালোঁ

যেতিয়া মই আৰু মোৰ পত্নীয়ে ১৯৮৫ চনত কলম্বিয়া চহৰলৈ আহিছিলোঁ, তেতিয়া গোটেই দেশত হুলস্থূল হৈ আছিল। সেই সময়ত চৰকাৰে ডাঙৰ ডাঙৰ ড্ৰাগ মাফিয়া আৰু পাহাৰীয়া এলেকাৰ গুৰিল্লা গোটৰ বিৰুদ্ধে যুঁজি আছিল। মেডেলিনত সৰু সৰু লʼৰাৰ গেঙে বন্দুক লৈ ঘূৰি ফুৰিছিল। তেওঁলোকে ড্ৰাগচ্‌ বিক্ৰি কৰিছিল, আনক লোট-মাৰ কৰিছিল আৰু হত্যা কৰিবলৈ পইচাও লৈছিল। সেইবাবে, বহুতো লʼৰাই কম বয়সতে নিজৰ জীৱন হেৰুৱাবলগীয়া হৈছিল। পাছলৈ আমি সেই ঠাইতে সেৱা কৰিলোঁ। যেতিয়া আমি সেই ঠাইলৈ গলোঁ, তেতিয়া আমাৰ এনে লাগিল যেন আমি বেলেগ এখন জগতলৈ আহি পালোঁ।

মই আৰু মোৰ পত্নী ফিনলেণ্ডৰ হওঁ আৰু আমি বহুত সাধাৰণ লোক। কিন্তু আমি উত্তৰৰ পৰা দক্ষিণ আমেৰিকালৈ কেনেকৈ আহিলোঁ আৰু আমি তাত কি কি শিকিলোঁ? সেই বিষয়ে আহক আপোনালোকক জনাওঁ।

মই ফিনলেণ্ডত ডাঙৰ-দীঘল হʼলোঁ

মোৰ জন্ম ১৯৫৫ চনত হৈছিল। মোৰ দুজন দাদা আছে আৰু মই পৰিয়ালত সকলোতকৈ সৰু। ফিনলেণ্ডৰ দক্ষিণত অৱস্থিত বাণ্টা চহৰত মই ডাঙৰ-দীঘল হৈছিলোঁ।

মোৰ জন্মৰ কিছু বছৰৰ আগতে মায়ে বাপ্তিষ্মা লৈ যিহোৱাৰ সাক্ষী হৈছিল। কিন্তু দেউতাই এইবোৰ ভাল পোৱা নাছিল। তেওঁ আমাক বাইবেলৰ পৰা শিকাবলৈ আৰু সভালৈ লৈ যাবলৈ মাক মানা কৰিছিল। সেইবাবে, দেউতাই ঘৰত নথকাৰ সময়ত মায়ে বাইবেলৰ পৰা কিছুমান কথা আমাক শিকাইছিল।

সাত বছৰ বয়সৰ পৰা মই যিহোৱাৰ কথা মানিলোঁ

মই সৰুৰে পৰা যিহোৱাৰ কথা মানিব বিচাৰিছিলোঁ। যেনে, যেতিয়া মই সাত বছৰৰ আছিলোঁ, তেতিয়া স্কুলত মোৰ শিক্ষয়িত্ৰীয়ে মোক বেৰীলাটিয়া খোৱাবলৈ চেষ্টা কৰিছিল (এয়া এক ধৰণৰ পনীয়া ৰুটি হয়, যʼত তেজ মিহলোৱা হয়)। কিন্তু যেতিয়া মই এয়া খাবলৈ মানা কৰিলোঁ, তেতিয়া তেওঁৰ বৰ খং কৰিলে। তেওঁ এখন হাতেৰে মোৰ মুখখন ধৰিলে আৰু আনখন হাতেৰে মোক বেৰীলাটিয়া খোৱাবলৈ চেষ্টা কৰিলে। কিন্তু মই যেনে-তেনে তেওঁৰ হাতৰ পৰা বাচি আহিলোঁ আৰু তেওঁ মোক খোৱাব নোৱাৰিলে।

যেতিয়া মই ১২ বছৰৰ আছিলোঁ, তেতিয়া মোৰ দেউতা ঢুকাল। তাৰ পাছত মই সভালৈ যাবলৈ আৰম্ভ কৰিলোঁ। মণ্ডলীৰ ভাইসকলে মোৰ লগত বহুত মৰমেৰে কথা পাতিছিল আৰু মোক সহায় কৰিছিল। সেইবাবে, মোৰ মনত যিহোৱাৰ কাষ চাপিবলৈ আৰু তেওঁৰ বিষয়ে শিকিবলৈ ইচ্ছা জাগিল। মই সদায় বাইবেল পঢ়িছিলোঁ আৰু কিতাপ-পত্ৰিকাবোৰ ভালদৰে অধ্যয়ন কৰিছিলোঁ। এইদৰে কৰাৰ বাবে মোৰ বিশ্বাস মজবুত হʼল আৰু ১৪ বছৰ বয়সতে, ৮ আগষ্ট ১৯৬৯ চনত মই বাপ্তিষ্মা লʼলোঁ।

স্কুলৰ পঢ়া শেষ হোৱাৰ লগে লগে মই অগ্ৰগামী সেৱা আৰম্ভ কৰিলোঁ। ইয়াৰ কিছু সপ্তাহৰ পাছতে প্ৰচাৰকৰ বেছি প্ৰয়োজন হোৱা পীলাবেছীত মই সেৱা কৰিবলৈ গʼলোঁ। এই ঠাই ফিনলেণ্ডৰ একেবাৰে মাজত অৱস্থিত।

ছিৰকাক মই পীলাবেছীত লগ পাইছিলোঁ। তাই নম্ৰ আছিল আৰু যিহোৱাক বহুত প্ৰেম কৰিছিল। তাই কেতিয়াও নিজৰ প্ৰশংসা কৰা নাছিল আৰু সৰল জীৱন-যাপন কৰি ভাল পাইছিল। যিহোৱাৰ সেৱাত যিয়ে দায়িত্ব পাম সেয়া ভালদৰে পূৰ কৰিম বুলি আমাৰ দুয়োজনৰে ইচ্ছা আছিল। আমি দুয়োজনে যিহোৱাৰ সেৱাত যিমান পাৰিম সিমান কৰিম আৰু যিয়ে দায়িত্ব নাপাওঁ কিয়, সেয়া সম্পূৰ্ণ হৃদয়েৰে কৰিম বুলি আমি ভাবি লৈছিলোঁ। আমি ২৩ মাৰ্চ ১৯৭৪ চনত বিয়া পাতিলোঁ। তাৰ পাছত আমি ফুৰিবলৈ যোৱাৰ পৰিৱৰ্তে কাৰ্টাটুলালৈ গʼলোঁ, যʼত প্ৰচাৰকসকলৰ বেছি প্ৰয়োজন আছিল।

ফিনলেণ্ডৰ কাৰ্টাটুলাৰ ভাৰা ঘৰত

যিহোৱাই আমাৰ যত্ন লʼলে

দাদাই আমাক দিয়া গাড়ী

বিয়াৰ পাছৰে পৰা যিহোৱাই আমাৰ যত্ন লৈছিল। যেতিয়া আমি ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিওঁ, তেতিয়া যিহোৱাই আমাৰ সকলো প্ৰয়োজনীয়তা পূৰ কৰে, এয়া আমি নিজৰ জীৱনত লক্ষ্য কৰিলোঁ। (মথি ৬:৩৩) উদাহৰণস্বৰূপে, যেতিয়া আমি কাৰ্টাটুলাত আছিলোঁ, তেতিয়া আমাৰ ওচৰত গাড়ী নাছিল। আমি চাইকেলেৰে অহা-যোৱা কৰিছিলোঁ। কিন্তু তাত ঠাণ্ডাৰ দিনত বহুত বৰফ পৰিছিল আৰু দূৰ-দূৰণি ঠাইলৈকে যোৱাটো আমাৰ বাবে কঠিন হৈ পৰিছিল। সেইবাবে, আমাৰ এখন গাড়ীৰ প্ৰয়োজন আছিল, কিন্তু সেয়া কিনিবলৈ আমাৰ ওচৰত পইচা নাছিল।

এদিনাখন মোৰ দাদাই হঠাৎ আমাক লগ কৰিবলৈ আহিল আৰু তেওঁ আমাক নিজৰ গাড়ীখন দিলে। সেই গাড়ীখনৰ তেওঁ ইনচুৰেঞ্চো কৰাই থৈছিল। আমাক কেৱল পেট্ৰলহে ভৰাব লাগিছিল।

আমাৰ এনে লাগিল যেন যিহোৱাই কৈ আছে, ‘তোমালোকে কেৱল ৰাজ্যক প্ৰথম স্থান দিয়া, বাকীখিনি মই চাই লম!’

আমি গিলিয়াড স্কুললৈ গʼলোঁ

‘অগ্ৰগামী সেৱা স্কুলৰ’ ১৯৭৮ চনৰ ক্লাচ

আমাক ১৯৭৮ চনত ‘অগ্ৰগামী সেৱা স্কুললৈ’ মতা হʼল। a তাত আমাৰ এজন শিক্ষক ভাই ৰাইমʼ কৌকানেনে আমাক গিলিয়াড স্কুললৈ যাবলৈ উৎসাহিত কৰিলে। কিন্তু গিলিয়াড স্কুললৈ যাবলৈ হʼলে ইংৰাজী জনাটো অতি গুৰুত্বপূৰ্ণ আছিল। সেইবাবে, আমি ইংৰাজী শিকিবলৈ আৰম্ভ কৰিলোঁ। কিন্তু আমাক ১৯৮০ চনত ফিনলেণ্ডৰ শাখা কাৰ্য্যালয়ত সেৱা কৰিবলৈ মাতিলে। সেইবাবে, আমি গিলিয়াডৰ ফৰ্ম পূৰ কৰিবলৈ সুযোগ নাপালোঁ। সেই সময়ত বেথেলত সেৱা কৰা ভাই-ভনীয়ে গিলিয়াডৰ ফৰ্ম পূৰ কৰাৰ অনুমতি নাছিল। আমি গিলিয়াড স্কুলত যাব বিচাৰিছিলোঁ। কিন্তু আমি জানিছিলোঁ যে যিহোৱাই জানে আমি তেওঁৰ সেৱা কʼত ভালদৰে কৰিব পাৰোঁ। সেইবাবে, আমি বেথেললৈ যোৱাৰ নিৰ্ণয় লʼলোঁ। লগতে আমি ইংৰাজী শিকি থাকিলোঁ যাতে আমাক যদি গিলিয়াডলৈ মাতে, তেনেহʼলে আমি সাজু হৈ থাকিব পাৰিম।

কিছু বছৰৰ পাছত প্ৰশাসন গোষ্ঠীয়ে নিৰ্ণয় লʼলে যে বেথেলত সেৱা কৰা ভাই-ভনীসকলে গিলিয়াডৰ ফৰ্ম পূৰ কৰিব পাৰে। সেইবাবে, আমি লগে লগে গিলিয়াডৰ ফৰ্ম পূৰ কৰিলোঁ। আমি বেথেলত আনন্দিত নাছিলোঁ এনে নহয়, কিন্তু আটাইতকৈ বেছি প্ৰয়োজন হোৱা ঠাইত আমি সেৱা কৰিব বিচাৰিছিলোঁ। আমাক ১৯৮৫ চনৰ ছেপ্টেম্বৰত গিলিয়াডলৈ মাতিলে। আমি গিলিয়াডৰ ৭৯তম ক্লাচৰ পৰা উত্তীৰ্ণ হʼলোঁ আৰু আমাক কলম্বিয়ালৈ পঠিওৱা হʼল।

মিচনেৰী সেৱা আৰম্ভ কৰিলোঁ

কলম্বিয়াৰ শাখা কাৰ্য্যালয়ত সেৱা কৰিবলৈ আমাক পঠিওৱা হʼল। এবছৰ তাত সেৱা কৰাৰ পাছত মই বেলেগ ঠাইত সেৱা কৰিব বিচাৰো বুলি ভাইসকলক কʼলোঁ। এইদৰে মই প্ৰথমবাৰ কৈছিলোঁ। ইয়াৰ পাছত আমাক হুইলা এলেকাৰ নেৱা চহৰত মিচনেৰী হিচাপে পঠিওৱা হʼল।

মই প্ৰচাৰ কৰি বহুত ভাল পাইছিলোঁ। বিয়া পতাৰ আগতে মই ফিনলেণ্ডত প্ৰায়ে ৰাতিপুৱাৰ পৰা গধূলিলৈকে প্ৰচাৰ কৰিছিলোঁ। বিয়া পতাৰ পাছতো মই আৰু ছিৰকাই বহুবাৰ গোটেই দিন প্ৰচাৰ কৰিছিলোঁ। আমি দূৰ-দূৰণি ঠাইলৈ গৈছিলোঁ আৰু কেতিয়াবা গাড়ীতে শুই গৈছিলোঁ। কিয়নো এইদৰে কৰিলে আমাৰ বহুত সময় বাচিছিল আৰু ৰাতিপুৱা উঠি আমি সোনকালে প্ৰচাৰ আৰম্ভ কৰিব পাৰিছিলোঁ।

মিচনেৰী সেৱা কৰাৰ বাবে আমি আগৰ দৰে প্ৰচাৰ কৰিবলৈ উৎসাহ লাভ কৰিলোঁ। লাহে লাহে মণ্ডলীত প্ৰচাৰকৰ সংখ্যা বাঢ়িবলৈ ধৰিলে। তাৰ ভাই-ভনীসকল বহুত ভাল আছিল। তেওঁলোকে এজনে-আনজনক প্ৰেম কৰিছিল, আদৰ কৰিছিল আৰু সৰু সৰু কথাৰ বাবেও কৃতজ্ঞতা দেখুৱাইছিল।

প্ৰাৰ্থনাত বহুত শক্তি থাকে

আমি নেৱা চহৰত সেৱা কৰি থকাৰ সময়ত ইয়াৰ ওচৰে-পাজৰে থকা এলেকাবোৰত কোনো যিহোৱাৰ সাক্ষী নাছিল। মই ভাবিছিলোঁ যে তাৰ লোকসকলে সত্য কেনেকৈ পাব। কাৰণ গুৰিলা গোটৰ বাবে তাত বিদেশীসকলে যোৱাটো বহুত বিপদজনক আছিল। সেইবাবে, মই যিহোৱালৈ প্ৰাৰ্থনা কৰিছিলোঁ যে সেই এলেকাৰ কোনো এজন ব্যক্তিক মই লগ পাওঁ, যাতে সি সত্য শিকি যিহোৱাৰ সাক্ষী হৈ যায়। লগতে মই এয়াও প্ৰাৰ্থনা কৰিছিলোঁ যে সেই ব্যক্তিজনৰ সম্পৰ্ক যিহোৱাৰ লগত ইমানেই দৃঢ় হৈ যায়, যাতে নেৱা চহৰৰ পৰা তেওঁ নিজৰ গাঁৱলৈ গৈ প্ৰচাৰ কৰিব পাৰে। কিন্তু মই ভৱা নাছিলোঁ যে যিহোৱাই ইয়াতকৈ উত্তম ভাবি থৈছিল।

কিছু সময়ৰ পাছত মই এজন ডেকা ব্যক্তিক বাইবেল অধ্যয়ন কৰাবলৈ ধৰিলোঁ। তেওঁৰ নাম ফাৰনেনডʼ গনজালেছ আছিল আৰু তেওঁ অল্জেচীৰাছত বাস কৰিছিল। তাত এজনো যিহোৱাৰ সাক্ষী নাছিল। ফাৰনেনডʼ কামৰ বাবে প্ৰায় ৫০ কিলোমিটাৰ (৩০ মাইল) যাত্ৰা কৰি নেৱালৈ আহিছিল। তেওঁ প্ৰতি সপ্তাহে বাইবেল অধ্যয়নৰ বাবে ভালদৰে তৈয়াৰী কৰিছিল। বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰাৰ পাছৰে পৰা তেওঁ সভালৈ আহিবলৈ ধৰিলে। আৰম্ভণিৰে পৰা তেওঁ যি শিকিছিল সেই সকলো কথা নিজৰ গাঁৱৰ লোকসকলক একত্ৰিত কৰি তেওঁলোকক শিকাইছিল।

ফাৰনেনডʼৰ লগত ১৯৯৩ চনত

অধ্যয়নৰ ছয় মাহৰ পাছতে ১৯৯০ চনৰ জানুৱাৰী মাহত ফাৰনেনডʼৱে বাপ্তিষ্মা লʼলে। তাৰ পাছত তেওঁ অগ্ৰগামী সেৱা কৰিবলৈ আৰম্ভ কৰিলে। অল্জেচীৰাছত এজন যিহোৱাৰ সাক্ষী থকাৰ বাবে তাত অগ্ৰগামী সেৱকসকলক পঠিওৱাটো সুৰক্ষিত হʼব বুলি শাখা কাৰ্য্যালয়ে ভাবিলে। এইদৰে ১৯৯২ চনৰ ফেব্ৰুৱাৰী মাহত তাত এখন মণ্ডলী গঠিত হʼল।

ফাৰনেনডʼৱে নিজৰ গাঁৱত প্ৰচাৰ কৰাৰ লগতে বিয়াৰ পাছত তেওঁৰ পত্নীৰ লগত ছেন বিছেট ডেল কেগুৱান নামৰ ঠাইলৈ গৈ, তাতে থাকি প্ৰচাৰ কৰিবলৈ ধৰিলে, যʼত এজনো যিহোৱাৰ সাক্ষী নাছিল। তাত তেওঁলোকে এখন মণ্ডলী আৰম্ভ কৰিলে আৰু ২০০২ চনত ফাৰনেনডʼক চাৰ্কিট ওভাৰচিয়াৰ হিচাপে নিযুক্ত কৰা হʼল। তেতিয়াৰ পৰা আজিলৈকে তেওঁ আৰু তেওঁৰ পত্নীয়ে অল্গায়ে বেলেগ বেলেগ মণ্ডলীত সাক্ষাৎ কৰি আছে।

এই অনুভৱৰ পৰা মই শিকিব পাৰিলোঁ যে যিহোৱাৰ সেৱাত আমি সৰু সৰু কথাৰ বাবেও প্ৰাৰ্থনা কৰা উচিত। কাৰণ যিহোৱাই যি কৰিব পাৰে, সেয়া আমি কৰিব নোৱাৰোঁ। কিয়নো খেতিৰ মালিক আমি নহয়, তেওঁহে।—মথি ৯:৩৮.

“অন্তৰত ইচ্ছা” জগাবলৈ আৰু “কাৰ্য্য” সফল কৰিবলৈ যিহোৱাই শক্তি দিয়ে

মোক ১৯৯০ চনত চাৰ্কিট ওভাৰচিয়াৰ হিচাপে নিযুক্ত কৰা হʼল। তাৰ পাছত কলম্বিয়াৰ ৰাজধানী বʼগʼটাত আমাক প্ৰথমবাৰ চাৰ্কিট কামৰ বাবে পঠিওৱা হʼল। এই দায়িত্ব পাই আমি ভয় খাইছিলোঁ। কাৰণ আমি সাধাৰণ লোক আছিলোঁ, আমাৰ কোনো বিশেষ দক্ষতা নাছিল আৰু আগতে আমি কোনো ডাঙৰ চহৰত কেতিয়াও থকা নাছিলোঁ। সেইবাবে, এই দায়িত্ব ভালদৰে পূৰ কৰিব পাৰিম নে নোৱাৰিম বুলি ভাবি ভয় খাইছিলোঁ। কিন্তু যিহোৱাই ফিলিপীয়া ২:১৩ যি প্ৰতিজ্ঞা কৰিছে, সেয়া পূৰ কৰিলে। তাত লিখা আছে, “ঈশ্বৰেই নিজৰ হত-সঙ্কল্পৰ কাৰণে তোমালোকৰ অন্তৰত ইচ্ছা কৰা আৰু কাৰ্য্য-সাধন কৰা, এই উভয়ৰ সাধনকৰ্ত্তা হৈছে।”

তাৰ পাছত আমাক চাৰ্কিট সেৱাৰ বাবে মেডেলিন চহৰত পঠিওৱা হʼল, যাৰ বিষয়ে মই আপোনালোকক আৰম্ভণিতে জনাইছিলোঁ। তাৰ লোকসকলৰ হাই-কাজিয়াৰ ইমানেই অভ্যাস হৈ পৰিছিল যে গুলিয়া-গুলি হোৱাটো তেওঁলোকৰ বাবে সাধাৰণ কথা আছিল। এখন ঘৰত যেতিয়া মই বাইবেল অধ্যয়ন কৰি আছিলোঁ, তেতিয়া হঠাতে বাহিৰত গুলিয়া-গুলি আৰম্ভ হʼল। মই মাটিত বাগৰিব লৈছিলোঁহে দেখিলোঁ বাইবেল বিদ্যাৰ্থীজনে প্ৰেগাফ পঢ়িয়েই আছে। তেওঁৰ বাবে এয়া সাধাৰণ কথা আছিল। প্ৰেগাফ পঢ়াৰ পাছত তেওঁ মোক কʼলে, “মই এতিয়াই আহিছোঁ।” কিছু সময়ৰ পাছত তেওঁ দুটি সন্তানক ভিতৰলৈ আনি কʼলে, “ক্ষমা কৰিব, মই ইহঁতক আনিবলৈ বাহিৰলৈ গৈছিলোঁ।”

বহু বাৰ আমাৰ জীৱন বিপদত পৰিছিল। এবাৰ যেতিয়া আমি ঘৰে ঘৰে প্ৰচাৰ কৰি আছিলোঁ, তেতিয়া ছিৰকাই দৌৰি দৌৰি মোৰ ওচৰলৈ আহিল আৰু তাই বহুত ভয় খাইছিল। তাই কʼলে যে কোনোবাই তাইক গুলিয়াবলৈ চেষ্টা কৰিছিল, এয়া শুনি ময়ো ভয় খালোঁ। পাছত গʼম পালোঁ যে সেই ব্যক্তিজনে ছিৰকাক নহয়, তাইৰ ওচৰেদি পাৰ হোৱা এজন ব্যক্তিক মাৰিবলৈ চেষ্টা কৰিছিল।

তাত থকা ভাই-ভনীসকলৰ পৰা আমি বহুত সাহস পালোঁ। কিয়নো তেওঁলোকে ইয়াতকৈ বেয়া পৰিস্থিতিৰ সন্মুখীন হৈছিল আৰু লাহে লাহে আমাৰ ভয় দূৰ হʼল। আমি ভাবিলোঁ যিহোৱাই যদি তেওঁলোকক সহায় কৰি আছে, তেনেহʼলে তেওঁ আমাকো সহায় কৰিব। আমি প্ৰাচীনসকলৰ পৰামৰ্শ মানিলোঁ, সতৰ্ক হʼলোঁ আৰু সকলো যিহোৱাৰ ওপৰত এৰি দিলোঁ।

কিন্তু সদায় পৰিস্থিতি আমি ভবাৰ দৰে ইমান বেয়া নাছিল। উদাহৰণস্বৰূপে, মই যেতিয়া এখন ঘৰত প্ৰচাৰ কৰিবলৈ গৈছিলোঁ, তেতিয়া বাহিৰত দুগৰাকী তিৰোতাই কাজিয়া লাগি আছিল। মই কাজিয়া শুনিব বিচৰা নাছিলোঁ, কিন্তু মই প্ৰচাৰ কৰিবলৈ যোৱা ঘৰৰ তিৰোতা গৰাকীয়ে মোক বাৰে বাৰে বাহিৰলৈ মাতি আছিল। মই বাহিৰলৈ ওলাই দেখিলোঁ যে সেয়া কোনো তিৰোতা নাছিল, দুজনী ভাটৌ চৰাইয়ে ওচৰৰে দুগৰাকী তিৰোতাৰ নকল কৰি আছিল, যিসকলে প্ৰায়ে কাজিয়া লাগিছিল।

আন কিছুমান দায়িত্ব আৰু সমস্যা

মই ১৯৯৭ চনত ‘মিনিছট্ৰিয়েল ট্ৰেইনিং স্কুলত’ b শিকোৱাৰ দায়িত্ব লাভ কৰিলোঁ। সংগঠনৰ স্কুলবোৰত উপস্থিত হৈ মই বহুত ভাল পাইছিলোঁ। কিন্তু এনে কোনো স্কুলত শিকাবলৈ সুযোগ পাম বুলি মই কেতিয়াও ভবাই নাছিলোঁ।

পাছত মই জিলা ওভাৰচিয়াৰ হিচাপে সেৱা কৰাৰ সুযোগ পালোঁ। কিন্তু যেতিয়া এই ব্যৱস্থা বন্ধ হʼল, তেতিয়া মই পুনৰ চাৰ্কিট সেৱা কৰিবলৈ আৰম্ভ কৰিলোঁ। মই ৩০ বছৰতকৈ বেছি সময় বেলেগ বেলেগ দায়িত্ব চম্ভালিলোঁ, যেনে সংগঠনৰ স্কুলবোৰত শিকাৱো আৰু চাৰ্কিট সেৱা কৰিলোঁ। ইয়াৰ বাবে মই বহুত আশীৰ্বাদ লাভ কৰিলোঁ। এই দায়িত্ববোৰ পূৰ কৰাটো ইমান সহজ নাছিল। ইয়াৰ বিষয়ে আহক মই আপোনালোকক বেছিকৈ জনাওঁ।

মই যি সঠিক বুলি ভাবিছিলোঁ, সেয়াই কৰিছিলোঁ আৰু উৎসাহেৰে কৰিছিলোঁ। সেইবাবে, মই বেয়া পৰিস্থিতিৰো সন্মুখীন হʼব পাৰিলোঁ। কিন্তু কেতিয়াবা কেতিয়াবা প্ৰাচীনসকলৰ লগত মণ্ডলীৰ সমস্যাবোৰৰ বিষয়ে কথা পতাৰ সময়ত মই তেওঁলোকক সন্মান দেখুৱা নাছিলোঁ। এবাৰ মই উৎসাহেৰে ভাইসকলক কʼলোঁ যে তেওঁলোকে আনৰ লগত প্ৰেম আৰু সন্মানেৰে ব্যৱহাৰ কৰা উচিত। কিন্তু দুখৰ বিষয়ে সেই সময়ত মই এইদৰে কৰা নাছিলোঁ।—ৰোম. ৭:২১-২৩.

বহু বাৰ মই নিজৰ দুৰ্বলতাবোৰৰ কাৰণে নিৰাশ হৈ পৰিছিলোঁ। (ৰোম. ৭:২৪) এবাৰ মই ইমানেই নিৰাশ হৈ পৰিছিলোঁ যে যিহোৱাক কʼলোঁ মই মিচনেৰী সেৱা এৰি ফিনলেণ্ডলৈ ঘূৰি যোৱাটোৱে ভাল হʼব। কিন্তু সেইদিনাখন সভাত মই এনে কিবা শুনিলোঁ যাৰ বাবে মোৰ উৎসাহ বাঢ়িলে। মোৰ সম্পূৰ্ণ বিশ্বাস হʼল যে মই নিজৰ দুৰ্বলতাৰ লগত যুঁজ কৰা আৰু যিহোৱাৰ সেৱা কৰি থকাটো তেওঁ বিচাৰে। আজিও মই সেইদিনৰ বিষয়ে যেতিয়া ভাবো যে কেনেকৈ যিহোৱাই মোৰ প্ৰাৰ্থনাৰ উত্তৰ দিলে, তেতিয়া মই বহুত আনন্দিত হওঁ। মই যিহোৱাৰ প্ৰতি কৃতজ্ঞ, কিয়নো তেওঁ মোক নিজৰ দুৰ্বলতাৰ লগত যুঁজিবলৈ সহায় কৰিলে।

ভৱিষ্যতেও যিহোৱাই আমাৰ যত্ন লʼব

মই যিহোৱাৰ বহুত কৃতজ্ঞ, কিয়নো জীৱনৰ বেছিভাগ সময় মই ছিৰকাৰ লগত পূৰ্ণসময়ৰ সেৱা কৰিব পাৰিলোঁ। লগতে ইমান ভাল পত্নী দিয়াৰ বাবেও, কিয়নো তাই মোক বহুত সহযোগ কৰে।

কিছু দিনৰ পাছতে মই ৭০ বছৰৰ হৈ যাম। সেইবাবে, মই স্কুলত শিকোৱাৰ দায়িত্ব আৰু চাৰ্কিটৰ কাম এৰিবলগীয়া হʼব। ইয়াৰ বাবে মই নিৰাশ হোৱা নাই। কিয়নো যিহোৱাৰ সংগঠনত ডাঙৰ ডাঙৰ দায়িত্ব থাকিলেহে আমি যিহোৱাক আনন্দিত কৰিব পাৰিম এনে নহয়। কিন্তু যেতিয়া আমি তেওঁক প্ৰেম কৰোঁ, নম্ৰতাৰে থাকোঁ আৰু কৃতজ্ঞ হওঁ, তেতিয়াহে তেওঁ আনন্দিত হয়।—মীখা ৬:৮; মাৰ্ক ১২:৩২-৩৪.

সংগঠনত মই বহুতো দায়িত্ব লাভ কৰিলোঁ, মই আনতকৈ ভাল বা মোৰ দক্ষতা আছিল বুলি এই দায়িত্ব লাভ কৰা নাছিলোঁ, কিন্তু যিহোৱাই দয়া দেখুৱাৰ বাবেহে। তেওঁ মোৰ দুৰ্বলতাবোৰৰ বিষয়ে জানিছিল, তথাপিও তেওঁ মোক এই দায়িত্ববোৰ পূৰ কৰিবলৈ সহায় কৰিলে। সঁচাকৈ, যেতিয়া আমি দুৰ্বল হওঁ, তেতিয়া ঈশ্বৰৰ শক্তি দেখা পাওঁ।—২ কৰি. ১২:৯.

a এপ্ৰিল ১, ২০০৬ চনৰ প্ৰহৰীদুৰ্গত ভাই ৰাইমʼ কৌকানেনৰ জীৱন কাহিনী “আমি যিহোৱাৰ সেৱা কৰিবলৈ থিৰাং কৰিলোঁ” (হিন্দী) পঢ়ক।

b এই স্কুল এতিয়া ‘ৰাজ্য প্ৰচাৰকসকলৰ স্কুলৰ’ লগত সলনি কৰা হৈছে।