Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ১৯

গীত ২২ স্বৰ্গত ৰাজ্য আৰম্ভ হʼল—এতিয়া পৃথিৱীত হওক, এই প্ৰাৰ্থনা!

যিহোৱাই ভৱিষ্যতে লোকসকলৰ কেনেকৈ ন্যায় কৰিব?

যিহোৱাই ভৱিষ্যতে লোকসকলৰ কেনেকৈ ন্যায় কৰিব?

‘যিহোৱাৰ ইচ্ছা হৈছে কোনো যেন বিনষ্ট নহয়।’২ পিত. ৩:৯.

কি শিকিম?

ভৱিষ্যতে ঈশ্বৰে লোকসকলৰ সঠিক ন্যায় কৰিব বুলি আমি সম্পূৰ্ণ বিশ্বাস কৰিব পাৰোঁ।

১. আমি ৰোমাঞ্চকৰ সময়ত জীয়াই আছোঁ বুলি কিয় কʼব পাৰোঁ?

 আমি এক ৰোমাঞ্চকৰ সময়ত জীয়াই আছোঁ। প্ৰতিদিনে আমি বাইবেলৰ ভৱিষ্যবাণীবোৰ পূৰ হোৱা দেখিবলৈ পাইছোঁ। গোটেই পৃথিৱীক নিজৰ অধীনত ৰাখিবলৈ ‘দক্ষিণ দেশৰ ৰজা’ আৰু “উত্তৰ দেশৰ ৰজাই” এজনে-আনজনৰ বিৰুদ্ধে যুদ্ধ কৰি আছে। (দানি. ১১:৪০) ইয়াৰ উপৰিও বৃহৎ পৰিমাণে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে লোকসকলক শুভবাৰ্তা শুনোৱা আৰু লাখ লাখ লোকে ঈশ্বৰৰ সেৱা কৰিবলৈ নিৰ্ণয় লোৱাটো দেখিবলৈ পাইছোঁ। (যিচ. ৬০:২২; মথি ২৪:১৪) ইয়াৰ লগতে আমি “উচিত সময়ত” কিতাপ-পত্ৰিকাবোৰ পাই আছোঁ, যাৰ যোগেদি আমি ঈশ্বৰৰ লগত নিজৰ সম্পৰ্ক মজবুত কৰিব পাৰিছোঁ।—মথি ২৪:৪৫-৪৭.

২. (ক) আমি কি কথাৰ ওপৰত বিশ্বাস কৰিব পাৰোঁ, কিন্তু আমি কি কথা স্বীকাৰ কৰোঁ?

ভৱিষ্যতে ডাঙৰ ডাঙৰ ঘটনাবোৰ ঘটিব আৰু যিহোৱাই আমাক সেইবোৰৰ বিষয়ে নতুন বুজাবুজি দি আছে। (হিতো. ৪:১৮; দানি. ২:২৮) আমি বিশ্বাস ৰাখিব পাৰোঁ যে মহা-সংকট আৰম্ভ হোৱাৰ আগতে আমি সেই সকলো কথা জানিব পাৰিম, যাৰ যোগেদি আমি সমস্যাৰ সময়তো যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰিম আৰু একতাত থাকিব পাৰিম। কিন্তু আমি এয়াও স্বীকাৰ কৰোঁ যে আহিবলগীয়া সময়ৰ বিষয়ে আমি সকলো কথা নাজানোঁ। এই লেখত আমি আলোচনা কৰিম যে ভৱিষ্যতে হʼবলগীয়া ঘটনাবোৰৰ বিষয়ে আমাৰ বুজাবুজিত কি সাল-সলনি কৰা হৈছে। ইয়াৰ লগতে আমি এয়াও আলোচনা কৰিম যে ভৱিষ্যতে যিহোৱাই যি কৰিব আৰু সেই সময়ত যিবোৰ ঘটনা ঘটিব, তাৰ বিষয়ে আমি কি জানোঁ।

আমি কি নাজানোঁ?

৩. যিসকল লোকে যিহোৱাৰ ওপৰত বিশ্বাস নকৰে, তেওঁলোকৰ বিষয়ে আগতে আমি কি ভাবিছিলোঁ আৰু কিয়?

আগতে আমি কৈছিলোঁ যে মহা-সংকট আৰম্ভ হʼলে লোকসকলে যিহোৱাৰ ওপৰত বিশ্বাস কৰিবলৈ আৰু হৰমাগিদোনৰ পৰা বাচিবলৈ সুযোগে নাপাব। জলপ্লাৱনৰ সময়ত যি হৈছিল সেয়া ভৱিষ্যততে হʼবলগীয়া কোনো কথাক চিত্ৰিত কৰে বুলি ভাবি আমি এইদৰে কৈছিলোঁ। উদাহৰণস্বৰূপে, জলপ্লাৱন আৰম্ভ হোৱাৰ আগতে যিহোৱাই যেনেকৈ জাহাজৰ দুৱাৰ বন্ধ কৰিছিল, ঠিক সেইদৰে মহা-সংকটৰ সময়ত তেওঁ জগতৰ লোকসকলৰ বাবে “দুৱাৰ বন্ধ” কৰিব, তেতিয়া তেওঁলোকৰ ওচৰত নিজৰ জীৱন বচোৱাৰ কোনো সুযোগ নাথাকিব।—মথি ২৪:৩৭-৩৯.

৪. নোহৰ দিনত যি হৈছিল, সেয়া ভৱিষ্যতে হʼবলগীয়া কোনো কথাক চিত্ৰিত নকৰে বুলি এতিয়া আমি কিয় বিশ্বাস কৰোঁ? বুজাওক।

জলপ্লাৱনৰ সময়ত যি হৈছিল, সেয়া ভৱিষ্যতে হʼবলগীয়া কিছুমান কথাক চিত্ৰিত কৰে বুলি কোৱাটো সঠিক হʼব নে? নহয়। কিয় বাৰু? কাৰণ বাইবেলত ইয়াৰ বিষয়ে একো উল্লেখ কৰা নাই। a যীচুৱে নিজৰ উপস্থিতিৰ তুলনা “নোহৰ দিনৰ” লগত কৰিছিল। কিন্তু তেওঁ এইদৰে কেতিয়াও কোৱা নাছিল যে নোহৰ দিনত যিবোৰ ঘটনা ঘটিছিল, সেইবোৰ ভৱিষ্যতে হʼবলগীয়া কোনো কথাক চিত্ৰিত কৰে। যেনে, জাহাজৰ দুৱাৰ বন্ধ কৰা। তথাপিও নোহ আৰু জলপ্লাৱনৰ ঘটনাৰ পৰা আমি বহুতো কথা শিকিব পাৰোঁ।

৫. (ক) জলপ্লাৱন অহাৰ আগতে নোহে কেনেকৈ দেখুৱালে যে ঈশ্বৰৰ কথাৰ ওপৰত তেওঁৰ বিশ্বাস আছে? (ইব্ৰী ১১:৭; ১ পিতৰ ৩:২০) (খ) প্ৰচাৰৰ বিষয়ে কʼবলৈ গʼলে নোহ আৰু আমাৰ দিনত কি কথাৰ মিল আছে?

যেতিয়া যিহোৱাই নোহক জলপ্লাৱনৰ বিষয়ে কʼলে, তেতিয়া তেওঁ লগে লগে পদক্ষেপ লʼলে। তেওঁ জাহাজ নিৰ্মাণ কৰিলে আৰু এইদৰে তেওঁ দেখুৱালে যে যিহোৱাৰ কথাৰ ওপৰত তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে। (ইব্ৰী ১১:৭; ১ পিতৰ ৩:২০ পঢ়ক।) ঠিকে সেইদৰে আজি যেতিয়া লোকসকলে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে শুভবাৰ্তা শুনে, তেতিয়া তেওঁলোকেও লগে লগে পদক্ষেপ লোৱা উচিত। (পাঁচ. ৩:১৭-২০) পিতৰে নোহক ‘প্ৰচাৰক’ বুলি কৈছিল। (২ পিত. ২:৫) তেওঁ লোকসকলক প্ৰচাৰ কৰিবলৈ কঠিন পৰিশ্ৰম কৰিছিল। আমি আগৰ লেখত আলোচনা কৰিছিলোঁ যে জলপ্লাৱনৰ আগতে তেওঁ সকলো লোকক প্ৰচাৰ কৰিছিল বুলি বাইবেলত কʼতো উল্লেখ নাই। আজি আমিও গোটেই পৃথিৱীৰ লোকসকলক প্ৰচাৰ কৰিবলৈ বহুত পৰিশ্ৰম কৰোঁ। কিন্তু আমি যিমানেই চেষ্টা নকৰোঁ কিয় অন্ত অহাৰ আগতে সকলো লোকক প্ৰচাৰ কৰাটো সম্ভৱ নহয়। কিয় বাৰু?

৬-৭. অন্ত অহাৰ আগতে আমি পৃথিৱীৰ সকলো লোককে শুভবাৰ্তা শুনাব নোৱাৰিম বুলি আমি কিয় কʼব পাৰোঁ? বুজাওক।

প্ৰচাৰৰ বিষয়ে যীচুৱে কি কৈছিল তালৈ মন কৰক। তেওঁ কৈছিল গোটেই পৃথিৱীত প্ৰচাৰ কাম বৃহতভাৱে কৰা হʼব। তেওঁ কৈছিল যে “সকলো ৰাষ্ট্ৰই সাক্ষ্য পাবলৈ ৰাজ্যৰ এই শুভবাৰ্তা গোটেই জগতত প্ৰচাৰ কৰা হʼব।” (মথি ২৪:১৪) আমি স্পষ্টকৈ দেখিবলৈ পাইছোঁ যে এই ভৱিষ্যবাণী আজি আমাৰ সময়ত পূৰ হৈ আছে। ৰাজ্যৰ এই শুভবাৰ্তা ১০০০-তকৈ বেছি ভাষাত প্ৰচাৰ কৰা হৈছে আৰু কিতাপ-পত্ৰিকাবোৰ প্ৰকাশিত কৰা হৈছে। আমাৰ ৱেবছাইট jw.org-ৰ যোগেদি এই কিতাপ-পত্ৰিকাবোৰ বহুতো লোকৰ বাবে উপলব্ধ কৰা হৈছে।

যীচুৱে নিজৰ শিষ্যসকলক কৈছিল যে যেতিয়া তেওঁ আহিব, তেতিয়ালৈকে তেওঁলোকে ‘সকলো নগৰলৈ গৈ শেষ’ কৰিব নোৱাৰিব, অৰ্থাৎ সকলো মানুহক প্ৰচাৰ কৰিব নোৱাৰিব। (মথি ১০:২৩; ২৫:৩১-৩৩) যীচুৱে কোৱা কথা আমাৰ সময়ত পূৰ হৈ আছে। বৰ্তমান সময়ত লাখ লাখ লোকে এনে ঠাই বা দেশত থাকে, যʼত আমাৰ কামক নিষেধ কৰা হৈছে। ইয়াৰ উপৰিও গোটেই পৃথিৱীত প্ৰতি মিনিটত শ শ লʼৰা-ছোৱালীৰ জন্ম হয়। আমি ‘সকলো জাতি, ফৈদ, ভাষা, আৰু লোকবিলাকক’ শুভবাৰ্তা শুনাবলৈ বহুত পৰিশ্ৰম কৰি আছোঁ, তথাপি আমি সকলো মানুহক শুভবাৰ্তা প্ৰচাৰ কৰিব নোৱাৰিম।—প্ৰকা. ১৪:৬.

৮. যিহোৱাই ভৱিষ্যতে লোকসকলৰ যিদৰে ন্যায় কৰিব, সেই বিষয়ে আমাৰ মনলৈ কি প্ৰশ্ন আহিব পাৰে? (ছবিখনো চাওক।)

ওপৰত আমি যি আলোচনা কৰিলোঁ, তাৰ পৰা আমাৰ মনলৈ প্ৰশ্ন আহিব পাৰে যে মহা-সংকট অহাৰ আগতে যিসকল লোকে শুভবাৰ্তা শুনিবলৈ সুযোগ নাপাব, তেওঁলোকৰ বিষয়ে কি কʼব পাৰি? যিহোৱা আৰু তেওঁৰ পুত্ৰ, যাক তেওঁ ন্যায় কৰাৰ দায়িত্ব দিছে, তেওঁলোকে সেই লোকসকলৰ ন্যায় কেনেকৈ কৰিব? (যোহ. ৫:১৯, ২২, ২৭; পাঁচ. ১৭:৩১) আমি ইয়াৰ উত্তৰ নাজানোঁ, কিয়নো যিহোৱাই এতিয়ালৈকে আমাৰ আগত এয়া প্ৰকাশ কৰা নাই। যিহোৱাই এতিয়ালৈকে কি কৰিলে আৰু ভৱিষ্যতে কি কৰিব, ইয়াৰ বিষয়ে তেওঁ আমাক জনোৱাৰ প্ৰয়োজন নাই। কিন্তু আমি এটা কথা জানোঁ, যি এই লেখৰ মুখ্য পদত লিখা আছে ‘কোনো যেন বিনষ্ট নহয়, কিন্তু সকলো যেন মন-পালটন’ কৰাৰ সুযোগে পায়, এয়ে যিহোৱাৰ ইচ্ছা।—২ পিত. ৩:৯; ১ তীম. ২:৪.

যিসকল লোকে মহা-সংকটৰ আগতে শুভবাৰ্তা শুনিবলৈ সুযোগ নাপাব, তেওঁলোকৰ ন্যায় যিহোৱাই কেনেকৈ কৰিব? (অনুচ্ছেদ ৮ চাওক) c


৯. যিহোৱাই নিজৰ বাক্য বাইবেলত আমাক কি জনাইছে?

যিহোৱাই ভৱিষ্যতে কি কৰিব, ইয়াৰ বিষয়ে আমি সকলো কথা নাজানোঁ। কিন্তু তেওঁ নিজৰ বাক্য বাইবেলত কিছুমান কথা জনাইছে। যেনে, বাইবেলত লিখা আছে যে যিহোৱাই “অধাৰ্ম্মিক” অৰ্থাৎ বেয়া লোকসকলক আকৌ জীয়াই তুলিব, যিসকলে সত্যৰ বিষয়ে জানিবলৈ আৰু নিজকে শুধৰণি কৰিবলৈ সুযোগ নাপালে। (পাঁচ. ২৪:১৫; লূক ২৩:৪২, ৪৩) ইয়াৰ পৰা আমাৰ মনলৈ আৰু কিছুমান প্ৰশ্ন আহিব পাৰে, যাৰ বিষয়ে আমি আগলৈ আলোচনা কৰিম।

১০. আমাৰ মনলৈ আৰু কি প্ৰশ্ন আহিব পাৰে?

১০ মহা-সংকটৰ সময়ত ঘটা ঘটনাবোৰত যিসকল লোকৰ মৃত্যু হʼব, তেওঁলোকক আকৌ জীয়াই তোলা হʼব নে? বাইবেলত স্পষ্টকৈ জনোৱা হৈছে যে যিসকলে যিহোৱাৰ বিৰোধ কৰিব, তেওঁলোকক যিহোৱা আৰু তেওঁৰ সেনাই একেবাৰে ধ্বংস কৰিব আৰু তেওঁলোকক আকৌ জীয়াই তোলা নহʼব। (২ থিচ. ১:৬-১০) কিন্তু যিসকল লোকে বেমাৰ, বৃদ্ধ অৱস্থা বা কিবা দুৰ্ঘটনাৰ বাবে নাইবা যদি কোনোবাই তেওঁলোকক হত্যা কৰে, তেনেহʼলে তেওঁলোকক আকৌ জীয়াই তোলা হʼব নে? (উপ. ৯:১১; জখ. ১৪:১৩) যেতিয়া “অধাৰ্ম্মিক” অৰ্থাৎ বেয়া লোকসকলক নতুন পৃথিৱীত আকৌ জীয়াই তোলা হʼব, তেতিয়া তেওঁলোকৰ মাজত সেই লোকসকলো থাকিব নে? সঁচাকৈ কʼবলৈ গʼলে ইয়াৰ বিষয়ে আমি একো নাজানোঁ।

আমি কি জানোঁ?

১১. যীচুৱে কিহৰ আধাৰত লোকসকলৰ ন্যায় কৰিব?

১১ ভৱিষ্যতে হʼবলগীয়া ঘটনাবোৰৰ কিছুমান কথা আমি জানোঁ। যেনে, লোকসকলে যীচুৰ ভাইসকলৰ লগত যিদৰে ব্যৱহাৰ কৰিব, তাৰ আধাৰত তেওঁ লোকসকলৰ ন্যায় কৰিব। (মথি ২৫:৪০) যিসকল লোকে অভিষিক্ত খ্ৰীষ্টান আৰু মচীহক সমৰ্থন কৰিব, তেওঁলোক ভেড়াৰ দৰে হʼব। আমি এয়াও জানোঁ যে যেতিয়া মহা-সংকট আৰম্ভ হʼব, তেতিয়া মচীহৰ কিছুমান ভাই এই পৃথিৱীতে থাকিব। কিন্তু হৰমাগিদোন আৰম্ভ হোৱাৰ অলপ আগতে তেওঁলোকক স্বৰ্গলৈ নিয়া হʼব। যেতিয়ালৈকে মচীহৰ বাকী থকা অভিষিক্ত ভাইসকল এই পৃথিৱীত আছে, তেতিয়ালৈকে ভাল মন থকা লোকসকলে তেওঁলোকক সমৰ্থন কৰিবলৈ আৰু প্ৰচাৰ কামত সহায় কৰিবলৈ তেওঁলোকৰ ওচৰত ভাল সুযোগ আছে। (মথি ২৫:৩১, ৩২; প্ৰকা. ১২:১৭) এই কথাবোৰ কিয় ইমান গুৰুত্বপূৰ্ণ?

১২-১৩. ‘মহা-বাবিলৰ’ ধ্বংস দেখি কিছুমান লোকে হয়তো কি কৰিব? (ছবিখনো চাওক।)

১২ হয়তো মহা-সংকটৰ সময়ত কিছুমান লোকৰ মনত পৰিব যে যিহোৱাৰ সাক্ষীসকলে তেওঁলোকক জনাইছিল যে সকলো মিছা ধৰ্ম অৰ্থাৎ “মহা-বাবিল” ধ্বংস কৰা হʼব। সেই সময়ত তেওঁলোকৰ মাজৰ কিছুমান লোকে যিহোৱাৰ ওপৰত বিশ্বাস কৰিব নে আৰু তেওঁৰ সেৱা কৰিব নে?—প্ৰকা. ১৭:৫; যিহি. ৩৩:৩৩.

১৩ ক্ষন্তেকৰ বাবে মোচিৰ সময়ৰ বিষয়ে চিন্তা কৰক। সেই সময়তো এইদৰেই হৈছিল। মিচৰ দেশত যেতিয়া লোকসকলে দেখিলে যে মোচিয়ে কোৱা ১০ টা মহামাৰী কেনেকৈ পূৰ হʼল, তেতিয়া তেওঁলোকৰ মাজৰ কিছুমানে হয়তো যিহোৱাৰ ওপৰত বিশ্বাস কৰিবলৈ ধৰিলে। সেইবাবে, বাইবেলত লিখা আছে যে যেতিয়া ইস্ৰায়েলীসকলে মিচৰৰ পৰা ওলাই গৈছিল, তেতিয়া ‘নানা লোকসমূহ তেওঁবিলাকৰ লগত গল।’ (যাত্ৰা. ১২:৩৮) মহা-বাবিলৰ ধ্বংসৰ পাছতো এইদৰে হʼব পাৰে। হয়তো কিছুমান লোকে হৰমাগিদোন অহাৰ আগতে যিহোৱাৰ ওপৰত বিশ্বাস কৰিব আৰু তেওঁৰ সেৱা কৰিব। এয়া দেখি আমাৰ বেয়া লাগিব নে বা আমি নিৰাশ হʼম নে? নহয়। ইয়াৰ পৰিৱৰ্তে আমি আমাৰ পিতৃ যিহোৱাৰ দৰে হʼব পাৰোঁ, যি “কৃপা আৰু দয়াৰে পৰিপূৰ্ণ ঈশ্বৰ, ক্ৰোধত ধীৰ, দয়া আৰু সত্যতাত মহান।” bযাত্ৰা. ৩৪:৬.

‘মহা-বাবিলৰ’ ধ্বংস দেখি কিছুমান লোকে মনত পেলাব যে যিহোৱাৰ সাক্ষীসকলে তেওঁলোকক ইয়াৰ বিষয়ে জনাইছিল (অনুচ্ছেদ ১২-১৩ চাওক) d


১৪-১৫. এজন ব্যক্তিয়ে অনন্ত জীৱন পাব নে নাই, সেয়া কি কথাৰ ওপৰত নিৰ্ভৰ নকৰে? বুজাওক। (গীতমালা ৩৩:৪, ৫)

১৪ কেতিয়াবা কেতিয়াবা কিছুমান লোকে নিজৰ অবিশ্বাসী সম্বন্ধীয়সকলৰ বিষয়ে ভাবে যে “মহা-সংকটৰ আগতে তেওঁলোকৰ মৃত্যু হʼলে যিহোৱাই নতুন পৃথিৱীত তেওঁলোকক হয়তো আকৌ জীয়াই তুলিব।” তেওঁলোকে নিজৰ সম্বন্ধীসকলৰ ভালৰ বিষয়ে চিন্তা কৰি এইদৰে ভাবে। কিন্তু এজন ব্যক্তিয়ে অনন্ত জীৱন পাব নে নাপায়, সেয়া তেওঁৰ কেতিয়া মৃত্যু হʼল তাৰ ওপৰত নিৰ্ভৰ নকৰে। যিহোৱাই ন্যায় ভাল পাই আৰু তেওঁ যি নিৰ্ণয় লয়, সেয়া তেওঁৰ মানদণ্ডৰ অনুসৰি হয় আৰু সঠিক হয়। (গীতমালা ৩৩:৪, ৫ পঢ়ক।) সেইবাবে, আমি সম্পূৰ্ণ বিশ্বাস কৰিব পাৰোঁ যে “সমুদায় পৃথিবীৰ বিচাৰকৰ্ত্তা জনাই” সদায় সঠিক ন্যায় কৰিব।—আদি. ১৮:২৫.

১৫ এজন ব্যক্তি কʼত থাকে, তাৰ আধাৰত তেওঁ অনন্ত জীৱন পাব নে নাই, সেয়া নিৰ্ভৰ নকৰে। যিসকল লোকে এনে দেশত থাকে, যʼত কেতিয়াও শুভবাৰ্তা প্ৰচাৰ হোৱা নাই, তাত থকা লোকসকলক যিহোৱাই কেতিয়াও ‘ছাগলী’ বুলি নাভাবিব। (মথি ২৫:৪৬) ন্যায়ী ঈশ্বৰে তেওঁলোকৰ বিষয়ে যিমান চিন্তা কৰে, সিমান আমি কোনেও নকৰোঁ। আমি নাজানোঁ যে মহা-সংকটৰ সময়ত যিহোৱাই পৰিস্থিতি কেনেকৈ সলনি কৰিব। হয়তো তেওঁলোকৰ মাজৰ কিছুমান লোকে যিহোৱাৰ বিষয়ে জানিবলৈ আৰু তেওঁৰ ওপৰত বিশ্বাস কৰিবলৈ সুযোগ পাব। যেতিয়া যিহোৱাই ৰাষ্ট্ৰবোৰৰ আগত নিজৰ নাম পবিত্ৰ কৰিব, তেতিয়া তেওঁলোকে হয়তো যিহোৱাক সহযোগ কৰিব।—যিহি. ৩৮:১৬.

মহা-সংকট আৰম্ভ হোৱাৰ পাছত কিছুমান লোকে যিহোৱাৰ ওপৰত বিশ্বাস কৰিব নে আৰু তেওঁৰ সেৱা কৰিব নে?

১৬. আমি যিহোৱাৰ বিষয়ে কি শিকিলোঁ? (ছবিখনো চাওক।)

১৬ বাইবেল অধ্যয়ন কৰাৰ যোগেদি আমি গম পালোঁ যে যিহোৱাই প্ৰতিজন ব্যক্তিৰ জীৱনক মূল্যৱান বুলি ভাবে। আমি সকলোৱে যাতে অনন্ত জীৱন লাভ কৰিব পাৰোঁ, তাৰ বাবে তেওঁ নিজৰ পুত্ৰৰ বলিদান দিলে। (যোহ. ৩:১৬) যিহোৱাই আমাৰ কিমান যত্ন লয় আৰু আমাক প্ৰেম কৰে, সেয়া আমি সকলোৱে অনুভৱ কৰিছোঁ। (যিচ. ৪৯:১৫) যিহোৱাই প্ৰতিজন লোকৰ বিষয়ে ভালদৰে জানে। যদি আমাৰ মৃত্যু হৈ যায়, তেনেহʼলে তেওঁ আমাৰ আগৰ চেহেৰা, অভ্যাস আৰু স্মৃতি দি আমাক আকৌ জীয়াই তুলিব পাৰে। (মথি ১০:২৯-৩১) সেইবাবে, আমি সম্পূৰ্ণ বিশ্বাস কৰিব পাৰোঁ যে আমাৰ মৰমীয়াল পিতৃয়ে আমাৰ লগত কেতিয়াও অন্যায় নকৰিব। তেওঁ সঠিক ন্যায় কৰিব, সেই ন্যায় তেওঁৰ মানদণ্ডৰ অনুসৰি হʼব আৰু তেওঁ আমাক দয়াও দেখুৱাব।—যাকো. ২:১৩.

আমি সম্পূৰ্ণ বিশ্বাস কৰিব পাৰোঁ যে যিহোৱাই প্ৰতিজন ব্যক্তিৰ সঠিক ন্যায় কৰিব, সেই ন্যায় তেওঁৰ মানদণ্ডৰ অনুসৰি হʼব আৰু তেওঁ দয়াও দেখুৱাব (অনুচ্ছেদ ১৬ চাওক)


১৭. পৰৱৰ্তী লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

১৭ আমাৰ বুজাবুজিত যি সাল-সলনি হʼল, তাৰ পৰা জানিব পাৰি যে আজি প্ৰচাৰ কৰাটো কিমান গুৰুত্বপূৰ্ণ হৈ পৰিছে। আমি এইদৰে কিয় কʼব পাৰোঁ? উৎসাহেৰে প্ৰচাৰ কৰিবলৈ কি কথাই আমাক সহায় কৰিব? এই প্ৰশ্নবোৰৰ বিষয়ে আমি পৰৱৰ্তী লেখত আলোচনা কৰিম।

গীত ৭৬ কেনেকুৱা লাগে?

a এই সাল-সলনি কিয় কৰা হৈছে তাৰ বিষয়ে বেছিকৈ জানিবলৈ মাৰ্চ ১৫, ২০১৫ চনৰ প্ৰহৰীদুৰ্গৰ (হিন্দী) ৭-১১ পৃষ্ঠাত দিয়া “তুমি এই উপায়টো গ্ৰহণ কৰিলা” নামৰ লেখখন পঢ়ক।

b মহা-বাবিলৰ বিনাশৰ পাছত যেতিয়া মাগোগ দেশীয় গোগে আক্ৰমণ কৰিব, তেতিয়া যিহোৱাৰ সকলো সেৱকৰ বিশ্বাসৰ পৰীক্ষা হʼব। ইয়াৰ উপৰিও সেই সময়ত যিসকল লোকে যিহোৱাৰ সেৱকসকলক সহযোগ কৰিব তেওঁলোকৰো বিশ্বাসৰ পৰীক্ষা হʼব।

c ছবিৰ বিষয়ে: তিনিখন ছবিত দেখুৱা হৈছে যে কিছুমান লোকক হয়তো কি কি কাৰণৰ বাবে আমি শুভবাৰ্তা শুনাবলৈ সুযোগ নাপাম: (১) এগৰাকী তিৰোতা এনে এখন দেশত থাকে, যʼত বেছিভাগ লোকে বেলেগ ধৰ্ম পালন কৰে আৰু তাত শুভবাৰ্তা প্ৰচাৰ কৰাটো বিপদজনক, (২) এহাল দম্পতী এনে এখন দেশত থাকে, যʼত চৰকাৰে প্ৰচাৰ কামক নিষেধ কৰিছে আৰু তাত প্ৰচাৰ কৰাটো বৰ বিপদজনক আৰু (৩) এজন ব্যক্তি এনে এখন ঠাইত থাকে, যʼত গৈ পোৱাটো বৰ কঠিন।

d ছবিৰ বিষয়ে: মহা-বাবিল ধ্বংস হʼল। যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিয়া এগৰাকী তিৰোতাই মনত পেলাইছে যে তাই ইয়াৰ বিষয়ে আগতে শিকিছিল। তাই অনুতাপ কৰিলে আৰু নিজৰ মা-দেউতাৰ ওচৰলৈ উভতি আহিল, যি যিহোৱাৰ সাক্ষী হয়। ভৱিষ্যতে যদি কাৰোবাৰ লগত এইদৰে হয়, তেনেহʼলে তেওঁ যিহোৱাৰ ওচৰলৈ উভতি অহাৰ কাৰণে আমি তেওঁক যিহোৱাৰ দৰে দয়া আৰু সহানুভূতি দেখুৱাম লগতে আনন্দিত হʼম।