Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ২৬

গীত নং ৮ যিহোৱা আমাৰ দুৰ্গ

যিহোৱা আপোনাৰ শিলা নে?

যিহোৱা আপোনাৰ শিলা নে?

“আমাৰ ঈশ্বৰৰ সদৃশ কোনো শিলা নাই।”১ চমূ. ২:২.

কি শিকিম?

যিহোৱাৰ কি কি গুণ থকাৰ বাবে তেওঁক শিলা বুলি কোৱা হৈছে আৰু আমি তেওঁৰ দৰে কেনেকৈ হʼব পাৰোঁ?

১. গীতমালা ১৮:৪৬ পদৰ অনুসৰি দায়ূদে জীৱন্ত ঈশ্বৰক কি কʼলে?

 আজি আমি এনে সময়ত জীয়াই আছোঁ, যʼত হঠাতে আমাৰ ওপৰত সমস্যা আহিব পাৰে। ক্ষন্তেকতে আমাৰ জীৱন একেবাৰে সলনি হৈ যাব পাৰে। এনে পৰিস্থিতিত আমি কʼৰ পৰা সহায় পাব পাৰোঁ? আমি যিহোৱাৰ ওপৰত ভৰসা ৰাখিব পাৰোঁ। ইয়াৰ আগৰ লেখত আমি আলোচনা কৰিছিলোঁ যে যিহোৱা জীৱন্ত ঈশ্বৰ আৰু তেওঁ আমাক সহায় কৰিবলৈ সদায় সাজু থাকে। যেতিয়া আমি চাওঁ যে যিহোৱা আমাৰ লগত আছে আৰু আমাক সহায় কৰি আছে, তেতিয়া আমাৰ বিশ্বাস বাঢ়ে যে যিহোৱা সঁচাকৈ জীৱন্ত ঈশ্বৰ। (গীতমালা ১৮:৪৬ পঢ়ক।) আমি শিকিছিলোঁ যে “যিহোৱা জীৱন্ত” ঈশ্বৰ, কিন্তু এই পদত দায়ূদে যিহোৱাক নিজৰ “শিলা” বুলি কৈছে। দায়ূদে তেওঁক শিলা বুলি কিয় কৈছিল?

২. এই লেখত আমি কি শিকিম?

এই লেখত আমি শিকিম যে যিহোৱাক শিলা বুলি কিয় কোৱা হৈছে আৰু ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ। আমি এয়াও শিকিম যে আমি যিহোৱাক নিজৰ শিলা কেনেকৈ বনাব পাৰোঁ। অৱশেষত আমি চাম যে আমি যিহোৱাৰ দৰে কেনেকৈ হʼব পাৰোঁ।

যিহোৱাক শিলা বুলি কিয় কোৱা হৈছে?

৩. বাইবেলত প্ৰায়ে যিহোৱাক শিলা বুলি কিয় কোৱা হৈছে? (বেটুপাতত দিয়া ছবিখন চাওক।)

আমি যাতে যিহোৱাৰ বিষয়ে আৰু ভালদৰে জানিব পাৰোঁ, সেইবাবে বাইবেলত তেওঁক শিলা বুলি কোৱা হৈছে। বাইবেলত প্ৰায়ে যিহোৱাৰ সেৱকসকলে তেওঁৰ প্ৰশংসা কৰি তেওঁক শিলা আৰু তেওঁৰ দৰে আন কোনো নাই বুলি কৈছে। দ্বিতীয় বিবৰণ ৩২:৪ পদত প্ৰথমবাৰ যিহোৱাক “শিলা” বুলি কোৱা হৈছে। তাৰ পাছত হান্নাই নিজৰ প্ৰাৰ্থনাত কৈছিল যে “আমাৰ ঈশ্বৰৰ সদৃশ কোনো শিলা নাই।” (১ চমূ. ২:২) হবক্কুকে কৈছিল যিহোৱা মোৰ “শিলা।” (হব. ১:১২) যিহোৱাও নিজকে শিলা বুলি কৈছিল। (যিচ. ৪৪:৮) এতিয়া আমি যিহোৱাৰ এনে তিনিটা গুণৰ বিষয়ে আলোচনা কৰিম, যাৰ বাবে তেওঁক শিলা বুলি কোৱা হৈছে আৰু চাম যে আমি কেনেকৈ তেওঁক ‘নিজৰ শিলা’ বনাব পাৰোঁ।—দ্বিতী. ৩২:৩১.

যিহোৱা নিজৰ লোকসকলৰ বাবে শিলা (অনুচ্ছেদ ৩ চাওক)


৪. যিহোৱাই আমাক কেনেকৈ আশ্ৰয় দিয়ে? (গীতমালা ৯৪:২২)

যিহোৱাই আশ্ৰয় দিয়ে। যেনেকৈ ধুমুহা বতাহত এজন ব্যক্তিয়ে শিলাৰ আঁৰত বা তাৰ গুহাত আশ্ৰয় লʼব পাৰে। ঠিক সেইদৰে, সমস্যাৰ সময়ত যিহোৱাই আমাক আশ্ৰয় দিয়ে আৰু আমাক ৰক্ষা কৰে। (গীতমালা ৯৪:২২ পঢ়ক।) তেওঁৰ লগত আমাৰ যি সম্পৰ্ক আছে, তাৰ ওপৰত তেওঁ কোনো বাধা আহিবলৈ নিদিয়ে। তেওঁ আমাক আশ্বাস দিছে যে আজি আমি যিবোৰ সমস্যা সহন কৰিছোঁ, সেইবোৰ সদায় দিনৰ বাবে নাথাকিব। ইয়াৰ উপৰিও তেওঁ আমাক প্ৰতিজ্ঞা কৰিছে যে ভৱিষ্যতে তেওঁ এনে সকলো বস্তুক শেষ কৰিব, যাৰ পৰা আমি দুখ পাওঁ আৰু আমি মনৰ শান্তি হেৰুৱাও।—যিহি. ৩৪:২৫, ২৬.

৫. আমি কেনেকৈ যিহোৱাক নিজৰ শিলা বনাব পাৰোঁ আৰু তেওঁৰ আশ্ৰয় লʼব পাৰোঁ?

যিহোৱাক নিজৰ শিলা বনোৱা আৰু তেওঁৰ আশ্ৰয় লোৱাৰ এটা উপায় হৈছে, তেওঁলৈ প্ৰাৰ্থনা কৰা। যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ, তেতিয়া আমি “ঈশ্বৰৰ শান্তি” পাওঁ, যি আমাৰ মন আৰু মগজুকো সুৰক্ষিত কৰি ৰাখে। (ফিলি. ৪:৬, ৭) ভাই আৰটেমৰ উদাহৰণলৈ মন কৰক। যিহোৱাৰ ওপৰত বিশ্বাস কৰাৰ বাবে তেওঁক জেলত বন্দী কৰা হৈছিল। জেলত এজন অধিকাৰীয়ে তেওঁক বাৰে বাৰে সোধ-পোচ কৰিবলৈ মাতিছিল। তেওঁ দাবি-ধমকি দিছিল আৰু অপমানো কৰিছিল। ভায়ে এইদৰে কৈছে, “তেতিয়া মই বহুত চিন্তিত হৈ পৰিছিলোঁ। সেই সময়ত মই যিহোৱালৈ প্ৰাৰ্থনা কৰিছিলোঁ, যাতে মই মনৰ শান্তি লাভ কৰোঁ আৰু ভালদৰে ভাবিব পাৰোঁ। সেই অধিকাৰীজনে বহুত চেষ্টা কৰিছিল, কিন্তু মই হাৰ মনা নাছিলোঁ। মই অনুভৱ কৰিলোঁ যে যিহোৱা মোৰ আগত থিয় হৈ আছে আৰু মোক সুৰক্ষা দিছে।”

৬. আমি যিহোৱাৰ ওপৰত কিয় ভৰসা কৰিব পাৰোঁ? (যিচয়া ২৬:৩, ৪)

যিহোৱা ভৰসাৰ যোগ্য। এটা শিলা যেনেকৈ সদায় নিজৰ ঠাইতে থাকে, ঠিক সেইদৰে যিহোৱাও সদায় স্থিৰে থাকিব। তেওঁ আমাক সহায় কৰিব আৰু আমাক কেতিয়াও নেৰিব। বাইবেলত কোৱা হৈছে যে “যিহোৱা চিৰস্থায়ী শিলা।” সেইবাবে, আমি তেওঁৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা কৰিব পাৰোঁ। (যিচয়া ২৬:৩, ৪ পঢ়ক।) যিহোৱা জীৱিত ঈশ্বৰ। সেইবাবে, আমি বিশ্বাস কৰিব পাৰোঁ যে তেওঁ নিজৰ প্ৰতিজ্ঞা নিশ্চয় পূৰ কৰিব। তেওঁ আমাৰ প্ৰাৰ্থনা শুনিব আৰু প্ৰয়োজনৰ সময়ত আমাৰ যত্ন লʼব। যিসকল লোকে যিহোৱাৰ বিশ্বাসী হৈ থাকে, তেওঁ তেওঁলোকৰ লগতো বিশ্বাসী হৈ থাকে। সেইবাবে, আমি তেওঁৰ ওপৰত সম্পূৰ্ণৰূপে বিশ্বাস কৰিব পাৰোঁ। (২ চমূ. ২২:২৬) আমি তেওঁৰ বাবে যি যি কৰিলোঁ, সেইবোৰ তেওঁ কেতিয়াও নাপাহৰিব আৰু ইয়াৰ বাবে তেওঁ আমাক পুৰস্কাৰ নিশ্চয় দিব।—ইব্ৰী ৬:১০; ১১:৬.

৭. যদি আমি যিহোৱাৰ ওপৰত ভৰসা ৰাখোঁ, তেনেহʼলে আমি কি দেখিবলৈ পাম? (ছবিখনো চাওক।)

যিহোৱাক নিজৰ শিলা বনোৱাৰ আন এটা উপায় হৈছে তেওঁৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা কৰা। আমাৰ সম্পূৰ্ণ ভৰসা আছে যে সমস্যাৰ সময়ত তেওঁৰ আজ্ঞা পালন কৰিলে আমাৰে লাভ হʼব। (যিচ. ৪৮:১৭, ১৮) যেতিয়া আমি চাওঁ যে সমস্যাৰ সময়ত যিহোৱাই আমাক কেনেকৈ সহায় কৰি আছে, তেতিয়া তেওঁৰ ওপৰত আমাৰ ভৰসা আৰু বাঢ়ি যায়। যেতিয়া আমি এনে পৰিস্থিতিৰ মাজেদি পাৰ হওঁ, যেতিয়া কোনেও আমাক সহায় কৰিব নোৱাৰে, কেৱল যিহোৱাইহে আমাক সহায় কৰিব পাৰে, তেতিয়া আমি সেই সমস্যা ভালদৰে সন্মুখীন হʼব পাৰোঁ। আমি স্পষ্টকৈ দেখিবলৈ পাওঁ যে যিহোৱা আমাৰ লগত আছে আৰু তেওঁৰ ওপৰত আমি সম্পূৰ্ণ ভৰসা ৰাখিব পাৰোঁ। ভাই ব্লাদিমিৰ লগতো এইদৰেই হৈছিল। তেওঁ এইদৰে কৈছে, “যেতিয়া মই জেলত আছিলোঁ, তেতিয়া মই যিহোৱাক আৰু কাষত অনুভৱ কৰিলোঁ। এয়া মোৰ জীৱনৰ আটাইতকৈ ভাল সময় আছিল। জেলত মই অকলশৰীয়া আছিলোঁ আৰু পৰিস্থিতি মোৰ হাতত নাছিল। সেই সময়ত মই যিহোৱাৰ ওপৰত আৰু বেছিকৈ ভৰসা কৰিবলৈ শিকিলোঁ।”

যেতিয়া আমি যিহোৱাৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা কৰোঁ, তেতিয়া তেওঁ আমাৰ বাবে শিলাৰ দৰে হৈ পৰে (অনুচ্ছেদ ৭ চাওক)


৮. (ক) আমি যিহোৱাক শিলা বুলি কিয় কʼব পাৰোঁ? (খ) যিহোৱা আমাৰ শিলা, সেইবাবে আমি কি কথাৰ ওপৰত বিশ্বাস কৰিব পাৰোঁ? (গীতমালা ৬২:৬, ৭)

যিহোৱা স্থিৰে থাকে। যিহোৱা শিলাৰ দৰে মজবুত আৰু স্থিৰ। তেওঁৰ স্বভাৱ আৰু উদ্দেশ্য কেতিয়াও সলনি নহয়। (মলা. ৩:৬) উদাহৰণস্বৰূপে, এদন বাগিছাত যেতিয়া আদম আৰু হৱাই বিদ্ৰোহ কৰিছিল, তেতিয়া পৃথিৱী আৰু মানুহৰ বাবে তেওঁৰ যি উদ্দেশ্য আছিল, সেয়া সলনি নহʼল। তেওঁ যি কৰিবলৈ থিৰাং কৰে, সেয়া যিকোনো পৰিস্থিতিতে পূৰ কৰে। পাঁচনি পৌলেও যিহোৱাৰ বিষয়ে কৈছিল যে “তেওঁ নিজকে অস্বীকাৰ কৰিব নোৱাৰে।” (২ তীম. ২:১৩) ইয়াৰ অৰ্থ হৈছে পৰিস্থিতি যিয়ে নহওক কিয় বা আনে যিয়ে নকৰক কিয়, যিহোৱাৰ স্বভাৱ, উদ্দেশ্য আৰু মানদণ্ড সদায় একে থাকে। সেইবাবে, আমি বিশ্বাস কৰিব পাৰোঁ যে যিহোৱা কেতিয়াও সলনি নহʼব আৰু সদায় স্থিৰে থাকিব। সমস্যাৰ সময়ত তেওঁ আমাৰ যত্ন লʼব আৰু তেওঁ নিজৰ প্ৰতিজ্ঞা নিশ্চয় পূৰ কৰিব।—গীতমালা ৬২:৬, ৭ পঢ়ক।

৯. ভনী তাতিয়ানাৰ পৰা আপুনি কি শিকিলে?

যিহোৱাক নিজৰ শিলা বনোৱাৰ আন এটা উপায় হৈছে তেওঁ কেনেধৰণৰ ঈশ্বৰ হয় আৰু তেওঁ মানুহ আৰু পৃথিৱীৰ বাবে কিমান ভাল উদ্দেশ্য ৰাখিছে, তাৰ বিষয়ে চিন্তা কৰা। যেতিয়া আমি এইদৰে কৰিম, তেতিয়া তেওঁৰ ওপৰত আমাৰ ভৰসা বাঢ়িব আৰু সমস্যাৰ সময়তো আমি শান্ত হৈ থাকিব পাৰিম আৰু তেওঁৰ বিশ্বাসী হৈ থাকিব পাৰিম। (গীত. ১৬:৮) ভনী তাতিয়ানাৰ উদাহৰণলৈ মন কৰক। নিজৰ বিশ্বাসৰ বাবে তাইক গৃহবন্দী কৰা হৈছিল। সেই সময়ৰ বিষয়ে তাই এইদৰে কৈছে, “ঘৰত অকলশৰীয়াকৈ থকাটো মোৰ বাবে বৰ কঠিন হৈছিল আৰু মই বহুত নিৰাশ হৈ পৰিছিলোঁ।” তাৰ পাছত ভনীয়ে ভাবিলে যে তাইৰ বাবে বিশ্বাসী হৈ থকাটো কিমান গুৰুত্বপূৰ্ণ আৰু এয়া যিহোৱা আৰু তেওঁৰ উদ্দেশ্যৰ লগত কেনেকৈ জড়িত হৈ আছে। এইদৰে কৰাৰ বাবে তাই শান্ত হৈ থাকিব পাৰিলে আৰু সমস্যাৰ সন্মুখীন হʼব পাৰিলে। তাই এইদৰে কৈছে, “যেতিয়া মই বুজি পালোঁ যে মই যিহোৱাক প্ৰেম কৰাৰ বাবে আৰু তেওঁক আনন্দিত কৰিবলৈ বিচৰাৰ বাবে মোৰ লগত এইদৰে হৈছে, তেতিয়া মই নিজৰ সমস্যাৰ বিষয়ে ভাবিবলৈ এৰি দিলোঁ।”

১০. আজি আমি কেনেকৈ যিহোৱাক নিজৰ শিলা বনাব পাৰোঁ?

১০ ভৱিষ্যতে আমি আৰু বহুতো সমস্যাৰ সন্মুখীন হʼবলগীয়া হʼব আৰু তেতিয়া আমি যিহোৱাৰ ওপৰত আগতকৈ বেছি ভৰসা কৰাৰ প্ৰয়োজন হʼব। সেইবাবে, আমি তেওঁৰ ওপৰত ভৰসা বঢ়োৱাৰ প্ৰয়োজন আছে। পৰিস্থিতি যিয়েই নহওক কিয় তেওঁ আমাক বিশ্বাসী হৈ থাকিবলৈ সহায় কৰিব। আমি তেওঁৰ ওপৰত ভৰসা কেনেকৈ বঢ়াব পাৰোঁ? বাইবেলত যিসকল বিশ্বাসী সেৱকৰ ঘটনা উল্লেখ আছে আৰু আজি যিসকল সেৱকৰ অনুভৱ প্ৰকাশিত কৰা হয়, সেইবোৰ পঢ়ক আৰু তাৰ ওপৰত মনন কৰক। মন কৰক যে যিহোৱাই কেনেকৈ তেওঁলোকৰ বাবে শিলাৰ দৰে হৈছিল। যিহোৱাই কেনেকৈ তেওঁলোকক সহায় কৰিলে আৰু যত্ন লʼলে। এইদৰে কৰিলে আপুনিও যিহোৱাক নিজৰ শিলা বনাব পাৰিব।

আমাৰ শিলা, যিহোৱাৰ দৰে হওক

১১. আমি যিহোৱাৰ দৰে কিয় হোৱা উচিত? (“ ডেকা ভাইসকলৰ বাবে লক্ষ্য” নামৰ বক্সখনো চাওক।)

১১ আমি যিহোৱাৰ এনে কিছুমান গুণৰ বিষয়ে আলোচনা কৰিলোঁ, যাৰ বাবে তেওঁক শিলা বুলি কোৱা হয়। এতিয়া আহক চাওঁ যে আমি কেনেকৈ সেই গুণবোৰ বঢ়াব পাৰোঁ আৰু যিহোৱাৰ দৰে হʼব পাৰোঁ। আমি যিমানেই সেই গুণবোৰ বঢ়াবলৈ চেষ্টা কৰিম, সিমানেই মণ্ডলীৰ ভাই-ভনীসকলক শিকাব পাৰিম। যীচুৱে নিজৰ শিষ্য চিমনক “কৈফা” নাম দিছিল (গ্ৰীক ভাষাত পিতৰ) যাৰ অৰ্থ হৈছে “শিলাৰ টুকুৰা।” (যোহ. ১:৪২) পিতৰে আগলৈ গৈ মণ্ডলীৰ আন লোকসকলক শান্ত্বনা দিলেহেঁতেন আৰু তেওঁলোকক মজবুত কৰিলেহেঁতেন। সেইবাবে, যীচুৱে তেওঁক সেই নাম দিছিল। বাইবেলত প্ৰাচীনসকলৰ বিষয়েও কোৱা হৈছে যে তেওঁলোকে “বৃহৎ শিলৰ ছাঁ যেন হব” অৰ্থাৎ তেওঁলোকে মণ্ডলীৰ ভাই-ভনীসকলৰ ৰক্ষা কৰিব। (যিচ. ৩২:২) প্ৰাচীনসকলৰ উপৰিও আমিও এইদৰে পাৰোঁ আৰু আমাৰ শিলা যিহোৱাৰ দৰে হʼব পাৰোঁ। (ইফি. ৫:১) আমি এয়া কেনেকৈ কৰিব পাৰোঁ, আহক চাওঁ।

১২. আমি আনক কেনেকৈ আশ্ৰয় দিব পাৰোঁ?

১২ আনক আশ্ৰয় দিয়ক। যেতিয়া প্ৰাকৃতিক দুৰ্যোগ বা প্ৰতিবাদ বা যুদ্ধ হয়, তেতিয়া আমি ভাই-ভনীসকলক নিজৰ ঘৰত থাকিবলৈ দিব পাৰোঁ। এই শেষ কালত পৰিস্থিতি আৰু বেয়ালৈ ঢাল খাব আৰু আমি ভাই-ভনীসকলক সহায় কৰাৰ বহুতো সুযোগ পাম। (২ তীম. ৩:১) আমি আন এটা উপায়েৰে ভাই-ভনীসকলক আশ্ৰয় দিব পাৰোঁ। আমি তেওঁলোকক উৎসাহিত কৰিব পাৰোঁ আৰু আমি প্ৰেম দেখুৱাব পাৰোঁ। ৰাজ্যগৃহত যেতিয়া আমি ভাই-ভনীক লগ পাওঁ, তেতিয়া আমি তেওঁলোকৰ লগত কথা পাতি তেওঁলোকক উৎসাহিত কৰিব পাৰোঁ। আজি আমি এনে এটা পৰিৱেশত জীয়াই আছোঁ, যʼত সকলোৱে স্বাৰ্থপৰ হৈ পৰিছে। সেইবাবে, যেতিয়া ভাই-ভনীসকলে সভালৈ আহে, তেতিয়া আমি তেওঁলোকক প্ৰেম কৰোঁ আৰু তেওঁলোকৰ যত্ন লওঁ বুলি আমি অনুভৱ কৰোৱা উচিত। এইদৰে কৰিলে তেওঁলোকে মনত বৰ শান্তি পাব আৰু সুৰক্ষিত অনুভৱ কৰিব।

১৩. প্ৰাচীনসকলে কেনেকৈ ভাই-ভনীসকলক আশ্ৰয় দিব পাৰে? (ছবিখনো চাওক।)

১৩ প্ৰাচীনসকলেও আনক আশ্ৰয় দিব পাৰে। কেনেকৈ বাৰু? যেতিয়া কোনো প্ৰাকৃতিক দুৰ্যোগ হয় বা হঠাতে কোনো ভাই-ভনীৰ স্বাস্থ্য বেয়া হৈ পৰে, তেতিয়া তেওঁলোকক সহায় কৰিবলৈ প্ৰাচীনসকলে কিছুমান ব্যৱস্থা কৰিব পাৰে। অথবা যেতিয়া কোনো ভাই বা ভনীয়ে ডাঙৰ ডাঙৰ সমস্যাৰ সন্মুখীন হৈ থাকে, সেই সময়ত তেওঁলোকক উৎসাহিত কৰিব পাৰে। কিন্তু ভাই-ভনীসকলে কেতিয়া প্ৰাচীনৰ পৰা সহায় লʼব? যেতিয়া তেওঁলোকৰ বিশ্বাস হʼব যে সেই প্ৰাচীনজনে মৰমেৰে তেওঁৰ লগত কথা পাতিব, তেওঁৰ কথা মনোযোগেৰে শুনিব আৰু তেওঁৰ ভাবনাবোৰ বুজিবলৈ চেষ্টা কৰিব, তেতিয়াহে তেওঁলোকে সেই প্ৰাচীনৰ পৰা সহায় লʼব। যেতিয়া এজন প্ৰাচীনে এইদৰে কৰিব, তেতিয়া ভাই-ভনীসকলে তেওঁলোকৰ প্ৰেম অনুভৱ কৰিব পাৰিব আৰু পাছত যেতিয়া সেই প্ৰাচীনজনে তেওঁলোকক বাইবেলৰ পৰা পৰামৰ্শ দিব, তেতিয়া তেওঁলোকে সেইবোৰ সহজে পালন কৰিব পাৰিব।—১ থিচ. ২:৭, ৮, ১১.

যেতিয়া কোনো প্ৰাকৃতিক দুৰ্যোগ হয় বা কোনো ডাঙৰ সমস্যা আহে, তেতিয়া প্ৰাচীনসকলে ভাই-ভনীসকলক আশ্ৰয় দিয়ে (অনুচ্ছেদ ১৩ চাওক) a


১৪. আমি কেনেকৈ ভৰসাযোগ্য ব্যক্তি হʼব পাৰোঁ?

১৪ ভৰসাযোগ্য হওক। আমি ভাই-ভনীসকলক সহায় কৰিবলৈ সাজু থাকোঁ বুলি তেওঁলোকৰ ভৰসা থকা উচিত, বিশেষকৈ সমস্যাৰ সময়ত। (হিতো. ১৭:১৭) কিন্তু আমি আনৰ দৃষ্টিত কেনেকৈ ভৰসাযোগ্য হʼব পাৰোঁ? আমাৰ ঈশ্বৰৰ দৰে গুণ থকা উচিত। যেনে, আমি নিজৰ প্ৰতিজ্ঞা পূৰ কৰা উচিত আৰু সকলো সময় মতে কৰা উচিত। (মথি ৫:৩৭) যেতিয়া আমি গম পাওঁ যে কাৰোবাক সহায়ৰ প্ৰয়োজন আছে, তেনেহʼলে আমি লগে লগে তেওঁক সহায় কৰা উচিত। ইয়াৰ উপৰিও আমাক যি দায়িত্ব দিয়া হয়, সেইবোৰ পূৰ কৰা উচিত আৰু যি নিৰ্দেশনা দিয়া হয়, তাৰ অনুসৰি কাম কৰা উচিত। যেতিয়া আমি এইদৰে কৰিম, তেতিয়া আনে আমাৰ ওপৰত ভৰসা কৰিব পাৰিব।

১৫. প্ৰাচীনসকলে ভৰসাযোগ্য হʼলে ভাই-ভনীসকলৰ কি লাভ হয়?

১৫ ভৰসাযোগ্য প্ৰাচীনসকল মণ্ডলীৰ বাবে আশীৰ্বাদ হয়। কেনেকৈ বাৰু? যেতিয়া ভাই-ভনীসকলে গম পাই যে তেওঁলোকে প্ৰাচীনসকলক যেনে, প্ৰচাৰ সমূহৰ অধ্যক্ষক যিকোনো সময়তে সহায়ৰ বাবে মাতিব পাৰে, তেতিয়া তেওঁলোকে চিন্তিত নহয়। ইয়াৰ উপৰিও প্ৰাচীনে যেতিয়া সহায় কৰিবলৈ সদায় সাজু থাকে, তেতিয়া ভাই-ভনীসকলে অনুভৱ কৰে যে প্ৰাচীনসকলে তেওঁলোকৰ কিমান যত্ন লয়। যেতিয়া প্ৰাচীনসকলে নিজৰ মনৰ পৰা নহয়, বাইবেল আৰু আন প্ৰকাশনৰ পৰা পৰামৰ্শ দিয়ে, তেতিয়া তেওঁলোকৰ ওপৰত ভাই-ভনীসকলৰ ভৰসা আৰু বাঢ়িবলৈ ধৰে। ইয়াৰ উপৰিও যেতিয়া ভাই-ভনীসকলে প্ৰাচীনসকলক নিজৰ মনৰ কথা কয় আৰু তেওঁলোকে সেয়া নিজৰ মাজতে ৰাখে আৰু নিজৰ প্ৰতিজ্ঞা পূৰ কৰে, তেতিয়াও তেওঁলোকৰ ওপৰত ভাই-ভনীসকলৰ ভৰসা বাঢ়ে।

১৬. আমি সত্যত থিৰে থাকিলে আমাৰ লগতে আনৰো কি লাভ হʼব?

১৬ থিৰে থাকক। যেতিয়া ভাই-ভনীসকলে চাব যে আমি সদায় যিহোৱাৰ আজ্ঞাবোৰ পালন কৰোঁ আৰু বাইবেলৰ সিদ্ধান্তৰ অনুসৰি নিৰ্ণয় লওঁ, তেতিয়া তেওঁলোকেও এইদৰে কৰিবলৈ শিকিব। ঈশ্বৰৰ বাক্য অধ্যয়ন কৰিলে আমাৰ বিশ্বাস বাঢ়ে। ইয়াৰ উপৰিও আমি মিছা শিক্ষা আৰু জগতৰ চিন্তাধাৰাক নিজৰ ওপৰত প্ৰভাৱ পেলাবলৈ নিদিওঁ। (ইফি. ৪:১৪; যাকো. ১:৬-৮) যিহোৱা আৰু তেওঁৰ প্ৰতিজ্ঞাৰ ওপৰত আমাৰ সম্পূৰ্ণ ভৰসা আছে, সেইবাবে বেয়া খবৰ শুনিলে আমি ভয় কৰাৰ পৰিৱৰ্তে শান্ত হৈ থাকিব পাৰোঁ। (গীত. ১১২:৭, ৮) আনকি যিসকল লোকে সমস্যাৰ মাজেদি পাৰ হৈ আছে, তেওঁলোককো সহায় কৰিব পাৰোঁ।—১ থিচ. ৩:২, ৩.

১৭. প্ৰাচীনে ভাই-ভনীসকলক কেনেকৈ মজবুত কৰে?

১৭ প্ৰাচীনসকলে সকলো কথাতে সংযম ৰাখে, সঠিক চিন্তাধাৰা ৰাখে, শৃংখলাবদ্ধভাৱে চলে আৰু আনক সন্মান কৰে। তেওঁলোকে বিশ্বাসযোগ্য বাক্যক দৃঢ়তাৰে ধৰি ৰাখে, সেইবাবে তেওঁলোকে ভাই-ভনীসকলক মজবুত কৰিব পাৰে আৰু যিহোৱাৰ ওপৰত তেওঁলোকৰ বিশ্বাস বঢ়াব পাৰে। (তীত ১:৯; ১ তীম. ৩:১-৩) প্ৰাচীনসকলে নিয়মীয়াকৈ সভা আৰু প্ৰচাৰলৈ যায় আৰু ব্যক্তিগত অধ্যয়ন কৰে। এইদৰে তেওঁলোকে আনৰ বাবে এটা ভাল উদাহৰণ ৰাখে। যেতিয়া তেওঁলোকে ভাই-ভনীসকলক মেৰ পালকৰ সাক্ষাৎ কৰিবলৈ যায়, তেতিয়া তেওঁলোককো এই কামবোৰ কৰি থাকিবলৈ উৎসাহিত কৰে। যেতিয়া কোনো সমস্যা অহাৰ সময়ত ভাই-ভনীসকলে চিন্তিত হৈ পৰে, তেতিয়া প্ৰাচীনসকলে তেওঁলোকক মনত পেলাই দিয়ে যে তেওঁলোকে যিহোৱাৰ ওপৰত ভৰসা কৰিব পাৰে আৰু তেওঁৰ প্ৰতিজ্ঞাৰ বিষয়ে চিন্তা কৰিব পাৰে।

১৮. আমি কিয় যিহোৱাৰ প্ৰশংসা কৰিব বিচাৰোঁ আৰু তেওঁৰ কাষ চাপিব বিচাৰোঁ? (“ যিহোৱাৰ কাষ চপাৰ এটা উপায়” নামৰ বক্সখন চাওক।)

১৮ যিহোৱাৰ এই গুণবোৰৰ বিষয়ে আলোচনা কৰাৰ পাছত, আমিও ৰজা দায়ূদৰ দৰে কʼবলৈ উৎসাহিত হওঁ, “মোৰ শিলা যিহোৱা ধন্য হওক।” (গীত. ১৪৪:১, ২) আমি যিহোৱাৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা কৰিব পাৰোঁ। তেওঁ সদায় আমাক সহায় কৰিব আৰু আমাৰ লগত থাকিব। আমি বৃদ্ধ হʼলেও তেওঁ এইদৰে কৰি থাকিব। সেইবাবে, আমি সম্পূৰ্ণ বিশ্বাসেৰে কʼব পাৰোঁ যে যিহোৱা “মোৰ শিলা।”—গীত. ৯২:১৪, ১৫.

গীত নং ১৫০ নিজৰ উদ্ধাৰৰ বাবে যিহোৱাক বিচাৰক

a ছবিৰ বিষয়ে: এজনী ভনীয়ে ৰাজ্যগৃহত কোনো সংকোচ নকৰাকৈ প্ৰাচীনসকলৰ লগত কথা পাতি আছে।