Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ২৪

গীত নং ২৪ যিহোৱাৰ পৰ্বতলৈ আহক

সদায় যিহোৱাৰ তম্বুত থাকক!

সদায় যিহোৱাৰ তম্বুত থাকক!

“হে যিহোৱা, তোমাৰ তম্বুত কোনে প্ৰবাস কৰিব? তোমাৰ পবিত্ৰ পৰ্ব্বতত কোনে বসতি কৰিব?”গীত. ১৫:১.

কি শিকিম?

আমি শিকিম যে যদি আমি যিহোৱাৰ বন্ধু হৈ থাকিব বিচাৰোঁ, তেনেহʼলে আমি কি কৰিব লাগিব আৰু আমি যিহোৱাৰ বন্ধুসকলৰ লগত কেনেদৰে ব্যৱহাৰ কৰিব লাগিব।

১. গীতমালা ১৫:১-৫ পদত ধ্যান দিলে আমাৰ কি লাভ হʼব?

 আগৰ লেখত আমি শিকিছিলোঁ যে যিসকল লোকে যিহোৱাক নিজৰ জীৱন সমৰ্পণ কৰে আৰু তেওঁৰ লগত ভাল সম্পৰ্ক বজাই ৰাখে, তেওঁলোকেহে যিহোৱাৰ তম্বুৰ আলহী হʼব পাৰে। যিহোৱাৰ তম্বুত থাকিবলৈ আৰু কি কৰিব লাগিব? এই বিষয়ে গীতমালা ১৫-ত বুজোৱা হৈছে। (গীতমালা ১৫:১-৫ পঢ়ক।) ইয়াত বহুতো ভাল পৰামৰ্শ দিয়া হৈছে, যিবোৰ পালন কৰিলে আমি যিহোৱাৰ আৰু কাষ চাপিব পাৰিম।

২. দায়ূদে যেতিয়া গীতমালা ১৫-ত যিহোৱাৰ তম্বুৰ বিষয়ে উল্লেখ কৰিছিল, তেতিয়া হয়তো তেওঁ কিহৰ বিষয়ে চিন্তা কৰিছিল?

গীতমালা ১৫-ৰ আৰম্ভণিত এইদৰে কোৱা হৈছে, “হে যিহোৱা, তোমাৰ তম্বুত কোনে প্ৰবাস কৰিব? তোমাৰ পবিত্ৰ পৰ্ব্বতত কোনে বসতি কৰিব?” (গীত. ১৫:১) দায়ূদে এই গীতত যেতিয়া যিহোৱাৰ তম্বুৰ উল্লেখ কৰিছিল, তেতিয়া হয়তো তেওঁ কিছু সময়ৰ বাবে গিবিয়োনত থকা পবিত্ৰ তম্বুৰ বিষয়ে চিন্তা কৰিছিল। দায়ূদে ইয়াত ‘পবিত্ৰ পৰ্বতৰো’ উল্লেখ কৰিছিল। সেই সময়ত তেওঁ হয়তো যিৰূচালেমত থকা চিয়োন পৰ্বতৰ বিষয়ে চিন্তা কৰিছিল, যʼত তেওঁ যিহোৱাৰ বাবে এটা তম্বু সাজিছিল। এই তম্বু গিবিয়োনৰ পৰা প্ৰায় ১০ কিলোমিটাৰ দক্ষিণত আছিল। ইয়াত নিয়ম চন্দুক ৰখা হৈছিল আৰু যেতিয়ালৈকে যিহোৱাৰ মন্দিৰ বনোৱা নাছিল, তেতিয়ালৈকে নিয়ম চন্দুক তাতে আছিল।—২ চমূ. ৬:১৭.

৩. আমি গীতমালা ১৫-ত লিখা কথাবোৰৰ ওপৰত কিয় ধ্যান দিয়া উচিত? (ছবিখনো চাওক।)

প্ৰাচীন সময়ত বেছিভাগ ইস্ৰায়েলীয়ে পবিত্ৰ তম্বুত সেৱা কৰিব নোৱাৰিছিল আৰু পৱিত্ৰ তম্বুৰ ভিতৰত য’ত নিয়ম চন্দুক থোৱা হৈছিল, তাত কিছুমান লোকেহে যাব পাৰিছিল। কিন্তু বৰ্তমান সময়ত যিসকলে যিহোৱাৰ লগত বন্ধুত্ব কৰে আৰু তেওঁৰ বন্ধু হৈ থাকে, তেওঁলোকে যিহোৱাৰ তম্বুত আলহী হৈ থাকিব পাৰে। আমিও এয়াই বিচাৰোঁ নহয় নে? গীতমালা ১৫-ত যি লিখা আছে, সেইবোৰ পালন কৰিলে আমি সদায় যিহোৱাৰ বন্ধু হৈ থাকিব পাৰিম।

যিহোৱাৰ তম্বুৰ আলহী হৈ কেনেকুৱা লাগে এয়া দায়ূদৰ সময়ৰ ইস্ৰায়েলীসকলে ভালদৰে জানিছিল (অনুচ্ছেদ ৩ চাওক)


নিষ্কলংক হৈ থাকক আৰু সঠিক কাম কৰক

৪. যিহোৱাৰ বন্ধু হৈ থাকিবলৈ কেৱল বাপ্তিষ্মা লোৱাটোৱে কিয় যথেষ্ট নহয়? (যিচয়া ৪৮:১)

গীতমালা ১৫:২ পদত কোৱা হৈছে যে যিহোৱাৰ বন্ধুসকলে “যথাৰ্থ আচৰণ” কৰে অৰ্থাৎ নিষ্কলংক হৈ থাকে আৰু সদায় সঠিক কাম কৰে। এই পদৰ পৰা জানিব পাৰি যে যিহোৱাৰ বন্ধু হৈ থাকিবলৈ আমি সদায় এইদৰে কৰি থাকিব লাগিব। কিন্তু আমি সঁচাকৈ নিষ্কলংক হৈ থাকিব পাৰোঁ নে? পাৰোঁ। এয়া সঁচা যে আমাৰ পৰা ভুল হয়। কিন্তু যদি আমি যিহোৱাৰ আজ্ঞা পালন কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰোঁ, তেনেহʼলে আমি তেওঁৰ দৃষ্টিত “নিষ্কলংক” হৈ থাকিব পাৰিম। যিহোৱালৈ নিজৰ জীৱন সমৰ্পণ কৰা আৰু বাপ্তিষ্মা লোৱাটো তেওঁৰ লগত এক সম্পৰ্ক গঢ়ি তোলাৰ আৰম্ভণিহে মাথোন। মন কৰক প্ৰাচীন সময়ত ইস্ৰায়েল ৰাষ্ট্ৰত যেতিয়া কাৰোবাৰ জন্ম হৈছিল, তেতিয়া তেওঁ নিজে নিজে যিহোৱাৰ তম্বুত আলহী হʼব নোৱাৰিছিল। উদাহৰণস্বৰূপে, কিছুমান ইস্ৰায়েলীয়ে যিহোৱাৰ উপাসনা কৰিছিল, কিন্তু তেওঁলোকে ‘সত্য আৰু শুদ্ধ মনেৰে’ এইদৰে কৰা নাছিল। (যিচয়া ৪৮:১ পঢ়ক।) যিসকল ইস্ৰায়েলীয়ে যিহোৱাৰ তম্বুত থাকিব বিচাৰিছিল, তেওঁলোকে যিহোৱাৰ নিয়মবোৰ জনাৰ প্ৰয়োজন আছিল আৰু সেইবোৰ পালন কৰিবলগীয়া হৈছিল। ঠিক সেইদৰে বৰ্তমান সময়ত যিসকলে যিহোৱাৰ তম্বুত থাকিব বিচাৰে বা তেওঁৰ বন্ধু হৈ থাকিব বিচাৰে তেওঁলোকে কেৱল বাপ্তিষ্মা লোৱা আৰু নিজকে যিহোৱাৰ এজন সাক্ষী বুলি কোৱাটোৱে যথেষ্ট নহয়। আমি সদায় সঠিক কাম কৰিব লাগিব। কিন্তু আমি এইদৰে কেনেকৈ কৰিব পাৰোঁ?

৫. আমি প্ৰতিটো বিষয়তে যিহোৱাৰ আজ্ঞা মানি চলোঁ বুলি কেনেকৈ দেখুৱাব পাৰোঁ?

যিহোৱাৰ দৃষ্টিত নিষ্কলংক হৈ থাকিবলৈ আৰু সঠিক কাম কৰিবলৈ কেৱল সভালৈ যোৱাটোৱে যথেষ্ট নহয়। (১ চমূ. ১৫:২২) ইয়াৰ পৰিৱৰ্তে আমি অকলে বা সকলোৰে লগত থকাৰ সময়ত সকলো বিষয়তে যিহোৱাৰ আজ্ঞা মানি চলা উচিত। (হিতো. ৩:৬; উপ. ১২:১৩, ১৪) ইয়াৰ উপৰিও আমি সৰু সৰু বিষয়তো যিহোৱাৰ আজ্ঞা মানি চলিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰা উচিত। এইদৰে আমি যিহোৱাক প্ৰেম কৰোঁ বুলি দেখুৱাব পাৰোঁ, তেতিয়া তেওঁ আমাকো প্ৰেম কৰিব।—যোহ. ১৪:২৩; ১ যোহ. ৫:৩.

৬. আমি যদিও অতীতত ভাল কাম কৰিছিলোঁ, তথাপি আগলৈ কি কৰি থকা উচিত? (ইব্ৰী ৬:১০-১২)

অতীতত আমি সমস্যাৰ সময়তো যিহোৱাৰ আজ্ঞাবোৰ মানি চলিলোঁ আৰু বিশ্বাসী হৈ থাকিলোঁ। ইয়াৰ বাবে যিহোৱাই আমাৰ মূল্যাংকন কৰে। কিন্তু অতীতত আমি যিবোৰ ভাল কাম কৰিছিলোঁ, তাৰ বাবে আমি সদায় যিহোৱাৰ তম্বুত থাকিব নোৱাৰোঁ। এই বিষয়ে ইব্ৰী ৬:১০-১২ পদত বুজোৱা হৈছে (পঢ়ক।) ইয়াত কোৱা হৈছে যে আমি কৰা ভাল কামবোৰ যিহোৱাই কেতিয়াও নাপাহৰে। কিন্তু আমি মনে প্ৰাণে যিহোৱাৰ সেৱা কৰি থকাটো তেওঁ বিচাৰে। যদি ‘আমি নিৰুৎসাহ নহওঁ’ আৰু তেওঁৰ সেৱা কৰি থাকোঁ, তেনেহʼলে যিহোৱা সদায় আমাৰ বন্ধু হৈ থাকিব।—গালা. ৬:৯.

মনতে সঁচা কথা কওক

৭. মনতে সঁচা কথা কোৱাৰ অৰ্থ কি?

যিহোৱাৰ তম্বুত থাকিবলৈ আমি “মনতে সঁচা কথা” কোৱাটো অতি গুৰুত্বপূৰ্ণ। (গীত. ১৫:২) যদিও আমি মিছা কথা নকওঁ, কিন্তু মনতে সঁচা কথা কোৱাৰ অৰ্থ হৈছে আমি সকলো বিষয়তে বিশ্বাসী হৈ থকা। (ইব্ৰী ১৩:১৮) এয়া কিয় ইমান গুৰুত্বপূৰ্ণ? কিয়নো “কুটিল লোক যিহোৱাৰ ঘিণলগীয়া; কিন্তু তেওঁৰ গুপ্ত মন্ত্ৰণা হলে সৰলবিলাকৰ লগত্‌হে।”—হিতো. ৩:৩২.

৮. আমি কেনেধৰণৰ ব্যক্তি হোৱা উচিত?

যি মানুহে “মনতে সঁচা কথা” নকয়, তেওঁ লুকাই লুকাই যিহোৱাৰ আজ্ঞা উলংঘন কৰে, কিন্তু আনৰ আগত দেখুৱাই যেন তেওঁ যিহোৱাৰ আজ্ঞা মানি চলে। (যিচ. ২৯:১৩) এনেধৰণৰ লোক কপটীয়া হয় আৰু তেওঁ হয়তো ভাবিব পাৰে যে যিহোৱাৰ কিছুমান আজ্ঞা মানি চলাটো বুদ্ধিমানৰ কাম নহয়। (যাকো. ১:৫-৮) সেইবাবে, তেওঁ যেতিয়া ভাবে যে কোনো এটা বিষয় ইমান ডাঙৰ নহয়, তেতিয়া তেওঁ হয়তো যিহোৱাৰ আজ্ঞা পালন নকৰে। এইদৰে কৰাৰ বাবে যেতিয়া তেওঁ কোনো বেয়া পৰিণাম ভুগিবলগীয়া নহয়, তেতিয়া জীৱনৰ ডাঙৰ ডাঙৰ বিষয়তো যিহোৱাৰ আজ্ঞা উলংঘন কৰিব। তেওঁ হয়তো ভাবিব পাৰে যে তেওঁ যিহোৱাৰ উপাসনা কৰিছে, কিন্তু যিহোৱাই এনেধৰণৰ কপটীয়া লোকৰ উপাসনা কেতিয়াও গ্ৰহন নকৰে। (উপ. ৮:১১) আমি এনেধৰণৰ ব্যক্তি হোৱাৰ পৰিৱৰ্তে সকলো কথাতে বিশ্বাসী হৈ থাকিব বিচাৰোঁ।

৯. যীচুৱে যেতিয়া প্ৰথমবাৰ নথনেলক লগ পালে, তেতিয়া তেওঁৰ বিষয়ে কি ক’লে? ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? (ছবিখনো চাওক।)

মনতে সচাঁ কথা কোৱাটো কিমান গুৰুত্বপূৰ্ণ, এই বিষয়ে বাইবেলৰ এটা ঘটনাৰ পৰা জানিব পাৰি। ফিলিপে নিজৰ বন্ধু নথনেলক যেতিয়া যীচুৰ ওচৰলৈ আনিলে, তেতিয়া যীচুৱে তেওঁৰ বিষয়ে এটা আচৰিত কথা ক’লে। যীচুৱে আগতে নথনেলক কেতিয়াও লগ পোৱা নাছিল। তথাপিও যীচুৱে তেওঁৰ বিষয়ে এইদৰে ক’লে, “চোৱা এওঁ এজন প্ৰকৃত ইস্ৰায়েলী, যাৰ মনত কোনো কপট নাই।” (যোহ. ১:৪৭) যীচুৱে জানিছিল যে তেওঁৰ আন শিষ্যসকলেও বিশ্বাসী আৰু তেওঁলোকৰ মনত কোনো কপট নাই। কিন্তু তেওঁ নথনেলৰ ক্ষেত্ৰত কিবা বিশেষ কথা মন কৰিছিল। নথনেল আমাৰ দৰে অসিদ্ধ আছিল। কিন্তু যীচুৱে লক্ষ্য কৰিছিল যে তেওঁ কপটীয়া নাছিল। যীচুক এই কথা বৰ ভাল লাগিল, সেইবাবে তেওঁৰ প্ৰশংসা কৰিলে। ক্ষন্তেকৰ বাবে চিন্তা কৰক যীচুৱে আপোনাৰ বিষয়ে এইদৰে কোৱা হ’লে, আপোনাৰ কেনে লাগিলহেঁতেন?

যেতিয়া ফিলিপে যীচুক নিজৰ বন্ধু নথনেলক লগ কৰালে, তেতিয়া যীচুৱে কʼলে নথনেলৰ “মনত কোনো কপট নাই।” যীচুৱে আপোনাৰ বিষয়েও এইদৰে কʼব নে? (অনুচ্ছেদ ৯ চাওক)


১০. আমি কিয় ভাবি-চিন্তি কথা কোৱা উচিত? (যাকোব ১:২৬)

১০ গীতমালা ১৫ অধ্যায়ত যিহোৱাৰ বন্ধুসকলৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে, প্ৰায় তাৰ বিষয়েই কোৱা হৈছে। ইয়াৰ ৩ পদত লিখা আছে যে যি ব্যক্তিয়ে যিহোৱাৰ তম্বুত আলহী হৈ থাকিব বিচাৰে, তেওঁ নিজৰ “জিবাৰে পৰৰ কথা চৰ্চ্চি নুফুৰে, নিজ বন্ধুৰ অপকাৰ নকৰে, আৰু নিজ চুবুৰীয়াৰ অহিতে দুৰ্নাম নকৰে।” যদি আমি ভাবি-চিন্তি কথা নকওঁ, তেনেহʼলে ইয়াৰ বেয়া পৰিণাম হʼব পাৰে। ইয়াৰ পৰা আনে আঘাত পাব পাৰে আৰু আমি হয়তো যিহোৱাৰ তম্বুত থকাৰ অযোগ্য হৈ পৰিব পাৰোঁ।—যাকোব ১:২৬ পঢ়ক।

১১. আনক বদনাম কৰি থকা ব্যক্তিয়ে যদি অনুতাপ নকৰে, তেনেহʼলে কি হʼব পাৰে?

১১ গীতমালা ১৫ অধ্যায়ত কোৱা হৈছে যে যি ব্যক্তিয়ে যিহোৱাৰ তম্বুত থাকিব বিচাৰে, তেওঁ আনৰ বদনাম কৰা উচিত নহয়। তেওঁ মিছা কথা কৈ আনৰ নাম বদনাম কৰা উচিত নহয়। যিজন ব্যক্তিয়ে এইদৰে কৰিয়েই থাকে আৰু অনুতাপ নকৰে, তেওঁলোকক মণ্ডলীৰ পৰা উলিয়াই দিয়া হয়।—যিৰি. ১৭:১০.

১২-১৩. আমি অজানিতে কেনে পৰিস্থিতিত নিজৰ বন্ধুৰ নাম বদনাম কৰিব পাৰোঁ? (ছবিখনো চাওক।)

১২ গীতমালা ১৫-ত এয়াও কোৱা হৈছে যে যিহোৱাৰ বন্ধুসকলে নিজৰ ওচৰ-চুবুৰীয়াৰ লগত বেয়া ব্যৱহাৰ নকৰে আৰু নিজৰ বন্ধুসকলক বদনাম নকৰে। কিন্তু আমি কেনে পৰিস্থিতিত এইদৰে কৰিব পাৰোঁ?

১৩ আমি হয়তো আনৰ বিষয়ে কিছুমান বেয়া কথা কʼব পাৰোঁ আৰু অজানিতে তেওঁলোকৰ নাম বদনাম কৰিব পাৰোঁ। ধৰি লওক, (১) এজনী ভনীয়ে এতিয়া পূৰ্ণসময়ৰ সেৱা কৰিবলৈ এৰি দিছে, (২) এহাল দম্পতীয়ে এতিয়া বেথেলত সেৱা কৰি থকা নাই বা (৩) এজন ভাই এতিয়া প্ৰাচীন বা পৰিচাৰক নহয়। এনে পৰিস্থিতিত যদি আমি আনক কৈ ফুৰোঁ যে নিশ্চয় তেওঁলোকে কিবা ভুল কৰিছে, সেই কাৰণে তেওঁলোকৰ লগত এইদৰে হৈছে, তেনেহʼলে এয়া উচিত নহʼব। আমি সদায় মনত ৰখা উচিত যে ইয়াৰ আঁৰত নিশ্চয় কিবা কাৰণ আছিল, যাৰ বিষয়ে আমি নাজানোঁ। আমি সদায় মনত ৰখা উচিত যে যিসকলে সদায় যিহোৱাৰ তম্বুত থাকিব বিচাৰে, তেওঁলোকে ‘নিজৰ বন্ধুৰ অপকাৰ নকৰে আৰু নিজৰ চুবুৰীয়াৰ অহিতে দুৰ্নাম নকৰে।’

আনৰ বিষয়ে বেয়া কথা কোৱাটো সহজ, কিন্তু আমি যদি ধ্যান নিদিওঁ, তেনেহʼলে আমি তেওঁলোকক আগলৈ গৈ বদনাম কৰিব পাৰোঁ (অনুচ্ছেদ ১২-১৩ চাওক)


যিহোৱাক ভয় কৰোঁতাসকলক সন্মান কৰক

১৪. এজন ব্যক্তি “দুৰাচাৰী” হয় নে নহয়, সেয়া যিহোৱাৰ বন্ধুসকলে কেনেকৈ জানিব পাৰে আৰু তেওঁলোকে কি কৰা উচিত?

১৪ গীতমালা ১৫:৪ পদত কোৱা হৈছে যে যিহোৱাৰ বন্ধুসকলে কোনো “দুৰাচাৰী” লোকৰ লগত বন্ধুত্ব নাৰাখে। আমি কেনেকৈ জানিব পাৰোঁ যে এজন ব্যক্তি দুৰাচাৰী বা বেয়া হয় নে নহয়? অসিদ্ধ হোৱাৰ বাবে এয়া আমি গম নাপাওঁ। কিয় বাৰু? কিয়নো আমি বহুবাৰ নিজৰ চিন্তাধাৰা আৰু পচন্দৰ অনুসৰি কাৰোবাৰ বিষয়ে মতামত দিওঁ। উদাহৰণস্বৰূপে, কিছুমান লোকৰ ব্যৱহাৰ চাই হয়তো আমাক ভাল লাগিব পাৰে। আনহাতে কিছুমান লোকৰ ব্যৱহাৰ চাই আমাক ভাল নালাগিব পাৰে বা আমাৰ খং উঠিব পাৰে। সেইবাবে, এয়া জনাটো অতি গুৰুত্বপূৰ্ণ যে যিহোৱাই কেনেধৰণৰ লোকসকলক ‘ঘৃণা’ কৰে আৰু এনেধৰণৰ লোকসকলৰ লগত আমি বন্ধুত্ব ৰাখিব নালাগে। (১ কৰি. ৫:১১) যেনে, যিসকল লোকে বেয়া কামত লাগি থাকে আৰু অনুতাপ নকৰে, যিসকল লোকে বাইবেলৰ শিক্ষাক সন্মান নকৰে আৰু যিসকলে যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্ক বেয়া কৰিব বিচাৰে।—হিতো. ১৩:২০.

১৫. ‘যিহোৱাক ভয় কৰোঁতা লোকক’ আমি কেনেকৈ সন্মান কৰিব পাৰোঁ?

১৫ গীতমালা ১৫:৪ পদত এয়াও কোৱা হৈছে যে আমি ‘যিহোৱাক ভয় কৰোঁতা লোকক’ আদৰ কৰা উচিত। সেইবাবে, যিহোৱাৰ বন্ধুসকলক নিজৰ প্ৰেম আৰু আদৰ দেখুৱাবলৈ আমি সুযোগ বিচাৰি থাকোঁ। (ৰোম. ১২:১০) এইদৰে কৰাৰ এটা উপায়ৰ বিষয়ে ৪ পদত কোৱা হৈছে। তাত লিখা আছে যে যিহোৱাৰ বন্ধুসকলে ‘নিজৰ হানি হলেও’ নিজৰ প্ৰতিজ্ঞা পূৰ কৰে। প্ৰতিজ্ঞা পূৰ নকৰিলে আনৰ হানি হʼব পাৰে বা তেওঁলোকে মনত আঘাত পাব পাৰে। (মথি ৫:৩৭) সেইবাবে, যিহোৱাৰ বন্ধুসকলে নিজৰ প্ৰতিজ্ঞা পূৰ কৰাটো তেওঁ বিচাৰে। যেনে, পতি-পত্নীয়ে নিজৰ বিয়াৰ প্ৰতিজ্ঞা, পিতৃ- মাতৃয়ে নিজৰ লʼৰা-ছোৱালীক কৰা প্ৰতিজ্ঞা পূৰ কৰাটো যিহোৱাই বিচাৰে। আমি যিহোৱা আৰু নিজৰ ওচৰ-চুবুৰীয়াক বহুত প্ৰেম কৰোঁ, সেইবাবে আমি নিজৰ প্ৰতিজ্ঞা পূৰ কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰোঁ।

১৬. যিহোৱাৰ বন্ধুসকলক সন্মান দেখুৱাৰ আন এটা উপায় কি?

১৬ যিহোৱাৰ বন্ধুসকলক সন্মান দেখুৱাৰ আন এটা উপায় হৈছে অতিথি সৎকাৰ কৰা আৰু তেওঁলোকক সহায় কৰিবলৈ সদায় সাজু থকা। (ৰোম. ১২:১৩) যেতিয়া আমি ভাই-ভনীসকলক লগ কৰোঁ আৰু তেওঁলোকৰ লগত সময় কটাওঁ, তেতিয়া তেওঁলোকৰ লগত আৰু যিহোৱাৰ লগত আমাৰ বন্ধুত্ব আৰু দৃঢ় হৈ পৰে। ইয়াৰ উপৰিও যেতিয়া আমি অতিথি সৎকাৰ কৰোঁ, তেতিয়া আমি যিহোৱাৰ দৰে হʼবলৈ চেষ্টা কৰোঁ।

টকা-পইচাক প্ৰেম নকৰিব

১৭. গীতমালা ১৫-ত টকা-পইচাৰ বিষয়ে কিয় উল্লেখ কৰা হৈছে?

১৭ গীতমালা ১৫-ত এয়াও কোৱা হৈছে যে যিসকল লোকে যিহোৱাৰ তম্বুত আলহী হৈ থাকিব বিচাৰে, তেওঁলোকে টকা “সুতলৈ নিদিয়ে, আৰু নিৰ্দ্দোষীৰ বিৰুদ্ধে ভেঁটী [ঘোচ] নলয়।” (গীত. ১৫:৫) এই সৰু গীতত টকা-পইচাৰ বিষয়ে কিয় উল্লেখ কৰা হৈছে? কাৰণ যদি আমি লোকসকলতকৈ বেছি টকা-পইচাক গুৰুত্ব দিওঁ, তেনেহʼলে লোকসকলৰ লগত আমাৰ সম্পৰ্ক বেয়া হʼব পাৰে আৰু যিহোৱাৰ লগত থকা আমাৰ বন্ধুত্ব নাইকিয়া হʼব পাৰে। (১ তীম. ৬:১০) প্ৰাচীন সময়তো এইদৰেই হৈছিল। কিছুমান ইস্ৰায়েলীয়ে নিজৰ দুখীয়া ইস্ৰায়েলী ভাইক টকা সুতত দিছিল। ইয়াৰ উপৰিও কিছুমান ন্যায়ীয়ে ঘোচ লৈছিল আৰু নিৰ্দোষীসকলক দোষী বুলি প্ৰমাণ কৰিছিল। এইবোৰ চাই যিহোৱাৰ বহুত দুখ লাগিল আৰু আজিও যিহোৱাই এইবোৰক ঘিণ কৰে।—যিহি. ২২:১২.

১৮. টকা-পইচাৰ বিষয়ে আমাৰ চিন্তাধাৰা কি, এয়া জানিবলৈ আমি নিজকে কি কি প্ৰশ্ন সুধিব পাৰোঁ? (ইব্ৰী ১৩:৫)

১৮ টকা-পইচাৰ বিষয়ে আমাৰ চিন্তাধাৰা কি, এয়া জনাটো অতি গুৰুত্বপূৰ্ণ। সেইবাবে নিজকে সোধক, ‘মই সকলো সময়তে পইচাৰ বিষয়ে চিন্তা কৰোঁ নে? বা কি কি কিনিম তাৰ বিষয়ে চিন্তা কৰি থাকোঁ নে? যদি মই কাৰোবাৰ ধাৰ লৈছোঁ, তেনেহʼলে তেওঁক সময়মতে ঘূৰাই দিওঁ নে তেওঁৰ এতিয়া পইচাৰ প্ৰয়োজন নাই পাছত দিলেও হʼব বুলি ভাবোঁ? বা বেছি পইচা থকাৰ বাবে মই নিজকে ধনী বুলি ভাবোঁনে বা চিকতা হৈ পৰিছোঁনে? ধনী ভাই-ভনীসকলক চাই মই এয়া ভাবোঁ নে যে তেওঁলোকে টকা-পইচাক প্ৰেম কৰে? মই কেৱল ধনী লোকসকলৰ লগতে বন্ধুত্ব কৰোঁ আৰু দুখীয়া লোকসকলক ধ্যান নিদিওঁ নে?’ যিহোৱাৰ তম্বুত আলহী হৈ থকাটো আমাৰ বাবে বহুত সন্মানৰ কথা। যদি আমি তেওঁৰ তম্বুত আলহী হৈ থাকিব বিচাৰোঁ, তেনেহʼলে টকা-পইচাক প্ৰেম কৰাটো উচিত নহয়। তেতিয়াহে যিহোৱাই আমাক কেতিয়াও নেৰিব আৰু কেতিয়াও ত্যাগ নকৰিব।—ইব্ৰী ১৩:৫ পঢ়ক।

যিহোৱাই নিজৰ বন্ধুসকলক প্ৰেম কৰে

১৯. আমি গীতমালা ১৫-ত লিখা কথাবোৰ পালন কৰাটো যিহোৱাই কিয় বিচাৰে?

১৯ গীতমালা ১৫-ৰ শেষত আমাক প্ৰতিজ্ঞা কৰা হৈছে যে “এইবোৰ কৰ্ম্ম যি জনে কৰে, সেই জন কেতিয়াও লৰচৰ নহব।” (গীত. ১৫:৫) ইয়াৰ পৰা আমি বুজিব পাৰোঁ যে এই গীতত লিখা কথাবোৰ আমি পালন কৰাটো যিহোৱাই কিয় বিচাৰে। কাৰণ আমি আনন্দিত হৈ থকাটো তেওঁ বিচাৰে। সেইবাবে, আমি কি কৰা উচিত তাৰ বিষয়ে তেওঁ জনাইছে। যদি আমি তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁ, তেনেহʼলে এক ভাল জীৱন জীয়াই থাকিব পাৰিম আৰু তেওঁ আমাক সুৰক্ষা দিব।—যিচ. ৪৮:১৭.

২০. যিসকল লোক যিহোৱাৰ তম্বুৰ আলহী, তেওঁলোকৰ কি আশা আছে?

২০ যিসকল লোক যিহোৱাৰ তম্বুৰ আলহী, তেওঁলোকৰ এক ভাল ভৱিষ্যতৰ আশা আছে। অভিষিক্ত খ্ৰীষ্টানসকলৰ স্বৰ্গত জীয়াই থকাৰ আশা আছে, যʼত যীচুৱে তেওঁলোকৰ বাবে “বহুত ঠাই” তৈয়াৰ কৰি ৰাখিছে। (যোহ. ১৪:২) বাকী লোকসকলৰ এই পৃথিৱীতে সদায় জীয়াই থকাৰ আশা আছে, যʼত প্ৰকাশিত বাক্য ২১:৩ পদত কোৱা কথা পূৰ হোৱাটো তেওঁলোকে দেখিবলৈ পাব। যিহোৱাই আমাক তেওঁৰ বন্ধু হোৱাৰ যি সুযোগ দিছে, এয়া আমাৰ বাবে বহুত সন্মানৰ কথা। তেওঁ আমাক নিজৰ তম্বুত সদায় আলহী হৈ থাকিবলৈ মাতিছে।

গীত নং ৩৯ ঈশ্বৰৰ দৃষ্টিত ভাল নাম অৰ্জন কৰক