Skip to content

বিজ্ঞান আৰু পবিত্ৰ শাস্ত্ৰৰ মাজত মিল আছেনে?

বিজ্ঞান আৰু পবিত্ৰ শাস্ত্ৰৰ মাজত মিল আছেনে?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

 হয়। যদিও বাইবেলখন বিজ্ঞানৰ কিতাপ নহয়, তথাপি ইয়াত লিখা বিজ্ঞানৰ লগত জড়িত কথাবোৰ একেবাৰে সঠিক হয়। আমি কিছুমান উদাহৰণৰ ওপৰত ধ্যান দিম। এই উদাহৰণবোৰৰপৰা আমি জানিব পাৰিম যে বিজ্ঞান আৰু বাইবেলৰ মাজত মিল আছে আৰু বাইবেলৰ সময়ত বিজ্ঞানৰ লগত জড়িত যিবোৰ কথা লিখা হৈছিল, সেইবোৰ সেইসময়ত থকা লোকসকলৰ ধাৰণাৰপৰা একেবাৰে বেলেগ আছিল।

  •   বহুতো পুৰণি মনে সঁজা কাহিনীয়ে কয় যে বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি হোৱা নাই। ই কিবা এটা বিস্ফুৰণৰ পাছত নিজে নিজে আহিছে। বাবিলত বাস কৰা লোকসকলে বিশ্বাস কৰিছিল যে দুখন মহাসাগৰৰপৰা ওলাই অহা ঈশ্বৰবিলাকে বিশ্বব্ৰহ্মাণ্ডৰ জন্ম দিছে। আন কিছুমান কাহিনীত কোৱা হৈছে যে বিশ্বব্ৰহ্মাণ্ড এটা ডাঙৰ কণীৰপৰা ওলাই আহিছে। আনহাতে, বাইবেলে শিকায় যে বিশ্বব্ৰহ্মাণ্ডৰ আৰম্ভণি হৈছিল।—আদিপুস্তক ১:১.

  •   পৃথিৱীজুৰি বিয়পি থকা মনে সজা কাহিনীবোৰৰ অনুসৰি প্ৰাকৃতিক দুৰ্যোগ দেৱ-দেৱীৰ ইচ্ছাৰ অনুসৰি হয় আৰু মানুহে একো কৰিব নোৱাৰে। কিন্তু বাইবেলে শিকায় যে প্ৰতিদিনে বিশ্বব্ৰহ্মাণ্ডত থকা গ্ৰহ-নক্ষত্ৰ প্ৰকৃতিৰ নিয়মৰ অনুসৰি ঘূৰি থাকে।—ইয়োব ৩৮:৩৩; যিৰিমিয়া ৩৩:২৫.

  •   প্ৰাচীন সময়ৰ লোকসকলে বিশ্বাস কৰিছিল যে পৃথিৱীখন চেপেটা আৰু কোনো ৰাক্ষক বা ডাঙৰ জন্তু, যেনে কোনো গৰু বা কাছৰ ওপৰত পৃথিৱীখন টিকি আছে। কিন্তু বাইবেলে শিকায় যে পৃথিৱীখন শূন্যত ওলমি আছে।—ইয়োব ২৬:৭.

  •   পুৰণি সময়ত গ্ৰীক লোকসকলে বিশ্বাস কৰিছিল যে মহাসাগৰৰ পানী মাটিৰ তলেদি নদীলৈ গৈছিল আৰু ওঠৰ শতিকালৈকে তেওঁলোকে এইদৰেই বিশ্বাস কৰিছিল। কিন্তু বাইবেলৰ পদবোৰ চাৰি-জাৰি চালে বুজিব পাৰি যে সমুদ্ৰ বা আন কোনো পানীৰ উৎসৰপৰা পানী ভাপ হৈ উৰি যায়। তাৰ পাছত সেই ভাপ ডাৱৰৰ সৃষ্টি হৈ বৰফ বা পানীৰ আকাৰত পৃথিৱীত পৰে। এই পানীৰে নদ-নদী ভৰি পৰে।—ইয়োব ৩৬:২৭, ২৮; উপদেশক ১:৭; যিচয়া ৫৫:১০; আমোচ ৯:৬.

  •   পাহাৰৰ উচ্চতা কেতিয়াবা কমে আৰু কেতিয়াবা বাঢ়ি থাকে আৰু আজি আমি দেখা পাহাৰবোৰ এসময়ত সাগৰৰ মাজত আছিল। (গীতমালা ১০৪:৬, ৮) আনহাতে বহুতো কাহিনীয়ে কয় যে এই পাহাৰবোৰ দেৱতাবিলাকে বনাইছে।

  •   পৰিষ্কাৰ হৈ থাকিলে, স্বাস্থ্য ভালে থাকে। ইস্ৰায়েলীসকলক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ লগত জড়িত কিছুমান নিৰ্দেশনা দিয়া হৈছিল। যেনে, মৃতদেহ স্পৰ্শ কৰাৰ পাছত গা-ধোৱাৰ প্ৰয়োজন আছিল, সংক্ৰমিত ব্যক্তিক বেলেগে ৰখা হৈছিল আৰু মানুহৰ মল ভালদৰে পুতিব লগা হৈছিল। (লেবীয়া পুস্তক ১১:২৮; ১৩:১-৫; দ্বিতীয় বিবৰণ ২৩:১৩) সেইসময়ছোৱাত মিচৰীয়াসকলে নিজৰ কোনো খহু ভাল কৰিবলৈ যি প্ৰলেপ লগাইছিল, তাত মানুহৰ মল ব্যৱহাৰ কৰিছিল।

বাইবেলত বিজ্ঞানৰ লগত জড়িত ভুল তথ্য দিয়া হৈছেনে?

নাই দিয়া। ভালদৰে চালি-জাৰি চালে আমি বাইবেলত বিজ্ঞানৰ লগত জড়িত কোনো ভুল তথ্য নাপাওঁ। তলত কিছুমান ভুল ধাৰণা উল্লেখ কৰা হৈছে, যাৰ বাবে লোকসকলে বাইবেলত দিয়া বিজ্ঞানৰ লগত জড়িত তথ্যৰ ওপৰত প্ৰশ্ন কৰে।

 ভুল ধাৰণা: বাইবেলত উল্লেখ আছে যে বিশ্বব্ৰহ্মাণ্ড ছদিনত সৃষ্টি কৰা হৈছিল, যাৰ এদিন ২৪ ঘণ্টীয়া আছিল।

 সত্যতা: বাইবেলে কয় যে ঈশ্বৰে বিশ্বব্ৰহ্মাণ্ড হাজাৰ হাজাৰ বছৰ আগতে সৃষ্টি কৰিছিল। (আদিপুস্তক ১:১) এয়াও কয় যে আদিপুস্তক কিতাপৰ এক অধ্যায়ত উল্লেখ কৰা এদিন এক যুগৰ সমান হয় আৰু এই যুগ কিমান হাজাৰ বছৰৰ হয়, তাৰ বিষয়ে বাইবেলত উল্লেখ নাই। আনকি, পৃথিৱী আৰু আকাশ-মণ্ডল সৃষ্টি কৰা সময়ছোৱাকো এক ‘দিন’ বুলি কোৱা হৈছে।—আদিপুস্তক ২:৪.

 ভুল ধাৰণা: বাইবেলত লিখা আছে যে সূৰ্য্যৰ আগতে গছ-গছনি সৃষ্টি কৰা হৈছে। কিন্তু সূৰ্য্যৰ ৰশ্মিৰ অবিহনে গছ-গছনি নাবাঢ়ে।—আদিপুস্তক ১:১১, ১৬.

 সত্যতা: বাইবেলে কয় যে ‘আকাশ-মণ্ডলৰ’ অসংখ্য তৰাৰ মাজত সূৰ্য্যও এটা তৰা হয় আৰু ইয়াক গছ-গছনি সৃষ্টি কৰাৰ আগতেই সৃষ্টি কৰা হৈছিল। (আদিপুস্তক ১:১) সৃষ্টিৰ প্ৰথম ‘দিন’ বা প্ৰথম যুগত সূৰ্য্যৰ ৰশ্মি পৃথিৱীৰ উপৰি ভাগলৈকে আহিছিল। সৃষ্টিৰ তৃতীয় ‘দিনা’ যেতিয়া বায়ুমণ্ডল স্পষ্ট কৰা হৈছিল, তেতিয়া সূৰ্য্যৰ ৰশ্মি ভালদৰে পৃথিৱীত পৰিছিল, যাৰ বাবে গছ-গছনি বাঢ়িবলৈ ধৰে। (আদিপুস্তক ১:৩-৫, ১২, ১৩) ইয়াৰ বহু সময়ৰ পাছতহে পৃথিৱীৰপৰা সূৰ্য্য স্পষ্টকৈ দেখিবলৈ পোৱা গʼল।—আদিপুস্তক ১:১৬.

 ভুল ধাৰণা: বাইবেলত উল্লেখ আছে যে পৃথিৱী সূৰ্য্যৰ চাৰিওফালে নুঘূৰে, সূৰ্য্য পৃথিৱীৰ চাৰিওফালে ঘূৰে।

 সত্যতা: উপদেশক ১:৫ পদত লিখা আছে, “সূৰ্য্য উদয় হৈ আকৌ অস্ত যায়, আৰু যি ঠাইৰ পৰা উদয় হয়, পুনৰায় সেই ঠাইলৈকে বেগেৰে গমন কৰে।” পৃথিৱীৰপৰা চালে সূৰ্য্যই যেনেকৈ ঘূৰি থকা দেখা যায়, এই কথাকে এই পদে চিত্ৰিত কৰে। যদিও আজি লোকসকলে জানে যে পৃথিৱী সূৰ্য্যৰ চাৰিওফালে ঘূৰে, তথাপি তেওঁলোকে “সূৰ্য্য উদয়” আৰু “অস্ত,” এনেধৰণৰ শব্দ ব্যৱহাৰ কৰে।

 ভুল ধাৰণা: পৃথিৱীখন চেপেটা বুলি বাইবেলে কয়।

 সত্যতা: বাইবেলত “পৃথিবীৰ সীমাৰ পৰা,” এনেধৰণৰ শব্দ ব্যৱহাৰ কৰা হৈছে, যাৰ অৰ্থ হৈছে, দূৰ-দূৰণি ঠাই। ইয়াৰ অৰ্থ এয়া নহয় যে পৃথিৱীখন চেপেটা বা ইয়াৰ কোনো সীমা আছে। (লূক ১১:৩১) ঠিক সেইদৰে, যেতিয়া আমি ‘পৃথিৱীৰ চাৰি চুক,’ এনেধৰণৰ শব্দ ব্যৱহাৰ কৰোঁ, তেতিয়া ইয়াৰ অৰ্থ এয়া নহয় যে পৃথিৱীৰ চাৰিটা চুক আছে। কিন্তু ইয়াৰপৰা আমি বুজিব পাৰোঁ যে ইয়াত গোটেই পৃথিৱীখনৰ বিষয়ে কোৱা হৈছে।—যিচয়া ১১:১২; লূক ১৩:২৯.