Skip to content

যিহোৱা কোন হয়?

যিহোৱা কোন হয়?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

 বাইবেলত লিখা আছে যে যিহোৱা সত্য ঈশ্বৰ হয় আৰু তেওঁ সকলো বস্তু সৃষ্টি কৰিছে। (প্ৰকাশিত বাক্য ৪:১১) ভৱিষ্যতবক্তা অব্ৰাহাম, মোচি আৰু যীচুৱে যিহোৱাৰ উপাসনা কৰিছিল। (আদিপুস্তক ২৪:২৭; যাত্ৰাপুস্তক ১৫:১, ২; যোহন ২০:১৭) যিহোৱা কেৱল এখন ৰাষ্ট্ৰৰ ঈশ্বৰ নহয়, তেওঁ “গোটেই পৃথিবীৰ ওপৰত মহান ৰজা।”—গীতমালা ৪৭:২.

 বাইবেলত উল্লেখ আছে যে ঈশ্বৰৰ এটা নাম আছে আৰু সেয়া হৈছে, যিহোৱা। (যাত্ৰাপুস্তক ৩:১৫; গীতমালা ৮৩:১৮) হীব্ৰু ভাষাৰ এটা ক্ৰিয়াপদৰপৰা যিহোৱা নামটো ওলাইছে, যাৰ অৰ্থ হৈছে “হোৱা।” বহুতো বিদ্বানে বিশ্বাস কৰে যে ঈশ্বৰৰ নামৰ অৰ্থ হৈছে, “তেওঁ যি বিচাৰে, সেয়েই হʼব পাৰে।” যিহোৱাৰ ক্ষেত্ৰত এই নামটো একেবাৰে সঠিক। কিয়নো তেওঁ সকলো বস্তুৰ সৃষ্টিকৰ্তা আৰু নিজৰ উদ্দেশ্য পূৰ কৰোঁতা ঈশ্বৰ হয়। (যিচয়া ৫৫:১০, ১১) বাইবেলত উল্লেখ আছে যে তেওঁ কেনেধৰণৰ ঈশ্বৰ আৰু তেওঁৰ কি কি গুণ আছে। ইয়াত এয়াও উল্লেখ আছে যে তেওঁৰ প্ৰধান গুণ হৈছে প্ৰেম।—যাত্ৰাপুস্তক ৩৪:৫-৭; লূক ৬:৩৫; ১ যোহন ৪:৮.

 হীব্ৰু ভাষাত ঈশ্বৰৰ নাম এই চাৰিটা আখৰত লিখা হয় יהוה (YHWH)। প্ৰাচীন সময়ত হীব্ৰু ভাষাত ঈশ্বৰৰ নামটো কেনেকৈ উচ্চাৰণ কৰা হৈছিল, তাৰ বিষয়ে আজি আমি নাজানোঁ। কিন্তু অসমীয়া ভাষাত ঈশ্বৰৰ নামৰ উচ্চাৰণ হৈছে, “যিহোৱা” আৰু অসমীয়া ভাষাৰ এই নামটো বহুবছৰৰপৰা ব্যৱহাৰ কৰি অহা হৈছে। ইংৰাজী ভাষাত ঈশ্বৰৰ নাম হৈছে, “জেহʼৱা।” ইংৰাজীত প্ৰথমবাৰ ঈশ্বৰৰ নাম উইলিয়াম টিডেলৰ বাইবেলত পোৱা গৈছিল, যি ১৫৩০ চনত ছপা কৰা হৈছিল। a

প্ৰাচীন সময়ত হীব্ৰু ভাষাত ঈশ্বৰৰ নাম কেনেকৈ উচ্চাৰণ কৰা হৈছিল, তাৰ বিষয়ে আজি আমি কিয় নাজানোঁ?

 প্ৰাচীন হীব্ৰু ভাষা লিখাৰ সময়ত কেৱল ব্যঞ্জনবৰ্ণ লিখা হৈছিল, তাত স্বৰবৰ্ণ যোগ কৰা নহৈছিল। কিন্তু পঢ়াৰ সময়ত কোনটো শব্দৰ লগত কি স্বৰবৰ্ণ যোগ দিব লাগে, তাৰ বিষয়ে লোকসকলে জানিছিল। হীব্ৰু শাস্ত্ৰ অৰ্থাৎ “পুৰণি নিয়ম” লিখাৰ পাছত যিহূদীসকলে অন্ধবিশ্বাস কৰিছিল যে ঈশ্বৰৰ নাম ব্যৱহাৰ কৰাটো ভুল হয়। সেইবাবে, ঈশ্বৰৰ নাম থকা কোনো পদ পঢ়াৰ সময়ত তেওঁলোকে সেই নামৰ সলনি “ঈশ্বৰ” বা “প্ৰভু” বুলি কৈছিল। সময় অতিবাহিত হোৱাৰ লগে লগে অন্ধবিশ্বাস চাৰিওফালে বিয়পি পৰিল আৰু এনে এক সময় আহিল, যেতিয়া লোকসকলে ঈশ্বৰৰ নামৰ সঠিক উচ্চাৰণ পাহৰি গʼল। b

 কিছুমান বিদ্বানে ভাবে যে ঈশ্বৰৰ নামৰ সঠিক উচ্চাৰণ “ইয়াহৱে” হয়, কিন্তু আন কিছুমানে বেলেগ ধৰণে উচ্চাৰণ কৰে। মৃত সাগৰৰ ওচৰত লেবীয়া পুস্তকৰ এটা অংশ পোৱা গৈছিল, যি গ্ৰীক ভাষাত লিখা হৈছিল। তাত ঈশ্বৰৰ নাম য়াও বুলি লিখা হৈছিল। প্ৰাচীন সময়ৰ কিছুমান গ্ৰীক লেখকৰ মতে ঈশ্বৰৰ নামৰ উচ্চাৰণ য়ায়ে, য়াবে বা য়াওবে বুলিও কৰা হৈছিল। কিন্তু আমি দাঠি কʼব নোৱাৰোঁ যে প্ৰাচীন সময়ত হীব্ৰু ভাষাত ঈশ্বৰৰ নাম কিদৰে উচ্চাৰণ কৰা হৈছিল। c

ঈশ্বৰৰ নামৰ বিষয়ে কিছুমান ভুল ধাৰণা

 ভুল ধাৰণা: বাইবেল অনুবাদ কৰাৰ সময়ত “যিহোৱা” নামটো লিখি দিয়া হৈছিল।

 সত্যতা: হীব্ৰু ভাষাত ঈশ্বৰৰ নামটো প্ৰায় ৭,০০০ বাৰ উল্লেখ আছে। d কিন্তু বহুতো অনুবাদকে ঈশ্বৰৰ নামটো উলিয়াই দিয়ে আৰু সেই ঠাইত “ঈশ্বৰ” বা “প্ৰভু” বুলি লিখিলে।

 ভুল ধাৰণা: সৰ্বশক্তিমান ঈশ্বৰক কোনো নামৰ প্ৰয়োজন নাই।

 সত্যতা: ঈশ্বৰে বাইবেলৰ লেখকসকলক হাজাৰ হাজাৰ বাৰ বাইবেলত নিজৰ নাম লিখিবলৈ অনুপ্ৰাণিত কৰিছিল। ঈশ্বৰৰ সেৱকসকলে তেওঁৰ নাম ব্যৱহাৰ কৰাটো তেওঁ বিচাৰে। (যিচয়া ৪২:৮; যোৱেল ২:৩২; মলাখী ৩:১৬; ৰোমীয়া ১০:১৩) যেতিয়া মিছা ভৱিষ্যতবক্তাসকলে লোকসকলক ঈশ্বৰৰ নাম পাহৰাবলৈ চেষ্টা কৰিছিল, তেতিয়া ঈশ্বৰে তেওঁলোকক ধমকী দিছিল।—যিৰিমিয়া ২৩:২৭.

 ভুল ধাৰণা: আমি যিহূদী পৰম্পৰা পালন কৰা উচিত আৰু বাইবেলৰপৰা ঈশ্বৰৰ নাম উলিয়াই দিয়া উচিত।

 সত্যতা: যদিও যিহূদী ধৰ্মগুৰুসকলে ঈশ্বৰৰ নাম ব্যৱহাৰ কৰা নাছিল, কিন্তু তেওঁলোকে কেতিয়াও বাইবেলৰপৰা ঈশ্বৰৰ নাম উলিয়াই দিয়া নাছিল। আনকি, আমি মানুহৰ ৰীতি-নীতিৰ বাবে ঈশ্বৰৰ আজ্ঞা উলংঘন কৰাটো তেওঁ নিবিচাৰে।—মথি ১৫:১-৩.

 ভুল ধাৰণা: হীব্ৰু ভাষাত ঈশ্বৰৰ নাম কেনেকৈ উচ্চাৰণ কৰা হৈছিল, সেয়া আমি নাজানোঁ। সেইবাবে, আমি তেওঁৰ নাম ব্যৱহাৰ কৰা উচিত নহয়।

 সত্যতা: কিছুমান লোকে ভাবে যে আমি যিয়েই ভাষা নকওঁ কিয়, আমি সকলোৱে ঈশ্বৰৰ নাম একেধৰণে ব্যৱহাৰ কৰাটো ঈশ্বৰে বিচাৰে। বাইবেলৰপৰা আমি বুজিব পাৰোঁ যে প্ৰাচীন সময়ত ঈশ্বৰৰ সেৱকসকলে বেলেগে বেলেগ ভাষাত লোকসকলৰ নাম বেলেগ বেলেগ ধৰণে উচ্চাৰণ কৰিছিল।

 উদাহৰণস্বৰূপে, ইস্ৰায়েলীসকলৰ বিচাৰকৰ্তা যিহোচূৱাৰ বিষয়ে কʼব পাৰি। হীব্ৰু ভাষা কোৱা আৰম্ভণিৰ খ্ৰীষ্টানসকলে তেওঁক য়েচুৱা বুলি কৈছিল। কিন্তু গ্ৰীক ভাষা কোৱা লোকসকলে তেওঁক ইচুওচ বুলি কৈছিল। বাইবেলত যিহোচূৱাৰ হীব্ৰু নামটো গ্ৰীক ভাষাটো লিখা হৈছিল। ইয়াৰপৰা বুজিব পাৰি যে সেইসময়ৰ খ্ৰীষ্টানসকলে তেওঁলোকৰ ভাষাত লোকসকলৰ নাম যিদৰে লোৱা হৈছিল, ঠিক সেইদৰেই লৈছিল।—পাঁচনিৰ কৰ্ম্ম ৭:৪৫; ইব্ৰী ৪:৮.

 ঈশ্বৰৰ নামৰ উচ্চাৰণৰ ক্ষেত্ৰতো আমি এই কথা মনত ৰাখিব পাৰোঁ। ঈশ্বৰৰ নামৰ সঠিক উচ্চাৰণতকৈ তেওঁৰ নামটো বাইবেলত যʼত উল্লেখ থাকিব লাগে, তাত উল্লেখ থকাটো অতি গুৰুত্বপূৰ্ণ।

a যেতিয়া উইলিয়াম টিডেলে বাইবেলৰ প্ৰথম পাঁচখন কিতাপ ইংৰাজীলৈ অনুবাদ কৰিছিল, তেতিয়া তেওঁ ঈশ্বৰৰ নাম “য়েওৱা” বুলি লিখিছিল। সময়ৰ লগে লগে ইংৰাজী ভাষা সলনি হʼবলৈ ধৰিলে আৰু ঈশ্বৰৰ নাম যিদৰে লিখা হৈছিল, সেয়াও সলনি হʼল। যেনে, ১৬১২ চনত হেনৰী আইন্সৱৰ্থে গীতমালা কিতাপৰ অনুবাদত সকলো ঠাইত “য়েহুৱা” বুলি লিখিছিল। কিন্তু ১৬৩৯ চনত তেওঁ যেতিয়া নিজৰ অনুবাদৰ নতুন সংস্কৰণ উলিয়াইছিল, তেতিয়া তেওঁ “যেহুৱা” বুলি লিখিছিল। ১৯০১ চনত যেতিয়া আমেৰিকান ষ্টেনদাৰ্ড ভাৰচন্‌ বাইবেল প্ৰকাশ কৰা হৈছিল, তেতিয়া অনুবাদকসকলে সেই সকলো ঠাইত “যেহুৱা” নামটো লিখিছিল, যʼত হীব্ৰু পাঠত ঈশ্বৰৰ নামটো পোৱা গৈছিল।

b নিউ কেথʼলিক এনচাইক্লোপিডিয়াত (দ্বিতীয় সংস্কৰণ, খণ্ড ১৪, পৃষ্ঠা ৮৮৩-৮৮৪) লিখা আছে, “বাবিলৰ দাসত্বৰপৰা উভতি অহাৰ কিছুসময়ৰ পাছত লোকসকলে ঈশ্বৰৰ নাম ‘ইয়াওৱে’ ব্যৱহাৰ কৰিবলৈ এৰি দিলে। ইয়াৰ সলনি তেওঁলোকে ‘অদৌনায়’ বা ‘ইলৌহিম’ বুলি ব্যৱহাৰ কৰিবলৈ ধৰিলে।”

c বেছিকৈ জানিবলৈ নিউ ৱৰ্ল্ড ট্ৰানচলেশ্ব্যন অৱ দ্য হলি স্ক্ৰিপশ্বাৰচৰ অতিৰিক্ত লেখ ক৪ “হীব্ৰু শাস্ত্ৰত ঈশ্বৰৰ নাম” চাওক।

d থিয়ʼলজিকেল লেক্সিকন অৱ দি অল্ড টেষ্টামেন্ট, খণ্ড ২, পৃষ্ঠা ৫২৩-৫২৪ চাওক।