Skip to content

ঈশ্বৰে বিৱৰ্তনৰ যোগেদি সকলো জীৱ-জন্তু বনালেনে?

ঈশ্বৰে বিৱৰ্তনৰ যোগেদি সকলো জীৱ-জন্তু বনালেনে?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

 নহয়। বাইবেলত স্পষ্টকৈ উল্লেখ আছে যে ঈশ্বৰে মানুহক আৰু “বিধে বিধে” জীৱ-জন্তু আৰু গছ-গছনি সৃষ্টি কৰিলে। a (আদিপুস্তক ১:১২, ২১, ২৫, ২৭; প্ৰকাশিত বাক্য ৪:১১) বাইবেলে কয় যে প্ৰথম দম্পতী আদম আৰু হৱাৰ যোগেদি মানৱ পৰিয়ালৰ আৰম্ভণি হʼল। (আদিপুস্তক ৩:২০; ৪:১) ঈশ্বৰে বিৱৰ্তনৰ যোগেদি বিভিন্ন প্ৰজাতিৰ জীৱ সৃষ্টি কৰিছে বুলি বাইবেলত কʼতো উল্লেখ নাই। বৈজ্ঞানিকসকলে বিশ্বাস কৰে যে প্ৰতিটো প্ৰজাতিৰ গঠনৰ মাজত কিবা নহয় কিবা সাল-সলনি থাকে। বাইবেলেও এই কথাষাৰ ভুল বুলি নকয়।

 কিছুমান লোকে কি বিশ্বাস কৰে?

 ঈশ্বৰে বিৱৰ্তনৰ যোগেদি সকলো জীৱ বনালে বুলি কিছুমান লোকে বিশ্বাস কৰে। ঈশ্বৰে এইবোৰ কেনেকৈ কৰিলে, এই বিষয়ে তেওঁলোকে বেলেগ বেলেগ মন্তব্য দিয়ে। এনচাইক্লোপিডিয়া ব্ৰিটেনিকাৰ অনুসৰি যিবোৰ জীৱ-জন্তু আৰু গছ-গছনিয়ে পৰিৱেশৰ অনুসৰি নিজকে খাপ খোৱাই লʼব পাৰে, সেইবোৰেই জীৱিত থাকে আৰু বাঢ়ি বাঢ়ি যায়। তেওঁলোকে ইয়াক প্ৰাকৃতিক প্ৰণালী বুলি কয় আৰু ঈশ্বৰে ইয়াৰ দ্বাৰাই প্ৰকৃতিৰ সকলো বস্তুক নিয়ন্ত্ৰণ কৰে বুলি শিকায়।

 তেওঁলোকে এয়াও বিশ্বাস কৰে যে . . .

  •   বহু বছৰৰ আগতে এজন পূৰ্বপুৰুষৰ দ্বাৰাই সকলো জীৱ-জন্তুৰ আৰম্ভণি হৈছিল।

  •   এটা জীৱৰ লাহে লাহে বিকাশ হৈ এটা নতুন প্ৰজাতিৰ সৃষ্টি হয়।

  •   এই সকলো প্ৰক্ৰিয়াৰ আঁৰত ঈশ্বৰৰ হাত আছে।

 বিৱৰ্তনৰ শিক্ষা বাইবেলৰ লগত মিল খাইনে?

 যিসকলে বিশ্বাস কৰে যে ঈশ্বৰে বিৱৰ্তনৰ যোগেদি সকলো বস্তু বনালে, তেওঁলোকে বাইবেলৰ আদিপুস্তকত উল্লেখ থকা বিৱৰণক সম্পূৰ্ণৰূপে সঁচা বুলি নাভাবে। কিন্তু যীচুৱে পৃথিৱীত থকাৰ সময়ত আদিপুস্তকত দিয়া বিৱৰণৰ বিষয়ে উল্লেখ কৰিছিল। কিয়নো তেওঁ জানিছিল যে এই বিৱৰণ সঁচা হয়। (আদিপুস্তক ১:২৬, ২৭; ২:১৮-২৪; মথি ১৯:৪-৬) বাইবেলে কয় যে যীচু পৃথিৱীলৈ অহাৰ আগতে ঈশ্বৰৰ লগত স্বৰ্গত আছিল আৰু ‘সকলো’ বস্তু বনাবলৈ তেওঁ ঈশ্বৰক সহায় কৰিছিল। (যোহন ১:৩) সেইবাবে, বিৱৰ্তনৰ যোগেদি ঈশ্বৰে সকলো বস্তু বনালে, এই শিক্ষা বাইবেলৰ শিক্ষাৰ লগত মিল নাখায়।

 গছ-গছনি আৰু জীৱ-জন্তুৱে বেলেগ বেলেগ পৰিৱেশত নিজকে খাপ খোৱাটোৱে প্ৰমাণ কৰেনে যে তেওঁলোকৰ বিকাশ হৈছে?

 বাইবেলে এয়া উল্লেখ নকৰে যে এটা প্ৰজাতিৰ মাজত কিমান পৰিৱৰ্তন হʼব পাৰে। বাইবেলে এই কথাষাৰো অস্বীকাৰ নকৰে যে জীৱ-জন্তু আৰু গছ-গছনিৰ বেলেগ বেলেগ প্ৰজাতিয়ে নতুন পৰিৱেশত নিজকে খাপ খোৱাব পাৰে বা নিজৰ দৰে গছ-গছনি অথবা জীৱ উৎপন্ন কৰিব পাৰে। কিছুমান লোকে এইদৰে হোৱা দেখিলে এটা প্ৰজাতিৰ বিকাশ হৈছে বুলি কয়। প্ৰকৃততে পৰিৱেশৰ অনুসৰি নিজকে খাপ খোৱালে এটা প্ৰজাতিৰ মাজত যি পৰিৱৰ্তন হয়, তাৰপৰা কোনো নতুন জীৱৰ আৰম্ভণি নহয়।

a বাইবেলত ব্যৱহাৰ হোৱা “বিধে-বিধে” শব্দত বহুতো কথা জড়িত হৈ আছে। কিন্তু বিজ্ঞানত ব্যৱহাৰ হোৱা “প্ৰজাতি” শব্দৰ ক্ষেত্ৰত এই কথাষাৰ সঁচা নহয়। বৈজ্ঞানিকসকলে যেতিয়া কয় যে কোনো প্ৰজাতিৰ বিকাশ হৈছে, তেতিয়া আচলতে সেয়া কোনো বিকাশ নহয়, কিন্তু একেটা প্ৰজাতিৰ মাজত হোৱা পৰিৱৰ্তনক বুজায়। আদিপুস্তক কিতাপত “বিধে-বিধে” শব্দই এই কথাষাৰ বুজাবলৈ ব্যৱহাৰ কৰা হৈছে।