ঈশ্বৰৰ ৰাজ্যই কি সম্পন্ন কৰিব?
পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে
ঈশ্বৰৰ ৰাজ্যই সকলো মানৱ চৰকাৰক অন্ত কৰিব আৰু নিজে গোটেই পৃথিৱীৰ ওপৰত শাসন কৰিব। (দানিয়েল ২:৪৪; প্ৰকাশিত বাক্য ১৬:১৪) ইয়াৰ পাছত ঈশ্বৰৰ ৰাজ্যই . . .
নিজৰ স্বাৰ্থৰ বাবে আমাক ক্ষতি কৰা দুষ্ট লোকসকলক নাইকিয়া কৰা হʼব। “দুষ্টবোৰক দেশৰ পৰা উচ্ছন্ন কৰা হব।”—হিতোপদেশ ২:২২.
যুদ্ধৰ অন্ত কৰিব। “[ঈশ্বৰে] পৃথিবীৰ অন্তলৈকে যুদ্ধৰ শেষ কৰে।”—গীতমালা ৪৬:৯.
পৃথিৱীত সকলোৱে সুৰক্ষা আৰু সমৃদ্ধি লাভ কৰিব। “প্ৰতিজনে নিজ নিজ দ্ৰাক্ষালতাৰ আৰু ডিমৰু গছৰ তলত বহিব, আৰু কোনেও সিহঁতক ভয় নলগাব।”—মীখা ৪:৪.
পৃথিৱীখনক প্ৰমোদবনলৈ ৰূপান্তৰ কৰা হʼব। “অৰণ্য আৰু নিৰ্জন ঠাই আনন্দিত হব, আৰু মৰুভূমি উল্লাসিত হৈ গোলাপ ফুলৰ নিচিনা প্ৰফুল্লিত হব।”—যিচয়া ৩৫:১.
সকলোৰে বাবে আনন্দকৰ আৰু অৰ্থপূৰ্ণ কাৰ্য্য থাকিব। “[ঈশ্বৰৰ] মনোনীত লোকবিলাকে নিজ নিজ হাতেৰে কৰা কাৰ্য্যৰ ফল বহুকাললৈকে ভোগ কৰিব। তেওঁবিলাকে বৃথা পৰিশ্ৰম নকৰিব।”—যিচয়া ৬৫:২১-২৩.
বেমাৰ-আজাৰ নাথাকিব। “মই নৰিয়া, এই বুলি নগৰ-নিবাসীয়ে নকব।”—যিচয়া ৩৩:২৪.
কোনেও বৃদ্ধ নহʼব। “তাৰ গা লৰাতকৈয়ো চিকণ হব; সি পুনৰ্ব্বাৰ যৌৱন-কাল পাব।”—ইয়োব ৩৩:২৫.
মৃতসকলক পুনৰ জীৱিত কৰা হʼব। “যি কালত মৈদামত থকা সকলোৱে তেওঁৰ [যীচুৰ] মাত শুনি, সৎকৰ্ম্ম কৰাবিলাক জীৱনৰ পুনৰুত্থানলৈ . . . ওলাব, সেই কাল আহিছে।”—যোহন ৫:২৮, ২৯.