পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীক কেনেকৈ যৌন সম্বন্ধৰ বিষয়ে শিক্ষা দিব পাৰে?
পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে
যৌন সম্বন্ধৰ বিষয়ে আপোনাৰ লʼৰা-ছোৱালীক কোনে শিক্ষা দিয়া উচিত? পবিত্ৰ শাস্ত্ৰ বাইবেলে পিতৃ-মাতৃক এই দায়িত্ব দিছে। নিম্নলিখিত পৰামৰ্শবোৰৰপৰা বহুতো পিতৃ-মাতৃয়ে সহায় লাভ কৰিছে:
সংকোচ নকৰিব। বাইবেলে যৌন সম্বন্ধ আৰু যৌন অংগবোৰৰ বিষয়ে কোনো কথা লুকুৱাই ৰখা নাই। ঈশ্বৰে ইস্ৰায়েলী লোকসকলক কৈছিল যে তেওঁলোকে ‘লৰা-ছোৱালীকো’ এই বিষয়ে শিক্ষা দিয়া উচিত। (দ্বিতীয় বিবৰণ ৩১:১২; লেবীয়া পুস্তক ১৫:২, ১৬-১৯) আপুনি এনেধৰণৰ সন্মানসূচক শব্দবোৰ ব্যৱহাৰ কৰিব পাৰে, যিবোৰে যৌন সম্বন্ধ বা যৌন অংগবোৰ কোনো লজ্জিত বিষয় বুলি তুলি নধৰে।
ক্ৰমান্বয়ে শিক্ষা দিয়ক। আপোনাৰ সন্তানে যৌৱনত ভৰি দিয়াৰ লগে লগে আপুনি যৌন সম্বন্ধৰ বিষয়ে এক দীঘলীয়া ভাষণ দিয়াৰ প্ৰয়োজন নাই। তাৰ পৰিৱৰ্তে, এই বিষয়বোৰ সন্তানে যিমান বুজিব পাৰে ক্ৰমান্বয়ে তেওঁলোকক শিক্ষা দিয়ক।—১ কৰিন্থীয়া ১৩:১১.
নৈতিক মানদণ্ডবোৰৰ বিষয়ে শিক্ষা দিয়ক। স্কুলত হয়তো যৌন সম্বন্ধৰ বিষয়ে শিক্ষা দিয়াৰ ব্যৱস্থা আছে। কিন্তু পবিত্ৰ শাস্ত্ৰ বাইবেলে পিতৃ-মাতৃক যৌন সম্বন্ধৰ বিষয়ে শিক্ষা দিবলৈ উৎসাহিত কৰিছে। পিতৃ-মাতৃয়ে কেৱল যৌন অংগবোৰৰ কাৰ্য্যৰ বিষয়ে বৰ্ণনা কৰাৰ পৰিৱৰ্তে, তেওঁলোকে যৌন সম্বন্ধৰ প্ৰতি উচিত দৃষ্টিভংগী ৰখাৰ বিষয়ে শিক্ষা দিয়া উচিত।—হিতোপদেশ ৫:১-২৩.
আপোনাৰ সন্তানৰ কথালৈ কাণ দিয়ক। যেতিয়া আপোনাৰ সন্তানে যৌন সম্বন্ধৰ বিষয়ে কিবা প্ৰশ্ন কৰে, তেতিয়া আপুনি তৎক্ষনাত কোনো প্ৰতিক্ৰিয়া নকৰিব বা কোনো সিদ্ধান্তত উপনীত নহʼব। ইয়াৰ পৰিৱৰ্তে “শুনিবলৈ খৰ, কবলৈ ধীৰ” হওক।—যাকোব ১:১৯.
নিজৰ বাসনা পূৰ কৰা লোকসকলৰপৰা সন্তানক ৰক্ষা কৰক
জ্ঞান আহৰণ কৰক। নিজৰ বাসনা পূৰ কৰা লোকসকলে কি কি উপায়েৰে লোকসকলক ফান্দত পেলায়, তাৰ বিষয়ে শিকক।—হিতোপদেশ ১৮:১৫; যুৱক-যুৱতীসকলে সোধা প্ৰশ্নৰ ব্যৱহাৰিক উত্তৰ (ইংৰাজী) কিতাপখনৰ খণ্ড ১, অধ্যায় ৩২ চাওক।
সন্তানৰ জীৱনত জড়িত হৈ পৰক। এজন ব্যক্তিৰ বিষয়ে ভালদৰে নজনাকৈ নিজৰ সন্তানক তেওঁৰ ভৰসাত এৰি নিদিব। ইয়াৰ উপৰিও নিজৰ সন্তানক ‘শাসন নকৰাকৈ’ নাথাকিব।—হিতোপদেশ ২৯:১৫.
আজ্ঞা পালন কৰাৰ ক্ষেত্ৰত সন্তুলন বজাই ৰাখিবলৈ শিক্ষা দিয়ক। লʼৰা-ছোৱালীয়ে নিজৰ পিতৃ-মাতৃৰ আজ্ঞা পালন কৰা উচিত। (কলচীয়া ৩:২০) যিকোনো প্ৰাপ্তবয়স্কৰ কথা সদায় শুনিব লাগে বুলি যদি আপুনি নিজৰ সন্তানক শিক্ষা দিয়ে, তেনেহʼলে কেতিয়াবা ইয়ে বিপদ চপাই আনিব পাৰে। খ্ৰীষ্টান পিতৃ-মাতৃয়ে নিজৰ সন্তানক শিকাব পাৰে: “যি কাৰ্য্য কৰিবলৈ ঈশ্বৰে আজ্ঞা দিয়া নাই আৰু যদি কোনোবাই সেই কাৰ্য্য কৰিবলৈ কয়, তেনেহʼলে তাক কেতিয়াও নকৰিবা।”—পাঁচনিৰ কৰ্ম্ম ৫:২৯.
সুৰক্ষাৰ বাবে কিছুমান পদক্ষেপ দেখুৱাওক। আপুনি নথকা অৱস্থাত কোনোবাই তেওঁ বা তাইৰ লগত কিবা বেয়া কাৰ্য্য কৰিবলৈ সুবিধা লʼব বিচাৰে, সেইসময়ত কি কৰা উচিত তাৰ বিষয়ে লʼৰা-ছোৱালীক শিক্ষা দিয়ক। কাল্পনিক ঘটনাৰ বিষয়ে নাটকৰ আকাৰে দেখুৱাৰ যোগেদি আপোনাৰ লʼৰা-ছোৱালীয়ে এইদৰে কʼবলৈ সাহস পাব: “এইবোৰ বন্ধ কৰক! মই এতিয়াই আপোনাৰ বিষয়ে কম।” ইয়াৰ লগতে লʼৰা-ছোৱালীক তাৰপৰা লগে লগে আঁতৰি আহিবলৈ শিক্ষা দিয়ক। যিহেতু লʼৰা-ছোৱালীয়ে সহজে পাহৰি যায়, সেইবাবে “নিজ সন্তানবিলাকক” এই বিষয়ে বাৰে বাৰে শিক্ষা দিয়াৰ প্ৰয়োজন আছে।—দ্বিতীয় বিবৰণ ৬:৭.