Skip to content

বেলেগ বেলেগ জনগোষ্ঠীৰ মাজত হোৱা বিবাহৰ বিষয়ে বাইবেলে কি কয়?

বেলেগ বেলেগ জনগোষ্ঠীৰ মাজত হোৱা বিবাহৰ বিষয়ে বাইবেলে কি কয়?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

 ঈশ্বৰৰ দৃষ্টিত সকলো জনগোষ্ঠী সমান আৰু সেইবাবে বেলেগ বেলেগ জনগোষ্ঠীৰ পুৰুষ আৰু তিৰোতাৰ মাজত হোৱা বিবাহক ঈশ্বৰে স্বীকৃতি দিয়ে। বাইবেলে এইদৰে বৰ্ণনা কৰিছে: “ঈশ্বৰ পক্ষপাতী নহয়, কিন্তু সকলো জাতিৰ মাজত যি জনে তেওঁলৈ ভয় ৰাখি ধৰ্ম্মআচৰণ কৰে, সেইজন তেওঁৰ গ্ৰাহ্য হয়।”—পাঁচনিৰ কৰ্ম্ম ১০:৩৪, ৩৫.

 বৰ্ণ সমতা আৰু বিবাহৰ বিষয়ে বাইবেলৰ কিছুমান সিদ্ধান্ত বিবেচনা কৰক।

এটা উৎসৰপৰা সকলো জনগোষ্ঠী আহিছে

 আমি সকলোৱে প্ৰথম মানৱ আদম আৰু তেওঁৰ পত্নী হৱাৰ বংশধৰ। হৱাৰ বিষয়ে বাইবেলে এইদৰে বৰ্ণনা কৰিছে: “তেওঁ সকলো জীৱিত লোকৰ মাতৃ।” (আদিপুস্তক ৩:২০) এই কাৰণে বাইবেলে ঈশ্বৰৰ বিষয়ে এইদৰে উল্লেখ কৰিছে: “তেওঁ গোটেই পৃথিবীত বাস কৰাবৰ কাৰণে এজনৰ পৰাই মানুষ্যৰ সকলো জাতিকে উৎপন্ন কৰিলে।” (পাঁচনিৰ কৰ্ম্ম ১৭:২৬) আমি বিভিন্ন জনগোষ্ঠীৰপৰা অহাৰ সত্ত্বেও আমি সমূহীয়াভাৱে এটা পৰিয়ালৰ সদস্য। আপুনি বাস কৰা ঠাইত যদি বৰ্ণবৈষম্যতা বা উচ-নীচৰ ভেদাভেদ দেখিবলৈ পোৱা যায়, তেনেহʼলে কি কৰা উচিত?

জ্ঞানী লোকে “একেলগে আলচ” কৰে

 যিহোৱা ঈশ্বৰে বেলেগ বেলেগ জনগোষ্ঠীৰ মাজত হোৱা বিবাহক স্বীকৃতি দিয়ে, কিন্তু তেওঁৰ এই দৃষ্টিভংগীক সকলোৱে গ্ৰহণ নকৰিবও পাৰে। (যিচয়া ৫৫:৮, ৯) যদি আপুনিও আন এক জনগোষ্ঠীৰ কোনো ব্যক্তিৰ লগত বিবাহ-পাশত আৱদ্ধ হʼব বিচাৰে, তেনেহʼলে আপুনি আৰু আপোনাৰ ভাবী সংগীয়ে তলত উল্লেখ কৰা বিষয়বোৰ আলোচনা কৰা উচিত:

  •   আপোনাৰ পৰিয়াল বা আপোনাৰ সম্প্ৰদায়ৰপৰা আহিব পৰা চাপসমূহ আপুনি কেনেকৈ সন্মুখীন হʼব?

  •   বৰ্ণবৈষম্যতাৰ বাবে আহিবলগীয়া চাপসমূহ সন্মুখীন হʼবলৈ আপোনাৰ সন্তানক কেনেকৈ সহায় কৰিব?

 এজনে-আনজনৰপৰা “সুপৰামৰ্শ” লোৱাৰ যোগেদি আপুনি আপোনাৰ বিবাহিত জীৱনক সফল কৰি তুলিবলৈ সক্ষম হʼব।—হিতোপদেশ ১৩:১০; ২১:৫.