যদি মই ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ, তেনেহʼলে তেওঁ মোক সহায় কৰিবনে?
পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে
নিশ্চয় সহায় কৰিব। যিসকলে ঈশ্বৰৰ ইচ্ছা অনুসৰি কিবা সহায় বিচাৰে, ঈশ্বৰে তেওঁলোকক সহায় কৰে। যদিও আপুনি আগতে প্ৰাৰ্থনা কৰা নাই, কিন্তু যিসকলে “হে ঈশ্বৰ মোক সহায় কৰা” বুলি প্ৰাৰ্থনা কৰিছিল, সেই প্ৰাৰ্থনাবোৰে আপোনাক উৎসাহিত কৰিব পাৰে। উদাহৰণস্বৰূপে:
“হে মোৰ ঈশ্বৰ যিহোৱা, মোক সহায় কৰা, তোমাৰ দয়া অনুসাৰে মোক পৰিত্ৰাণ কৰা।”—গীতমালা ১০৯:২৬.
“মই দৰিদ্ৰ আৰু দুখীয়া; হে ঈশ্বৰ, মোক সহায় কৰা।”—গীতমালা ৬৯:৬, ডোৱে ভাৰচন্।
নিঃসন্দেহ, এই পদবোৰ লিখা লেখকসকলে ঈশ্বৰৰ ওপৰত দৃঢ় বিশ্বাস কৰিছিল। “ভগ্ন-চিত্তীয়া” আৰু “খেদিত মন হোৱা” লোকসকলে উচিত মনোবৃত্তিৰে ঈশ্বৰক প্ৰাৰ্থনা কৰিলে, ঈশ্বৰে তেওঁলোকৰ প্ৰাৰ্থনা শুনে।—গীতমালা ৩৪:১৮.
ঈশ্বৰ আপোনাৰপৰা বহু দূৰত আছে আৰু তেওঁ আপুনি সন্মুখীন হোৱা সমস্যাবোৰৰ প্ৰতি ধ্যান নিদিব বুলি ভয় কৰা উচিত নহয়। পবিত্ৰ শাস্ত্ৰই এইদৰে বৰ্ণনা কৰে: “যদিও যিহোৱা উন্নত, তথাপি তেওঁ নম্ৰ লোকলৈ দৃষ্টি কৰে; কিন্তু তেওঁ অহঙ্কাৰী লোকক দূৰৈৰ পৰা জানে।” (গীতমালা ১৩৮:৬) আনকি যীচুৱে এবাৰ নিজৰ শিষ্যসকলক এইদৰে কৈছিল: “তোমালোকৰ মূৰৰ আটাইবোৰ চুলিও গণা হৈছে।” (মথি ১০:৩০) আপুনি নিজৰ বিষয়ে নজনা বহুতো বিষয় ঈশ্বৰে জানে। তেনেহʼলে আপুনি নিজৰ সমস্যাবোৰৰ বাবে যেতিয়া ঈশ্বৰলৈ প্ৰাৰ্থনা কৰে, তেতিয়া তেওঁ আপোনাৰ প্ৰাৰ্থনা নুশুনিবনে?—১ পিতৰ ৫:৭.