পবিত্ৰ শাস্ত্ৰই জীৱন পৰিৱৰ্তন কৰে
আপুনি সেই “বহুমূলীয়া মুকুতা” পালেনে?
মানুহৰ সকলো সমস্যা ঈশ্বৰৰ ৰাজ্যত শেষ হʼব বুলি যীচুৱে শিকাইছিল। (মথি ৬:১০) মথি ১৩:৪৪-৪৬ পদত তেওঁ দুটা উদাহৰণ দি বুজাইছিল যে ঈশ্বৰৰ ৰাজ্যৰ সত্যতা কিমান মূল্যৱান।
এজন ব্যক্তিয়ে কাম কৰি থকাৰ সময়ত হঠাতে ৰত্ন বিচাৰি পালে।
এজন সদাগৰে যাত্ৰা কৰি থকাৰ সময়ত বহুমূলীয়া মুকুতা বিচাৰি পালে।
দুয়োজনে যি বহুমূলীয়া মুকুতা বিচাৰি পাইছিল, সেয়া লাভ কৰিবলৈ তেওঁলোকে নিজৰ সকলো ধন-সম্পত্তি বিক্ৰী কৰি দিলে। এই লোকসকলে ঈশ্বৰৰ ৰাজ্যক গুৰুত্ব দিয়া লোকসকলক চিত্ৰিত কৰে, যিসকলে আশীৰ্বাদ লাভ কৰিবলৈ বহুতো ত্যাগ কৰিছে। (লূক ১৮:২৯, ৩০) যীচুৱে যি দুজন ব্যক্তিৰ উদাহৰণ দিছিল, তেওঁলোকৰ নিচিনা দুজন ব্যক্তিৰ বিষয়ে এই ভিডিঅʼখনত চাবলৈ পাম।