যিহোৱাৰ সাক্ষীসকলে দেশ ভক্তিৰ লগত জড়িত উদযাপনত কিয় ভাগ নলয়?
যিহোৱাৰ সাক্ষীসকলে চৰকাৰ আৰু তেওঁলোকৰ ৰাষ্ট্ৰীয় চিনবোৰক সন্মান কৰে। আমি এয়াও বুজি পাওঁ যে কিছুমান লোকে দেশৰ প্ৰতি বিশ্বাসী হৈ থাকিবলৈ সংকল্প লয় বা শপত খায়, পতাকা চেলামি কৰে বা ৰাষ্ট্ৰীয় সংগীত গায়।
কিন্তু আমি যিহোৱাৰ সাক্ষীসকলে এনেধৰণৰ উদযাপনত ভাগ নলওঁ। কিয়নো আমি বিশ্বাস কৰোঁ যে এইবোৰ বাইবেলৰ শিক্ষাৰ বিৰুদ্ধে হয়। আমি যিদৰে আনৰ নিৰ্ণয়ক সন্মান কৰোঁ, ঠিক সেইদৰে আনেও আমাৰ নিৰ্ণয়ক সন্মান কৰাটো আমি বিচাৰোঁ।
এই লেখত শিকিম
আমি বাইবেলৰ কোনবোৰ শিক্ষাৰ আধাৰত নিৰ্ণয় লওঁ?
তলত দিয়া বাইবেলৰ দুটা শিক্ষাৰ আধাৰত আমি নিৰ্ণয় লওঁ:
কেৱল ঈশ্বৰেই ভক্তি পোৱাৰ যোগ্য। বাইবেলত লিখা আছে, “পৰমেশ্বৰক প্ৰণিপাত কৰা, আৰু অকল তেওঁৰেই আৰাধনা কৰা।” (লূক ৪:৮) কিন্তু ৰাষ্ট্ৰীয় সংগীত আৰু সংকল্পবোৰত প্ৰায়ে এনে কিছুমান প্ৰতিজ্ঞা জড়িত থাকে, যিয়ে এজন ব্যক্তিক সকলোতকৈ বেছি নিজৰ দেশক প্ৰেম কৰিবলৈ বা তাৰ ভক্তি কৰিবলৈ উৎসাহিত কৰে। সেইবাবে, যিহোৱাৰ সাক্ষীসকলে বিশ্বাস কৰে যে এনেধৰণৰ উদযাপনবোৰত ভাগ লোৱাটো ভুল হয়।
যিহোৱাৰ সাক্ষীসকলে এয়াও বিশ্বাস কৰে যে পতাকা চেলামি কৰাটো উপাসনা কৰা বা মূৰ্তিপূজা কৰাৰ দৰে হয় আৰু মূৰ্তিপূজা কৰিবলৈ বাইবেলে মানা কৰিছে। (১ কৰিন্থীয়া ১০:১৪) কিছুমান বুৰঞ্জীবিদে স্বীকাৰ কৰে যে জাতীয় পতাকা আচলতে এক ধৰ্মীয় চিন হয়। বুৰঞ্জীবিদ কাৰ্লটন জে. এইচ. হেজে এইদৰে লিখিছে, “জাতীয়তাবাদ এক ধৰ্মৰ দৰে হয়। ইয়াৰ বিশেষ চিন আৰু উপাসনাৰ মুখ্য মাধ্যম হৈছে পতাকা।” a ডেনিয়েল পি. মেনিক্সে প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ বিষয়ে এইদৰে লিখিছে, ‘প্ৰাচীন ৰোমত বিশ্বাস কৰা হৈছিল যে সম্ৰাটৰ সুৰক্ষাৰ বাবে এজন আত্মা থাকিছিল। সেই সময়ৰ খ্ৰীষ্টানসকলে এই আত্মাৰ বাবে বলিদান দিবলৈ অস্বীকাৰ কৰিছিল। তেওঁলোকে এইদৰে কৰাটো বৰ্তমান সময়ত পতাকা চেলামি কৰিবলৈ অস্বীকাৰ কৰাৰ লগত তুলনা কৰিব পাৰি।’ b
যদিও যিহোৱাৰ সাক্ষীসকলে পতাকা চেলামি নকৰে, কিন্তু তেওঁলোকে ইয়াক ফালি, জ্বলাই বা আন প্ৰকাৰে অনাদৰ নকৰে আৰু কোনো ৰাষ্ট্ৰীয় চিনকো অনাদৰ নকৰে।
ঈশ্বৰৰ দৃষ্টিত সকলো মানুহ সমান। (পাঁচনিৰ কৰ্ম্ম ১০:৩৪, ৩৫) বাইবেলত লিখা আছে যে ঈশ্বৰে ‘এজনৰ পৰাই মনুষ্যৰ সকলো জাতিকে উৎপন্ন কৰিলে।’ (পাঁচনিৰ কৰ্ম্ম ১৭:২৬) সেইবাবে, যিহোৱাৰ সাক্ষীসকলে ভাবে যে কোনো জাতি বা ৰাষ্ট্ৰৰ লোকসকলক আনতকৈ উত্তম বুলি ভবাটো ভুল হয়। আমি যিয়েই দেশ বা ঠাইৰ লোক নহওঁক কিয় আমি সকলোকে সন্মান কৰোঁ।—১ পিতৰ ২:১৭.
দেশ ভক্তিৰ উদযাপনবোৰত ভাগ লোৱাৰ যদি দেশৰ কোনো নিয়ম আছে, তেনেহʼলে আমি কি কৰোঁ?
যিহোৱাৰ সাক্ষীসকলে কোনো চৰকাৰক বিৰোধ নকৰে। আমি বিশ্বাস কৰোঁ যে চৰকাৰবোৰ “ঈশ্বৰৰ দ্বাৰাই নিৰূপিত” আৰু তেওঁলোকক শাসন কৰিবলৈ ঈশ্বৰে অনুমতি দিছে। (ৰোমীয়া ১৩:১-৭) আমি এয়াও বিশ্বাস কৰোঁ যে খ্ৰীষ্টানসকলে চৰকাৰী অধিকাৰীসকলৰ আজ্ঞা পালন কৰা উচিত।—লূক ২০:২৫.
যদি চৰকাৰে এনে নিয়ম বনায়, যি ঈশ্বৰৰ নিয়মৰ বিৰুদ্ধে হয়, তেনেহʼলে আমি কি কৰোঁ? কিছুমান ক্ষেত্ৰত, যদি সম্ভৱ হয়, তেনেহʼলে আমি সেই নিয়মত অলপ সাল-সলনি কৰিবলৈ অধিকাৰীসকলক অনুৰোধ কৰোঁ। c কিন্তু এইদৰে কৰাটো যদি সম্ভৱ নহয়, তেনেহʼলে যিহোৱাৰ সাক্ষীসকলে সন্মানেৰে সেই নিয়ম পালন কৰিবলৈ অস্বীকাৰ কৰে। এই ক্ষেত্ৰত আমি ‘মানুহতকৈ ঈশ্বৰৰ আজ্ঞা মানিবলৈ’ নিৰ্ণয় লওঁ।—পাঁচনিৰ কৰ্ম্ম ৫:২৯.
এনেধৰণৰ উদযাপনত ভাগ লʼবলৈ অস্বীকাৰ কৰি যিহোৱাৰ সাক্ষীসকলে সামাজিক বা ৰাজনৈতিক বিষয়বোৰত কাৰোবাৰ পক্ষ লয় নে?
নলয়। যিহোৱাৰ সাক্ষীসকলে সামাজিক বা ৰাজনৈতিক বিষয়বোৰত কাৰো পক্ষ নলয়। আমি ৰাজনৈতিক বিষয়বোৰত কিছুমান সাল-সলনি কৰাৰ উদ্দেশ্যেৰে সংকল্প বা প্ৰতিজ্ঞা কৰিবলৈ, ৰাষ্ট্ৰীয় সংগীত গাবলৈ বা পতাকা চেলামি কৰিবলৈ অস্বীকাৰ কৰোঁ, এনে নহয়। ইয়াৰ পৰিৱৰ্তে, এই বিষয়বোৰত আমি কেৱল বাইবেলৰ শিক্ষা পালন কৰিব বিচাৰোঁ।
a এচেজ অন নেচনেলিজম, পৃষ্ঠা ১০৭-১০৮.
b দ্য ৱে অৱ দ্য গ্লেডিয়েটৰ, পৃষ্ঠা ২১২.
c উদাহৰণস্বৰূপে, “বিবেকৰ আধাৰত সাহসেৰে লোৱা নিৰ্ণয়ৰ কাৰণে উচ্চতম ন্যায়ালয়ৰ নিৰ্ণয়—৭৫ বছৰৰ পাছতো এটা উদাহৰণ” আৰু “ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এটা গুৰুত্বপূৰ্ণ নিৰ্ণয়—প্ৰায় ৩০ বছৰৰ পাছতো বৰ্তি থাকিল” নামৰ ইংৰাজী লেখটো পঢ়ক।