Skip to content

যিহোৱাৰ সাক্ষীসকল যিহুদী ৰাষ্ট্ৰবাদী লোক হয় নেকি?

যিহোৱাৰ সাক্ষীসকল যিহুদী ৰাষ্ট্ৰবাদী লোক হয় নেকি?

 তেওঁলোক যিহুদী ৰাষ্ট্ৰবাদী লোক নহয়। যিহোৱাৰ সাক্ষীসকলৰ বিশ্বাস, পবিত্ৰ শাস্ত্ৰ বাইবেলৰ ওপৰত আধাৰিত। কিছুমান ধৰ্ম্মই শিক্ষা দিয়ে যে পেলেষ্টাইনত যিহুদীসকল একত্ৰিত হোৱাটো শাস্ত্ৰত উল্লেখ কৰা কোনো এক ভৱিষ্যতবাণীৰ লগত জড়িত আছে। কিন্তু যিহোৱাৰ সাক্ষীসকলে এনেদৰে নাভাৱে। ৰাজনীতিৰ লগত জড়িত থকা এই বিষয়টো, শাস্ত্ৰত ভৱিষ্যতবাণী কৰা হৈছে বুলি তেওঁলোকে বিশ্বাস নকৰে। প্ৰকৃততে, কোনো এক মানৱীয় চৰকাৰ বা কোনো এক জাতি অথবা এজন মানুহতকৈ আন এজনক সৰু বা বৰ বুলি পবিত্ৰ শাস্ত্ৰই বৰ্ণনা নকৰে। যিহোৱাৰ সাক্ষীসকলে প্ৰকাশ কৰা প্ৰহৰীবুৰুজ নামৰ আলোচনীখনে স্পষ্টৰূপে এইদৰে বৰ্ণনা কৰিছে: “ৰাজনীতিৰ লগত জড়িত থকা যিহুদী ৰাষ্ট্ৰবাদৰ বিষয়ে পবিত্ৰ শাস্ত্ৰত কোনো উল্লেখ নাই।”

 এনচাইক্লোপিডিয়া ব্ৰিটানিকাই যিহুদী ৰাষ্ট্ৰবাদৰ বিষয়ে এইদৰে কয়: “যিহুদী ৰাষ্ট্ৰবাদী সংগঠনৰ প্ৰধান উদ্দেশ্য আছিল পেলেষ্টাইনত যিহুদী ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা।” ইয়াৰ আঁৰত ধৰ্ম্ম আৰু ৰাজনীতি দুয়োটা জড়িত আছিল। যিহোৱাৰ সাক্ষীসকলে যিহুদী ৰাষ্ট্ৰবাদক, এক ধৰ্ম্মীয় শিক্ষা বুলি সমৰ্থন নকৰে। তেওঁলোকে ৰাজনৈতিক যিহুদী ৰাষ্ট্ৰবাদৰ বিষয়ে নিৰপেক্ষতা বজাই ৰাখে।

 যিহোৱাৰ সাক্ষীসকলৰ সংগঠন এক ধৰ্ম্মীয় সংগঠন। তেওঁলোকে যিহুদী ৰাষ্ট্ৰবাদ বা কোনো ৰাজনৈতিক ব্যৱস্থাক সমৰ্থন নকৰে। ৰাজনৈতিকত নিৰপেক্ষতা বজাই ৰখাৰ ক্ষেত্ৰত যিহোৱাৰ সাক্ষীসকলৰ এক ভাল উদাহৰণ আছে। যিহোৱাৰ সাক্ষীসকলে নিৰপেক্ষতা বজাই ৰখাত আপোচ কৰা নাই আৰু সেইবাবে, তেওঁলোকে কিছুমান দেশত তাড়নাৰ সন্মুখীন হৈছে। আমি বিশ্বাস কৰোঁ যে কেৱল ঈশ্বৰৰ ৰাজ্যই এই পৃথিৱীত স্থায়ী শান্তি কঢ়িয়াই আনিব, কোনো মানৱ চৰকাৰ বা কোনো সংগঠনে আনিব নোৱাৰে।

 যিহোৱাৰ সাক্ষীসকলৰ ধৰ্ম্মীয় বিশ্বাসৰ এক মূল সিদ্ধান্ত হৈছে, তেওঁলোকে যʼতেই বাস নকৰক কিয়, চৰকাৰী আইন-কানুনৰ অধীনত থাকে। যিহোৱাৰ সাক্ষীসকলে চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ নকৰে বা যুদ্ধৰ বাবে অস্ত্ৰ-শস্ত্ৰ হাতত নলয়।