যিহোৱাৰ সাক্ষীসকলে মিছনাৰী সেৱা কৰেনে?
হয় কৰে। যিহোৱাৰ সাক্ষীসকলে যʼতেই বাস নকৰক কিয়, তেওঁলোকে মিছনাৰীসকলৰ দৰে ঘোষণা কৰাৰ বিষয়ে গভীৰ আগ্ৰহ দেখুৱায়। সেইবাবে, তেওঁলোকে নিজৰ বিশ্বাসৰ বিষয়ে আনক জনোৱাটো জীৱনৰ এক গুৰুত্বপূৰ্ণ ভাগ হৈ পৰে।—মথি ২৮:১৯, ২০.
ইয়াৰ উপৰিও, কিছুমান যিহোৱাৰ সাক্ষীয়ে নিজৰ দেশতে এনে ঠাইবোৰলৈ যায়, যʼত লোকসকলে বাইবেলৰপৰা শুভবাৰ্ত্তা শুনাৰ সুযোগ পোৱা নাই। কিছুমান সাক্ষীয়ে আন দেশলৈ গৈ নিজৰ সেৱা আগবঢ়ায়। যীচুৰ ভৱিষ্যতবাণী পূৰ্ণ কৰাত নিজৰ সহযোগিতা আগবঢ়োৱাৰ বাবে তেওঁলোক আনন্দিত। যীচুৱে এইদৰে কৈছিল: “পৃথিবীৰ সীমালৈকে তোমালোক মোৰ সাক্ষী হবা।”—পাঁচনিৰ কৰ্ম্ম ১:৮.
১৯৪৩ চনত এক বিশেষ স্কুলৰ আৰম্ভ হয়। এই স্কুলৰ যোগেদি কিছুমান মিছনাৰীসকলক প্ৰক্ষিশন দিয়া হয়, যাতে তেওঁলোকে আন দেশলৈ গৈ ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰিব পাৰে। এই স্কুলৰ নাম হৈছে গিলিয়াড স্কুল আৰু বৰ্তমানলৈকে ইয়াত প্ৰায় ৮,০০০ যিহোৱাৰ সাক্ষীয়ে প্ৰক্ষিশন পাইছে।