যিহোৱাৰ সাক্ষীসকলে যীচুৰ ওপৰত বিশ্বাস কৰেনে?
যিহোৱাৰ সাক্ষীসকলে যীচুৰ ওপৰত বিশ্বাস কৰে। যীচুৱে এইদৰে কৈছিল: “ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগলে, পিতৃৰ ওচৰলৈ কোনো নাযায়।” (যোহন ১৪:৬) আমি বিশ্বাস কৰোঁ যে যীচু স্বৰ্গৰপৰা পৃথিৱীলৈ আহিছিল আৰু তেওঁৰ সিদ্ধ জীৱন আমাৰ বাবে মুক্তিপণৰূপে বলিদান দিছিল। (মথি ২০:২৬) যীচুৰ মৃত্যু আৰু পুনৰুত্থানে, তেওঁৰ ওপৰত বিশ্বাস কৰা লোকসকলৰ বাবে অনন্ত জীৱন লাভ কৰাটো সম্ভৱ কৰি তুলিলে। (যোহন ৩:১৬) ইয়াৰ উপৰিও, আমি বিশ্বাস কৰোঁ যে বৰ্তমান সময়ত যীচু খ্ৰীষ্টই ঈশ্বৰৰ ৰাজ্যৰ ৰজা হিচাপে শাসন কৰিছে আৰু এই ৰাজ্যৰ যোগেদি তেওঁ অতি সোনকালে পৃথিৱীত শান্তি কঢ়িয়াই আনিব। (প্ৰকাশিত বাক্য ১১:১৫) ইয়াৰ লগতে যীচু খ্ৰীষ্টই কোৱা এই কথাষাৰৰ ওপৰতো আমি বিশ্বাস কৰোঁ: “পিতৃ মোতকৈ মহান।” (যোহন ১৪:২৮) আমি যীচুক উপাসনা নকৰোঁ, কিয়নো তেওঁ সৰ্ব্বশক্তিমান ঈশ্বৰ নহয়।