Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৪৭

আপুনি নিজকে শুধৰণি কৰি থাকিবনে?

আপুনি নিজকে শুধৰণি কৰি থাকিবনে?

“শেষতে, হে ভাইবিলাক, তোমালোকে আনন্দ কৰা, সিদ্ধ হোৱা [শুধৰণি কৰা, NW]।—২ কৰি. ১৩:১১.

গীত ৫৪ “এয়েই পথ”

লেখৰ এক আভাস *

১. মথি ৭:১৩, ১৪ পদৰ অনুসৰি আমি কোনটো পথত চলি আছোঁ?

আমি সকলোৱে যিহোৱাৰ সেৱা কৰিবলৈ কঠিন পৰিশ্ৰম কৰোঁ। এইদৰে কৰাৰ কাৰণ হৈছে আমি নতুন পৃথিৱীত যিহোৱাৰ অধীনত জীয়াই থাকিব বিচাৰোঁ। প্ৰতিদিনে আমি জীৱনৰ পথত চলিবলৈ চেষ্টা কৰোঁ। কিন্তু যীচুৱে কোৱাৰ দৰে সেই পথ ঠেক আৰু তাত সদায় চলি থকাও সহজ নহয়। (মথি ৭:১৩, ১৪ পঢ়ক।) আমি অসিদ্ধ হোৱাৰ বাবে সেই পথৰপৰা আঁতৰিও যাব পাৰোঁ।—গালা. ৬:১.

২. এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম? (“ নম্ৰ হʼলে আমি সঠিক পথত চলি থাকিম” নামৰ বক্সটো চাওক।)

যদি আমি ঠেক পথত চলিব বিচাৰোঁ, তেনেহʼলে প্ৰয়োজন অনুসৰি আমাৰ চিন্তাধাৰা, দৃষ্টিভংগী আৰু আচাৰ-ব্যৱহাৰ শুধৰণি কৰিব লাগিব। পাঁচনি পৌলে কৰিন্থৰ খ্ৰীষ্টানসকলক শুধৰণি কৰি থাকিবলৈ উৎসাহিত কৰিছিল। (২ কৰি. ১৩:১১) আজি আমিও এই পৰামৰ্শ পালন কৰা উচিত। এই লেখত আমি আলোচনা কৰিম যে বাইবেল আৰু পৰিপক্ক ভাই-ভনীয়ে আমাৰ চিন্তাধাৰা কেনেকৈ শুধৰণি কৰিব পাৰে আৰু পৰামৰ্শ দিব পাৰে। আমি এয়াও শিকিম যে সংগঠনে দিয়া নিৰ্দেশনা পালন কৰিবলৈ আমাৰ কিয় কঠিন হʼব পাৰে। আমি এয়াও চাম যে নম্ৰ হʼলে আমি নিজকে কেনেকৈ সলনি কৰিব পাৰিম আৰু আনন্দেৰে যিহোৱাৰ সেৱা কৰিব পাৰিম।

ঈশ্বৰৰ বাক্য পঢ়ি শুধৰণি কৰক

৩. ঈশ্বৰৰ বাক্যই আমাক কি কি অনুভৱ কৰাব পাৰে?

আমি আমাৰ চিন্তাধাৰা আৰু ভাবনাবোৰ নিজেই সঠিকভাৱে পৰীক্ষা কৰিব নোৱাৰোঁ। কিয়নো আমাৰ হৃদয় কপটময় আৰু ইয়ে আমাক ভুল পথলৈ লৈ যাব পাৰে। (যিৰি. ১৭:৯) আমাক শুধৰণি কৰাৰ প্ৰয়োজন নাই বুলি আমি নিজকে সহজে ‘ভুলাব’ পাৰোঁ। (যাকো. ১:২২) সেইবাবে, আমি নিজকে পৰীক্ষা কৰিবলৈ ঈশ্বৰৰ বাক্য ব্যৱহাৰ কৰা উচিত। আমি কেনেধৰণৰ ব্যক্তি হয়, আমাৰ অন্তৰৰ গুপ্ত কথাবোৰ কি আৰু আমাৰ উদ্দেশ্য কি, তাৰ বিষয়ে বাইবেলে আমাক অনুভৱ কৰাব পাৰে। (ইব্ৰী ৪:১২, ১৩) বাইবেল এটা এক্স-ৰে মেচিনৰ দৰে হয়। আমাৰ শৰীৰৰ ভিতৰৰ অংগ কেনে অৱস্থাত আছে, ইয়ে আমাক দেখুৱাই দিয়ে। কিন্তু আমি নম্ৰ হʼলেহে বাইবেল আৰু দায়িত্বত থকা ভাইসকলে দিয়া পৰামৰ্শৰপৰা লাভৱান হʼম।

৪. ৰজা চৌল অহংকাৰ হৈ পৰিছিল বুলি কি কথাৰপৰা জানিব পাৰি?

ৰজা চৌলৰ উদাহৰণে দেখুৱায় যে যদি আমি নম্ৰ নহওঁ, তেনেহʼলে কি হʼব পাৰে। চৌল ইমানেই অহংকাৰী হৈ পৰিছিল যে তেওঁ ভুল কাম কৰিছে বুলি স্বীকাৰ কৰাই নাছিল। (গীত. ৩৬:১, ২; হব. ২:৪) এয়া এটা ঘটনাৰপৰা স্পষ্ট হʼল। যিহোৱাই চৌলক স্পষ্টকৈ কৈছিল যে অমালেকীয়াসকলক পৰাজিত কৰাৰ পাছত তেওঁ কি কৰা উচিত। কিন্তু চৌলে যিহোৱাৰ আজ্ঞা উলংঘন কৰিলে। ভৱিষ্যতবক্তা চমূৱেলে তেওঁৰ ভুলৰ বিষয়ে কোৱাৰ সময়ত তেওঁ নিজৰ ভুল স্বীকাৰ কৰা নাছিল। তেওঁৰ কথাৰপৰা স্পষ্টকৈ বুজি পোৱা গৈছিল যে যিহোৱাৰ আজ্ঞা উলংঘন কৰাৰ বাবে তেওঁ কোনো দুখ অনুভৱ কৰা নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ আন লোকসকলক দোষ দিছিল। (১ চমূ. ১৫:১৩-২৪) ইয়াৰ আগতেও চৌলে এবাৰ যিহোৱাৰ আজ্ঞা পালন কৰা নাছিল। (১ চমূ. ১৩:১০-১৪) দুখৰ বিষয় যে কিছুদিনৰ পাছত চৌল ইমানেই অহংকাৰী হৈ পৰিল যে তেওঁ নিজকে শুধৰণি কৰিবলৈ সাজু নাছিল। সেইবাবে, যিহোৱাই তেওঁক দোষাৰূপ কৰি ত্যাগ কৰিলে।

৫. চৌলৰ উদাহৰণৰপৰা আমি কি শিক্ষা লাভ কৰোঁ?

আমি চৌলৰ দৰে হʼব নিবিচাৰোঁ। সেইবাবে, আমি নিজকে এইদৰে প্ৰশ্ন সোধা উচিত: ‘ঈশ্বৰৰ বাক্যৰপৰা কোনো পৰামৰ্শ পঢ়িলে এই পৰামৰ্শ মোৰ বাবে নহয় বুলি মই ভাবোঁনে? মই যি কৰি আছোঁ, সেয়া ইমান বেয়া নহয় বুলি মই ভাবোঁনে? মই নিজৰ ভুলৰ বাবে আনক দোষ দিওঁ নেকি?’ যদি আমি এইদৰে কৰোঁ, তেনেহʼলে আমাৰ চিন্তাধাৰা শুধৰণি কৰাৰ প্ৰয়োজন। এইদৰে নকৰিলে আমি অহংকাৰী হৈ পৰিম আৰু যিহোৱাই আমাক নিজৰ বন্ধু বুলি স্বীকাৰ নকৰিব।—যাকো. ৪:৬.

৬. ৰজা দায়ূদ চৌলৰপৰা কেনেকৈ একেবাৰে বেলেগ আছিল?

ৰজা দায়ূদ চৌলৰপৰা একেবাৰে বেলেগ আছিল। তেওঁ ‘যিহোৱাৰ ব্যৱস্থাক’ প্ৰেম কৰিছিল। (গীত. ১:১-৩) দায়ূদে জানিছিল যে যিহোৱাই নম্ৰ লোকসকলক ৰক্ষা কৰে। কিন্তু অহংকাৰীক বিৰোধ কৰে। (২ চমূ. ২২:২৮) সেইবাবে, দায়ূদে নম্ৰ হৈ যিহোৱাৰ ব্যৱস্থা অনুসৰি নিজৰ চিন্তাধাৰা শুধৰণি কৰিলে। তেওঁ এইদৰে লিখিছিল, “যি জনাই মোক মন্ত্ৰণা দিয়ে, মই সেই যিহোৱাৰ ধন্যবাদ কৰিম; ৰাতিও মোৰ হৃদয়ে মোক শিক্ষা দিয়ে।”—গীত. ১৬:৭.

ঈশ্বৰৰ বাক্য

যেতিয়া আমি সঠিক পথৰপৰা আঁতৰি যাওঁ, তেতিয়া ঈশ্বৰৰ বাক্যই আমাক সতৰ্ক কৰে। নম্ৰ হʼলে আমি নিজৰ ভুল চিন্তাধাৰা শুধৰণি কৰিম (অনুচ্ছেদ ৭ চাওক)

৭. নম্ৰ হʼলে আমি কি কৰিম?

যদি আমি নম্ৰ হওঁ, তেনেহʼলে কোনো ভুল কাম কৰাৰ আগতেই আমি ঈশ্বৰৰ বাক্যৰ অনুসৰি নিজৰ ভুল চিন্তাধাৰা শুধৰণি কৰি থাকিম। ঈশ্বৰৰ বাক্যই আমাক যেন এইদৰে কয়, “এয়ে পথ, এয়েদি চলা।” যেতিয়া আমি সেই পথৰপৰা সোঁফালে বা বাওঁফালে যাবলৈ লওঁ, তেতিয়া ইয়ে আমাক সতৰ্ক কৰে। (যিচ. ৩০:২১) যিহোৱাই দিয়া পৰামৰ্শ পালন কৰিলে আমাৰ বহুতো লাভ হʼব। (যিচ. ৪৮:১৭) এটা লাভ হৈছে, কোনোবাই শুধৰণি কৰিলে, যি লাজ অনুভৱ হয়, সেয়া আমি নাপাম। আমি যিহোৱাৰ কাষ চাপিম। কিয়নো এজন পিতৃয়ে নিজৰ সন্তানক যিদৰে প্ৰেমেৰে বুজায়, ঠিক সেইদৰে যিহোৱাও আমাক প্ৰেমেৰে বুজায়।—ইব্ৰী ১২:৭.

৮. যাকোব ১:২২-২৫ পদৰ অনুসৰি ঈশ্বৰৰ বাক্য কি অৰ্থত আইনাৰ দৰে হয়?

ঈশ্বৰৰ বাক্য এখন আইনাৰ দৰে হয়। (যাকোব ১:২২-২৫ পঢ়ক।) বেছিভাগ লোকে ৰাতিপুৱা ঘৰৰপৰা ওলোৱাৰ আগতে নিজকে আইনাত চায়। এইদৰে কৰিলে আমি জানিব পাৰোঁ যে আমাৰ চেহেৰা বা চুলি ঠিক কৰাৰ প্ৰয়োজন আছে নে নাই। ঠিক সেইদৰে, যেতিয়া আমি প্ৰতিদিনে বাইবেল পঢ়োঁ, তেতিয়া ইয়ে আমাক নিজৰ চিন্তাধাৰা আৰু আচাৰ-ব্যৱহাৰ পৰিৱৰ্তন কৰাৰ প্ৰয়োজন আছে বুলি অনুভৱ কৰায়। বহুতো ভাই-ভনীয়ে ঘৰৰপৰা ওলোৱাৰ আগতে দৈনিক পাঠ পঢ়ে। তাৰ পাছত তেওঁলোকে ঈশ্বৰৰ বাক্যৰপৰা পৰামৰ্শ গভীৰভাৱে ধ্যান কৰে আৰু গোটেই দিন সেই কথাবোৰ পালন কৰিবলৈ চেষ্টা কৰে। দৈনিক পাঠ পঢ়াৰ উপৰিও আমি প্ৰতিদিনে ঈশ্বৰৰ বাক্য বাইবেল পঢ়া উচিত আৰু ধ্যান কৰা উচিত। এয়া এক সৰু কথা যেন লাগিব পাৰে। কিন্তু ঠেক পথত চলি থাকিবলৈ এইদৰে কৰাটো অতি প্ৰয়োজন।

পৰিপক্ক ভাই-ভনীসকলৰ কথা পালন কৰক

পৰিপক্ক খ্ৰীষ্টান

আমি পথৰপৰা বিচলিত হোৱাৰ সময়ত যদি এজন পৰিপক্ক খ্ৰীষ্টানে আমাক সাহসেৰে বুজায়, তেনেহʼলে আমি তেওঁৰ প্ৰতি কৃতজ্ঞ হোৱা উচিত (অনুচ্ছেদ ৯ চাওক)

৯. এজন পৰিপক্ক ভাই বা ভনীয়ে আপোনাক কেতিয়া শুধৰণি কৰিবলৈ পৰামৰ্শ দিব পাৰে?

আপোনাৰ কেতিয়াবা এনে হৈছিলনে যে আপুনি সঠিক পথৰপৰা বিচলিত হোৱাৰ বাবে যিহোৱাৰপৰা আঁতৰি যাবলৈ ধৰিছিল? (গীত. ৭৩:২, ৩) সেইসময়ত কোনো পৰিপক্ক ভাই বা ভনীয়ে সাহস গোটাই আপোনাক শুধৰণি কৰিছিল। তেতিয়া আপুনি তেওঁৰ পৰামৰ্শ পালন কৰিলেনে? যদি কৰিলে, তেনেহʼলে ভাল কৰিলে আৰু আপোনাক শুধৰণি কৰাৰ বাবে আপুনি তেওঁৰ প্ৰতি নিশ্চয় কৃতজ্ঞ।—হিতো. ১:৫.

১০. আপোনাৰ বন্ধুৱে আপোনাক পৰামৰ্শ দিলে আপুনি কি কৰা উচিত?

১০ ঈশ্বৰৰ বাক্যই আমাক মনত পেলাই দিয়ে যে “বন্ধুৰ প্ৰহাৰ বিশ্বাসযোগ্য।” (হিতো. ২৭:৬) এই কথাষাৰৰ অৰ্থ কি? ইয়াক বুজিবলৈ এটা উদাহৰণলৈ মন কৰক। কল্পনা কৰক, আপুনি এখন ভীৰ ৰাস্তা পাৰ কৰিবলৈ ৰৈ আছে। কিন্তু আপুনি ফোনত ব্যস্ত হৈ আছে। আপুনি নোচোৱাকৈ ৰাস্তা পাৰ হʼবলৈ ধৰে। সেইসময়তে আপোনাৰ বন্ধুৱে আপোনাক হাতত ধৰি জোৰেৰে পিছলৈ টানি আনে। তেওঁ আপোনাৰ হাতত ইমান জোৰকৈ ধৰিছিল যে হাতত দাগ বহি গʼল। তেওঁ লগে লগে পদক্ষেপ লোৱাৰ বাবে আপোনাৰ কোনো দুৰ্ঘটনা নহʼল। আপোনাৰ হাতত বহুদিনলৈকে বিষ থাকিব। কিন্তু আপোনাৰ বন্ধুৱে আপোনাৰ হাতখন জোৰেৰে ধৰাৰ বাবে আপুনি তেওঁৰ ওপৰত খং কৰিবনে? কেতিয়াও নকৰিব। বন্ধুজনে আপোনাৰ জীৱন ৰক্ষা কৰাৰ বাবে আপুনি তেওঁৰ প্ৰতি কৃতজ্ঞ হʼব। ঠিক সেইদৰে, যদি এজন বন্ধুৱে আপোনাক কয় যে আপোনাৰ কথা-বতৰা বা আচাৰ-ব্যৱহাৰ ঈশ্বৰৰ নৈতিক মানদণ্ডৰ অনুসৰি নহয়, তেনেহʼলে হয়তো আপোনাক বেয়া লাগিব পাৰে। কিন্তু তেওঁ পৰামৰ্শ দিয়াৰ বাবে খং নকৰিব বা বেয়া নাপাব। এনে কৰাটো মূৰ্খামিৰ দৰে হʼব। (উপ. ৭:৯) ইয়াৰ পৰিৱৰ্তে, তেওঁৰ প্ৰতি কৃতজ্ঞ হওক, কিয়নো তেওঁ সাহসেৰে আপোনাক কʼলে।

১১. এজন ব্যক্তিয়ে নিজৰ বন্ধুৰ পৰামৰ্শ কিয় লʼব নিবিচাৰে?

১১ এজন ব্যক্তিয়ে নিজৰ বন্ধুৰ পৰামৰ্শ কিয় লʼব নিবিচাৰে? অহংকাৰৰ বাবে। এজন অহংকাৰী ব্যক্তিয়ে “নিৰাময় শিক্ষা” গ্ৰহণ নকৰে। তেওঁলোকে সত্যৰ প্ৰতি ধ্যান নিদিয়ে। (২ তীম. ৪:৩, ৪) এনে ব্যক্তিয়ে নিজকে আনতকৈ ডাঙৰ বুলি ভাবে বা নিজকে বেছি জানোঁ বুলি ভাবে। সেইবাবে, তেওঁলোকক আমাৰ পৰামৰ্শৰ প্ৰয়োজন নহয়। কিন্তু পাঁচনি পৌলে এইদৰে কৈছিল, “কোনোৱে একো নহৈয়ো, যদি নিজকে বৰ মানে, তেন্তে তেওঁ নিজকেই ভুলায়।” (গালা. ৬:৩) মন কৰক যে ৰজা চলোমনে ইয়াৰ বিষয়ে কি কৈছিল: “যি অজ্ঞান বৃদ্ধ ৰজাই কোনো পৰামৰ্শ লবলৈ আৰু নুবুজে, এনে ৰজাতকৈ জ্ঞানৱান দুখীয়া ডেকাই ভাল।”—উপ. ৪:১৩.

১২. (ক) গালাতীয়া ২:১১-১৪ পদৰ অনুসৰি পৌলে পিতৰক শুধৰণি কৰাৰ সময়ত পিতৰে কি কৰিলে? (খ) ইয়াৰপৰা আমি কি শিকিব পাৰোঁ?

১২ মন কৰক যে যেতিয়া পাঁচনি পৌলে সকলোৰে আগত পিতৰক শুধৰণি কৰিছিল, তেতিয়া পিতৰে কি কৰিলে। (গালাতীয়া ২:১১-১৪ পঢ়ক।) পৌলে যি কৰিলে, তাৰ বাবে পিতৰে হয়তো মনতে খং পুহি ৰাখিব পাৰিলেহেঁতেন। কিন্তু পিতৰে বুদ্ধিমতাৰে কাম কৰিলে। তেওঁ পৌলৰ পৰামৰ্শ পালন কৰিলে আৰু মনত খং পুহি ৰখা নাছিল। পাছলৈ তেওঁ পৌলক “প্ৰিয় ভাই” বুলিও কʼলে।—২ পিত. ৩:১৫.

১৩. আনক পৰামৰ্শ দিয়াৰ সময়ত আমি কি কথা মনত ৰখা উচিত?

১৩ যদি আপোনাৰ কেতিয়াবা অনুভৱ হয় যে আপোনাৰ বন্ধুৰ ব্যৱহাৰ সঠিক নহয় আৰু আপুনি তেওঁক পৰামৰ্শ দিব লাগে, তেন্তে আপুনি কি কথা মনত ৰখা উচিত? নিজৰ বন্ধুৰ লগত কথা পতাৰ আগতে নিজকে সোধক, ‘মই আনতকৈ বেছি ধাৰ্মিক হʼবলৈ চেষ্টা কৰিছোঁ নেকি?’ (উপ. ৭:১৬) নিজকে আনতকৈ ধাৰ্মিক বুলি ভবা ব্যক্তিয়ে যিহোৱাৰ মানদণ্ড অনুসৰি নহয়, কিন্তু তেওঁক যি ভাল লাগে, সেই অনুসৰি আনক দোষাৰূপ কৰে আৰু তেওঁ কোনো লোকক দয়া নেদেখুৱায়। নিজকে পৰীক্ষা কৰাৰ পাছতো যদি আপুনি ভাবে যে আপোনাৰ বন্ধুক পৰামৰ্শ দিয়াৰ প্ৰয়োজন আছে, তেনেহʼলে তেওঁ কি বিষয়ৰ ওপৰত শুধৰণি কৰাৰ প্ৰয়োজন, তাৰ বিষয়ে স্পষ্টকৈ কওক। তেওঁক এনে প্ৰশ্ন সোধক, যাৰপৰা তেওঁ বুজি পায় যে তেওঁ যি কৰিছে, সেয়া ভুল হয়। আপুনি দিয়া পৰামৰ্শ বাইবেলৰ আধাৰত হোৱা উচিত, যাতে আপোনাৰ বন্ধুৱে যিহোৱাৰ দৃষ্টিত ভুল কৰিছে বুলি বুজি পায়। মনত ৰাখিব, আপোনাৰ বন্ধুৱে আপোনাক নহয়, কিন্তু যিহোৱাকহে হিচাপ দিব লাগিব। (ৰোম. ১৪:১০) যিহোৱাৰ বাক্যৰ প্ৰজ্ঞাৰ ওপৰত নিৰ্ভৰ কৰক আৰু যীচুৰ দৰে প্ৰেমেৰে পৰামৰ্শ দিয়ক। (হিতো. ৩:৫; মথি ১২:২০) কিয় বাৰু? কিয়নো আমি আনৰ লগত যিদৰে ব্যৱহাৰ কৰোঁ, যিহোৱাও আমাৰ লগত ঠিক সেইদৰেই ব্যৱহাৰ কৰে।—যাকো. ২:১৩.

সংগঠনৰ নিৰ্দেশনা পালন কৰক

ঈশ্বৰৰ সংগঠন

সংগঠনে আমাক ভিডিঅʼ, প্ৰকাশন আৰু সভাৰ যোগেদি শিকায় যে আমি বাইবেলত দিয়া পৰামৰ্শ কেনেকৈ পালন কৰিব পাৰোঁ। কেতিয়াবা কেতিয়াবা প্ৰশাসন গোষ্ঠীয়ে সংগঠনৰ ব্যৱস্থাত কিছুমান সাল-সলনি কৰে (অনুচ্ছেদ ১৪ চাওক)

১৪. ঈশ্বৰৰ সংগঠনে আমাক কেনেকৈ শিকায়?

১৪ জীৱনৰ পথত চলি থাকিবলৈ যিহোৱাই আমাক সংগঠনৰ যোগেদি নিৰ্দেশনা দিয়ে। এই সংগঠনে আমাক বহুতো ভিডিঅʼ, প্ৰকাশন আৰু সভাৰ যোগেদি শিকায় যে আমি ঈশ্বৰে দিয়া পৰামৰ্শ কেনেকৈ পালন কৰিব পাৰোঁ? সংগঠনৰ শিক্ষাবোৰ বাইবেল আধাৰিত। উদাহৰণস্বৰূপে, প্ৰচাৰ কাৰ্য্য। এই কাম কৰিবলৈ প্ৰশাসন গোষ্ঠীয়ে যিয়েই নিৰ্ণয় লয়, সেয়া পবিত্ৰ আত্মাৰ নিৰ্দেশনাৰ অনুসৰি হয়। তথাপি প্ৰশাসন গোষ্ঠীয়ে নিজৰ নিৰ্ণয়ৰ ওপৰত পুনৰ ধ্যান দিয়ে, যাতে চাব পাৰে যে সেই নিৰ্ণয়ৰ ওপৰত কিবা সলনি কৰাৰ প্ৰয়োজন আছে নেকি। কিয়নো “এই সংসাৰৰ আকাৰ-প্ৰকাৰ অতীত” হʼবলৈ ধৰিছে আৰু ঈশ্বৰৰ সংগঠনক পৰিস্থিতিৰ অনুসৰি সাল-সলনি কৰিবলগীয়া হয়।—১ কৰি. ৭:৩১.

১৫. কিছুমান প্ৰচাৰকে কেনে সমস্যাৰ সন্মুখীন হৈছিল?

১৫ যেতিয়া সংগঠনে আমাক বাইবেলৰ কোনো শিক্ষাৰ বিষয়ে নতুন অৰ্থ দিয়ে বা আচাৰ-ব্যৱহাৰৰ ক্ষেত্ৰত কোনো নিৰ্দেশনা দিয়ে, তেতিয়া আমি লগে লগে তাক পালন কৰোঁ। কিন্তু যেতিয়া সংগঠনে এনে সাল-সলনি কৰে, যাক পালন কৰিবলৈ আমাৰ বাবে কঠিন হয়, তেতিয়া আমি কি কৰোঁ? উদাহৰণস্বৰূপে, প্ৰশাসন গোষ্ঠীয়ে ৰাজ্যগৃহ ব্যৱহাৰৰ বিষয়ে কিছুমান নতুন নিৰ্দেশনা দিছিল। কিয়নো ৰাজ্যগৃহ নিৰ্মাণ কৰা আৰু তাৰ মেৰামতি কৰাত বহুতো টকা খৰচ হয়। সেইবাবে, কেইবাটাও মণ্ডলীয়ে একেখন ৰাজ্যগৃহত সভা পৰিচালনা কৰিবলৈ প্ৰশাসন গোষ্ঠীয়ে নিৰ্দেশনা দিলে। ইয়াৰ বাবে কিছুমান মণ্ডলীক একলগ কৰা হʼল আৰু কিছুমান ৰাজ্যগৃহ বিক্ৰী কৰা হʼল। সেই টকাৰে অতি প্ৰয়োজন হোৱা ঠাইত ৰাজ্যগৃহ নিৰ্মাণ কৰা হʼল। যদি আপোনাৰ তাতো ৰাজ্যগৃহ বিক্ৰী কৰা হʼল আৰু মণ্ডলীবোৰক একলগ কৰা হʼল, তেন্তে নতুন পৰিস্থিতিৰ অনুসৰি খাপ খুৱাবলৈ আপোনাৰ বাবে কঠিন হʼব পাৰে। কিছুমান প্ৰচাৰকে সভাৰ বাবে বহু দূৰলৈ যাবলগীয়া হয়। কিছুমান এনে প্ৰচাৰক আছে, যিসকলে ৰাজ্যগৃহ নিৰ্মাণ কৰিবলৈ আৰু তাক মেৰামতি কৰিবলৈ কঠিন পৰিশ্ৰম কৰিছিল। তেওঁলোকে হয়তো ভাবিব পাৰে যে সেই ৰাজ্যগৃহ কিয় বিক্ৰী কৰা হৈছে আৰু তেওঁলোকে যি সময় দিছিল আৰু পৰিশ্ৰম কৰিছিল, সেই সকলো ব্যৰ্থ হʼল। তথাপি তেওঁলোকক যি নতুন নিৰ্দেশনা দিয়া হৈছে, তাক পালন কৰিছে। সেইবাবে, তেওঁলোক প্ৰশংসাৰ যোগ্য।

১৬. কলচীয়া ৩:২৩, ২৪ পদত দিয়া পৰামৰ্শ পালন কৰিলে আমি কিয় আনন্দত থাকিম?

১৬ আমি যিহোৱাৰ বাবে কাম কৰিছোঁ আৰু সংগঠনে দিয়া নিৰ্দেশনা যিহোৱাৰ ফালৰপৰা হয় বুলি মনত ৰাখিলে আমি নিজৰ আনন্দ বজাই ৰাখিব পাৰিম। (কলচীয়া ৩:২৩, ২৪) যেতিয়া দায়ূদে মন্দিৰ নিৰ্মাণ কৰিবলৈ টকা-পইচা দান দিছিল, তেতিয়া তেওঁ এইদৰে কৈছিল, “মই কোন, আৰু মোৰ প্ৰজাবিলাক বা কোন, যে, আমি এইদৰে নিজ ইচ্ছাৰে দান দিবলৈ আগ বাঢ়িব পাৰিছোঁ। কিয়নো সকলো তোমাৰ পৰাহে হয়, তোমাৰ হাতৰ পৰা যি পাইছোঁ, তাকেহে আমি তোমাক দিছোঁ।” (১ বং. ২৯:১৪) যিহোৱাই আমাক যি দিছে, সেয়াই আমি তেওঁক দান দিয়াৰ দৰে হয়। তথাপি যিহোৱাৰ সেৱাত আমি যি সময়, শক্তি আৰু সম্পত্তি ব্যৱহাৰ কৰোঁ, তাক যিহোৱাই মূল্যাংকন কৰে।—২ কৰি. ৯:৭.

ঠেক পথত চলি থাকক

১৭. যদি আপুনি কোনো এটা বিষয়ত শুধৰণি কৰিবলৈ প্ৰয়োজন অনুভৱ কৰে, তেন্তে আপুনি কিয় নিৰাশ হোৱা উচিত নহয়?

১৭ ঠেক পথত চলি থাকিবলৈ আমি সকলোৱে যীচুৰ আৰ্হিক অনুকৰণ কৰা উচিত। (১ পিত. ২:২১) যদি আপুনি কিবা বিষয়ত শুধৰণি কৰিবলৈ প্ৰয়োজন অনুভৱ কৰে, তেন্তে আপুনি এয়া ভাবি নিৰাশ নহʼব যে আপোনাৰ এতিয়াও দুৰ্বলতা আছে। আপুনি যিহোৱাৰ নিৰ্দেশনা অনুসৰি চলিব বিচাৰে। সেইবাবে, আপুনি শুধৰণি কৰিব বিচাৰে। মনত ৰাখক, যীচুৰ আৰ্হিক অনুকৰণ কৰাৰ সময়ত আমি কেতিয়াও ভুল নকৰিম বুলি যিহোৱাই আমাৰপৰা আশা নকৰে।

১৮. নতুন পৃথিৱীত আমি অনন্ত জীৱন পাবলৈ কি কৰা উচিত?

১৮ আহক আমি সকলোৱে ভৱিষ্যতৰ ওপৰত নিজৰ দৃষ্টি বজাই ৰাখোঁ আৰু আনন্দেৰে নিজৰ চিন্তাধাৰা, দৃষ্টিভংগী আৰু আচাৰ-ব্যৱহাৰ শুধৰণি কৰি থাকোঁ। (হিতো. ৪:২৫; লূক ৯:৬২) গতিকে, আহক আমি নম্ৰ হওঁ, ‘আনন্দ কৰোঁ আৰু সিদ্ধ হওঁ।’ (২ কৰি. ১৩:১১) এইদৰে কৰিলে “প্ৰেম আৰু শান্তিৰ আকৰ ঈশ্বৰ [আমাৰ] লগত থাকিব।” তেওঁ আজিও আমাক আনন্দত থাকিবলৈ সহায় কৰিব আৰু নতুন পৃথিৱীত অনন্ত জীৱন দিব।

গীত ৩৪ বিশ্বাসৰ পথত চলি থাকক

^ অনু. 5 কিছুমান লোকৰ বাবে নিজৰ চিন্তাধাৰা, দৃষ্টিভংগী আৰু আচাৰ-ব্যৱহাৰ শুধৰণি কৰিবলৈ কঠিন হʼব পাৰে। এই লেখত আলোচনা কৰা হʼব যে আমি সকলোৱে কিয় শুধৰণি কৰা উচিত আৰু এয়া আমি আনন্দেৰে কেনেকৈ কৰিব পাৰোঁ।

^ অনু. 76 ছবিৰ বিষয়ে: এজন ডেকা ভায়ে (সোঁফালে বহা) নিজতকৈ বয়সত ডাঙৰ ভাইজনক কৈছে যে তেওঁ লোৱা ভুল নিৰ্ণয়ৰ বাবে কি পৰিণাম হʼল। সেই ভাইজনে একো নোকোৱাকৈ মনে মনে তেওঁৰ কথা শুনি আছে আৰু ভাবি আছে যে তেওঁক কিবা পৰামৰ্শ দিয়া উচিত হʼব নে নহʼব।