Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৪৮

ভৱিষ্যতৰ ওপৰত নিজৰ দৃষ্টি ৰাখক

ভৱিষ্যতৰ ওপৰত নিজৰ দৃষ্টি ৰাখক

“তোমাৰ চকুৱে আগ ফাললৈ চাওক, আৰু তোমাৰ চকুৰ পিৰঠিয়ে সন্মুখলৈ দৃষ্টি কৰক।”—হিতো. ৪:২৫.

গীত ৭৭ অন্ধকাৰ জগতত সত্যৰ পোহৰ

লেখৰ এক আভাস *

১-২. হিতোপদেশ ৪:২৫ পদত দিয়া পৰামৰ্শ আমি কেনেকৈ পালন কৰিব পাৰোঁ? এটা উদাহৰণ দিয়ক।

এনে তিনিজন ভাই-ভনীসকলৰ বিষয়ে চিন্তা কৰক, যিসকলৰ ওচৰত অতীতৰ মধুৰ বা দুখ লগা স্মৃতি আছে। এগৰাকী বৃদ্ধ ভনীয়ে অতীতৰ ভাল দিনবোৰ মনত পেলায়। যদিও বৃদ্ধ হোৱাৰ বাবে তাই বহুতো সমস্যাৰ সন্মুখীন হয়, তথাপি তাই যিমান পাৰে সিমান যিহোৱাৰ সেৱা কৰি আছে। (১ কৰি. ১৫:৫৮) প্ৰতিদিনে নতুন পৃথিৱীত নিজৰ পৰিয়ালৰ লোক আৰু বন্ধুৰ লগত কেনেকৈ আনন্দেৰে জীৱন অতিবাহিত কৰিব, তাৰ বিষয়ে তাই কল্পনা কৰে। আন এগৰাকী ভনীলৈ মন কৰক। তাইক মণ্ডলীৰ এগৰাকী ভনীয়ে আঘাত দিছিল। যদিও কেতিয়াবা কেতিয়াবা তাইক এই কথা মনত পৰে, তথাপি তাই থিৰাং কৰিছে যে তাই এই বিষয়ে ভাবি নাথাকিব আৰু সেই ভনীগৰাকীৰ প্ৰতিও খং পুহি নাৰাখিব। (কল. ৩:১৩) এজন ভায়ে আগতে কিমান ভুল কাম কৰিছিল, তাৰ বিষয়ে কেতিয়াবা কেতিয়াবা তেওঁৰ মনত পৰে। সেইবাবে, তেওঁ বৰ দোষী অনুভৱ কৰে, তথাপি তেওঁ সেই বিষয়ে চিন্তা কৰাৰ পৰিৱৰ্তে যিহোৱাৰ আজ্ঞা পালন কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰে।—গীত. ৫১:১০.

এই তিনিজন ভাই-ভনীয়ে অতীতৰ কথাবোৰ মনত পেলাই চিন্তা কৰি থকাৰ পৰিৱৰ্তে তেওঁলোকে ভৱিষ্যতৰ ওপৰত দৃষ্টি ৰাখে।—হিতোপদেশ ৪:২৫ পঢ়ক।

৩. আমি ভৱিষ্যতৰ ওপৰত কিয় দৃষ্টি ৰখা উচিত?

আমি ভৱিষ্যতৰ ওপৰত দৃষ্টি ৰখাটো কিয় প্ৰয়োজন? যদি এজন ব্যক্তিয়ে ৰাস্তাত খোজ কঢ়াৰ সময়ত বাৰে বাৰে পিছলৈ ঘূৰি চায়, তেনেহʼলে তেওঁ পোনে পোনে খোজকাঢ়িব নোৱাৰিব। ঠিক সেইদৰে যদি আমি অতীতৰ কথাবোৰ সদায় ভাবি থাকোঁ, তেন্তে আমি যিহোৱাৰ সেৱাত আগবাঢ়িব নোৱাৰিম।—লূক ৯:৬২.

৪. এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

এই লেখত আমি এনে তিনিটা বিষয় আলোচনা কৰিম, যাৰপৰা আমি সাৱধান হোৱা উচিত। সেয়া হৈছে: (১) অতীতৰ কথাবোৰ মনত পেলাই দুখ কৰা, (২) খং পুহি ৰখা আৰু (৩) বেছিকৈ দোষী অনুভৱ কৰা। প্ৰতিটো বিষয় আলোচনা কৰাৰ সময়ত আমি চাম যে বাইবেলৰ সিদ্ধান্ত পালন কৰিলে আমি কেনেকৈ সঠিক দৃষ্টিভংগী বজাই ৰাখিব পাৰোঁ আৰু “পাছত থকা সকলোকে পাহৰি, আগত থকাবোৰলৈ” দৃষ্টি কৰিব পাৰোঁ।—ফিলি. ৩:১৩, ১৪.

অতীতৰ দিনবোৰ স্মৰণ কৰি দুখ নকৰিব

ভৱিষ্যতৰ ওপৰত দৃষ্টি ৰাখিবলৈ কি কি কথাই আমাক বাধা দিব পাৰে? (অনুচ্ছেদ ৫, ৯,১৩ চাওক) *

৫. উপদেশক ৭:১০ পদৰ অনুসৰি কি ভবাটো ভুল হয়?

উপদেশক ৭:১০ পঢ়ক। মন কৰক এই পদৰ অনুসৰি ‘আগৰ কাল ভাল আছিল’ বুলি কোৱাটো ভুল নহʼব। মধুৰ স্মৃতিবোৰ যিহোৱাই দিয়া এটা উপহাৰ হয়। কিন্তু এই পদৰ অনুসৰি ‘বৰ্ত্তমান কালতকৈ আগৰ কাল ভাল আছিল’ বুলি কোৱাটো ভুল হʼব। গতিকে অতীতৰ দিনবোৰ স্মৰণ কৰাটো ভুল নহয়। কিন্তু এনে ভবাটো ভুল হʼব যে আজিৰ দিনবোৰতকৈ অতীতৰ দিনটোৱেই ভাল আছিল আৰু বৰ্তমান সময়ত আমাৰ জীৱনত বহুতো সমস্যা আছে। এইদৰে ভবাটো বুদ্ধিমানৰ কথা নহয়।

মিচৰ দেশৰপৰা ওলাই অহাৰ পাছত ইস্ৰায়েলীসকলে কি ভুল কৰিলে? (অনুচ্ছেদ ৬ চাওক)

৬. অতীতৰ দিনবোৰ আজিৰ দিনবোৰতকৈ ভাল আছিল বুলি ভবাটো কিয় বুদ্ধিমানৰ কথা নহয়? এটা উদাহৰণ দিয়ক।

অতীতৰ দিনবোৰ আজিৰ দিনবোৰতকৈ ভাল আছিল বুলি ভবাটো কিয় বুদ্ধিমানৰ কথা নহয়। কিয়নো এইদৰে ভাবিলে আমাক লাগিব যে সকলো আগতেই ভাল আছিল আৰু আগতে যি সমস্যাৰ সন্মুখীন হৈছিলোঁ, সেয়া ইমান ডাঙৰ যেন নালাগিব। ইস্ৰায়েলীসকলে এয়াই ভুল কৰিছিল। মিচৰ দেশৰপৰা ওলাই অহাৰ কিছু সময়ৰ পাছত তেওঁলোকে পাহৰি গʼল যে তাত তেওঁলোকৰ জীৱনত কিমান সমস্যা আছিল। তাত তেওঁলোকে কিমান ভাল আহাৰ খাবলৈ পাইছিল, কেৱল তাৰ বিষয়ে তেওঁলোকে চিন্তা কৰিছিল। তেওঁলোকে কৈছিল, “আমি মিচৰ দেশত বিনামূল্যে যি যি মাছ খাইছিলোঁ তালৈ, আৰু তিয়হ, খৰমূজা; পৰু, পিঁয়াজ, আৰু নহৰুলৈ, মনত পৰে।” (গণ. ১১:৫) কিন্তু ইস্ৰায়েলীসকলে মিচৰ দেশত “বিনামূল্যে” আহাৰ পাইছিলনে? নহয়, মিচৰ দেশত তেওঁলোকক কঠিন পৰিশ্ৰম কৰিবলগীয়া হৈছিল। কʼবলৈ গʼলে খাদ্যৰ বাবে তেওঁলোকে বেছি মূল্য দিবলগীয়া হৈছিল। (যাত্ৰা. ১:১৩, ১৪; ৩:৬-৯) তথাপি তেওঁলোকে সেই কষ্টবোৰ পাহৰি গʼল আৰু ভাবিবলৈ ধৰিলে যে সেই দিনবোৰ উভতি অহা হʼলে! অলপতে যিহোৱাই যি ভাল কাম কৰিছিল, তাৰ ওপৰত তেওঁলোকে ধ্যান নিদিলে। সেইবাবে, যিহোৱাই তেওঁলোকৰ ওপৰত খং কৰিছিল।—গণ. ১১:১০.

৭. অতীতৰ দিনবোৰ ভাবি নাথাকিবলৈ এগৰাকী ভনীক কি পৰামৰ্শ দিয়া হʼল?

আমাৰ অতীতৰ দিনবোৰেই ভাল আছিল বুলি হয়তো আমি কেতিয়াবা কেতিয়াবা ভাবিব পাৰোঁ। এনেধৰণৰ চিন্তাধাৰাক নিয়ন্ত্ৰণ কৰিবলৈ আমি কি কৰিব পাৰোঁ? এগৰাকী ভনীৰ অনুভৱলৈ মন কৰক। তাই ১৯৪৫ চনত ব্ৰুকলিন বেথেলত সেৱা আৰম্ভ কৰিছিল। কিছু সময়ৰ পাছত তাই বেথেলৰ এজন ভাইৰ লগত বিয়া হʼল। তাৰ পাছত দুয়োজনে মিলি বহুবছৰলৈকে বেথেলতে সেৱা কৰিলে। কিন্তু ১৯৭৬ চনত তাইৰ স্বামী অসুস্থ হৈ পৰিল। ভনীগৰাকীয়ে কয় যে তাইৰ স্বামীৰ মৃত্যুৰ আগমুহূৰ্তত তেওঁ ভনীগৰাকীক এক ভাল পৰামৰ্শ দিলে, যাতে তাই সদায় অতীতৰ দিনবোৰ মনত পেলাই দুখ নকৰে। ভাইজনে তাইক কৈছিল, “আমাৰ বিবাহিত জীৱন বৰ আনন্দময় আছিল। বহুতোলোকে এনেধৰণৰ আনন্দ নাপায়।” ভাইজনে এয়াও কৈছিল, “অতীতৰ বোজাবোৰ লৈ জীয়াই নাথাকিবা। নিশ্চয় স্মৃতিবোৰ তোমাৰ লগতে থাকিব। সময়ে তোমাৰ দুখবোৰত মলমৰ দৰে কাম কৰিব। তুমি বেছি নিৰাশ আৰু দোষীত অনুভৱ নকৰিবা। তুমি এইবোৰ আনন্দ আৰু আশীৰ্বাদ পোৱাৰ বাবে সদায় আনন্দিত থাকিবা। কিছু সময়ৰ পাছত তুমি দেখিবলৈ পাবা যে এই স্মৃতিবোৰে তোমাক আনন্দিত কৰি তুলিছে। ঈশ্বৰে আমাক স্মৃতিস্বৰূপে এক উত্তম উপহাৰ দিছে।” ভাইজনে কিমান ভাল পৰামৰ্শ দিলে!

৮. এগৰাকী ভনীয়ে ভৱিষ্যতৰ ওপৰত দৃষ্টি ৰখাৰ বাবে কি লাভ হʼল?

ভনীগৰাকীয়ে সেই পৰামৰ্শ পালন কৰিলে। তাই মৃত্যুলৈকে বিশ্বাসেৰে যিহোৱাৰ সেৱা কৰি থাকিল। যেতিয়া ভনীগৰাকীৰ মৃত্যু হৈছিল, তেতিয়া তাই ৯২ বছৰৰ আছিল। ইয়াৰে কিছু বছৰৰ আগত ভনীগৰাকীয়ে কৈছিল, “যিহোৱাৰ সেৱাত মই যি ৬৩ বছৰ পূৰ্ণ সময়ৰ সেৱা কৰিলোঁ, তাক মনত পেলাই মই কʼব পাৰোঁ যে মই জীৱনত প্ৰকৃত সন্তুষ্টি লাভ কৰিলোঁ।” তাই এয়াও কৈছিল, “যিয়ে জীৱনত প্ৰকৃত সন্তুষ্টি দিয়ে, সেয়া হৈছে ভাতৃত্বপ্ৰেম আৰু নিজৰ ভাই-ভনীৰ লগত প্ৰমোদবনত জীয়াই থকাৰ আশা। নিশ্চয়, সেয়া এনে এটা সময় হʼব, যেতিয়া আমি নিজৰ মহান সৃষ্টিকৰ্তা, একমাত্ৰ সত্য ঈশ্বৰ যিহোৱাৰ সদায় কাললৈকে সেৱা কৰি থাকিম।” * এই ভনীগৰাকীৰপৰা আমি বহুতো কথা শিকিব পাৰোঁ। তাই সদায় ভৱিষ্যতৰ ওপৰত দৃষ্টি ৰাখিলে।

খং পুহি নাৰাখিব

৯. আমাৰ বাবে কোন লোকসকলৰ ভুল পাহৰিবলৈ কঠিন হয়? (লেবীয়া পুস্তক ১৯:১৮)

লেবীয়া পুস্তক ১৯:১৮ পঢ়ক। হয়তো কোনো খ্ৰীষ্টান ভাই বা ভনীয়ে বা কোনো বন্ধুৱে নাইবা পৰিয়ালৰ সম্বন্ধীয় লোকসকলে আমাক আঘাত দিব পাৰে। যেতিয়া এনে কোনো ব্যক্তিয়ে আমাক আঘাত দিয়ে, তেতিয়া সেয়া পাহৰাটো আমাৰ বাবে কঠিন হয়। এবাৰ এজনী ভনীক আন এজনী ভনীয়ে তাইৰ টকা চুৰ কৰিছে বুলি দোষাৰূপ কৰিলে। পাছত যি ভনীয়ে দোষাৰূপ কৰিছিল, সেই ভনীয়ে নিজৰ ভুল স্বীকাৰ কৰিলে আৰু ভনীজনীক ক্ষমা খুজিলে। কিন্তু এই ভনীজনীয়ে বৰ দুখ পালে যে তাই মোৰ ওপৰত কেনেকৈ সন্দেহ কৰিব পাৰে আৰু যি হʼল, সেয়া তাই পাহৰিব নোৱাৰিলে। আনৰ ভুলবোৰো পাহৰিবলৈ কেতিয়াবা আপোনাৰ বাবে কঠিন হয়নে? সেই ভনীৰ লগত যিদৰে হʼল, হয়তো আমাৰ লগত সেইদৰে হোৱা নাই। যেতিয়া কোনোবাই আমাক আঘাত দিয়ে, তেতিয়া আমি সেই ভনীগৰাকীৰ দৰেই অনুভৱ কৰোঁ আৰু যি হʼল আমি সেয়া পাহৰিব নোৱাৰিম বুলি ভাবোঁ।

১০. কি কি কথা মনত ৰাখিলে আমি আনৰ ভুলবোৰ পাহৰিব পাৰিম?

১০ যদি কাৰোবাৰ ভুল পাহৰিবলৈ আমাৰ বাবে কঠিন হয়, তেনেহʼলে আমি কি কৰিব পাৰোঁ? আমি মনত ৰাখিব পাৰোঁ যে যিহোৱাই সকলো চাই আছে। আমাৰ লগত কি অন্যায় হৈ আছে আৰু আমি কি সমস্যা ভুগি আছোঁ, তেওঁ সকলো জানে। (ইব্ৰী ৪:১৩) যেতিয়া আমাক দুখ লাগে, তেতিয়া যিহোৱাও দুখ কৰে। (যিচ. ৬৩:৯) অন্যায়ৰ বাবে আজি আমি যি দুখ অনুভৱ কৰিছোঁ, সেয়া দূৰ কৰিব বুলি তেওঁ প্ৰতিজ্ঞা কৰিছে।—প্ৰকা. ২১:৩, ৪.

১১. আনক ক্ষমা কৰিলে আমাৰ কেনেকৈ লাভ হয়?

১১ আমি এয়াও মনত ৰখা উচিত যে যদি আমি আনক ক্ষমা কৰোঁ, তেনেহʼলে আমাৰ নিজৰে লাভ হʼব। যিজনী ভনীক চুৰ কৰিছিল বুলি দোষাৰূপ কৰা হৈছিল, তায়ো পাছত এই কথাষাৰ বুজি পালে। সেইবাবে, তাই আন ভনীজনীক ক্ষমা কৰিলে। তাই এই কথাৰ ওপৰত ধ্যান দিলে যে যদি আমি আনক ক্ষমা কৰিম, তেনেহʼলে যিহোৱাও আমাক ক্ষমা কৰিব। (মথি ৬:১৪) আন ভনীজনীয়ে তাইক ইমান আঘাত দিয়াৰ সত্ত্বেও তাই খং পুহি নাৰাখিলে আৰু ক্ষমা কৰি দিলে। আজি আমাৰ এই ভনীজনী আনন্দিত আছে আৰু যিহোৱাৰ সেৱাত সম্পূৰ্ণ ধ্যান দিব পাৰিছে।

বেছিকৈ দোষী অনুভৱ নকৰিব

১২. প্ৰথম যোহন ৩:১৯, ২০ পদত কি কোৱা হৈছে?

১২ প্ৰথম যোহন ৩:১৯, ২০ পঢ়ক। আমি সকলোৱে নিজৰ ভুলৰ বিষয়ে চিন্তা কৰি কেতিয়াবা কেতিয়াবা দোষী অনুভৱ কৰোঁ। কিছুমান লোকে সত্য শিকাৰ আগতে যি ভুল কৰিছিল, তাৰ বিষয়ে চিন্তা কৰি দোষী অনুভৱ কৰে। কিছুমান লোকে বাপ্তিষ্মা লোৱাৰ পাছত যি ভুল কৰে, তাৰ বিষয়ে চিন্তা কৰি তেওঁলোকৰ বিবেকে দংশন কৰে। (ৰোম. ৩:২৩) যদিও আমি সদায় সঠিক কাম কৰিব বিচাৰোঁ, তথাপি আমি “সকলোৱে অনেক বিষয়ত ত্ৰুটি কৰোঁ।” (যাকো. ৩:১; ৰোম. ৭:২১-২৩) আমি ভুল কৰিছোঁ বুলি যেতিয়া আমাৰ বিবেকে দংশন কৰে, তেতিয়া আমাক ভাল নালাগে। কিন্তু দোষী হোৱা ভাবনাৰপৰা কিছুমান লাভ হয়। আমি নিজৰ ভুল শুধৰণি কৰিবলৈ চেষ্টা কৰোঁ আৰু সেই ভুল পুনৰ নকৰোঁ বুলি থিৰাং কৰি লওঁ।—ইব্ৰী ১২:১২, ১৩.

১৩. প্ৰয়োজনতকৈ বেছি দোষী অনুভৱ কৰিলে কি হʼব পাৰে?

১৩ কেতিয়াবা কেতিয়াবা এইদৰে হʼব পাৰে যে আমি নিজৰ ভুলবোৰক লৈ প্ৰয়োজনতকৈ বেছি দোষ অনুভৱ কৰোঁ। যদিও আমি অনুতাপ কৰিলোঁ আৰু যিহোৱাই আমাক ক্ষমাও কৰিলে, তথাপি দোষীৰ ভাবনা আমাৰ মনৰপৰা আঁতৰি নাযায়। এইদৰে প্ৰয়োজনতকৈ অধিক দোষী অনুভৱ কৰিলে আমাৰ ক্ষতি হʼব পাৰে। (গীত. ৩১:১০; ৩৮:৩, ৪) কেনেকৈ? ইয়াক বুজিবলৈ এজনী ভনীৰ উদাহৰণলৈ মন কৰক। তাই সত্য শিকাৰ আগতে বহুতো পাপ কৰিছিল আৰু দোষীৰ ভাবনাক নিয়ন্ত্ৰণ কৰিবলৈ বৰ কঠিন হৈছিল। তাই এইদৰে কয়, “মই ভাবিছিলোঁ যে মোৰ নিচিনা ব্যক্তিয়ে যিহোৱাৰ সেৱাত পৰিশ্ৰম কৰাটো ব্যৰ্থ। মই এনেধৰণৰ কাম কৰিলোঁ যে আহিবলগীয়া বিনাশত হয়তো মই নাবাচিম।” বহুতোলোকে হয়তো এই ভনীগৰাকীৰ দৰেই অনুভৱ কৰে। কিন্তু আমি মনত ৰখা উচিত যে আমি সদায় নিজকে দোষী কৰাৰপৰা আঁতৰি থাকিব লাগিব। যিহোৱাই ক্ষমা কৰাৰ সত্ত্বেও যদি আমি কোনো কামৰ যোগ্য নহওঁ বুলি ভাবোঁ আৰু যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিওঁ, তেনেহʼলে চয়তান বৰ আনন্দিত হয়।— ২ কৰিন্থীয়া ২:৫-৭, ১১ পদৰ লগত তুলনা কৰক।

১৪. যিহোৱাই আপোনাক ক্ষমা কৰিলে বুলি আপুনি কেনেকৈ জানিব পাৰিব?

১৪ তথাপি আমাৰ মনত এই প্ৰশ্ন আহিব পাৰে, ‘যিহোৱাই মোক ক্ষমা কৰিলে বুলি মই কেনেকৈ জানিব পাৰোঁ?’ যদি আপোনাৰ মনত এই প্ৰশ্ন আহিছে, তেনেহʼলে ইয়াৰ অৰ্থ হৈছে যিহোৱাই আপোনাক ক্ষমা কৰিলে। বহুবছৰৰ আগতে প্ৰহৰীদুৰ্গত এইদৰে কোৱা হৈছিল, “হয়তো ঈশ্বৰৰ সেৱা আৰম্ভ কৰাৰ আগতে আপোনাৰ বহুতো বেয়া অভ্যাস আছিল। আপোনাৰ এই অভ্যাস এতিয়াও আছে। কিয়নো আপুনি এই অভ্যাসবোৰ বহুবাৰ এৰিলে, কিন্তু পুনৰ এই অভ্যাস হৈ গʼল। তথাপি নিৰাশ নহʼব, আপুনি ক্ষমাৰ যোগ্য নহয় বুলি নাভাবিব। আপুনি এইদৰে ভবাটো চয়তানে বিচাৰে। যদি আপুনি নিজৰ দুৰ্বলতাক লৈ দোষী আৰু চিন্তিত আছে, তেনেহʼলে এয়া ভাল কথা। কিয়নো ইয়াৰ অৰ্থ হৈছে আপুনি বেয়া মানুহ নহয়। সেইবাবে, যিহোৱাই আপোনাক ক্ষমা কৰিব। নম্ৰ হওক আৰু যিহোৱালৈ প্ৰাৰ্থনা কৰক যাতে তেওঁ আপোনাক ক্ষমা কৰে, আপোনাক শুদ্ধ বিবেক দিয়ে আৰু বেয়া অভ্যাসবোৰ এৰিবলৈ সহায় কৰে। যিদৰে এটি সন্তানে নিজৰ সমস্যাৰ বিষয়ে নিজৰ পিতৃক বাৰে বাৰে জনায়, ঠিক সেইদৰে আপুনি নিজৰ বেয়া অভ্যাসবোৰৰ বিষয়ে যিহোৱালৈ বাৰে বাৰে প্ৰাৰ্থনা কৰক। সেই অভ্যাসবোৰ এৰিবলৈ যিহোৱাই আপোনাক সহায় কৰিব। কিয়নো তেওঁ আমাক দয়া কৰে।”

১৫-১৬. যেতিয়া কিছুমান ভাই-ভনীয়ে যিহোৱাই তেওঁলোকক ক্ষমা কৰিলে বুলি বিশ্বাস কৰিলে, তেতিয়া তেওঁলোকে কেনে অনুভৱ কৰিলে?

১৫ আমাৰ বহুতো ভাই-ভনীয়ে যিহোৱাই তেওঁলোকক ক্ষমা কৰিছে বুলি জানি, তেওঁলোকে সান্ত্বনা লাভ কৰিছে। উদাহৰণস্বৰূপে, কিছুবছৰৰ আগতে এজনী ভনীৰ অনুভৱ প্ৰহৰীদুৰ্গত আহিছিল। “পবিত্ৰ শাস্ত্ৰই জীৱন পৰিৱৰ্তন কৰে” নামৰ ধাৰাবাহিক লেখত, এই ভনীগৰাকীয়ে কৈছিল যে তাই আগতে বেয়া কাম কৰিছিল। সত্য জনাৰ পাছত তাই ভাবিছিল যে যিহোৱাই তাইক কেতিয়াও প্ৰেম নকৰিব। বাপ্তিষ্মা লোৱাৰ বহুবছৰৰ পাছতো তাই এইদৰে ভাবিছিল। যেতিয়া তাই মুক্তিপণ স্বৰূপ বলিদানৰ ওপৰত ধ্যান কৰিলে, তেতিয়া যিহোৱাই তাইক প্ৰেম কৰে বুলি তাইৰ বিশ্বাস হʼল। *

১৬ এই ভনীগৰাকীৰ অনুভৱ পঢ়ি এজন ভায়ে বৰ সান্ত্বনা পালে। তেওঁ এইদৰে লিখিছিল, “ডেকা কালত অশ্লীল ছবি চোৱাৰ মোৰ অভ্যাস আছিল আৰু মই সেই অভ্যাস এৰিও দিছিলোঁ। কিন্তু কিছু সময়ৰপৰা মই পুনৰ সেইদৰে কৰিবলৈ ধৰিলোঁ। প্ৰাচীনসকলৰ সহায়ত মই এই অভ্যাস এৰিব পাৰিলোঁ। যিহোৱাই মোক প্ৰেম কৰে আৰু ক্ষমা কৰি দিলে বুলি প্ৰাচীনসকলে মোক আশ্বাস দিলে। তথাপি মই কেতিয়াবা নিজকে অযোগ্য বুলি অনুভৱ কৰোঁ আৰু যিহোৱাই মোক প্ৰেম নকৰে বুলি ভাবোঁ। কিন্তু এই ভনীগৰাকীৰ অনুভৱ পঢ়ি মই বৰ সান্ত্বনা পালোঁ। মই এটা গুৰুত্বপূৰ্ণ কথা শিকিলোঁ, যদি মই ভাবোঁ যে যিহোৱাই মোক কেতিয়াও ক্ষমা কৰিব নোৱাৰে, তেনেহʼলে তেওঁৰ পুত্ৰৰ মুক্তিপণস্বৰূপ বলিদানে মোৰ পাপ ক্ষমা কৰাৰ বাবে যথেষ্ট নহয় বুলি কোৱাৰ দৰে হʼব। মই সেই লেখটো বেলেগকৈ ওলাই থʼলোঁ, যাতে যিহোৱাই মোক প্ৰেম নকৰে বুলি অনুভৱ হʼলেই মই সেই লেখটো উলিয়াই পঢ়িব পাৰোঁ আৰু ধ্যান কৰিব পাৰোঁ।”

১৭. পাঁচনি পৌলে নিজকে কিয় দোষ দিয়া নাছিল?

১৭ পাঁচনি পৌলৰো এনেধৰণৰ অনুভৱ আছিল। খ্ৰীষ্টান হোৱাৰ আগতে তেওঁ বহুতো পাপ কৰিছিল। পৌলৰ এইবোৰ কথা মনত আছিল, কিন্তু তেওঁ এইবোৰৰ বিষয়ে ভাবি থকা নাছিল। (১ তীম. ১:১২-১৫) পৌলৰ সম্পূৰ্ণ বিশ্বাস আছিল যে যিহোৱাই তেওঁক ক্ষমা কৰিলে। কিয়নো যিহোৱাই তেওঁৰ বাবে নিজৰ পুত্ৰৰ বলিদান দিলে। (গালা. ২:২০) পৌলে নিজকে দোষী অনুভৱ কৰোৱাৰ পৰিৱৰ্তে আন্তৰিকতাৰে যিহোৱাৰ সেৱা কৰি থাকিল।

নতুন পৃথিৱীৰ ওপৰত নিজৰ দৃষ্টি ৰাখক!

আহক আমি ভৱিষ্যতৰ ওপৰত নিজৰ দৃষ্টি ৰাখোঁ (অনুচ্ছেদ ১৮-১৯ চাওক) *

১৮. এই লেখৰপৰা আমি কি শিকিলোঁ?

১৮ এই লেখৰপৰা আমি কি শিকিলোঁ? (১) অতীতৰ মধুৰ স্মৃতিবোৰ মনত ৰখাটো ভাল কথা। কিয়নো এই দক্ষতা আমাক যিহোৱাই দিছে। কিন্তু সেইবোৰৰ বিষয়ে আমি ভাবি থকা উচিত নহয়। কিয়নো অতীতত আমাৰ জীৱন যিমানেই ভাল নাছিল কিয়, নতুন পৃথিৱীত আমাৰ জীৱন তাতকৈ বেছি ভাল হʼব। (২) যদি কোনোবাই আমাক আঘাত দিয়ে, তেনেহʼলে আমি তেওঁক ক্ষমা কৰা উচিত। এইদৰে কৰিলে আমি অতীতৰ কথাবোৰ পাহৰি আগবাঢ়ি গৈ থাকিব পাৰিম। (৩) আমি নিজৰ ভুলৰ বাবে বেছিকৈ দোষী অনুভৱ কৰা উচিত নহয়। এইদৰে কৰিলে আমি যিহোৱাৰ সেৱা আনন্দেৰে কৰিব নোৱাৰিম। যিহোৱাই আমাক ক্ষমা কৰিলে বুলি আমি পৌলৰ দৰে বিশ্বাস কৰা উচিত।

১৯. অতীতৰ কথাবোৰ মনত পেলাই আমি নতুন পৃথিৱীত দুখি নহʼম বুলি কিয় কʼব পাৰোঁ?

১৯ আমি সকলোৱে নতুন পৃথিৱীত সদায় কাল জীয়াই থাকিবলৈ আশা লাভ কৰিছোঁ। সেইসময়ত আমি অতীতৰ কথাবোৰ মনত পেলাই দোষী অনুভৱ নকৰিম। বাইবেলত লিখা আছে যে সেইসময়ত “পূৰ্ব্বকালৰ কথাবোৰ সোঁৱৰণ কৰা বা মনত কৰাও নহব।” (যিচ. ৬৫:১৭) কিছুমান ভাই-ভনীয়ে বহুবছৰৰপৰা যিহোৱাৰ সেৱা কৰি আছে আৰু এতিয়া বৃদ্ধ হৈছে। কিন্তু কল্পনা কৰক নতুন পৃথিৱীত তেওঁলোক পুনৰ ডেকা হʼব। (ইয়ো. ৩৩:২৫) গতিকে, আহক আমি থিৰাং কৰোঁ যে আমি সদায় অতীতৰ কথাবোৰ মনত পেলাই দুখি নহওঁ। আমি ভৱিষ্যতৰ ওপৰত দৃষ্টি ৰাখিম আৰু নতুন পৃথিৱীত জীয়াই থাকিবলৈ আজি আমি যি কৰিব পাৰোঁ, সেয়া কৰি থকা উচিত।

গীত ১৪২ নিজৰ আশা ধৰি ৰাখক

^ অনু. 5 অতীতৰ স্মৃতিবোৰ সোঁৱৰণ কৰাটো কেতিয়াবা কেতিয়াবা ভাল হয়। কিন্তু আমি যদি সদায় সেইবোৰৰ বিষয়ে ভাবি থাকোঁ, তেনেহʼলে আজি আমি যিহোৱাৰ সেৱা ভালদৰে কৰিব নোৱাৰিম আৰু ভৱিষ্যতে নতুন পৃথিৱীত পাবলগীয়া আশীৰ্বাদৰ ওপৰতো ধ্যান দিব নোৱাৰিম। এই লেখত আমি এনে তিনিটা বিষয়ৰ ওপৰত আলোচনা কৰিম, যাৰপৰা আমি সতৰ্ক থকা উচিত, যাতে আমি সদায় অতীতৰ কথাবোৰৰ বিষয়ে ভাবি নাথাকোঁ। ইয়াৰ বাবে আমি বাইবেলৰ কিছুমান সিন্ধান্ত আৰু কিছুমান ভাই-ভনীৰ অনুভৱৰ ওপৰত ধ্যান দিম।

^ অনু. 8 জুলাই ১, ২০০৪ চনৰ প্ৰহৰীদুৰ্গৰ (হিন্দী) ২৩-২৯ পৃষ্ঠা পঢ়ক।

^ অনু. 15 আগষ্ট ১, ২০১১ চনৰ প্ৰহৰীদুৰ্গৰ (ইংৰাজী) ২০-২১ পৃষ্ঠা আৰু চেপ্টেম্বৰ ২০১৭ চনৰ প্ৰহৰীদুৰ্গৰ (হিন্দী) ২৭ পৃষ্ঠাৰ বক্স চাওক।

^ অনু. 57 ছবিৰ বিষয়ে: যদি আমি অতীতৰ কথাবোৰ মনত পেলাই থাকোঁ, খং পুহি ৰাখোঁ আৰু দোষী অনুভৱ কৰোঁ, তেনেহʼলে এইবোৰে আমাক আগবাঢ়িব নিদিব।

^ অনু. 64 ছবিৰ বিষয়ে: যদি আমি অতীতৰ কথাবোৰ চিন্তা কৰিবলৈ এৰি দিওঁ, তেনেহʼলে সকাহ পাম আৰু আনন্দিত হʼম। আমি উৎসাহ লাভ কৰিম আৰু আগবাঢ়ি থাকিম।