Skip to content

Skip to table of contents

জীৱন কাহিনী

‘যিহোৱাই মোক পাহৰি যোৱা নাই’

‘যিহোৱাই মোক পাহৰি যোৱা নাই’

মই দক্ষিণ আমেৰিকাৰ গুয়ানা দেশৰ অʼৰিয়ালা নামৰ গাৱঁত বাস কৰোঁ। এই গাওঁখনত প্ৰায় ২,০০০ লোকে বাস কৰে আৰু এই গাওঁখন বহু দূৰৈত অৱস্থিত। লোকসকলে কেৱল ইয়াত সৰু উৰাজাহাজ বা নাৱেৰে আহিব পাৰে।

মোৰ জন্ম ১৯৮৩ চনত হৈছিল। মই মোৰ লʼৰালিকাল হাঁহি-ধেমালিৰে পাৰ কৰিলোঁ। কিন্তু দহ বছৰ বয়সত মোৰ গোটেই শৰীৰটো জোৰেৰে বিষ হʼবলৈ ধৰিছিল। দুবছৰৰ পাছত এদিন যেতিয়া মই টোপনিৰপৰা সাৰ পালোঁ, তেতিয়া মই একেবাৰে লৰচৰ হʼব পৰা নাছিলোঁ। মই ভৰিখন লৰচৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু নোৱাৰিলোঁ। মোৰ ভৰি দুখন অচেতন হৈ পৰিছিল। সেইদিনাৰেপৰা আজিলৈকে মই খোজকাঢ়িব পৰা নাই। বেমাৰৰ বাবে মোৰ শৰীৰৰ অংগবোৰ নাবাঢ়িলে। আজিও মই সৰু লʼৰাৰ সমানে আছোঁ।

মই ঘৰৰপৰা কʼলৈকো যাব পৰা নাছিলোঁ। এইদৰেই কিছুমাহ পাৰ হʼল। এদিনাখন দুগৰাকী যিহোৱাৰ সাক্ষী আমাৰ ঘৰলৈ আহিছিল। কোনোবাই আমাৰ ঘৰলৈ আহিলে মই প্ৰায়েই লুকাইছিলোঁ। কিন্তু সেইদিনাখন মই তেওঁলোকক লগ কৰিলোঁ আৰু তেওঁলোকৰ কথা শুনিলোঁ। তেওঁলোকে মোক প্ৰমোদবনৰ বিষয়ে কৈছিল। তেতিয়া মোৰ মনত পৰিল যে পাঁচ বছৰ হৈ থাকোঁতে মই এই কথাষাৰ শুনিছিলোঁ। সেইসময়ত যেথ্ৰʼ নামৰ মিচনেৰী ভায়ে মোৰ দেউতাৰ লগত বাইবেল অধ্যয়ন কৰিছিল। তেওঁ সুৰিনামত বাস কৰিছিল আৰু মাহত এবাৰ আমাৰ গাৱঁলৈ আহিছিল। যেথ্ৰʼই মোৰ লগত ভালদৰে কথা পাতিছিল আৰু তেওঁক মোৰ বৰ ভাল লাগিছিল। আমাৰ গাৱঁত সাক্ষীসকলৰ সভা হৈছিল আৰু মোৰ ককা-আইতাই মোক তালৈ লৈ গৈছিল। সেইদিনাখন তেওঁলোকে মোক প্ৰমোদবনৰ বিষয়ে কৈছিল আৰু ফ্লʼৰেন্সে মোক সুধিলে যে মই বাইবেলৰ বিষয়ে জানিব বিচাৰোঁনে, তেতিয়া মই শিকিম বুলি কʼলোঁ।

ফ্লʼৰেন্সে তাইৰ স্বামী জাষ্টুছৰ লগত পুনৰ আমাৰ ঘৰলৈ আহিছিল আৰু তেওঁলোক মোক বাইবেল অধ্যয়ন কৰালে। মই পঢ়িব নোৱাৰোঁ বুলি জানি তেওঁলোকে মোক পঢ়িবলৈ শিকালে। কিছুসময়ৰ পাছত মই পঢ়িবলৈ শিকিলোঁ। এদিনাখন তেওঁলোকে মোক কʼলে যে তেওঁলোকক সুৰিনামত প্ৰচাৰ কৰিবলৈ পঠোৱা হৈছে। এতিয়া অʼৰিয়ালাত মোৰ লগত বাইবেল অধ্যয়ন কৰিবলৈ কোনো নাছিল। কিন্তু যিহোৱাই মোক পাহৰি নোযোৱাৰ বাবে মই কৃতজ্ঞ।

কিছুসময়ৰ পাছত ফ্লʼইড নামৰ এজন অগ্ৰগামী সেৱক অʼৰিয়ালালৈ আহিছিল। এদিনাখন তেওঁ আমাৰ ইয়াত ঘৰে ঘৰে প্ৰচাৰ কৰাৰ সময়ত তেওঁ মোক লগ পাইছিল। যেতিয়া তেওঁ মোক সুধিছিল যে মই বাইবেল অধ্যয়ন কৰিব বিচাৰোঁনে, তেতিয়া মই হাঁহিবলৈ ধৰিলোঁ। তেওঁ মোক সুধিলে, “কি হʼল?” মই কʼলোঁ যে ঈশ্বৰে আমাৰপৰা কি বিচাৰে? ব্ৰচাৰখনৰপৰা মোৰ অধ্যয়ন হৈ গʼল আৰু জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় * কিতাপখনৰপৰাও মোৰ অধ্যয়ন আৰম্ভ হৈছিল। কিন্তু মাজতে অধ্যয়ন বন্ধ হʼল। অধ্যয়ন কিয় বন্ধ হৈছিল, তাৰ বিষয়ে মই ফ্লʼইডক কʼলোঁ। যʼৰপৰা অধ্যয়ন বন্ধ হৈছিল, তাৰপৰা ফ্লʼইডে সম্পূৰ্ণ কিতাপখন অধ্যয়ন কৰিলে। কিছুসময়ৰ পাছত তেওঁকো আন ঠাইলৈ পঠাই দিয়া হʼল। মোৰ অধ্যয়ন কৰিবলৈ পুনৰ কোনো নাছিল।

২০০৪ চনত গ্ৰেনবিল আৰু যʼচোৱা নামৰ দুজন বিশেষ অগ্ৰগামী সেৱক অʼৰিয়ালালৈ আহিছিল। তেওঁলোকেও ঘৰে ঘৰে প্ৰচাৰ কৰাৰ সময়ত মোক লগ পালে। যেতিয়া তেওঁলোকে মোক সুধিলে যে মই অধ্যয়ন কৰিব বিচাৰোঁনে, তেতিয়া মই হাঁহিবলৈ ধৰিলোঁ। মই তেওঁলোকক জ্ঞান কিতাপখনৰ আৰম্ভণিৰপৰা অধ্যয়ন কৰিবলৈ কʼলোঁ। মই চাব বিচাৰিছিলোঁ যে তেওঁলোকে মোক সেই কথাবোৰেই শিকাবনে, যি কথাবোৰ আগৰ সাক্ষীসকলে শিকাইছিল। আমাৰ গাৱঁতো সভা হয় বুলি গ্ৰেনবিলে মোক কৈছিল। মই দহবছৰৰপৰা ঘৰৰপৰা বাহিৰলৈ ওলোৱা নাছিলোঁ, তথাপি মই সভালৈ যাব বিচাৰিছিলোঁ। গ্ৰেনবিলে মোক নিবলৈ ঘৰলৈ আহিছিল আৰু উইলচেয়াৰত বহাই মোক ৰাজ্যগৃহলৈ লৈ গৈছিল।

কিছুসময়ৰ পাছত গ্ৰেনবিলে মোক ঈশ্বৰ-শাসিত স্কুলত নাম দিবলৈ কৈছিল। তেওঁ কৈছিল, “তুমি খোজকাঢ়িব নোৱাৰা, কিন্তু কথা পাতিব পাৰা। চাবা, এদিনাখন তুনি জন ভাষণো দিবা। এয়া নিশ্চয় হʼব।” মই কৰিব পাৰিম বুলি তেওঁ মোক আশ্বাস দিলে।

কিছুসময়ৰ পাছত মই গ্ৰেনবিলৰ লগত প্ৰচাৰ কৰিবলৈ ধৰিলোঁ। আমাৰ গাৱঁৰ বেছিভাগ ৰাস্তা সমান নাছিল। সেইবাবে উইলচেয়াৰত যাবলৈ বৰ কঠিন হৈছিল। মই গ্ৰেনবিলক মোক ঠেলাত লৈ যাবলৈ কʼলোঁ। এই উপায় ভাল আছিল। ২০০৫ চনৰ এপ্ৰিল মাহত মই বাপ্তিষ্মা লʼলোঁ। কিছুসময়ৰ পাছত ভাইসকলে মোক প্ৰকাশনবোৰ চোৱা-চিতা কৰিবলৈ আৰু ৰাজ্যগৃহত চাউণ্ড চিছটেমৰ দায়িত্ব দিছিল।

২০০৭ চনত নাৱৰ দুৰ্ঘটনাত মোৰ দেউতাৰ মৃত্যু হৈছিল। আমাৰ পৰিয়ালে বৰ দুখ পালে। সেইসময়ত গ্ৰেনবিলে আমাক বহুত সান্ত্বনা দিলে। তেওঁ আমাৰ লগত প্ৰাৰ্থনা কৰিছিল আৰু বাইবেলৰ পদ দেখুৱাই সাহস দিছিল। দুবছৰৰ পাছত আৰু এটা দুৰ্ঘটনাৰপৰা আমি একেবাৰে নিৰাশ হৈ পৰিছিলোঁ। নাৱৰ দুৰ্ঘটনাত গ্ৰেনবিলৰ মৃত্যু হʼল।

আমাৰ সৰু মণ্ডলীত এতিয়া কোনো প্ৰাচীন নাছিল। কেৱল এজন পৰিচাৰকহে আছিল। গ্ৰেনবিলক হেৰুৱাৰ বেদনাই মোক বৰ আঘাত দিছিল। তেওঁ মোৰ ভাল বন্ধু আছিল। তেওঁ মোক বহুতো সহায় কৰিছিল। এই সকলোতকৈ তেওঁ মোক যিহোৱাৰ লগত ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিবলৈ সহায় কৰিছিল। তেওঁৰ মৃত্যুৰ পাছৰ সভাত প্ৰহৰীদুৰ্গৰ অধ্যয়নত অনুচ্ছেদবোৰ পঢ়িবলৈ মোক কোৱা হৈছিল। মই কোনোমতে দুটা অনুচ্ছেদ পঢ়িলোঁ, কিন্তু তাৰ পাছৰ অনুচ্ছেদবোৰ পঢ়িব নোৱাৰিলোঁ। মই কান্দিবলৈ ধৰিলোঁ। মই ষ্টেজৰপৰা নামি আহিবলগীয়া হʼল।

পাছত আন মণ্ডলীৰ কিছুমান ভায়ে অʼৰিয়ালাত আহি সভা পৰিচালনা কৰিবলৈ সহায় কৰিছিল। তেতিয়াহে মই অলপ আনন্দিত হʼলোঁ। শাখা কাৰ্য্যালয়ে কʼজʼ নামৰ এজন বিশেষ অগ্ৰগামী সেৱকক আমাৰ ইয়ালৈ পঠাইছিল। কিছুসময়ৰ পাছত যেতিয়া মা আৰু সৰু ভায়ে অধ্যয়ন কৰি বাপ্তিষ্মা লয়, তেতিয়া মই আৰু আনন্দিত হʼলোঁ। তাৰ পাছত ২০১৫ চনৰ মাৰ্চ মাহত মোক পৰিচাৰক হিচাপে নিযুক্ত কৰা হʼল। কিছুসময়ৰ পাছত মই প্ৰথমবাৰ জন ভাষণ দিলোঁ। সেই দিনাখন মোক গ্ৰেনবিলৰ সেই কথা মনত পৰিল, “চাবা, এদিনাখন তুনি জন ভাষণো দিবা। এয়া নিশ্চয় হʼব।” মই আনন্দত কান্দিবলৈ ধৰিলোঁ।

JW ব্ৰʼডকাষ্টিঙৰ যোগেদি মই এনে ভাই-ভনীসকলৰ বিষয়ে জানিব পাৰিলোঁ, যিসকলে মোৰ দৰে খোজকাঢ়িব নোৱাৰে। কিন্তু তেওঁলোকে যিহোৱাৰ সেৱাত বহুতো কাম কৰিছে আৰু আনন্দত আছে। ময়ো নিজৰ দুৰ্বলতাৰ সত্ত্বেও বহুতো কাম কৰিব পাৰোঁ। মই যিমান পাৰোঁ, সিমান যিহোৱাৰ সেৱা কৰিব বিচাৰোঁ। সেইবাবে, মই অগ্ৰগামী সেৱা আৰম্ভ কৰিলোঁ। ২০১৯ চনৰ চেপ্টেম্বৰ মাহত মই এনে খবৰ পালোঁ, যাৰ বাবে মই আচৰিত হʼলোঁ। মোক আমাৰ মণ্ডলীত প্ৰাচীন হিচাপে নিযুক্ত কৰা হʼল। আমাৰ মণ্ডলীত প্ৰায় ৪০ জন প্ৰচাৰক আছে।

মই সেই ভাই-ভনীসকলৰ প্ৰতি কৃতজ্ঞ, যিসকলে মোৰ অধ্যয়ন কৰালে আৰু যিহোৱাৰ সেৱা কৰিবলৈ সহায় কৰিলে। সকলোতকৈ বেছি মই যিহোৱাৰ প্ৰতি কৃতজ্ঞ, কিয়নো তেওঁ মোক কেতিয়াও নাপাহৰিলে।

^ অনু. 8 ইয়াক যিহোৱাৰ সাক্ষীসকলে প্ৰকাশিত কৰিছে, কিন্তু এতিয়া ইয়াক ছপা কৰা নহয়।