Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৪১

যিহোৱা দয়া দেখুৱাত মহান

যিহোৱা দয়া দেখুৱাত মহান

“যিহোৱা সকলোলৈকে মঙ্গল কৰোঁতা; তেওঁৰ সমুদায় সৃষ্ট বস্তুৰ ওপৰত তেওঁৰ কৃপা আছে।”—গীত. ১৪৫:৯.

গীত ৪৪ দৰিদ্ৰ লোকৰ প্ৰাৰ্থনা

লেখৰ এক আভাস *

১. এজন দয়ালু ব্যক্তি কেনেকুৱা হয়? বুজাওক।

এজন দয়ালু ব্যক্তিয়ে কৃপা দেখুৱায়, আনৰ লগত কৰুণাৰে ব্যৱহাৰ কৰে আৰু তেওঁ উদাৰশীল হয়। ইয়াৰপৰা আমাক হয়তো যীচুৱে দিয়া দয়ালু চমৰীয়াৰ উদাহৰণটো মনত পৰিব পাৰে। যদিও তেওঁ আন দেশৰপৰা আছিল, তথাপি তেওঁ এনে এজন যিহুদীক দয়া দেখুৱাইছিল যাক ডকাইতসকলে মাৰি আধামৰা কৰি এৰি দিছিল। তেওঁক দেখি চমৰীয়া ব্যক্তিজনৰ “মৰম” জাগিল আৰু তেওঁ সেই ব্যক্তিজনক সহায় কৰিলে। চমৰীয়া ব্যক্তিজনে তেওঁৰ যত্ন লʼবলৈ কিছুমান ব্যৱস্থা কৰিলে। (লূক ১০:২৯-৩৭) এই উদাহৰণৰপৰা আমি যিহোৱাৰ দয়া গুণৰ বিষয়ে শিকিবলৈ পাওঁ। যিহোৱাই আমাক প্ৰতিদিনে বহুতো উপায়েৰে দয়া দেখুৱায়।

২. দয়া দেখুৱাৰ এটা উপায় কি?

দয়া দেখুৱাৰ এটা উপায় হৈছে আনৰ ভুলবোৰ ক্ষমা কৰা। যিহোৱাই আমাৰ লগতো ঠিক এইদৰে কৰে। গীতমালাৰ এজন লেখকে এইদৰে কৈছে, “তেওঁ আমাৰ পাপ অনুসাৰে আমালৈ কাৰ্য্য কৰা নাই।” (গীত. ১০৩:১০) কিন্তু কেতিয়াবা কেতিয়াবা যিহোৱাই আমাৰ ভুলৰ বাবে শুধৰণিও কৰে। এয়া হৈছে দয়া দেখুৱাৰ আন এটা উপায়।

৩. আমি কি কি প্ৰশ্নৰ উত্তৰ জানিম?

এই লেখত আমি বাইবেলৰপৰা তিনিটা প্ৰশ্নৰ উত্তৰ জানিম। যিহোৱাই কিয় দয়া দেখুৱায়? যেতিয়া কাৰোবাক শুধৰণি কৰা হয়, তেতিয়া সেয়া দয়া দেখুৱাৰ উপায় হয় বুলি আমি কিয় কʼব পাৰোঁ? আমি কিয় আনক দয়া দেখুৱা উচিত?

যিহোৱাই কিয় দয়া দেখুৱায়?

৪. যিহোৱাই কিয় লোকসকলক দয়া দেখুৱায়?

যিহোৱাই লোকসকলক প্ৰেম কৰাৰ বাবে তেওঁলোকক দয়া দেখুৱায়। পাঁচনি পৌলে এইদৰে কৈছিল, যিহোৱা “দয়া-ধনৰে ধনৱান।” পৌলে এনে কোৱাৰ কাৰণ হৈছে, যিহোৱাই তেওঁৰ বিশ্বাসী সেৱকক স্বৰ্গীয় জীৱনৰ বাবে আশা দিছে। (ইফি. ২:৪-৭) কিন্তু যিহোৱাই কেৱল অভিষিক্ত খ্ৰীষ্টানসকলকে দয়া নেদেখুৱায়। দায়ূদে এইদৰে কৈছিল, “যিহোৱা সকলোলৈকে মঙ্গল কৰোঁতা; তেওঁৰ সমুদায় সৃষ্ট বস্তুৰ ওপৰত তেওঁৰ কৃপা আছে।”—গীত. ১৪৫:৯.

৫. যিহোৱা দয়ালু ঈশ্বৰ হয় বুলি যীচুৱে কেনেকৈ জানিব পাৰিলে?

যিহোৱা আৰু যীচুৱে লাখ লাখ বছৰ ধৰি স্বৰ্গত একেলগে আছিল। (হিতো. ৮:৩০, ৩১) যিহোৱাই পাপী লোকসকলক বাৰে বাৰে দয়া কৰাটো যীচুৱে দেখিছিল। (গীত. ৭৮:৩৭-৪২) যীচুৱে ভালদৰে জানিছিল যে তেওঁৰ পিতৃ যিহোৱা কিমান দয়ালু হয়। সেইবাবে যীচুৱে পৃথিৱীত থকাৰ সময়ত যিহোৱাৰ দয়া গুণৰ বিষয়ে লোকসকলক বহুবাৰ শিকাইছিল।

পিতৃয়ে নিজৰ পুত্ৰক অপমান কৰা নাছিল, ইয়াৰ পৰিবৰ্তে তেওঁক আদৰি লৈছিল (অনুচ্ছেদ ৬ চাওক) *

৬. যিহোৱা যে কিমান দয়ালু হয়, তাৰ বিষয়ে বুজাবলৈ যীচুৱে কাৰ উদাহৰণ দিছিল?

যিহোৱা কিমান দয়ালু হয়, তাক বুজাবলৈ যীচুৱে বিদ্ৰোহী পুত্ৰৰ উদাহৰণ দিছিল। উদাহৰণত কোৱা পুত্ৰই নিজৰ ঘৰ এৰি গুচি যায় আৰু “লম্পট-আচৰণেৰে তাৰ সম্পতি অপব্যয়” কৰে। (লূক ১৫:১৩) কিন্তু পাছলৈ তেওঁ অনুতাপ কৰে আৰু নিজৰ ঘৰলৈ উভতি আহে। সেইসময়ত তেওঁৰ পিতৃয়ে কি কৰে? যীচুৱে এইদৰে কৈছিল, “সি দূৰৈত থাকোঁতেই, তাৰ বাপেকে তাক দেখি, মৰম লাগি লৰি গৈ, তাৰ ডিঙিত ধৰি চুমা খালে।” পিতৃয়ে তেওঁক অপমান কৰা নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ দয়া দেখুৱালে আৰু ক্ষমা কৰিলে। যদিও লʼৰাজনে ডাঙৰ পাপ কৰিছিল, তথাপিও পিতৃয়ে তেওঁক ক্ষমা কৰিলে। কিয়নো তেওঁ হৃদয়ৰপৰা অনুতাপ কৰিছিল। যিহোৱাও সেই দয়ালু পিতৃৰ নিচিনা হয়। তেওঁ সেই লোকসকলক দয়া দেখুৱাবলৈ সদায় সাজু থাকে, যিসকলে নিজৰ পাপৰ বাবে অনুতাপ কৰে।—লূক ১৫:১৭-২৪.

৭. যিহোৱাৰ দয়া গুণৰপৰা কেনেকৈ জানিব পাৰি যে তেওঁ বুদ্ধিমান হয়?

যিহোৱা বুদ্ধিমান হয়। সেইবাবে, তেওঁ আমাক দয়া দেখুৱায়। বাইবেলত লিখা আছে, “ওপৰৰ পৰা অহা যি জ্ঞান, . . . দয়া আদি উত্তম ফলেৰে পৰিপূৰ্ণ।” (যাকো. ৩:১৭) যিহোৱাই এজন মৰমীয়াল পিতৃৰ নিচিনা আমাক দয়া দেখুৱায়। কিয়নো তেওঁ জানে যে এইদৰে কৰিলে আমাৰে লাভ হ’ব। (গীত. ১০৩:১৩; যিচ. ৪৯:১৫) যিহোৱাই দয়া দেখুৱাৰ বাবে অসিদ্ধ মানুহে সুন্দৰ ভৱিষ্যতৰ আশা লাভ কৰিছে। ইয়াৰপৰা জানিব পাৰি যে তেওঁ কিমান বুদ্ধিমান হয়। যিহোৱাই জানে যে লোকসকলক কেতিয়া দয়া দেখুৱাব লাগে আৰু কেতিয়া দয়া দেখুৱাব নালাগে। যেতিয়া যিহোৱাৰ ওচৰত দয়া দেখুৱাৰ কোনো নিদিষ্ট কাৰণ থাকে, তেতিয়া তেওঁ দয়া দেখুৱায়। কিন্তু যিসকলে অনুতাপ নকৰে, তেওঁলোকক যিহোৱাই দয়া নেদেখুৱায়।

৮. কেতিয়াবা কেতিয়াবা কি পদক্ষেপ লোৱাৰ প্ৰয়োজন আৰু কিয়?

যেতিয়া যিহোৱাৰ কোনো এজন সেৱকে জানি শুনি পাপ কৰে, তেতিয়া আমি কি কৰা উচিত? পাঁচনি পৌলে এইদৰে কৈছে, ‘তেওঁৰে সৈতে আলাপ-ব্যৱহাৰ নকৰিবা।’ (১ কৰি. ৫:১১) কোনো এজন ব্যক্তিয়ে অনুতাপ নকৰিলে তেওঁক মণ্ডলীৰপৰা বহিষ্কৃত কৰা হয়। এইদৰে কৰাটো অতি প্ৰয়োজন। কিয়নো এইদৰে কৰিলে মণ্ডলীৰ ভাই-ভনীসকলৰ সুৰক্ষা হয় আৰু তেওঁলোক জানিব পাৰে যে যিহোৱাৰ মানদণ্ড কিমান পবিত্ৰ। কিন্তু কিছুমান লোকে ভাবিব পাৰে যে বহিষ্কৃত কৰাটো দয়া দেখুৱা হোৱা নাই। সঁচাকৈ এনে হয়নে? আহক চাওঁ।

দয়ালু আৰু ভাল অনুশাসনকৰ্তা

যেতিয়া মেৰ বেমাৰ হয়, তেতিয়া তেওঁক পৃথকে ৰখা হয়, কিন্তু সেই সময়ছোৱাত ৰখীয়াই তেওঁৰ যত্ন লয় (অনুচ্ছেদ ৯-১১ চাওক)

৯-১০. (ক) ইব্ৰী ১২:৫, ৬ পদৰ অনুসৰি কাৰোবাক বহিষ্কাৰ কৰাটো তেওঁক দয়া দেখুৱা হয় বুলি আমি কিয় কʼব পাৰোঁ? (খ) ইয়াক বুজাবলৈ এটা উদাহৰণ দিয়ক।

যেতিয়া কোনো এজন ব্যক্তিক “এতিয়াৰপৰা যিহোৱাৰ সাক্ষী নহয়” বুলি মণ্ডলীত ঘোষণা কৰা হয়, তেতিয়া আমাক বৰ দুখ লাগে। হয়তো আমি ভাবিব পাৰোঁ যে তেওঁক সঁচাকৈ বহিষ্কাৰ কৰাৰ প্ৰয়োজন আছিলনে? প্ৰকৃততে যেতিয়া কাৰোবাক বহিষ্কাৰ কৰা হয়, তেতিয়া তেওঁৰ প্ৰতি দয়া দেখুৱা হয় আৰু এয়া এক প্ৰেমময় ব্যৱস্থা হয়। এনে কৰাটো বুদ্ধিমানৰ কাম হ’ব। কিয়নো তেতিয়াহে পাপ কৰা ব্যক্তিজনে নিজৰ ভুলৰ প্ৰতি অনুতাপ কৰিব পাৰিব। (হিতো. ১৩:২৪) বহুতো ভাই-ভনীয়ে বুজিব পাৰিলে যে যেতিয়া তেওঁক প্ৰাচীনে বহিষ্কাৰ কৰিলে, তেতিয়া তেওঁ নিজৰ ভুলৰ বাবে অনুতাপ কৰিব পাৰিলে। নিজকে নিজে সলনি কৰিব পাৰিলে আৰু যিহোৱাৰ ওচৰলৈ ঘূৰি আহিব পাৰিলে।ইব্ৰী ১২:৫, ৬ পঢ়ক।

১০ এটা উদাহৰণলৈ মন কৰক। এজন ৰখীয়াই দেখিবলৈ পাই যে তেওঁৰ এটা মেৰ পোৱালী বেমাৰ হৈ আছে। তেওঁ এই কথা ভালদৰে জানে যে যেতিয়ালৈকে মেৰ পোৱালীটো সুস্থ নহয় বা ভাল নহয় তেতিয়ালৈকে তাক পৃথকে ৰাখিব লাগিব। কিন্তু তেওঁ ইয়াকো জানে যে এনে কৰিলে মেৰ পোৱালীটোৱে চটফটাব পাৰে। গতিকে ৰখীয়াই এতিয়া কি কৰিব? যদি তেওঁ মেৰ পোৱালীটোক জাকৰপৰা পৃথকে ৰাখে, তেনেহ’লে ইয়াৰ অৰ্থ এইটো হ’ব নেকি যে তেওঁ নিৰ্দয়ী হয়? নিশ্চয় নহয়। ৰখীয়াই ভালদৰে জানে যে এনে কৰাটো মেৰ পোৱালী আৰু গোটেই মেৰ জাকৰ বাবে লাভ হ’ব। এনে কৰিলে মেৰ পোৱালীৰ হোৱা বেমাৰ আন মেৰবোৰলৈ বিয়পি নাযাব।—লেবীয়া পুস্তক ১৩:৩, ৪ পদৰ লগত তুলনা কৰক।

১১. (ক) এজন পাপ কৰা ব্যক্তিক বহিষ্কাৰ কৰাটো কিয় প্ৰয়োজন? (খ) এজন বহিষ্কৃত ব্যক্তিয়ে কি কি উপায়েৰে সহায় লাভ কৰিব পাৰে?

১১ যদি এজন খ্ৰীষ্টানে পাপ কৰে, তেতিয়া তেওঁৰ যিহোৱাৰ লগত থকা সম্পৰ্ক নাইকিয়া হৈ যায়। তেওঁক সেই বেমাৰ হোৱা মেৰৰ লগত তুলনা কৰিব পাৰি। (যাকো. ৫:১৪) সেইবাবে, প্ৰাচীনে মণ্ডলীৰপৰা ব্যক্তিজনক বহিষ্কাৰ কৰি দিয়ে। যদি নকৰে, তেনেহ’লে সেই ব্যক্তিৰ প্ৰভাৱ আন ভাই-ভনীৰ ওপৰতো পৰিব পাৰে। যিহোৱা ঈশ্বৰে মণ্ডলীৰ বিশ্বাসী ভাই-ভনীসকলক প্ৰেম কৰে আৰু সেইবাবে তেওঁ বহিষ্কাৰ কৰাৰ ব্যৱস্থা কৰিছে আৰু পাপ কৰা ব্যক্তিয়ে নিজৰ ভুলৰ বাবে অনুতাপ কৰাটো তেওঁ বিচাৰে। এজন বহিষ্কৃত ব্যক্তিয়ে সভালৈ আহিব পাৰে আৰু তাত বাইবেলৰপৰা শিকিব পাৰে আৰু নিজৰ বিশ্বাস পুনৰ দৃঢ় কৰিব পাৰে। তেওঁ আমাৰ আলোচনীবোৰ পঢ়িব পাৰে আৰু JW ব্ৰʼডকাষ্টিং চাব পাৰে। বহিষ্কৃত ব্যক্তিজনে নিজৰ জীৱনত সলনি কৰিছে নে নাই কৰা, সেয়া প্ৰাচীনসকলে মাজে মাজে খবৰ লয়। যিহোৱাৰ লগত তেওঁৰ সম্পৰ্ক গঢ়ি তুলিবলৈ পৰামৰ্শ দিয়ে। *

১২. প্ৰাচীনসকলে কেতিয়াবা পাপ কৰা ব্যক্তিক কি কৰিবলগীয়া হয় আৰু কিয়?

১২ এই কথা মনত ৰাখিব যে যেতিয়া এজন ব্যক্তিয়ে পাপ কৰি অনুতাপ নকৰে, তেতিয়াহে তেওঁক মণ্ডলীৰপৰা বহিষ্কাৰ কৰা হয়। এই বিষয়টো যে গভীৰ বিষয় হয়, সেয়া প্ৰাচীনসকলে ভালদৰে জানে। সেইবাবে তেওঁলোকে ভাৱি-চিন্তি নিৰ্ণয় লয়। প্ৰাচীনে জানে যে যিহোৱাই কাৰোবাক শুধৰণি কৰিবলৈ “সুবিচাৰে শাস্তি” দিয়ে। (যিৰি. ৩০:১১) প্ৰাচীনসকলে নিজৰ ভাই-ভনীসকলক প্ৰেম কৰে আৰু তেওঁলোকে এনে একো কাম নকৰে, যাৰ যোগেদি যিহোৱাৰ লগত তেওঁলোকৰ সম্পৰ্ক নাইকিয়া হয়। সেইবাবে তেওঁলোকে প্ৰেম আৰু দয়া দেখুৱাৰ কাৰণে পাপ কৰা ব্যক্তিক মণ্ডলীৰপৰা বহিষ্কাৰ কৰিবলগীয়া হয়।

১৩. কৰিন্থীয়া চহৰৰ এজন খ্ৰীষ্টানক কিয় বহিষ্কৃত কৰা হৈছিল?

১৩ এটা উদাহৰণলৈ মন কৰক। প্ৰথম শতিকাত কৰিন্থীয়া চহৰত এজন খ্ৰীষ্টানে নিজৰ পিতৃৰ পত্নীৰ লগত অনৈতিক সম্পৰ্ক ৰাখিছিল। এই কাম বহুত ঘৃণনীয় আছিল আৰু পাপ কৰা ব্যক্তিজনে কোনো অনুতাপ কৰা নাছিল। পাঁচনি পৌলে তেওঁৰ লগত কি কৰিলে? পৌলে জানিছিল যে যিহোৱাই ইস্ৰায়েলীসকলক এই বিষয়ে কি কৈছিল, “যি মানুহে নিজ পিতৃ-ভাৰ্য্যাৰে সৈতে শয়ন কৰিব, সি নিজ পিতৃৰ উলঙ্গতা অনাবৃত কৰা হব; অৱশ্যে সিহঁত দুয়োৰো প্ৰাণদণ্ড হব।” (লেবী. ২০:১১) পৌলে সেই ব্যক্তিজনক মৃত্যুদণ্ড দিব নোৱাৰিলেহেঁতেন, কিন্তু তেওঁ সেই ব্যক্তিজনক বহিষ্কাৰ কৰিবলৈ প্ৰাচীনসকলক পৰামৰ্শ দিছিল। সেই ব্যক্তিজনৰ ঘৃণনীয় কামৰ বাবে মণ্ডলীৰ আন ভাই-ভনীৰ ওপৰতো প্ৰভাৱ পৰিছিল। সেইজন ব্যক্তিয়ে কোনো পাপ কৰা নাই বুলি কিছুমান ভাই-ভনীয়ে ভাবিছিল।—১ কৰি. ৫:১, ২, ১৩.

১৪. পৌলে বহিষ্কৃত হোৱা ব্যক্তিজনক কেনেকৈ দয়া দেখুৱালে আৰু কিয়? (২ কৰিন্থীয়া ২:৫-৮, ১১)

১৪ কিছুসময়ৰ পাছত পাঁচনি পৌলে গম পালে যে সেই ব্যক্তিজনে নিজৰ পাপৰ বাবে অনুতাপ কৰিছে আৰু ডাঙৰ-ডাঙৰ পৰিৱৰ্তন কৰিছে। সেইবাবে পৌলে তেওঁক দয়া দেখুৱালে। যদিও সেই ব্যক্তিজনৰ পাপৰ বাবে মণ্ডলীৰ বহুত বদনাম হৈছিল, তথাপি পৌলে তেওঁৰ লগত বেছি কঠোৰতাৰে ব্যৱহাৰ কৰিবলৈ বিচৰা নাছিল। সেইবাবে তেওঁ মণ্ডলীৰ প্ৰাচীনসকলক এই পৰামৰ্শ দিছিল, “তোমালোকে তেওঁক ক্ষমা আৰু শান্ত্বনা দিয়া।” তেওঁ এইদৰে কিয় কৈছিল? পৌলে এইদৰে কোৱাৰ কাৰণ হৈছে সেই ব্যক্তিজন “অতিৰিক্ত মনৰ দুখত যেন মগ্ন নহয়।” অৰ্থাৎ সেই ব্যক্তিজনে যাতে দোষীৰ ভাৱনাৰে নিৰাশ নহয় আৰু তেওঁ ক্ষমা পোৱাৰ যোগ্য নহয় বুলি নাভাবে।—২ কৰিন্থীয়া ২:৫-৮, ১১ পঢ়ক।

১৫. প্ৰাচীনসকলে কেনেকৈ একে সময়তে অনুশাসন দিব পাৰে আৰু দয়া দেখুৱাব পাৰে?

১৫ প্ৰাচীনসকলে যিহোৱাৰ নিচিনা আনক দয়া দেখুৱায়। যেতিয়া প্ৰয়োজন হয়, তেতিয়া তেওঁলোকে ভুল কৰা ব্যক্তিজনক অনুশাসন দিয়ে। কিন্তু যেতিয়া সম্ভৱ হয়, তেতিয়া তেওঁলোকে সেই ব্যক্তিজনক দয়াও দেখুৱায়। যদি প্ৰাচীনসকলে ভুল কৰা ব্যক্তিজনক শুধৰণি নকৰে, তেনেহ’লে তেওঁলোকে সেই ব্যক্তিজনক দয়া নেদেখুৱাৰ নিচিনা হয়। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে সেই ব্যক্তিজনক আৰু ভুল কৰিবলৈ উৎসাহিত কৰাৰ নিচিনা হ’ব। কিন্তু কেৱল প্ৰাচীনসকলে দয়া দেখুৱাৰ উচিতনে?

আমি আনক কিয় দয়া দেখুৱা উচিত?

১৬. হিতোপদেশ ২১:১৩ পদৰ অনুসৰি দয়া নেদেখুৱা লোকসকলৰ লগত যিহোৱাই কেনেকৈ ব্যৱহাৰ কৰে?

১৬ যিহোৱাৰ নিচিনা সকলো খ্ৰীষ্টান ভাই-ভনীয়ে আনক দয়া দেখুৱা উচিত। এইদৰে কৰাৰ এটা কাৰণ হৈছে যদি আমি এনে নকৰোঁ, তেনেহ’লে যিহোৱাই আমাৰ প্ৰাৰ্থনা নুশুনিব। (হিতোপদেশ ২১:১৩ পঢ়ক।) এইদৰে হোৱাটো আমি নিবিচাৰোঁ। সেইবাবে, আমি দয়ালু হোৱা উচিত। যেতিয়া কোনো এজন খ্ৰীষ্টান ভাই বা ভনীয়ে সমস্যাত থাকে, তেতিয়া আমি তেওঁক সহায় কৰা উচিত। আমি এই কথা মনত ৰখা উচিত যে ‘যিজনে দয়া নকৰে, সোধ-বিচাৰো তেওঁলৈ নিৰ্দয় হয়।’ (যাকো. ২:১৩) যদি আমি এই কথা বিশ্বাস কৰোঁ যে আমাক দয়াৰ প্ৰয়োজন আছে, তেনেহ’লে আমিও দয়া দেখুৱাম। বিশেষকৈ যিসকল লোকে অনুতাপ কৰি মণ্ডলীলৈ ঘূৰি আহে, আমি তেওঁলোকক দয়া দেখুৱা উচিত।

১৭. দায়ূদে কেনেকৈ চৌলক দয়া দেখুৱালে?

১৭ প্ৰাচীন সময়ৰ কিছুমান লোকৰপৰা আমি দয়া দেখুৱাৰ বিষয়ে শিকিব পাৰোঁ। দায়ূদৰ উদাহৰণলৈ মন কৰক। তেওঁ প্ৰায়ে লোকসকলক দয়া দেখুৱাইছিল। উদাহৰণস্বৰূপে, ৰজা চৌলে তেওঁক বহুবাৰ হত্যা কৰিবলৈ চেষ্টা কৰিছিল। তথাপি দায়ূদে তেওঁক দয়া দেখুৱালে আৰু প্ৰতিশোধ লʼবলৈ কেতিয়াও চিন্তা নকৰিলে।—১ চমূ. ২৪:৯-১২, ১৮, ১৯.

১৮-১৯. দায়ূদে কি কি পৰিস্থিতিত দয়া দেখুৱা নাছিল?

১৮ কিন্তু দায়ূদে সদায় দয়া দেখুওৱা নাছিল। এবাৰ যেতিয়া নাবলে দায়ূদক অপমান কৰিছিল আৰু তেওঁৰ লোকসকলক আহাৰ দিবলৈ অস্বীকাৰ কৰিছিল, সেইসময়ত দায়ূদৰ বৰ খং উঠিছিল। সেইবাবে, তেওঁ নাবল আৰু তেওঁৰ পৰিয়ালৰ লোকসকলক হত্যা কৰিবলৈ ওলাই গৈছিল। কিন্তু নাবলৰ পত্নী অবীগল বুদ্ধিমতী আছিল। তাই লগে লগে দায়ূদ আৰু তেওঁৰ লোকসকলৰ বাবে আহাৰ পঠিয়াই দিছিল। সেইবাবে, দায়ূদে নাবল আৰু তেওঁৰ লোকসকলক হত্যা কৰা নাছিল।—১ চমূ. ২৫:৯-২২, ৩২-৩৫.

১৯ আন এটা ঘটনালৈ মন কৰক। যেতিয়া দায়ুদে এটা গম্ভীৰ পাপ কৰিছিল, তেতিয়া তেওঁৰ ভূলৰ বিষয়ে জনাবলৈ ভৱিষ্যতবক্তা নাথনে এটা কাহিনী শুনাইছিল। কাহিনীত ধনী ব্যক্তিজনে এজন দুখীয়া ব্যক্তিৰ একমাত্ৰ মেৰটো চুৰ কৰি লৈ যায়। এই কাহিনী শুনাৰ পাছত দায়ূদৰ বৰ খং উঠিল আৰু তেওঁ এইদৰে ক’লে, “যিহোৱাৰ জীৱনৰ শপত, যি মানুহে সেই কাম কৰিলে, তেওঁৰ মৃত্যুৰ যোগ্য।” (২ চমূ. ১২:১-৬) দায়ূদে এই কথা ভালদৰে জানিছিল যে মোচিৰ নিয়মৰ অনুসৰি যদি এজন চোৰে কাৰোবাৰ মেৰ চুৰ কৰি নিয়ে, তেনেহ’লে তাৰ পৰিৱৰ্তে তেওঁ চাৰিটা মেৰ দিবলগীয়া হৈছিল। (যাত্ৰা. ২২:১) কিন্তু ইয়াৰ বাবে কেতিয়াও চোৰজনক মৃত্যুদণ্ড দিয়া নহৈছিল। যদিও সেই চোৰজনে ইমান ডাঙৰ পাপ কৰা নাছিল, তথাপি দায়ূদে তেওঁক কঠোৰ শাস্তি দিব লাগে বুলি কৈছিল। দায়ূদে সেই চোৰজনকৈ বেছি ডাঙৰ-ডাঙৰ অপৰাধ কৰিছিল। তথাপি যিহোৱাই তেওঁক দয়া দেখুৱালে আৰু ক্ষমা কৰিলে।—২ চমূ. ১২:৭-১৩.

নাথনে কোৱা কাহিনীৰ ধনী ব্যক্তিজনক ৰজা দায়ূদে দয়া দেখুৱা নাছিল (অনুচ্ছেদ ১৯-২০ চাওক) *

২০. আমি দায়ূদৰপৰা কি শিকিব পাৰোঁ?

২০ দায়ূদে সকলোৰ লগত ভালদৰে ব্যৱহাৰ কৰিছিল আৰু তেওঁ দয়ালু আছিল। কিন্তু তেওঁ দুবাৰ দয়া নেদেখুৱালে। এবাৰ, তেওঁ বৰ খঙত আছিল সেইবাবে তেওঁ নাবল আৰু তেওঁৰ পৰিয়ালক হত্যা কৰিবলৈ বিচাৰিছিল। দ্বিতীয়বাৰ, তেওঁ সেই চোৰজনক কঠোৰ শাস্তি দিবলৈ কৈছিল। কিয়নো তেওঁ নিজে পাপ কৰিছিল আৰু তেওঁৰ বিবেকে তেওঁক খোচ মাৰিছিল। ইয়াৰপৰা এটা কথা শিকিব পাৰি যে যদি যিহোৱাৰ লগত আমাৰ সম্পৰ্ক ভাল নাথাকে, তেনেহ’লে আমি নিৰ্দয় হৈ যাওঁ আৰু আমি কাকো দয়া নেদেখুৱাওঁ। যীচুৱে কৈছিল, “তোমালোকে পৰৰ বিচাৰ নকৰিবা, তেহে তোমাৰলোকৰো বিচাৰ কৰা নহব। কিয়নো যেনেকুৱা বিচাৰেৰে তোমালোকে বিচাৰ কৰা, তেনেকুৱা বিচাৰেৰে তোমাৰলোকৰো বিচাৰ কৰা হব।” (মথি ৭:১, ২) আহক আমি নিৰ্দয় হোৱাৰ পৰিৱৰ্তে যিহোৱাৰ দৰে হʼবলৈ চেষ্টা কৰোঁ, যি দয়া ধনৰে ধনৱান।

২১-২২. আমি কি কি উপায়েৰে আনক দয়া দেখুৱাব পাৰোঁ?

২১ দয়া কৰা অৰ্থ কেৱল মৰম দেখুৱাই নহয়। ইয়াৰ পৰিৱৰ্তে সহায়ৰ প্ৰয়োজন হোৱা লোকসকলক সহায় কৰা। আমাৰ পৰিয়ালত, মণ্ডলীত বা আশে-পাশে থকা লোকসকলক কাক সহায়ৰ প্ৰয়োজন আছে, সেয়া আমি চাব পাৰোঁ আৰু তেওঁলোকক সহায় কৰিব পাৰোঁ। যেনে, দুখ-কষ্টত থকা লোকসকলক আমি শান্ত্বনা দিব পাৰোঁ, আনৰ বাবে আহাৰ ৰান্ধিব পাৰোঁ, আন কিবা কাম কৰি সহায় কৰিব পাৰোঁ। যদি কোনো খ্ৰীষ্টানে অনুতাপ কৰি মণ্ডলীলৈ পুনৰ উভতি আহে, তেনেহ’লে আমি তেওঁৰ লগত সময় অতিবাহিত কৰিব পাৰোঁ আৰু তেওঁক উৎসাহিত কৰিব পাৰোঁ। ইয়াৰ উপৰিও, লোকসকলক দয়া দেখুৱাৰ এটা ভাল উপায় হৈছে শুভবাৰ্তাৰ প্ৰচাৰ কৰা।—ইয়ো. ২৯:১২, ১৩; ৰোম. ১০:১৪, ১৫; যাকো. ১:২৭.

২২ যদি আমি ওচৰে-পাজৰে ধ্যান দিওঁ, তেনেহ’লে দয়া দেখুৱাৰ বহুতো উপায় আমি বিচাৰি পাম। যেতিয়া আমি আনক দয়া দেখুৱাওঁ, তেতিয়া আমি আমাৰ পিতৃ যিহোৱাক আনন্দিত কৰোঁ, যি “দয়া-ধনৰে ধনৱান হয়।”

গীত ৪৩ ধন্যবাদৰ প্ৰাৰ্থনা

^ অনু. 5 যিহোৱাৰ বহুতো ভাল ভাল গুণ আছে আৰু তাৰে মাজৰ এটা হৈছে দয়াৰ গুণ। যিহোৱাৰ নিচিনা আমিও আনক দয়া দেখুৱা উচিত। এই লেখত আমি শিকিম যে যিহোৱাই কিয় দয়া দেখুৱায়। যেতিয়া তেওঁ কাৰোবাক শুধৰণি কৰে, তেতিয়া তাৰপৰা যিহোৱাৰ দয়া গুণ কেনেকৈ দেখিব পাৰি আৰু যিহোৱাৰ দৰে আমিও আনক কেনেকৈ দয়া দেখুৱাব পাৰোঁ।

^ অনু. 11 বহিষ্কৃত ব্যক্তিজনে মণ্ডলীলৈ পুনৰ ঘূৰি অহাৰ পাছত তেওঁ কেনেকৈ যিহোৱাৰ লগত সম্পৰ্ক দৃঢ় কৰিব পাৰে আৰু এই বিষয়ে প্ৰাচীনে কেনেকৈ সহায় কৰিব পাৰে, ইয়াৰ বিষয়ে জানিবলৈ এই প্ৰহৰীদূৰ্গৰ “যিহোৱাৰ লগত নিজৰ সম্পৰ্ক পুনৰ গঢ়ি তোলক” নামৰ লেখখন পঢ়ক।

^ অনু. 60 ছবিৰ বিষয়ে: ঘৰৰ ছাঁদৰ ওপৰৰপৰা পিতৃয়ে নিজৰ বিদ্ৰোহী পুত্ৰক অহা দেখে আৰু তেওঁক লগ কৰিবলৈ তেওঁৰ ফালে দৌৰি গৈছে।

^ অনু. 64 ছবিৰ বিষয়ে: ৰজা দায়ূদৰ বিবেকে তেওঁক খোচ মাৰিছিল, সেইবাবে তেওঁ খঙেৰে নাথনক কৈছিল যে সেই ধনী ব্যক্তিজনে মৃত্যুদণ্ড পোৱা উচিত।