১৯২১—এশ বছৰৰ আগত
জানুৱাৰী ১, ১৯২১ চনৰ প্ৰহৰীদুৰ্গত বাইবেল বিদ্যাৰ্থীসকলক এটা প্ৰশ্ন সোধা হৈছিল, “এই বছৰত আমি কি কাম কৰিব লাগিব?” ইয়াৰ উত্তৰত যিচয়া ৬১:১, ২ পদটো উল্লেখ কৰিছিল। যʼত লিখা আছে, “নম্ৰ লোকবিলাকৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ যিহোৱাই মোক অভিষেক কৰিলে . . . যিহোৱাৰ অনুগ্ৰহ-বছৰ আৰু আমাৰ ঈশ্বৰৰ প্ৰতিফল দিয়া দিন ঘোষণা কৰিবলৈ,” তেওঁ আমাক বাছনি কৰিছে। এই পদৰ যোগেদি তেওঁলোকক মনত পেলাই দিছিল যে তেওঁলোকে প্ৰচাৰ কামত ভাগ লʼব লাগিব।
সাহসী প্ৰচাৰক
প্ৰচাৰ কৰিবলৈ বাইবেল বিদ্যাৰ্থীসকলে সাহসী হোৱাৰ প্ৰয়োজন আছিল। তেওঁলোকে নম্ৰ লোকসকলক “শুভবাৰ্ত্তা” শুনোৱাৰ লগতে দুষ্ট লোকসকলক ‘ঈশ্বৰৰ প্ৰতিফল দিয়া দিনৰ’ বিষয়েও ঘোষণা কৰিবলগীয়া আছিল।
কানাডাত থকা এজন ভাই জে. এচ. হচকনে বিৰোধৰ সত্ত্বেও প্ৰচাৰ কৰিলে। ১৯২১ চনত তেওঁ এজন পাদুৰিক লগ পাইছিল। কথা-বতৰা আৰম্ভ কৰাৰ আগতে ভাইজনে তেওঁক কৈছিল যে, “বাইবেলৰপৰা কথা পতাৰ সময়ত আমি তৰ্ক-বিতৰ্ক কৰা উচিত নহয়। আমি আৰামেৰে কথা পতা উচিত। যদি আমি কিবা বিষয়ত সন্মত নাই, তেনেহʼলে আমি শান্তিৰে কথা-বতৰা বন্ধ কৰা উচিত।” কিন্তু এইদৰে নহʼল। ভাইজনে কʼলে, “কিছু সময়ৰ পাছত পাদুৰিজনে ইমান জোৰেৰে দুৱাৰখনত মাৰিলে যে মোক এনে লাগিছিল যেন দুৱাৰখনৰ চিচা ভাঙি যাব।”
পাদুৰিজনে চিঞৰি কʼলে, “যোৱা, তোমালোকে এনে লোকসকলৰ লগত কথা পাতা, যিসকল খ্ৰীষ্টান নহয়।” ভাই হচকনক এইদৰে কʼবলৈ মন গৈছিল, “তুমিনো খ্ৰীষ্টান হয়নে? ব্যৱহাৰৰপৰা তেনেকুৱা লগা নাই।” কিন্তু তেওঁ এইদৰে কোৱা নাছিল।
পাছদিনাখন পাদুৰিজনে গীৰ্জাত ভাষণ দি ভাইজনৰ বিষয়ে বেয়াকৈ কʼলে। ভাই হচকনে কʼলে, “পাদুৰিজনে গীৰ্জাৰ লোকসকলক কৈছিল যে মই মিছলীয়া হয় আৰু মোক মাৰি পেলোৱা উচিত।” কিন্তু ভাইজনে ভয় নকৰিলে। তেওঁ প্ৰচাৰ কৰি থাকিল আৰু লোকসকলৰ লগতো তেওঁৰ ভাল কথা-বতৰা হʼল। তেওঁ এইদৰে কʼলে, “এই চহৰখনত প্ৰচাৰ কৰি মই বৰ আনন্দ লাভ কৰিলোঁ। কিছুমান লোকে মোৰ বিষয়ে এইদৰে কʼলে আমি জানোঁ যে তুমি ঈশ্বৰৰ কাম কৰি আছা আৰু তেওঁলোকে মোক প্ৰয়োজনীয় বস্তু দিবলৈও সাজু আছিল।”
অধ্যয়নৰ বাবে ধাৰাবাহিক
সত্যৰ প্ৰতি আগ্ৰহ থকা লোকসকলক সহায় কৰিবলৈ বাইবেল বিদ্যাৰ্থীসকলে সোণালী যুগ আলোচনীত কিছুমান ধাৰাবাহিক প্ৰকাশিত কৰিছিল। * যেনে, “সৰু আৰু ডেকা লʼৰা-ছোৱালীৰ বাইবেল অধ্যয়ন।” এই ধাৰাবাহিকত কিছুমান প্ৰশ্ন-উত্তৰ দিয়া হৈছিল। পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীক এই প্ৰশ্নবোৰ সুধিছিল আৰু বাইবেলৰপৰা উত্তৰ বিচাৰিবলৈ তেওঁলোকক সহায় কৰিছিল। কিছুমান প্ৰশ্নৰপৰা তেওঁলোকে বাইবেলৰ কিছুমান সৰু-সুৰা কথা জানিব পাৰিছিল। যেনে, বাইবেলত কেইখন কিতাপ আছে। ডেকা লʼৰা-ছোৱালীসকলক সাহসী প্ৰচাৰক হʼবলৈ এনে কিছুমান প্ৰশ্ন সোধা হৈছিল, “সকলো খ্ৰীষ্টানে তাড়না সন্মুখীন হʼব লাগিবনে?”
যিসকল বাইবেল বিদ্যাৰ্থীৰ বাইবেলৰ বেছি জ্ঞান আছিল, তেওঁলোকৰ বাবে সোণালী যুগ আলোচনীত আৰু এটা ধাৰাবাহিক প্ৰকাশিত কৰিছিল। এই ধাৰাবাহিকৰ প্ৰশ্নৰ উত্তৰ শাস্ত্ৰ অধ্যয়ন কিতাপৰ প্ৰথম খণ্ডত দিয়া হৈছিল। এই ধাৰাবাহিকৰপৰা হাজাৰ হাজাৰ লোকে লাভৱান হৈছিল। ডিচেম্বৰ ২১, ১৯২১ চনত সোণালী যুগ আলোচনীত কোৱা হৈছিল যে এতিয়াৰেপৰা এই দুয়োটা ধাৰাবাহিক বন্ধ কৰা হʼব। কিয় বাৰু?
এখন নতুন কিতাপ!
সংগঠনত নেতৃত্ব লোৱা ভাইসকলে অনুভৱ কৰিলে যে নতুন বাইবেল বিদ্যাৰ্থীসকলে এটা-এটাকৈ বাইবেলৰ সকলো বিষয়ে শিকা উচিত। সেইবাবে তেওঁলোকে নৱেম্বৰ ১৯২১ চনত দ্যা হাৰ্প অফ গড নামৰ ইংৰাজী কিতাপখন প্ৰকাশিত কৰিলে। যিসকলে এই কিতাপখন লৈছিল, তেওঁলোকক এটা কৰ্চ দিয়া হৈছিল। ইয়াৰ সহায়ত তেওঁলোকে নিজে অধ্যয়ন কৰিছিল আৰু তেওঁলোকে বুজি পাইছিল যে ঈশ্বৰে এই পৃথিৱীত লোকসকলক অনন্ত জীৱন দিব। এই কৰ্চত কি কি আছিল? আহক চাওঁ।
এজন ব্যক্তিয়ে যেতিয়া এই কিতাপখন লৈছিল, তেতিয়া তেওঁক এখন সৰু কাৰ্ড দিয়া হৈছিল। সেই কাৰ্ডখনত লিখা হৈছিল যে তেওঁ কিমান পৃষ্ঠা পঢ়িব লাগিব। ইয়াৰ পাছৰ সপ্তাহত তেওঁ আৰু এখন কাৰ্ড পাইছিল। সেই কাৰ্ডখনত তেওঁ যিমান পঢ়িলে তাৰ অনুসৰি প্ৰশ্ন সোধা হৈছিল। তাত এয়াও লিখা হৈছিল যে তেওঁ পাছৰ সপ্তাহত আৰু কিমান পঢ়িব লাগিব। এইদৰে ১২ সপ্তাহলৈকে চলিছিল।
এই কাৰ্ডখন তেওঁলোকে ডাকঘৰৰ যোগেদি পাইছিল। মণ্ডলীৰ বৃদ্ধ ভাই-ভনী বা ঘৰে-ঘৰে প্ৰচাৰলৈ যাব নোৱাৰা ভাই-ভনীসকলে এই কাৰ্ডখন তেওঁলোকক পঠিয়াইছিল। আমেৰিকাৰ এগৰাকী ভনী আনা কে. গাৰ্ডনৰে নিজৰ ভনীৰ বিষয়ে এইদৰে কʼলে, “মোৰ ভনাৰ নাম থেল হয় আৰু তাই খোজকাঢ়িব নোৱাৰে। যেতিয়া এই নতুন কিতাপখন আহিল, তেতিয়া তাইৰ ওচৰত বহুতো কাম আছিল। তাই প্ৰতিসপ্তাহে প্ৰশ্নবোৰৰ কাৰ্ড পঠিয়াইছিল। যেতিয়া এই কৰ্চ শেষ হয়, তেতিয়া আন কোনোবাই বিদ্যাৰ্থীক লগ কৰিবলৈ গৈছিল আৰু তেওঁক বাইবেলৰ বিষয়ে আৰু শিকাইছিল।”
বহুতো কাম বাকী আছিল
১৯২১ চনৰ শেষত, ভাই জে. এফ. ৰাডাৰফৰ্ডে সকলো মণ্ডলীলৈ এখন চিঠি লিখিছিল। সেই চিঠিখনত ভায়ে এইদৰে কৈছিল, “যোৱা বছৰৰ তুলনাত এই বছৰত বেছিভাগ লোকক শুভবাৰ্তা জনোৱা হʼল। কিন্তু এতিয়াও বহুতো কাম বাকী আছে। সেইবাবে, আনক এই কামত ভাগ লʼবলৈ উৎসাহিত কৰক।” বাইবেল বিদ্যাৰ্থীসকলে ভাইজনৰ এই কথা মানিলে। ১৯২২ চনত তেওঁলোকে সাহসেৰে আৰু বহুতো লোকক প্ৰচাৰ কৰিলে।
^ অনু. 9 ১৯৩৭ চনত সোণালী যুগ আলোচনীৰ নাম সলনি কৰি শান্ত্বনা ৰখা হʼল। ইয়াৰ পাছত ১৯৪৬ চনত ইয়াৰ নাম সচেতন থাকক! ৰখা হʼল।