Skip to content

Skip to table of contents

ইস্ৰায়েলীসকলে যুদ্ধ কৰিছিল, তেনেহʼলে আমি কিয় কৰিব নোৱাৰোঁ?

ইস্ৰায়েলীসকলে যুদ্ধ কৰিছিল, তেনেহʼলে আমি কিয় কৰিব নোৱাৰোঁ?

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত এজন নাজী অফিচাৰে চিঞৰি কিছুমান যিহোৱাৰ সাক্ষীক কʼলে “তহঁতে ফ্ৰান্স আৰু ইংলেণ্ডৰ বিৰুদ্ধে যুদ্ধত ভাগ নলʼলে সকলোকে মাৰি পেলোৱা হʼব।” তাত বহুতো নাজী অফিচাৰে বন্দুক লৈ থিয় হৈ আছিল। তথাপি এজনো যিহোৱাৰ সাক্ষীয়ে ভয় নকৰিলে আৰু তেওঁলোকৰ আগত হাৰো নামানিলে। তেওঁলোক সাহসী আছিল। ইয়াৰ পৰা গম পোৱা যায় যে যিহোৱাৰ সাক্ষীসকলে কি বিশ্বাস কৰে। তেওঁলোকে কেতিয়াও যুদ্ধত ভাগ নলয়, আনকি তেওঁলোকে নিজৰ জীৱন হেৰুৱাবলগীয়া হʼলেও যুদ্ধত ভাগ নলয়।

কিন্তু বহুতো গীৰ্জাৰ খ্ৰীষ্টানসকলে এই কথাত মান্তি নহয়। তেওঁলোকে বিশ্বাস কৰে যে এজন খ্ৰীষ্টানে নিজৰ দেশৰ বাবে যুদ্ধ কৰিব পাৰে আৰু এইদৰেই কৰা উচিত। তেওঁলোকে কয় যে “প্ৰাচীন সময়ত ইস্ৰায়েলীসকল ঈশ্বৰৰ লোক আছিল। যদি তেওঁলোকে যুদ্ধ কৰিব পাৰিছিল, তেনেহʼলে আজি খ্ৰীষ্টানসকলে কিয় নোৱাৰে?” এই ক্ষেত্ৰত আমি তেওঁলোকক কি কʼব পাৰোঁ? আমি তেওঁলোকক বুজাব পাৰোঁ যে প্ৰাচীন সময়ত থকা ইস্ৰায়েলীসকলৰ পৰিস্থিতি আৰু আজিৰ ঈশ্বৰৰ লোকসকলৰ পৰিস্থিতিৰ মাজত বহুত পাৰ্থক্য আছে। আহক আমি এনে পাঁচটা কথাৰ ওপৰত ধ্যান দিওঁ।

১. ঈশ্বৰৰ লোকসকল একেখন ৰাষ্ট্ৰৰ পৰা আছিল

অতীতত ঈশ্বৰৰ লোকসকল একেখন ৰাষ্ট্ৰৰ পৰা আছিল অৰ্থাৎ ইস্ৰায়েল ৰাষ্ট্ৰৰ পৰা। যিহোৱাই তেওঁলোকৰ বিষয়ে কৈছিল যে তেওঁলোক ‘সকলো জাতিবিলাকৰ মাজৰ পৰা লোৱা ধনস্বৰূপ।’ (যাত্ৰা. ১৯:৫) যিহোৱাই তেওঁলোকক থাকিবৰ বাবে এখন বিশেষ এলেকা দিছিল। সেইবাবে, যেতিয়া যিহোৱাই তেওঁলোকক যুদ্ধ কৰিবলৈ কৈছিল, তেতিয়া তেওঁলোকে আচলতে আন দেশৰ লগত যুদ্ধ কৰিছিল, নিজৰ লোকসকলৰ লগত নহয়। *

আজি যিহোৱাৰ সেৱকসকল “সকলো জাতি, ফৈদ, লোক, আৰু ভাষাৰ” পৰা হয়। (প্ৰকা. ৭:৯) সেইবাবে, যদি যিহোৱাৰ সেৱকসকলে যুদ্ধত ভাগ লয়, তেনেহʼলে অন্য পক্ষত থকা নিজৰ ভাই-ভনীসকলকে মাৰিব পাৰে।

২. যিহোৱাই ইস্ৰায়েলীসকলক যুদ্ধ কৰিবলৈ আজ্ঞা দিছিল

অতীতত ইস্ৰায়েলীসকলে কেতিয়া যুদ্ধ কৰিব আৰু কিয় যুদ্ধ কৰিব, তাৰ নিৰ্ণয় যিহোৱাই লৈছিল। উদাহৰণস্বৰূপে, যিহোৱাই ইস্ৰায়েলীসকলক যি দেশ দিবলৈ প্ৰতিজ্ঞা কৰিছিল, সেই দেশত কনানীয়া লোকসকল থাকিছিল। তেওঁলোকে দুষ্ট স্বৰ্গদূতসকলৰ উপাসনা কৰিছিল, অনৈতিক কাম কৰিছিল আৰু নিজৰ লʼৰা-ছোৱালীক বলি দিছিল। ইস্ৰায়েলীসকলৰ ওপৰত কনানীয়াসকলৰ প্ৰভাৱ পৰাটো যিহোৱাই বিচৰা নাছিল। সেইবাবে, যিহোৱাই তেওঁলোকৰ লগত যুদ্ধ কৰি তেওঁলোকক শেষ কৰিবলৈ আজ্ঞা দিছিল। (লেবী. ১৮:২৪, ২৫) প্ৰতিজ্ঞা কৰা দেশত থকাৰ সময়তো ইস্ৰায়েলীসকলক তেওঁলোকৰ শত্ৰুৱে তেওঁলোকক বহুত তাড়না দিছিল। সেইবাবে, বহু বাৰ নিজৰ সুৰক্ষাৰ বাবে যিহোৱাই তেওঁলোকক যুদ্ধ কৰিবলৈ কৈছিল। (২ চমূ. ৫:১৭-২৫) কিন্তু যিহোৱাই কেতিয়াও ইস্ৰায়েলীসকলক কাৰ লগত যুদ্ধ কৰিব লাগে, এয়া নিৰ্ণয় লোৱাৰ অধিকাৰ দিয়া নাছিল। তেওঁলোকে যেতিয়া এইদৰে কৰিলে, তেতিয়া তেওঁলোকৰ পৰিণাম বৰ বেয়া হʼল।—গণ. ১৪:৪১-৪৫; ২ বং. ৩৫:২০-২৪.

আজি যিহোৱাই মানৱজাতিক এজনে-আনজনৰ লগত যুদ্ধ কৰাৰ অধিকাৰ দিয়া নাই। তথাপি আজি বহুতো দেশে যুদ্ধ কৰে। সেই যুদ্ধত তেওঁলোকে নিজৰ লাভ বিচাৰে। এই যুদ্ধৰ জৰিয়তে ঈশ্বৰৰ উদ্দেশ্য পূৰ নহয়। বহু বাৰ তেওঁলোকে নিজৰ সীমা বঢ়াবলৈ, ধনী হʼবলৈ আৰু ৰাজনৈতিক বিষয়বোৰৰ বাবে যুদ্ধ কৰে। কিছুমান লোকে ধৰ্মৰ নামত যুদ্ধ কৰে। তেওঁলোকে এইদৰে কয়, আমি দেখোন ঈশ্বৰৰ শত্ৰুসকলক মাৰি আছোঁ। যদি আমি এনে নকৰোঁ, তেনেহʼলে আমাৰ ধৰ্ম শেষ হৈ যাব। কিন্তু যিহোৱাৰ লোকসকলে এই বিষয়ত চিন্তিত নহয়। কিয়নো যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে তেওঁ নিজৰ লোকসকলক বচাব আৰু তেওঁলোকৰ শত্ৰুসকলক নাশ কৰিব। তেওঁ এই কাৰ্য্য এতিয়া নকৰে, ভৱিষ্যতে কৰিব অৰ্থাৎ হৰমাগিদোন যুদ্ধত। (প্ৰকা. ১৬:১৪, ১৬) সেই সময়ত যিহোৱাই স্বৰ্গত থকা তেওঁৰ সৈন্যসকলক এই যুদ্ধত ভাগ লʼবলৈ পঠাব, পৃথিৱীত থকা তেওঁৰ লোকসকলক নহয়।—প্ৰকা. ১৯:১১-১৫.

৩. ইস্ৰায়েলীসকলে সেই লোকসকলক নামাৰিলে, যিসকলে যিহোৱাৰ ওপৰত বিশ্বাস ৰাখিছিল

যিহোৱাই ৰাহাব আৰু তেওঁৰ পৰিয়ালৰ ওপৰত দয়া দেখুৱালে আৰু তেওঁলোকক ৰক্ষা কৰিলে। কিন্তু আজিৰ যুদ্ধবোৰত সেই লোকসকলক বচোৱা হয়নে, যিসকলে যিহোৱাৰ ওপৰত বিশ্বাস ৰাখে?

অতীতত ইস্ৰায়েলী সৈনিকসকলে কেৱল সেই লোকসকলক যুদ্ধত মাৰিছিল, যিসকল যিহোৱাৰ পৰা শাস্তি পোৱাৰ যোগ্য আছিল। কিন্তু সেই লোকসকলক তেওঁলোকে নামাৰিলে, যিসকলে যিহোৱাৰ ওপৰত বিশ্বাস ৰাখিলে। যেনে, যিৰীহো নগৰখন ধ্বংস কৰিবলৈ ইস্ৰায়েলীসকলক আদেশ দিয়া হৈছিল। কিন্তু তেওঁলোকে ৰাহাব আৰু তেওঁৰ পৰিয়ালক নামাৰিলে, কিয়নো ৰাহাবে যিহোৱাৰ ওপৰত বিশ্বাস কৰিছিল। (যিহো. ২:৯-১৬; ৬:১৬, ১৭) আগলৈ যেতিয়া গিবিয়োন চহৰ ধ্বংস কৰাৰ সময় আহি পৰিছিল, তেতিয়া ইস্ৰায়েলীসকলে তাত থকা লোকসকলক নাশ নকৰিলে। কিয়নো গিবিয়োনীয়াবিলাকে বিশ্বাস কৰিছিল যে যিহোৱাই একমাত্ৰ সত্য ঈশ্বৰ হয়।—যিহো. ৯:৩-৯, ১৭-১৯.

আজিও যেতিয়া দুখন দেশৰ মাজত যুদ্ধ হয়, তেতিয়া সৈনিকসকলে এয়া নাচাই যে ওচৰত থকা ব্যক্তিজন ঈশ্বৰক বিশ্বাস কৰে নে নকৰে। তেওঁলোকে কাৰো প্ৰতি দয়া নেদেখুৱাই আৰু প্ৰায়েই এই যুদ্ধত নিৰ্দোষী লোকে নিজৰ জীৱন হেৰুৱাবলগীয়া হয়।

৪. ইস্ৰায়েলীসকলে যুদ্ধত যিহোৱা ঈশ্বৰৰ নিয়ম মানিছিল

অতীতত ঈশ্বৰে ইস্ৰায়েলীসকলক যুদ্ধত কিছুমান নিৰ্দেশনা আৰু নিয়ম মানি চলিবলৈ কৈছিল। বহু বাৰ যিহোৱাই তেওঁলোকক কোনো এখন চহৰত যুদ্ধ কৰাৰ আগতে তাত থকা লোকসকলৰ ওচৰত “সন্ধিৰ কথা প্ৰচাৰ কৰিবা” বুলি কৈছিল। (দ্বিতী. ২০:১০) যিহোৱাই তেওঁলোকক নিজকে আৰু নিজে থকা ছাউনিক চাফ-চিকুণ কৰি ৰাখিবলৈ আৰু যিহোৱাৰ নৈতিক মানদণ্ড মানি চলিবলৈ কৈছিল। (দ্বিতী. ২৩:৯-১৪) আনহাতে ইস্ৰায়েলীসকলৰ এলেকাৰ ওচৰত থকা দেশে যেতিয়া কোনোবা এখন দেশত অধিকাৰ কৰিছিল, তেতিয়া তেওঁলোকৰ সৈনিকে তাত থকা তিৰোতাসকলৰ বলাৎকাৰ কৰিছিল। কিন্তু যিহোৱাই ইস্ৰায়েলীসকলক এনে কৰাৰ পৰা আঁতৰি থাকিবলৈ কৈছিল। যিহোৱাই ইস্ৰায়েলী সৈনিকসকলক এয়াও কৈছিল যে যদি তেওঁলোকে কোনোবা এখন দেশত অধিকাৰ কৰে, তেতিয়া লগে লগে তাত থকা তিৰোতাৰ লগত বিয়া কৰিব নোৱাৰে। যদি তেওঁলোকে বিয়া কৰিব বিচাৰে, তেনেহʼলে তেওঁলোকে এমাহ ৰব লাগিছিল।—দ্বিতী. ২১:১০-১৩.

আজি বহুতো দেশে কিছুমান নিয়ম বনাইছে, যাতে যুদ্ধৰ সময়ত এই নিয়মবোৰ মানি চলে। এই নিয়মবোৰ সাধাৰণ লোকৰ সুৰক্ষাৰ বাবে বনোৱা হৈছে। কিন্তু দুখৰ বিষয় যে এই নিয়মবোৰ প্ৰায়েই মানি নচলে।

৫. যিহোৱাই ইস্ৰায়েলীসকলৰ ফলীয়া হৈ যুদ্ধ কৰিলে

যিৰীহোত যিহোৱাই ইস্ৰায়েলীসকলৰ ফলীয়া হৈ যুদ্ধ কৰিলে। আজিও যিহোৱাই কোনো দেশৰ ফলীয়া হৈ যুদ্ধ কৰেনে?

অতীতত যুদ্ধৰ সময়ত যিহোৱা ইস্ৰায়েলীসকলৰ লগত আছিল আৰু বহু বাৰ আচৰিত কৰ্ম্ম কৰি তেওঁলোকক জয়ী কৰাইছিল। মনত পেলাওক যিহোৱাই ইস্ৰায়েলীসকলক কেনেকৈ যিৰীহো নগৰখন জয় কৰিবলৈ সহায় কৰিছিল। যিহোৱাৰ আদেশত ইস্ৰায়েলীসকলে যুদ্ধৰ “মহাধ্বনি কৰিলে” আৰু ‘নগৰৰ গড় পৰিল।’ এইদৰে ইস্ৰায়েলীসকলে সহজতে নগৰখন অধিকাৰ কৰিলে। (যিহো. ৬:২০) ইমোৰীয়াসকলক যুদ্ধত পৰাজয় কৰাত যিহোৱাই বহুত সহায় কৰিলে। তেওঁ “আকাশৰ পৰা মহাশিলা বৰষালে” আৰু যুদ্ধত “ইস্ৰায়েলৰ সন্তানবিলাকে সিহঁতৰ যিমান মানুহ তৰোৱালেৰে বধ কৰিলে, তাতকৈয়ো অধিক লোক শিলাবৃষ্টিত মৰিল।”—যিহো. ১০:৬-১১.

আজি যিহোৱাই কোনো দেশৰ ফলীয়া হৈ যুদ্ধ নকৰে। তেওঁৰ ৰাজ্য “এই জগতৰ নহয়” আৰু এই কথাষাৰ এই ৰাজ্যৰ ৰজা যীচুৱে নিজেই কৈছিল। (যোহ. ১৮:৩৬) আজি মানৱীয় চৰকাৰবোৰ চয়তানৰ হাতত আছে। সেইবাবে, যুদ্ধবোৰৰ আঁৰত চয়তান থাকে। সি নিৰ্দয়ী, সেইবাবে লোকসকলে যুদ্ধত বৰ নিৰ্দয়তাৰে এজনে-আনজনৰ হত্যা কৰে।—লূক ৪:৫, ৬; ১ যোহ. ৫:১৯.

সত্য খ্ৰীষ্টানসকলে আনৰ লগত শান্তি বজাই ৰাখে

আমি শিকিলোঁ যে আমাৰ আৰু ইস্ৰায়েলীসকলৰ পৰিস্থিতিত বহুত পাৰ্থক্য আছে। কিন্তু আমি কেৱল এই কাৰণবোৰৰ বাবে যুদ্ধত ভাগ নলওঁ, ইয়াৰ আৰু বহুতো কাৰণ আছে। যেনে, যিহোৱাই ভৱিষ্যতবাণী কৰিছিল যে শেষ-কালত তেওঁৰ লোকসকলে ‘যুদ্ধ-বিদ্যা নিশিকিব।’ সেইবাবে, আমি যুদ্ধত ভাগ নলওঁ। (যিচ. ২:২-৪) ইয়াৰ উপৰিও যীচুৱে কৈছিল যে তেওঁৰ শিষ্যসকল এই ‘জগতৰ নহয়,’ অৰ্থাৎ তেওঁৰ শিষ্যসকলে এই জগতৰ যিকোনো বাদ-বিবাদত কাৰো পক্ষ নলʼব।—যোহ. ১৫:১৯.

যুদ্ধ কৰাটো দূৰৰে কথা যীচুৱে নিজৰ শিষ্যসকলক নিজৰ অন্তৰত খং, ৰাগ আৰু ঈৰ্ষাও নাৰাখিবলৈ কৈছিল। (মথি ৫:২১, ২২) আনকি যীচুৱে তেওঁলোকক আনৰ লগত ‘মিলি’ থাকিবলৈ কৈছিল আৰু নিজৰ শত্ৰুকো প্ৰেম কৰিবলৈ কৈছিল।—মথি ৫:৯, ৪৪.

ইয়াত কোনো সন্দেহ নাই যে আজি আমি যুদ্ধত ভাগ নলওঁ। কিন্তু আমি নিজৰ মনত কোনো ভাই বা ভনীৰ প্ৰতি খং পুহি ৰাখিছোঁনে? যদি এইদৰে হয়, তেনেহʼলে মণ্ডলীত প্ৰেম আৰু একতা নাইকিয়া হʼব। সেইবাবে, আমি নিজৰ মনৰ পৰা ঘৃণাৰ ভাবনাটো উলিয়াই পেলোৱাটো অতি প্ৰয়োজন।—যাকো. ৪:১, ১১.

আমি যুদ্ধবোৰত ভাগ নলওঁ, ইয়াৰ পৰিৱৰ্তে প্ৰেম আৰু শান্তিৰে থাকিবলৈ যত্ন কৰোঁ। (যোহ. ১৩:৩৪, ৩৫) যিহোৱাই যুদ্ধবোৰক সদায় কালৰ বাবে নাইকিয়া কৰাটো চাবলৈ আমি আগ্ৰহেৰে বাট চাই আছোঁ। কিন্তু তেতিয়ালৈকে আমি থিৰাং কৰিছোঁ যে আমি এই জগতৰ বাদ-বিবাদ আৰু যুদ্ধবোৰত কাৰো পক্ষ নলʼম।—গীত. ৪৬:৯.

^ কেতিয়াবা কেতিয়াবা ইস্ৰায়েলৰ ফৈদে নিজৰ মাজতে যুদ্ধ কৰিছিল। কিন্তু ইয়াৰ পৰা যিহোৱা আনন্দিত নাছিল। (১ ৰাজা. ১২:২৪) কিন্তু কিছুমান ক্ষেত্ৰত যিহোৱাই এই যুদ্ধক অনুমতি দিছিল। কাৰণ কিছুমান ফৈদে যিহোৱাৰ বিৰুদ্ধে আচৰণ কৰিছিল বা তেওঁৰ বিৰুদ্ধে গভীৰ পাপ কৰিছিল।—বিচা. ২০:৩-৩৫; ২ বং. ১৩:৩-১৮; ২৫:১৪-২২; ২৮:১-৮.