Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৪৩

প্ৰকৃত বুদ্ধিয়ে ৰিঙিয়াই আছে

প্ৰকৃত বুদ্ধিয়ে ৰিঙিয়াই আছে

“প্ৰজ্ঞাই আলিত ৰিঙিয়াই কয়, চকবোৰত নিজ মাত শুনায়।”—হিতো. ১:২০.

গীত ৮৮ তোমাৰ পথ আমাক শিকোৱা

লেখৰ এক আভাস *

১. যেতিয়া আমি লোকসকলক বাইবেলৰ বুদ্ধিৰে ভৰা কথাবোৰ কওঁ, তেতিয়া বহুতো লোকে কি কৰে? (হিতোপদেশ ১:২০, ২১)

 আজি বহুতো দেশত আমাৰ ভাই-ভনীসকলে ভীৰ থকা আলি-বাটত প্ৰচাৰ কৰে। তেওঁলোকে ৰাস্তাৰ কাষতে থিয় হৈ অহা-যোৱা কৰা লোকসকলক প্ৰচাৰ কৰে। আপুনিও কেতিয়াবা এইদৰে প্ৰচাৰ কৰিছেনে আৰু কাৰোবাক কিবা পঢ়িবলৈ দিছেনে? যদি এইদৰে কৰিছে, তেনেহʼলে তেতিয়া হয়তো আপোনাক হিতোপদেশত লিখা এটা কথা মনত পৰিছিল। তাত এইদৰে লিখা আছে, প্ৰকৃত বুদ্ধি আলিত ৰিঙিয়াই থাকে, যাতে লোকসকলে ইয়াৰ বিষয়ে শুনিব পাৰে। (হিতোপদেশ ১:২০, ২১ পঢ়ক।) বাইবেল আৰু আমাৰ প্ৰকাশনবোৰত প্ৰকৃত ‘প্ৰজ্ঞা’ অৰ্থাৎ যিহোৱাৰ বুদ্ধিৰে ভৰা পৰামৰ্শ পোৱা যায়। সেইবাবে, যেতিয়া লোকসকলে আমাৰ পৰা প্ৰকাশনবোৰ লয়, তেতিয়া আমাৰ বহুত ভাল লাগে। কিয়নো তেওঁলোকে সেই প্ৰকাশনবোৰ পঢ়িলে আগলৈ গৈ অনন্ত জীৱন জীয়াই থকাৰ সুযোগ লাভ কৰিব। কিন্তু সকলোৱে আমাৰ প্ৰকাশনবোৰ নলয়। কিছুমান লোকে বাইবেলত কি লিখা আছে, তাৰ বিষয়ে শুনিবই নিবিচাৰে। কিছুমান লোকে আমাক ঠাট্টা কৰে আৰু তেওঁলোকে ভাবে যে বাইবেলখন পুৰণি কিতাপ হয় আৰু আজি ইয়াৰ পৰা আমাৰ একোৱেই লাভ নহʼব। কিছুমান লোকে বাইবেলৰ মানদণ্ডবোৰ ভাল নাপায় আৰু তেওঁলোকে নিজৰ মতেই জীৱন-যাপন কৰিব বিচাৰে। তেওঁলোকে আমাৰ বিষয়ে বেয়াকৈ কয়, কাৰণ তেওঁলোকে ভাবে যে আমি অলপ বেছিকৈ নিয়মবোৰ মানি চলোঁ। যদিও আজি কিছুমান লোকে যিহোৱাৰ বুদ্ধিৰে ভৰা পৰামৰ্শ শুনিব নিবিচাৰে, তথাপি যিহোৱাই সকলোকে প্ৰকৃত বুদ্ধি পাবলৈ সুযোগ দি আছে। তেওঁ এয়া কেনেকৈ কৰি আছে?

২. আমি প্ৰকৃত বুদ্ধি কʼৰ পৰা পাব পাৰোঁ, কিন্তু কিছুমান লোকে কি কৰে?

যিহোৱাই লোকসকলক নিজৰ বাক্য বাইবেলৰ যোগেদি বুদ্ধিৰে ভৰা কথাবোৰ শিকায়। আজি প্ৰায় বহুতো লোকে নিজৰ ভাষাত বাইবেল পঢ়িব পাৰে। যিহোৱাই বাইবেল আধাৰিত প্ৰকাশনৰ যোগেদি আমাক শিকাই আছে আৰু এই প্ৰকাশনবোৰ ১০০০-তকৈ বেছি ভাষাত উপলদ্ধ আছে। যদি লোকসকলে যিহোৱাৰ কথাৰ ওপৰত ধ্যান দিয়ে অৰ্থাৎ বাইবেল আৰু বাইবেল আধাৰিত প্ৰকাশনবোৰ পঢ়ে আৰু তাৰ অনুসৰি জীৱন-যাপন কৰে, তেনেহʼলে তেওঁলোকে লাভৱান হʼব। কিন্তু বেছিভাগ লোকে যিহোৱাৰ কথা নুশুনে। তেওঁলোকে নিৰ্ণয় লোৱাৰ সময়ত নিজৰ মনৰ কথা শুনে আৰু আনৰ পৰা পৰামৰ্শ লয়। যেতিয়া কোনোবাই বাইবেলৰ কথা অনুসাৰে চলে, তেতিয়া সেই লোকসকলে তেওঁলোকক অপমান কৰে। এই লেখত আমি শিকিম যে তেওঁলোকে কিয় এইদৰে কৰে। কিন্তু ইয়াৰ আগতে আহক চাওঁ যে যিহোৱাৰ পৰা বুদ্ধি পাবলৈ আমি কি কৰা উচিত।

যিহোৱাৰ বিষয়ে শিকি বুদ্ধি লাভ কৰক

৩. প্ৰকৃত বুদ্ধি মানে কি?

আমি এনে এজন ব্যক্তিক বুদ্ধিমান বুলি কওঁ, যিজনে ভাবি-চিন্তি কাম কৰে আৰু ভাল নিৰ্ণয় লয়। কিন্তু প্ৰকৃত বুদ্ধিৰ বিষয়ে বাইবেলত এইদৰে লিখা আছে, “যিহোৱালৈ ভয় ৰখাই প্ৰজ্ঞাৰ আৰম্ভণ, আৰু পবিত্ৰ জনাক জনাই সুবিবেচনা।” (হিতো. ৯:১০) কোনো গুৰুত্বপূৰ্ণ নিৰ্ণয় লোৱাৰ আগতে আমি যিহোৱাৰ চিন্তাধাৰাৰ বিষয়ে জানিবলৈ চেষ্টা কৰা উচিত। কিন্তু আমি যিহোৱাৰ চিন্তাধাৰাৰ বিষয়ে কেনেকৈ জানিব পাৰোঁ? বাইবেল আৰু বাইবেল আধাৰিত প্ৰকাশনবোৰ পঢ়ি। যেতিয়া আমি যিহোৱাৰ চিন্তাধাৰাৰ বিষয়ে জানিম, তেতিয়া আমি ভাল নিৰ্ণয় লʼম। এইদৰে কৰিলে আমি দেখুৱাব পাৰিম যে আমাৰ প্ৰকৃত বুদ্ধি আছে।—হিতো. ২:৫-৭.

৪. কেৱল যিহোৱাইহে আমাক প্ৰকৃত বুদ্ধি দিব পাৰিব বুলি আমি কিয় কʼব পাৰোঁ?

আমি প্ৰকৃত বুদ্ধি কেৱল যিহোৱাৰ পৰাহে পাব পাৰোঁ। (ৰোম. ১৬:২৭) আমি কিয় এইদৰে কʼব পাৰোঁ? ইয়াৰ তিনিটা কাৰণৰ ওপৰত ধ্যান দিয়ক। প্ৰথম, যিহোৱাই সকলোবোৰ সৃষ্টি কৰিছে আৰু তেওঁ নিজৰ সৃষ্টিৰ বিষয়ে সকলো কথা জানে। (গীত. ১০৪:২৪) দ্বিতীয়, তেওঁ যিয়ে কাম কৰে, তাৰ পৰা জানিব পাৰি যে তেওঁ কিমান বুদ্ধিমান হয়। (ৰোম. ১১:৩৩) তৃতীয়, যিহোৱাৰ পৰামৰ্শ পালন কৰিলে আমাৰ সদায় লাভ হয়। (হিতো. ২:১০-১২) যেতিয়া আমি এইবোৰৰ বিষয়ে চিন্তা কৰিম, তেতিয়া আমাৰ বিশ্বাস হʼব যে যিহোৱাইহে প্ৰকৃত বুদ্ধি দিব পাৰে। সেইবাবে, কিবা এটা কাম কৰাৰ আগতে বা নিৰ্ণয় লোৱাৰ আগতে আমি যিহোৱাৰ চিন্তাধাৰা জানিবলৈ চেষ্টা কৰিম।

৫. লোকসকলে যিহোৱাৰ কথা শুনাৰ পৰিৱৰ্তে নিজৰ মতেই জীৱন-যাপন কৰিলে কি হয়?

আজি পৃথিৱীত বহুতো লোকে সৃষ্টিৰ বস্তুবোৰ দেখি কয় যে এয়া বহুত ধুনীয়া আৰু মনোমোহা। কিন্তু এই সকলোবোৰ কোনোবাই সৃষ্টি কৰিছে বুলি তেওঁলোকে বিশ্বাস নকৰে। তাৰ পৰিৱৰ্তে তেওঁলোকে বিবৰ্তণ বা বিকাশবাদৰ ওপৰত বিশ্বাস কৰে। আনহাতে, কিছুমান লোকে ঈশ্বৰ আছে বুলি বিশ্বাস কৰে, কিন্তু তেওঁলোকে বাইবেলত লিখা কথাবোৰ পুৰণি কথা বুলি ভাবে আৰু তেওঁলোকে নিজৰ মতেই জীৱন-যাপন কৰে। এই লোকসকলে ভাবে যে তেওঁলোকক ঈশ্বৰৰ প্ৰয়োজন নাই আৰু তেওঁলোকে নিজৰ নিৰ্ণয় নিজে লʼব পাৰে। কিন্তু লোকসকলে ঈশ্বৰৰ কথা শুনাৰ পৰিৱৰ্তে নিজৰ বুদ্ধিৰে কাম কৰাৰ বাবে আজি আনন্দত আছেনে? এনেদৰে কৰাৰ বাবে পৃথিৱীৰ পৰিস্থিতি ভাল হৈছেনে? তেওঁলোকৰ ওচৰত ভৱিষ্যতৰ বাবে কিবা আশা আছেনে? ইয়াৰ পৰা বাইবেলত লিখা এই কথাৰ ওপৰত আমাৰ বিশ্বাস বাঢ়ে যে “যিহোৱাৰ বিৰুদ্ধে জয়কাৰী প্ৰজ্ঞা, বুদ্ধি, কিম্বা পৰামৰ্শ একোৱেই নাই।” (হিতো. ২১:৩০) সঁচাকৈ কেৱল যিহোৱাইহে প্ৰকৃত বুদ্ধি দিব পাৰে। গতিকে তেওঁৰ পৰা বুদ্ধি বিচাৰিবলৈ আমাৰ মন নাযায়নে? কিন্তু বহুতো লোকে কিয় যিহোৱাৰ কথা শুনিব নিবিচাৰে, আহক চাওঁ।

বহুতো লোকে যিহোৱাৰ বুদ্ধি ভৰা পৰামৰ্শ কিয় নুশুনে?

৬. হিতোপদেশ ১:২২-২৫ পদৰ অনুসৰি কোনে প্ৰকৃত বুদ্ধিৰ মাত নুশুনে?

যেতিয়া প্ৰকৃত বুদ্ধিয়ে “আলিত ৰিঙিয়াই কয়,” তেতিয়া বহুতো লোকে নিজৰ কাণ বন্ধ কৰি লোৱাৰ নিচিনা হয়। বাইবেলত কোৱা হৈছে যে তিনিধৰণৰ লোকে যিহোৱাৰ বুদ্ধিৰে ভৰা পৰামৰ্শৰ ওপৰত ধ্যান নিদিয়ে, তেওঁলোক হৈছে ‘নিৰ্ব্বোধ,’ ‘নিন্দক’ আৰু ‘অজ্ঞান।’ (হিতোপদেশ ১:২২-২৫ পঢ়ক।) এই লোকসকলে যিহোৱাৰ কথা কিয় নুশুনে আৰু আমি তেওঁলোকৰ দৰে নহʼবলৈ কি কৰিব পাৰোঁ, আহক চাওঁ।

৭. কিছুমান লোকে কিয় ‘নিৰ্বোধ’ হৈ থাকে?

“নিৰ্ব্বোধ” বা মূৰ্খ লোকসকলে সহজে আনৰ কথাত ভুল যায় আৰু সহজে তেওঁলোক ভুল পথলৈ যায়। (হিতো. ১৪:১৫) আজি পৃথিৱীত এনে লাখ লাখ লোক আছে, যিসকলে নেতা আৰু ধৰ্ম গুৰুসকলৰ ওপৰত বিশ্বাস কৰে আৰু তেওঁলোকক যিয়ে কৰিবলৈ কোৱা হয়, সেই সকলো কৰিবলৈ তেওঁলোকে সাজু থাকে। পাছত যেতিয়া তেওঁলোকে গম পায় যে তেওঁলোকক মিছা কথা কৈ ভুল পথলৈ নিয়া হৈছিল, তেতিয়া তেওঁলোকে বৰ আঘাত পায়। কিন্তু হিতোপদেশ ১:২২ পদত কোৱা অনুসৰি কিছুমানে জানি-শুনি নিৰ্বোধ হʼবলৈ বিচাৰে। তেওঁলোকে সেই নেতাসকলক অনুকৰণ কৰি ভাল পায়। (যিৰি. ৫:৩১) প্ৰচাৰ কৰাৰ সময়ত আমি এনেধৰণৰ লোকক লগ পাওঁ। তেওঁলোকে বাইবেলত কি লিখা আছে, তাৰ বিষয়ে জানিবই নিবিচাৰে আৰু তেওঁলোকক যি ভাল লাগে, তাকে কৰে। কানাডাৰ কিউবেক চহৰত এজন ভায়ে প্ৰচাৰ কৰাৰ সময়ত এনে এজনী তিৰোতাক লগ পাইছিল। তেওঁ নিজৰ পাদুৰীজনৰ ওপৰত বহুত বিশ্বাস কৰিছিল। তেওঁ সেই ভাইজনক এইদৰে কৈছিল, “যদি আমাৰ পাদুৰীয়ে ভুল শিক্ষা দি আছে, তেনেহʼলে ইয়াত তেওঁৰহে ভুল আছে, আমাৰ কোনো ভুল নাই।” যিসকল লোকে জানি-শুনি নিৰ্বোধ হৈ থাকিব বিচাৰে আমি তেওঁলোকৰ নিচিনা একেবাৰে হʼব নিবিচাৰোঁ।—হিতো. ১:৩২; ২৭:১২.

৮. বুদ্ধিমান ব্যক্তি হʼবলৈ আমি কি কৰা উচিত?

বাইবেলতো লিখা আছে যে ‘বিবেচনাত ল’ৰা নহবা; কিন্তু বিবেচনাত বয়সস্থ হোৱা।’ (১ কৰি. ১৪:২০) বাইবেলৰ সিদ্ধান্তৰ অনুসৰি জীৱন-যাপন কৰিলে আমি বুদ্ধিমান হʼব পাৰিম। এইদৰে কৰিলে পাছত আমি চাব পাৰিম যে বাইবেলৰ সিদ্ধান্তবোৰ পালন কৰিলে কিমান লাভ হয়। যেনে, আমি সমস্যাৰ পৰা বাছি থাকিব পাৰিম আৰু সঠিক নিৰ্ণয় লʼব পাৰিম। চিন্তা কৰক যে আপুনি এতিয়ালৈকে কেনেধৰণৰ নিৰ্ণয় লৈছে। যদি আপুনি বহু সময় ধৰি বাইবেল অধ্যয়ন কৰি আছে আৰু সভাবোৰত আহি আছে, তেনেহʼলে আপুনি নিজকে সুধিব পাৰে যে কি কথাই আপোনাক নিজৰ জীৱন সমৰ্পণ কৰিবলৈ আৰু বাপ্তিষ্মা লʼবলৈ বাধা দিছে? অথবা যদি আপোনাৰ বাপ্তিষ্মা হৈ গʼল, তেনেহʼলে আপুনি লোকসকলক আৰু ভালদৰে প্ৰচাৰ কৰিবলৈ আৰু শিকাবলৈ চেষ্টা কৰেনে? আপুনি বাইবেলৰ সিদ্ধান্তৰ অনুসৰি নিৰ্ণয় লয়নে? যীচুৱে লোকসকলৰ লগত যিদৰে ব্যৱহাৰ কৰিছিল, আপুনিও ঠিক সেইদৰে লোকসকলৰ লগত ব্যৱহাৰ কৰেনে? যদি আপুনি ভাবে যে আপোনাক কিবা শুধৰণি কৰিবলৈ প্ৰয়োজন আছে, তেনেহʼলে যিহোৱাৰ পৰমাৰ্শৰ ওপৰত ধ্যান দিয়ক। তেওঁৰ পৰামৰ্শই ‘অজ্ঞানক জ্ঞান দিয়ে।’—গীত. ১৯:৭.

৯. হিতোপদেশ ১:২২ পদত কোৱা দ্বিতীয় ধৰণৰ লোক কোন আৰু তেওঁলোকে কি কৰে?

হিতোপদেশ ১:২২ পদত ‘নিন্দক’ লোকসকলৰ বিষয়েও কোৱা হৈছে। বাইবেলত আগতেই কোৱা হৈছিল যে শেষ-কালত বহুতো লোক এইদৰে হʼব। (২ পিত. ৩:৩, ৪) প্ৰাচীন সময়ত লোটৰ জোৱাইসকলে ঈশ্বৰৰ ফালৰ পৰা পোৱা সতৰ্ক বাণীৰ ওপৰত ধ্যান নিদিলে। (আদি. ১৯:১৪) ঠিক সেইদৰে আজি যেতিয়া আমি লোকসকলক প্ৰচাৰ কৰোঁ, তেতিয়াও কিছুমান লোকে আমাৰ কথা নুশুনে। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে আমাক ঠাট্টাহে কৰে। (গীত. ১২৩:৪) তেওঁলোকে “নিজ নিজ অভিলাষৰ দৰে” কাম কৰিব বিচাৰে। সেই কাৰণে যিসকল লোকে বাইবেলৰ সিদ্ধান্তৰ অনুসৰি জীৱন-যাপন কৰে, সেই লোকসকলক তেওঁলোকে ঠাট্টা কৰে। (যিহূ. ৭, ১৭, ১৮) যিসকলে যিহোৱাৰ বিষয়ে শিকিব নিবিচাৰে বা যিসকল ধৰ্মত্যাগী হয়, তেওঁলোকে ঠিক এইদৰেই কৰে।

১০. যদি আমি নিন্দকসকলৰ দৰে হʼব নিবিচাৰোঁ, তেনেহʼলে আমি কি কৰিব লাগিব? (গীতমালা ১:১)

১০ আমি ধ্যান দিয়া উচিত যাতে আমি নিন্দকসকলৰ দৰে হৈ নপৰোঁ। ইয়াৰ বাবে আমি কিছুমান কথাৰ প্ৰতি ধ্যান দিব পাৰোঁ। যেনে, যিসকল লোকে প্ৰতিটো কথাতে ভুল বিচাৰি থাকে, আমি তেওঁলোকৰ পৰা আঁতৰি থকা উচিত। (গীতমালা ১:১ পঢ়ক।) ধৰ্মত্যাগীসকলেও এইদৰে কৰে। সেইবাবে, আমি তেওঁলোকৰ কথা শুনা উচিত নহয় আৰু তেওঁলোকৰ কোনো লেখো পঢ়া উচিত নহয়। যদি আমি এনে লোকসকলৰ লগত সময় অতিবাহিত কৰোঁ, তেনেহʼলে আমিও তেওঁলোকৰ দৰে হৈ পৰিম। হয়তো আমি প্ৰতিটো কথাতে অভিযোগ কৰিবলৈ ধৰিম। নাইবা যিহোৱাই সংগঠনক চলাই আছে আৰু আমি যিবোৰ নিৰ্দেশনা পাই আছোঁ, তাৰ ওপৰত আমি সন্দেহ কৰিব পাৰোঁ। আমি সাৱধান হোৱা উচিত যাতে আমি তেওঁলোকৰ দৰে হৈ নপৰোঁ। সেইবাবে, আমি ভবা উচিত যে ‘যেতিয়া আমি কোনো নতুন নিৰ্দেশনা পাওঁ বা আমাৰ বুজাবুজিত কিবা সাল-সলনি হয়, তেতিয়া মই লগে লগে মানি লওঁ নে সেইবোৰত ভুল বিচাৰি থাকোঁ? যিসকল ভায়ে সংগঠনত নেতৃত্ব লয়, মই তেওঁলোকৰ দুৰ্বলতাবোৰ বিচাৰি থাকোঁনে?’ যদি আপুনি অনুভৱ কৰে যে আপুনি এইদৰেই কৰিব ধৰিছে, তেনেহʼলে লগে লগে নিজকে সলনি কৰিবলৈ চেষ্টা কৰক। এইদৰে কৰিলে যিহোৱা বহুত আনন্দিত হʼব।—হিতো. ৩:৩৪, ৩৫.

১১. ‘অজ্ঞান’ বুলি কোন লোকসকলক কোৱা হৈছে?

১১ ‘অজ্ঞান’ লোকসকল হৈছে তৃতীয় ধৰণৰ লোক, যিসকলে প্ৰকৃত বুদ্ধিৰ মাত নুশুনে। আমি জানোঁ যে কেৱল যিহোৱাহে সকলোতকৈ বুদ্ধিমান হয়। কিন্তু এই লোকসকলে যিহোৱা আৰু তেওঁৰ মানদণ্ডৰ বিষয়ে জানিব নিবিচাৰে। (গীত. ৫৩:১) ইয়াৰ পৰিৱৰ্তে তেওঁলোকক যি ভাল লাগে, তাকেই কৰিব বিচাৰে। (হিতো. ১২:১৫) সেইবাবে, তেওঁলোকক অজ্ঞান বুলি কোৱা হৈছে। তেওঁলোকৰ ওচৰত কোনো ভাল পৰামৰ্শ নাথাকে। তথাপি যেতিয়া আমি তেওঁলোকক প্ৰচাৰ কৰোঁ, তেতিয়া তেওঁলোকে আমাৰ পৰামৰ্শ নুশুনে, ইয়াৰ পৰিৱৰ্তে তেওঁলোকে আমাৰ বিষয়ে বেয়াকৈ কয়। তেওঁলোকে ভাবে যে বাইবেলৰ মানদণ্ডৰ অনুসৰি চলিলে একোৱেই লাভ নহʼব। এই লোকসকলৰ বিষয়ে বাইবেলত এইদৰে কোৱা হৈছে, “অজ্ঞানৰ পক্ষে প্ৰজ্ঞা অতি ওখত থাকে; সি নগৰৰ দুৱাৰত মুখ নেমেলে।” (হিতো. ২৪:৭) সেইবাবে, যিহোৱাই আমাক ‘অজ্ঞানৰ পৰা’ আঁতৰি থাকিবলৈ কৈছে।—হিতো. ১৪:৭.

১২. যিহোৱাৰ মানদণ্ড পালন কৰাৰ আমাৰ ইচ্ছা মজবুত কৰিবলৈ আৰু ‘অজ্ঞানসকলৰ’ দৰে নহʼবলৈ আমি কি কৰিব পাৰোঁ?

১২ আমি সেই ‘অজ্ঞানসকলৰ’ দৰে নহওঁ, যিসকলে যিহোৱাই দিয়া পৰামৰ্শৰ ওপৰত ধ্যান নিদিয়ে। আমি সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ মানদণ্ড পালন কৰিব আৰু তেওঁৰ দৰে চিন্তাধাৰা ৰাখিব বিচাৰোঁ। আমি এই ইচ্ছা কেনেকৈ মজবুত কৰিব পাৰোঁ? যিসকলে যিহোৱাৰ বুদ্ধিৰে ভৰা পৰামৰ্শ নুশুনে, তেওঁলোকৰ জীৱনত কিমান সমস্যা আছে, তাৰ বিষয়ে আমি ভাবি চাব পাৰোঁ। তাৰ পাছত আমি চিন্তা কৰিব পাৰোঁ যে আমি যিহোৱাৰ কথা শুনাৰ কাৰণে কিমান শান্তিত আছোঁ।—গীত. ৩২:৮, ১০.

১৩. যিহোৱাই নিজৰ পৰামৰ্শ মানিবলৈ লোকসকলক জোৰ-জবৰদস্তী কৰেনে?

১৩ যিহোৱাই আজি সকলো ব্যক্তিকে তেওঁৰ বুদ্ধিৰে ভৰা পৰামৰ্শৰ যোগেদি লাভৱান হʼবলৈ সুযোগ দি আছে। কিন্তু তেওঁ কাৰো লগত জোৰ-জবৰদস্তী নকৰে। লোকসকলে শুনিব নে নুশুনে, এয়া তেওঁ লোকসকলৰ ওপৰতে এৰি দিছে। কিন্তু তেওঁ এয়াও কৈছে যে যিসকলে তেওঁৰ কথা নুশুনে, তেওঁলোকৰ পৰিণাম কি হʼব। বাইবেলত লিখা আছে তেওঁলোকে “নিজ নিজ আচৰণৰ ফল ভোগ কৰিব।” (হিতো. ১:২৯-৩২) তেওঁলোকে যিদৰে জীৱন-যাপন কৰে, তাৰ কাৰণে তেওঁলোকে বহুতো সমস্যা আৰু চিন্তাৰ সন্মুখীন হʼব লাগিব আৰু শেষত গৈ তেওঁলোকৰ নাশ হʼব। কিন্তু যিসকল লোকে যিহোৱাৰ মানদণ্ড পালন কৰে, তেওঁলোকক যিহোৱাই এইদৰে প্ৰতিজ্ঞা কৰিছে, ‘তুমি নিৰাপদে থাকিবা, আৰু অমঙ্গলৰ ভয় নোপোৱাকৈ শান্তিৰে থাকিবা।’—হিতো. ১:৩৩.

প্ৰকৃত বুদ্ধিৰ পৰা বহুতো লাভ হয়

যেতিয়া আমি সভাত উত্তৰ দিওঁ, তেতিয়া যিহোৱাৰ লগত আমাৰ বন্ধুত্ব আৰু গভীৰ হয় (অনুচ্ছেদ ১৫ চাওক)

১৪-১৫. হিতোপদেশ ৪:২৩ পদৰ পৰা আমি কি শিকোঁ?

১৪ আজিও যিহোৱাই বুদ্ধিৰে ভৰা কথাবোৰ আমাক জনাইছে, যাৰ যোগেদি আমি সকলোৱে লাভৱান হʼব পাৰোঁ। যেনে, হিতোপদেশ নামৰ কিতাপত যিহোৱাই এনে বহুতো পৰামৰ্শ লিখাইছে, যি আজি আমাৰ বহুত কামত আহে। আহক আমি এনে চাৰিটা বিষয়লৈ ধ্যান দিওঁ।

১৫ নিজৰ হৃদয়ক ৰক্ষা কৰক। বাইবেলত এইদৰে লিখা আছে, “সকলোতকৈ তোমাৰ হৃদয়ক অধিক যত্নেৰে ৰক্ষা কৰা; কিয়নো তাৰে পৰাই জীৱন উৎপন্ন হয়।” (হিতো. ৪:২৩) আমাৰ স্বাস্থ্য ভালে থকা আৰু আমাৰ হৃদয়ত কোনো বেমাৰ নোহোৱাটো আমি সকলোৱে বিচাৰোঁ। সেইবাবে, আমি ব্যায়াম কৰোঁ, ভাল আহাৰ খাওঁ আৰু আমি কোনো বেয়া অভ্যাসত যাতে নপৰোঁ, তাৰ প্ৰতিও ধ্যান দিওঁ। ঠিক সেইদৰে আমি নিজৰ হৃদয়ক সুৰক্ষিত ৰাখিবলৈ প্ৰতিদিনে বাইবেল পঢ়োঁ, সভাৰ তৈয়াৰী কৰোঁ, সভাত উপস্থিত হওঁ আৰু লগতে সভাত উত্তৰো দিওঁ। ইয়াৰ উপৰিও আমি প্ৰচাৰ কৰিবলৈ বহুত পৰিশ্ৰম কৰোঁ। আমি সেই সকলো বেয়া কথাৰ পৰা দূৰত থাকোঁ, যিয়ে আমাৰ চিন্তাধাৰাৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে। যেনে, অনৈতিক মনোৰঞ্জন আৰু বেয়া সংগতি।

যেতিয়া আমি বেছিকৈ টকা-পইচা গোটোৱাত ধ্যান নিদিওঁ, তেতিয়া আমাৰ ওচৰত যি আছে, তাতে আমি সন্তুষ্ট হৈ থাকোঁ (অনুচ্ছেদ ১৬ চাওক)

১৬. হিতোপদেশ ২৩:৪, ৫ পদত দিয়া পৰামৰ্শ কিয় লাভজনক?

১৬ আপোনাৰ ওচৰত যি আছে, তাতে সন্তুষ্ট হৈ থাকক। বাইবেলত এই পৰামৰ্শ দিয়া হৈছে, ‘ধনী হবলৈ নিজকে নিজে ক্লান্ত নকৰিবা, যি নাথাকে, এনে ধনলৈ তুমি চকু দিবা নে? সেয়া ডেউকা লগাই, আকাশলৈ উৰি যোৱা কুৰৰ পক্ষীৰ দৰে উৰি যাব।’ (হিতো. ২৩:৪, ৫) সঁচাকৈ টকা-পইচাৰ একো ভৰসা কৰিব নোৱাৰি, যি আজি আছে কালি নাই। তথাপি ধনীয়েই হওক বা দুখীয়াই হওক আজি সকলোৱেই বেছিকৈ টকা-পইচা গোটাবলৈ চেষ্টা কৰে। ইয়াৰ বাবে তেওঁলোকে নিজৰ নাম, স্বাস্থ্য, সম্বন্ধ সকলোকে বেয়া কৰি পেলায়। (হিতো. ২৮:২০; ১ তীম. ৬:৯, ১০) কিন্তু বাইবেলত দিয়া বুদ্ধিৰে ভৰা পৰামৰ্শ মানিলে আমি টকা-পইচা বেছিকৈ গোটোৱাৰ পৰা নিজকে বচাব পাৰোঁ আৰু আমাৰ ওচৰত যি আছে, তাতে সন্তুষ্ট হʼব পাৰোঁ। এইদৰে কৰাৰ বাবে আমি আনন্দিত হৈ থাকোঁ।—উপ. ৭:১২.

যেতিয়া আমি ভাবি-চিন্তি কথা কওঁ, তেতিয়া আমি আনক আঘাত দিয়াৰ পৰা আঁতৰি থাকিব পাৰোঁ (অনুচ্ছেদ ১৭ চাওক)

১৭. হিতোপদেশ ১২:১৮ পদৰ পৰা আমি কি শিকিব পাৰোঁ?

১৭ ভাবি-চিন্তি কথা কওক। যদি আমি চিন্তা নকৰাকৈ কথা কওঁ, তেনেহʼলে ইয়াৰ যোগেদি বহুত হানি হʼব পাৰে। বাইবেলত এইদৰে লিখা আছে, “কোনো কোনোৱে অবিবেচনাৰূপে অস্ত্ৰাঘাতস্বৰূপ কথা কয়; কিন্তু জ্ঞানৱানবিলাকৰ জিবা সুস্থজনক।” (হিতো. ১২:১৮) যদি আমি আনৰ ভুলবোৰ কৈ ফুৰোঁ, তেনেহʼলে ইয়াৰ যোগেদি হয়তো আমাৰ মাজত থকা সম্বন্ধ বেয়া হʼব পাৰে। (হিতো. ২০:১৯) এইদৰে কৰাৰ পৰিৱৰ্তে আমি নিজৰ কথাবোৰ মলমৰ দৰে ব্যৱহাৰ কৰা উচিত, যাৰ যোগেদি লোকসকলে উৎসাহিত হʼব পাৰে। প্ৰতিদিনে বাইবেল পঢ়িলে আৰু ভাল কথাবোৰ চিন্তা কৰিলেহে আমি এইদৰে কৰিব পাৰিম। (লূক ৬:৪৫) যদি আমি বাইবেলত লিখা কথাবোৰ ধ্যান কৰিম, তেনেহʼলে আমি সদায় বুদ্ধিৰে ভৰা কথা কʼব পাৰিম আৰু লোকসকলক নদীৰ পানীৰ নিচিনা সতেজ কৰিব পাৰিম।—হিতো. ১৮:৪.

যেতিয়া আমি সংগঠনৰ পৰা পোৱা নিৰ্দেশনা পালন কৰোঁ, তেতিয়া আমি আৰু ভালদৰে প্ৰচাৰ কৰিব পাৰোঁ (অনুচ্ছেদ ১৮ চাওক)

১৮. হিতোপদেশ ২৪:৬ পদত লিখা কথা পালন কৰিলে আমি কেনেকৈ ভালদৰে প্ৰচাৰ কৰিব পাৰিম?

১৮ নিৰ্দেশনা মানি চলক। বাইবেলত এইদৰে লিখা আছে, “সুপৰামৰ্শেৰেহে তুমি তোমাৰ যুদ্ধ চলাবা, আৰু বহুতো লোকৰ পৰামৰ্শৰেহে তুমি সফলতা লাভ কৰিব পাৰিবা।” (হিতো. ২৪:৬, NW) যেতিয়া আমি এই পৰামৰ্শ মনত ৰাখিম, তেতিয়া আমি নিজৰ মতে প্ৰচাৰ কৰাৰ পৰিৱৰ্তে সংগঠনে দিয়া নিৰ্দেশনাবোৰ পালন কৰিম। এনে কৰিলে আমি লোকসকলক ভালদৰে প্ৰচাৰ কৰিব পাৰিম আৰু তেওঁলোকক শিকাব পাৰিম। আমি সভাবোৰত আগবঢ়োৱা ভাগ আৰু ভাষণৰ যোগেদিও লোকসকলক বাইবেলৰ পৰা আৰু ভালদৰে কেনেকৈ শিকাব পাৰি, তাৰ বিষয়ে শিকোঁ। সংগঠনে এনে বহুতো ভিডিঅʼ আৰু প্ৰকাশনবোৰ প্ৰস্তুত কৰিছে, যাৰ যোগেদি লোকসকলে বাইবেলত লিখা কথাবোৰ ভালদৰে বুজি পায়। আপুনি এইবোৰ ভালদৰে ব্যৱহাৰ কৰেনে?

১৯. যিহোৱাই আমাক যি বুদ্ধিৰে ভৰা পৰামৰ্শ জনাইছে, তাৰ বিষয়ে আপুনি কেনে অনুভৱ কৰে? (হিতোপদেশ ৩:১৩-১৮)

১৯ হিতোপদেশ ৩:১৩-১৮ পঢ়ক। ঈশ্বৰে বাইবেলত বহুতো বুদ্ধিৰে ভৰা কথা লিখোৱাৰ বাবে আমি তেওঁৰ বহুত কৃতজ্ঞ। এই লেখত আমি হিতোপদেশত দিয়া বহুতো কথাৰ ওপৰত ধ্যান দিলোঁ। এনেধৰণৰ বহুতো ভাল ভাল পৰামৰ্শ গোটেই বাইবেলত পোৱা যায়। জগতৰ লোকে এইবোৰ কথাত একো গুৰুত্ব নিদিয়ে, কিন্তু আমি তেওঁলোকৰ দৰে হোৱা উচিত নহয়। এই বুদ্ধিৰে ভৰা কথাবিলাক যদি আমি ‘দৃঢ়কৈ ধৰি’ ৰাখোঁ, তেনেহʼলে আমাক “সুখী” বুলি কোৱা হʼব।

গীত ৩৬ জীৱনৰ মূল হৈছে হৃদয়

^ আজি পৃথিৱীত পৰামৰ্শ দিওঁতাসকলৰ কোনো অভাৱ নাই। কিন্তু তেওঁলোকে যি পৰামৰ্শ দিয়ে, তাতকৈ যিহোৱাৰ পৰামৰ্শ বহুত ভাল হয়। হিতোপদেশ কিতাপত এটা বহুত ভাল কথা কোৱা হৈছে। তাত এইদৰে কোৱা আছে প্ৰকৃত বুদ্ধিয়ে আলিত ৰিঙিয়াই থাকে। এই লেখত আমি শিকিম যে ইয়াৰ অৰ্থ কি, আমি কেনেকৈ বুদ্ধিমান হʼব পাৰোঁ, কিছুমান লোকে যিহোৱাৰ পৰামৰ্শৰ ওপৰত কিয় ধ্যান নিদিয়ে আৰু যিহোৱাৰ কথাৰ প্ৰতি ধ্যান দিলে আমাৰ কি লাভ হʼব।