Skip to content

Skip to table of contents

অধিৱেশনৰ ষ্টেজ আৰু ওপৰত ওলমি থকা বেনাৰ

১৯২২—এশ বছৰৰ আগত

১৯২২—এশ বছৰৰ আগত

যেতিয়া বাইবেল বিদ্যাৰ্থীসকলে ১৯২২ চনৰ বাৰ্ষিক পাঠ পঢ়িলে, তেতিয়া তেওঁলোকৰ বিশ্বাস আৰু মজবুত হʼল আৰু তেওঁলোকে গম পালে যে যদি তেওঁলোকে যিহোৱাৰ বিশ্বাসী হৈ থাকে, তেনেহʼলে যিহোৱাই তেওঁলোকক বহুতো আশীৰ্বাদ দিব। সেই বছৰৰ বাৰ্ষিক পাঠ আছিল, ‘ঈশ্বৰে প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই আমাক জয় দান কৰে।’ (১ কৰি. ১৫:৫৭) সঁচাকৈ সেই বছৰত যিহোৱাই বাইবেল বিদ্যাৰ্থীসকলক বহুতো আশীৰ্বাদ দিলে। এই বছৰৰ পৰা আমি নিজেই কিতাপবোৰ ছপা কৰিবলৈ আৰু ৰেডিঅʼৰ যোগেদি শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ ধৰিলোঁ। সেই বছৰত আমেৰিকাৰ অহায়ʼ ৰাজ্যৰ চিডাৰ পইন্টত এটা ঐতিহাসিক অধিৱেশনো ৰখা হʼল। সেই অধিৱেশনৰ পাছত আমাৰ কামত ইয়াৰ ভাল প্ৰভাৱ পৰিল আৰু আমি স্পষ্টকৈ দেখিবলৈ পালোঁ যে যিহোৱাই নিজৰ লোকসকলক আশীৰ্বাদ দি আছে।

এটা ভাল মতামত

১৯২২ চনৰলৈকে ব্ৰুকলিন বেথেলত আমি কেৱল সৰু সৰু পত্ৰিকাহে ছপা কৰিছিলোঁ আৰু শকত কভাৰ থকা কিতাপবোৰ আন কোম্পানীত ছপা কৰিবলৈ দিছিলোঁ। কিন্তু সেই সময়ত বহুত উৎসাহেৰে প্ৰচাৰ কাম কৰা হৈছিল। সেইবাবে, আমাক আৰু বেছিকৈ কিতাপ আৰু পত্ৰিকাৰ প্ৰয়োজন হʼল। কিন্তু কিছুমান অসুবিধা হʼবলৈ ধৰিলে। সেই সময়ছোৱাত আমি যি কোম্পানীত কিতাপ ছপা কৰাইছিলোঁ, সেই কোম্পানীয়ে আমাক যিমান কিতাপ লাগিছিল সিমান ছপা কৰি দিব পৰা নাছিল। এইদৰে ঠিক এমাহলৈকে চলিল। তাৰ পাছত ভাই ৰাডাৰফৰ্ডে ছপাশালৰ ওভাৰচিয়াৰ ভাই ৰৰ্বাট মাৰ্টিনক সুধিলে ‘আমি পত্ৰিকাৰ লগতে কিতাপবোৰো ছপা কৰিব পাৰোঁনে?’

নিউ ইয়ৰ্কৰ ব্ৰুকলিনত কনকʼৰ্ড ষ্ট্ৰিটত আমাৰ ফেক্টৰী

ভাই মাৰ্টিনে কৈছে যে ভাই ৰাডাৰফৰ্ডৰ মতামত বৰ ভাল আছিল। আমাক কেৱল কেইটামান মেচিনৰহে প্ৰয়োজন আছিল। যেনে, কিতাপ ছপা কৰিবলৈ, কভাৰ লগাবলৈ আৰু আন কেইটামান কাম কৰিবলৈ। তাৰ পাছত ভাইসকলে ব্ৰুকলিন চহৰৰ ১৮ কনকʼৰ্ড ষ্ট্ৰিটত এটা ঠাই ভাড়াত লʼলে আৰু মেচিনবোৰ তাতে লগালে।

আমাৰ নতুন ছপাশাল দেখি আমাৰ ভাই-ভনীসকল বহুত আনন্দিত আছিল, কিন্তু আন কোম্পানীবিলাকে আমাৰ এই কামক ভাল পোৱা নাছিল। আগতে আমি যিবোৰ কোম্পানীত কিতাপবোৰ ছপা কৰিবলৈ দিছিলোঁ, তাৰে মাজৰ এটা কোম্পানীৰ অধ্যক্ষই আমাৰ নতুন ছপাশান চাবলৈ আহিল। সকলোবোৰ চোৱাৰ পাছত সেই অধ্যক্ষজনে এইদৰে কʼলে, “তোমালোকে বৰ দামী মেচিন লগাইছা। কিন্তু তোমালোকে ইয়াক চলাবলৈ জানা জানো। চাবা, ছয় মাহৰ ভিতৰতে এই সকলো মেচিন বেয়া হৈ যাব।”

ভাই মাৰ্টিনে এইদৰে কৈছে, ‘আন কোম্পানীৰ কথা হোৱা হʼলে তেওঁ কোৱাৰ দৰে হʼলহেঁতেন। কিন্তু তেওঁলোকে নাজানে যে যিহোৱা আমাৰ লগত আছে।’ সঁচাকৈ যিহোৱাই আমাৰ এই কামক আশীৰ্বাদ কৰিলে। চাওতে চাওতে আমি প্ৰতিদিনে ২,০০০ খনকৈ কিতাপ ছপা কৰিবলৈ ধৰিলোঁ।

আমাৰ ফেক্টৰীত লাইনʼটাইপ মেচিন চলোৱা ভাইজন

হাজাৰ হাজাৰ লোকক ৰেডিঅʼৰ যোগেদি শুভবাৰ্তা শুনোৱা হʼল

কিতাপ ছপা কৰাৰ লগতে যিহোৱাৰ লোকসকলে ১৯২২ চনত আৰু এটা নতুন পদ্ধতিৰে লোকসকলক শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ ধৰিলে। এতিয়া আমি ৰেডিঅʼৰ যোগেদিও লোকসকলক শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ ধৰিলোঁ। ২৬ ফেব্ৰুৱাৰী, দেওবাৰে দুপৰীয়া ভাই ৰাডাৰফৰ্ডে প্ৰথমবাৰ ৰেডিঅʼত ভাষণ দিলে। তেওঁৰ ভাষণৰ বিষয় আছিল “আজি জীৱিত লাখ লাখ লোকৰ কেতিয়াও মৃত্যু নহʼব।” এই ভাষণ আমেৰিকাৰ কেলিফʼৰ্ণিয়া ৰাজ্যৰ লছ এঞ্জেলছ চহৰৰ এখন ৰেডিঅʼ ষ্টেচনৰ পৰা প্ৰচাৰিত কৰা হৈছিল।

প্ৰায় ২৫,০০০ লোকে এই ভাষণ শুনিলে। তেওঁলোকৰ মাজৰ বহুতো লোকে ভাইক এই ভাষণৰ বাবে চিঠি লিখি ধন্যবাদ দিলে আৰু কʼলে যে ভাষণ বৰ ভাল আছিল। এখন চিঠি কেলিফʼৰ্ণিয়া ৰাজ্যৰ চেন্টা এনাত থকা উইলৰ্ড এচফৰ্ডেও লিখিছিল। তেওঁ ৰাডাৰফৰ্ডক এইদৰে কৈছিল, “আপোনাৰ ভাষণ বৰ ভাল আৰু আগ্ৰহজনক আছিল। আমাৰ ঘৰত তিনিজনৰ বেমাৰ হৈছিল, সেইবাবে আপুনি আমাৰ ঘৰৰ ওচৰতে আহিও ভাষণ দিয়া হʼলে আমি শুনিব নোৱাৰিলোঁহেঁতেন। কিন্তু ৰেডিঅʼত ভাষণ দিয়াৰ বাবে আমি সকলোৱে শুনিব পাৰিলোঁ।”

তাৰ পাছৰ সপ্তাহবোৰত ৰেডিঅʼত বহুতো ভাষণ দিয়া হʼল। এখন প্ৰহৰীদুৰ্গত কোৱা হৈছিল যে ১৯২২ চনৰ শেষলৈকে প্ৰায় ৩ লাখ লোকে ৰেডিঅʼৰ যোগেদি শুভবাৰ্তা শুনিছিল।

ৰেডিঅʼত প্ৰচাৰিত হোৱা ভাষণবোৰ লোকসকলে বহুত ভাল পাবলৈ ধৰিলে আৰু চিঠিও লিখিলে। সেইবাবে, ভাইসকলে ভাবিলে যে ব্ৰুকলিন বেথেলৰ ওচৰত থকা ষ্টেটন আইলেণ্ডত তেওঁলোকে এটা ৰেডিঅʼ ষ্টেচন স্থাপন কৰিব। তেওঁলোকে তাৰ নাম ডাব্লউ.বি.বি.আৰ. থʼলে। আহিবলীয়া বছৰবোৰত বাইবেল বিদ্যাৰ্থীসকলে এই ষ্টেচনৰ যোগেদি দূৰ-দূৰণিত থকা এলেকাৰ বহুতো লোকক শুভবাৰ্তা শুনালে।

“এ.ডি.ভি.”

১৫ জুন ১৯২২ চনৰ প্ৰহৰীদুৰ্গত কোৱা হৈছিল যে ৫-ৰ পৰা ১৩ চেপ্টেম্বৰলৈকে অহায়ʼ ৰাজ্যৰ চিডাৰ পইন্টত এখন অধিৱেশন ৰখা হʼব। চাওতে চাওতে সেই দিনটো আহি পালে। সকলো ভাই-ভনী বৰ আনন্দিত আছে আৰু তেওঁলোকে আগ্ৰহেৰে বাট চাই আছিল যে তেওঁলোকক কি শিকোৱা হʼব।

প্ৰথম ভাষণ ভাই ৰাডাৰফৰ্ডে দিছিল। তেওঁ ভাই-ভনীসকলক এইদৰে কৈছিল, ‘মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে প্ৰভুৱে এই অধিৱেশনত আশীৰ্বাদ দিব। ইয়াৰ পাছত গোটেই পৃথিৱীত বৃহৎ পৰিমাণে প্ৰচাৰ কাম হʼব, ইয়াৰ সমান আগতে কেতিয়াও হোৱা নাই।’ গোটেই অধিৱেশনত ভাই-ভনীসকলক উৎসাহেৰে প্ৰচাৰ কৰিবলৈ বাৰে বাৰে কোৱা হৈছিল।

১৯২২ চনত অহায়ʼ চিডাৰ পইন্টত হোৱা অধিৱেশন

অধিৱেশনৰ চতুৰ্থ দিনা শুক্ৰবাৰ ৮ চেপ্টেম্বৰত প্ৰায় ৮,০০০ ভাই-ভনীয়ে এই হলৰ ভিতৰত আহিবলৈ ধৰিলে। সকলোৱে ভাই ৰাডাৰফৰ্ডৰ ভাষণ শুনিবলৈ আগ্ৰহী হৈ আছিল। তেওঁলোকে জানিব বিচাৰিছিল যে অধিৱেশনৰ নিমন্ত্ৰণ পত্ৰত যি “এ.ডি.ভি.” ছপা কৰা হৈছে, তাৰ অৰ্থ কি। যেতিয়া ভাই-ভনীসকলে নিজৰ ঠাইত বহিবলৈ ধৰিলে, তেতিয়া তেওঁলোকে হয়তো দেখিলে যে ষ্টেজৰ ওপৰত এটা ডাঙৰকৈ বেনাৰ লগোৱা আছে, যি এতিয়া বন্ধ কৰি ৰখা হৈছে। তাত উপস্থিত থকাসকলৰ মাজত এজন ভাই আছিল আৰ্থৰ ক্লৌচ। তেওঁ অʼক্লাহʼমা ৰাজ্যৰ টলচা চহৰৰ আছিল। তেওঁ বহুত কষ্ট কৰি এটা ঠাই বিচাৰিলে যʼৰ পৰা তেওঁ ভাষণ ভালদৰে শুনিব পাৰে। কিয়নো সেই হলত লাউড স্পীকাৰ আৰু মাইকৰ ব্যৱস্থা নাছিল।

“আমি এটা এটা শব্দ বৰ ধ্যান দি শুনিছিলোঁ”

চেয়াৰমেনে ঘোষণা কৰিলে যে ৰাডাৰফৰ্ডৰ ভাষণৰ সময়ছোৱাত কোনো ব্যক্তিক ভিতৰলৈ আহিবলৈ দিয়া নহʼব, যাতে ভাষণ দিয়াত কোনো বাধা নহয়। ৰাতিপুৱা ৯:৩০ বজাত ভাই ৰাডাৰফৰ্ডে ভাষণ আৰম্ভ কৰিলে। তেওঁ নিজৰ ভাষণ মথি ৪:১৭ পদত যীচুৱে কোৱা এই শব্দৰ যোগেদি আৰম্ভ কৰিলে, “স্বৰ্গৰাজ্য ওচৰ হল।” লোকসকলে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে কেনেকৈ জানিব তাৰ বিষয়ে ভায়ে কʼলে। তেওঁ কʼলে “যীচুৱে নিজেই কৈছিল যে তেওঁৰ উপস্থিতিত শস্য ছপোৱাৰ এই কাম আৰম্ভ হʼব আৰু তেওঁ এনে বহুতো লোকক একগোট কৰিব, যিসকলে তেওঁৰ বিশ্বাসী হৈ থাকিব।”

ভাই ক্লৌচে এইদৰে কৈছে, “আমি এটা এটা শব্দ বৰ ধ্যান দি শুনিছিলোঁ।” কিন্তু হঠাৎ তেওঁৰ স্বাস্থ্য বেয়া হʼল। তেওঁ হল এৰি যাব বিচৰা নাছিল। কিয়নো তেওঁ জানিছিল যে যদি তেওঁ এবাৰ বাহিৰলৈ যায়, তেনেহʼলে তেওঁক পুনৰ ভিতৰলৈ আহিবলৈ দিয়া নহʼব। কিন্তু তেওঁৰ স্বাস্থ্য বেয়া হোৱাৰ বাবে তেওঁক যাবলগীয়া হʼল।

অলপ সময়ৰ পাছত ভাইৰ স্বাস্থ্য ভাল হʼবলৈ ধৰিলে আৰু তেওঁ ভিতৰলৈ যাব বিচাৰিছিল। তেতিয়া তেওঁ জোৰ জোৰকৈ হাত চাপৰি মৰাৰ মাত শুনিলে। ভায়ে ভাবিবলৈ ধৰিলে ভিতৰতনো কি হৈ আছে! ভায়ে ভাষণ শুনিবলৈ যিকোনো কৰিবলৈ সাজু আছিল, আনকি তেওঁ ছাদতো উঠিবলৈ সাজু আছিল। সেই সময়ত ভাইৰ বয়স ২৩ বছৰ আছিল আৰু তেওঁ সঁচাকৈ ছাদৰ ওপৰত উঠি গৈছিল। ছাদত উঠাৰ পাছত তেওঁ দেখিলে যে এটা সৰু খিৰিকী খোলা আছে আৰু তাৰ পৰা ভাষণ ভালদৰে শুনিবলৈ পোৱা গৈছে।

সেই সময়ত ভায়ে দেখিলে যে ছাদত তেওঁৰ আন বন্ধুসকলেও আছে। তাৰে মাজৰ এজন আছিল ভাই ফ্ৰেংক জনচন। তেওঁ দৌৰি আহি ভাইক সুধিলে, “তোমাৰ ওচৰত এটা কটাৰী আছেনে?”

ভাই ক্লৌচে কʼলে “হয়, আছে।”

তেতিয়া ভাই ফ্ৰেংকে কʼলে, “যিহোৱাই আমাৰ প্ৰাৰ্থনা শুনিলে। সেই ডাঙৰ বেনাৰটো দেখিছানে? মনোযোগেৰে শুনিবা যেতিয়া জৰ্জে * কʼব ‘ঘোষণা কৰক, ঘোষণা কৰক,’ তেতিয়া এই চাৰিডাল ৰছী কাটি দিবা আৰু তেতিয়া এই বেনাৰটো খুলি যাব।”

যেতিয়া ভাই ৰাডাৰফৰ্ডে “ঘোষণা কৰক, ঘোষণা কৰক” বুলি কʼব, তেতিয়া ৰছী কেইডাল কাটিবলৈ ভাই ক্লৌচে হাতত কটাৰী লৈ সাজু আছিল। অৱশেষত সেই সময় আহি পৰিল। ভাই ৰাডাৰফৰ্ডে বহুত উৎসাহেৰে ভাষণ দি আছিল আৰু পাছত তেওঁ এইদৰে কৈছিল, “প্ৰভুৰ বিশ্বাসী আৰু সত্য সাক্ষী হোৱা। যেতিয়ালৈকে বাবিল [মিছা ধৰ্ম] একেবাৰে ধ্বংস নহয়, তেতিয়ালৈকে যুদ্ধত আগবাঢ়ি যোৱা। দূৰ-দূৰণি ঠাইলৈকে এই বাৰ্তা ঘোষণা কৰা। গোটেই পৃথিৱীয়ে জানিব লাগিব যে যিহোৱা ঈশ্বৰ হয় আৰু যীচু খ্ৰীষ্ট ৰজাৰো ৰজা আৰু প্ৰভুৰো প্ৰভু হয়। এই সময়ছোৱা বৰ বিশেষ হয়। চোৱা, ৰজাই শাসন কৰিছে, তোমালোক তেওঁৰ প্ৰচাৰক হয়। ৰজা আৰু তেওঁৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰক, ঘোষণা কৰক, ঘোষণা কৰক!”

ভাই ক্লৌচে কৈছে যে তেওঁ আৰু আন ভাইসকলে ৰছী কেইডাল কাটি দিয়াৰ লগে লগে বেনাৰখন খুলি গʼল আৰু সেই বেনাৰখন দেখি লোকসকল আচৰিত হʼল। তাত এইদৰে লিখা আছিল, “ৰজা আৰু তেওঁৰ ৰাজ্যৰ ঘোষণা কৰক।” তেতিয়া লোকসকলে বুজি পালে যে নিমন্ত্ৰণ পত্ৰত যি ইংৰাজী আখৰ “এ.ডি.ভি.” লিখা আছে, তাৰ অৰ্থ কি। (“এ.ডি.ভি.” ইংৰাজী শব্দ এডভাৰটাইজৰ পৰা লোৱা হৈছিল, যাৰ অৰ্থ হৈছে ঘোষণা কৰা)।

এটা গুৰুত্বপূৰ্ণ কাম

চিডাৰ পইন্টত হোৱা অধিৱেশনৰ পৰা ভাই-ভনীসকলে বুজি পালে যে লোকসকলক প্ৰচাৰ কৰাটো কিমান গুৰুত্বপূৰ্ণ। অধিৱেশন শেষ হোৱাৰ পাছত ভাই-ভনীসকলে এই কামত সহায় কৰিব বিচাৰিছিল আৰু তেওঁলোকে এই কাম মন-প্ৰাণে কৰিলে। অক্লাহʼমা ৰাজ্যৰ এজন কʼলপʼৰ্টৰে (যাক আজি অগ্ৰগামী সেৱক বুলি কোৱা হয়) কৈছিল যে ‘আমি এনে এখন এলেকাত প্ৰচাৰ কৰিছিলোঁ, যʼত বেছিভাগ লোকে কয়লা খনিত কাম কৰিছিল আৰু তেওঁলোক বৰ দুখীয়া আছিল। বহু বাৰ আমি যেতিয়া তেওঁলোকক সোণালী যুগ (যাক আজি সচেতন থাকক! বুলি কোৱা হয়) আলোচনীৰ পৰা কিছুমান কথা জনাইছিলোঁ, তেতিয়া তেওঁলোকৰ চকুপানী বৈ আহিছিল। সেই লোকসকলক শুভবাৰ্তা শুনায় আৰু তেওঁলোকক শান্ত্বনা দি আমাক বৰ ভাল লাগিছিল।’

যীচুৱে কৈছিল, “শস্য সৰহ, কিন্তু বনুৱা তাকৰ।” (লূক ১০:২) বাইবেল বিদ্যাৰ্থীসকলে যীচুৰ এই কথাষাৰ মনত ৰাখিছিল। তেওঁলোকে বুজি পাইছিল যে কাম বহুত বাকী আছে, কিন্তু সময় একেবাৰে কম। সেইবাবে, তেওঁলোকে পৃথিৱীৰ দূৰ-দূৰণি ঠাইলৈকে ৰাজ্যৰ শুভবাৰ্তা মনে-প্ৰাণে ঘোষণা কৰিবলৈ থিৰাং কৰিলে।

^ ভাই ৰাডাৰফৰ্ডক কেতিয়াবা কেতিয়াবা লোকসকলে জৰ্জ বুলি মাতিছিল। কিয়নো ভায়ে মিজুৰী ৰাজ্যত বহু বাৰ এজন জৰ্জ হিচাপে কাম কৰিছিল।