Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৩১

আপুনি যিহোৱালৈ অপেক্ষা কৰিবনে?

আপুনি যিহোৱালৈ অপেক্ষা কৰিবনে?

“মই . . . ঈশ্বৰলৈ বাট চাম।”—মীখা ৭:৭.

গীত ১২৮ আমি শেষলৈকে ধৈৰ্য্য ধৰা উচিত

লেখৰ এক আভাস *

১-২. এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

ধৰি লওক আপুনি কাৰোবাৰ বাবে আগ্ৰহেৰে বাট চাই আছে। যেতিয়া তেওঁ আহিবলৈ দেৰি কৰে, তেতিয়া আপুনি হয়তো নিৰাশ হৈ পৰে। হিতোপদেশ ১৩:১২ পদটো ইয়াৰ বিষয়ে কোৱা হৈছে। তাত এইদৰে কৈছে, “আশা-সিদ্ধিৰ পলম হৃদয়ৰ পীড়াজনক।” কিন্তু যেতিয়া আপুনি গম পাই যে তেওঁৰ আহিবলৈ কিয় দেৰি হৈছে, তেতিয়া আপুনি ধৈৰ্য্য ধৰিব আৰু তেওঁৰ বাবে অপেক্ষা কৰিব।

এই লেখত আমি বাইবেলৰপৰা এনে কিছুমান সিদ্ধান্তৰ বিষয়ে আলোচনা কৰিম, যিয়ে আমাক “ঈশ্বৰলৈ বাট” চাবলৈ সহায় কৰিব। (মীখা ৭:৭) তাৰ পাছত আমি এনে দুটা পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিম, যʼত আমি ধৈৰ্য্য ধৰা উচিত আৰু ভৰসা কৰা উচিত যে যিহোৱাই সঠিক সময়ত সকলো ঠিক কৰিব। ইয়াৰ উপৰিও যিসকলে যিহোৱালৈ বাট চাই, তেওঁলোকক যিহোৱাই কি কি আশীৰ্বাদ দিব তাৰ বিষয়েও আলোচনা কৰিম।

ধৈৰ্য্য ধৰিবলৈ সহায় কৰা বাইবেলৰ সিদ্ধান্ত

৩. হিতোপদেশ ১৩:১১ পদত দিয়া সিদ্ধান্তৰপৰা আমি কি শিকিব পাৰোঁ?

হিতোপদেশ ১৩:১১ পদৰপৰা জানিব পাৰি যে আমি কিয় ধৈৰ্য্য ধৰা উচিত। তাত এইদৰে কৈছে, “ছল কৰি অৰ্জ্জা ধন কমি যায়; কিন্তু যি জনে পৰিশ্ৰমেৰে আৰ্জ্জে, তেওঁৰ ধন বৃদ্ধি পায়।” এই পদৰপৰা আমি শিকিলোঁ যে যিকোনো কাম কৰোঁতে খৰ-খেদা কৰা উচিত নহয়, আমি ধৈৰ্য্য ধৰা উচিত। তেতিয়াহে আমি ভাল পৰিণাম লাভ কৰিম।

৪. হিতোপদেশ ৪:১৮ পদত দিয়া সিদ্ধান্তৰপৰা কি বুজিব পাৰি?

হিতোপদেশ ৪:১৮ পদত কোৱা হৈছে “দুপৰলৈকে ক্ৰমে বৃদ্ধি পোৱা অৰুণৰ যি দীপ্তি, ধাৰ্ম্মিকৰ পথ সেই দীপ্তিৰ নিচিনা।” এই পদৰপৰা বুজিব পাৰি যে যিহোৱাই নিজৰ লোকসকলক নিজৰ উদ্দেশ্যৰ বিষয়ে লাহে লাহে জনায়। ইয়াৰ উপৰিও এই সিদ্ধান্তৰপৰা এয়াও বুজিব পাৰি যে এজন খ্ৰীষ্টানক যদি কোনো ক্ষেত্ৰত নিজকে পৰিৱৰ্তন কৰিবলগীয়া আছে, তেনেহʼলে তেওঁ লাহে লাহে পৰিৱৰ্তন কৰিব। যেতিয়া এজন ব্যক্তিয়ে বাইবেল অধ্যয়ন কৰে আৰু তাৰ অনুসৰি জীৱন-যাপন কৰে আৰু সংগঠনৰ সকলো নিৰ্দেশনাবোৰ পালন কৰে, তেতিয়া তেওঁ যীচু খ্ৰীষ্টৰ নিচিনা গুণবোৰ বৃদ্ধি কৰে। আহক ইয়াক আৰু ভালদৰে বুজিবলৈ যীচুৱে কি উদাহৰণ দিছিল, তালৈ মন কৰোঁ।

যেনেকৈ পুলি লাহে লাহে ডাঙৰ হয়, ঠিক সেইদৰে যেতিয়া এজন ব্যক্তিয়ে সত্যৰ বিষয়ে শিকিবলৈ ধৰে, তেতিয়া তেওঁ নিজকে লাহে লাহে পৰিৱৰ্তন কৰিবলৈ ধৰে (অনুচ্ছেদ ৫ চাওক)

৫. যীচুৱে কিহৰ উদাহৰণ দি বুজালে যে এজন ব্যক্তিয়ে নিজকে পৰিৱৰ্তন কৰিবলৈ সময়ৰ প্ৰয়োজন হয়?

যীচুৱে কৈছিল যে কঠীয়া সিঁচাজনে “কঠীয়া কেনেকৈ গজে আৰু বাঢ়ে, তাক নাজানে। পৃথিবীয়ে আপোনা-আপুনি, প্ৰথমে পাত, পাছে থোৰ, তাৰ পাছে থোকত পূৰ হোৱা গুটি উৎপন্ন কৰে।” (মাৰ্ক ৪:২৭, ২৮) এই উদাহৰণত কোৱা কঠিয়া হৈছে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে বাৰ্তা। যীচুৱে কৈছিল যে যেনেকৈ পুলি লাহে লাহে ডাঙৰ হয়, ঠিক সেইদৰে যেতিয়া এজন ব্যক্তিয়ে ৰাজ্যৰ শুভবাৰ্তা শুনি বাইবেলৰ বিষয়ে শিকিবলৈ ধৰে, তেতিয়া তেওঁ নিজকে লাহে লাহে পৰিৱৰ্তন কৰিবলৈ ধৰে। আমাৰ বাইবেল বিদ্যাৰ্থীৰ লগতো ঠিক এইদৰেই হয়। যেতিয়া তেওঁলোকে যিহোৱাৰ কাষ চাপে, তেতিয়া তেওঁলোকে নিজকে পৰিৱৰ্তন কৰে। (ইফি. ৪:২২-২৪) কিন্তু আমি মনত ৰখা উচিত যে কঠিয়া যিহোৱাইহে বঢ়ায়।—১ কৰি. ৩:৭.

৬-৭. যিহোৱাই যিদৰে সৃষ্টি কৰিলে তাৰপৰা আমি তেওঁৰ বিষয়ে কি শিকিব পাৰোঁ?

যিহোৱাই সকলো কাম ভাবি-চিন্তি সময় লৈ কৰে। ইয়াৰপৰা যিহোৱাৰ নাম মহিমা হয় আৰু আনৰো লাভ হয়। উদাহৰণস্বৰূপে, যেতিয়া তেওঁ পৃথিৱীখন সৃষ্টি কৰিছিল, তেতিয়া তেওঁ সকলো বস্তু একেলগে সৃষ্টি কৰা নাছিল। কিন্তু এটা-এটাকৈ সৃষ্টি কৰিছিল।

বাইবেলে কৈছে যে তেওঁ পৃথিৱীৰ “পৰিমাণ নিৰূপণ কৰিলে,” তাৰ ‘মূলবোৰ বহুৱালে’ আৰু “তাৰ চুকৰ শিল স্থাপন কৰিলে।” (ইয়ো. ৩৮:৫, ৭) তেওঁ সময় উলিয়াই নিজে সৃষ্টি কৰা সকলো বস্তুবোৰ চালে। (আদি. ১:১০, ১২) যিহোৱাই এটা-এটাকৈ সকলো বস্তু সৃষ্টি কৰিলে আৰু সেইবোৰ দেখি স্বৰ্গদূতসকলে “জয়ধ্বনি” কৰিলে। (ইয়ো. ৩৮:৬) ইয়াৰপৰা আমি যিহোৱাৰ বিষয়ে কি শিকিব পাৰোঁ? তেওঁ হাজাৰ হাজাৰ বছৰ সময় লৈ সূৰ্য্য, চন্দ্ৰ, তৰা আৰু সকলো জীৱিত প্ৰাণী সৃষ্টি কৰিলে। এইবোৰ সৃষ্টি কৰিবলৈ ইমান সময় লোৱাৰ বাবে কিবা লাভ হʼলনে? নিশ্চয় হৈছিল। কাৰণ এইবোৰ সৃষ্টি কৰাৰ পাছত যিহোৱাই চাই “অতি উত্তম” বুলি কʼলে।—আদি. ১:৩১.

৮. এতিয়া আমি কিহৰ বিষয়ে আলোচনা কৰিম?

বাইবেলত এনে সিদ্ধান্তবোৰ দিয়া আছে, যাৰ সহায়ত আমি ধৈৰ্য্য ধৰিবলৈ শিকোঁ। এতিয়া আহক আমি এনে দুটা পৰিস্থিতিলৈ মন কৰোঁ, যিটো পৰিস্থিতিত আমি যিহোৱালৈ বাট চোৱা উচিত।

আমি কেতিয়া যিহোৱালৈ বাট চোৱা উচিত?

৯. যিহোৱাৰ সময়ৰ বাবে আমাক কেতিয়া অপেক্ষা কৰিবলগীয়া হʼব পাৰে?

নিজৰ প্ৰাৰ্থনাৰ উত্তৰ পাবলৈ কেতিয়াবা আমাক অপেক্ষা কৰিবলগীয়া হʼব পাৰে। আমি নিজৰ সমস্যাবোৰ সন্মুখীন হʼবলৈ শক্তি বিচাৰি আৰু বেয়া অভ্যাসবোৰ এৰিবলৈ সহায় বিচাৰি বহুবাৰ যিহোৱালৈ প্ৰাৰ্থনা কৰোঁ। কিন্তু আমি লগে লগে প্ৰাৰ্থনাৰ উত্তৰ নাপাওঁ। এইদৰে কিয় হয় বাৰু?

১০. নিজৰ প্ৰাৰ্থনাৰ উত্তৰ পাবলৈ আমি কিয় অপেক্ষা কৰা উচিত?

১০ যিহোৱাই আমাৰ প্ৰাৰ্থনা মনোযোগেৰে শুনে। (গীত. ৬৫:২) যেতিয়া আমি যিহোৱালৈ প্ৰাৰ্থনা কৰোঁ, তেতিয়া আমি দেখুৱাওঁ যে আমি তেওঁৰ ওপৰত কিমান বিশ্বাস কৰোঁ। (ইব্ৰী ১১:৬) ইয়াৰ উপৰিও তেওঁ এয়াও ধ্যান দিয়ে যে আমি যিদৰে প্ৰাৰ্থনা কৰিছোঁ, ঠিক সেইদৰে কাম কৰিছোঁ নে নাই। (১ যোহ. ৩:২২) সেইবাবে, যেতিয়া আমাৰ কিবা বেয়া অভ্যাস এৰিবলৈ সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰোঁ, তেতিয়া আমি তাৰ অনুসৰি পৰিশ্ৰম কৰা উচিত আৰু ধৈৰ্য্য ধৰা উচিত। যীচুৱেও কৈছিল যে আমি হয়তো প্ৰাৰ্থনাৰ উত্তৰ লগে লগে নাপাবও পাৰোঁ। সেইবাবে তেওঁ এইদৰে পৰামৰ্শ দিছিল, “খোজা, তেহে তোমালোকক দিয়া হব; বিচাৰা তেহে পাবা; টুকৰিওৱা, তেহে তোমালোকলৈ দুৱাৰ মুকলি কৰা হব। কিয়নো যেয়ে খোজে, সেয়ে পায়; যেয়ে বিচাৰে, সেয়ে দেখা পায়; আৰু যেয়ে টুকৰিয়ায়, তালৈকে দুৱাৰ মুকলি কৰা হয়।” (মথি ৭:৭, ৮) গতিকে আমি যীচুৰ কথাৰ অনুসৰি যদি “প্ৰাৰ্থনাত লাগি” থাকোঁ, তেনেহʼলে আমি ভৰসা কৰিব পাৰোঁ যে যিহোৱাই আমাৰ প্ৰাৰ্থনাৰ উত্তৰ নিশ্চয় দিব।—কল. ৪:২.

যেতিয়ালৈকে যিহোৱাৰ দিন নাহে, তেতিয়ালৈকে আমি সম্পূৰ্ণ বিশ্বাসেৰে তেওঁলৈ প্ৰাৰ্থনা কৰি থাকিম (অনুচ্ছেদ ১১ চাওক) *

১১. প্ৰথম পিতৰ ৫:৬ পদৰ অনুসৰি যিহোৱাই আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিবলৈ দেৰি নকৰে বুলি কেনেকৈ জানিব পাৰি?

১১ কেতিয়াবা আমাক লাগিব পাৰে যে যিহোৱাই আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিবলৈ দেৰি কৰিছে। কিন্তু যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে তেওঁ “উপযুক্ত সময়ত” আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিব। (১ পিতৰ ৫:৬ পঢ়ক।) উদাহৰণস্বৰূপে, এই দুষ্ট জগতৰ ধ্বংস হʼবলৈ আমি সকলোৱে বহুবছৰৰপৰা প্ৰাৰ্থনা কৰিছোঁ আৰু যীচুৱেও আমাক এই বিষয়ে প্ৰাৰ্থনা কৰিবলৈ কৈছিল। (মথি ৬:১০) কিন্তু আমি যি সময়ত এই জগতৰ ধ্বংস হʼব বুলি ভাবিছিলোঁ, সেই সময়ত যদি ধ্বংস নহয়, তেনেহʼলে আমাৰ বিশ্বাস দুৰ্বল হʼব পাৰে। (হব. ২:৩; মথি ২৪:৪৪) কিন্তু আমি কেতিয়াও এইদৰে হʼবলৈ দিয়া উচিত নহয়। কিয়নো যিহোৱাই সেই “দিন আৰু সময়” বাছনি কৰি ৰাখিছে আৰু তেওঁ এই দুষ্ট জগতক ধ্বংস কৰিবলৈ কেতিয়াও দেৰি নকৰিব। গতিকে আমি যিহোৱাৰ দিনলৈ অপেক্ষা কৰি তেওঁলৈ প্ৰাৰ্থনা কৰি থকা উচিত।—মথি ২৪:৩৬; ২ পিত. ৩:১৫.

ধৈৰ্য্য ধৰাৰ বিষয়ে আমি যোচেফৰপৰা কি শিকিব পাৰোঁ? (অনুচ্ছেদ ১২-১৪ চাওক)

১২. আমাক ধৈৰ্য্য ধৰাটো কেতিয়া বেছিকৈ কঠিন হʼব পাৰে?

১২ আমাৰ লগত কিবা অন্যায় হোৱাৰ সময়ত আমি ধৈৰ্য্য ধৰা উচিত। বিশেষকৈ সেই লোকসকলে অন্যায় সহন কৰে, যিসকলৰ ৰং-ৰূপ, জাতি, সংস্কৃতি আৰু দেশ আনৰপৰা বেলেগ হয়। যিসকলে মানসিক আৰু শাৰীৰিকভাৱে অসুস্থ হয়, তেওঁলোকৰ লগতো অন্যায় হয়। কেতিয়াবা কেতিয়াবা বাইবেলৰ ওপৰত বিশ্বাস কৰাৰ কাৰণে যিহোৱাৰ উপাসকসকলৰ লগতো অন্যায় হয়। এনে পৰিস্থিতিত আমি যীচুৰ এই কথা মনত ৰখা উচিত, “যি জনে শেষলৈকে সহি থাকে, সেই জনেই পৰিত্ৰাণ পাব।” (মথি ২৪:১৩) কিন্তু যেতিয়া আপুনি গম পাই যে মণ্ডলীত কোনোবাই এটা গভীৰ পাপ কৰিছে, তেতিয়া আপুনি কি কৰিব? প্ৰাচীনক জনোৱাৰ পাছত আপুনি এই কথা তেওঁলোকৰ হাতত এৰি দিবনে আৰু বিশ্বাস কৰিবনে যে যিহোৱাই উচিত সময়ত এই সমস্যাক সমাধান কৰিব? কিন্তু এতিয়া প্ৰশ্ন হৈছে যে যেতিয়া মণ্ডলীত কোনোবাই এটা গভীৰ পাপ কৰে, তেতিয়া প্ৰাচীনে সেই সমস্যাটো কেনেকৈ সমাধান কৰে?

১৩. কোনো এজন ব্যক্তিয়ে পাপ কৰিলে প্ৰাচীনে বিষয়টো কেনেকৈ সমাধান কৰে?

১৩ মণ্ডলীত কোনো এজন ব্যক্তিয়ে পাপ কৰিছে বুলি যেতিয়া প্ৰাচীনে গম পাই, তেতিয়া তেওঁলোকে ‘ওপৰৰ পৰা অহা জ্ঞানৰ’ বাবে প্ৰাৰ্থনা কৰে। কিয়নো তেওঁলোকে বিষয়টো যিহোৱাৰ দৃষ্টিভংগীৰে চাব বিচাৰে। (যাকো. ৩:১৭) তেওঁলোকে পাপ কৰা ব্যক্তিজনক “পথ-ভ্ৰান্তিৰ পৰা” অৰ্থাৎ বেয়া পথৰপৰা ঘূৰাই আনিবলৈ চেষ্টা কৰে। (যাকো. ৫:১৯, ২০) ইয়াৰ উপৰিও তেওঁলোকে মণ্ডলীকো ৰক্ষা কৰিব বিচাৰে। বিশেষকৈ সেই লোকসকলক যিসকলে পাপ কৰা ব্যক্তিজনৰ বাবে বহুত আঘাত পাইছে। (২ কৰি. ১:৩, ৪) তাৰ পাছত প্ৰাচীনে সেই বিষয়টো সমাধান কৰিবলৈ বিষয়টো চালি-জাৰি চাই আৰু তেওঁলোকে এয়া জানিবলৈ চেষ্টা কৰে যে আচলতে সত্যটো কি হয়। ইয়াৰ পাছত তেওঁলোকে প্ৰাৰ্থনা কৰে আৰু পাপ কৰা ব্যক্তিজনক বাইবেলৰপৰা পৰামৰ্শ দিয়ে আৰু তেওঁক “সুবিচাৰেৰে শাস্তি” দিয়ে। (যিৰি. ৩০:১১) প্ৰাচীনসকলে নিৰ্ণয় লʼবলৈ বেছি দেৰিও নকৰে আৰু খৰ-খেদাও নকৰে। তেওঁলোকে যেতিয়া সঠিক নিৰ্ণয় লয়, তেতিয়া সেই নিৰ্ণয়ৰপৰা গোটেই মণ্ডলীৰে লাভ হয়। কিন্তু যিসকলে পাপ কৰা ব্যক্তিজনৰ বাবে আঘাত পাইছে, তেওঁলোকে হয়তো এতিয়াও দুখত আছে। যদি আপোনাৰ লগতো এইদৰে হৈছে, তেনেহʼলে আপুনি কি কৰিব পাৰে?

১৪. যদি কোনোবাই আপোনাক আঘাত দিছে, তেনেহʼলে কাৰ উদাহৰণে আপোনাক সান্ত্বনা দিব পাৰে?

১৪ কোনো ভাই বা ভনীয়ে আপোনাক আঘাত দিছে নেকি? যদি দিছে, তেনেহʼলে বাইবেলে আপোনাক সহায় কৰিব পাৰে। বাইবেলত এনে বহুতো উদাহৰণ দিয়া আছে, যিবোৰে আমাক যিহোৱালৈ অপেক্ষা কৰিবলৈ সহায় কৰে। যোচেফৰ উদাহৰণলৈ মন কৰক। যোচেফৰ ককায়েকসকলে তেওঁৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিছিল। তথাপি যোচেফে খং পুহি ৰখা নাছিল। তাৰ পৰিৱৰ্তে তেওঁ যিহোৱাৰ সেৱা কৰি থাকিল আৰু ধৈৰ্য্য ধৰিলে। সেইবাবে, যিহোৱাই তেওঁক বহুতো আশীৰ্বাদ দিলে। (আদি. ৩৯:২১) পাছলৈ গৈ যোচেফে নিজৰ ককায়েকসকলক ক্ষমা কৰিলে। (আদি. ৪৫:৫) যোচেফৰ নিচিনা আপুনিও যদি যিহোৱাৰ লগত ভাল সম্পৰ্ক বজাই ৰাখে, তেনেহʼলে আপুনি বিশ্বাস কৰিব পাৰিব যে যিহোৱাই সঠিক সময়ত ন্যায় কৰিব আৰু ইয়াৰপৰা আপুনি সান্ত্বনা লাভ কৰিব। —গীত. ৭:১৭; ৭৩:২৮.

১৫. এগৰাকী ভনীয়ে কিয় অন্যায় সহন কৰিব পাৰিলে?

১৫ যোচেফৰ নিচিনা আমাৰ লগত হয়তো নহʼবও পাৰে। কিন্তু যেতিয়া কোনো ভাই বা ভনী বা আন লোকসকলে আমাৰ লগত বেয়া ব্যৱহাৰ কৰে, তেতিয়া আমাক বৰ দুখ লাগে। সেইসময়ত যদি আমি বাইবেলৰ সিদ্ধান্ত পালন কৰোঁ, তেনেহʼলে আমি লাভৱান হʼম। (ফিলি. ২:৩, ৪) এগৰাকী ভনীৰ উদাহৰণলৈ মন কৰক। তাইৰ লগত কাম কৰা এগৰাকী তিৰোতাই তাইৰ বিষয়ে মিছা কথা কৈছিল। সেইসময়ত ভনীগৰাকীয়ে বৰ আঘাত পাইছিল। তথাপি তাই খং কৰা নাছিল। তাই সময় উলিয়াই যীচুৰ বিষয়ে গভীৰভাৱে অধ্যয়ন কৰিলে। যেতিয়া যীচুক অপমান কৰা হৈছিল, তেতিয়া তেওঁ আনক অপমান কৰা নাছিল। (১ পিত. ২:২১, ২৩) ভনীগৰাকীয়েও ঠিক সেইদৰেই কৰিলে। পাছত ভনীয়ে জানিব পাৰিলে যে সেই তিৰোতাগৰাকীৰ কিবা ডাঙৰ বেমাৰ আছে। সেইবাবে, তাই সদায় চিন্তিত হৈ থাকে। ভনীয়ে বুজিব পাৰিলে যে এই কাৰণে তাইৰ মুখত যি আহিছিল তাকেই কৈছিল। ভনীয়ে ধৈৰ্য্য ধৰি সকলো সহন কৰাৰ বাবে তাই অতি আনন্দিত।

১৬. যদি আপুনি কিবা অন্যায় সহন কৰি আছে, তেনেহʼলে কিহে আপোনাক সান্ত্বনা দিব? (১ পিতৰ ৩:১২)

১৬ যদি আপুনি কোনো অন্যায় সহন কৰি আছে বা আন কিবা কাৰণত দুখ কৰি আছে, তেনেহʼলে মনত ৰাখক যে “যিহোৱা ভগ্ন-চিত্তীয়াবিলাকৰ ওচৰ।” (গীত. ৩৪:১৮) তেওঁ আপোনাক বহুত প্ৰেম কৰে আৰু আপুনি ধৈৰ্য্য ধৰাটো তেওঁ বিচাৰে। (গীত. ৫৫:২২) এই পৃথিৱীৰ ন্যায়কৰ্তা হোৱাৰ বাবে তেওঁ সকলো চাই আছে। (১ পিতৰ ৩:১২ পঢ়ক।) যদি আপুনি এনে পৰিস্থিতিৰ সন্মুখীন হৈ আছে, যাৰ সমাধান আপোনাৰ হাতত নাই, তেনেহʼলে আপুনি ধৈৰ্য্যেৰে যিহোৱালৈ অপেক্ষা কৰি থাকিবনে?

যিহোৱালৈ অপেক্ষা কৰোতাসকলে বহুতো আশীৰ্বাদ লাভ কৰিব

১৭. যিচয়া ৩০:১৮ পদত যিহোৱাই আমাক কি প্ৰতিজ্ঞা কৰিছে?

১৭ আমাৰ মৰমিয়াল পিতৃ যিহোৱা ঈশ্বৰে অতি সোনকালে নিজৰ ৰাজ্য আনিব আৰু আমাক বহুতো আশীৰ্বাদ দিব। যিচয়া ৩০:১৮ পদত লিখা আছে, “যিহোৱাই তোমালোকক দয়া কৰিবলৈ অপেক্ষা কৰিব, আৰু এই নিমিত্তে তেওঁ তোমালোকক অনুগ্ৰহ কৰিবলৈ উঠিব; কিয়নো যিহোৱা ন্যায় বিচাৰ কৰোঁতা ঈশ্বৰ, যি সকলোৱে তেওঁলৈ অপেক্ষা কৰে, সেই সকলো ধন্য।” সঁচাকৈ, যিসকলে যিহোৱালৈ অপেক্ষা কৰে, তেওঁ আজি বহুতো আশীৰ্বাদ লাভ কৰিছে আৰু আহিবলগীয়া নতুন পৃথিৱীতো লাভ কৰিব।

১৮. ভৱিষ্যতে আমি কি কি আশীৰ্বাদ লাভ কৰিম?

১৮ বৰ্তমান সময়ত ভুগি থকা দুখ-কষ্টবোৰ নতুন পৃথিৱীত নাথাকিব। আমি কোনো ধৰণৰ দুখ-কষ্ট আৰু অন্যায় আৰু কেতিয়াও সহন কৰাৰ প্ৰয়োজন নহʼব। (প্ৰকা. ২১:৪) ইয়াৰ উপৰিও আমি কোনো বস্তুৰ বাবে চিন্তা কৰাৰ প্ৰয়োজন নহʼব, কিয়নো তেতিয়া সকলো বস্তু ভৰপূৰ মাত্ৰাত পোৱা যাব। (গীত. ৭২:১৬; যিচ. ৫৪:১৩) সঁচাকৈ নতুন পৃথিৱীত আমি ডাঙৰ ডাঙৰ আশীৰ্বাদ লাভ কৰিম।

১৯. যিহোৱাই আমাক কিহৰ বাবে প্ৰস্তুত কৰিছে?

১৯ আজি যিহোৱা ঈশ্বৰে আমাক বেয়া গুণবোৰ এৰি ভাল গুণবোৰ বিকশিত কৰিবলৈ সহায় কৰি আছে। ইয়ে নতুন পৃথিৱীত জীয়াই থাকিবলৈ আমাক সহায় কৰিব। গতিকে আমি কেতিয়াও হাৰ মনা উচিত নহয়, ইয়াৰ পৰিৱৰ্তে যিহোৱাৰ সেৱাত আমি যিমান পাৰোঁ, সিমান কৰি থকা উচিত। অতি সোনকালে আমি এক সুন্দৰ জীৱন লাভ কৰিম। গতিকে, আহক আমি এতিয়া ধৈৰ্য্যেৰে সেই সময়লৈ বাট চাই থাকিম, যেতিয়া যিহোৱা ঈশ্বৰে নিজৰ উদ্দেশ্য পূৰ কৰিব।

গীত ১১৮ “আমাৰ বিশ্বাস বঢ়াই দিয়ক”

^ অনু. 5 বহুবছৰৰপৰা যিহোৱাৰ সেৱা কৰা কোনো ভাই বা ভনীয়ে এইদৰে কোৱা আপুনি শুনিছেনে, “মই কেতিয়াও ভবা নাছিলোঁ যে এই পৃথিৱীখন ধ্বংস হʼবলৈ ইমান সময় লাগিব।” এই দুষ্ট জগতখন ধ্বংস হোৱাটো আমি সকলোৱে বিচাৰোঁ। কিন্তু তেতিয়ালৈকে আমি ধৈৰ্য্য ধৰা উচিত। এই লেখত আমি বাইবেলৰ কিছুমান সিদ্ধান্তৰ বিষয়ে শিকিম, যিয়ে আমাক ধৈৰ্য্য ধৰিবলৈ সহায় কৰিব। আমি দুটা পৰিস্থিতিৰ বিষয়ে শিকিম, যʼত আমি যিহোৱালৈ অপেক্ষা কৰা উচিত। তাৰ পাছত আমি শিকিম যে যিসকল লোকে ধৈৰ্য্য ধৰে, তেওঁলোকে কি কি আশীৰ্বাদ লাভ কৰিব।

^ অনু. 56 ছবিৰ বিষয়ে: সৰুৰেপৰা ভনীগৰাকীয়ে যিহোৱালৈ প্ৰাৰ্থনা কৰি আহিছে। সৰুতে তাইৰ পিতৃ-মাতৃয়ে তাইক যিহোৱালৈ প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল। ডাঙৰ হোৱাৰ পাছত তাই অগ্ৰগামী সেৱা কৰিবলৈ আৰম্ভ কৰিলে। তাই নিজৰ সেৱাত আশীৰ্বাদ বিচাৰি প্ৰায়ে যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল। কিছুবছৰৰ পাছত যেতিয়া তাইৰ স্বামী বহুত বেমাৰ হৈ পৰিল, তেতিয়া তাই সেই সমস্যা সন্মুখীন হʼবলৈ সহায় বিচাৰি প্ৰাৰ্থনা কৰিছে। এতিয়া তাই বিধৱা হয়, কিন্তু এতিয়াও তাই যিহোৱালৈ প্ৰাৰ্থনা কৰে। তাইৰ সম্পূৰ্ণ বিশ্বাস আছে যে যিহোৱাই তাইৰ প্ৰাৰ্থনাৰ উত্তৰ নিশ্চয় দিব।