Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ২৩

আপুনি অকলশৰীয়া নহয়, যিহোৱা লগত আছে

আপুনি অকলশৰীয়া নহয়, যিহোৱা লগত আছে

“যিবিলাকে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰে, . . . যিহোৱা সেই সকলোৰে ওচৰ।”—গীতমালা ১৪৫:১৮.

গীত ২৮ যিহোৱাৰ বন্ধু কোন?

লেখৰ এক আভাস *

১. যিহোৱাৰ সেৱকসকলে কি কি কাৰণৰ বাবে অকলশৰীয়া অনুভৱ কৰিব পাৰে?

আমি সকলোৱে কেতিয়াবা নহয় কেতিয়াবা অকলশৰীয়া অনুভৱ কৰোঁ। কিছুমানে এই ভাৱনাৰপৰা সোনকালে ওলাই আহিব পাৰে। কিন্তু আন কিছুমানৰ বাবে এয়া বৰ কঠিন হয়। সেইবাবে, তেওঁলোকে ভীৰৰ মাজতো নিজকে অকলশৰীয়া অনুভৱ কৰে। কিছুমান লোকে নতুন মণ্ডলীলৈ যায় আৰু তাত তেওঁলোকৰ বাবে বন্ধু বিচাৰি পোৱাটো কঠিন হয়। আন কিছুমান লোক এনে পৰিয়ালৰ পৰা হয়, যʼত তেওঁলোকে বহুত মিলা-প্ৰীতিৰে থাকিছিল। কিন্তু এতিয়া পৰিয়ালৰপৰা দূৰত থাকে। কিছুমান লোকে নিজৰ আপোনজনাক মৃত্যুত হেৰুৱাৰ বাবে বহুত দুখ অনুভৱ কৰিব পাৰে। নতুনকৈ যিহোৱাৰ সাক্ষী হোৱা কিছুমান লোকক তেওঁলোকৰ পৰিয়াল আৰু বন্ধুয়ে ভাল নাপায়। এইবোৰ কাৰণৰ বাবে যিহোৱাৰ কিছুমান সেৱকে অকলশৰীয়া অনুভৱ কৰে।

২. এই লেখত কিহৰ বিষয়ে আলোচনা কৰা হʼব?

যিহোৱা ঈশ্বৰে আমাৰ বিষয়ে সকলো কথা জানে। আমি নিজকে অকলশৰীয়া অনুভৱ কৰাৰ সময়ত তেওঁ আমাৰ দুখ বুজি পায় আৰু আমাক সহায় কৰিব বিচাৰে। কিন্তু যিহোৱাই আমাক কেনেকৈ সহায় কৰে? যিসকলে অকলশৰীয়া অনুভৱ কৰে, তেওঁলোকে কি কৰিব পাৰে? মণ্ডলীত অকলশৰীয়া অনুভৱ কৰা ভাই-ভনীসকলক আমি কেনেকৈ সহায় কৰিব পাৰোঁ? আহক এই প্ৰশ্নবোৰৰ উত্তৰ চাওঁ।

যিহোৱাই নিজৰ লোকসকলৰ যত্ন লয়

যিহোৱাই স্বৰ্গদূতৰ যোগেদি এলিয়াক আশ্বাস দিছিল যে তেওঁ অকলশৰীয়া নহয় (৩ অনুচ্ছেদ চাওক)

৩. যিহোৱাই কেনেকৈ দেখুৱালে যে তেওঁ এলিয়াৰ যত্ন লয়?

যিহোৱাৰ লোকসকলে আনন্দত থকাটো তেওঁ বিচাৰে। যিহোৱাই নিৰাশাত ভুগি থকা লোকসকলৰ কাষ চাপি আহে আৰু তেওঁলোকৰ যত্ন লয়। (গীত. ১৪৫:১৮, ১৯) আহক এলিয়াৰ উদাহৰণলৈ মন কৰোঁ। ইস্ৰায়েলৰ ডাঙৰ ডাঙৰ অধিকাৰীসকলে যিহোৱাৰ সেৱকসকলক বহুত অত্যাচাৰ কৰিছিল আৰু এলিয়াকো হত্যা কৰিব বিচাৰিছিল। (১ ৰাজা. ১৯:১, ২) এলিয়াই হয়তো সেইসময়ত ভাবিছিল যে তেওঁৰ বাহিৰে আৰু কোনো ভৱিষ্যতবক্তা জীয়াই থকা নাই। (১ ৰাজা. ১৯:১০) কিন্তু যিহোৱাই স্বৰ্গদূতৰ যোগেদি আশ্বাস দিছিল যে তেওঁ অকলশৰীয়া নহয়। ইস্ৰায়েলত এনে বহুতোলোক আছে, যিসকলে যিহোৱাৰ উপাসনা কৰি আছে।—১ ৰাজা. ১৯:৫, ১৮.

৪. মাৰ্ক ১০:২৯, ৩০ পদৰপৰা কেনেকৈ জানিব পাৰি যে আপোন লোকসকলে এৰি দিয়া সেৱকসকলক যিহোৱাই যত্ন লয়?

যিহোৱাই এই কথা ভালদৰে জানে যে তেওঁৰ সেৱকসকলে নিজৰ জীৱনত কিছুমান ত্যাগ কৰিব লাগিব। তেওঁলোকক পৰিয়াল বা বন্ধুসকলে হয়তো ভাল নাপাব পাৰে। পাঁচনি পিতৰেও এই কথা ভালদৰে জানিছিল, সেইবাবে তেওঁ যীচুক এইদৰে সুধিছিল, “আমি সকলোকে এৰি আপোনাৰ পাছে পাছে আহিলোঁ; তেনেহʼলে আমি কি পাম?” (মথি ১৯:২৭) যীচুৱে নিজৰ শিষ্যসকলক আশ্বাস দিছিল যে তেওঁলোকে এক ডাঙৰ পৰিয়ালৰ ভাগ হৈ পৰিব। (মাৰ্ক ১০:২৯, ৩০ পঢ়ক।) যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে যিসকলে তেওঁৰ সেৱা কৰি থাকিব, তেওঁলোকক যিহোৱাই কেতিয়াও এৰি নিদিব। (গীত. ৯:১০) অকলশৰীয়া ভাৱনাৰ বিৰুদ্ধে যুঁজ কৰিবলৈ আমি কি কৰিব পাৰোঁ? আহক চাওঁ।

অকলশৰীয়া অনুভৱ কৰাৰ সময়ত আপুনি কি কৰিব পাৰে?

৫. আপুনি কিহৰ বিষয়ে ধ্যান কৰা উচিত আৰু কিয়?

ধ্যান কৰক যে যিহোৱাই আপোনাৰ কেনেকৈ যত্ন লৈছে। (গীত. ৫৫:২২) এইদৰে কৰিলে আপুনি অকলশৰীয়া অনুভৱ নকৰিব। সত্যত অকলে থকা কেৰল * নামৰ ভনীগৰাকীৰ উদাহৰণলৈ মন কৰক। তাই এইদৰে কৈছে, “অতীতৰ কথালৈ যেতিয়া মই ধ্যান কৰোঁ, তেতিয়া মোৰ অনুভৱ হয় যে কঠিন পৰিস্থিতিত মই অকলশৰীয়া নাছিলোঁ। যিহোৱা মোৰ লগত আছিল। তেওঁ মোৰ সদায় যত্ন লৈছিল আৰু ভৱিষ্যতেও লʼব।”

৬. অকলশৰীয়া অনুভৱ কৰা ভাই-ভনীসকলে ১ পিতৰ ৫:৯, ১০ পদৰ অনুসৰি কি উৎসাহ লাভ কৰে?

চিন্তা কৰক যে অকলশৰীয়া অনুভৱ কৰা ভাই-ভনীসকলক যিহোৱাই কেনেকৈ সহায় কৰে। (১ পিতৰ ৫:৯, ১০ পঢ়ক।) বহুবছৰৰপৰা সত্যত অকলে থকা ভাই হিৰোচিয়ে এইদৰে কৈছে, “মণ্ডলীৰ সকলো ভাই-ভনীয়ে কিবা নহয় কিবা সমস্যাৰ সন্মুখীন হয়, তথাপি তেওঁলোকে যিহোৱাৰ সেৱা কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰে। এয়া দেখি মোৰ নিচিনা সত্যত অকলে থকা লোকসকলে বৰ উৎসাহ লাভ কৰে।”

৭. প্ৰাৰ্থনাই আপোনাক কেনেকৈ সহায় কৰিব?

নিয়মীয়াকৈ বাইবেল পঢ়ক, প্ৰাৰ্থনা কৰক আৰু সভালৈ যাওক। মনৰ সকলো কথা যিহোৱাক জনাওক। (১ পিত. ৫:৭) মিচেল নামৰ এগৰাকী যুৱতী ভনীয়ে যেতিয়া সত্য শিকি আছিল, তেতিয়া তাইৰ পৰিয়ালে তাইক বিৰোধ কৰিছিল। সেইবাবে, তাই অকলশৰীয়া অনুভৱ কৰিছিল। তাই এইদৰে কৈছে, “প্ৰাৰ্থনাই মোক বহুত সহায় কৰিলে। যিহোৱা মোৰ পিতৃৰ দৰে আছিল, সেইবাবে মই দিনত বহুবাৰ তেওঁলৈ প্ৰাৰ্থনা কৰিছিলোঁ আৰু মনৰ সকলো কথা তেওঁক জনাইছিলোঁ।”

বাইবেল আৰু বেলেগ আলোচনীৰ অডিঅʼ ৰেকৰডিং শুনি কিছুমান লোকে অকলশৰীয়া ভাৱনাৰপৰা ওলাই আহিব পাৰিছে (৮ অনুচ্ছেদ চাওক) *

৮. বাইবেল পঢ়িলে আৰু ধ্যান কৰিলে আপুনি কেনেকৈ লাভৱান হʼব?

প্ৰতিদিনে বাইবেল পঢ়ক আৰু বাইবেলৰ সেই ঘটনালৈ ধ্যান দিয়ক, যাৰপৰা বুজিব পাৰি যে যিহোৱাই আপোনক প্ৰেম কৰে। বিয়াংকা নামৰ ভনীগৰাকীৰ পৰিয়ালে তাইক হেয়জ্ঞান কৰিছিল। তাই এইদৰে কৈছে, “বাইবেল আৰু ভাই-ভনীসকলৰ জীৱন কাহিনী পঢ়ি আৰু ধ্যান কৰাৰ যোগেদি মই এনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হʼব পাৰিছোঁ।” কিছুমান লোকে বাইবেলৰ পদ মনত ৰখাৰ যোগেদি বহুতো সান্ত্বনা লাভ কৰিছে। যেনে, গীতমালা ২৭:১০ আৰু যিচয়া ৪১:১০. আন কিছুমান ভাই-ভনীয়ে সভাৰ প্ৰস্তুতি কৰা আৰু বাইবেল পঢ়াৰ সময়ত অডিঅʼ ৰেকৰডিং শুনে। এইদৰে কৰি তেওঁলোকে অকলশৰীয়া ভাৱনাৰপৰা ওলাই আহিব পাৰিছে।

৯. আপুনি সভাত উপস্থিত হʼলে কেনেকৈ লাভৱান হʼব?

নিয়মীয়াকৈ সভাত উপস্থিত হʼবলৈ চেষ্টা কৰক। এইদৰে কৰিলে আপুনি উৎসাহ লাভ কৰিব আৰু ভাই-ভনীসকলক ভালদৰে জানিব পাৰিব। (ইব্ৰী ১০:২৪, ২৫) ওপৰত উল্লেখ কৰা মিচেল নামৰ ভনীগৰাকীয়ে এইদৰে কৈছে, “মই বৰ লাজুকীয়া স্বভাৱৰ আছিলোঁ। তথাপি, মই প্ৰতিটো সভাত উপস্থিত হʼবলৈ আৰু উত্তৰ দিবলৈ থিৰাং কৰিলোঁ। এইদৰে কৰাৰ যোগেদি মণ্ডলীৰ ভাই-ভনীসকল মোৰ আপোন হৈ পৰিল।”

১০. মণ্ডলীৰ ভাই-ভনীৰ লগত বন্ধুত্ব গঢ়ি তোলাটো কিয় প্ৰয়োজন?

১০ ভাই-ভনীৰ লগত বন্ধুত্ব কৰক। মণ্ডলীৰ এনে ভাই-ভনীসকলৰ লগত বন্ধুত্ব কৰক, যিসকলৰপৰা আপুনি বহুতো কথা শিকিব পাৰে। তেওঁলোক যিয়ে বয়স আৰু সংস্কৃতিৰ নহওক কিয়, আপুনি তেওঁলোকৰ লগত বন্ধুত্ব কৰিব পাৰে। বাইবেলে কৈছে, ‘প্ৰাচীনবিলাকৰ বুদ্ধি থাকে।’ (ইয়ো. ১২:১২) বয়সস্থ লোকসকলেও ডেকা ভাই-ভনীসকলৰপৰা বহুতো কথা শিকিব পাৰে। দায়ূদ আৰু যোনাথনৰ মাজতো বয়সৰ বহুত পাৰ্থক্য আছিল। তথাপি তেওঁলোকৰ বন্ধুত্ব গভীৰ আছিল। (১ চমূ. ১৮:১) বহুতো সমস্যাৰ সত্ত্বেও তেওঁলোকে যিহোৱাৰ সেৱা কৰিবলৈ এজনে-আনজনক সহায় কৰিছিল। (১ চমূ. ২৩:১৬-১৮) সত্যত অকলে থকা ভনী আইৰিণে এইদৰে কৈছে, “মণ্ডলীৰ ভাই-ভনীসকল আমাৰ আধ্যাত্মিক পিতৃ-মাতৃ আৰু ভাই-ভনী হয়। যিহোৱাই তেওঁলোকৰ যোগেদি আমাৰ প্ৰয়োজনীয়তা পূৰ কৰিব পাৰে।”

১১. আমি ভাল বন্ধু বিচাৰি পাবলৈ কি কৰা উচিত?

১১ বিশেষকৈ লাজুকীয়া স্বভাৱৰ হʼলে নতুন বন্ধু বিচৰাটো সহজ নহয়। ৰত্না নামৰ ভনীগৰাকী লাজুকীয়া স্বভাৱৰ আছিল আৰু বিৰোধৰ সত্ত্বেও তাই সত্য শিকিছিল। তাই এইদৰে কৈছে, “মোৰ অনুভৱ হৈছিল যে মোৰ মণ্ডলীৰ ভাই-ভনীসকলৰ সহায়ৰ প্ৰয়োজন আছে।” এয়া সঁচা যে নিজৰ মনৰ কথা আনক জনোৱাটো সহজ নহয়। কিন্তু এইদৰে কৰিলেহে আমি ভাল বন্ধু বিচাৰি পাম। মণ্ডলীৰ ভাই-ভনীসকলে আমাক সহায় আৰু উৎসাহিত কৰিব বিচাৰে। কিন্তু আমি নিজৰ সমস্যাৰ বিষয়ে জনালেহে তেওঁলোকে আমাক সহায় কৰিব পাৰিব।

১২. বন্ধুত্ব গঢ়ি তোলাৰ আটাইতকৈ ভাল উপায় কি আৰু কিয়?

১২ ভাল বন্ধুত্ব গঢ়ি তোলাৰ আটাইতকৈ ভাল উপায় হৈছে প্ৰচাৰ কামত ভাগ লোৱা। ওপৰত উল্লেখ কৰা ভনী কেৰলে এইদৰে কৈছে, “মই বেলেগ বেলেগ ভনীৰ লগত প্ৰচাৰ কৰিছিলোঁ আৰু যিহোৱাৰ সেৱাত বিভিন্ন কাম কৰিছিলোঁ। এইদৰে কৰাৰ বাবে মই বহুতো বন্ধুত্ব গঢ়ি তুলিব পাৰিলোঁ। যিহোৱাই এই ভনীসকলৰ যোগেদি মোৰ সহায় কৰি আছিল।” ভাই-ভনীসকলৰ লগত বন্ধুত্ব গঢ়ি তুলিলে আমাৰ বহুতো লাভ হয়। কিয়নো যেতিয়া আমি নিৰাশ হওঁ আৰু অকলশৰীয়া অনুভৱ কৰোঁ, তেতিয়া যিহোৱাই এই ভাই-ভনীসকলৰ যোগেদি আমাক উৎসাহিত কৰে।—হিতো. ১৭:১৭.

তেওঁলোকক অনুভৱ কৰাওক যে আমি একে পৰিয়ালৰ সদস্য

১৩. মণ্ডলীত আমাৰ সকলোৰে কি দায়িত্ব আছে?

১৩ মণ্ডলীত প্ৰেম আৰু শান্তি বজাই ৰখাটো আমাৰ দায়িত্ব। এইদৰে কৰিলে কোনেও অকলশৰীয়া অনুভৱ নকৰে। (যোহ. ১৩:৩৫) আমি যি কওঁ আৰু কৰোঁ, তাৰপৰা ভাই-ভনীসকলে উৎসাহ লাভ কৰে। এজনী ভনীয়ে এইদৰে কৈছে, “সত্য শিকি থকাৰ সময়ত মণ্ডলীৰ ভাই-ভনী মোৰ পৰিয়াল হৈ পৰিছিল। তেওঁলোকৰ সহায়ৰ অবিহনে মই কেতিয়াও যিহোৱাৰ সাক্ষী হʼব নোৱাৰিলোঁহেঁতেন।” যদি আপোনাৰ মণ্ডলীত কোনোবাই অকলশৰীয়া অনুভৱ কৰে, তেনেহʼলে তেওঁক সহায় কৰিবলৈ আপুনি কি কৰিব পাৰে?

১৪. নতুনকৈ অহা লোকসকলৰ লগত বন্ধুত্ব কৰিবলৈ আপুনি কি কৰিব পাৰে?

১৪ নতুনকৈ অহা লোকসকলৰ লগত বন্ধুত্ব কৰক। মণ্ডলীত যিসকল ভাই-ভনী নতুনকৈ আহে, আমি তেওঁলোকক নমস্কাৰ জনাব পাৰোঁ। (ৰোম. ১৫:৭) আমি এনে লোকসকলৰ লগত বন্ধুত্ব কৰিব পাৰোঁ, যিসকলে সত্যত অকলে আছে, বেলেগ মণ্ডলীৰপৰা আহিছে আৰু যিসকলে নতুনকৈ বাপ্তিষ্মা লৈছে। তেওঁলোকৰ লগত বন্ধুত্ব কৰিবলৈ হʼলে আমি তেওঁলোকৰ লগত কথা পাতিব পাৰোঁ। তেওঁলোকে কি ভাল পায় আৰু কি বেয়া পায়, তাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিব পাৰোঁ। আমি এনেধৰণৰ প্ৰশ্ন সোধা উচিত নহয়, যাৰ বাবে তেওঁ লাজ অনুভৱ কৰিব পাৰে। কিয়নো বহুতোলোকে নিজৰ মনৰ কথা সহজে কʼব নোৱাৰে। সেইবাবে, আমি ভাবি-চিন্তি প্ৰশ্ন সোধা উচিত। যেনে, তেওঁলোকে সত্যৰ বিষয়ে কেনেকৈ জানিলে। যেতিয়া তেওঁলোকে ইয়াৰ বিষয়ে কʼব, তেতিয়া আমি মনোযোগেৰে তেওঁৰ কথা শুনা উচিত। এইদৰে কৰিলে আমি তেওঁলোকৰ লগত এক ভাল বন্ধুত্ব গঢ়ি তুলিব পাৰিম।

১৫. অভিজ্ঞ ভাই-ভনীসকলে আন ভাই-ভনীসকলক কেনেকৈ সহায় কৰিব পাৰে?

১৫ যেতিয়া প্ৰাচীন আৰু অভিজ্ঞ ভাই-ভনীসকলে সকলোৰে যত্ন লয়, তেতিয়া ভাই-ভনীসকলৰ বিশ্বাস মজবুত হয়। এতিয়া আহক আমি ভনী মেলিচাৰ উদাহৰণলৈ মন কৰোঁ। তাইৰ মাতৃয়ে অকলে তাইক সত্যত ডাঙৰ-দীঘল কৰিছিল। ভনী মেলিচাই এইদৰে কৈছে, “মণ্ডলীৰ ভাইসকল মোৰ পিতৃৰ দৰে হয়। যেতিয়া মোক তেওঁলোকৰ সহায়ৰ প্ৰয়োজন আছিল, তেতিয়া তেওঁলোকে মোক সময় দিছিল আৰু মোৰ কথা মনোযোগেৰে শুনিছিল। মই তেওঁলোকৰ প্ৰতি অতি কৃতজ্ঞ।” এতিয়া আহক এজন ডেকা ভাই মৰিচিঅʼৰ উদাহৰণলৈ মন কৰোঁ। যেতিয়া তেওঁক অধ্যয়ন কৰা ভাইজনৰ উৎসাহ কমি গৈছিল, তেতিয়া তেওঁৰ বৰ দুখ লাগিছিল আৰু অকলশৰীয়া অনুভৱ কৰিছিল। তেওঁ এইদৰে কৈছে, “সেইসময়ত প্ৰাচীনসকলে মোৰ যত্ন লৈছিল। তেওঁলোকে মোৰ লগত কথা পাতিছিল, একেলগে প্ৰচাৰ কৰিছিল আৰু তেওঁলোকে ব্যক্তিগত অধ্যয়নত শিকা কথাবোৰ মোক জনাইছিল। আমি একেলগে মিলি মনোৰঞ্জনো কৰিছিলোঁ।” এতিয়া ভনী মেলিচা আৰু ভাই মৰিচিঅʼই পূৰ্ণ সময়ৰ সেৱা কৰি আছে।

যদি আপোনাৰ মণ্ডলীতো কোনোবাই অকলশৰীয়া অনুভৱ কৰে, তেনেহʼলে তেওঁৰ লগত সময় কটাওক। এইদৰে কৰিলে তেওঁক ভাল লাগিব (১৬-১৯ অনুচ্ছেদ চাওক) *

১৬-১৭. আনক সহায় কৰিবলৈ আমি আৰু কি কৰিব পাৰোঁ?

১৬ বিভিন্ন উপায়েৰে সহায় কৰক। (গালা. ৬:১০) লিঅʼ নামৰ ভাই এজনে পৰিয়ালৰপৰা দূৰত থাকি আন দেশত মিচনেৰী হিচাপে সেৱা কৰি আছে। তেওঁ এইদৰে কৈছে, “সঠিক সময়ত সৰু-সুৰা সহায়ৰ যোগেদিও আমি আনক উৎসাহিত কৰিব পাৰোঁ। এদিন গাড়ীৰে এক্সিডেণ্ট হোৱাৰ কথা মোৰ মনত আছে। সেই দিনাখন মই ঘৰলৈ আহি পাওঁতে একেবাৰে ভাগৰি পৰিছিলোঁ আৰু চিন্তিত হৈছিলোঁ। সেইসময়ত এহাল দম্পতীয়ে মোক আহাৰৰ বাবে মাতিলে। তেওঁলোকে কৈছিল, ‘আমাৰ ওচৰত যি আছে, আমি একেলগে ভগাই খাম।’ সেই দিনাখন আমি কি খাইছিলোঁ মোৰ একেবাৰে মনত নাই। কিন্তু এই কথা মনত আছে যে তেওঁলোকে মোৰ কথা মনোযোগেৰে শুনিছিল আৰু তেওঁলোকৰ লগত কথা পাতি মোৰ মন পাতল লাগিছিল।”

১৭ অধিৱেশন আৰু সন্মিলনবোৰত উপস্থিত হৈ আমাৰ বৰ ভাল লাগে। কিয়নো আমি তাত ভাই-ভনীসকলৰ লগত সময় অতিবাহিত কৰোঁ, অধিৱেশনত কি কি শিকিলোঁ, তাৰ বিষয়ে কথা পাতোঁ। কিন্তু ওপৰত উল্লেখ কৰা ভনী কেৰলে এইদৰে কৈছে, “অধিৱেশন আৰু সন্মিলনত যোৱাটো মোৰ বাবে সহজ নহয়। যদিও তাত বহুতো ভাই-ভনী থাকে, কিন্তু সকলোৱে নিজৰ পৰিয়ালৰ লগত বহে আৰু সেইবাবে মই অকলশৰীয়া অনুভৱ কৰোঁ।” আন কিছুমান ভাই-ভনীক নিজৰ জীৱন-সংগীক মৃত্যুত হেৰুৱাৰ পাছত প্ৰথমবাৰ অধিৱেশন বা সন্মিলনত উপস্থিত হোৱাটো কঠিন হয়। আপুনি এনে পৰিস্থিতিত থকা ভাই-ভনীসকলক চিনি পাইনে? যদি চিনি পায়, তেনেহʼলে অধিৱেশন বা সন্মিলনত আপোনাৰ পৰিয়ালৰ লগত তেওঁলোকক বহাব পাৰেনে?

১৮. ভাই-ভনীসকলৰ লগত সময় কটোৱাৰ সময়ত ২ কৰিন্থীয়া ৬:১১-১৩ পদৰ কি কথা মনত ৰখা উচিত?

১৮ একেলগে সময় কটাওক। আমি বেলেগ বেলেগ ভাই-ভনীসকলৰ লগত সময় কটাব পাৰোঁ। বিশেষকৈ সেই ভাই-ভনীসকলৰ লগত, যিসকলে নিজকে অকলশৰীয়া অনুভৱ কৰে। ইয়াৰ বিষয়ে বাইবেলত কোৱা হৈছে যে ‘আমাৰ হৃদয় বহল’ কৰা উচিত। (২ কৰিন্থীয়া ৬:১১-১৩ পঢ়ক।) ওপৰত উল্লেখ কৰা মেলিচা নামৰ ভনীগৰাকীয়ে এইদৰে কৈছে, “যেতিয়া মণ্ডলীৰ ভাই-ভনীসকলে মোক তেওঁলোকৰ ঘৰলৈ মাতিছিল বা যেতিয়া আমি সকলোৱে মিলি ফুৰিবলৈ গৈছিলোঁ, তেতিয়া মোৰ বৰ ভাল লাগিছিল। আমি বৰ আনন্দিত হৈছিলোঁ।” আপোনাৰ মণ্ডলীত এনে ভাই-ভনীসকল আছেনে, যাৰ লগত আপুনি সময় কটাব পাৰে?

১৯. ভাই-ভনীসকলৰ লগত সময় কটোৱাটো কেতিয়া বেছি ভাল হʼব?

১৯ কিছুমান ভাই-ভনীক সেইদিনাখন সময় কটাবলৈ বেছি দুখ লাগে, যিদিনাখন তেওঁলোকৰ জীৱন-সংগীৰ মৃত্যু হৈছিল। এনে পৰস্থিতিত যদি আমি তেওঁলোকৰ লগত সময় কটাওঁ, তেনেহʼলে তেওঁলোকক ভাল লাগিব। তেওঁলোকে ভাবিব যে আমি তেওঁলোকৰ বিষয়ে “সঁচাকৈ চিন্তা” কৰোঁ।—ফিলি. ২:২০.

২০. মথি ১২:৪৮-৫০ পদৰপৰা আমি কি উৎসাহ লাভ কৰোঁ?

২০ আমি সকলোৱে কেতিয়াবা নহয় কেতিয়াবা অকলশৰীয়া অনুভৱ কৰোঁ। কিন্তু আমি মনত ৰখা উচিত যে যিহোৱাই আমাৰ ভাৱনা বুজি পায়। তেওঁ আমাক ভাই-ভনীসকলৰ যোগেদি সহায় কৰে। (মথি ১২:৪৮-৫০ পঢ়ক।) আমাক যেতিয়া সহায়ৰ প্ৰয়োজন আছিল, তেতিয়া আনে আমাক সহায় কৰিছিল। ঠিক সেইদৰে ভাই-ভনীসকলক যেতিয়া সহায়ৰ প্ৰয়োজন হয়, তেতিয়া আমিও তেওঁলোকক সহায় কৰা উচিত। আমি অকলশৰীয়া হয় বুলি কেতিয়াও ভবা উচিত নহয়। কিয়নো যিহোৱা আমাৰ লগত আছে!

গীত ৪৬ যিহোৱা, তোমাৰ প্ৰতি কৃতজ্ঞ

^ অনু. 5 আপুনি কেতিয়াবা কেতিয়াবা অকলশৰীয়া অনুভৱ কৰেনে? যদি কৰে, তেনেহʼলে মনত ৰাখক যে যিহোৱাই আপোনাৰ দুখ বুজি পায় আৰু তেওঁ আপোনাক সহায় কৰিবলৈ সাজু আছে। এই লেখত আমি শিকিম যে অকলশৰীয়া ভাৱনাৰ বিৰুদ্ধে যুঁজ কৰিবলৈ আপুনি কি কৰিব পাৰে। ইয়াৰ উপৰিও আমি এয়াও শিকিম যে অকলশৰীয়া অনুভৱ কৰা ভাই-ভনীসকলক আমি কেনেকৈ সহায় কৰিব পাৰোঁ।

^ অনু. 5 কিছুমান নাম সলনি কৰা হৈছে।

^ অনু. 60 ছবিৰ বিষয়ে: এজন ভায়ে নিজৰ পত্নীক মৃত্যুত হেৰুৱাইছিল। তেওঁ বাইবেল আৰু আন আলোচনীৰ অডিঅʼ ৰেকৰডিং শুনি আছে।

^ অনু. 62 ছবিৰ বিষয়ে: এজন ভায়ে নিজৰ ছোৱালীৰ লগত মণ্ডলীৰ এজন বৃদ্ধ ভাইক লগ কৰিবলৈ আহিছে আৰু তেওঁৰ বাবে কিবা বস্তু আনি দিছে।