আপুনি জানেনে?
যীচুৰ সময়ত লোকসকলে কি কি ক্ষেত্ৰত কৰ বা খাজনা দিবলগীয়া হৈছিল?
আৰম্ভণিতে ইস্ৰায়েলীয়ে শুদ্ধ উপাসনা চলি থাকিবলৈ কৰ বা খাজনা দিছিল। কিন্তু যীচুৰ সময়ত যিহূদীসকলে বহুতো ক্ষেত্ৰত কৰ দিবলগীয়া হৈছিল, যাৰ বাবে তেওঁলোকে জীয়াই থকাটো অসম্ভৱ হৈ পৰিছিল।
আৰম্ভণিতে আবাসত আৰু পাছলৈ মন্দিৰত শুদ্ধ উপাসনা চলি থাকিবলৈ যিহূদী পুৰুষসকলে প্ৰতিবছৰে আধা চেকল (দুটা আধলি) দিছিল। যীচুৰ সময়ত যিহূদীসকলে যি কৰ দিছিল, সেই কৰৰপৰা হেৰোদে নিৰ্মাণ কৰা মন্দিৰৰ মেৰামতি কৰা হৈছিল। যেতিয়া যিহূদীসকলে পিতৰক সুধিছিল যে যীচুৱে কৰ দিয়াৰ বিষয়ে কি ভাৱে, তেতিয়া যীচুৱে কৈছিল যে কৰ দিয়াটো ভুল নহয়। আনকি যীচুৱে পিতৰক তেওঁলোক দুয়োজনৰ বাবে কৰ দিবলৈ কৈছিল।—মথি ১৭:২৪-২৭.
যিহোৱাৰ লোকসকলে আন একপ্ৰকাৰৰ কৰ দিবলগীয়া হৈছিল। যিহোৱাই তেওঁলোকক শস্য আৰু উপাৰ্জনৰপৰা দশম ভাগ দিবলৈ কৈছিল। (লেবী. ২৭:৩০-৩২; গণ. ১৮:২৬-২৮) কিন্তু যীচুৰ সময় অহাৰ লৈকে যিহূদী ধৰ্ম গুৰুসকলে সকলো শাক-পাঁচলিৰপৰা দশম ভাগ দিব লাগিব বুলি যিহূদীসকলক হেঁচা দিছিল। যেনে, ‘পদিনা, গুৱামৰি আৰু জীৰা।’ যীচুৱেও দশম ভাগ দিয়াটো ভুল হয় বুলি কোৱা নাছিল। কিন্তু অধ্যাপক আৰু ফৰীচীসকলে এই নিয়মটো সঠিকভাৱে ব্যৱহাৰ কৰা নাছিল। সেইবাবে, যীচুৱে তেওঁলোকক কপটীয়া বুলি কৈছিল।—মথি ২৩:২৩.
যীচুৰ সময়ত যিহূদীসকল ৰোমান চৰকাৰৰ অধীনত আছিল। সেইবাবে, তেওঁলোকে বহুতো ক্ষেত্ৰক কৰ দিব লাগিছিল। উদাহৰণস্বৰূপে, যিসকল যিহূদীৰ মাটি-বাৰী আছিল, তেওঁলোকে টকা-পইচা আৰু আন কিবা বস্তু দি কৰ দিব লাগিছিল। অনুমান কৰা হৈছে যে তেওঁলোকে প্ৰায় ২০ৰপৰা ২৫ শতাংশ কৰ দিবলগীয়া হৈছিল। ইয়াৰ উপৰিও প্ৰতিজন যিহূদীয়ে ৰোমান চৰকাৰক কৰ দিব লাগিছিল। এই কৰৰ বিষয়েই ফৰীচীসকলে যীচুক প্ৰশ্ন সুধিছিল। যীচুৱে তেওঁলোকক এইদৰে উত্তৰ দিছিল, “যি কৈচৰৰ, তাক কৈচৰক দিয়া; আৰু যি ঈশ্বৰৰ, তাক ঈশ্বৰক দিয়া।”—মথি ২২:১৫-২২.
যেতিয়া কোনো এখন জিলাৰপৰা বস্তু-বাহিনী অনা-নিয়া কৰা হৈছিল, তেতিয়া তাৰ বাবেও কৰ দিবলগীয়া হৈছিল। এই কৰ বন্দৰ, দলং, চাৰিআলি, বজাৰ আৰু নগৰৰ দুৱাৰ মুখত লোৱা হৈছিল।
ৰোমান শাসনৰ সময়ত যিহূদীসকলৰ বাবে কৰ দিয়াটো বৰ কঠিন হয় পৰিছিল। যীচুৰ সময়ত সম্ৰাট তিবিৰিয়াচে শাসন কৰিছিল, ইয়াৰ বিষয়ে ৰোমান বুৰঞ্জীবিদ টিচিটʼছে এইদৰে কৈছে, “যিহূদী আৰু চিৰিয়াৰ লোকসকলে কৰ কম কৰি দিবলৈ মিনতি কৰিছিল। কিয়নো ইমান কৰ দিবলৈ তেওঁলোকৰ বাবে কঠিন হৈ পৰিছিল।”
যিধৰণে কৰ লোৱা হৈছিল, তাৰ বাবেও কৰ দিয়াটো কঠিন হৈ পৰিছিল। যি ব্যক্তিয়ে ৰোমান চৰকাৰক বেছি টকা দিছিল, সেই ব্যক্তিজনকে কৰতোলাৰ কাম দিয়া হৈছিল। সেই ব্যক্তিজনে কৰ তুলিবলৈ আন ব্যক্তিক ৰাখিছিল। হয়তো চক্কেয়ও এইদৰে কৰিছিল। (লূক ১৯:১, ২) কৰ তোলা লোকসকলে আনৰপৰা বহুতো টকা অৰ্জন কৰিছিল, সেইবাবে লোকসকলে তেওঁলোকক ঘৃণা কৰিছিল।