অধ্যয়নৰ লেখ ২৪
আমি চয়তানৰ ফান্দৰপৰা বাচি থাকিব পাৰোঁ!
‘চয়তানৰ ফান্দৰূপ ৰাগিৰ পৰা হুচ পাওক।’—২ তীম. ২:২৬.
গীত ৩৬ জীৱনৰ মূল হৈছে হৃদয়
লেখৰ এক আভাস *
১. চয়তানক এজন চিকাৰী বুলি কিয় কোৱা হৈছে?
এজন চিকাৰীৰ উদ্দেশ্য হৈছে জন্তুটোক ফান্দত পেলোৱা আৰু তাক বধ কৰা। ইয়াৰ বাবে সি বেলেগ বেলেগ ফান্দ ব্যৱহাৰ কৰে আৰু ইয়াৰ বিষয়ে বাইবেলতো কোৱা হৈছে। (ইয়ো. ১৮:৮-১০) চিকাৰীজনে জন্তুটোক ফান্দত পেলাবলৈ কি কৰে? চিকাৰীয়ে লক্ষ্য কৰে যে জন্তুৱে কʼত যায়, সি কি ভাল আৰু তাক ধৰিবলৈ কি কি ফান্দ ব্যৱহাৰ কৰিলে ভাল হʼব। চয়তানো এজন চিকাৰীৰ দৰে হয়। সি লক্ষ্য কৰে যে আমি কʼত যাওঁ, কি ভাল পাওঁ আৰু সি এয়াও লক্ষ্য কৰে যে কি ফান্দ পাতিলে আমি তাত সহজে পৰিব পাৰোঁ। বাইবেলে কৈছে যে চয়তানৰ ফান্দত নপৰিবলৈ আমি কি কৰিব পাৰোঁ আৰু আমি চয়তানৰ ফান্দত পৰিলেও, তাৰপৰা ওলাই আহিব পাৰিম।
২. বেছিভাগ লোকে চয়তানৰ কি দুটা ফান্দত পৰিছে?
২ চয়তানে অহংকাৰ আৰু লোভৰ যোগেদি লোকসকলক ফান্দত পেলাবলৈ চেষ্টা কৰে। * সি এই দুটা ফান্দ বহুবছৰৰপৰা ব্যৱহাৰ কৰি আহিছে। চয়তান এজন চিকাৰীৰ দৰে হয়। যিদৰে এজন চিকাৰীয়ে জন্তুক ধৰিবলৈ বিভিন্ন ফান্দ ব্যৱহাৰ কৰে, ঠিক সেইদৰে চয়তানেও বিভিন্ন ফান্দ ব্যৱহাৰ কৰে। (গীত. ৯১:৩) কিন্তু এই ফান্দবোৰৰ বিষয়ে যিহোৱাই বাইবেলত আগতীয়াকৈ উল্লেখ কৰিছে। যদি আমি এই বিষয়বোৰলৈ ধ্যান দিওঁ, তেনেহʼলে আমি চয়তানৰ ফান্দত কেতিয়াও নপৰিম।—২ কৰি. ২:১০, ১১.
৩. যিহোৱাই অহংকাৰ আৰু লোভৰ ফান্দত পৰি যোৱা লোকসকলৰ বিষয়ে কিয় উল্লেখ কৰিছে?
৩ বাইবেলত এনে বহুতো লোকৰ উদাহৰণ দিয়া আছে, যিসকলে অহংকাৰ আৰু লোভৰ ফান্দত পৰিছিল। তেওঁলোকৰ ভিতৰত বেছিভাগ লোকে বহুবছৰ ধৰি যিহোৱাৰ সেৱা কৰিছিল। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আমি ফান্দৰপৰা বাচি থাকিব নোৱাৰিম। যিহোৱাই এই উদাহৰণবোৰ আমাক “চেতনা দিবলৈ” বা সতৰ্ক কৰিবলৈ উল্লেখ কৰিছে, যাতে আমি এই ফান্দত নপৰোঁ।—অহংকাৰ, চয়তানৰ এটা ফান্দ
৪. আমি অহংকাৰী হৈ পৰিলে কি হʼব পাৰে?
৪ চয়তানে জানে যে আমি যদি অহংকাৰী হৈ পৰোঁ, তেন্তে আমি তাৰ দৰে হৈ পৰিম আৰু ভৱিষ্যতে পাবলগীয়া অনন্ত জীৱনো হেৰুৱাম। (হিতো. ১৬:১৮) পাঁচনি পৌলে এইদৰে কৈছিল, “যিজন ব্যক্তিয়ে অহংকাৰেৰে ভৰি পৰে, তেওঁক চয়তানৰ দৰে শাস্তি দিয়া হʼব।” (১ তীম. ৩:৬, ৭, NW) বহুবছৰৰ ধৰি সত্যত থকা বা নতুনকৈ সত্যত অহা, যিকোনো লোকে এই ফান্দত পৰিব পাৰে।
৫. এজন অহংকাৰী ব্যক্তিয়ে সমস্যা আহিলে কি কৰে? (উপদেশক ৭:১৬, ২০)
৫ অহংকাৰী লোক স্বাৰ্থপৰ হয়। যেতিয়া কোনো সমস্যা আহে, তেতিয়া আমি যিহোৱাৰ পৰিৱৰ্তে কেৱল নিজৰ বিষয়ে চিন্তা কৰাটো চয়তানে বিচাৰে। উদাহৰণস্বৰূপে, এজন ব্যক্তিৰ ওপৰত মিছা অভিযোগ কৰা হৈছে বা তেওঁৰ লগত অন্যায় হৈছে। যদি সেই ব্যক্তিজন অহংকাৰী হয়, তেন্তে তেওঁ যিহোৱা আৰু তেওঁৰ সংগঠনৰ ওপৰত দোষাৰূপ কৰিব। তেওঁ সমস্যাটো বাইবেলৰ অনুসৰি নহয়, নিজৰ মতে সমাধান কৰিবলৈ চেষ্টা কৰিব।—উপদেশক ৭:১৬, ২০ পঢ়ক।
৬. নেদাৰলেণ্ডৰ ভনীগৰাকীৰপৰা আমি কি শিকিব পাৰোঁ?
৬ আহক আমি নেদাৰলেণ্ডৰ এগৰাকী ভনীৰ উদাহৰণলৈ মন কৰোঁ। তাই ভাই-ভনীসকলৰ সুৰু-সুৰা ভুলবোৰ সহজভাৱে লʼব পৰা নাছিল। সেইবাবে, অলপতে তাইৰ খং উঠিছিল। তাই এইদৰে কৈছে, “মই ভাই-ভনীসকলৰ ভুলবোৰ ক্ষমা কৰিব পৰা নাছিলোঁ। সেইবাবে, মই অকলশৰীয়া অনুভৱ কৰিছিলোঁ। মই নিজৰ স্বামীক কʼলোঁ যে মই এই মণ্ডলীত আৰু থাকিব নিবিচাৰোঁ।” ইয়াৰ পাছত ভনীগৰাকীয়ে ২০১৬ চনৰ মাৰ্চ মাহৰ ব্ৰʼডকাষ্টিঙৰ কাৰ্য্যক্ৰম চালে। তাত কোৱা হৈছে যে আনে ভুল কৰিলে আমি কি কৰা উচিত। তাই এইদৰে কৈছে, “মই আনৰ ভুলবোৰলৈ ধ্যান দিয়াৰ পৰিৱৰ্তে নিজকে শুধৰণি কৰিবলৈ চেষ্টা কৰা উচিত। মই যিহোৱা আৰু তেওঁৰ শাসন কৰাৰ অধিকাৰৰ ওপৰত মনোযোগ দিবলৈ নিৰ্ণয় লʼলোঁ।” এই ভনীগৰাকীৰপৰা আমি কি শিকিব পাৰোঁ? আমি শিকিব পাৰোঁ যে যদি আমি কিবা সমস্যাত থাকোঁ, তেন্তে আমি যিহোৱাৰ ওপৰত সম্পূৰ্ণ ধ্যান দিয়া উচিত। যিহোৱাৰ ওপৰত দৃষ্টি ৰাখিবলৈ আমি তেওঁলৈ প্ৰাৰ্থনা কৰিব পাৰোঁ। যিহোৱাই সকলোৰে ভুলবোৰ ভালদৰে জানে, তথাপি তেওঁ সকলোকে ক্ষমা কৰে। ঠিক সেইদৰে আমিও আনক ক্ষমা কৰাটো তেওঁ বিচাৰে।—১ যোহ. ৪:২০.
৭. ৰজা উজ্জিয়াৰ লগত কি হৈছিল?
৭ যিহূদাৰ ৰজা উজ্জিয়াই বহুতো সফলতা লাভ কৰিছিল। উদাহৰণস্বৰূপে, তেওঁ যুদ্ধবোৰত জয়লাভ কৰিছিল, নগৰবোৰ নিৰ্মাণ কৰিছিল আৰু খেতি-বাতি কৰিও ভাল পাইছিল। ঈশ্বৰে তেওঁক বহুতো আশীৰ্বাদ দিলে আৰু “তেওঁক কৃতকাৰ্য্য হবলৈ দিলে।” (২ বং. ২৬:৩-৭, ১০) কিন্তু বাইবেলত কোৱা হৈছে যে উজ্জিয়াই “শক্তিমান হোৱাৰ পাছত তেওঁৰ মন এনেকৈ বাঢ়িল, যে, তেওঁ দুষ্কৰ্ম্ম কৰিলে।” ৰজা উজ্জিয়াই ধূপ জ্বলাবলৈ মন্দিৰত সোমাইছিল। এনে কৰাটো ভুল আছিল, কিয়নো কেৱল পুৰোহিতসকলকহে এই কাম কৰিবলৈ অধিকাৰ দিয়া হৈছিল। পুৰোহিতসকলে ৰজাক বাধা দিবলৈ চেষ্টা কৰিছিল। কিন্তু ৰজা উজ্জিয়াই তেওঁলোকৰ কথা শুনা নাছিল, সেইবাবে যিহোৱাৰ বৰ খং উঠিল। তেওঁ উজ্জিয়াক কুষ্ঠ ৰোগ দি শাস্তি দিলে আৰু তেওঁ মৃত্যুৰলৈকে কুষ্ঠৰোগী হৈ থাকিল।—২ বং. ২৬:১৬-২১.
৮. আমি অহংকাৰ কৰাৰপৰা বাচি থাকিবলৈ ১ কৰিন্থীয়া ৪:৬, ৭ পদে কেনেকৈ সহায় কৰে?
৮ আমি ৰজা উজ্জিয়াৰ দৰে অহংকাৰী হৈ ভুল কাম কৰিব পাৰোঁনে? আহক ইয়াৰ উত্তৰ জানিবলৈ আমি ভাই হʼচেৰ উদাহৰণলৈ মন কৰোঁ। তেওঁ এজন সফল ব্যৱসায়ী আৰু প্ৰাচীন আছিল। লোকসকলে তেওঁৰ বৰ সন্মান কৰিছিল। তেওঁ অধিৱেশন আৰু সন্মিলনবোৰতো ভাষণ দিছিল। আনকি চাৰ্কিট ওভাৰচিয়াৰেও তেওঁৰপৰা পৰামৰ্শ লৈছিল। ভাই হʼচেই এইদৰে কৈছে, “মই যিহোৱাতকৈ বেছি নিজৰ দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰিছিলোঁ। মই ভাবিছিলোঁ মোৰ বিশ্বাস মজবুত আছে আৰু যিহোৱাৰ পৰামৰ্শৰ ওপৰত গুৰুত্ব দিয়াৰ কোনো প্ৰয়োজন নাই।” ভাই হʼচে এটা ডাঙৰ ভুল কৰিছিল, সেইবাবে তেওঁক মণ্ডলীৰপৰা বহিষ্কাৰ কৰা হৈছিল। এতিয়া তেওঁ সত্যলৈ ঘূৰি অহা বহুবছৰ হʼল। তেওঁ এইদৰে কৈছে, “মই যিহোৱাৰপৰা শিকিলোঁ যে আমাৰ ওচৰত যি পদ আছে, সেয়া গুৰুত্বপূৰ্ণ নহয়। কিন্তু আমি ১ কৰিন্থীয়া ৪:৬, ৭ পঢ়ক।) যদি আমি অহংকাৰী হওঁ, তেনেহʼলে আমি যিহোৱাৰ কোনো কামৰ যোগ্য নহওঁ।
যিহোৱাৰ কথা শুনোঁ নে নুশুনোঁ, সেয়াহে গুৰুত্বপূৰ্ণ।” আমাৰ ওচৰত যি দক্ষ্যতা আৰু মণ্ডলীত যি দায়িত্ব আছে, সেই সকলো যিহোৱাই আমাক দিছে। সেইবাবে, আমি অহংকাৰ কৰা উচিত নহয়। (লোভ, চয়তানৰ আন এটা ফান্দ
৯. (ক) লোভ কৰাৰ বাবে চয়তানে কি কৰিলে? (খ) লোভ কৰাৰ বাবে হৱাই কি কৰিলে?
৯ লোভৰ বিষয়ে কʼলে সদায় চয়তানৰ কথা মনত পৰে। প্ৰথমে সি এজন যিহোৱাৰ বিশ্বাসী স্বৰ্গদূত আছিল। যিহোৱাই তাক বহুতো দায়িত্ব দিছিল। কিন্তু সি সিমানতে সন্তুষ্ট নাছিল। সি আৰু পাব বিচাৰিছিল। অৱশেষত সি উপাসনা পাব বিচাৰিলে, কিন্তু উপাসনা পোৱাৰ যোগ্য কেৱল যিহোৱা আছিল। আজি আমিও চয়তানৰ দৰে লোভ কৰাটো সি বিচাৰে। লগতে আমাৰ ওচৰত যি আছে, সেয়া যথেষ্ট নহয়, আমি এইদৰে ভবাটো চয়তানে বিচাৰে। চয়তানে হৱাকো ফান্দত পেলালে। যিহোৱাই আদম আৰু হৱাক খাবলৈ বহুতো ফল দিছিল। তেওঁলোকে এটা গছৰ ফলৰ বাহিৰে “সকলো বৃক্ষৰ ফল” খাব পাৰিছিল। (আদি. ২:১৬) কিন্তু যিহোৱাই যি গছৰ ফল খাবলৈ বাধা দিছিল, সেই গছৰ ফল আটাইতকৈ ভাল হয় বুলি চয়তানে হৱাক ফুচলাইছিল। সেইবাবে, হৱাই সেই গছৰ ফল খাব বিচাৰিছিল। পৰিণামস্বৰূপে, তাই সেই গছৰ ফল খালে আৰু তাইৰ মৃত্যু হʼল।—আদি. ৩:৬, ১৯.
১০. যেতিয়া ৰজা দায়ূদে ভুল কৰিবলৈ ধৰিলে, তেতিয়া কি হʼল?
১০ ৰজা দায়ূদে যিহোৱাৰপৰা আশীৰ্বাদ লাভ কৰাৰ বাবে তেওঁৰ বহুত ধন-সম্পত্তি আৰু ভাল নাম আছিল। তেওঁ বহুত যুদ্ধত জয়লাভ কৰিছিল। যিহোৱাই তেওঁক ইমানেই আশীৰ্বাদ দিছিল যে “সেইবোৰ বৰ্ণনা কৰি প্ৰকাশ কৰিব খুজিলে, সেইবোৰ অলেখ।” (গীত. ৪০:৫) পাছলৈ যিহোৱাই দায়ূদৰ বাবে যি যি কৰিছিল, সেই সকলো তেওঁ পাহৰি গʼল আৰু লোভ কৰিবলৈ ধৰিলে। তেওঁৰ বহুতো পত্নী আছিল, তথাপি তেওঁ বৎচেবাক পাবলৈ লোভ কৰিলে। সেইবাবে, দায়ূদে তাইৰ লগত অনৈতিক যৌন সম্পৰ্ক ৰাখিলে আৰু তাই গৰ্ভৱতী হʼল। তেওঁ ব্যভিচাৰ কৰি পাপ কৰাৰ লগতে বৎচেবাৰ স্বামী উৰিয়াক হত্যা কৰিছিল, যি এক গভীৰ পাপ আছিল। (২ চমূ. ১১:২-১৫) দায়ূদে বহুবছৰৰপৰা যিহোৱাৰ বিশ্বাসী হৈ আছিল। কিন্তু লোভ কৰাৰ বাবে তেওঁ এটা ডাঙৰ ভুল কৰিছিল, যাৰ বাবে তেওঁ বহুত দুখ-কষ্টৰ সন্মুখীন হʼবলগীয়া হৈছিল। পাছত তেওঁ নিজৰ ভুল স্বীকাৰ কৰিলে আৰু অনুতাপ কৰিলে। যিহোৱাই তেওঁক ক্ষমা কৰাৰ বাবে তেওঁ কৃতজ্ঞ আছিল।—২ চমূ. ১২:৭-১৩.
১১. ইফিচীয়া ৫:৩, ৪ পদৰ অনুসৰি আমি লোভ কৰাৰপৰা বাচি থাকিবলৈ কি কৰা উচিত?
ইফিচীয়া ৫:৩, ৪ পঢ়ক।) আমাৰ ওচৰত যি আছে আমি তাতে সন্তুষ্ট হৈ থাকিম। নতুন বাইবেল বিদ্যাৰ্থীক প্ৰতিদিনে কমেও এটা কথাৰ বাবে যিহোৱালৈ ধন্যবাদ দিবলৈ শিকোৱা হয়। এইদৰে কৰিলে তেওঁ সপ্তাহত সাতটা কথাৰ বাবে যিহোৱাৰ প্ৰতি কৃতজ্ঞ হʼব আৰু তেওঁক ধন্যবাদ দিব। (১ থিচ. ৫:১৮) ঠিক সেইদৰে আমিও কৰিব পাৰোঁ। আমি ধ্যান কৰিব পাৰোঁ যে যিহোৱা ঈশ্বৰে আমাৰ বাবে কি কি কৰিলে। এইদৰে কৰি আমি তেওঁৰ প্ৰতি কৃতজ্ঞতা দেখুৱাওঁ। যদি আমি তেওঁৰ প্ৰতি কৃতজ্ঞ হওঁ, তেনেহʼলে আমি সন্তুষ্ট হʼম আৰু আমি সন্তুষ্ট হʼলে কেতিয়াও লোভ নকৰিম।
১১ দায়ূদৰপৰা আমি কি শিকিব পাৰোঁ? যিহোৱাই যি বস্তু আমাক দিছে তাৰ প্ৰতি যদি আমি কৃতজ্ঞ হওঁ, তেনেহʼলে আমি লোভ কৰাৰপৰা আঁতৰি থাকিম। (১২. লোভ কৰাৰ বাবে ইষ্কিৰয়োতীয়া যিহূদাই কি কৰিলে?
১২ ইষ্কিৰয়োতীয়া যিহূদাই লোভ কৰিলে আৰু যীচুৰ লগত বিশ্বাসঘাত কৰিলে। কিন্তু তেওঁ আগৰেপৰা এইদৰে নাছিল। (লূক ৬:১৩, ১৬) তেওঁ আগতে ভৰসাযোগ্য ব্যক্তি আছিল। সেইবাবে, যীচুৱে তেওঁক পাঁচনি হিচাপে বাছনি কৰিছিল আৰু তেওঁক দানৰ বাকচৰ চোৱা-চিতা কৰিবলৈ দায়িত্ব দিছিল। প্ৰচাৰ কামৰ বাবে জড়িত থকা খৰচ পাতিৰ বাবে এই দান ব্যৱহাৰ কৰা হৈছিল। ঠিক সেইদৰে আজিও কৰা হয়। কিন্তু কিছু সময়ৰ পাছত যিহূদাই চুৰ কৰিবলৈ ধৰিলে। যীচুৱে বাৰে বাৰে শিষ্যসকলক শিকাইছিল যে লোভ কৰাটো উচিত নহয়। (মাৰ্ক ৭:২২, ২৩; লূক ১১:৩৯; ১২:১৫) যিহূদাও এই কথা বহুতোবাৰ শুনিছিল। কিন্তু তেওঁ যীচুৰ কথা মনা নাছিল।
১৩. যিহূদাই লোভৰ ফান্দত পৰিল বুলি কেতিয়া গম পোৱা গʼল?
১৩ যীচুৰ মৃত্যুৰ কিছু দিনৰ আগতে গম পোৱা গʼল যে যিহূদাই লোভৰ ফান্দত পৰিছে। এদিনাখন যীচু আৰু তেওঁৰ শিষ্যসকলে চিমোনৰ ঘৰত আহাৰ খাবলৈ গৈছিল। চিমোন আগতে কুষ্ঠৰোগী আছিল আৰু তেওঁৰ ঘৰত মৰিয়ম আৰু মাৰ্থাও আহিছিল। সেইসময়ত মৰিয়মে সুগন্ধি তেল লৈ যীচুৰ মূৰত ঢালি দিছিল। এয়া দেখি যিহূদা আৰু আন শিষ্যসকলে খং কৰিলে। তেওঁলোকে কʼলে এই পইচাৰ যোগেদি তেওঁলোকে দুখীয়াসকলক সহায় আগবঢ়াব পাৰিলেহেঁতেন। কিন্তু আচলতে যিহূদা “চোৰ” আছিল আৰু দানৰ বাকচৰপৰা তেওঁ চুৰ কৰিব বিচাৰিছিল। যিহূদাই পাছত কিছু টকাৰ বাবে যীচুক বিক্ৰী কৰি দিছিল।—যোহ. ১২:২-৬; মথি ২৬:৬-১৬; লূক ২২:৩-৬.
১৪. লূক ১৬:১৩ পদত দিয়া পৰামৰ্শৰ অনুসৰি এহাল দম্পতীয়ে কি নিৰ্ণয় লʼলে?
১৪ যীচুৱে নিজৰ শিষ্যসকলক কৈছিল যে “তোমালোকে ঈশ্বৰ আৰু ধন, উভয়তে খাটিব নোৱাৰা।” (লূক ১৬:১৩ পঢ়ক।) এই কথাষাৰ আজিও সঁচা হয়। উদাহৰণস্বৰূপে, ৰোমানিয়াৰ এহাল দম্পতীয়ে এখন ধনী দেশত অলপ দিনৰ বাবে চাকৰি পাইছিল। তেওঁলোকে কৈছে, “আমি এই চাকৰি কৰা হʼলে, আমাৰ সকলো ধাৰ মাৰিব পাৰিলোঁহেঁতেন আৰু আমি ভাবিছিলোঁ যে এই চাকৰি আমাক যিহোৱাই দিছে।” কিন্তু এটা সমস্যা আছিল তেওঁলোকে এই চাকৰি কৰা হʼলে, তেওঁলোকে যিহোৱাৰ সেৱাত বেছি সময় দিব নোৱাৰিলেহেঁতেন। তেওঁলোকে আগষ্ট ১৫, ২০০৮ চনৰ প্ৰহৰীদুৰ্গৰপৰা (হিন্দী) সহায় লাভ কৰিলে, যাৰ বিষয় আছিল “একান্ত মনেৰে যিহোৱাৰ বিশ্বাসী হৈ থাকক।” তেওঁলোকে এই চাকৰি নকৰিম বুলি নিৰ্ণয় লʼলে। তেওঁলোকে কৈছে, “আমি জানিছিলোঁ এই চাকৰি কৰা হʼলে, আমি যিহোৱাৰ পৰিৱৰ্তে টকা-পইচাক বেছি গুৰুত্ব দিলোঁহেঁতেন আৰু যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্কতো বাধা আহিলেহেঁতেন।” পাছত ভাইজনে নিজৰ দেশতে এটা ভাল চাকৰি পালে, যাৰ সহায়ত তেওঁ নিজৰ ধাৰ মাৰিব পাৰিলে আৰু পৰিয়ালৰ প্ৰয়োজনীয়তাও পূৰ কৰিব পাৰিলে। তেওঁৰ পত্নীয়ে এইদৰে কৈছে, “যিহোৱাই সদায় নিজৰ সেৱকসকলৰ যত্ন লয়।” এতিয়া এই দম্পতীয়ে আনন্দিত আছে যে তেওঁলোকে যিহোৱাক প্ৰথম স্থান দিলে টকা-পইচাক নহয়।
চয়তানৰ ফান্দৰপৰা বাচি থাকক
১৫. আমি চয়তানৰ ফান্দৰপৰা ওলাই আহিব পাৰিম বুলি কিয় বিশ্বাস কৰিব পাৰোঁ?
১৫ যদি আমি লোভ আৰু অহংকাৰৰ ফান্দত পৰিছোঁ, তেনেহʼলে আমি কি কৰিব পাৰোঁ? পৌলে কৈছিল যে চয়তানে যিসকলক “জীয়াই-জীয়াই ফান্দত পেলালে,” তেওঁলোকেও তাৰপৰা ওলাই আহিব পাৰে। (২ তীম. ২:২৬, NW) দায়ূদেও লোভৰ এই ফান্দৰপৰা ওলাই আহিব পাৰিলে। তেওঁ ভৱিষ্যতবক্তা নাথনৰ কথা শুনি অনুতাপ কৰিলে আৰু যিহোৱাৰ লগত থকা সম্পৰ্কক ভাল কৰিলে। আমি সদায় মনত ৰখা উচিত যে চয়তানতকৈ যিহোৱা বৰ শক্তিশালী। যদি আমি তেওঁৰ সহায় লওঁ, তেনেহʼলে আমি চয়তানৰ যিকোনো ফান্দৰপৰা ওলাই আহিব পাৰিম।
১৬. চয়তানৰ ফান্দৰপৰা বাচি থাকিবলৈ আমি কি কৰা উচিত?
১৬ আমি চয়তানৰ ফান্দৰপৰা বাচি থাকিবলৈ সদায় চেষ্টা কৰা উচিত। কিন্তু আমি এয়া কেৱল যিহোৱাৰ সহায়তহে কৰিব পাৰিম। আমাৰ মনলৈ লোভ আৰু অহংকাৰৰ ভাৱনা নাহিব বুলি আমি কেতিয়াও কʼব নোৱাৰোঁ। কিয়নো বহুবছৰ ধৰি যিহোৱাৰ সেৱা কৰা লোকসকলেও এই ফান্দত পৰিছিল। সেইবাবে, আমাৰ চিন্তাধাৰা আৰু কামবোৰ চালি-জাৰি চাবলৈ সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰা উচিত। (গীত. ১৩৯:২৩, ২৪) যদি এই ভাৱনা আমাৰ মনলৈ আহে, তেনেহʼলে আমি ইয়াক লগে লগে দূৰ কৰা উচিত।
১৭. অতি সোনকালে চয়তানক কি কৰা হʼব?
১৭ এজন চিকাৰীৰ দৰে চয়তানে বহুবছৰৰপৰা লোকসকলক নিজৰ ফান্দত পেলাইছে। কিন্তু অতি সোনকালে তাক ধ্বংস কৰা হʼব। (প্ৰকা. ২০:১-৩, ১০) এই দিনৰ বাবে আমি আগ্ৰহেৰে বাট চাই আছোঁ। কিন্তু তেতিয়ালৈকে আমি চয়তানৰ ফান্দৰপৰা বাচি থকা উচিত আৰু অহংকাৰ আৰু লোভৰপৰা দূৰে থকা উচিত। আমি চয়তানৰ ‘প্ৰতিৰোধ কৰা উচিত; তাতে সি আমাৰ পৰা পলাই যাব।’—যাকো. ৪:৭.
গীত ১২৭ মই কেনে ব্যক্তি হোৱা উচিত
^ অনু. 5 চয়তান বৰ টেঙৰ হয়। আমি যিমান বছৰ ধৰি সত্যত নাথাকোঁ কিয়, সি আমাক এজন চিকাৰীৰ দৰে ফান্দত পেলাব বিচাৰে। এই লেখত আমি চয়তানৰ দুটা ফান্দৰ বিষয়ে শিকিম। সেয়া হৈছে, অহংকাৰ আৰু লোভ। ইয়াৰ যোগেদি চয়তানে যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্কক নাইকিয়া কৰিব বিচাৰে। আমি এনে কিছুমান লোকসকলৰ উদাহৰণ চাম, যিসকলে চয়তানৰ এই ফান্দত পৰিছিল। ইয়াৰ উপৰিও আমি এয়াও শিকিম যে এই ফান্দৰপৰা বাচি থাকিবলৈ আমি কি কৰিব পাৰোঁ।
^ অনু. 2 ইয়াৰ অৰ্থ কি? এই লেখত অহংকাৰৰ অৰ্থ হৈছে আনতকৈ নিজক ডাঙৰ বুলি ভবা আৰু লোভৰ অৰ্থ হৈছে কোনো বস্তু প্ৰয়োজনতকৈ বেছি পাবলৈ চেষ্টা কৰা। যেনে, টকা-পইচা, নাম আৰু যৌন ইচ্ছা।
^ অনু. 53 ছবিৰ বিষয়ে: অহংকাৰৰ বাবে এজন ভায়ে আন ভাইসকলৰ পৰামৰ্শ গ্ৰহণ কৰা নাই। এগৰাকী ভনীয়ে বহুতো বস্তু কিনিলে, তথাপি তাই আৰু বস্তু কিনিব বিচাৰিছে।
^ অনু. 55 ছবিৰ বিষয়ে: এজন স্বৰ্গদূত আৰু ৰজা উজ্জিয়া অহংকাৰী হৈ পৰিল। যিহোৱাই যি গছৰ ফল নাখাবলৈ কৈছিল, হৱাই লোভৰ বাবে সেই ফলটো খালে। দায়ূদে বৎচেবাৰ লগত ব্যভিচাৰ কৰিলে আৰু যিহূদাই পইচা চুৰ কৰিলে।