Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ২৫

“এই সৰুবিলাকৰ মাজৰ এজনোকো” উজুটি নোখোৱাব

“এই সৰুবিলাকৰ মাজৰ এজনোকো” উজুটি নোখোৱাব

“এই সৰুবিলাকৰ মাজৰ এজনোকো হেয়জ্ঞান নকৰিবা।”—মথি ১৮:১০.

গীত ১১৩ শান্তি আমাৰ সম্পত্তি

লেখৰ এক আভাস *

১. যিহোৱাই আপোনাক নিজৰ কাষ চাপিবলৈ কিয় সহায় কৰিলে?

এই পৃথিৱীত কোটি কোটি লোকে আছে, তথাপি যিহোৱাই আপোনাৰ হৃদয় চালে। আপুনি এদিন নহয় এদিন তেওঁক প্ৰেম কৰিব, সেই কথা তেওঁ লক্ষ্য কৰিলে। (১ বং. ২৮:৯) সেইবাবে, যিহোৱাই তেওঁৰ কাষ চাপিবলৈ আপোনাক সহায় কৰিলে। (যোহ. ৬:৪৪) এয়া অতি আনন্দৰ কথা যে যিহোৱাই আপোনাৰ মনৰ কথা ভালদৰে বুজি পায় আৰু আপোনাক বহুত প্ৰেম কৰে।

২. যিহোৱাই নিজৰ প্ৰতিজন সেৱকৰ যত্ন লয় বুলি যীচুৱে কেনেকৈ বুজালে?

যিহোৱাই যিদৰে আপোনাৰ যত্ন লয়, ঠিক সেইদৰে আন ভাই-ভনীসকলৰো যত্ন লয়। এয়া বুজিবলৈ যীচুৱে এজন মেৰ ৰখীয়াৰ উদাহৰণ দিছিল। যেতিয়া তেওঁৰ ১০০ টা মেৰৰ ভিতৰত কোনোবা এটা মেৰ হেৰাই যায়, তেতিয়া তেওঁ “সেই নিৰানবৈটা মেৰ পৰ্ব্বতৰ ওপৰত এৰি গৈ, সেই ভ্ৰান্ত হৈ যোৱাটোক” বিচাৰে। মেৰ ৰখীয়াই হেৰাই যোৱা মেৰটো বিচাৰি পোৱাৰ সময়ত তাৰ ওপৰত খং কৰাৰ পৰিৱৰ্তে, বৰ আনন্দিত হয়। যীচুৱে যিহোৱাৰ তুলনা মেৰ ৰখীয়াৰ লগত কৰিছে। তেওঁ আমাক মূল্যৱান বুলি গণ্য কৰে। এই বিষয়ে যীচুৱে কৈছিল, “এই সৰুবিলাকৰ মাজৰ এটিও নষ্ট হোৱাটো স্বৰ্গত থকা তোমালোকৰ পিতৃ ইচ্ছা নাই।”— মথি ১৮:১২-১৪.

৩. এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

আমাৰ বাবে কোনো ভাই বা ভনীয়ে আঘাত পোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। এই লেখত আমি আলোচনা কৰিম যে যদি কোনোবাই আমাৰ বাবে আঘাত পাইছে, তেনেহʼলে আমি কি কৰা উচিত? বা কোনোবাই যদি আমাক আঘাত দিছে, তেনেহʼলে আমি কি কৰা উচিত? কিন্তু এতিয়া আহক চাওঁ মথি ১৮ অধ্যায়ত যীচুৱে কোৱা ‘সৰুবিলাক’ কোন হয়।

‘সৰুবিলাক’ কোন হয়?

৪. যীচুৱে কোৱা ‘সৰুবিলাক’ কোন হয়?

যীচুৱে নিজৰ শিষ্যসকলকে ‘সৰুবিলাক’ বুলি কৈছিল। তেওঁলোক বিভিন্ন বয়সৰ হয়। যীচুৱে কৈছিল যে তেওঁলোক ‘শিশুৰ’ দৰে হয়। কিয়নো তেওঁলোকে যীচুৰপৰা শিকিবলৈ সদায় সাজু থাকে। (মথি ১৮:৩) যদিও তেওঁলোক বিভিন্ন সংস্কৃতি আৰু পৃষ্ঠভূমিৰ পৰা হয়, তথাপি তেওঁলোকে যীচুৰ ওপৰত বিশ্বাস কৰে আৰু যীচুৱেও তেওঁলোকক বহুত প্ৰেম কৰে।—মথি ১৮:৬; যোহ. ১:১২.

৫. যদি কোনোবাই যিহোৱাৰ সেৱকক উজুটি খোৱাই, তেন্তে তেওঁৰ কেনে অনুভৱ হয়?

আমি শিশু এটিক যিদৰে মূল্যৱান বুলি গণ্য কৰোঁ, ঠিক সেইদৰে যিহোৱা ঈশ্বৰেও শিষ্যসকলক মূল্যৱান বুলি গণ্য কৰে। আমি শিশুসকলক ৰক্ষা কৰিব বিচাৰোঁ, কিয়নো তেওঁলোকৰ বুদ্ধি, শক্তি আৰু অভিজ্ঞতা নাথাকে। যেতিয়া কোনো এজন ডাঙৰ ব্যক্তিক আঘাত দিয়া হয়, তেতিয়া আমাক বেয়া লাগে। কিন্তু যেতিয়া কোনো এটি শিশুক আঘাত দিয়া হয়, তেতিয়া আমাৰ দুখ লগাৰ উপৰিও বৰ খং উঠে। ঠিক সেইদৰে যিহোৱাই নিজৰ সেৱকসকলক ৰক্ষা কৰিব বিচাৰে। সেইবাবে, যেতিয়া কোনোবাই তেওঁলোকক আঘাত দিয়ে বা উজুটি খোৱাই, তেতিয়া যিহোৱাৰ বৰ খং উঠে।—যিচ. ৬৩:৯; মাৰ্ক ৯:৪২.

৬. প্ৰথম কৰিন্থীয়া ১:২৬-২৯ পদৰ অনুসৰি জগতৰ লোকসকলে যীচুৰ শিষ্যসকলৰ বিষয়ে কি ভাবে?

যীচুৰ শিষ্যসকল কি অৰ্থত ‘সৰু’ হয়? যিসকল লোকৰ ওচৰত নাম, টকা-পইচা আৰু পদ থাকে, তেওঁলোকক জগতৰ লোকসকলে সন্মান কৰে। সাধাৰণতে, যীচুৰ বেছিভাগ শিষ্যৰ ওচৰত এইবোৰ নাই। সেইবাবে, জগতৰ লোকসকলে তেওঁলোকক কোনো গুৰুত্ব নিদিয়ে আৰু ‘সৰু’ বুলি ভাবে। (১ কৰিন্থীয়া ১:২৬-২৯ পঢ়ক।) কিন্তু যিহোৱাই এইদৰে নাভাবে।

৭. আমি ভাই-ভনীসকলৰ লগত কেনেদৰে ব্যৱহাৰ কৰা উচিত?

যিহোৱাৰ সেৱকসকল সত্যত নতুন বা পুৰণি যিয়েই নহওক কিয়, যিহোৱাই সকলোকে প্ৰেম কৰে। সেইবাবে, আমি কেৱল কিছুমান ভাই-ভনীকে প্ৰেম নকৰিম, তাৰ পৰিৱৰ্তে আমি “সকলোকে সমাদৰ কৰা; ভাইমাত্ৰকেই প্ৰেম কৰা” উচিত। (১ পিত. ২:১৭) আমি আনক আঘাত দিয়া উচিত নহয়। যদি কোনোবাই আমাৰ বাবে আঘাত পাইছে, তেনেহʼলে আমি এইদৰে ভবা উচিত নহয়, ‘তেওঁ সৰু-সুৰা কথা লৈ ডাঙৰ সমস্যাৰ সৃষ্টি কৰিছে। তেওঁ সেইবোৰ পাহৰি ক্ষমা কৰা উচিত।’ আমি মনত ৰখা উচিত যে লোকসকলে বিভিন্ন কাৰণৰ বাবে বেয়া পাব পাৰে। কিছুমান লোকে বেলেগ বেলেগ পৃষ্ঠভূমিৰপৰা অহাৰ বাবে তেওঁলোকে নিজকে আনতকৈ সৰু বুলি ভাবিব পাৰে। আন কিছুমানে সত্যত নতুনকৈ আহিছে আৰু ক্ষমা কৰিবলৈ শিকি আছে। যিয়েই কাৰণ নহওক কিয় আমি সকলোৱে শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰা উচিত। যদি আমি সহজে খং কৰোঁ, তেনেহʼলে এয়া ভাল কথা নহয়। আমি নিজকে সলনি কৰিবলৈ চেষ্টা কৰা উচিত। যদি আমি এইদৰে কৰোঁ, তেনেহʼলে আমি আনন্দিত হʼম আৰু বাই-ভনীসকলৰ লগত এক ভাল সম্পৰ্ক বজাই ৰাখিব পাৰিম।

আনক নিজতকৈ শ্ৰেষ্ঠ বুলি ভাবক

৮. যীচুৰ সময়ত যিহূদীসকলৰ কেনেধৰণৰ চিন্তাধাৰা আছিল?

যীচুৱে এই ‘সৰুবিলাকৰ’ কথা কিয় কৈছিল? শিষ্যসকলে যীচুক এইদৰে প্ৰশ্ন সুধিছিল, “স্বৰ্গৰাজ্যত কোন শ্ৰেষ্ঠ” হʼব? (মথি ১৮:১) তেওঁলোকে এইদৰে কিয় সুধিছিল? কিয়নো যিহূদী সমাজত সম্পত্তি, পদ আৰু নাম অৰ্জন কৰাক বেছি গুৰুত্ব দিয়া হৈছিল। ইয়াৰ বিষয়ে এজন বিদ্বানে এইদৰে কৈছে, “লোকসকলৰ জীৱনত নাম, সা-সম্পত্তি আৰু পদবোৰ অতি গুৰুত্বপূৰ্ণ আছিল। তেওঁলোকে এইবোৰৰ বাবে নিজৰ জীৱন দিবলৈও সাজু আছিল।”

৯. যীচুৱে নিজৰ শিষ্যসকলক কি কৰিবলৈ কৈছিল?

যীচুৰ শিষ্যসকলৰো এনেধৰণৰ চিন্তাধাৰা আছিল। যীচুৱে ভালদৰে জানিছিল যে এই চিন্তাধাৰা দূৰ কৰিবলৈ তেওঁলোকে কঠিন পৰিশ্ৰম কৰিব লাগিব। তেওঁ এইদৰে কৈছিল, “তোমালোকৰ মাজত যি জন শ্ৰেষ্ঠ, তেওঁ সৰুজনৰ নিচিনা হওক; আৰু যি জন প্ৰধান, তেওঁ পৰিচাৰকৰ নিচিনা হওক।” (লূক ২২:২৬) আমি সকলোতকৈ সৰু তেতিয়াহে হʼব পাৰিম, যেতিয়া আমি “নিজতকৈ অন্যক উত্তম বুলি” ভাবিম। (ফিলি. ২:৩) এইদৰে কৰিলে আমি আনক আঘাত দিয়াৰপৰা আঁতৰি থাকিব পাৰিম।

১০. আমি পৌলৰ কি পৰামৰ্শ পালন কৰা উচিত?

১০ আমি আনৰ ভাল গুণবোৰ ধ্যান দিয়া উচিত। এনে কৰাৰ যোগেদি আমি বুজি পাম যে ভাই-ভনীসকলৰ কিবা নহয় কিবা ভাল গুণ আছে। এইদৰে কৰিলে আমি তেওঁলোকক নিজতকৈ উত্তম বুলি ভাবিম। পৌলে কৰিন্থ মণ্ডলীক এইদৰে পৰামৰ্শ দিছিল, “কোনে তোমাক প্ৰভেদ কৰে? আনৰ পৰা পোৱা নাই, এনে বস্তু বা তোমাৰ কি আছে? যদি পোৱা হয় তেন্তে নোপোৱাৰ দৰে শ্লাঘা কৰিছা কিয়?” (১ কৰি. ৪:৭) আমিও এই পৰামৰ্শ পালন কৰা উচিত। আমি লোকসকলৰ ধ্যান নিজৰ ফালে আকৰ্ষিত কৰাৰপৰা আঁতৰি থাকিব লাগিব আৰু আমি আনতকৈ শ্ৰেষ্ঠ হয় বুলি কেতিয়াও ভাবিব নালাগিব। উদাহৰণস্বৰূপে, এজন ভায়ে যদি এটা ভাল ভাষণ দিয়ে বা এজনী ভনীয়ে বাইবেল অধ্যয়ন আৰম্ভ কৰাত নিপুণ হয়, তেনেহʼলে তেওঁলোকে সকলো প্ৰশংসা যিহোৱাক দিয়া উচিত।

‘অন্তৰৰপৰা’ ক্ষমা কৰক

১১. ৰজা আৰু দাসৰ উদাহৰণৰপৰা যীচুৱে কি শিকাইছিল?

১১ যীচুৱে নিজৰ শিষ্যসকলক শিকাইছিল যে আমি কেতিয়াও আনে উজুটি খোৱাৰ কাৰণ হʼব নালাগে। ইয়াৰ পাছত তেওঁ এটা উদাহৰণ দিলে। এজন দাসে ৰজাৰ পৰা বহুত টকা ধাৰ লৈছিল। যেতিয়া সেই দাসে টকাখিনি ঘূৰাই দিব নোৱাৰিলে, তেতিয়া ৰজাই তেওঁক ক্ষমা কৰি দিলে। কিন্তু সেই দাসৰপৰা আন এজন দাসে অলপ টকা ধাৰ লৈছিল। যেতিয়া তেওঁ টকাখিনি ঘূৰাই দিব নোৱাৰিলে, তেতিয়া সেই দাসজনে তেওঁক ক্ষমা নকৰিলে। ৰজাই এই কথাষাৰ গম পোৱাৰ পাছত সেই দাসজনক জেলত বন্দী কৰিলে। এই উদাহৰণৰপৰা যীচুৱে কি শিকাব বিচাৰিছিল? তেওঁ কৈছিল, “তোমালোক প্ৰতিজনে যদি নিজ নিজ ভায়েৰাক অন্তৰে সৈতে ক্ষমা নকৰা, তেন্তে মোৰ স্বৰ্গীয় পিতৃয়েও তোমালোকক সেইদৰে কৰিব।”— মথি ১৮:২১-৩৫.

১২. যদি আমি আনক ক্ষমা নকৰোঁ, তেন্তে কি হʼব পাৰে?

১২ সেই দাসজনে আন দাসজনক ক্ষমা কৰি দিয়া নাছিল। সেইবাবে, তেওঁৰ নিজৰ হানি হোৱাৰ লগতে আন লোকসকলেও দুখ-কষ্ট ভুগিবলগীয়া হৈছিল। কেনেকৈ বাৰু? প্ৰথমতে, তেওঁ আন দাসজনক “দিব লগীয়াখিনি পৰিশোধ নকৰামানলৈকে, তেওঁক বন্দীশালত সুমুৱাই থলেগৈ।” দ্বিতীয়তে, যেতিয়া আন দাসবিলাকে এই ঘটনাটো দেখিলে, তেতিয়া তেওঁলোকেও বৰ “দুঃখিত হৈ” পৰিছিল। আমাৰ কামৰ বাবেও আনে আঘাত পাব পাৰে। উদাহৰণস্বৰূপে, যেতিয়া আমি কাৰোবাক ক্ষমা নকৰোঁ বা তেওঁৰ লগত ভালদৰে ব্যৱহাৰ নকৰোঁ, তেতিয়া তেওঁক বৰ দুখ লাগে। মণ্ডলীৰ ভাই-ভনীসকলেও যেতিয়া গম পায় যে আমাৰ সম্পৰ্ক ভাল নহয়, তেতিয়া তেওঁলোককো বৰ বেয়া লাগে।

আপুনি খং পুহি ৰাখিব নে অন্তৰৰপৰা ক্ষমা কৰিব? (১৩-১৪ অনুচ্ছেদ চাওক) *

১৩. এগৰাকী অগ্ৰগামী ভনীৰপৰা আমি কি শিকিব পাৰোঁ?

১৩ যেতিয়া আমি ভাই-ভনীসকলক ক্ষমা কৰোঁ, তেতিয়া আমাক বৰ ভাল লাগে আৰু ইয়াৰপৰা আনেও আনন্দিত হয়। অগ্ৰগামী সেৱা কৰা ভনী ক্ৰীষ্টলে * এইদৰে কৈছে, “এগৰাকী ভনীৰ কথাৰপৰা মই বৰ আঘাত পাইছিলোঁ। তাইৰ কথা-বতৰাই মোৰ অন্তৰত ইমানেই আঘাত দিলে যে তাইৰ লগত প্ৰচাৰ কৰিবলৈ মোৰ মন নোযোৱা হʼল। ইয়াৰ পাছত লাহে লাহে প্ৰচাৰ কাৰ্য্যত মোৰ উৎসাহ কম হʼবলৈ ধৰিলে আৰু মোৰ আনন্দও নাইকিয়া হʼল।” ভনী ক্ৰীষ্টলে মনত বেয়া ভাবনা ৰাখিব পাৰিলেহেঁতেন। কিন্তু তাই এনে কৰা নাছিল আৰু কেৱল নিজৰ বিষয়েও ভাবি থকা নাছিল। তাই অক্টোবৰ ১৫, ১৯৯৯ চনৰ প্ৰহৰীদুৰ্গৰ (হিন্দী) এটা লেখ পঢ়িছিল, যাৰ বিষয় আছিল, “অন্তৰৰপৰা ক্ষমা কৰক।” তাৰ পাছত তাই ভনীগৰাকীক ক্ষমা কৰিলে। তাই এইদৰে কৈছে, “মই বুজি পালোঁ যে আমি সকলোৱে এজন ভাল খ্ৰীষ্টান হʼবলৈ চেষ্টা কৰি আছোঁ। যিহোৱাই আমাক সকলোকে ক্ষমা কৰে। তাইক ক্ষমা কৰাৰ বাবে মই মনত শান্তি লাভ কৰিলোঁ আৰু আগৰ দৰে আনন্দত থাকিবলৈ ধৰিলোঁ।”

১৪. (ক) মথি ১৮:২১, ২২ পদৰ অনুসৰি পাঁচনি পিতৰৰ বাবে কি কৰাটো সহজ নাছিল? (খ) আনক ক্ষমা কৰিবলৈ কিহে আমাক সহায় কৰিব?

১৪ আমি আনক ক্ষমা কৰা উচিত। কিন্তু এনে কৰাটো সহজ নহয়। পাঁচনি পিতৰৰ বাবেও এয়া সহজ নাছিল। (মথি ১৮:২১, ২২ পঢ়ক।) এতিয়া প্ৰশ্ন হৈছে যে আনক ক্ষমা কৰিবলৈ আমাক কিহে সহায় কৰিব? প্ৰথমতে, আমি মনত ৰখা উচিত যে যিহোৱাই আমাক বাৰে বাৰে ক্ষমা কৰে। (মথি ১৮:৩২, ৩৩) আমি তেওঁৰ ক্ষমা পোৱাৰ যোগ্য নহয়, তথাপি তেওঁ আমাক ক্ষমা কৰে। (গীত. ১০৩:৮-১০) সেইবাবে, “আমিও পৰস্পৰে প্ৰেম কৰা উচিত।” অৰ্থাৎ আমি ভাই-ভনীসকলক ক্ষমা কৰিম নে নকৰিম ইয়াৰ অধিকাৰ আমাক দিয়া নাই। আমাক ক্ষমা কৰিবলৈ আজ্ঞা দিয়া হৈছে। (১ যোহ. ৪:১১) দ্বিতীয়তে, আনক ক্ষমা কৰাৰ ভাল পৰিণামৰ বিষয়ে আমি চিন্তা কৰা উচিত। আমি যদি ক্ষমা কৰোঁ, তেনেহʼলে সেই ব্যক্তিজনৰ লাভ হʼব, মণ্ডলীত একতা থাকিব, যিহোৱাৰ লগত এক ভাল সম্পৰ্ক হʼব আৰু লগতে আমি মনত শান্তি লাভ কৰিম। (২ কৰি. ২:৭; কল. ৩:১৩, ১৪) তৃতীয়তে, আমি যিহোৱালৈ প্ৰাৰ্থনা কৰা উচিত। আনক ক্ষমা কৰিবলৈ তেওঁ আমাক আজ্ঞা দিছে। আমাৰ মাজত সমস্যাৰ সৃষ্টি কৰিবলৈ আমি চয়তানক কেতিয়াও সুযোগ দিয়া উচিত নহয়। (ইফি. ৪:২৬) যিহোৱাৰ সহায়ত আমি মণ্ডলীত শান্তি আৰু একতা বজাই ৰাখিব পাৰোঁ।

আনৰ বাবে উজুটি নাখাব

১৫. যদি আমাক কাৰোবাৰ ব্যৱহাৰ ভাল নালাগে, তেনেহʼলে আমি কি পৰামৰ্শ পালন কৰা উচিত? (কলচীয়া ৩:১৩)

১৫ যদি কোনো ভাই বা ভনীৰ ব্যৱহাৰ আমাক ভাল নালাগে, তেনেহʼলে আমি কি কৰা উচিত? আমি শান্তি বজাই ৰাখিবলৈ সম্পূৰ্ণ চেষ্টা কৰা উচিত। আমি প্ৰাৰ্থনাৰ যোগেদি যিহোৱাক আমাৰ মনৰ সকলো কথা জনাব পাৰোঁ। বিশেষকৈ সেই ভাই বা ভনীৰ বাবেও প্ৰাৰ্থনা কৰিব পাৰোঁ। যাতে যিহোৱাই আমাক তেওঁলোকৰ ভাল গুণবোৰ চাবলৈ সহায় কৰে। (লূক ৬:২৮) যদি আমি তেওঁৰ ভুলবোৰ পাহৰিব পৰা নাই, তেনেহʼলে আমি তেওঁৰ লগত কথা পতা উচিত। আমি এয়াও নাভাবিম যে তেওঁ জানি-শুনি মোক আঘাত দিছে। (মথি ৫:২৩, ২৪; ১ কৰি. ১৩:৭) আমি তেওঁৰ কথা শুনিব লাগে আৰু তেওঁক বিশ্বাস কৰিব লাগে। কিন্তু যদি তেওঁ শুধৰণি নকৰে, তেনেহʼলে আমি ধৈৰ্য্য ধৰিম আৰু সহন কৰিম। (কলচীয়া ৩:১৩ পঢ়ক।) আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে যে আমি খং পুহি নাৰাখিম। এইদৰে কৰিলে আমি যিহোৱাৰ লগত এক ভাল সম্পৰ্ক বজাই ৰাখিব পাৰিম। আমি আনৰ বাবে উজুটি খোৱা উচিত নহয়। এনে কৰাৰ যোগেদি আমি সকলোতকৈ বেছি যিহোৱাক প্ৰেম কৰোঁ বুলি দেখুৱাওঁ।—গীত. ১১৯:১৬৫.

১৬. আমাৰ সকলোৰে কি দায়িত্ব আছে?

১৬ আমি ‘একেটা জাক আৰু একেজন ৰখীয়াৰ’ অধীনত থাকি যিহোৱাৰ সেৱা কৰাৰ বাবে অতি আনন্দিত। (যোহ. ১০:১৬) যিহোৱা ইচ্ছা পূৰ কৰিবলৈ সংগঠিত (হিন্দী) নামৰ কিতাপখনৰ ১৬৫ পৃষ্ঠাত এইদৰে কৈছে, “আমি ভাই-ভনীসকলৰ সংগতিৰপৰা বহুতো লাভৱান হৈছোঁ। সেইবাবে, ইয়াক বজাই ৰখাটো আমাৰ দায়িত্ব।” এইদৰে কৰিবলৈ “আমি নিজকে শিকোৱা উচিত যে আমি ভাই-ভনীসকলক যিহোৱাৰ দৃষ্টিৰে চোৱা উচিত।” যিহোৱাই সকলো ভাই-ভনীক মূল্যৱান বুলি গণ্য কৰে। ঠিক সেইদৰে আমিও কৰা উচিত। যদি আমি ভাই-ভনীসকলৰ যত্ন লওঁ আৰু তেওঁলোকক সহায় কৰোঁ, তেনেহʼলে ইয়াৰ ওপৰত যিহোৱাই ধ্যান দিয়ে আৰু মূল্যাংকন কৰে।—মথি ১০:৪২.

১৭. আমি কি কৰিবলৈ থিৰাং কৰিছোঁ?

১৭ আমি ভাই-ভনীসকলক বহুত প্ৰেম কৰোঁ। সেইবাবে, আমি থিৰাং কৰিছোঁ যে আমি কোনো ‘ভাইক উজুটি নোখোৱাম বা বিঘিনি জন্মোৱাৰ’ কাৰণো নহʼম। (ৰোম. ১৪:১৩) আমি আনতকৈ নিজক শ্ৰেষ্ঠ বুলি নাভাবিম। আমি ভাই-ভনীসকলক অন্তৰৰপৰা ক্ষমা কৰিম আৰু তেওঁলোকৰ বাবে নিজেও উজুটি নাখাম। ইয়াৰ পৰিৱৰ্তে আমি ‘শান্তিজনক, আৰু পৰস্পৰ উন্নতিসাধক যি যি আছে, সেইবোৰ কৰিবলৈ যত্ন কৰিম।’—ৰোম. ১৪:১৯.

গীত ১৩০ ক্ষমা কৰিবলৈ শিকক

^ অনু. 5 আমি সকলোৱে অসিদ্ধ হয়। সেইবাবে, আমি কেতিয়াবা কেতিয়াবা কোনো কাম বা কথাৰ যোগেদি ভাই-ভনীসকলক আঘাত দিওঁ। এনে পৰিস্থিতিত আমি কি কৰোঁ, আমি লগে লগে ক্ষমা খোজোঁনে নে এইদৰে ভাবোঁ তেওঁ বেয়া পাইছে পাবলৈ দিয়ক? অথবা আমি ভাই-ভনীসকলকৰ সৰু-সুৰা কথাত হয়তো বেয়া পাব পাৰোঁ। সেইসময়ত আমি এইদৰে ভাবোঁনে মই এইদৰে আছোঁ, মই নিজকে শুধৰণি নকৰোঁ? নে এইদৰে ভাবোঁ এয়া ভাল কথা নহয়, মই নিজকে শুধৰণি কৰিব লাগিব?

^ অনু. 13 নাম সলনি কৰা হৈছে।

^ অনু. 55 ছবিৰ বিষয়ে: মণ্ডলীত এজনী ভনীয়ে আন এজনী ভনীক খং কৰিছে। তেওঁলোকে অকলে বিষয়টো সমাধান কৰিছে। ইয়াৰ পাছত তেওঁলোকে সকলো কথা পাহৰি আনন্দেৰে যিহোৱাৰ সেৱা কৰিছে।