অধ্যয়নৰ লেখ ৩৫
এজনে-আনজনক মজবুত কৰি থাকক
“পৰস্পৰে প্ৰবোধ [উৎসাহ] দি থাকা, আৰু ইজনে সিজনক ধৰ্ম্মত বৃদ্ধি কৰা।”—১ থিচ. ৫:১১.
গীত ৯০ এজনে-আনজনক সাহস দিয়ক
লেখৰ এক আভাস *
১. প্ৰথম থিচলনীকীয়া ৫:১১ পদৰ অনুসৰি আমি সকলোৱে কি কৰা উচিত?
আপুনি কেতিয়াবা ৰাজ্যগৃহ বনোৱা কামত ভাগ লৈছেনে? যদি লৈছে, তেনেহʼলে ৰাজ্যগৃহ বনাই সম্পূৰ্ণ হোৱাৰ পাছত হয়তো আপুনি বহুত আনন্দিত হৈছিল। যেতিয়া আপুনি প্ৰথমবাৰ ৰাজ্যগৃহলৈ আহিছিল আৰু ৰাজ্য গীত গাইছিল, তেতিয়া হয়তো আপোনাৰ আনন্দত চকু পানী বৈ আহিছিল! অথবা আপুনি যদি ৰাজ্যগৃহ ভালদৰে ৰাখিবলৈ আৰু তাৰ মেৰামতি কৰিবলৈ ভাগ লৈছিল, তেতিয়াও হয়তো আপুনি আনন্দিত হৈছিল। আমাৰ ৰাজ্যগৃহ ভাল অৱস্থাত থাকিলে আৰু দেখিবলৈ সুন্দৰ হʼলে যিহোৱাৰ মহিমা হয়। কিন্তু বিল্ডিং মেৰামতি কৰা আৰু তাক মজবুত কৰাতকৈ আৰু এটা কাম বেছি গুৰুত্বপূৰ্ণ। সেয়া হৈছে, আমি এজনে-আনজনক উৎসাহিত কৰা আৰু মজবুত কৰা। এইদৰে কৰাৰ যোগেদিও যিহোৱাৰ নাম মহিমা হয়। পাঁচনি পৌলে থিচলনীকীয়াৰ মণ্ডলীৰ ভাই-ভনীসকলক এইদৰেই কৰিবলৈ কৈছিল। পৌলে তেওঁলোকক যি কৈছিল, তাৰ বিষয়ে আমি প্ৰথম থিচলনীকীয়া ৫:১১ পদত পঢ়িবলৈ পাওঁ। (পঢ়ক।) এই পদটো এই লেখৰ মূখ্য পদো হয়।
২. এই লেখত আমি কি কি শিকিম?
২ পৌলে ভাই-ভনীসকলৰ প্ৰতি সহানুভূতি দেখুৱাইছিল। সেইবাবে, তেওঁ ভাই-ভনীসকলক উৎসাহিত কৰিব পাৰিলে আৰু তেওঁলোকক মজবুত কৰিব পাৰিলে। এই লেখত আমি শিকিম যে তেওঁ ভাই-ভনীসকলক কেনেকৈ সহায়কৰিলে, যাৰ বাবে তেওঁলোকে (১) সমস্যাবোৰ সহন কৰিব পাৰিলে, (২) তেওঁলোকৰ মাজত শান্তি বজাই ৰাখিব পাৰিলে আৰু (৩) যিহোৱাৰ ওপৰত নিজৰ বিশ্বাস বঢ়াব পাৰিলে। আমি এয়াও শিকিম যে আজি আমি পাঁচনি পৌলৰ নিচিনা কেনেকৈ ভাই-ভনীসকলক উৎসাহিত কৰিব পাৰোঁ।—১ কৰি. ১১:১.
পৌলে ভাই-ভনীসকলক সমস্যাবোৰ সহন কৰিবলৈ সহায় কৰিলে
৩. পৌলে কি কথাক আটাইতকৈ গুৰুত্ব দিছিল?
৩ যিসকল ভাই-ভনীয়ে সমস্যাৰ সন্মুখীন হৈছিল, পৌলে তেওঁলোকক সহানুভূতি দেখুৱাব পাৰিছিল। কাৰণ পৌলে নিজেই বহুতো সমস্যা সহন কৰিছিল। এবাৰ পৌলৰ টকা-পইচাৰ অভাৱ হোৱাৰ বাবে তেওঁ নিজৰ আৰু বন্ধুসকলৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈ কাম কৰিবলগীয়া হৈছিল। (পাঁচ. ২০:৩৪) পৌলে তম্বু বনোৱাৰ কাম জানিছিল, সেইবাবে যেতিয়া তেওঁ কৰিন্থ চহৰলৈ আহিছিল, তেতিয়া তেওঁ আক্কিল্লা আৰু প্ৰিষ্কিল্লাৰ লগত মিলি তম্বু বনোৱাৰ কাম কৰিছিল। কিন্তু তেওঁ “প্ৰত্যেক বিশ্ৰাম-বাৰে” নামঘৰত গৈ যিহূদী আৰু গ্ৰীক লোকসকলক প্ৰচাৰ কৰিছিল। ইয়াৰ পাছত যেতিয়া চীল আৰু তীমথিয় তালৈ আহিছিল, তেতিয়া পৌলে আৰু উৎসাহেৰে “সাক্ষ্য দিলে।” (পাঁচ. ১৮:২-৫) পৌল বহুত পৰিশ্ৰমী আছিল আৰু নিজৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈ কামো কৰিছিল। কিন্তু তেওঁ যিহোৱাৰ সেৱাক আটাইতকৈ বেছি গুৰুত্ব দিছিল। সেইবাবে, তেওঁ ভাই-ভনীসকলকো এইদৰে কৰিবলৈ উৎসাহিত কৰিব পাৰিলে। তেওঁ ভাই-ভনীসকলক জীৱনৰ চিন্তা আৰু পৰিয়ালৰ প্ৰয়োজনীয়তাৰ বিষয়ে প্ৰয়োজনতকৈ বেছি চিন্তা কৰিবলৈ মানা কৰিছিল আৰু “যি যি শ্ৰেষ্ট,” তালৈ ধ্যান দিবলৈ কৈছিল।—ফিলি. ১:৯, ১০.
৪. পৌল আৰু তীমথিয়ে ভাই-ভনীসকলক সমস্যাবোৰ সন্মুখীন হʼবলৈ কেনেকৈ সহায় কৰিলে?
৪ থিচলনীকীয়াত নতুনকৈ মণ্ডলী গঠন হোৱাৰ কিছু সময়ৰ পাছত তাত থকা ভাই-ভনীসকলে বিৰোধৰ সন্মুখীন হʼবলগীয়া হʼল। এটা ডাঙৰ ভীৰে পৌল আৰু চীলক ধৰিব বিচাৰিছিল। কিন্তু যেতিয়া তেওঁলোকক ধৰিব নোৱাৰিলে, তেতিয়া তেওঁলোকে কিছুমান ‘ভাইবিলাকক নগৰৰ শাসনকৰ্ত্তাসকলৰ ওচৰলৈ টানি নি ৰিঙিয়াই কলে, সিহঁত সকলোৱে কৈচৰৰ আজ্ঞাৰ বিৰুদ্ধে আচৰণ কৰে।’ (পাঁচ. ১৭:৬, ৭) কল্পনা কৰকচোন, যেতিয়া নতুন ভাই-ভনীসকলে এই ঘটনাবোৰ দেখিলে, তেতিয়া তেওঁলোকে হয়তো কিমান নিৰাশ হৈ পৰিল। তেওঁলোকৰ বিশ্বাস কম হৈ যোৱা আৰু নিৰাশ হৈ যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিয়াটো পৌলে বিচৰা নাছিল। তেওঁ আৰু চীলেও তাত থাকি ভাই-ভনীসকলক উৎসাহিত কৰিব নোৱাৰিছিল। সেইবাবে, তেওঁলোকে তীমথিয়ক তালৈ পঠিয়ালে, যাতে তেওঁ ভাই-ভনীসকলক উৎসাহিত কৰিব পাৰে আৰু তেওঁলোকৰ বিশ্বাস বঢ়াব পাৰে। পৌলে থিচলনীকীয়াৰ ভাই-ভনীসকলক এইদৰে কৈছিল, ‘ক্লেশত তোমালোকৰ কোনেও যেন চঞ্চল নহয়, এই কাৰণে তোমালোকক সুস্থিৰ কৰিবলৈ, আৰু তোমালোকৰ বিশ্বাসৰ কথাত তোমালোকক আশ্বাস দিবলৈ, আমাৰ ভাই যি তীমথিয়, তেওঁক তোমালোকৰ ওচৰলৈ পঠাইছিলোঁ।’ (১ থিচ. ৩:২, ৩) তীমথিয়ে হয়তো নিজৰ চহৰ লুস্ত্ৰাত এনে ধৰণৰ অত্যাচাৰৰ সহন কৰিছিল আৰু সেই সময়ত পৌলে তাত থকা ভাই-ভনীসকলক কেনেকৈ উৎসাহিত কৰিছিল, সেয়া তীমথিয়ই দেখিছিল। সেইবাবে তেওঁ থিচলনীকীয়াৰ ভাই-ভনীসকলক আশ্বাস দিব পাৰিলে যে যিহোৱাই তেওঁলোককো সহায় কৰিব আৰু সকলো ঠিক হৈ যাব।—পাঁচ. ১৪:৮, ১৯-২২; ইব্ৰী ১২:২.
৫. (ক) ভাই টʼনীয়ে ব্ৰাইন্টক কেনেকৈ সহায় কৰিলে? (খ) ইয়াৰ পৰা ব্ৰাইন্টে কেনেকৈ লাভৱান হʼল?
৫ পৌলে আৰু এটা উপায়েৰে ভাই-ভনীসকলক মজবুত কৰিলে। পৌলআৰু বাৰ্ণাব্বা লুস্ত্ৰা, ইকনিয় আৰু আন্তিয়খিয়ালৈ উভতি অহাৰ পাছত “প্ৰত্যেক মণ্ডলীত বৃদ্ধলোকক [প্ৰাচীনসকলক] নিযুক্ত” কৰিছিল। (পাঁচ. ১৪:২১-২৩) ভাই-ভনীসকলে সমস্যাৰ সন্মুখীন হোৱাৰ সময়ত হয়তো এই প্ৰাচীনসকলে তেওঁলোকৰ সাহস বঢ়াইছিল। আজিও প্ৰাচীনসকলে এইদৰে কৰে। ভাই ব্ৰাইন্টক এজন প্ৰাচীনে কেনেকৈ উৎসাহিত কৰিছিল, তাৰ বিষয়ে তেওঁ এইদৰে কৈছে, “যেতিয়া মই ১৫ বছৰৰ আছিলোঁ, তেতিয়া মোৰ দেউতাই ঘৰ এৰি গুচি গৈছিল আৰু মোৰ মাৰো বহিষ্কাৰ হʼল। সেই সময়ত মই একেবাৰে অকলশৰীয়া অনুভৱ কৰিছিলোঁ আৰু বৰ দুখত আছিলোঁ।” ব্ৰাইন্টে এই কঠিন পৰিস্থিতিৰ কেনেকৈ সন্মুখীন হʼব পাৰিলে। তেওঁ এইদৰে কৈছে, “মোৰ মণ্ডলীত টʼনী নামৰ এজন প্ৰাচীন আছিল। তেওঁ প্ৰায়ে মোৰ লগত কথা পাতিছিল। সভা লগতে তেওঁ আন সয়মতো মোৰ লগত কথা পাতিছিল। তেওঁ মোক এনে লোকসকলৰ বিষয়ে কৈছিল, যিসকলে সমস্যাৰ সত্ত্বেও আনন্দত থাকিব পাৰিলে। তেওঁ মোৰ লগত গীতমালা ২৭:১০ পদ পঢ়িলে। তেওঁ মোৰ লগত প্ৰায়ে ৰজা হিষ্কিয়াৰ বিষয়ে কথা পাতিছিল। হিষ্কিয়াৰ দেউতাকে যিহোৱাৰ সেৱা কৰা নাছিল। তথাপি হিষ্কিয়া যিহোৱাৰ বিশ্বাসী হৈ থাকিল।” ব্ৰাইন্টে ভাই টʼনীৰ পৰা বহুত সহায় লাভ কৰিলে। তেওঁ এইদৰে কৈছে, “তেওঁ মোক বহুত উৎসাহিত কৰিলে, সেইবাবে আগলৈ গৈ মই পূৰ্ণ সময়ৰ সেৱা কৰিব পাৰিলোঁ।” প্ৰাচীনসকল, মণ্ডলীৰ ভাই-ভনীসকলৰ প্ৰতি ধ্যান দিয়ক আৰু চিন্তা কৰক যে “মংগলৰ বাক্য” অৰ্থাৎ ভাল কথা কৈ আপুনি কাৰোবাক কেনেকৈ উৎসাহিত কৰিব পাৰে।—হিতো. ১২:২৫.
৬. পৌলে প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ উৎসাহ কেনেকৈ বঢ়ালে?
৬ পৌলে প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলক প্ৰাচীন সময়ৰ বিশ্বাসী লোকসকলকৰ বিষয়ে কৈছিল, যিসকলে যিহোৱাৰ সহায়ত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হʼব পাৰিলে। পৌলে তেওঁলোকক ‘মেঘৰূপ সাক্ষী’ বুলি কৈছিল। (ইব্ৰী ১২:১) পৌলে জানিছিল যে যদি ভাই-ভনীসকলে সেই বিশ্বাসী লোকসকলৰ বিষয়ে চিন্তা কৰে, তেনেহʼলে তেওঁলোকে নিজৰ সমস্যাবোৰ ভালদৰে সন্মুখীন হʼব পাৰিব আৰু তেওঁলোকে “জীৱনময় ঈশ্বৰৰ নগৰ” অৰ্থাৎ ঈশ্বৰৰ ৰাজ্যৰ ওপৰত ধ্যান দিব পাৰিব। (ইব্ৰী ১২:২২) বৰ্তমান সময়তো যেতিয়া আমি পঢ়োঁ যে যিহোৱাই বাৰাক, গিদিয়োন, চমূৱেল, দায়ূদ আৰু আন বিশ্বাসী সেৱকসকলক কেনেকৈ সহায় কৰিলে, তেতিয়া আমি বৰ সাহস লাভ কৰোঁ। (ইব্ৰী ১১:৩২-৩৫) আজিও যিহোৱাই বহুতো ভাই-ভনীক সহায় কৰি আছে। ইয়াৰ বিষয়ে পঢ়িলে আমাৰ উৎসাহ আৰু বাঢ়ে। যিহোৱাৰ সাক্ষীসকলৰ মূখ্য কাৰ্য্যালয়ত প্ৰায়ে এনে ধৰণৰ বহুতো চিঠি আহে, যʼত ভাই-ভনীসকলে কয় যে তেওঁলোকে যেতিয়া আন ভাই-ভনীসকলৰ জীৱন কাহিনী পঢ়িলে, তেতিয়া তেওঁলোকৰ বিশ্বাস আৰু বাঢ়িল।
পৌলে ভাই-ভনীসকলক শান্তি বজাই ৰাখিবলৈ শিকালে
৭. ৰোমীয়া ১৪:১৯-২১ পদত পৌলে দিয়া পৰামৰ্শৰ পৰা আপুনি কি শিকিলে?
৭ ভাই-ভনীসকলক মজবুত কৰা আন এটা উপায় হৈছে এজনে-আনজনৰ মাজত শান্তি বজাই ৰখা। আমি যি কওঁ বা কাম কৰোঁ, তাৰ পৰা মণ্ডলীত শান্তি বা অশান্তি হʼব পাৰে। কোনো এটা বিষয়ত আনৰ মতামত আমাৰ মতামততকৈ বেলেগ হʼব পাৰে। যদি কিবা বিষয়ত আনৰ মতামত আমাৰ লগত নিমিলে আৰু সেয়া বাইবেল সিদ্ধান্তৰ বিৰুদ্ধে নহয়, তেনেহʼলে আমি নিজৰ কথাতে লাগি নাথাকিম। প্ৰথম শতিকাতো ৰোমৰ মণ্ডলীত এনে এটা বিষয়ত বাদ বিবাদ হৈছিল। তাত যিহূদী খ্ৰীষ্টানসকল আছিল আৰু পৰজাতি খ্ৰীষ্টানসকলো আছিল। সেই সময়লৈকে মোচিৰ নিয়ম সলনি হৈছিল আৰু কোনো খোৱা বস্তু অশুচি নাছিল (মাৰ্ক ৭:১৯) সেইবাবে, কিছুমান যিহূদীয়ে সেই মাংসবোৰ খাইছিল। কিন্তু কিছুমানক এই কথা ভাল লগা নাছিল। সেইবাবে, ভাই-ভনীসকলৰ মাজত বিভেদৰ সৃষ্টি হৈছিল। পৌলে ভালদৰে জানিছিল যে ইয়াৰ বাবে ভাই-ভনীসকলে উজুটি খাব পাৰে আৰু মণ্ডলীত তেওঁলোকৰ মাজৰ সম্পৰ্ক বেয়া হʼব পাৰে। সেইবাবে, তেওঁ তাত থকা ভাই-ভনীসকলক এইদৰে পৰামৰ্শ দিছিল, “মঙস খোৱা, বা দ্ৰাক্ষাৰস পান কৰা, বা আন যি কাৰ্য্যৰ দ্বাৰাই তোমাৰ ভায়েৰাই উজটি খায়, তাক নকৰাই ভাল।” (ৰোমীয়া ১৪:১৯-২১ পঢ়ক।) পৌলে মণ্ডলীত শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰিছিল, সেইবাবে তেওঁ নিজকেই সলনি কৰিবলৈ সাজু আছিল, যাতে আনে উজুটি নাখায়। (১ কৰি. ৯:১৯-২২) আমি তেওঁৰ দৰে হোৱা উচিত। যেতিয়া কাৰোবাৰ মতামত আমাৰ লগত নিমিলে আৰু সেয়া বাইবেলৰ বিৰুদ্ধেও নহয়, তেনেহʼলে আমি নিজৰ কথাতে লাগি থকা উচিত নহয়। এইদৰে আমি শান্তি বজাই ৰাখিব পাৰিম।
৮. মণ্ডলীত এটা ডাঙৰ সমস্যা হোৱাৰ সময়ত শান্তি বজাই ৰাখিবলৈ পৌলে কি কৰিলে?
৮ মণ্ডলীত ডাঙৰ সমস্যাৰ সৃষ্টি হোৱাৰ সময়তো পৌলে শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰিছিল। যেনে, কিছুমান যিহূদী খ্ৰীষ্টানে ভাবিছিল যে পৰজাতি খ্ৰীষ্টানসকলেও চুন্নৎ কৰা উচিত। কাৰণ যিহূদী খ্ৰীষ্টানসকলে ভয় কৰিছিল যে যদি তেওঁলোকে চুন্নৎ নকৰায়, তেনেহʼলে আন লোকসকলে তেওঁলোকৰ বিষয়ে কি ভাবিব। (গালা ৬:১২) পৌলে ভালদৰে জানিছিল যে পৰজাতি খ্ৰীষ্টানসকলে চুন্নৎ কৰাৰ প্ৰয়োজন নাই। তেওঁলোকে বিষয়টো এনেই ইমান ডাঙৰ কৰিছে। কিন্তু পৌল নম্ৰ আছিল, সেইবাবে তেওঁ নিজৰ মতামত আনক মানিবলৈ কোৱাৰ পৰিৱৰ্তে তেওঁ বিষয়টো আন পাঁচনি আৰু প্ৰাচীনসকলক সুধিলে, যিসকলে সেই সময়ত যিৰূচালেমত আছিল। (পাঁচ. ১৫:১, ২) এইদৰে কৰাৰ বাবে ভাই-ভনীসকলৰ মাজত শান্তি থাকিল আৰু মণ্ডলীত আনন্দময় পৰিৱেশ হʼল।—পাঁচ. ১৫:৩০, ৩১.
৯. আমি পৌলৰ দৰে মণ্ডলীত কেনেকৈ শান্তি বজাই ৰাখিব পাৰিম?
৯ যদি আমাৰ মণ্ডলীতো এটা ডাঙৰ সমস্যাৰ সৃষ্টি হয়, তেনেহʼলে আমি কি কৰা উচিত? আমি আনক আমাৰ মতামত মানিবলৈ কোৱাৰ পৰিৱৰ্তে যিহোৱাই মণ্ডলীৰ চোৱা-চিতা কৰিবলৈ যিসকল ভাইক দায়িত্ব দিছে, তেওঁলোকৰ পৰা পৰামৰ্শ লʼব পাৰোঁ। আমি বাইবেল আধাৰিত প্ৰকাশনবোৰত অনুসন্ধান কৰিব পাৰোঁ আৰু যিহোৱাৰ সংগঠনে আমাক যিবোৰ নিৰ্দেশনা দিছে, সেইবোৰ পঢ়িব পাৰোঁ। সেই নিৰ্দেশনাবোৰ পালন কৰিলে আমি মণ্ডলীত শান্তি বজাই ৰাখিব পাৰোঁ।
১০. পৌলে মণ্ডলীত প্ৰেম আৰু শান্তি বজাই ৰাখিবলৈ আৰু কি কৰিলে?
১০ মণ্ডলীত সকলোৰে মাজত প্ৰেম আৰু শান্তিময় পৰিৱেশ বজাই ৰাখিবলৈ পৌলে আৰু এটা কাম কৰিলে। তেওঁ কেৱল ভাই-ভনীসকলৰ দুৰ্বলতাবোৰ চোৱাৰ পৰিৱৰ্তে ভাল গুণবোৰ চাইছিল। যেনে, যেতিয়া তেওঁ ৰোমৰ খ্ৰীষ্টানসকললৈ চিঠি লিখিছিল, তেতিয়া সেই চিঠিখনৰ শেষত তেওঁ কিছুমান ব্যক্তিৰ নাম লৈ তেওঁলোকৰ প্ৰশংসা কৰিছিল আৰু কিছুমানৰ ভাল গুণৰ বিষয়ে কৈছিল। পৌলৰ দৰে আমিও ভাই-ভনীসকলৰ দুৰ্বলতাবোৰ চোৱাৰ পৰিৱৰ্তে ভাল গুণবোৰ চোৱা উচিত আৰু তেওঁলোকৰ প্ৰশংসা কৰা উচিত। এনে কৰিলে আমাৰ বহুতো লাভ হʼব। যেনে, আমাৰ মাজৰ সম্পৰ্ক ভাল হৈ থাকিব, আমি এজনে-আনজনৰ কাষ চাপিব পাৰিম আৰু আমাৰ মাজত প্ৰেম বাঢ়িব।
১১. যদি কাৰোবাৰ লগত আমাৰ মতভেদ হয়, তেনেহʼলে আমি কি কৰা উচিত?
১১ বহু বাৰ পৰিপক্ক খ্ৰীষ্টানসকলৰ মাজতো কোনো এটা কথাক লৈ মতভেদৰ সৃষ্টি হʼব পাৰে। পৌল আৰু বাৰ্ণাব্বা ভাল বন্ধু আছিল, তথাপি এটা কথাক লৈ তেওঁলোকৰ মাজত মতভেদৰ সৃষ্টি হৈছিল। যেতিয়া তেওঁলোকে মিছনেৰী যাত্ৰাত যাবলৈ ওলাইছিল, তেতিয়া বাৰ্ণাব্বাই তেওঁলোকৰ লগত মাৰ্ককো নিব বিচাৰিছিল। কিন্তু পৌলে নিবলৈ বিচৰা নাছিল। এই কথাৰ বাবে তেওঁলোকৰ মাজত “বিবাদ হল।” সেইবাবে তেওঁলোকে একেলগে যাত্ৰা নকৰিলে। (পাঁচ. ১৫:৩৭-৩৯) কিন্তু পৌল আৰু বাৰ্ণাব্বাই জানিছিল মণ্ডলীত শান্তি আৰু একতা বজাই ৰখাটো অতি প্ৰয়োজন। সেইবাবে, তেওঁলোকে এজনে-আনজনক ক্ষমা কৰিলে। পাছত পৌলে নিজৰ চিঠিত বাৰ্ণাব্বা আৰু মাৰ্কৰ ভাল গুণৰ বিষয়ে লিখিছিল। (১ কৰি. ৯:৬; কল. ৪:১০, ১১) পৌলৰ পৰা আমি শিকিলোঁ যে কাৰোবাৰ লগত আমাৰ কিবা এটা কথাৰ বাবে মতভেদ হʼলে আমি ভাই-ভনীসকলৰ ভাল গুণবোৰ চোৱা উচিত আৰু তেওঁলোকক ক্ষমা কৰি দিয়া উচিত। এইদৰে কৰিলে মণ্ডলীত শান্তি আৰু একতা থাকিব।
পৌলে ভাই-ভনীসকলৰ বিশ্বাস মজবুত কৰিলে
১২. আমাৰ ভাই-ভনীসকলে কি কি সমস্যাৰ সন্মুখীন হয়?
১২ ভাই-ভনীসকলৰ বিশ্বাস মজবুত কৰাৰ আৰু এটা উপায় হৈছে যিহোৱাৰ ওপৰত তেওঁলোকৰ বিশ্বাস বঢ়োৱা। আজি বহুতো ভাই-ভনীৰ পৰিয়ালৰ সম্বন্ধীয় লোক, তেওঁলোকৰ লগত কাম কৰা বা তেওঁলোকৰ লগত পঢ়া লোকসকলে তেওঁলোকক ঠাট্টা কৰে বা তেওঁলোকৰ বিষয়ে বেয়াকৈ কয়। আমাৰ এনে কিছুমান ভাই-ভনী আছে, যিসকলে কিবা ডাঙৰ বেমাৰত ভুগি আছে আৰু আন কিছুমানে কিবা কথাত আঘাত পোৱাৰ বাবে বৰ দুখত আছে। কিছুমান ভাই-ভনীয়ে বহু বছৰৰ পৰা যিহোৱাৰ সেৱা কৰিছে আৰু এই জগতৰ শেষ হোৱাৰ অপেক্ষা কৰিও বহু বছৰ হʼল। ইয়াৰ বাবে তেওঁলোকৰ বিশ্বাস দুৰ্বল হʼব পাৰে। প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলেও এনে ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল। পৌলে তেওঁলোকৰ বিশ্বাস মজবুত কৰিবলৈ কি কৰিলে?
১৩. যিসকল খ্ৰীষ্টানক ঠাট্টা কৰা হৈছিল, তেওঁলোকৰ বিশ্বাস পৌলে কেনেকৈ মজবুত কৰিলে?
১৩ পৌলে শাস্ত্ৰৰ পৰা যুক্তি দি ভাই-ভনীসকলৰ বিশ্বাস মজবুত কৰিছিল। সেই সময়ত যিসকল যিহূদীয়ে খ্ৰীষ্টান হৈছিল, তেওঁলোকৰ পৰিয়ালে হয়তো তেওঁলোকক কৈছিল যে “আমাৰ যিহূদী ধৰ্ম ইমান আগৰে পৰা আছে আৰু এতিয়া তোমালোকে খ্ৰীষ্টান হৈছা!” সেই সময়ত হয়তো সেই খ্ৰীষ্টানসকলে বুজি নাপাইছিল যে তেওঁলোকে নিজৰ পৰিয়ালক কেনেকৈ উত্তৰ দিব। কিন্তু যেতিয়া তেওঁলোকে ইব্ৰী নামৰ পৌলৰ চিঠিখন পঢ়িছিল, তেতিয়া হয়তো তেওঁলোকৰ বিশ্বাস বাঢ়িছিল। (ইব্ৰী ১:৫, ৬; ২:২, ৩; ৯:২৪, ২৫) পৌলে নিজৰ চিঠিখনত বহুতো যুক্তি দিছিল আৰু এতিয়া সেই খ্ৰীষ্টানসকলে নিজৰ পৰিয়ালক সেই যুক্তি দিব পাৰিছিল। আজিও লোকসকলে আমাৰ কিছুমান ভাই-ভনীক ঠাট্টা কৰে আৰু তেওঁলোকৰ বিষয়ে বেয়াকৈ কয়। পৌলৰ দৰে আমি বাইবেল আধাৰিত প্ৰকাশনবোৰৰ পৰা লোকসকলক যুক্তি দিবলৈ তেওঁলোকক সহায়ক কৰিব পাৰোঁ। হয়তো আমাৰ মণ্ডলীৰ কিশোৰ-কিশোৰীসকলক স্কুলত ঠাট্টা কৰা হয়। কিয়নো তেওঁলোকে জন্মদিন বা উৎসৱবোৰ পালন নকৰে। এনে পৰিস্থিতিত আমি তেওঁলোকক দুখ-কষ্ট নথকা এক অনন্ত জীৱন! নামৰ কিতাপখনৰ পাঠ ৪৪-ত দিয়া বিষয়বোৰৰ পৰা যুক্তি দিবলৈ শিকাব পাৰোঁ।
১৪. পৌলে প্ৰচাৰ আৰু শিকোৱা কামত ব্যস্ত থকাৰ সত্ত্বেও কি কৰিলে?
১৪ পৌলে “সৎকৰ্ম্ম” কৰিছিল আৰু ভাই-ভনীসকলকো এইদৰে কৰিবলৈ কৈছিল। (ইব্ৰী ১০:২৪) পৌলে শাস্ত্ৰৰ পৰা যুক্তি দি ভাই-ভনীসকলৰ বিশ্বাস বঢ়োৱাৰ উপৰিও তেওঁ হয়তো এনে কাম কৰিছিল, যাৰ বাবে ভাই-ভনীসকলৰ বিশ্বাস মজবুত হৈছিল। যেনে, এবাৰ যেতিয়া যিহূদীয়াত আকাল হৈছিল, তেতিয়া সেই ঠাইৰ ভাই-ভনীসকলক সাহায্যৰ বস্তু দিবলৈ পৌলেও সহায় কৰিছিল। (পাঁচ. ১১:২৭-৩০) পৌলে প্ৰচাৰ আৰু শিকোৱা কামত বহুত ব্যস্ত আছিল, তথাপিও তেওঁ সহায়ৰ প্ৰয়োজন হোৱা ভাই-ভনীসকলক সহায় কৰিবলৈ গৈছিল। (গালা. ২:১০) এইদৰে কৰাৰ যোগেদি তেওঁ ভাই-ভনীসকলক আশ্বাস দিছিল যে যিহোৱাই তেওঁলোকক সকলো সময়তে সহায় কৰিব। বৰ্তমান সময়তো আমি সাহায্য কামত নিজৰ দক্ষতা, শক্তি আৰু সময় ব্যৱহাৰ কৰি ভাই-ভনীসকলৰ বিশ্বাস মজবুত কৰোঁ। ইয়াৰ উপৰিও আমি গোটেই বিশ্বজুৰি হৈ থকা কামত যেতিয়া দান দিওঁ আৰু আন আন উপায়েৰে ভাই-ভনীসকলক সহায় কৰোঁ, তেতিয়া যিহোৱাই তেওঁলোকক কেতিয়াও নেৰিব বুলি আমি তেওঁলোকৰ বিশ্বাস মজবুত কৰোঁ।
১৫-১৬. যিসকলৰ বিশ্বাস দুৰ্বল হৈছে, আমি তেওঁলোকক কেনেকৈ উৎসাহিত কৰিব পাৰোঁ?
১৫ যিসকল ভাই-ভনীৰ বিশ্বাস দুৰ্বল হৈ পৰিছিল, পৌলে তেওঁলোকক উৎসাহিত কৰিছিল। পৌলে তেওঁলোকৰ বিষয়ে এইদৰে ভবা নাছিল যে তেওঁলোকে একেবাৰে অযোগ্য হয় আৰু তেওঁলোকে একো কৰিব নোৱাৰিব। ইয়াৰ পৰিৱৰ্তে তেওঁ সেই ভাই-ভনীসকলৰ লগত প্ৰেমেৰে আৰু ভালদৰে কথা পাতিছিল। (ইব্ৰী ৬:৯; ১০:৩৯) উদাহৰণস্বৰূপে, যেতিয়া তেওঁ ইব্ৰী নামৰ চিঠি লিখিছিল, তেতিয়া তেওঁ পৰামৰ্শ দিয়াৰ সময়ত “আমি” বুলি কৈছিল। এইদৰে তেওঁ দেখুৱালে যে তেওঁ সেই ভাই-ভনীসকলক তুচ্ছ্য বুলি ভবা নাই। ইয়াৰ পৰিৱৰ্তে পৌলকো সেই পৰামৰ্শ পালন কৰিব লাগিব বুলি পৌলে তেওঁলোকক অনুভৱ কৰাইছিল। (ইব্ৰী ২:১, ৩) গতিকে আহক আমি পৌলৰ দৰে যিসকল ভাই-ভনীৰ বিশ্বাস দুৰ্বল হৈ পৰিছে, তেওঁলোকক উৎসাহিত কৰোঁ। এইদৰে কৰাৰ এটা উপায় হৈছে তেওঁলোকৰ লগত কথা পতা আৰু সময় অতিবাহিত কৰা। এনে কৰাৰ যোগেদি আমি তেওঁলোকক প্ৰেম কৰোঁ বুলি দেখুৱাওঁ। আমি কেনেকৈ কথা পাতোঁ, তালৈ আমি মন দিয়া উচিত। কাৰণ ইয়াৰ পৰাও ভাই-ভনীসকল উৎসাহিত হʼব পাৰে।
১৬ পৌলে ভাই-ভনীসকলক আশ্বাস দিছিল যে তেওঁলোকে আগতে যিহোৱাৰ সেৱাত যি পৰিশ্ৰম কৰিলে আৰু যি ভাল কাম কৰিলে, সেই সকলো কথা যিহোৱাই মনত ৰাখিছে। (ইব্ৰী ১০:৩২-৩৪) যদি আপুনিও এনে ভাই বা ভনীৰ বিষয়ে গম পায়, যিজনৰ বিশ্বাস দুৰ্বল হৈছে, তেনেহʼলে আপুনি তেওঁক কিছুমান প্ৰশ্ন সুধিব পাৰে। যেনে, তেওঁ কেনেকৈ যিহোৱাৰ সাক্ষী হʼল আৰু যেতিয়া তেওঁ সত্যৰ বিষয়ে জানিছিল, তেতিয়া তেওঁক কি কথা বেছি ভাল লাগিছিল। আমি তেওঁলোকক এনে ঘটনাৰ বিষয়ে সুধিব পাৰোঁ, যেতিয়া তেওঁ কোনো সমস্যাত আছিল আৰু সেই সময়ত যিহোৱাই তেওঁক সহায় কৰিছিল। পৌলৰ নিচিনা আমিও তেওঁলোকক আশ্বাস দিব পাৰোঁ যে তেওঁ যিহোৱাৰ বাবে যি পৰিশ্ৰম কৰিলে, সেই সকলো যিহোৱাই মনত ৰাখিছে আৰু তেওঁক কেতিয়াও অকলে নেৰিব। (ইব্ৰী ৬:১০; ১৩:৫, ৬) এনে ধৰণৰ কথাৰ পৰা তেওঁলোকৰ বিশ্বাস বাঢ়িব আৰু তেওঁলোকে হয়তো আকৌ উৎসাহেৰে যিহোৱাৰ সেৱা কৰিব।
ইজনে-সিজনক উৎসাহিত কৰক
১৭. আমি কি শিকি থকাৰ প্ৰয়োজন?
১৭ যিসকল লোকে এখন ভাল আৰু মজবুত বিল্ডিং বনাবলৈ নিজৰ দক্ষতা বঢ়াই থাকে। ঠিক সেইদৰে আমি ভাই-ভনীসকলক কেনেকৈ উৎসাহিত কৰিব লাগে আৰু কেনেকৈ তেওঁলোকক মজবুত কৰিব লাগে, তাৰ বিষয়েও আমি শিকি থকাৰ প্ৰয়োজন। যি ভাই-ভনীয়ে দুখ-কষ্ট সহন কৰি আছে, তেওঁলোকক আমি এনে লোকসকলৰ উদাহৰণৰ বিষয়ে কʼব পাৰোঁ, যিসকলে সমস্যাৰ সত্ত্বেও বিশ্বাসী হৈ আছিল। আমি নিজৰ ভাই-ভনীসকলক প্ৰশংসাও কৰিব পাৰোঁ। আমি কেৱল নিজৰ কথাতে লাগি নাথাকিম, আনৰো কথা শুনিম। যদি কাৰোবাৰ লগত আমাৰ মতভেদ হয়, তেনেহʼলে আমি তেওঁক ক্ষমা কৰিম। এইদৰে কৰিলে আমি মণ্ডলীত প্ৰেম আৰু শান্তি বজাই ৰাখিব পাৰিম। আমি নিজৰ ভাই-ভনীসকলৰ বিশ্বাস মজবুত কৰিবলৈ তেওঁলোকৰ লগত বাইবেলৰ সত্যতাৰ বিষয়ে কথা পাতিব পাৰোঁ। প্ৰয়োজন হʼলে তেওঁলোকক সহায় কৰিব পাৰোঁ আৰু যিসকলৰ বিশ্বাস দুৰ্বল হৈছে, তেওঁলোকক উৎসাহিত কৰিব পাৰোঁ।
১৮. আপুনি কি কৰিবলৈ থিৰাং কৰিছে?
১৮ যিসকল ভাই-ভনীয়ে নিৰ্মাণ কামত ভাগ লয়, তেওঁলোকক এই কাম কৰি বহুত ভাল লাগে আৰু বহুত আনন্দও লাভ কৰে। ঠিক সেইদৰে যেতিয়া আমি ভাই-ভনীসকলক উৎসাহিত কৰোঁ আৰু তেওঁলোকক মজবুত কৰোঁ, তেনেহʼলে ইয়াৰ পৰাও আমি বহুত আনন্দ লাভ কৰোঁ। এখন বিল্ডিং যিমানেই মজবুত নহওক কিয়, এসময়ত সেয়া দুৰ্বল হৈ পৰিব আৰু খহি পৰিব পাৰে। কিন্তু আমি যদি ভাই-ভনীসকলক মজবুত কৰোঁ, তেনেহʼলে ইয়াৰ পৰা তেওঁলোকে সদায় লাভৱান হৈ থাকিব! গতিকে আহক আমি সকলোৱে, ‘পৰস্পৰে প্ৰবোধ [উৎসাহ] দি থাকোঁ, আৰু ইজনে সিজনক ধৰ্ম্মত বৃদ্ধি কৰোঁ।’—১ থিচ. ৫:১১.
গীত ১০০ অতিথি সৎকাৰ কৰক
^ এই জগতত জীয়াই থকাটো ইমান সহজ নহয়। আমাৰ বহুতো ভাই-ভনীয়ে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আছে। এনে পৰিস্থিতিত যদি আমি তেওঁলোকক উৎসাহিত কৰোঁ, তেনেহʼলে তেওঁলোকে সাহসেৰে এই সমস্যাবোৰ সন্মুখীন হʼব পাৰিব। এই লেখত আমি শিকিম যে পাঁচনি পৌলে কেনেকৈ ভাই-ভনীসকলক উৎসাহিত কৰিছিল আৰু আমি তেওঁৰ পৰা কি শিকিব পাৰোঁ।
^ ছবিৰ বিষয়ে: এজন দেউতাকে নিজৰ ছোৱালীক আমাৰ প্ৰকাশনত দিয়া পৰামৰ্শবোৰ পালন কৰি খ্ৰীচমাছ পালন নকৰোঁ বুলি কেনেকৈ কʼব পাৰে, তাৰ বিষয়ে শিকাই আছে।
^ ছবিৰ বিষয়ে: এহাল দম্পতীয়ে সাহায্য কাম কৰিবলৈ নিজৰ ঘৰৰ পৰা দূৰত থকা এখন ঠাইলৈ গৈছে।
^ ছবিৰ বিষয়ে: এজন প্ৰাচীনে এনে এজন ভাই লগ কৰিবলৈ গৈছে, যিজনৰ বিশ্বাস দুৰ্বল হৈছে। তেওঁ সেই ভাইজনক তেওঁলোকে কেইবা বছৰৰ আগতে অগ্ৰগামী সেৱা স্কুললৈ যোৱা কিছুমান ফটো দেখুৱাইছে। সেই ফটোবোৰ চাই তেওঁলোকৰ পুৰণি স্মৃতিবোৰ মনত পৰিল। সেইবাবে ভাইজনে আকৌ যিহোৱাৰ সেৱা কৰিবলৈ উৎসাহিত হʼল। কিছু সময়ৰ পাছত তেওঁ মণ্ডলীলৈ উভটি আহিল।