Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৩৬

ধাৰ্মিকতাক প্ৰেম কৰাৰ ইচ্ছা দৃঢ় কৰক!

ধাৰ্মিকতাক প্ৰেম কৰাৰ ইচ্ছা দৃঢ় কৰক!

“ধাৰ্ম্মিকতালৈ ভোক আৰু পিয়াহ লগাবিলাক ধন্য।”—মথি ৫:৬.

গীত ৯ যিহোৱা আমাৰ ৰজা হয়!

লেখৰ এক আভাস *

১. (ক) যোচেফৰ লগত কি হৈছিল? (খ) তেওঁ কি কৰিলে?

 যোচেফে পোটীফৰৰ ঘৰত কাম কৰিছিল। এদিনাখন পোটীফৰ ঘৰত নাছিল। তেতিয়া পোটীফৰৰ পত্নীয়ে যোচেফক কয় যে “মোৰ লগত শয়ন কৰাহি” অৰ্থাৎ শুৱাহি। সেই সময়ত যোচেফক কোনেও দেখা নাছিল আৰু তেওঁ জানিছিল যে যদি তেওঁ পোটীফৰৰ পত্নীৰ কথা নুশুনে, তেনেহʼলে তেওঁৰ পৰিণাম বেয়া হʼব। তথাপি তেওঁ এইদৰে কৰিবলৈ মানা কৰিলে। পোটীফৰৰ পত্নীয়ে বাৰে বাৰে চেষ্টা কৰিয়েই আছিল। কিন্তু যোচেফে প্ৰতিবাৰে মানা কৰিলে। তেওঁ এইদৰে কিয় কৰিব পাৰিলে? তেওঁ এইদৰে কৈছিল, “মই কেনেকৈ এনে মহা-দুষ্কৰ্ম্ম, আৰু ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰিব পাৰোঁ?”—আদি. ৩৯:৭-১২.

২. ব্যভিচাৰ কৰাটো পাপ হয় বুলি যোচেফে কেনেকৈ জানিছিল?

ব্যভিচাৰ কৰাটো এটা ‘দুষ্ট কাম’ হয় বুলি যোচেফে কেনেকৈ জানিছিল? কাৰণ মোচিৰ নিয়ম দেখোন প্ৰায় ২০০ বছৰৰ পাছত দিয়া হৈছিল। যʼত এইদৰে লিখা আছিল, “তুমি পৰস্ত্ৰী গমন নকৰিবা” অৰ্থাৎ ব্যভিচাৰ নকৰিবা। (যাত্ৰা. ২০:১৪) যোচেফৰ ওচৰত যদিও নিয়ম নাছিল, কিন্তু তেওঁ যিহোৱাক জানিছিল। যোচেফে হয়তো জানিছিল যে যিহোৱাই এজন পুৰুষ আৰু স্ত্ৰীৰ বিয়া কৰাইছিল। সেইবাবে, তেওঁ হয়তো বুজিব পাৰিলে যে কেৱল স্বামী-স্ত্ৰীৰ মাজতহে শাৰীৰিক সম্বন্ধ ৰখা উচিত। তেওঁ হয়তো এয়াও শুনিছিল যে যেতিয়া দুটা পৰিস্থিতিত তেওঁৰ আজো আইতা চাৰাক দুজন ব্যক্তিয়ে বেয়া চকুৰে চাইছিল, তেতিয়া যিহোৱাই তেওঁক কেনেকৈ সুৰক্ষা দিছিল। তেওঁৰ আইতা ৰিবেকাৰ লগতো এইদৰেই হৈছিল। সেই সময়তো যিহোৱাই তেওঁক ৰক্ষা কৰিলে। (আদি. ২:২৪; ১২:১৪-২০; ২০:২-৭; ২৬:৬-১১) এই সকলো কথাৰ পৰা তেওঁ বুজি পালে যে ব্যভিচাৰ কৰাটো যিহোৱাৰ দৃষ্টিত ভুল হয়। তেওঁ যিহোৱাক প্ৰেম কৰিছিল আৰু যিহোৱাৰ দৃষ্টিত যি সঠিক হয়, সেই কামেই কৰিব বিচাৰিছিল। সেইবাবে, তেওঁ এই দুষ্ট কাম নকৰিলে।

৩. এই লেখত আমি কি কি শিকিম?

আপুনিও হয়তো যিহোৱাৰ দৃষ্টিত যি ভাল হয়, সেই কামবোৰ কৰিব বিচাৰে। কিন্তু আমি সকলোৱে অসিদ্ধ হোৱাৰ বাবে কেতিয়াবা কেতিয়াবা জগতৰ লোকসকলৰ দৰেই চিন্তা কৰিবলৈ ধৰোঁ। সেইবাবে, কি ভাল আৰু কি বেয়া হয়, সেয়া আমি বহু বাৰ বুজি নাপাওঁ। (যিচ. ৫:২০; ৰোম. ১২:২) এই লেখত আমি শিকিম যে ভাল কাম অৰ্থাৎ ধাৰ্মিকৰ কাম কৰাৰ অৰ্থ কি আৰু এনে কাম কৰিলে কি লাভ হয়। তাৰ পাছত আমি এনে তিনিটা বিষয়ত আলোচনা কৰিম, যিবোৰ মনত ৰাখিলে যিহোৱাৰ মানদণ্ড পালন কৰাৰ আমাৰ ইচ্ছা আৰু দৃঢ় হʼব।

ধাৰ্মিকতাৰ অৰ্থ কি?

৪. কোন লোকসকলক ধাৰ্মিক বুলি কʼব নোৱাৰি?

যেতিয়া যীচু পৃথিৱীত আছিল, তেতিয়া তেওঁ এনে ধৰ্মগুৰুসকলক কপটীয়া বুলি কৈছিল, যিসকলে নিজকে বহুত ধাৰ্মিক বুলি ভাবিছিল আৰু তেওঁলোকে ভাল আৰু বেয়াৰ মাজত নিজেই মানদণ্ড বনাইছিল। (উপ. ৭:১৬; লূক ১৬:১৫) ঠিক সেইদৰে আজি আমাৰ সময়তো এনে লোকসকল আছে, যিসকলে নিজকে বহুত ধাৰ্মিক বুলি ভাবে আৰু যদি কোনোবাই সৰু-সুৰা ভুল কৰে, তেনেহʼলে তেওঁলোকে বিচাৰ কৰিবলৈ ধৰে। যদিও তেওঁলোকে নিজকে ধাৰ্মিক ব্যক্তি বুলি ভাবে। কিন্তু ইয়াক প্ৰকৃততে ধাৰ্মিকতা বুলি কোৱা নহয়। তেনেহʼলে ধাৰ্মিকতাৰ অৰ্থ কি?

৫. (ক) বাইবেলৰ অনুসৰি ধাৰ্মিকতাৰ অৰ্থ কি? (খ) এজন ধাৰ্মিক ব্যক্তি কেনেধৰণৰ হয়?

সৰলভাৱে কʼবলৈ গʼলে ধাৰ্মিকতাৰ অৰ্থ হৈছে যিহোৱাৰ দৃষ্টিত সঠিক হোৱাকামবোৰ কৰা। যেতিয়া বাইবেল লিখা হৈছিল, তেতিয়া তাত ধাৰ্মিকতাৰ বিষয়ে কʼবলৈ যি শব্দ ব্যৱহাৰ কৰা হৈছিল, সেয়া বিভিন্ন ঠাইত তাৰ অনুবাদ বেলেগ বেলেগ ধৰণে কৰা হৈছে। কিন্তু সকলো ঠাইতে ইয়াৰ অৰ্থ হৈছে যে যিহোৱাই আমাৰ বাবে দিয়া মানদণ্ডৰ অনুসৰি জীৱন-যাপন কৰা। যেনে, বাইবেলত কোৱা হৈছে যে ব্যৱসায় কৰাৰ সময়ত লোকসকলে “ঠিক” দগা-পালা ব্যৱহাৰ কৰাটো যিহোৱাই বিচাৰে। (দ্বিতী. ২৫:১৫) ইয়াত যি হিব্ৰু শব্দৰ অনুবাদ “ঠিক” বুলি কৰা হৈছে, তাৰ অৰ্থ ‘ধাৰ্মিকতাও’ হʼব পাৰে। সেইবাবে, আমি কʼব পাৰোঁ যে এজন ধাৰ্মিক ব্যক্তি বিশ্বাসী হয় আৰু তেওঁ সঠিক উপায়েৰে ব্যৱসায় কৰে। তেওঁ অন্যায়ক ঘৃণা কৰে আৰু সকলোৰে লগত ন্যায় হোৱাটোৱে তেওঁ বিচাৰে। যিকোনো নিৰ্ণয় লোৱাৰ আগতে যিহোৱাই কি বিচাৰে, তাৰ বিষয়ে চিন্তা কৰে। কিয়নো তেওঁ যিহোৱাক ‘সম্পূৰ্ণৰূপে আনন্দিত’ কৰিব বিচাৰে।—কল. ১:১০.

৬. যিহোৱাৰ মানদণ্ডবোৰ সদায় কিয় সঠিক হয়?

যিহোৱাই কেৱল ধাৰ্মিকতাৰ কাম কৰে এনে নহয়। কিয়নো বাইবেলত কোৱা হৈছে যে তেওঁতেই “ধৰ্ম্মনিবাস” কৰে। (যিৰি. ৫০:৭) যিহোৱাই আমাক সৃষ্টি কৰিছে। গতিকে আমাৰ বাবে ভাল আৰু বেয়াৰ নিৰ্ণয় লোৱাৰ তেওঁৰ অধিকাৰ আছে। যিহোৱা সিদ্ধও হয়, সেইবাবে আমাৰ বাবে কি ভাল আৰু কি বেয়া, তাৰ বিষয়ে তেওঁ ভালদৰে জানে। আমি অসিদ্ধ হয়, সেইবাবে কেতিয়াবা আমি ভাল বেয়াৰ মাজত পাৰ্থক্য কৰিব নোৱাৰোঁ। (হিতো. ১৪:১২; যিচয়া ৫৫:৮, ৯ পঢ়ক।) তথাপি আমি যিহোৱাৰ মানদণ্ডবোৰ পালন কৰিব পাৰোঁ। কিয়নো আমাক তেওঁৰ প্ৰতিমূৰ্তিৰে সৃষ্টি কৰা হৈছে। (আদি. ১:২৭) আমি তেওঁৰ মানদণ্ডবোৰ পালন কৰি সুখী হওঁ। কিয়নো আমি যিহোৱাক প্ৰেম কৰোঁ আৰু তেওঁৰ দৰে হʼব বিচাৰোঁ।—ইফি. ৫:১.

৭. ভাল আৰু বেয়াৰ মাজত মানদণ্ড থকাটো কিয় গুৰুত্বপূৰ্ণ? উদাহৰণ দি বুজাওক।

ভাল আৰু বেয়াৰ মাজত যিহোৱাই যি মানদণ্ড দিছে, সেই অনুসৰি চলিলে আমাৰ বহুতো লাভ হʼব। চিন্তা কৰক, যদি প্ৰতিটো ট্ৰেফিক চিগনেলত ৰঙা, হালধীয়া আৰু সেউজীয়া ৰঙৰ লাইটৰ বাহিৰে বিভিন্ন ৰঙৰ লাইটবোৰ থাকে, তেনেহʼলে কিমান খেলি-মেলি হʼব আৰু বহুতো দুৰ্ঘটনাও ঘটিব পাৰে। অথবা যদি সঠিক জোখমাখ নোলোৱাকৈ আৰু কম দামী বস্তু ব্যৱহাৰ কৰি বিল্ডিং বনোৱা হয়, তেনেহʼলে বিল্ডিংটো খহি বহুতো লোকৰ মৃত্যু হʼব পাৰে। কল্পনা কৰকচোন, যদি ডাক্তৰে কোনো এটা বেমাৰ নিজৰ অনুসৰি চিকিৎসা কৰে, তেনেহʼলে ৰোগীসকলৰ জীৱন বিপদত পৰিব আৰু বহুতো লোকৰ মৃত্যুও হʼব পাৰে। ইয়াৰ পৰা জানিব পাৰি যে কোনোবাই ভাল আৰু বেয়াৰ মাজত মানদণ্ড দিয়াটো অতি প্ৰয়োজন। কাৰণ ইয়াৰ পৰা আমি সুৰক্ষিত হওঁ। ঠিক সেইদৰে, যিহোৱাৰ মানদণ্ড পালন কৰিলে আমি সুৰক্ষিত হৈ থাকোঁ।

৮. যিহোৱাৰ মানদণ্ড পালন কৰিলে আমি কি আশীৰ্বাদ লাভ কৰিম?

যদি আমি যিহোৱাৰ মানদণ্ডবোৰ পালন কৰোঁ, তেনেহʼলে তেওঁ আমাক বহুতো আশীৰ্বাদ দিব। তেওঁ প্ৰতিজ্ঞা কৰিছে যে “ধাৰ্ম্মিকবিলাক পৃথিবীৰ অধিকাৰী হব, আৰু তাত সৰ্ব্বতিকাললৈকে বাস কৰিব।” (গীত. ৩৭:২৯) চিন্তা কৰকচোন, যদি পৃথিৱীত সকলোৱে যিহোৱাৰ মানদণ্ড পালন কৰে, তেনেহʼলে পৃথিৱীৰ পৰিস্থিতি কিমান ভাল হʼব! সকলোৱে শান্তি, একতা, আৰু আনন্দত থাকিব। আপুনিও এনে জীৱন জীয়াই থকাটো যিহোৱাই বিচাৰে। সেইবাবে, আমি ধাৰ্মিকতাৰ কাম কৰিব লাগিব আৰু যিহোৱাই যিবোৰ মানদণ্ড দিছে, সেইবোৰ পালন কৰিব লাগিব। কিন্তু যিহোৱাৰ মানদণ্ড পালন কৰাৰ আমাৰ ইচ্ছা কেনেকৈ দৃঢ় কৰিব পাৰোঁ? আহক ইয়াৰ তিনিটা বিষয়ৰ ওপৰত ধ্যান দিওঁ।

যিহোৱাৰ মানদণ্ড পালন কৰাৰ নিজৰ ইচ্ছা দৃঢ় কৰক!

৯. আমি যিহোৱাৰ মানদণ্ড পালন কৰাৰ নিজৰ ইচ্ছা কেনেকৈ দৃঢ় কৰিব পাৰোঁ?

প্ৰথম কথা: যিহোৱাক প্ৰেম কৰক। ভাল আৰু বেয়াৰ মাজত থকা মানদণ্ডবোৰ যিহোৱাই দিছে। আমি যিমানেই যিহোৱাক প্ৰেম কৰিম, সিমানেই তেওঁ দিয়া মানদণ্ডবোৰ পালন কৰাৰ আমাৰ ইচ্ছা আৰু দৃঢ় হʼব আৰু আমি সদায় সঠিক কাম কৰিম। আদম আৰু হবাৰ বিষয়ে চিন্তা কৰক। তেওঁলোকে যিহোৱাক প্ৰেম কৰা হʼলে তেওঁৰ আজ্ঞা পালন কৰিলেহেঁতেন, নহয়নে বাৰু?—আদি. ৩:১-৬, ১৬-১৯.

১০. অব্ৰাহামে কেনেকৈ যিহোৱাক আৰু ভালদৰে জানিব পাৰিলে?

১০ আমি যদি আদম আৰু হবাৰ দৰে ভুল কৰিব নিবিচাৰোঁ, তেনেহʼলে আমি যিহোৱাৰ প্ৰতি নিজৰ প্ৰেম বঢ়াই থাকিব লাগিব। আমি কেনেকৈ এইদৰে কৰিব পাৰিম? আমি যিহোৱাৰ বিষয়ে জানিব লাগিব, তেওঁৰ গুণৰ বিষয়ে শিকিব লাগিব আৰু তেওঁ চিন্তাধাৰাৰ বিষয়ে বুজিবলৈ চেষ্টা কৰিব লাগিব। অব্ৰাহামেও এইদৰেই কৰিছিল। তেওঁ যিহোৱাক বহুত প্ৰেম কৰিছিল। বহুবাৰ যিহোৱাই এনে নিৰ্ণয় লৈছিল, যাৰ বিষয়ে অব্ৰাহামে বুজি পোৱা নাছিল। তথাপি তেওঁ যিহোৱাৰ নিৰ্ণয়ক বিৰোধ কৰা নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ বুজিবলৈ চেষ্টা কৰিলে যে যিহোৱাই এইদৰে কিয় কৈছে। যেনে, যিহোৱাই যেতিয়া অব্ৰাহামক কʼলে যে তেওঁ চদোম আৰু ঘমোৰা নগৰখন ধ্বংস কৰিব, তেতিয়া এই কথা শুনি অব্ৰাহামে ভয় খালে। তেওঁ ভাবিলে ‘সমুদায় পৃথিবীৰ বিচাৰকৰ্ত্তা জনে’ দুষ্ট লোকসকলৰ লগতে ধাৰ্মিক লোকসকলকো ধ্বংস কৰিব নেকি? সেইবাবে, তেওঁ যিহোৱাক কিছুমান প্ৰশ্ন সুধিলে। যিহোৱাই তেওঁৰ সকলো প্ৰশ্নৰ উত্তৰ দিলে। এইদৰে অব্ৰাহামে যিহোৱাক আৰু ভালদৰে জানিব পাৰিলে। যিহোৱাই লোকসকলৰ হৃদয় চাই আৰু তেওঁ কেতিয়াও নিৰ্দোষী লোকসকলক শাস্তি নিদিয়ে।—আদি. ১৮:২০-৩২.

১১. অব্ৰাহামে যিহোৱাক প্ৰেম কৰিছিল আৰু তেওঁৰ ওপৰত ভৰসা কৰিছিল বুলি অব্ৰাহামৰ কি কামৰ পৰা জানিব পাৰি?

১১ চদোম আৰু ঘমোৰাৰ ধ্বংস বিষয়ে যিহোৱা আৰু অব্ৰাহামৰ মাজত কথা-বতৰা হোৱাৰ পাছত অব্ৰাহামে যিহোৱাক বেছিকৈ প্ৰেম আৰু সন্মান কৰিবলৈ ধৰিলে। ইয়াৰ কিছু বছৰৰ পাছত যিহোৱাই তেওঁক এনে এটা কাম কৰিবলৈ দিছিল, যি তেওঁৰ বাবে একেবাৰে কঠিন আছিল। যিহোৱাই তেওঁৰ মৰমৰ পুত্ৰ ইচহাকৰ বলিদান দিবলৈ কʼলে। কিন্তু এইবাৰ অব্ৰাহামে যিহোৱাক একো প্ৰশ্ন সোধা নাছিল। কিয়নো তেওঁ এতিয়া যিহোৱাক ভালদৰে জানিছিল। তেওঁ যিহোৱাৰ কথা মানিলে। কল্পনা কৰকচোন, যেতিয়া তেওঁ নিজৰ পুত্ৰৰ বলিদান দিবলৈ প্ৰস্তুতি কৰি আছিল, তেতিয়া তেওঁ কেনে অনুভৱ কৰিছিল আৰু কিমান বেদনাত আছিল। কিন্তু সেই সময়ত তেওঁ যিহোৱাৰ বিষয়ে যি জানিছিল, তাৰ বিষয়ে চিন্তা কৰিছিল। তেওঁ জানিছিল যে যিহোৱাই কেতিয়াও ভুল কাম নকৰে আৰু কাৰো লগত অন্যায় নকৰে। ইচহাকৰ বংশৰ পৰা যিহোৱাই এটা ডাঙৰ ৰাষ্ট্ৰ বনাব বুলি যি প্ৰতিজ্ঞা কৰিছিল, সেই প্ৰতিজ্ঞাৰ ওপৰত তেওঁ হয়তো চিন্তা কৰিছিল। কিন্তু সেই সময়লৈকে ইচহাকৰ কোনো পুত্ৰ নাছিল। সেইবাবে, অব্ৰাহামৰ সম্পূৰ্ণ বিশ্বাস আছিল যে যদি ইচহাকৰ মৃত্যু হৈ যায়, তথাপি যিহোৱাই তেওঁক পুনৰ জীৱিত কৰিব। (ইব্ৰী ১১:১৭-১৯) সঁচাকৈ অব্ৰাহামে যিহোৱাক বহুত প্ৰেম কৰিছিল। সেইবাবে, তেওঁৰ সম্পূৰ্ণ ভৰসা আছিল যে যিহোৱাই সদায় সঠিক কাম কৰে। সেই কাৰণে তেওঁ কঠিন পৰিস্থিতিতো যিহোৱাৰ আজ্ঞা মানিলে।—আদি. ২২:১-১২.

১২. আমি অব্ৰাহামৰ দৰে হʼবলৈ কি কৰিব লাগিব? (গীতমালা ৭৩:২৮)

১২ আমি অব্ৰাহামৰ দৰে হʼবলৈ কি কৰিব লাগিব? আমি যিহোৱাৰ বিষয়ে শিকি থাকিব লাগিব। এইদৰে কৰিলে আমি যিহোৱাৰ আৰু কাষ চাপিম আৰু তেওঁক বেছিকৈ প্ৰেম কৰিবলৈ ধৰিম। (গীতমালা ৭৩:২৮ পঢ়ক।) যিহোৱাৰ দৃষ্টিত কি ভাল, কি বেয়া আৰু তেওঁৰ চিন্তাধাৰা কি, তাৰ বিষয়ে যেতিয়া আমি জানিবলৈ ধৰোঁ, তেতিয়া আমিও তেওঁৰ দৰে ভাবিবলৈ ধৰোঁ। (ইব্ৰী ৫:১৪) এনে কৰিলে আমি যিহোৱাই বেয়া পোৱা সকলো কামক ঘিণ কৰিম। তাৰ পাছত যেতিয়া কোনোবাই আমাক বেয়া কাম কৰিবলৈ কয়, তেতিয়া আমি তেওঁলোকক মানা কৰিম। কাৰণ আমি যিহোৱাৰ মনক আঘাত দিব নিবিচাৰোঁ আৰু তেওঁৰ লগত আমাৰ সম্পৰ্ক বেয়া কৰিব নিবিচাৰোঁ। যিহোৱাৰ মানদণ্ড পালন কৰাৰ আমাৰ ইচ্ছা দৃঢ় কৰিবলৈ আমি আৰু কি কৰিব পাৰোঁ?

১৩. আমি কেনেকৈ ধাৰ্মিকতাৰ অনুসৰি কাম কৰিব পাৰোঁ? (হিতোপদেশ ১৫:৯)

১৩ দ্বিতীয় কথা: আমি প্ৰতিদিনে যিহোৱাৰ মানদণ্ড পালন কৰিবলৈ চেষ্টা কৰা উচিত। যিদৰে প্ৰতিদিনে ব্যয়াম কৰিলে আমাৰ শৰীৰ ভালে থাকে, ঠিক সেইদৰে আমি প্ৰতিদিনে যিহোৱাৰ মানদণ্ড পালন কৰিবলৈ চেষ্টা কৰিলে, সেইবোৰ পালন কৰাৰ আমাৰ ইচ্ছা আৰু দৃঢ় হয়। যিহোৱাই আমাক এনে কোনো কাম কৰিবলৈ নকয়, যিবোৰ আমি কৰিব নোৱাৰিম। কিন্তু যিহোৱাই জানে যে আমি তেওঁৰ মানদণ্ডবোৰ পালন কৰিব পাৰিম। (গীত. ১০৩:১৪) যদি আমি এইদৰে কৰোঁ আৰু ধাৰ্মিকতাৰ কাম কৰি থাকোঁ, তেনেহʼলে যিহোৱা বৰ আনন্দিত হয়। বাইলেতো লিখা আছে যে “ধাৰ্ম্মিকতাৰ অনুগামীক তেওঁ প্ৰেম কৰে।” (হিতোপদেশ ১৫:৯ পঢ়ক।) মন কৰক যে ইয়াত কোৱা হৈছে ধাৰ্ম্মিকতাৰ অনুগামী। ইয়াৰ অৰ্থ হৈছে যিদৰে আমি যিহোৱাৰ সেৱা কৰিবলৈ যদি কিবা লক্ষ্য ৰাখোঁ, তেনেহʼলে তাক পাবলৈ আমি বহুত পৰিশ্ৰম কৰাৰ প্ৰয়োজন। ঠিক সেইদৰে আমি ধাৰ্মিকতাৰ কাম কৰিবলৈও বহুত পৰিশ্ৰম কৰা উচিত। আমি যিহোৱাৰ মানদণ্ড পালন কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰিলে যিহোৱাই আমাক সহায় কৰিব আৰু আমি ভালদৰে তেওঁৰ মানদণ্ড পালন কৰিব পাৰিম।—গীত. ৮৪:৫, ৭.

১৪. “ধাৰ্ম্মিকতাৰ বুকুবৰি” কি আৰু এয়া আমি কিয় পিন্ধি থকা উচিত?

১৪ যিহোৱাই দিয়া মানদণ্ডবোৰ আমাৰ বাবে বোজাৰ দৰে হয় আৰু সেইবোৰ পালন কৰাটো বৰ কঠিন হয় বুলি আমি ভবা উচিত নহয়। (১ যোহ. ৫:৩) ইয়াৰ পৰিৱৰ্তে আমি মনত ৰখা উচিত যে সেইবোৰ পালন কৰিলে আমি সুৰক্ষিত হৈ থাকিব পাৰিম। ঈশ্বৰে দিয়া অস্ত্ৰবোৰ আপোনাৰ মনত আছেনে, যাৰ বিষয়ে পৌলে কৈছিল। (ইফি. ৬:১৪-১৮) তাৰে মাজৰ এটা হৈছে “ধাৰ্ম্মিকতাৰ বুকুবৰি” অৰ্থাৎ ভাল আৰু বেয়াৰ মাজত যিহোৱাৰ মানদণ্ড। প্ৰাচীন সময়ত যুদ্ধত যদি এজন সৈনিকে বুকুবৰি পিন্ধি থাকে, তেনেহʼলে শত্ৰুৰ আক্ৰমণৰ পৰা তেওঁৰ হৃদয় সুৰক্ষিত হৈছিল। ঠিক সেইদৰে আমি যদি ধাৰ্মিকতাৰ বুকুবৰি পিন্ধি থাকোঁ অৰ্থাৎ যিহোৱাৰ মানদণ্ডবোৰ পালন কৰি থাকোঁ, তেনেহʼলে চয়তানৰ আক্ৰমণৰ পৰা আমাৰ হৃদয় সুৰক্ষিত হৈ থাকিব। গতিকে সকলো সময়তে ধাৰ্মিকতাৰ বুকুবৰি পিন্ধি থাকক।—হিতো. ৪:২৩.

১৫. আপুনি ধাৰ্মিকতাৰ বুকুবৰি কেনেকৈ পিন্ধিব পাৰে?

১৫ ধাৰ্মিকতাৰ বুকুবৰি পিন্ধিবলৈ আপুনি কি কৰিব লাগিব? প্ৰতিদিনে কোনো নিৰ্ণয় লোৱা বা কাম কৰাৰ আগতে, সেই বিষয়ে যিহোৱাৰ মানদণ্ড কি হয়, তালৈ চিন্তা কৰক। যদি আপুনি কাৰোবাৰ লগত কথা পাতি আছে, কিবা গান শুনিবলৈ বা মনোৰঞ্জন কৰিম বুলি ভাবি আছে অথবা আপোনাক কোনো এখন কিতাপ পঢ়িবলৈ মন গৈছে, তেনেহʼলে সেই সময়ত নিজকে এইদৰে সোধক: ‘ইয়ে মোৰ হৃদয়ৰ ওপৰত কি প্ৰভাৱ পেলাব? ইয়াৰ পৰা যিহোৱা আনন্দিত হʼবনে? অথবা ইয়াত যিহোৱাই বেয়া পোৱা কিবা বস্তু জড়িত আছে নেকি, যেনে: অনৈতিকতা, হিংসা, লোভ কৰা আৰু কেৱল নিজৰ বিষয়ে চিন্তা কৰা?’ (ফিলি. ৪:৮) যদি আপুনি এনে নিৰ্ণয় লয়, যি যিহোৱাৰ মানদণ্ডৰ অনুসৰি সঠিক হয়, তেনেহʼলে আপুনি নিজৰ হৃদয়ক সুৰক্ষিত কৰিব পাৰিব।

আপোনাৰ “ধাৰ্ম্মিকতা সমুদ্ৰৰ ঢৌৰ নিচিনা” হʼব পাৰে (অনুচ্ছেদ ১৬-১৭ চাওক)

১৬-১৭. আমি সদায় যিহোৱাৰ মানদণ্ডবোৰ পালন কৰি থাকিব পাৰিম বুলি যিচয়া ৪৮:১৮ পদৰ অনুসৰি আমি কিয় বিশ্বাস কৰিব পাৰোঁ?

১৬ আপুনি যিহোৱাৰ মানদণ্ডবোৰ পালন কৰিব পাৰিম নে নোৱাৰিম বুলি ভাবি চিন্তিত হয়নে? যদি হয়, তেনেহʼলে যিহোৱাই কৰা সেই প্ৰতিজ্ঞাৰ ওপৰত মন দিয়ক, যাৰ বিষয়ে যিচয়া ৪৮:১৮ পদত লিখা আছে। (পঢ়ক।) যিহোৱাই কৈছে, ‘আপোনাৰ ধাৰ্ম্মিকতা সমুদ্ৰৰ ঢৌৰ নিচিনা’ হʼব। কল্পনা কৰক, আপুনি সমুদ্ৰৰ কাষত থিয় হৈ আছে। চাৰিওফালে বহুত শান্তি আছে আৰু এটাৰ পাছত এটা ঢৌ উঠি অহাটো আপুনি দেখিছে। সেই সময়ত এদিনাখন এই ঢৌবোৰ উঠিবলৈ বন্ধ হৈ যাব বুলি আপুনি ভাবিবনে? নিশ্চয় নাভাবে, কিয়নো আপুনি জানে যে এই ঢৌবোৰ হাজাৰ বছৰ ধৰি এইদৰেই উঠি আছে আৰু সদায় উঠি থাকিব।

১৭ আপোনাৰ ধাৰ্মিকতাও সমুদ্ৰৰ ঢৌৰ নিচিনা হʼব পাৰে। কেনেকৈ বাৰু? যিদৰে সমুদ্ৰত ঢৌ একেৰাহে উঠি থাকে, ঠিক সেইদৰে আপুনিও সদায় যিহোৱাৰ মানদণ্ডবোৰ মানি থাকিব পাৰে। যিকোনো নিৰ্ণয় লোৱাৰ আগতে চিন্তা কৰক যে যিহোৱাই কি ভাল পায় আৰু সেইমতেই কাম কৰক। কোনো এটা নিৰ্ণয় লʼবলৈ আপোনাৰ যিমানেই কঠিন নালাগক কিয়, কিন্তু মনত ৰাখক আপোনাৰ পিতৃ যিহোৱাই আপোনাক বহুত প্ৰেম কৰে, তেওঁ সদায় আপোনাৰ লগত থাকিব আৰু আপোনাক সাহস দিব, যাতে আপুনি সদায় তেওঁৰ মানদণ্ড পালন কৰি থাকিব পাৰে।—যিচ. ৪০:২৯-৩১.

১৮. আমি নিজৰ অনুসৰি কিয় আনৰ ন্যায় কৰা উচিত নহয়?

১৮ তৃতীয় কথা: ন্যায় কৰিবলৈ যিহোৱাৰ হাতত এৰি দিয়ক, কাৰণ ন্যায় কৰাৰ কাম তেওঁৰ হয়। আমি সকলোৱে যিহোৱাৰ মানদণ্ড পালন কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰা উচিত। কিন্তু আমি কেতিয়াও আনৰ ন্যায় কৰা উচিত নহয় আৰু এইদৰে ভবা উচিত নহয় যে তেওঁলোকে যিহোৱাৰ মানদণ্ড পালন কৰা নাই। আমি নিজৰ মানদণ্ডৰ অনুসৰি তেওঁলোকৰ ন্যায় কৰাৰ পৰিৱৰ্তে মনত ৰখা উচিত যে যিহোৱা “সমুদায় পৃথিবীৰ বিচাৰকৰ্ত্তা” হয়। (আদি. ১৮:২৫) যিহোৱাই আমাক নিজৰ মতে আনৰ ন্যায় কৰিবলৈ অধিকাৰ দিয়া নাই। যীচুৱেও আমাক আজ্ঞা দিছিল যে “তোমালোকে পৰৰ বিচাৰ নকৰিবা, তেহে তোমালোকৰো বিচাৰ কৰা নহব।”—মথি ৭:১. *

১৯. যোচেফে জানিছিল যে ন্যায় কৰাৰ অধিকাৰ কেৱল যিহোৱাৰহে হয়, সেইবাবে তেওঁ কি কৰিলে?

১৯ আকৌ যোচেফৰ উদাহৰণলৈ মন কৰকচোন। তেওঁ এজন ধাৰ্মিক ব্যক্তি আছিল। কিন্তু তেওঁৰ ককায়েকসকলে তেওঁৰ লগত বেয়া ব্যৱহাৰ কৰিলে। তেওঁলোকে যোচেফক মাৰ-পিট কৰিলে, দাসত্বত বেচি দিলে আৰু নিজৰ দেউতাকৰো বিশ্বাস জন্মাবলৈ চেষ্টা কৰিলে যে যোচেফৰ মৃত্যু হʼল। বহু বছৰৰ পাছত যেতিয়া যোচেফে ককায়েকসকলক লগ পালে, তেতিয়ালৈকে তেওঁ মিচৰৰ এজন ডাঙৰ অধিকাৰী হৈছিল। সেইবাবে, তেওঁ ককায়েকসকলৰ পৰা প্ৰতিশোধ লʼব আৰু তেওঁলোকক শাস্তি দিব পাৰিলেহেঁতেন। তেওঁৰ ককায়েকসকলে অনুতাপ কৰিছিল, কিন্তু তেওঁলোকে হয়তো ভাবিছিল যে যোচফে তেওঁলোকৰ পৰা প্ৰতিশোধ লʼব। কিন্তু যোচেফে তেওঁলোকক এইদৰে কʼলে, “ভয় নকৰিবা; কিয়নো, মই জানো ঈশ্বৰৰ প্ৰতিনিধি?” (আদি. ৩৭:১৮-২০, ২৭, ২৮, ৩১-৩৫; ৫০:১৫-২১) যোচেফে নিজৰ ককায়েকসকলৰ ন্যায় নকৰিলে। কিয়নো তেওঁ জানিছিল যে ন্যায় কৰাৰ অধিকাৰ কেৱল যিহোৱাৰহে হয়।

২০-২১. আমি নিজকে ধাৰ্মিক বুলি ভবাৰ পৰা কেনেকৈ আঁতৰি থাকিব পাৰিম?

২০ যোচেফৰ দৰে আমিও মনত ৰখা উচিত যে ন্যায় কৰাৰ অধিকাৰ কেৱল যিহোৱাৰহে হয়, আমাৰ নহয়। আমি ভালদৰে নাজানোঁ যে ভাই-ভনীসকলে কোনো এটা কাম কিয় কৰিলে। কিয়নো আমি তেওঁলোকৰ হৃদয় পঢ়িব নোৱাৰোঁ। কেৱল যিহোৱাই ‘আত্মাবোৰ [‘উদ্দেশ্যবোৰ,’ NW] পৰীক্ষা কৰে।’ (হিতো. ১৬:২) এজন ব্যক্তি যিকোনো জাতি বা দেশৰ নহওক কিয়, যিহোৱাই সকলোকে প্ৰেম কৰে। আমিও নিজৰ “হৃদয় বহল” কৰা আৰু সকলো ভাই-ভনীক প্ৰেম কৰাটো যিহোৱাই বিচাৰে। ইয়াৰ উপৰিও আমি নিজৰ মানদণ্ডৰ অনুসৰি ন্যায় কৰাৰ পৰা আঁতৰি থকাটো যিহোৱাই বিচাৰে।—২ কৰি. ৬:১৩.

২১ আমি নিজৰ ভাই-ভনীসকলৰ উপৰিও আন লোকসকলৰ ন্যায় কৰা উচিত নহয়। (১ তীম. ২:৩, ৪) আমাৰ সম্বন্ধীয় লোকে কেতিয়াও সত্য নিশিকিব বুলি ভাবি আমি তেওঁলোকৰ ন্যায় কৰা উচিত নহয়। ইয়াৰ পৰিৱৰ্তে আমি মনত ৰখা উচিত যে যিহোৱাই আজি সকলোকে “মন পালটাবলৈ” সুযোগ দিছে। (পাঁচ. ১৭:৩০) গতিকে কেতিয়াও আনৰ বিচাৰ নকৰিব অথবা আনে কেতিয়াও নুশুনিব বুলি নাভাবিব। মনত ৰাখক, যিসকল লোকে নিজকে ধাৰ্মিক বুলি ভাবে, যিহোৱাই তেওঁলোকক ধাৰ্মিক বুলি নাভাবে।

২২. আপুনি যিহোৱাৰ মানদণ্ড কিয় পালন কৰিব বিচাৰে?

২২ গতিকে আহক আমি ধাৰ্মিকতাৰ বাবে নিজৰ “ভোক আৰু পিয়াহ” বঢ়াই থাকোঁ। (মথি ৫:৬) যেতিয়া আমি যিহোৱাৰ মানদণ্ড পালন কৰাৰ আমাৰ ইচ্ছা দৃঢ় কৰিম, তেতিয়া আমি আনন্দ পাম। এইদৰে কৰিলে লোকসকলেও আমাৰ পৰা শিকিব আৰু আমাক আৰু যিহোৱাক বেছিকৈ প্ৰেম কৰিবলৈ ধৰিব। আমি যিহোৱাৰ মানদণ্ড পালন কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰিলেযিহোৱাই আমাৰ পৰিশ্ৰমত ধ্যান দিব আৰু আমাৰ পৰা আনন্দিত হʼব। জগতৰ মানদণ্ড একেবাৰে বেয়ালৈ ঢাল খাইছে। কিন্তু আহক আমি যিহোৱাৰ মানদণ্ড পালন কৰি থাকোঁ, কিয়নো তেওঁ “ধাৰ্ম্মিকবিলাকক প্ৰেম কৰে।”—গীত. ১৪৬:৮.

গীত ১৩৯ নিজকে নতুন পৃথিৱীত চাওক!

^ আজি জগতখন দুষ্ট লোকসকলেৰে ভৰি পৰিছে। কিন্তু এনে বহুতো ধাৰ্মিক লোক আছে, যিসকলে যিহোৱাৰ দৃষ্টিত সঠিক হোৱা কামবোৰ কৰে। হয়তো তেওঁলোকৰ মাজৰ আপুনিও এজন হয়। আপুনি এনে কাম কৰাৰ কাৰণ হৈছে আপুনি যিহোৱাক প্ৰেম কৰে আৰু যিহোৱাই ধাৰ্মিক কাম ভাল পায়। এই লেখত আমি শিকিম যে ধাৰ্মিকতাৰ অৰ্থ কি আৰু ধাৰ্মিকতাৰ কাম কৰিলে কি লাভ হয়। আমি এয়াও শিকিম যে ধাৰ্মিকতাৰ কাম কৰাৰ আমাৰ ইচ্ছা আমি কেনেকৈ দৃঢ় কৰিব পাৰিম।

^ কিছুমান ক্ষেত্ৰত মণ্ডলীৰ প্ৰাচীনসকলে ন্যায় কৰিবলগীয়া হয়। যেনে, যদি কোনো ব্যক্তিয়ে গম্ভীৰ পাপ কৰে। (১ কৰি. ৫:১১; ৬:৫; যাকো. ৫:১৪, ১৫) এনে পৰিস্থিতিত প্ৰাচীনসকলে মনত ৰাখে যে তেওঁলোকে কোনো ব্যক্তিৰ হৃদয়খন পঢ়িব নোৱাৰে আৰু তেওঁলোকে যিহোৱাৰ ফালৰ পৰা ন্যায় কৰিছে। (২ বংশাৱলি ১৯:৬ পদৰ লগত তুলনা কৰক।) সেইবাবে, আনৰ ন্যায় কৰাৰ সময়ত প্ৰাচীনসকলে যিহোৱাৰ মানদণ্ড মনত ৰাখিবলৈ আৰু যিহোৱাৰ দৰে ন্যায় কৰিবলৈ চেষ্টা কৰে। তেওঁলোকে আনৰ পৰা প্ৰয়োজনতকৈ বেছি আশা নকৰে, পক্ষপাত নকৰে আৰু সম্ভৱ হʼলে দয়া দেখুৱায়।