Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৩৪

সত্যৰ পথত চলি থাকক

সত্যৰ পথত চলি থাকক

“মোৰ সন্তানবিলাকে সত্যত চলাৰ বাৰ্ত্তা শুনাতে যি আনন্দ জন্মে, তাতকৈ মোৰ আৰু বৰ আনন্দ নাই।”—৩ যোহ. ৪.

গীত ১১১ আমাৰ আনন্দৰ বহুতো কাৰণ

লেখৰ এক আভাস *

১. আমি সত্য কেনেকৈ পালোঁ বুলি এজনে-আনজনৰ লগত কিয় কথা পতা উচিত?

 প্ৰথমবাৰ কোনো ভাই বা ভনীক লগ পোৱাৰ সময়ত আমি প্ৰায়েই তেওঁলোকক এইদৰে প্ৰশ্ন সোধোঁ, “আপুনি কেনেকৈ সত্য পালে?” অথবা তেওঁলোকেও আমাক এই প্ৰশ্ন সুধিছে। তেওঁলোকে কেনেকৈ সত্য পালে আৰু সত্যক কিয় ইমান প্ৰেম কৰে, এই বিষয়ে জানি আমাৰ বহুত ভাল লাগে। আমিও তেওঁলোকক তাৰ বিষয়ে জনায় অতি আনন্দিত হওঁ। (ৰোম. ১:১১, ১২) যেতিয়া আমি এই বিষয়ে ভাই-ভনীসকলৰ লগত কথা পাতোঁ, তেতিয়া আমাৰ অনুভৱ হয় যে যিহোৱাৰ সাক্ষী হোৱাটো আমাৰ বাবে কিমান সন্মানৰ বিষয় হয় আৰু সত্য আমাৰ বাবে কিমান মূল্যৱান হয়। ইয়াৰ পৰা সত্যৰ পথত চলি থকাৰ আমাৰ ইচ্ছা আৰু দৃঢ় হয়, অৰ্থাৎ আমি এনে জীৱন জীয়াই থাকিবলৈ উৎসাহিত হওঁ, যাৰ পৰা যিহোৱা আনন্দিত হয়।—৩ যোহ. ৪.

২. এই লেখত আমি কি শিকিম?

এই লেখত আমি শিকিম যে আমি কিয় সত্যতাক ইমান প্ৰেম কৰোঁ। আমি এয়াও শিকিম যে যদি আমি সত্যতাক মূল্যৱান বুলি ভাবোঁ, তেনেহʼলে আমি কি কৰি থকা উচিত। এই বিষয়ে জানিলে আমি যিহোৱাৰ প্ৰতি কৃতজ্ঞ হʼম যে তেওঁ আমাক নিজৰ কাষ চাপিবলৈ সহায় কৰিলে আৰু সত্য শিকালে। (যোহ. ৬:৪৪) ইয়ে আমাক আনকো সত্যতা জনাবলৈ উৎসাহিত কৰিব।

আমি ‘সত্যতাক’ কিয় প্ৰেম কৰোঁ?

৩. সত্যতাক প্ৰেম কৰাৰ আটাইতকৈ ডাঙৰ কাৰণ কি?

আমি বহুতো কাৰণৰ বাবে সত্যতাক প্ৰেম কৰোঁ, তাৰে মাজৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে আমি যিহোৱাক প্ৰেম কৰোঁ, যিজনে আমাক সত্য শিকালে। আমি তেওঁৰ বাক্যৰ পৰা শিকিলোঁ যে যিহোৱা কেৱল এই পৃথিৱীখনক সৃষ্টি কৰোতাই নহয়, তেওঁ এজন মৰমীয়াল পিতৃৰ দৰে হয়, যিজনে আমাৰ বিষয়ে চিন্তা কৰে। (১ পিত. ৫:৭) তেওঁ “কৃপা আৰু দয়াৰে পৰিপূৰ্ণ ঈশ্বৰ, ক্ৰোধত ধীৰ, দয়া আৰু সত্যতাত মহান।” (যাত্ৰা. ৩৪:৬) তেওঁ সদায় ন্যায় কৰে। (যিচ. ৬১:৮) আমাক দুখত থকা দেখি তেওঁকো বৰ দুখ লাগে আৰু তেওঁ সেই সময়লৈ বাট চাই আছে, যেতিয়া তেওঁ আমাৰ সকলো দুখ-কষ্ট নাইকিয়া কৰিব। (যিৰি. ২৯:১১) সেই সময়ৰ বাবে আমিও বাট চাই আছোঁ। সঁচাকৈ, যিহোৱাই আমাক বহুত প্ৰেম কৰে। সেইবাবে, আমিও তেওঁক বহুত প্ৰেম কৰোঁ!

বাইবেলৰ সত্যতা কিহৰ দৰে হয়? লঙ্গৰ

যিদৰে এডাল লঙ্গৰে প্ৰচণ্ড ধুমুহাত নাওখনক স্থিৰে ৰাখে, ঠিক সেইদৰে সমস্যাৰ সন্মুখীন হোৱাৰ সময়ত নিজৰ আশাৰ বিষয়ে ভাবিলে আমি স্থিৰে থাকিব পাৰিম। এই আশাই আমাক সাহস দিয়ে। সেইবাবে আমি এই আশাৰ বিষয়ে আনক জনাবলৈ উৎসাহিত হওঁ (অনুচ্ছেদ ৪-৭ চাওক)

৪-৫. আমাৰ আশা লঙ্গৰৰ নিচিনা হয় বুলি পৌলে কিয় কৈছিল?

সত্যতাক প্ৰেম কৰাৰ আৰু এটা কাৰণ হৈছে সত্যতাৰ বিষয়ে জানিলে আমি লাভৱান হওঁ। ঈশ্বৰে আহিবলগীয়া পৰিস্থিতিত আমাক ভাল জীৱন দিব, এই সত্যতাৰ বিষয়ে বাইবেলত কোৱা হৈছে। ইয়াৰ বিষয়ে পাঁচনি পৌলে কৈছিল যে “আমি পোৱা সেই আশা আত্মাৰ লঙ্গৰস্বৰূপ; সেয়ে নিশ্চয়, দৃঢ়, আঁৰ-কাপোৰৰ ভিতৰফাললৈকে সোমোৱা।” (ইব্ৰী ৬:১৯) যেতিয়া সাগৰত প্ৰচণ্ড ধুমুহা বতাহ আহে, তেতিয়া নাবিকে পানীৰ তলত লঙ্গৰ পেলায়, যাৰ বাবে নাওখন স্থিৰে থাকিব পাৰে। ঠিক সেইদৰে আমাৰ জীৱনলৈও ডাঙৰ ডাঙৰ ধুমুহাৰ নিচিনা সমস্যা আহে, তেতিয়া আমি এই আশাৰ বিষয়ে চিন্তা কৰিলে আমি স্থিৰে থাকিব পাৰিম।

পৌলে এই কথাষাৰ অভিষিক্ত খ্ৰীষ্টানসকলৰ বাবে লিখিছিল, যিসকলৰ স্বৰ্গত জীয়াই থকাৰ আশা আছে। কিন্তু যিসকলৰ এই পৃথিৱীত জীয়াই থকাৰ আশা আছে, তেওঁলোকৰ আশাও লঙ্গৰৰ নিচিনা হয়। (যোহ. ৩:১৬) এই আশাৰ পৰা আমি জীয়াই থকাৰ এটা উদ্দেশ্য পালোঁ।

৬-৭. সত্যৰ বিষয়ে জানি ভনী ইবানৰ কি লাভ হʼল?

ভনী ইবানৰ উদাহৰণলৈ মন কৰক। তেওঁৰ পিতৃ-মাতৃ যিহোৱাৰ সাক্ষী নাছিল। সৰুৰে পৰা তেওঁক মৃত্যুৰ প্ৰতি ভয় লাগিছিল। এবাৰ তেওঁ এখন কিতাপত পঢ়িছিল যে ‘এদিন সকলো ধ্বংস হৈ যাব।’ এই কথাষাৰ তেওঁ নিজৰ মনৰ পৰা উলিয়াব পৰা নাছিল। তেওঁ এইদৰে কৈছে, ‘গোটেই ৰাতিটো মোৰ টোপনি নাহিছিল। মই গোটেই ৰাতি এই বিষয়ে চিন্তা কৰিছিলোঁ যে নাজানোঁ কালি কি হʼব! মই ভাবিছিলোঁ “জীৱনটো কেৱল ইমানেই নে? আমাক কিয় সৃষ্টি কৰা হৈছে?” মই মৰিব বিচৰা নাছিলোঁ।’

ভনী ইবান যেতিয়া ১৮-১৯ বছৰৰ আছিল, তেতিয়া তেওঁ প্ৰথমবাৰ যিহোৱাৰ সাক্ষীসকলক লগ পাইছিল। বাইবেলৰ পৰা তেওঁ জানিব পাৰিলে যে এদিন এই পৃথিৱীখন ধুনীয়া বাগিচালৈ পৰিৱৰ্তন হʼব আৰু তেওঁ ইয়াত সদায় কাললৈকে জীয়াই থাকিব পাৰিব। লাহে লাহে বাইবেলৰ সত্যৰ প্ৰতি তেওঁ ভৰসা কৰিবলৈ ধৰিলে। সত্যতাৰ বিষয়ে জানি ভনী ইবানৰ কিবা লাভ হʼলনে? তেওঁ এইদৰে কৈছে, “এতিয়া মই শান্তিৰে শুব পাৰোঁ আৰু এতিয়া মোক মৃত্যুৰ প্ৰতি ভয় নালাগে। মই এই বিষয়ে ভাবিও চিন্তিত নহওঁ যে কালি কি হʼব!” সত্যই ভনীৰ জীৱন সলনি কৰিলে। ভনীৰ বাবে সত্যতা বহুত মূল্যৱান হয়। সেইবাবে, তেওঁ আনকো এই আশাৰ বিষয়ে জনাই যে ভৱিষ্যতে আমি সকলোৱে এটা ভাল জীৱন জীয়াই থাকিব পাৰিম। এইদৰে কৰি তেওঁ বহুত আনন্দ লাভ কৰে।—১ তীম. ৪:১৬.

বাইবেলৰ সত্যতা কিহৰ দৰে হয়? মূল্যৱান ধন

আজি আমি যিহোৱাৰ সেৱা কৰিবলৈ সুযোগ পাইছোঁ আৰু ভৱিষ্যতে যেতিয়া ঈশ্বৰৰ ৰাজ্য আহিব, তেতিয়া আমি এই কাম কৰি থাকিব পাৰিম। এয়া মূল্যৱান ধনৰ নিচিনা হয় আৰু ইয়াৰ বাবে আমি নিজৰ সকলো ত্যাগ কৰিবলৈ সাজু আছোঁ (অনুচ্ছেদ ৮-১১ চাওক)

৮-৯. (ক) যীচুৱে উদাহৰণত কোৱা ব্যক্তিৰ বাবে সেই ধন কিমান মূল্যৱান আছিল? (খ) আপোনাৰ বাবে সত্যতা কিমান মূল্যৱান হয়?

বাইবেলত ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তাৰ বিষয়েও কোৱা হৈছে। যীচুৱে এই সত্যতাৰ তুলনা মাটিৰ তলত পোৱা মূল্যৱান ধনৰ লগত কৰিছিল। তেওঁ এইদৰে কৈছিল, “স্বৰ্গৰাজ্য, পথাৰৰ মাজত লুকুৱাই থোৱা ধনৰ নিচিনা; তাক কোনো মানুহে দেখা পাই, লুকুৱাই থয়; পাছে আনন্দেৰে গৈ, তেওঁৰ সৰ্ব্বস্ব বেচি, সেই পথাৰ কিনে।” (মথি ১৩:৪৪) সেই ব্যক্তিজনে মূল্যৱান ধনক বিচাৰি থকা নাছিল। কিন্তু যেতিয়া তেওঁ সেই মূল্যৱান ধন পালে, তেতিয়া তেওঁ কি কৰিলে? তেওঁ জানিছিল এই ধন বহুত মূল্যৱান হয়। সেইবাবে তেওঁ তাক পাবলৈ নিজৰ সকলো এৰিবলৈ সাজু আছিল। তেওঁ সেই মাটি কিনিবলৈ নিজৰ সকলো বেচি দিলে।

বাইবেলৰ সত্যতা আপোনাৰ বাবে মূল্যৱান ধনৰ দৰে হয়নে? নিশ্চয় হয় চাগে। আজি আমি যিহোৱাৰ সেৱা কৰি বহুত আনন্দ লাভ কৰোঁ আৰু ঈশ্বৰৰ ৰাজ্যত সদায় কাললৈকে জীয়াই থকাৰ আমাৰ আশা আছে। এই আশীৰ্বাদৰ তুলনাত জগতৰ ডাঙৰ ডাঙৰ বস্তু একোৱেই নহয়। আজি আমি যিহোৱাৰ কাষ চাপিব পাৰিছোঁ আৰু তেওঁৰ লগত এটা ভাল সম্পৰ্ক গঢ়ি তুলিব পাৰিছোঁ। এই সকলো আমাৰ বাবে সন্মানৰ বিষয় হয়। যিহোৱাৰ লগত আমাৰ সম্পৰ্ক বজাই ৰাখিবলৈ আমি যিকোনো এৰিবলৈ সাজু আছোঁ। সঁচাকৈ, যিহোৱাক ‘আনন্দ’ কৰি আমি যি আনন্দ লাভ কৰোঁ, সেই আনন্দ আন কোনো বস্তুৱে আমাক দিব নোৱাৰে!—কল. ১:১০.

১০-১১. মাইকেলে কিয় ইমান ডাঙৰ সলনি কৰিব পাৰিলে?

১০ আমাৰ মাজৰ বহুতো লোকে যিহোৱাক আনন্দিত কৰিবলৈ বহুতো ত্যাগ কৰিছে। হয়তো জগতত আমাৰ এটা ভাল নাম আছিল, ভাল কেৰিয়াৰ আছিল বা আমি বহুতো টকা-পইচা অৰ্জন কৰিছিলোঁ। কিন্তু যেতিয়াৰ পৰা আমি যিহোৱাৰ বিষয়ে শিকিলোঁ, তেতিয়াৰ পৰা আমি যিহোৱাক আনন্দিত কৰিবলৈ ধৰিলোঁ আৰু এই কামবোৰ এৰি দিলোঁ। কিছুমানে নিজৰ জীৱনো সলনি কৰিলে। মাইকেল নামৰ ভাইজনে এইদৰেই কৰিলে। আৰম্ভণিতে তেওঁ সত্যৰ বিষয়ে জনা নাছিল। যেতিয়া তেওঁ ডেকা আছিল, তেতিয়া তেওঁ কাৰাটেৰ ট্ৰেইনিং লৈছিল। তেওঁ এইদৰে কৈছিল, “মই শাৰিৰীকভাৱে সুস্থ হʼবলৈ দিনে-ৰাতিয়েই ব্যায়াম কৰিছিলোঁ। মই বহু বাৰ ভাবিছিলোঁ যে কোনেও মোক পৰাজয় কৰিব নোৱাৰে।” কিন্তু যেতিয়া ভাই মাইকেলে যিহোৱাৰ সাক্ষীসকলৰ লগত বাইবেল অধ্যয়ন কৰিবলৈ ধৰিলে, তেতিয়া তেওঁ শিকিলে যে যিহোৱাই হিংসাক ঘিণ কৰে। (গীত. ১১:৫) কিন্তু ভাই মাইকেলে এইদৰে কৈছে, “মই যি দম্পতীৰ লগত বাইবেল অধ্যয়ন কৰিছিলোঁ, তেওঁলোকে কেতিয়াও মোক কাৰাটে এৰিবলৈ কোৱা নাছিল। তেওঁলোকে মোক কেৱল বাইবেলৰ সত্যতা শিকাইছিল।”

১১ মাইকেলে যিমানেই যিহোৱাৰ বিষয়ে শিকিলে, সিমানেই তেওঁক প্ৰেম কৰিবলৈ ধৰিলে। যিহোৱাই নিজৰ লোকসকলক কিমান প্ৰেম কৰে আৰু তেওঁলোকৰ বিষয়ে কিমান চিন্তা কৰে, এই বিষয়ে জানি মাইকেলৰ হৃদয় স্পৰ্শ হʼল। কিছু সময়ৰ পাছত তেওঁ বুজি পালে যে তেওঁ কাৰাটে এৰিব লাগিব। কিন্তু এই নিৰ্ণয়ে তেওঁৰ জীৱন সলনি কৰিব। তেওঁ এইদৰে কৈছে, “এয়া মোৰ জীৱনৰ আটাইতকৈ কঠিন নিৰ্ণয় আছিল। মই জানিছিলোঁ যে যদি মই এই নিৰ্ণয় লওঁ, তেনেহʼলে যিহোৱা আনন্দিত হʼব। মই যিহোৱাক আনন্দিত কৰিবলৈ আৰু তেওঁৰ সেৱা কৰিবলৈ যিকোনো এৰিবলৈ সাজু আছিলোঁ।” মাইকেলে বুজি পালে যে তেওঁৰ বাবে সত্যতা কিমান মূল্যৱান হয়। সেইবাবে তেওঁ ইমান ডাঙৰ সলনি কৰিব পাৰিলে।—যাকো. ১:২৫.

বাইবেলৰ সত্যতা কিহৰ দৰে হয়? পোহৰ

বাইবেলৰ সত্যতাবোৰ পোহৰৰ দৰে হয়, যিয়ে এই অন্ধকাৰ জগতত আমাক সঠিক পথ দেখুৱায় (অনুচ্ছেদ ১২-১৩ চাওক)

১২-১৩. বাইবেলৰ সত্যতাই মাইলীৰ জীৱনত কেনেকৈ পোহৰ আনিলে?

১২ বাইবেলত এয়াও কোৱা হৈছে যে বাইবেলৰ সত্যতা পোহৰৰ নিচিনা হয়, যিয়ে আমাক আন্ধাৰতো সঠিক পথ দেখুৱায়। (গীত. ১১৯:১০৫; ইফি. ৫:৮) অজৰবাইজনত থকা মাইলী নামৰ ভনীগৰাকীয়ে যেতিয়া বাইবেলৰ পৰা সত্যতা শিকিলে, তেতিয়া এই অন্ধকাৰ জগতত তেওঁ পোহৰ পোৱা যেন হʼল। তেওঁৰ পিতৃ মুছলমান আছিল আৰু মাতৃ যিহূদী। তেওঁ এইদৰে কৈছে, “ঈশ্বৰ আছে নে নাই, এই প্ৰশ্ন মোৰ মনলৈ কেতিয়াও অহা নাছিল। কিন্তু মই সদায় চিন্তা কৰিছিলোঁ যে ঈশ্বৰে মানৱজাতিক কিয় সৃষ্টি কৰিছে? আমি গোটেই জীৱন দুখ-কষ্ট ভুগিবলৈ আৰু মৃত্যুৰ পাছত নৰকৰ জুইত যাতনা ভুগিবলৈ বনাইছে নেকি? লোকসকলে কৈছিল যে সকলো ঈশ্বৰৰ মতে হয়, সেইবাবে মই ভাবিছিলোঁ ‘মানুহ ঈশ্বৰৰ বাবে পুতলা হয় নেকি, তেওঁ মানুহক নচোৱাই থাকে আৰু আমি দুখ-কষ্ট ভুগি থকা দেখি আনন্দিত হয়?’”

১৩ ভনী মাইলীয়ে নিজৰ প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি থাকিল। পাছত তেওঁ বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলে আৰু যিহোৱাৰ সাক্ষী হʼল। তেওঁ এইদৰে কৈছে, “বাইবেলত মই যি পঢ়ি আছিলোঁ, সেইবোৰৰ প্ৰতি মোৰ বিশ্বাস হʼবলৈ ধৰিছিল। মই নিজৰ সকলো প্ৰশ্নৰ উত্তৰ পাবলৈ ধৰিলোঁ আৰু এতিয়া মোৰ মনত কোনো সন্দেহ নাছিল। এইদৰে মই শান্তিত থাকিব পাৰিলোঁ আৰু আনন্দিত হʼলোঁ।” ভনী মাইলীৰ দৰে আমিও বহুত আনন্দিত যে যিহোৱাই আমাক “আন্ধাৰৰ পৰা তেওঁৰ আচৰিত পোহৰলৈ আমন্ত্ৰণ কৰিলে।”—১ পিত. ২:৯.

১৪. বাইবেলৰ সত্যতাৰ প্ৰতি আমি নিজৰ প্ৰেম কেনেকৈ বঢ়াব পাৰিম? (“ বাইবেলৰ সত্যতা আৰু কিহৰ দৰে হয়?” নামৰ বক্স চাওক।)

১৪ বাইবেলৰ সত্যতা অতি মূল্যৱান হয় আৰু ইয়াৰ পৰা আমি বহুত লাভৱান হওঁ। আমি শিকিলোঁ যে এই সত্যতা এটা লঙ্গৰ, মূল্যৱান ধন আৰু পোহৰৰ নিচিনা হয়। বাইবেলৰ সত্যতাৰ তুলনা আৰু বহুতো বস্তুৰ লগত কৰা হৈছে। আপুনি যেতিয়া ব্যক্তিগত অধ্যয়ন কৰিব, তেতিয়া বাইবেলৰ সত্যতা আৰু কিহৰ লগত তুলনা কৰা হৈছে, তাৰ বিষয়ে অনুসন্ধান কৰিব পাৰে আৰু চিন্তা কৰিব পাৰে যে আপুনি বাইবেলৰ সত্যতাক কিয় প্ৰেম কৰে। এনে কৰিলে বাইবেলৰ সত্যতাৰ প্ৰতি আমাৰ প্ৰেম বাঢ়ি থাকিব আৰু যেতিয়া আমাৰ প্ৰেম বাঢ়িব, তেতিয়া আমি কি কৰিম?

যদি আপুনি সত্যতাক প্ৰেম কৰে, তেনেহʼলে আপুনি কি কৰিব?

১৫. যদি আপুনি সত্যতাক প্ৰেম কৰে, তেনেহʼলে আপুনি কি কৰিব?

১৫ যদি আমি সত্যতাক প্ৰেম কৰোঁ, তেন্তে আমি বাইবেল আৰু বাইবেল আধাৰিত কিতাপৰ পৰা নিয়মীয়াকৈ অধ্যয়ন কৰিম। আমি যিমানেই বছৰৰ পৰা সত্যত নাথাকোঁ কিয়, আমি অধ্যয়ন কৰিলে নতুন নতুন কথা শিকিব পাৰোঁ। ইংৰাজীৰ প্ৰথম প্ৰহৰীদুৰ্গত এইদৰে লিখা আছিল, ‘পৃথিৱীখন এখন জংঘলৰ নিচিনা হয়, যি বনৰীয়া ঘাঁহৰ দৰে সকলো ফালে বিয়পি আছে। কিন্তু সত্যতা, এপাহ ফুলৰ দৰে হয়, যি বনৰীয়া ঘাঁহৰ মাজত লুকাই আছে। প্ৰথমে আপুনি সেই ফুলক ভালদৰে বিচাৰিব লাগিব আৰু যেতিয়া আপুনি তাক পায়, তেতিয়া আপুনি তলত হাউলি চিঙিব লাগিব। কিন্তু সত্যতাৰ এপাহ ফুলতে সন্তুষ্ট হৈ নাথাকিব। বেছি ফুল বিচাৰি গোটাই থাকক।’ আপুনি মন দি অধ্যয়ন কৰিলে আপোনাৰ পৰিশ্ৰম ব্যৰ্থ নহʼব।

১৬. অধ্যয়ন কৰাৰ কোনটো পদ্ধতি আপুনি ভাল পায়? (হিতোপদেশ ২:৪-৬)

১৬ আমাৰ মাজৰ কিছুমান লোকক পঢ়ি বা অধ্যয়ন কৰি ভাল নালাগিবও পাৰে। আমি বাইবেলৰ সত্যতাবোৰ ‘বিচাৰি থকা’ আৰু “অনুসন্ধান” কৰাটো যিহোৱাই বিচাৰে, যাতে আমি সেইবোৰ আৰু ভালদৰে বুজিব পাৰোঁ। (হিতোপদেশ ২:৪-৬ পঢ়ক।) এইদৰে কৰিলে আমাৰ বহুতো লাভ হʼব। কʼৰী নামৰ ভাইজনে কৈছে যে তেওঁ বাইবেল পঢ়াৰ সময়ত কেনেকৈ প্ৰতিটো পদ বুজিবলৈ চেষ্টা কৰে। তেওঁ এইদৰে কৈছে, “বাইবেল পঢ়াৰ সময়ত মই পদৰ প্ৰতিটো ফোটনোট চাওঁ। তাৰ পাছত সেই পদৰ লগত জড়িত আন পদবোৰ পঢ়োঁ আৰু সেই পদৰ বিষয়ে যদি কোনো এখন প্ৰকাশনত বুজোৱা হৈছে, তেনেহʼলে সেয়াও পঢ়োঁ। এইদৰে পঢ়ি মই বহুতো নতুন কথা শিকিব পাৰিলোঁ।” আমি যেনেধৰণেই অধ্যয়ন নকৰোঁ কিয়, যদি আমি অধ্যয়ন কৰিবলৈ সময়ত উলিয়াওঁ আৰু পৰিশ্ৰম কৰোঁ, তেনেহʼলে আমি সত্যতাক প্ৰেম কৰোঁ বুলি দেখুৱাওঁ।—গীত. ১:১-৩.

১৭. সত্যতাৰ অনুসৰি জীৱন-যাপন কৰাৰ অৰ্থ কি? (যাকোব ১:২৫)

১৭ বাইবেলৰ সত্যতা অধ্যয়ন কৰাৰ উপৰিও আমি আৰু কিছুমান কাম কৰিব লাগিব। আমি সত্যতাৰ অনুসৰি জীৱন-যাপন কৰিব লাগিব। ইয়াৰ অৰ্থ হৈছে আমি যি সত্যতাবোৰ শিকিলোঁ, সেইবোৰ পালন কৰিব লাগিব, তেতিয়াহে আমি আনন্দিত থাকিব পাৰিম। (যাকোব ১:২৫ পঢ়ক।) আমি সত্যতাৰ অনুসৰি জীৱন-যাপন কৰিছোঁ নে নাই, সেয়া আমি কেনেকৈ জানিব পাৰিম? এজন ভায়ে কৈছিল যে আমি কোনটো দিশত সত্যতাৰ অনুসৰি জীৱন-যাপন কৰিছোঁ আৰু কোনটো বিষয়ত আমি শুধৰণি কৰাৰ প্ৰয়োজন আছে, তাৰ বিষয়ে আমি চিন্তা কৰিব পাৰোঁ। পাঁচনি পৌলেও এইদৰেই কৰিবলৈ কৈছিল। তেওঁ কৈছিল, “আমি যি পথে এইখিনি পালোঁহি, তাতেই চলোঁহঁক।”—ফিলি. ৩:১৬.

১৮. আমি ‘সত্যত চলি’ থাকিবলৈ কিয় চেষ্টা কৰা উচিত?

১৮ কল্পনা কৰকচোন, যেতিয়া আমি ‘সত্যত চলিবলৈ’ সম্পূৰ্ণৰূপে চেষ্টা কৰোঁ, তেতিয়া আমাৰ কিমান যে লাভ হয়! আমি এটা ভাল জীৱন-যাপন কৰিব পাৰোঁ, যিহোৱাক আনন্দিত কৰিব পাৰোঁ আৰু ইয়াৰ পৰা ভাই-ভনীসকলেও আনন্দিত হʼব। (হিতো. ২৭:১১; ৩ যোহ. ৪) গতিকে আহক আমি সত্যতাক প্ৰেম কৰোঁ আৰু তাৰ অনুসৰি জীৱন-যাপন কৰি থাকোঁ।

গীত ১৪৪ পুৰস্কাৰৰ ওপৰত দৃষ্টি ৰাখক!

^ আমি প্ৰায়ে বাইবেলৰ শিক্ষাবোৰক সত্যতা বুলি কওঁ। যেতিয়া এজন ব্যক্তিয়ে সেই শিক্ষাবোৰৰ অনুসৰি জীৱন-যাপন কৰে, তেতিয়া আমি কওঁ যে তেওঁ সত্য গ্ৰহণ কৰিলে। আমি কিছু বছৰৰ আগতে যিহোৱাৰ সাক্ষী হৈছোঁ বা বহু বছৰৰ আগতেই, আমি সকলোৱে চিন্তা কৰা উচিত যে আমি সত্যক কিয় প্ৰেম কৰোঁ। এইদৰে কৰিলে যিহোৱাক আনন্দিত কৰাৰ আমাৰ যি ইচ্ছা আছে, সেয়া আৰু দৃঢ় হʼব।