Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৩৯

আপোনজনাই যিহোৱাক এৰি গʼলে

আপোনজনাই যিহোৱাক এৰি গʼলে

“সিবিলাকে . . . তেওঁক কিমানবাৰ বেজাৰ দিলে!”—গীত. ৭৮:৪০.

গীত ১০২ দুৰ্বল লোকসকলক সহায় কৰক

লেখৰ এক আভাস *

১. কোনো এজন ব্যক্তিৰ বহিষ্কাৰ হʼলে তেওঁৰ পৰিয়ালৰ লোকসকলক কেনেকুৱা লাগে?

আপোনাৰ পৰিয়ালৰ কোনো সদস্যক মণ্ডলীৰপৰা বহিষ্কাৰ কৰা হৈছে নেকি? যদি হৈছে, তেনেহʼলে হয়তো আপুনি বৰ আঘাত পাইছে। হিল্ডা নামৰ ভনীগৰাকীৰ উদাহৰণলৈ মন কৰক। * তাই এইদৰে কৈছে, “বিয়াৰ ৪১ বছৰৰ পাছত যেতিয়া মোৰ স্বামীৰ মৃত্যু হৈছিল, তেতিয়া মই ভাবিছিলোঁ যে ইয়াতকৈ ডাঙৰ দুখ মোৰ হʼব নোৱাৰে। কিন্তু যেতিয়া মোৰ লʼৰাই মণ্ডলী এৰি দিছিল আৰু লগতে নিজৰ পত্নী আৰু সন্তানকো এৰি দিছিল, তেতিয়া মোৰ এই দুখ ধৈৰ্য্যৰ সীমাৰ বাহিৰত হৈছিল।”

যেতিয়া কোনো এজন ব্যক্তিয়ে যিহোৱাৰ সেৱা কৰিব এৰিবলৈ দিয়ে, তেতিয়া যিহোৱাই তেওঁৰ পৰিয়ালৰ দুখ বুজি পায় (অনুচ্ছেদ ২-৩ চাওক) *

২-৩. গীতমালা ৭৮:৪০, ৪১ পদৰ অনুসৰি কোনো এজন ব্যক্তিয়ে যিহোৱাক এৰি দিলে, তেওঁক কেনেকুৱা লাগে?

যিহোৱাই আপোনাৰ দুখ ভালদৰে বুজি পায়, কিয়নো তেৱোঁ এই দুখ পাৰ কৰি আহিছে। স্বৰ্গত তেওঁৰ কিছুমান পুত্ৰই তেওঁৰ বিৰোধ কৰিলে। (যিহূ. ৬) পৃথিৱীতো তেওঁৰ নিজৰ লোকসকলে তেওঁক বাৰে বাৰে দুখ দিছিল। (গীতমালা ৭৮:৪০, ৪১ পঢ়ক।) বৰ্তমান সময়তো যদি আপোনাৰ পৰিয়ালৰ কোনোবাই যিহোৱাক এৰি দিয়ে, তেন্তে তেওঁক বহুত দুখ লাগে। সেইবাবে, বিশ্বাস কৰক যে তেওঁ আপোনাক সহায় কৰিব আৰু সাহস দিব।

কিন্তু ইয়াৰ বাবে আপুনি প্ৰথমে কিছুমান পদক্ষেপ লʼব লাগিব। সেই পদক্ষেপবোৰৰ বিষয়ে এই লেখত কোৱা হʼব। এই লেখত এয়াও কোৱা হʼব যে মণ্ডলীৰ ভাই-ভনীসকলে আপোনাক কেনেকৈ সহায় কৰিব পাৰে? কিন্তু প্ৰথমে আহক আমি চাওঁ যে আপুনি কি কৰা উচিত নহয়।

নিজকে দোষ নিদিব

৪. সন্তানে যিহোৱাক এৰি দিলে পিতৃ-মাতৃকলক কেনেকুৱা লাগে?

যেতিয়া কোনো এজন সন্তানৰ বহিষ্কাৰ হয়, তেতিয়া পিতৃ-মাতৃয়ে প্ৰায়ে ভাবে যে মই মোৰ সন্তানক যিহোৱাৰ বিষয়ে ভালদৰে শিকোৱা হʼলে, এনে অৱস্থা নহʼলহেঁতেন। যেতিয়া লূক নামৰ ভাইৰ সন্তানৰ বহিষ্কাৰ হৈছিল, তেতিয়া তেওঁ এইদৰে কৈছিল, “হয়তো মোৰ বাবেই তেওঁৰ বহিষ্কাৰ হৈছে। মই বহুত বেয়া বেয়া সপোন দেখিছিলোঁ। বহুবাৰ কান্দিছিলোঁ।” ভনী এলিজাবেথৰ লগতো ঠিক এইদৰেই হৈছিল। তাই এইদৰে কৈছে, “মই মোৰ লʼৰাক ভালদৰে যিহোৱাৰ বিষয়ে শিকাই চোৱা-চিতা কৰা হʼলে তেওঁ যিহোৱাক এৰি নগʼলহেঁতেন।”

৫. এজন ব্যক্তিয়ে যিহোৱাক এৰি দিলে, তাত কাৰ ভুল থাকে?

মনৰ ৰাখক যিহোৱাই আমাক সকলোকে নিজৰ নিৰ্ণয়, নিজে লোৱাৰ অধিকাৰ দিছে। অৰ্থাৎ আমি যিহোৱাৰ সেৱা কৰিম নে নকৰিম, সেয়া আমি নিজে নিৰ্ণয় লʼব পাৰোঁ। (যিহো. ২৪:১৫) প্ৰায়ে দেখিবলৈ পোৱা যায় যে যিসকল লʼৰা-ছোৱালীৰ পিতৃ-মাতৃ সত্যত নাই, তেওঁলোকেও যিহোৱাৰ সেৱা কৰিবলৈ নিৰ্ণয় লয়। আনহাতে, এনে কিছুমান লʼৰা-ছোৱালী আছে, যিসকলক তেওঁলোকৰ পিতৃ-মাতৃয়ে যিহোৱাৰ বিষয়ে ভালদৰে শিকাইছে। তথাপি তেওঁলোকে যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিছে। গতিকে যদি আপোনাৰ লʼৰা-ছোৱালীয়ে যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিছে, তেনেহʼলে নিজকে দোষ নিদিব।

৬. পিতৃ বা মাতৃয়ে সত্য এৰি দিলে সন্তানসকলক কেনেকুৱা লাগে?

বহুবাৰ পিতৃ বা মাতৃৰ ভিতৰত কোনো এজনে যিহোৱা আৰু নিজৰ পৰিয়ালক এৰি দিয়ে। (গীত. ২৭:১০) সেইসময়ত সন্তানসকলৰ ওপৰত বেয়া প্ৰভাৱ পৰে। কিয়নো তেওঁলোকে নিজৰ পিতৃ-মাতৃক বহুত প্ৰেম কৰে আৰু সন্মান কৰে। যেতিয়া এষ্টেৰ নামৰ ভনীগৰাকীৰ দেউতাৰ বহিষ্কাৰ হৈছিল, তেতিয়া তাইৰ লগতো এইদৰেই হৈছিল। তাই এইদৰে কৈছে, “মই বহুত কান্দিছিলোঁ, মই বুজি পাইছিলোঁ যে দেউতাই কেৱল সত্য এৰি যোৱা নাই, তেওঁ যিহোৱাক সম্পূৰ্ণৰূপে এৰি দিলে। মই তেওঁক বহুত প্ৰেম কৰোঁ। সেইবাবে, কেতিয়াবা কেতিয়াবা চিন্তিত হৈ পৰোঁ যে তেওঁৰ কি হʼব। বহুবাৰ মই ভয়ো কৰিছিলোঁ।”

৭. যিসকল লʼৰা-ছোৱালীৰ পিতৃ বা মাতৃৰ বহিষ্কাৰ হৈছে, যিহোৱাই তেওঁলোকৰ বিষয়ে কেনে অনুভৱ কৰে?

সন্তানসকল, যদি আপোনাৰ পিতৃ বা মাতৃৰ বহিষ্কাৰ হৈছে, তেনেহʼলে আপোনালোকক দুখত থকা দেখি আমাকো দুখ লাগে। বিশ্বাস কৰক যিহোৱাই আপোনালোকৰ দুখ ভালদৰে বুজি পায়। যিহোৱাই আপোনালোকক প্ৰেম কৰে আৰু এই সময়তো আপুনি যিহোৱাৰ বিশ্বাসী হৈ থাকিবলৈ চেষ্টা কৰাৰ বাবে তেওঁ বৰ আনন্দিত হয়। এয়া দেখি আমিও আনন্দিত হওঁ। মনত ৰাখক যে আপোনাৰ পিতৃ-মাতৃয়ে যি নিৰ্ণয় লʼলে, তাত আপোনাৰ কোনো ভুল নাই। আমি আগতে কথা পাতিছিলোঁ যে যিহোৱাই সকলোকে নিজৰ নিৰ্ণয় নিজে লʼবলৈ অধিকাৰ দিছে। প্ৰতিজন খ্ৰীষ্টানে “নিজে নিজৰ ভাৰ বব” লাগিব।—গালা. ৬:৫.

৮. এজন ব্যক্তিৰ বহিষ্কাৰ হʼলে তেওঁৰ পৰিয়ালৰ লোকসকলে কি কৰিব পাৰে? (“ যিহোৱাৰ ওচৰলৈ উভতি আহক” নামৰ বক্স পঢ়ক।)

যদি আপোনাৰ পৰিয়ালৰ কোনো ব্যক্তিয়ে যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিছে, তেনেহʼলে তেওঁ এদিন নহয় এদিন উভতি আহিব বুলি আপুনি নিশ্চয় আশা ৰাখে। কিন্তু তেতিয়ালৈকে আপুনি নিজৰ বিশ্বাস মজবুত কৰিবলৈ পৰিশ্ৰম কৰি থাকিব পাৰে। আপোনাৰ ভাল উদাহৰণৰপৰা পৰিয়ালৰ লোকসকলে শিকিব আৰু বহিষ্কাৰ হোৱা ব্যক্তিজনেও শিকিব। এইদৰে কৰিলে এই দুখজনক পৰিস্থিতিৰ সন্মুখীন হʼবলৈ আপুনি শক্তি লাভ কৰিব। কিন্তু এতিয়া আহক আপুনি নিজৰ বিশ্বাস মজবুত কৰিবলৈ কি পদক্ষেপ লʼব পাৰে, তাৰ বিষয়ে আলোচনা কৰোঁ।

আপুনি নিজৰ বিশ্বাস কেনেকৈ মজবুত কৰিব পাৰে?

৯. আপুনি নিজৰ বিশ্বাস কেনেকৈ বঢ়াব পাৰে? (“ উৎসাহিত কৰা বাইবেলৰ পদবোৰ” নামৰ বক্স পঢ়ক।)

উপাসনাৰ লগত জড়িত থকা কামবোৰ কৰি থাকক। উদাহৰণস্বৰূপে, প্ৰতিদিনে বাইবেল পঢ়ক, তাৰ ওপৰত ধ্যান কৰক আৰু নিয়মীয়াকৈ সভাত উপস্থিত হওক। এইদৰে কৰিলে আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ বিশ্বাস মজবুত হʼব। ভনী জয়ানাৰ উদাহৰণলৈ মন কৰক। তাইৰ দেউতা আৰু ভনীয়ে সত্য এৰি দিছিল। তাই এইদৰে কৈছে, “বাইবেলত মই অবীগল, ইষ্টেৰ, ইয়োব, যোচেফ, যীচু আৰু আন লোকসকলৰ বিষয়ে পঢ়ি মই বৰ শান্তি লাভ কৰোঁ। মই ভাল ভাল কথাবোৰলৈ ধ্যান দিব পাৰোঁ। ব্ৰʼডকাষ্টিঙৰ গীতবোৰ শুনিও মই বৰ সাহস লাভ কৰোঁ।”

১০. গীতমালা ৩২:৬-৮ পদৰ অনুসৰি আপুনি নিজৰ দুখ সহন কৰিবলৈ কি কৰা উচিত?

১০ যিহোৱাক নিজৰ মনৰ সকলো কথা খুলি কওক। আপুনি যিমানেই নিৰাশ নহওক কিয়, যিহোৱালৈ প্ৰাৰ্থনা কৰিবলৈ কেতিয়াও নেৰিব। আপুনি পৰিস্থিতিক যিহোৱাৰ দৃষ্টিভংগীৰে চাবলৈ সহায় বিচাৰি তেওঁলৈ প্ৰাৰ্থনা কৰিব পাৰে। যিহোৱাই যাতে আপোনাক বুদ্ধি দিয়ে আৰু আপুনি ‘যাব লগীয়া পথ দেখুৱায়,’ তাৰ বাবেও তেওঁলৈ প্ৰাৰ্থনা কৰিব পাৰে। (গীতমালা ৩২:৬-৮ পঢ়ক।) হয়তো আপুনি যিহোৱাক এই বিষয়ে কওঁতে আপোনাৰ সেই সকলো কথা মনত পৰিব পাৰে। কিন্তু বিশ্বাস কৰক যিহোৱাই আপোনাৰ দুখ বুজি পায়। তেওঁ আপোনাক বহুত প্ৰেম কৰে আৰু আপুনি তেওঁক নিজৰ মনৰ কথা জনোৱাটো তেওঁ বিচাৰে।—যাত্ৰা. ৩৪:৬; গীত. ৬২:৭, ৮.

১১. ইব্ৰী ১২:১১ পদৰ অনুসৰি বহিষ্কাৰ কৰা ব্যৱস্থাক আমি কিয় সহযোগ কৰা উচিত? (“ বহিষ্কাৰ কৰাৰ ব্যৱস্থা—যিহোৱাৰ প্ৰেমৰ প্ৰমাণ” নামৰ বক্স পঢ়ক।)

১১ প্ৰাচীনসকলৰ নিৰ্ণয়ত সহযোগ কৰক। কোনো এজন ব্যক্তিক বহিষ্কাৰ কৰাটো যিহোৱাৰ ব্যৱস্থা হয় আৰু এই ব্যৱস্থাত যিহোৱাৰ প্ৰেম দেখিবলৈ পোৱা যায়। এই ব্যৱস্থাৰ বাবে সকলোৰে লাভ হয় আৰু লগতে পাপ কৰা ব্যক্তিজনৰো লাভ হয়। (ইব্ৰী ১২:১১ পঢ়ক।) মণ্ডলীৰ কিছুমান লোকে হয়তো পাপ কৰা ব্যক্তিজনৰ ভুলটো চোৱাৰ পৰিৱৰ্তে প্ৰাচীনৰ নিৰ্ণয়ত ভুল-ত্ৰুটি বিচাৰিব পাৰে। কিন্তু আমি মনত ৰখা উচিত যে আমি সকলো কথা নাজানোঁ। সেইবাবে, আমি প্ৰাচীনসকলৰ ওপৰত ভৰসা কৰা উচিত। তেওঁলোকে বাইবেলৰ সিদ্ধান্তৰ আধাৰত নিৰ্ণয় লয় আৰু “যিহোৱাৰ নিমিত্তেহে বিচাৰ” কৰে।—২ বং. ১৯:৬.

১২. যেতিয়া ভাই-ভনীসকলে বহিষ্কাৰ কৰা ব্যৱস্থাক সহযোগ কৰিলে, তেতিয়া কি হʼল?

১২ যেতিয়া আমি প্ৰাচীনসকলৰ নিৰ্ণয়ত সহযোগ কৰোঁ, তেতিয়া আমি বহিষ্কাৰ হোৱা ব্যক্তিজনক যিহোৱাৰ কাষ চাপিবলৈ সহায় কৰাৰ দৰে হয়। ওপৰত উল্লেখ কৰা ভনী এলিজাবেথে এইদৰে কৈছে, “নিজৰ লʼৰাৰ লগত সম্পূৰ্ণৰূপে সম্পৰ্ক নৰখাটো মোৰ বাবে কঠিন আছিল। কিন্তু ইয়াৰ ভাল পৰিণাম হʼল। তাই কৈছে যে মোৰ লʼৰাই যিহোৱাৰ ওচৰলৈ উভতি অহাৰ পাছত কৈছে যে প্ৰাচীনসকলে তেওঁক বহিষ্কাৰ কৰি ভালেই কৰিলে। তেওঁ এয়াও কৈছে সেইসময়ছোৱাত তেওঁ বহুতো গুৰুত্বপূৰ্ণ শিক্ষা শিকিলে। মই এই কথা বুজি পালোঁ যে যিহোৱাই যেতিয়া শুধৰণি কৰে, তেতিয়া সেই ব্যক্তিজনৰে লাভ হয়।” তাইৰ স্বামী মাৰ্কে এইদৰে কৈছে, “মোৰ লʼৰাই পাছত কৈছিল যে তেওঁ যিহোৱাৰ ওচৰলৈ উভতি অহাৰ আৰু এটা কাৰণ হৈছে আমি তেওঁৰ লগত একেবাৰে সম্পৰ্ক ৰখা নাছিলোঁ আৰু কথাও পতা নাছিলোঁ। মই অতি আনন্দিত যে যিহোৱাই আমাক তেওঁৰ আজ্ঞা পালন কৰিবলৈ শক্তি দিলে।”

১৩. আপুনি নিজৰ দুখৰপৰা ওলাই আহিবলৈ কি কৰিব পাৰে?

১৩ আপোনাৰ দুখ বুজি পোৱা বন্ধুসকলৰ লগত কথা পাতক। অভিজ্ঞ ভাই-ভনীসকলৰ লগত সময় অতিবাহিত কৰক। এইদৰে কৰিলে আপুনি তেওঁলোকৰ কথা-বতৰাৰপৰা উৎসাহ লাভ কৰিব। (হিতো. ১২:২৫; ১৭:১৭) ওপৰত উল্লেখ কৰা ভনী জয়ানাই এইদৰে কৈছে, “মই অকলশৰীয়া অনুভৱ কৰিছিলোঁ। কিন্তু যেতিয়া মই বন্ধুসকলৰ লগত সময় অতিবাহিত কৰিলোঁ, তেতিয়া তেওঁলোকৰপৰা মই বৰ উৎসাহিত হʼলোঁ।” কিন্তু মণ্ডলীৰ কোনোবাই যদি এনে কথা কয় যাৰপৰা আপোনাৰ দুখ আৰু বাঢ়ি যায়, তেনেহʼলে আপুনি কি কৰা উচিত?

১৪. আমি ভাই-ভনীসকলক কিয় ক্ষমা কৰা উচিত?

১৪ ভাই-ভনীসকলৰ লগত ধৈৰ্য্যেৰে ব্যৱহাৰ কৰক। সকলোৱে সদায় উৎসাহজনক কথা নকʼবও পাৰে। (যাকো. ৩:২) আমি সকলোৱে অসিদ্ধ হয়। সেইবাবে, কিছুমান ভাই-ভনীয়ে কেতিয়াবা বুজি নাপাবও পাৰে যে তেওঁলোকে কি কʼব লাগে বা তেওঁলোকে হয়তো অজানিতে আপোনাক আঘাত লগাকৈ কথা কʼব পাৰে। এনে পৰিস্থিতিত পাঁচনি পৌলৰ পৰামৰ্শটো মনত ৰাখক, “তোমালোক পৰস্পৰ সহনীয় হোৱা; আৰু যদি কোনো জনৰ বিৰুদ্ধে কোন জনৰ দোষ দিবৰ কাৰণ থাকে, তেন্তে পৰস্পৰে ক্ষমা কৰা।” (কল. ৩:১৩) পৰিয়ালৰ সম্পৰ্কীয় লোকৰ বহিষ্কাৰ হোৱা এগৰাকী ভনীয়ে এইদৰে কৈছে, “বহুবাৰ ভাই-ভনীসকলে মোক উৎসাহিত কৰিব বিচাৰিছিল। কিন্তু তেওঁলোকে অজানিতে মোক আঘাত দিছিল। যিহোৱাৰ সহায়ত মই তেওঁলোকক সহায় কৰিব পাৰিলোঁ।” এতিয়া আহক চাওঁ যিসকলৰ পৰিয়ালৰ কোনো লোকক বহিষ্কাৰ কৰা হৈছে, সেই পৰিয়ালক মণ্ডলীয়ে কেনেকৈ সহায় কৰিব পাৰে?

মণ্ডলীৰ ভাই-ভনীয়ে সহায় কৰিব পাৰে

১৫. যেতিয়া কাৰোবাৰ বহিষ্কাৰ হয়, তেতিয়া আমি তেওঁৰ পৰিয়ালক কেনেকৈ সহায় কৰিব পাৰোঁ?

১৫ বহিষ্কাৰ হোৱা ব্যক্তিজনৰ পৰিয়ালৰ লগত প্ৰেমেৰে ব্যৱহাৰ কৰক। যেতিয়া ভনী মিৰিয়ামৰ ভায়েকৰ বহিষ্কাৰ হৈছিল, তেতিয়া তাই সভালৈ যাবলৈ ভয় কৰিছিল। তাই এইদৰে কৈছে, “লোকসকলে কি কʼব বুলি মই চিন্তিত আছিলোঁ। কিন্তু মণ্ডলীত এনে ভাই-ভনীসকলেও আছিল, যিসকলে মোৰ ভাই বহিষ্কাৰ হোৱাৰ বাবে দুখত আছিল। তেওঁলোকৰ বাবে এই কঠিন পৰিস্থিতিত মই অকলশৰীয়া অনুভৱ কৰা নাছিলোঁ।” আন এগৰাকী ভনীয়ে এইদৰে কৈছে, “যেতিয়া মোৰ লʼৰাৰ বহিষ্কাৰ হৈছিল, তেতিয়া বহুতো ভাই-ভনীয়ে মোক উৎসাহিত কৰিবলৈ আহিছিল। কিছুমান ভাই-ভনীয়ে বুজি পোৱা নাছিল যে তেওঁলোকে কি কʼব, তথাপি তেওঁলোকে আহিছিল। কিছুমান ভাই-ভনীয়ে মোৰ লগত কান্দিছিল আৰু আন কিছুমানে মোক উৎসাহিত কৰিবলৈ বহুতো চিঠি লিখিছিল। তেওঁলোকৰপৰা মই বহুত উৎসাহ লাভ কৰিলোঁ।”

১৬. বহিষ্কৃত হোৱা ব্যক্তিৰ পৰিয়ালক মণ্ডলীয়ে কি কি উপায়েৰে সহায় কৰি থকাৰ প্ৰয়োজন আছে?

১৬ বহিষ্কাৰ হোৱা ব্যক্তিৰ পৰিয়ালক সহায় কৰি থাকক। বহুবাৰ দেখিবলৈ পোৱা যায় যে মণ্ডলীৰ ভাই-ভনীসকলে বহিষ্কাৰ হোৱা ব্যক্তিৰ লগতে তেওঁৰ পৰিয়ালৰ লগতো কথা পাতিবলৈ বন্ধ কৰি দিয়ে। কিন্তু আমি এনে কৰা উচিত নহয়। বিশেষকৈ এই সময়ত তেওঁলোকক আমাৰ উৎসাহৰ অতি প্ৰয়োজন হয়। (ইব্ৰী ১০: ২৪, ২৫) যিসকলৰ পিতৃ বা মাতৃয়ে যিহোৱাক এৰি দিছে, তেওঁলোকৰ সন্তানক উৎসাহিত কৰাটো অতি প্ৰয়োজন। আমি তেওঁলোকক সাহস দিব পাৰোঁ আৰু প্ৰসংশা কৰিব পাৰোঁ। যেতিয়া মাৰিয়া নামৰ ভনীৰ স্বামী বহিষ্কাৰ হৈছিল আৰু তেওঁ পত্নী আৰু লʼৰা-ছোৱালীক এৰি থৈ গৈছিল, তেতিয়া মাৰিয়াই ভাই-ভনীসকলৰপৰা বহুত সহায় লাভ কৰিলে। তাই এইদৰে কৈছে, “কিছুমান ভাই-ভনীয়ে ঘৰত আহি আহাৰ ৰান্ধিছিল আৰু লৰা-ছোৱালীক অধ্যয়ন কৰিবলৈ মোক সহায় কৰিছিল। তেওঁলোকে মোৰ দুখ বুজি পাইছিল আৰু মোৰ লগত কান্দিছিল। লোকসকলে মোৰ বিষয়ে মিছা কথা কোৱাৰ সময়তো তেওঁলোকে মোৰ ফলীয়া হৈ কৈছিল। সঁচাকৈ ভাই-ভনীসকলৰপৰা মই বহুত উৎসাহ লাভ কৰিলোঁ।”—ৰোম. ১২:১৩, ১৫.

মণ্ডলীৰ ভাই-ভনীসকলে বহিষ্কৃত হোৱা ব্যক্তিৰ পৰিয়ালক সহায় কৰিব পাৰে (অনুচ্ছেদ ১৭ চাওক) *

১৭. দুখত থকা ভাই-ভনীসকলক প্ৰাচীনে কেনেকৈ সহায় কৰিব পাৰে?

১৭ প্ৰাচীনসকল, আপোনালোকে যেতিয়াই সুযোগ পায় বহিষ্কৃত হোৱা ব্যক্তিৰ পৰিয়ালক উৎসাহিত কৰক আৰু বিশেষকৈ তেওঁলোকক উৎসাহিত কৰাৰ দায়িত্ব আপোনালোকৰ হয়। (১ থিচ. ৫:১৪) সভাৰ আগত আৰু পাছত তেওঁলোকৰ লগত কথা পাতক। তেওঁলোকৰ ঘৰত লগ কৰিবলৈ যাওক আৰু তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰক। তেওঁলোকৰ লগত প্ৰচাৰ কৰক আৰু নিজৰ পাৰিবাৰীক উপাসনাত তেওঁলোকক মাতক। প্ৰাচীনে দুখত থকা লোকসকলক ধ্যান দিয়া উচিত আৰু তেওঁলোকৰ লগত প্ৰেম আৰু দয়াৰে ব্যৱহাৰ কৰা উচিত।—১ থিচ. ২:৭, ৮.

হাৰ নামানি যিহোৱাৰ ওপৰত ভৰসা কৰক

১৮. দ্বিতীয় পিতৰ ৩: ৯ পদৰ অনুসৰি পাপ কৰা ব্যক্তিৰপৰা যিহোৱাই কি বিচাৰ?

১৮ ‘কোনো যেন বিনষ্ট নহয়, কিন্তু সকলো যেন মন-পালটন’ কৰি যিহোৱাৰ ওচৰলৈ উভতি অহাটো তেওঁ বিচাৰে। (২ পিতৰ ৩:৯ পঢ়ক।) এজন ব্যক্তিয়ে যিমানেই গভীৰ পাপ নকৰক কিয় যিহোৱাৰ দৃষ্টিত সেই পাপ কৰা ব্যক্তিৰ জীৱনো অতি মূল্যৱান হয়। যিহোৱাই সকলোৰ বাবে অৰ্থাৎ পাপ কৰা ব্যক্তিজনৰ বাবেও নিজৰ প্ৰিয় পুত্ৰৰ জীৱন বলিদান দিলে। সেইবাবে, তেওঁলোকে পুনৰ যিহোৱাৰ ওচৰলৈ উভতি আহিবলৈ যিহোৱাই তেওঁলোকক সহায় কৰে। যীচুৱে দিয়া বিদ্ৰোহী পুত্ৰৰ উদাহৰণৰপৰা বুজিব পাৰি যে যিহোৱাই সেই লোকসকলৰ বাট চাই থাকে, যিসকলে তেওঁৰপৰা আঁতৰি গৈছে। (লূক ১৫:১১-৩২) যিসকল লোকে যিহোৱাৰ ওচৰলৈ উভতি আহে, তেওঁলোকক মণ্ডলীৰ ভাই-ভনীয়ে আনন্দেৰে আদৰণি জনায়। ওপৰত উল্লেখ কৰা ভনী এলিজাবেথৰ লʼৰাই যেতিয়া যিহোৱাৰ ওচৰলৈ উভতি আহিছিল, তেতিয়া তাই বৰ আনন্দিত আছিল। তাই এইদৰে কৈছে, “যি ভাই-ভনীসকলে মোক উৎসাহিত কৰিছিল, মই তেওঁলোকৰ প্ৰতি অতি কৃতজ্ঞ। তেওঁলোকৰ বাবে মই হাৰ নামানিলোঁ।”

১৯. আমি যিহোৱাৰ ওপৰত কিয় ভৰসা কৰিব পাৰোঁ?

১৯ আমি সদায় যিহোৱাৰ ওপৰত ভৰসা কৰিব পাৰোঁ। আমাৰ হানি হোৱা কোনো কাম তেওঁ কেতিয়াও কৰিব নকয়। তেওঁ উদাৰশীল আৰু কৃপা কৰা পিতৃ হয়। যিসকল লোকে তেওঁক প্ৰেম কৰে আৰু তেওঁৰ উপাসনা কৰে, সেই লোকসকলক যিহোৱাই বহুত প্ৰেম কৰে। সেইবাবে, বিশ্বাস কৰক কঠিন পৰিস্থিতিত যিহোৱাই আপোনাক কেতিয়াও এৰি নিদিব। (ইব্ৰী ১৩:৫, ৬) ওপৰত উল্লেখ কৰা ভাই মাৰ্কে এইদৰে কৈছে, “যিহোৱাই কেতিয়াও আমাক এৰি দিয়া নাছিল। তেওঁ সমস্যাৰ সময়তো আমাৰ লগত আছিল।” যিহোৱাই আপোনাকো “শক্তিৰ বাহুল্যতা” দিব, যি সাধাৰণ মানুহৰ শক্তিতকৈ বহুগুণে বেছি হয়। (২ কৰি. ৪:৭) যেতিয়া আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ বহিষ্কাৰ হয়, তেতিয়াও আপুনি যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰে আৰু পুনৰ সেই ব্যক্তিজন যিহোৱাৰ ওচৰলৈ ঘূৰি অহাৰ আশা ৰাখিব পাৰে।

গীত ৪৪ দৰিদ্ৰ লোকৰ প্ৰাৰ্থনা

^ অনু. 5 পৰিয়ালৰ কোনো সদস্যই যেতিয়া যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিয়ে, তেতিয়া আমাক বহুত দুখ লাগে। এইদৰে হʼলে যিহোৱাই কেনে অনুভৱ কৰে তাৰ বিষয়ে আমি এই লেখত আলোচনা কৰিম। ইয়াৰ উপৰিও আমি এই বিষয়ে আলোচনা কৰিম যে পৰিয়ালৰ লোকে এই দুখ কেনেকৈ সহন কৰিব পাৰে আৰু নিজৰ বিশ্বাস কেনেকৈ মজবুত কৰিব পাৰে। আমি এই বিষয়েও আলোচনা কৰিম যে মণ্ডলীৰ ভাই-ভনীসকলে পৰিয়ালক কেনেকৈ সহায় কৰিব পাৰে।

^ অনু. 1 এই লেখত কিছুমান নাম সলনি কৰা হৈছে।

^ অনু. 79 ছবিৰ বিষয়ে: যেতিয়া এজন ভায়ে যিহোৱা আৰু নিজৰ পৰিয়ালক এৰি দিয়ে, তেতিয়া তেওঁৰ পত্নী আৰু সন্তানসকলে বহুত দুখ অনুভৱ কৰে।

^ অনু. 81 ছবিৰ বিষয়ে: মণ্ডলীৰ দুজন প্ৰাচীনে এগৰাকী ভনীৰ ঘৰলৈ গৈ তাইক আৰু তাইৰ লʼৰা-ছোৱালীক উৎসাহিত কৰিছে।