Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৩৫

বৃদ্ধ ভাই-ভনীসকলক মূল্যৱান বুলি গণ্য কৰক

বৃদ্ধ ভাই-ভনীসকলক মূল্যৱান বুলি গণ্য কৰক

“পকা কেশ শোভাৰ কিৰীটিস্বৰূপ।”—হিতো. ১৬:৩১.

গীত ১৩৮ পকা চুলিৰ সৌন্দৰ্য্যতা

লেখৰ এক আভাস *

১-২. (ক) হিতোপদেশ ১৬:৩১ পদৰ অনুসৰি আমি বৃদ্ধ ভাই-ভনীসকলক কি হিচাপে গণ্য কৰা উচিত? (খ) এই লেখত আমি কি তিনিটা প্ৰশ্নৰ ওপৰত আলোচনা কৰিম?

আমেৰিকাৰ এখন পাৰ্কত মাটিতে হীৰা পৰি থাকে। কিন্তু তাৰ লোকসকলে সেইবোৰলৈ ধ্যান নিদিয়ে। কিয়নো সেইবোৰ দেখিবলৈ শিলৰ নিচিনা আৰু কোনো পলিচ কৰা নাথাকে।

আমাৰ বৃদ্ধ ভাই-ভনীসকল সেই মূল্যৱান হীৰাৰ নিচিনা হয়। বাইবেলত কোৱা হৈছে যে তেওঁলোকৰ পকা চুলি কিৰীটি অৰ্থাৎ মুকুটৰ নিচিনা হয়। (হিতোপদেশ ১৬:৩১ পঢ়ক; ২০:২৯) আমি হয়তো তেওঁলোকক কেতিয়াবা আওকাণ কৰিব পাৰোঁ। কিন্তু আমি তেওঁলোকক আদৰ আৰু সন্মান কৰা উচিত। যদি ডেকা ভাই-ভনীসকলে তেওঁলোকক মূল্যৱান বুলি গণ্য কৰে, তেনেহʼলে তেওঁলোকে বৃদ্ধ ভাই-ভনীসকলৰপৰা বহুতো কথা শিকিব পাৰিব। এই লেখত আমি তিনিটা প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। বৃদ্ধ ভাই-ভনীসকলক যিহোৱাই কিয় মূল্যৱান বুলি গণ্য কৰে? যিহোৱাৰ সংগঠনত তেওঁলোকৰ গুৰুত্বতা কি? তেওঁলোকৰপৰা শিকিবলৈ আমি কি কৰিব লাগিব?

বৃদ্ধ ভাই-ভনীসকলক যিহোৱাই কিয় মূল্যৱান বুলি গণ্য কৰে?

যিহোৱা আৰু আমাৰ বাবে বৃদ্ধ ভাই-ভনীসকল অতি মূল্যৱান হয় (অনুচ্ছেদ ৩ চাওক)

৩. গীতমালা ৯২:১২-১৫ পদৰ অনুসৰি যিহোৱাই বৃদ্ধ ভাই-ভনীসকলক কিয় মূল্যৱান বুলি গণ্য কৰে?

আমাৰ বৃদ্ধ ভাই-ভনীসকল যিহোৱাৰ দৃষ্টিত বহুত মূল্যৱান হয়। যিহোৱাই জানে যে তেওঁলোকৰ বহুত ভাল ভাল গুণ আছে। যেনে, তেওঁলোকে বহুবছৰ ধৰি যিহোৱাৰ সেৱা কৰি আছে, সেইবাবে তেওঁলোকৰ বহুতো বুদ্ধি আছে। গতিকে যেতিয়া তেওঁলোকে লʼৰা-ছোৱালী আৰু ডেকাসকলক ভাল ভাল পৰামৰ্শ দিয়ে, তেতিয়া যিহোৱাই আনন্দিত হয়। (ইয়ো. ১২:১২; হিতো. ১:১-৪) যিহোৱা ঈশ্বৰে এয়াও জানে যে তেওঁলোকে গোটেই জীৱনজুৰি ধৈৰ্য্য ধৰিছে। (মলা. ৩:১৬) বৃদ্ধ ভাই-ভনীসকলে জীৱনত বহুতো সমস্যাৰ সত্বেও যিহোৱাৰ ওপৰত নিজৰ বিশ্বাস দৃঢ় কৰি ৰাখিছে। সেইবাবে, তেওঁলোকৰ নতুন পৃথিৱীৰ আশা আগতকৈ বেছি দৃঢ় হৈছে। তেওঁলোকে “বৃদ্ধ কালতো” যিহোৱাৰ নাম প্ৰশংসা কৰিছে। সেইবাবে, যিহোৱাই তেওঁলোকক বহুত প্ৰেম কৰে।গীতমালা ৯২:১২-১৫ পঢ়ক।

৪. বৃদ্ধ ভাই-ভনীসকলে কি কথাৰপৰা উৎসাহ লাভ কৰে?

যদি আপুনি বৃদ্ধ ভাই বা ভনী হয়, তেনেহʼলে বিশ্বাস কৰিব পাৰে যে আপুনি যিহোৱাৰ সেৱাত যি কৰিলে, সেয়া যিহোৱাই কেতিয়াও নাপাহৰে। (ইব্ৰী ৬:১০) আপুনি হয়তো উৎসাহেৰে প্ৰচাৰ কৰিলে, সমস্যাৰ সময়তো ধৈৰ্য্য ধৰিলে, বাইবেলৰ সিদ্ধান্তৰ অনুসৰি জীৱন-যাপন কৰিলে, যিহোৱাৰ সংগঠনত বহুতো দায়িত্ব পালন কৰিলে আৰু আপুনি আনকো নতুন কাম শিকালে। যেতিয়া সংগঠনত কিবা সাল-সলনি কৰা হয়, তেতিয়া আপুনি তাৰ অনুসৰি কাম কৰিলে। পূৰ্ণ সময়ৰ সেৱা কৰা ভাই-ভনীসকলক উৎসাহিত কৰিলে। আপুনি বিশ্বাসী হৈ থকাৰ বাবে যিহোৱা অতি আনন্দিত আৰু তেওঁ আপোনাক বহুত প্ৰেম কৰে। তেওঁ প্ৰতিজ্ঞা কৰিছে যে তেওঁ “নিজ সাধুবিলাকক পৰিত্যাগ” নকৰিব। (গীত. ৩৭:২৮) তেওঁ এয়াও কৈছে, “চুলি পকা কাললৈকে ময়েই তোমালোকক বম।” (যিচ. ৪৬:৪) যদি আপুনি বৃদ্ধ হৈছে, তেনেহʼলে সংগঠনত আপোনাৰ প্ৰয়োজন নাই বুলি নাভাবিব। সংগঠনত আপোনাৰ বহুত গুৰুত্বতা আছে।

যিহোৱাৰ সংগঠনত বৃদ্ধ ভাই-ভনীৰ গুৰুত্বতা আছে

৫. বৃদ্ধ ভাই-ভনীসকলে কি কথা মনত ৰখা উচিত?

যদিও আজি বৃদ্ধ ভাই-ভনীসকলৰ আগৰ সমান শক্তি নাই, তথাপি তেওঁলোকৰ বহুতো অভিজ্ঞতা আছে। সেইবাবে, তেওঁলোকে যিহোৱাৰ সংগঠনত এতিয়াও বহুতো কাম কৰিব পাৰে। আহক ইয়াৰ বিষয়ে আৰু ভালদৰে জানিবলৈ প্ৰাচীন সময়ৰ আৰু বৰ্তমান সময়ৰ বৃদ্ধ ভাই-ভনীসকলৰ উদাহৰণলৈ মন কৰোঁ।

৬-৭. (ক) বৃদ্ধ বয়সলৈকে যিহোৱাৰ সেৱা কৰা লোকসকলৰ উদাহৰণ দিয়ক? (খ) চিমিয়োন আৰু হান্নাই যিহোৱাৰ বিশ্বাসী হৈ থকাৰ বাবে কি আশীৰ্বাদ লাভ কৰিলে?

বাইবেলত এনে বহুতোলোকৰ উদাহৰণ আছে, যিসকলে বৃদ্ধ হোৱাৰ সত্বেও যিহোৱাৰ সেৱা কৰি থাকিল। উদাহৰণস্বৰূপে, মোচিয়ে ৮০ বছৰৰ হোৱাৰ সময়ত যিহোৱাই তেওঁক ভৱিষ্যতবক্তা আৰু ইস্ৰায়েলীসকলৰ নেতৃত্ব লʼবলৈ নিযুক্ত কৰিলে। দানিয়েলৰ বয়স যেতিয়া ৯০ বছৰতকৈ বেছি হৈছিল, তেতিয়া যিহোৱাই তেওঁক ভৱিষ্যতবক্তা হিচাপে নিযুক্ত কৰিলে। পাঁচনি যোহনৰ বয়স ৯০ বছৰতকৈ বেছি হোৱাৰ সময়ত যিহোৱাই তেওঁক প্ৰকাশিত বাক্য কিতাপখন লিখিবলৈ অনুপ্ৰাণিত কৰিলে।

প্ৰাচীন সময়ত এনে বহুতো বৃদ্ধ ভাই-ভনী আছিল, যিসকলৰ বিষয়ে বাইবেলত বেছিকৈ উল্লেখ কৰা নাই। তথাপি যিহোৱাই তেওঁলোকৰ ওপৰত ধ্যান দিলে আৰু তেওঁলোকে বিশ্বাসেৰে যিহোৱাৰ সেৱা কৰাৰ বাবে যিহোৱাই তেওঁলোকক আশীৰ্বাদো দিলে। আহক দুটা উদাহৰণলৈ মন কৰোঁ। প্ৰথমটো হৈছে চিমিয়োন। তেওঁ ‘ধাৰ্ম্মিক আৰু ভক্ত’ আছিল। সেইবাবে, যিহোৱাই তেওঁক এটা বিশেষ সন্মান দিলে, সেয়া হৈছে তেওঁ যীচুক চাবলৈ সুযোগ পালে। তেওঁ যীচু আৰু তেওঁৰ মাতৃৰ বিষয়ে ভৱিষ্যতবাণীও কৰিলে। (লূক ২:২২, ২৫-৩৫) দ্বিতীয় উদাহৰণ হৈছে ভাববাদিনী হান্নাৰ। তাই ৮৪ বছৰৰ আছিল আৰু তাই এগৰাকী বিধৱা আছিল। তথাপি তাই “ধৰ্ম্মধাম” অৰ্থাৎ মন্দিৰলৈ যাবলৈ কেতিয়াও এৰি দিয়া নাছিল। তাইৰ এই বিশ্বাসৰ বাবে যিহোৱাই তাইক আশীৰ্বাদ দিলে। তায়ো যীচু খ্ৰীষ্টক চাবলৈ সুযোগ পালে। যিহোৱাই চিমিয়োন আৰু হান্নাক বহুত মূল্যৱান বুলি গণ্য কৰিছিল।—লূক ২:৩৬-৩৮.

ভনী ডীডৰৰ বয়স ৮১ বছৰ হৈছে, তথাপি তাই উৎসাহেৰে যিহোৱাৰ সেৱা কৰি আছে (অনুচ্ছেদ ৮ চাওক)

৮-৯. কিছুমান ভনীয়ে নিজৰ স্বামীৰ মৃত্যুৰ পাছতো কি কৰে?

আজিও বৃদ্ধ ভাই-ভনীসকল, ডেকা ভাই-ভনীসকলৰ বাবে ভাল উদাহৰণ হয়। ভনী লুইচ ডীডৰৰ উদাহৰণলৈ মন কৰক। তাই কানাডাত ২১ বছৰ বয়সতে বিশেষ অগ্ৰগামী সেৱা আৰম্ভ কৰিছিল। পাছত তাইৰ স্বামী ভাই জʼনক চাৰ্কিট ওভাৰচিয়াৰ হিচাপে নিযুক্ত কৰা হʼল আৰু ভনীয়ে তেওঁক সহযোগ কৰিলে। তাৰ পাছত দুয়োজনকে কানাডাৰ বেথেললৈ নিমন্ত্ৰণ কৰা হʼল। তেওঁলোকে তাত প্ৰায় ২০ বছৰলৈকে সেৱা কৰিলে। ভনী লুইচ যেতিয়া ৫৮ বছৰৰ হʼল, তেতিয়া তেওঁলোকক ইউক্ৰেইনত সেৱা কৰিবলৈ কোৱা হৈছিল। সেইসময়ত তেওঁলোকে কি কৰিলে? তেওঁলোকে এনে ভাবিছিল নেকি যে এতিয়া আমি বৃদ্ধ হʼলোঁ আৰু আন দেশত গৈ সেৱা কৰিব নোৱাৰিম? নহয়, তেওঁলোকে এইদৰে ভবা নাছিল। তেওঁলোকে ইউক্ৰেইনলৈ গʼল আৰু ভাই জʼনক ইউক্ৰেইন বেথেলৰ শাখা সমিতিৰ সদস্য হিচাপে নিযুক্ত কৰা হʼল। তাৰ সাত বছৰৰ পাছত ভাই জʼনৰ মৃত্যু হʼল। তথাপি ভনীয়ে ইউক্ৰেইন বেথেলতে থাকি সেৱা কৰিবলৈ নিৰ্ণয় লʼলে। আজি ভনী ৮১ বছৰৰ হয় আৰু তাই আনন্দেৰে বেথেলত সেৱা কৰি আছে। ইউক্ৰেইন বেথেলৰ ভাই-ভনীসকলে তাইক বহুত প্ৰেম কৰে।

লুইচৰ নিচিনা ভনীৰ স্বামীৰ যেতিয়া মৃত্যু হয়, তেতিয়া লোকসকলে হয়তো তেওঁলোকক ধ্যান নিদিবও পাৰে। কিন্তু যিহোৱা ঈশ্বৰৰ দৃষ্টিত তেওঁলোক মূল্যৱান হয়। তেওঁলোকে বহুবছৰ ধৰি নিজৰ স্বামীক সহযোগ কৰিলে আৰু এতিয়াও যিহোৱাৰ সেৱা কৰি আছে। সেইবাবে, যিহোৱাই তেওঁলোকক সন্মান কৰে। (১ তীম. ৫:৩) সঁচাকৈ এই ভনীসকল ডেকা ভাই-ভনীসকলৰ বাবে ভাল উদাহৰণ হয়।

১০. ভাই টʼনীৰপৰা আমি কি শিকিব পাৰোঁ?

১০ এনে বহুতো বৃদ্ধ ভাই-ভনী আছে, যিসকলে বৃদ্ধাশ্ৰম বা নাৰ্চিং হোমত থাকে। তথাপি যিহোৱাৰ সংগঠনত তেওঁলোকৰ গুৰুত্বতা আছে। ইয়াৰ এটা উদাহৰণ হৈছে ভাই টʼনী। তেওঁৰ বাপ্তিষ্মা ১৯৪২ চনৰ আগষ্ট মাহত আমেৰিকাত হৈছিল। সেইসময়ত তেওঁৰ বয়স ২০ বছৰ আছিল। ইয়াৰ লগে লগে তেওঁক সেনাত ভৰ্তি হʼবলৈ কোৱা হৈছিল। কিন্তু ভাইজনে অস্বীকাৰ কৰিলে। সেইবাবে, তেওঁক আঢ়ৈ বছৰৰ বাবে জেইলত বন্দী কৰা হʼল। ইয়াৰ পাছত ভাইজনে ভনী হিল্ডাক বিয়া কৰিলে আৰু তেওঁলোকৰ দুজন সন্তান হʼল। ভায়ে নিজৰ লʼৰা-ছোৱালীক সৰুৰেপৰা যিহোৱাৰ বিষয়ে শিকালে। ভাইজন তিনিখন মণ্ডলীৰ মূখ্য অধ্যক্ষও আছিল (যাক আজি প্ৰাচীন গোষ্টীৰ সমপদস্থ বুলি কোৱা হয়) আৰু ইয়াৰ উপৰিও ভাইজন চাৰ্কিট সন্মিলনৰ ওভাৰচিয়াৰো আছিল। তেওঁ জেইলত বহুতোলোকক বাইবেল অধ্যয়ন কৰিছিল আৰু সভাও পৰিচালনা কৰিছিল। এতিয়া ভাইজনৰ বয়স ৯৮ বছৰ হৈছে। তথাপি তেওঁ নিজৰ মণ্ডলীত ভাই-ভনীসকলৰ লগত উৎসাহেৰে সেৱা কৰি আছে।

১১. বৃদ্ধাশ্ৰম বা নাৰ্চিং হোমত থকা বৃদ্ধ ভাই-ভনীসকলক আমি কেনেকৈ সন্মান কৰিব পাৰোঁ?

১১ বৃদ্ধাশ্ৰম বা নাৰ্চিং হোমত থকা বৃদ্ধ ভাই-ভনীসকলক আমি সন্মান কৰা উচিত। কেনেকৈ বাৰু? তেওঁলোকক সভাত আহিবলৈ বা সভা ভালদৰে শুনিবলৈ বা প্ৰচাৰ কৰিবলৈ প্ৰাচীনসকলে ব্যৱস্থা কৰা উচিত। আমিও তেওঁলোকক মাজে সময়ে লগ কৰিবলৈ যোৱা উচিত বা ভিডিঅʼ কলৰ যোগেদি কথা পতা উচিত। যিসকল বৃদ্ধ ভাই-ভনী আমাৰপৰা দূৰত থাকে, তেওঁলোকক কেতিয়াবা আমি পাহৰি যাব পাৰোঁ। কিন্তু তেওঁলোককো আমি মনত ৰখা উচিত। কিছুমান বৃদ্ধ ভাই-ভনীয়ে নিজৰ বিষয়ে কʼবলৈ সংকোচ কৰিব পাৰে। সেইবাবে, আমি তেওঁলোকক প্ৰশ্ন সোধা উচিত। যেতিয়া তেওঁলোকে নিজৰ বিষয়ে কয় যে তেওঁলোকে যিহোৱাৰ সংগঠনত কি কি কৰিলে আৰু তেওঁলোকে কি কি আশীৰ্বাদ লাভ কৰিলে, তেতিয়া আমি তেওঁলোকৰ কথা মনোযোগেৰে শুনা উচিত। এইদৰে কৰাৰ যোগেদি আমি তেওঁলোকৰপৰা বহুতো কথা শিকিব পাৰিম।

১২. মণ্ডলীৰ বৃদ্ধ ভাই-ভনীসকলৰ লগত কথা পাতিলে, আপুনি কি জানিব পাৰিব?

১২ আমি মণ্ডলীৰ বৃদ্ধ ভাই-ভনীসকলৰ লগত কথা পাতিলে, তেওঁলোকৰ বিশ্বাসৰ বিষয়ে জানিব পাৰিম। ভনী হেৰিয়াটৰ উদাহৰণলৈ মন কৰক। তাই আমেৰিকাৰ নিউ জাৰ্ছি মণ্ডলীত বহুবছৰ সেৱা কৰিছিল। পাছত তাই নিজৰ জীয়েকৰ লগতে থাকিবলৈ ধৰে। সেই মণ্ডলীৰ ভাই-ভনীসকলে তাইৰ লগত সময় অতিবাহিত কৰিবলৈ ধৰে। ইয়াৰপৰা তেওঁলোকে বুজিব পাৰিলে যে ভনীগৰাকী তেওঁলোকৰ বাবে ভাল উদাহৰণ হয়। ভনী হেৰিয়টে প্ৰায় ১৯২৫ চনত সত্য শিকাৰ পাছত কেনেকৈ প্ৰচাৰ কৰিছিল, তাৰ বিষয়ে কৈছিল। তাই প্ৰচাৰলৈ যোৱাৰ সময়ত টুথ-ব্ৰাছ লগত লৈ গৈছিল। কিয়নো তাই নাজানিছিল যে তাইক কেতিয়া গ্ৰেপ্তাৰ কৰা হʼব। ১৯৩৩ চনত তাইক দুবাৰ জেলত বন্দী কৰা হৈছিল আৰু প্ৰতিবাৰে তাইক এসপ্তাহ জেলত থাকিবলগীয়া হৈছিল। সেইসময়ছোৱাত তাইৰ স্বামী সত্যত নাছিল আৰু তেৱেঁই লʼৰা-ছোৱালীৰ যত্ন লৈছিল। সঁচাকৈ ভনী হেৰিয়েটৰ নিচিনা ভাই-ভনীসকল আমাৰ বাবে কোনো ৰত্নকৈ কম নহয়।

১৩. যিহোৱাৰ সংগঠনত বৃদ্ধ ভাই-ভনীসকলৰ গুৰুত্বতা কি?

১৩ আমাৰ বৃদ্ধ ভাই-ভনীসকল যিহোৱাৰ বাবে অতি মূল্যৱান হয় আৰু যিহোৱাৰ সংগঠনতো তেওঁলোকৰ গুৰুত্বতা আছে। যিহোৱাই সংগঠনৰ বিভিন্ন কামত কেনেকৈ আশীৰ্বাদ দিছে, সেয়া এই বৃদ্ধ ভাই-ভনীসকলে দেখিবলৈ পাইছে আৰু তেওঁলোকে নিজেও আশীৰ্বাদ লাভ কৰিছে। তেওঁলোকে নিজৰ ভুলবোৰৰপৰাও বহুতো কথা শিকিছে। এই ভাই-ভনীসকল আমাৰ বাবে এনে বুদ্ধিৰ নিচিনা হয়, যি সদায় ‘বৈ থাকে।’ (হিতো. ১৮:৪) সেইবাবে, আমি যদি সময় উলিয়াই তেওঁলোকৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ, তেনেহʼলে আমাৰ বিশ্বাস মজবুত হʼব আৰু আমি তেওঁলোকৰপৰা বহুতো কথা শিকিব পাৰিম।

বৃদ্ধ ভাই-ভনীসকলৰপৰা শিকক

ইলীচাই এলিয়াৰপৰা বহুতো কথা শিকিলে। ঠিক সেইদৰে আমিও বৃদ্ধ ভাই-ভনীসকলৰপৰা বহুতো কথা শিকিব পাৰোঁ (অনুচ্ছেদ ১৪-১৫ চাওক)

১৪. দ্বিতীয় বিবৰণ ৩২:৭ অনুসৰি ডেকা ভাই-ভনীসকলে কি কৰা উচিত?

১৪ বৃদ্ধ ভাই-ভনীসকলক লগ কৰক আৰু তেওঁলোকৰ লগত কথা পাতক। (দ্বিতীয় বিবৰণ ৩২:৭ পঢ়ক।) যদিও তেওঁলোকে চকুৰে ভালদৰে মনিব নোৱাৰে বা ভালদৰে খোজ কাঢ়িব নোৱাৰে আৰু লাহে লাহে কথা পাতে, তথাপি এতিয়াও যিহোৱাৰ সেৱা কৰিবলৈ তেওঁলোকৰ উৎসাহ আছে আৰু তেওঁলোকে যিহোৱাৰ দৃষ্টিত “সুনাম” অৰ্জন কৰিছে। (উপ. ৭:১) মনত ৰাখক যে যিহোৱাই তেওঁলোকক কিয় মূল্যৱান বুলি গণ্য কৰে। তেওঁলোকক সন্মান কৰক আৰু ইলীচাৰ নিচিনা হওক। যেতিয়া এলিয়াই তেওঁক এৰি যাবলৈ ওলাইছিল, তেতিয়া তেওঁ তিনিবাৰ এইদৰে কৈছিল, “মই আপোনাক নেৰোঁ।”—২ ৰাজা. ২:২, ৪, ৬.

১৫. আমি বৃদ্ধ ভাই-ভনীসকলক কি কি প্ৰশ্ন সুধিব পাৰোঁ?

১৫ বৃদ্ধ ভাই-ভনীসকলৰ লগত কথা পাতোতে, তেওঁলোকক নম্ৰভাৱে প্ৰশ্ন সোধক। (হিতো. ১:৫; ২০:৫; ১ তীম. ৫:১, ২) যেনে, “এয়াই সত্য হয় বুলি আপোনাৰ কেনেকৈ বিশ্বাস হʼল?” “আপোনাৰ জীৱনত এনে কি ঘটনা ঘটিছিল, যাৰ বাবে আপুনি যিহোৱাৰ ইমান কাষ চাপিব পাৰিলে?” “আপুনি যিহোৱাৰ সেৱাত ইমান আনন্দিত, ইয়াৰ ৰহস্য কি হয়?” (১ তীম. ৬:৬-৮) যেতিয়া তেওঁলোকে নিজৰ বিষয়ে কয়, তেতিয়া তেওঁলোকৰ কথা মনোযোগেৰে শুনক।

১৬. বৃদ্ধ ভাই-ভনীসকলৰ লগত কথা পাতিলে কি হʼব?

১৬ বৃদ্ধ ভাই-ভনীসকলৰ লগত কথা পাতিলে আপোনালোকৰ লগতে তেওঁলোকেও উৎসাহ লাভ কৰে। (ৰোম. ১:১২) আপোনাৰ বিশ্বাস হʼব যে যিহোৱাই নিজৰ বিশ্বাসী সেৱকসকলৰ যত্ন লয় আৰু বৃদ্ধ ভাই-ভনীসকলে জানিব পাৰিব যে আপুনি তেওঁলোকক কিমান প্ৰেম কৰে। যিহোৱাই তেওঁলোকক কি কি আশীৰ্বাদ দিছে, তাৰ বিষয়ে কʼবলৈ পাই বৃদ্ধ ভাই-ভনীসকলে আনন্দিত হʼব।

১৭. আমাৰ ভাই-ভনীসকলে বয়স বঢ়াৰ লগে লগে কি অৰ্থত আৰু ধুনীয়া হৈ গৈ থাকে?

১৭ বয়স বাঢ়ি যোৱাৰ লগে লগে আমাৰ বাহিৰৰ সৌন্দৰ্য্যতা কমি গৈ থাকে। কিন্তু যিসকলে যিহোৱাৰ বিশ্বাসী হৈ থাকে, তেওঁলোকে ভিতৰৰপৰা আৰু ধুনীয়া হৈ গৈ থাকে। (১ থিচ. ১:২, ৩) এইদৰে কিয় হয় বাৰু? কিয়নো বৃদ্ধ ভাই-ভনীসকলে ঈশ্বৰৰ পবিত্ৰ আত্মাৰ সহায়ত ভাল ভাল গুণবোৰ বৃদ্ধি কৰে। আমি যিমানেই তেওঁলোকৰ বিষয়ে জানিম, তেওঁলোকক সন্মান কৰিম আৰু তেওঁলোকৰপৰা শিকিম, সিমানেই তেওঁলোকক আমি মূল্যৱান বুলি গণ্য কৰিম।

১৮. পৰৱৰ্তী লেখত কিহৰ বিষয়ে আলোচনা কৰা হʼব?

১৮ কেৱল ডেকাসকলে বৃদ্ধ ভাই-ভনীসকলক সন্মান কৰিব লাগে এনে নহয়, বৃদ্ধ ভাই-ভনীসকলেও ডেকাসকলক সন্মান কৰা উচিত। তেতিয়াহে মণ্ডলীত একতা থাকিব আৰু তেওঁলোকে উন্নতি কৰিব পাৰিব। পৰৱৰ্তী লেখত আমি শিকিম যে বৃদ্ধ ভাই-ভনীসকলেও ডেকাসকলক কেনেকৈ মূল্যৱান বুলি গণ্য কৰিব পাৰে।

গীত ১৪৪ পুৰস্কাৰৰ ওপৰত দৃষ্টি ৰাখক!

^ অনু. 5 বৃদ্ধ ভাই-ভনীসকল আমাৰ বাবে অতি মূল্যৱান হয়। আমি তেওঁলোকক আৰু বেছি প্ৰেম কৰিবলৈ আৰু সন্মান কৰিবলৈ এই লেখে আমাক উৎসাহিত কৰিব। এই লেখত আলোচনা কৰা হʼব যে আমি তেওঁলোকৰ বুদ্ধি আৰু অভিজ্ঞতাৰপৰা কি শিকিব পাৰোঁ। ইয়াৰ উপৰিও আমি এয়াও শিকিম যে যিহোৱাৰ সংগঠনত তেওঁলোকৰ কিমান গুৰুত্বতা আছে। ইয়াৰ বিষয়ে জানি বৃদ্ধ ভাই-ভনীসকলে বহুত সাহস লাভ কৰিব।