Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৩৮

যিহোৱা আৰু ভাই-ভনীসকলৰ প্ৰতি প্ৰেম বঢ়াওক

যিহোৱা আৰু ভাই-ভনীসকলৰ প্ৰতি প্ৰেম বঢ়াওক

‘মই মোৰ পিতৃ, আৰু তোমালোকৰো পিতৃ, তেওঁৰ ওচৰলৈ মই উঠি যাওঁ।’—যোহ. ২০:১৭.

গীত ৩ আমাৰ শক্তি, আশা আৰু ভৰসা

লেখৰ এক আভাস *

১. আমি যিহোৱাক কি বুলি কʼব পাৰোঁ?

যিহোৱাৰ পৰিয়ালত যীচু আছে যি এই “গোটেই সৃষ্টিৰ প্ৰথমজাত” হয় আৰু লাখ-লাখ স্বৰ্গদূতসকলো আছে। (কল. ১:১৫; গীত. ১০৩:২০) পৃথিৱীত থকাৰ সময়ত যীচুৱে কৈছিল যে যিসকলে যিহোৱাৰ বিশ্বাসী হৈ থাকিব তেওঁলোকেও যিহোৱাক পিতৃ বুলি কʼব পাৰে। সেইবাবে, যীচুৱে তেওঁৰ শিষ্যসকলক কৈছিল যে যিহোৱা তেওঁৰ পিতৃ হয় আৰু শিষ্যসকলৰো পিতৃ হয়। (যোহ. ২০:১৭) যেতিয়া আমি যিহোৱাক নিজৰ জীৱন সমৰ্পন কৰি বাপ্তিষ্মা লওঁ, তেতিয়া আমি ভাই-ভনীসকলেৰে গঠিত পৰিয়ালৰ ভাগ হৈ পৰোঁ।—মাৰ্ক ১০:২৯, ৩০.

২. এই লেখত আমি কিহৰ বিষয়ে শিকিম?

কিছুমান লোকৰ বাবে যিহোৱাক পিতৃ বুলি মানি লোৱাটো কঠিন হয়। আন কিছুমান লোকে নিজৰ ভাই-ভনীসকলক প্ৰেম কৰে, কিন্তু প্ৰকাশ কৰিব নাজানে। এই লেখত আমি যীচুৰপৰা শিকিম যে আমি কিয় যিহোৱাক নিজৰ পিতৃ বুলি মনা উচিত। ইয়াৰ উপৰিও আমি এয়াও শিকিম যে আমি যিহোৱাৰ নিচিনা ভাই-ভনীসকলক কেনেকৈ প্ৰেম কৰিব পাৰোঁ।

আপুনি যিহোৱাৰ কাষ চপাটো তেওঁ বিচাৰে

৩. যীচুৱে শিকোৱা প্ৰাৰ্থনাৰপৰা কি জানিব পাৰি?

যিহোৱা এজন নিষ্ঠুৰ পিতৃ নহয়। ইয়াৰ পৰিবৰ্তে তেওঁ প্ৰেম কৰা পিতৃ হয়। আমি যিকোনো সময়ত তেওঁৰ লগত কথা পাতিব পাৰোঁ। যীচুৱে যেতিয়া নিজৰ শিষ্যসকলক প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল, তেতিয়া তেওঁ কৈছিল, ‘আমাৰ পিতৃ।’ (মথি ৬:৯) তেওঁ যিহোৱা ঈশ্বৰক “সৰ্ব্বশক্তিমান,” ‘সৃষ্টিকৰ্ত্তা’ বা ‘চিৰস্থায়ী ৰজা’ বুলি মাতিব পাৰিলেহেঁতেন। (আদি. ৪৯:২৫; যিচ. ৪০:২৮; ১ তীম. ১:১৭) কিন্তু তেওঁ সেইদৰে নামাতিলে। যদিও বাইবেলত এইবোৰ উপাধিৰে যিহোৱা ঈশ্বৰক মতা হৈছে, কিন্তু যীচুৱে তেওঁক মৰমেৰে “পিতৃ” বুলি কৈছিল।

৪. যিহোৱাই আমাৰপৰা কি বিচাৰে?

বহুতোলোকে সৰুতে নিজৰ পিতৃৰপৰা মৰম নাপায়। সেইবাবে, যিহোৱা যে মৰমীয়াল পিতৃ হয়, তাক মানি লোৱাটো তেওঁলোকৰ বাবে কঠিন হ’ব পাৰে। আপুনিও এইদৰে ভাৱেনে? মনত ৰাখক, যিহোৱাই আপোনাৰ সমস্যাটো বুজি পায়। বাইবেলত এইদৰে কোৱা হৈছে, “ঈশ্বৰৰ ওচৰলৈ চাপি আহাঁ, তাতে তেৱোঁ তোমালোকৰ ওচৰলৈ চাপিব।” (যাকো. ৪:৮) যিহোৱাই আপোনাক প্ৰেম কৰে আৰু যিহোৱাতকৈ ভাল পিতৃ আপুনি কʼতো বিচাৰি নাপাব।

৫. আমি কেনেকৈ যিহোৱাৰ কাষ চাপিব পাৰোঁ?

আমি যীচুৰ সহায়ত যিহোৱাৰ কাষ চাপিব পাৰোঁ। যীচুৱে যিহোৱাক বহুত প্ৰেম কৰে আৰু যিহোৱাৰ যিবোৰ গুণ আছে, সেই সকলোবোৰ গুণ যীচুৰ ওচৰত আছে। সেইবাবে, যীচুৱে এইদৰে কৈছিল, “যি জনে মোক দেখিলে, তেওঁ মোৰ পিতৃকেই দেখিলে।” (যোহ. ১৪:৯) যীচুৱে এজন ডাঙৰ ককায়েকৰ নিচিনা আমাক শিকালে যে আমি নিজৰ পিতৃৰ সন্মান কৰা উচিত, তেওঁৰ কথা মানি চলা উচিত আৰু তেওঁক আনন্দিত কৰিবলৈ চেষ্টা কৰা উচিত। যীচুৱেও নিজৰ জীৱন-যাপনৰ পৰা দেখুৱালে যে যিহোৱা এজন প্ৰেমী আৰু কৃপা কৰা ঈশ্বৰ হয়।লূক ১০:২২ পঢ়ক।

এজন প্ৰেম কৰা পিতৃৰ নিচিনা যিহোৱাই স্বৰ্গদূতৰ যোগেদি যীচুক সাহস বঢ়ালে (অনুচ্ছেদ ৬ চাওক) *

৬. যিহোৱাই কেতিয়া যীচুৰ প্ৰাৰ্থনা শুনিছিল?

যিহোৱাই নিজৰ সন্তানসকলৰ প্ৰাৰ্থনা শুনে। যীচু যেতিয়া পৃথিৱীত আছিল, সেইসময়ত যীচুৱে বাৰে বাৰে যিহোৱালৈ প্ৰাৰ্থনা কৰিলে আৰু যিহোৱাই তেওঁৰ প্ৰাৰ্থনা শুনিলে। (লূক ৫:১৬) উদাৰণস্বৰূপে, যীচুৱে ১২ জন পাঁচনিক বাচনি কৰাৰ সময়ত বাৰে বাৰে প্ৰাৰ্থনা কৰিলে। কিয়নো এয়া এক ডাঙৰ নিৰ্ণয় আছিল। (লূক ৬:১২, ১৩, ১৬) যীচুৰ মৃত্যুৰ আগ নিশা তেওঁ বহুত চিন্তিত হৈ পৰিছিল আৰু সমস্যাৰ সন্মূখীন হ’বলগীয়া আছিল। সেই সময়তো তেওঁ যিহোৱালৈ আঠু কাঢ়ি প্ৰাৰ্থনা কৰিলে। যিহোৱাই নিজৰ প্ৰিয় পুত্ৰৰ প্ৰাৰ্থনা শুনিলে আৰু তেওঁৰ সাহস বঢ়াবলৈ স্বৰ্গদূতকো পঠিয়ালে।—লূক ২২:৪১-৪৪.

৭. যিহোৱাই আমাৰ প্ৰাৰ্থনা শুনে বুলি জানি আপোনাক কেনেকুৱা লাগিল?

যিহোৱাই আজিও আমাৰ প্ৰাৰ্থনা শুনে। তেওঁ সঠিক সময়ত আৰু সকলোতকৈ ভাল উপায়েৰে আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়ে। (গীত. ১১৬:১, ২) ভাৰতৰ এগৰাকী ভনীৰ উদাহৰণলৈ মন কৰক। তাই সকলো সময়তে চিন্তিত থাকিছিল আৰু ইয়াৰ বিষয়ে তাই বাৰে-বাৰে যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল। তাই এইদৰে কৈছে, “যিহোৱাই মোৰ প্ৰাৰ্থনাৰ উত্তৰ দিলে। ২০১৯ চনৰ মে’ মাহৰ JW ব্ৰʼডকাষ্টিঙত কোৱা হৈছিল যে আমি নিজৰ চিন্তাৰ কেনেকৈ সন্মুখীন হ’ব পাৰোঁ। সঁচাকৈ এই কাৰ্য্যক্ৰম সঠিক সময়ত আহিলে।”

৮. যিহোৱাই কি কি উপায়েৰে যীচুক প্ৰেম কৰোঁ বুলি দেখুৱালে?

যিহোৱাই নিজৰ সন্তানসকলক প্ৰেম কৰে আৰু তেওঁলোকৰ যত্ন লয়। (যোহ. ৫:২০) যীচুৱে পৃথিৱীত থকাৰ সময়ত যিহোৱাই তেওঁৰ যত্ন লৈছিল। যীচুৰ বিশ্বাস দৃঢ় কৰিবলৈ যিহোৱাই তেওঁক সহায় কৰিছিল। যেতিয়া যীচু দুখত আছিল তেতিয়াও যিহোৱাই তেওঁক সাহস দিলে আৰু তেওঁৰ আন প্ৰয়োজনীতাবোৰ পূৰ কৰিলে। বহুবাৰ যিহোৱাই যীচুক প্ৰেম কৰোঁ বুলি প্ৰকাশো কৰিলে। (মথি ৩:১৬, ১৭) যীচুৱে কেতিয়াও নিজকে অকলশৰীয়া অনুভৱ কৰা নাছিল। কিয়নো তেওঁ জানিছিল যে তেওঁক প্ৰেম কৰা পিতৃ যিহোৱা সদায় তেওঁৰ লগত আছে।—যোহ. ৮:১৬.

৯. যিহোৱাই আমাক প্ৰেম কৰে বুলি কেনেকৈ জানিব পাৰোঁ?

যিহোৱাই যিদৰে যীচুক প্ৰেম কৰে ঠিক সেইদৰে আমাকো ঈশ্বৰে প্ৰেম কৰে। তেওঁ আমাক নিজৰ ফালে আকৰ্ষিত কৰিলে আৰু আমাক এটা ডাঙৰ পৰিয়ালো দিছে। (যোহ. ৬:৪৪) এই পৰিয়ালৰ ভাই-ভনীসকলৰ লগত থাকি আমি আনন্দ লাভ কৰোঁ আৰু তেওঁলোকে আমাক সমস্যাৰ সময়ত উৎসাহিত কৰে। যিহোৱা ঈশ্বৰে আমাৰ বিশ্বাস মজবুত কৰিবলৈ সহায় কৰে আৰু আমাৰ প্ৰয়োজনীয়াতাও পূৰ কৰে। (মথি ৬:৩১, ৩২) যেতিয়া আমি এই বিষয়ে চিন্তা কৰোঁ যে যিহোৱাই আমাক কিমান প্ৰেম কৰে, তেতিয়া তেওঁৰ প্ৰতি আমাৰ প্ৰেম আৰু বাঢ়ি যায়।

যিহোৱাৰ দৰে ভাই-ভনীসকলক প্ৰেম কৰক

১০. আমাৰ ভাই-ভনীসকলক আমি কাৰ নিচিনাকৈ প্ৰেম কৰা উচিত?

১০ যিহোৱা ঈশ্বৰে আমাৰ ভাই-ভনীসকলক বহুত প্ৰেম কৰে। কিন্তু কেতিয়াবা-কেতিয়াবা আমাক এনে কৰিবলৈ কঠিন হয়। আমি সকলোৱে বেলেগ-বেলেগ পৃষ্ঠভূমি আৰু সংস্কৃতিৰপৰা আহিছোঁ। সেইবাবে, আমি কেতিয়াবা ভুল কৰোঁ আৰু এজনে-আনজনক আঘাত দিওঁ। তথাপি আমি ভাই-ভনীক প্ৰেম কৰা উচিত। এই বিষয়ে আমি যিহোৱাৰপৰা শিকিব পাৰোঁ।—ইফি. ৫:১, ২; ১ যোহ. ৪:১৯.

১১. যিহোৱাৰ নিচিনা যীচুৱেও “কৃপাময়” আছিল বুলি কেনেকৈ জানিব পাৰি?

১১ যিহোৱা এজন “কৃপাময়” পিতৃ হয়। (গীত. ১৪৫:৮) এই গুণ যীচুৰো আছে। সেইবাবে, তেওঁ যেতিয়া লোকসকলৰ দুখ-কষ্ট দেখিছিল, তেতিয়া তেওঁলোকৰ দুখ-কষ্ট ভালদৰে বুজিব পাৰিছিল আৰু সেই লোকসকলক সহায় কৰিবলৈ পদক্ষেপ লৈছিল। (যোহ. ৫:১৯) এবাৰ তেওঁ “মানুহবিলাকক দেখি, তেওঁবিলাকলৈ তেওঁৰ মৰম লাগিল; কিয়নো তেওঁবিলাক ৰখীয়া নোহোৱা মেৰৰ নিচিনা, দুঃখিত আৰু ক্লান্ত হৈ পৰিছিল।” (মথি ৯:৩৬) যীচুৱে বেমাৰী লোকসকলক সুস্থ কৰিছিল আৰু “পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত” লোকসকলক সহায় কৰিছিল।—মথি ১১:২৮-৩০; ১৪:১৪.

যিহোৱাৰ নিচিনা ভাই- ভনীসকলক কৃপা কৰক আৰু উদাৰশীল হওক (অনুচ্ছেদ ১২-১৪ চাওক) *

১২. আমি কি কি উপায়েৰে ভাই-ভনীসকলৰ প্ৰতি কৃপা দেখুৱাব পাৰোঁ?

১২ আমি আমাৰ ভাই-ভনীৰ প্ৰতি কৃপা গুণ দেখুৱা উচিত। কিন্তু এনে কৰিবলৈ আমি আমাৰ ভাই-ভনীৰ পৰিস্থিতি ভালদৰে বুজা উচিত। উদাহৰণস্বৰূপে, যদি এজনী ভনী বহুত বেমাৰ হৈছে আৰু তাই এই বিষয়ে কেতিয়াও কʼব নিবিচাৰে। তাইক আমি কেনেকৈ সহায় কৰিব পাৰোঁ? আমি আহাৰ ৰান্ধিবলৈ বা ঘৰৰ চাফ-চিকুণৰ কামত তাইক সহায় কৰিব পাৰোঁ। যদি এজন ভায়ে চাকৰি হেৰুৱাই তেনেহ’লে আমি কি কৰিব পাৰোঁ? আমি সেই ভাইজনক নোসোধাকৈ টকা-পইচা দি সহায় কৰিব পাৰোঁ। যাতে ভাইজনে চাকৰি নোপোৱালৈকে নিজৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিব পাৰে।

১৩-১৪. আমি যিহোৱাৰ দৰে উদাৰশীল গুণ কেনেকৈ দেখুৱাব পাৰোঁ?

১৩ যিহোৱা উদাৰশীল ঈশ্বৰ হয়। (মথি ৫:৪৫) মানুহে তেওঁৰপৰা কিবা বিচৰাৰ আগতে তেওঁ বহুতো ভাল ভাল বস্তু দিয়ে। উদাহৰণস্বৰূপে, আমাৰ সকলোৰে বাবে সূৰ্য্যৰ পোহৰৰ প্ৰয়োজন আছে। কিন্তু আমি বিচৰাৰ আগতেই তেওঁ প্ৰতিদিনে আমাক সূৰ্য্যৰ পোহৰ দিয়ে। যিসকলে তেওঁৰ প্ৰতি কৃতজ্ঞতা নেদেখুৱাই তেওঁলোককো পোহৰ দিয়ে। ইয়াৰ পৰা আমি যিহোৱাৰ প্ৰেম আৰু উদাৰশীল গুণৰ বিষয়ে ভালদৰে শিকিব পাৰোঁ। আমিও যিহোৱাৰ নিচিনা উদাৰশীল হোৱা উচিত। আমাৰ ভাই-ভনীসকলে কিবা সহায় বিচৰাৰ আগতে আমি আগবাঢ়ি তেওঁলোকক সহায় কৰা উচিত।

১৪ উদাহৰস্বৰূপে, ২০১৩ চনত হেয়ান নামৰ এক ভয়ানক ধুমুহাই ফিলিপাইনচ নামৰ ঠাইখনত সকলো ধ্বংস কৰি পেলাইছিল। বহুতো ভাই-ভনীৰ ঘৰ-বাৰী, বয়-বস্তু নষ্ট হৈছিল। বিভিন্ন দেশৰ ভাই-ভনীসকলে তেওঁলোকক সহায় কৰিছিল। কিছুমান ভাই-ভনীয়ে টকা-পইচা দান কৰিছিল আৰু আন কিছুমানে নিৰ্মাণ কামত সহায় কৰিছিল। সেইবাবে এবছৰৰ ভিতৰতে প্ৰায় ৭৫০ টা ঘৰৰ মেৰামতি হয় অথবা পুনৰ ঘৰ সঁজা হয়। আনহাতে, কভিড-১৯ মহামাৰীৰ সময়ছোৱাত বহুতো ভাই-ভনীয়ে এজনে-আনজনক সহায় কৰে। এইদৰে আমি ভাই-ভনীসকলক যেতিয়া লগে-লগে সহায় কৰোঁ তেতিয়া আমি ভাই-ভনীসকলক প্ৰেম কৰোঁ বুলি দেখুৱাওঁ।

১৫-১৬. লূক ৬:৩৪ পদৰ অনুসৰি আমি নিজৰ পিতৃ যিহোৱাৰ নিচিনা হ’বলৈ কি কৰা উচিত?

১৫ যিহোৱা দয়ালু ঈশ্বৰ হয়। (লূক ৬:৩৬ পঢ়ক।) সেইবাবে, আমি কৰা ভুলবোৰ তেওঁ প্ৰতিদিনে ক্ষমা কৰে। (গীত. ১০৩:১০-১৪) যীচু দয়ালু আছিল। তেওঁৰ শিষ্যসকলে বহুতো ভুল কৰিছিল। কিন্তু তেওঁ প্ৰতিবাৰে ক্ষমা কৰিছিল। আমাৰ পাপৰপৰা আমি ক্ষমা পাবলৈ যীচুৱে নিজৰ জীৱন বলিদান দিলে। (১ যোহ. ২:১, ২) যিহোৱা আৰু যীচুৱে দেখুওৱা দয়াৰ বাবে আমি তেওঁলোকৰ আৰু কাষ চাপিব পাৰোঁ।

১৬ আমি “পৰস্পৰে ক্ষমা” কৰা উচিত। (ইফি. ৪:৩২) এইদৰে কৰিলে ভাই-ভনীসকলৰ প্ৰতি আমাৰ প্ৰেম আৰু গভীৰ হ’ব। এনে কৰাটো আমাৰ বাবে সহজ নহʼবও পাৰে। কিন্তু আমি এনেদৰে কৰিবলৈ চেষ্টা কৰি থকা উচিত। এগৰাকী ভনীয়ে এইদৰেই কৰিলে। প্ৰহৰীদূৰ্গৰ এটা লেখ “এজনে-আনজনক অন্তৰ খুলি ক্ষমা কৰা” পঢ়ি তাই বহুতো সহায় লাভ কৰিলে। * তাই এইদৰে কৈছে, “মই আনক ক্ষমা কৰিলে নিজৰে লাভ হʼব বুলি বুজিবলৈ এই লেখে মোক সহায় কৰিলে। এই লেখত এয়াও কোৱা হৈছে যে ক্ষমা কৰা অৰ্থ এয়া নহয় যে আনে কৰা ভুলবোৰ সঠিক হয় বুলি কোৱা বা তেওঁৰ ভুলৰপৰা আমাৰ ক্ষতি হোৱা নাই বুলি কোৱা। ইয়াৰ পৰিৰ্ৱতে ক্ষমা কৰাৰ অৰ্থ হৈছে এনে লোকসকলৰ প্ৰতি খং পুহি নৰখা আৰু নিজৰ শান্তি বজাই ৰখা।” যেতিয়া আমি অন্তৰ খুলি নিজৰ ভাই-ভনীসকলক ক্ষমা কৰোঁ, তেতিয়া আমি তেওঁলোকক প্ৰেম কৰোঁ বুলি দেখুৱাওঁ আৰু পিতৃ যিহোৱাৰ দৰে হʼবলৈ চেষ্টা কৰোঁ।

যিহোৱাৰ পৰিয়ালৰ ভাগ হোৱাৰ বাবে কৃতজ্ঞ হওক

ডেকা আৰু বৃদ্ধ সকলোৱে গোটেই পৃথিৱীত থকা ভাই-ভনীসকলক প্ৰেম কৰে (অনুচ্ছেদ ১৭ চাওক) *

১৭. মথি ৫:১৬ পদৰ অনুসৰি আমি কেনেকৈ যিহোৱাৰ মহিমা কৰিব পাৰোঁ?

১৭ আমি সকলোৱে বিশ্বজুৰি পৰিয়ালৰ ভাগ হোৱাৰ বাবে অতি আনন্দিত আৰু বেছিভাগ লোকে এই পৰিয়ালৰ ভাগ হোৱাটো আমি বিচাৰোঁ। সেইবাবে, আমি এনে কাম কৰাৰপৰা আঁতৰি থকা উচিত, যাৰপৰা যিহোৱা আৰু তেওঁৰ লোকসকলৰ বদনাম হয়। আমি সকলোৰে লগত ভালদৰে ব্যৱহাৰ কৰা উচিত, যাতে লোকসকলে যিহোৱাৰ বিষয়ে শিকে আৰু তেওঁৰ সেৱা কৰিবলৈ আগবাঢ়ি আহে।মথি ৫:১৬ পঢ়ক।

১৮. সাহসেৰে প্ৰচাৰ কৰিবলৈ কোনে আমাক সহায় কৰিব পাৰে?

১৮ আমি আনক যিহোৱাৰ বিষয়ে শিকোৱাৰ সময়ত বহুতোলোকে আমাক অত্যাচাৰ কৰিব পাৰে বা আমাৰ বিষয়ে ভাল-বেয়া কʼব পাৰে। কিন্তু আমি ভয় কৰাৰ কোনো প্ৰয়োজন নাই। কিয়নো যিহোৱা আৰু যীচুৱে আমাক নিশ্চয় সহায় কৰিব। যীচুৱে নিজৰ শিষ্যসকলক কৈছিল যে তেওঁলোকে কি কʼব লাগে, তাৰ বিষয়ে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। কিয় বাৰু? কিয়নো তেওঁ কৈছিল, “কি কথা কব লাগে, তাক সেই মুহূৰ্ত্ততে তোমালোকক দিয়া হব। কিয়নো সেই কথা কওঁতা তোমালোক নোহোৱা, কিন্তু তোমালোকৰ পিতৃৰ আত্মাইহে তোমালোকৰ অন্তৰত কওঁতা।”—মথি ১০:১৯, ২০.

১৯. ৰবাৰ্টে কেনেকৈ সাক্ষ্য দিলে?

১৯ আহক আমি আফ্ৰিকাত বাস কৰা ৰবাৰ্টৰ উদাহৰণলৈ মন কৰোঁ। তেওঁ বাইবেলৰ বিষয়ে শিকিবলৈ আৰম্ভ কৰাৰ সময়তে তেওঁক সেনাত ভৰ্তি হʼবলৈ কোৱা হৈছিল। কিন্তু তেওঁ এনে কৰিবলৈ অস্বীকাৰ কৰিলে, সেইবাবে তেওঁ আদালতত উপস্থিত হʼবলগা হ’ল। তেওঁ ন্যায়ধীশজনক নিৰপেক্ষ হৈ থাকিম বুলি কৈছিল, কিয়নো তেওঁ ভাই-ভনীসকলক বহুত প্ৰেম কৰে। হঠাতে ন্যায়ধীশজনে তেওঁক সুধিলে তোমাৰ ভাই-ভনীসকল কোন? সেইসময়ত সেইদিনাখনৰ দৈনিক পাঠ মথি ১২:৫০ পদতো ৰবাৰ্টৰ মনলৈ আহিল। তাত এইদৰে কৈছে, “যি কোনোৱে স্বৰ্গত থকা মোৰ পিতৃৰ ইচ্ছা পালন কৰে, মোৰ ভাই, ভনী, আৰু আয়ো তেওঁলোকহে।” ন্যায়ধীশজনে তেওঁক বহুতো প্ৰশ্ন সুধিলে যাৰ বাবে ভাইজন সাজু নাছিল। কিন্তু যিহোৱাৰ পবিত্ৰ আত্মাৰ সহায়ত তেওঁ সকলো প্ৰশ্নৰ উত্তৰ দিব পাৰিলে। ৰবাৰ্টৰ সাহস দেখি নিশ্চয় যিহোৱা ঈশ্বৰ বহুত আনন্দিত হৈছে। যেতিয়া আমি যিহোৱাৰ ওপৰত ভৰসা ৰাখি সাহসেৰে প্ৰচাৰ কৰোঁ, তেতিয়া যিহোৱাই আমাৰপৰা বহুত আনন্দিত হয়।

২০. আমি কি কৰা উচিত? (যোহন ১৭:১১, ১৫)

২০ আমি এনে পৰিয়ালৰ ভাগ হোৱাৰ বাবে অতি আনন্দিত, য’ত সকলোৱে এজনে-আনজনক প্ৰেম কৰে। আমাৰ পিতৃ যিহোৱা এই জগতৰ সকলোতকৈ ভাল পিতৃ হয়। আমি সদায় নিজৰ পৰিয়ালৰ প্ৰতি কৃতজ্ঞ হোৱা উচিত। আমি যিহোৱাৰ প্ৰেমক সন্দেহ কৰাটো চয়তান আৰু দুষ্ট স্বৰ্গদূতসকলে বিচাৰে, যাতে আমাৰ পৰিয়ালৰ একতা নাইকিয়া হয়। সেইবাবে, যীচুৱে আমাৰ যত্ন লʼবলৈ আৰু আমাৰ পৰিয়ালৰ একতা বজাই ৰাখিবলৈ যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল। (যোহন ১৭:১১, ১৫ পঢ়ক।) যিহোৱাই আজিও সেই প্ৰাৰ্থনাৰ উত্তৰ দি আছে। যীচুৰ নিচিনা আমি কেতিয়াও যিহোৱাৰ প্ৰেমক সন্দেহ কৰা উচিত নহয় আৰু যিহোৱাই আমাক সহায় নকৰিব বুলিও ভৱা উচিত নহয়। গতিকে আহক আমি যিহোৱা আৰু ভাই-ভনীসকলৰ কাষ চাপি থাকিবলৈ থিৰাং কৰোঁ।

গীত ৯৯ লাখ লাখ ভাই

^ অনু. 5 আমি সকলোৱে এটা ডাঙৰ পৰিয়ালৰ ভাগ হয়। এই পৰিয়ালত আমি সকলোৱে ভাই-ভনী হয়। আমি এজনে-আনজনক প্ৰেম কৰোঁ আৰু এই প্ৰেম আৰু গভীৰ হোৱাটো আমি বিচাৰো। এয়া আমি কেনেকৈ কৰিব পাৰোঁ? আমি আমাৰ পিতৃ যিহোৱাৰপৰা শিকিব পাৰোঁ। যিহোৱাই যিদৰে আমাক প্ৰেম কৰে, ঠিক সেইদৰে আমিও আমাৰ ভাই-ভনীসকলক প্ৰেম কৰা উচিত। ইয়াৰ বিষয়ে আমি যীচু আৰু ভাই-ভনীসকলৰ পৰাও শিকিব পাৰোঁ।

^ অনু. 57 ছবিৰ বিষয়ে: যিহোৱাই যীচুৰ সাহস বঢ়াবলৈ গেৎচিমানী বাৰীত স্বৰ্গদূতক পঠিয়াইছিল।

^ অনু. 59 ছবিৰ বিষয়ে: কভিড-১৯ মহামাৰী সময়ছোৱাত কিছুমান ভাই-ভনীয়ে আনক খোৱা বস্তু দিবলৈ বহুত প্ৰৰিশ্ৰম কৰিছে।

^ অনু. 61 ছবিৰ বিষয়ে: এজনী সৰু ছোৱালীয়ে জেলত বন্দী থকা এজন ভাইক সাহস বঢ়াবলৈ কিবা বনাই আছে আৰু তাইৰ মাতৃয়ে তাইক সহায় কৰি আছে।