Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৩৯

আপোনাৰ নাম ‘জীৱন-পুস্তকত’ লিখা আছেনে?

আপোনাৰ নাম ‘জীৱন-পুস্তকত’ লিখা আছেনে?

‘যিহোৱাক ভয় কৰোঁতাবিলাকৰ, অৰ্থে তেওঁৰ আগত এখন স্মৰণাৰ্থক পুথি লিখা হল।’—মলা. ৩:১৬.

গীত ৬১ আগবাঢ়ি যোৱা, সাক্ষীসকল!

লেখৰ এক আভাস *

হেবলৰ সময়ৰ পৰা এতিয়ালৈকে যিহোৱাই “জীৱন-পুস্তকত” বহুতো লোকৰ নাম লিখিছে (অনুচ্ছেদ ১-২ চাওক)

১. (ক) মলাখী ৩:১৬ পদৰ অনুসৰি যিহোৱাই কি কিতাপ লিখি আছে? (খ) এই কিতাপখনত কি লিখা হৈছে?

 যিহোৱাই হাজাৰ হাজাৰ বছৰ ধৰি এখন বিশেষ কিতাপ লিখি আছে, যʼত বহুতো লোকৰ নাম লিখা আছে। এই কিতাপখনত প্ৰথমতে হেবলৰ নাম লিখা আছে, কিয়নো তেৱেঁ যিহোৱাৰ প্ৰথম বিশ্বাসী সেৱক আছিল। * (লূক ১১:৫০, ৫১) সময় অতিবাহিত হোৱাৰ লগে লগে যিহোৱাই আৰু বহুতো লোকক মনত ৰাখিবলৈ তেওঁলোকৰ নাম ‘স্মৰণাৰ্থক পুথিত’ লিখিলে আৰু আজি এই কিতাপখনত লাখ লাখ লোকৰ নাম লিখা আছে। (মলাখী ৩:১৬ পঢ়ক।) বাইবেলত এই কিতাপখনক ‘জীৱন-পুস্তক’ বুলি কোৱা হৈছে।—প্ৰকা. ৩:৫; ১৭:৮.

২. (ক) জীৱনৰ কিতাপত কাৰ নাম লিখা আছে? (খ) যদি আমি এই কিতাপখনত নিজৰ নাম থকাটো বিচাৰোঁ, তেনেহʼলে আমি কি কৰিব লাগিব?

এই বিশেষ কিতাপখনত সেই লোকসকলৰ নাম লিখা আছে, যিসকলে যিহোৱাৰ উপাসনা কৰে, তেওঁলৈ ভয় ৰাখে আৰু তেওঁৰ নামক সন্মান কৰে। এই লোকসকলৰ ওচৰত অনন্ত জীৱন পোৱাৰ সুযোগ আছে। এই কিতাপখনত আমাৰ নাম থকাটো যদি আমি বিচাৰোঁ, তেনেহʼলে যিহোৱাৰ লগত আমাৰ এটা ভাল সম্পৰ্ক থাকিব লাগিব আৰু যীচুৰ মুক্তিপণস্বৰূপ বলিদানৰ ওপৰত বিশ্বাস কৰিব লাগিব। (যোহ. ৩:১৬, ৩৬) আমাৰ আশা স্বৰ্গত জীয়াই থকাৰ বাবে হওক বা পৃথিৱীত, আমি সকলোৱে এই কিতাপখনত নিজৰ নাম থকাটো বিচাৰোঁ।

৩-৪. (ক) যদি আজি আমাৰ নাম জীৱনৰ কিতাপত লিখা আছে, তেনেহʼলে আমি অনন্ত জীৱন পাম নেকি? বুজাওক। (খ) এই লেখত আৰু পৰৱৰ্তী লেখত আমি কি কি প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম?

যদি কাৰোবাৰ নাম এবাৰ জীৱনৰ কিতাপত লিখা হৈ গʼল, তেনেহʼলে ইয়াৰ অৰ্থ এইটো নেকি যে তেওঁ অনন্ত জীৱন পাবই? ইয়াৰ উত্তৰ জানিবলৈ যিহোৱাই মোচিক কি কৈছিল, তালৈ মন কৰক। তেওঁ এইদৰে কৈছিল, “যি জনে মোৰ বিৰুদ্ধে পাপ কৰিলে, তাৰহে নাম মই মোৰ পুস্তকৰ পৰা কাটি পেলাম।” (যাত্ৰা. ৩২:৩৩) ইয়াৰ অৰ্থ হৈছে যিহোৱাই যেতিয়া কাৰোবাৰ নাম জীৱনৰ কিতাপত লিখে, তেনেহʼলে সেয়া পেঞ্চিলত লিখাৰ দৰে হয় আৰু তাক মুচিবও পাৰি। (প্ৰকা. ৩:৫) কিন্তু আমি সকলোৱে নিজৰ নাম জীৱনৰ কিতাপত সদায়ৰ বাবে লিখাটো বিচাৰোঁ। যদি আমি যিহোৱাৰ দৃষ্টিত যি ভাল, তাকে কৰোঁ, তেনেহʼলে উচিত সময়ত তেওঁ আমাৰ নাম জীৱনৰ কিতাপত সদায়ৰ বাবে লিখিব। যেন কলমেৰে লিখি দিব।

কিন্তু আমাৰ মনত কিছুমান প্ৰশ্ন আহে। যেনে, যিসকল লোকৰ নাম জীৱনৰ কিতাপত লিখা আছে আৰু যিসকলৰ লিখা নাই, তেওঁলোকৰ বিষয়ে বাইবেলত কি কোৱা হৈছে? যিসকলৰ নাম এই কিতাপত লিখা আছে, তেওঁলোকে কেতিয়া অনন্ত জীৱন পাব? যিসকলে যিহোৱাৰ উপাসনা কৰা নাছিল আৰু তেওঁলোকৰ মৃত্যু হʼল, তেওঁলোকৰ নামো যিহোৱাই এই কিতাপত লিখিবনে? এই লেখত আৰু পৰৱৰ্তী লেখত আমি এই প্ৰশ্নবোৰৰ বিষয়ে আলোচনা কৰিম?

জীৱনৰ কিতাপত কাৰ কাৰ নাম আছে?

৫-৬. (ক) ফিলিপীয়া ৪:৩ পদৰ অনুসৰি কাৰ নাম জীৱনৰ কিতাপত লিখা আছে? (খ) তেওঁলোকৰ নাম কেতিয়া জীৱনৰ কিতাপত সদায় কালৰ বাবে লিখা হʼব?

জীৱনৰ কিতাপত কাৰ কাৰ নাম লিখা আছে? ইয়াৰ বিষয়ে জানিবলৈ আমি লোকসকলৰ পাঁচটা সমূহৰ বিষয়ে আলোচনা কৰিম। ইয়াৰে মাজৰ কিছুমান লোকৰ জীৱনৰ কিতাপত নাম লিখা আছে আৰু কিছুমানৰ লিখা নাই।

যীচুৰ লগত স্বৰ্গত শাসন কৰিবলৈ বাছনি কৰা লোকসকলেই হৈছে প্ৰথম সমূহৰ লোক। তেওঁলোকৰ নাম এতিয়া জীৱনৰ কিতাপত লিখা আছেনে? নিশ্চয় লিখা আছে। পৌলে ফিলিপীত থকা ভাই-ভনীসকললৈ লিখা চিঠিখনৰ পৰা জানিব পাৰি যে অভিষিক্ত খ্ৰীষ্টানসকলৰ নাম জীৱনৰ কিতাপত লিখা আছে। (ফিলিপীয়া ৪:৩ পঢ়ক।) অভিষিক্ত খ্ৰীষ্টানসকলে যদি বিচাৰে যে তেওঁলোকৰ নাম এই কিতাপত লিখা থাকে, তেনেহʼলে তেওঁলোকে শেষলৈকে যিহোৱাৰ বিশ্বাসী হৈ থাকিব লাগিব। যেতিয়া শেষবাৰৰ বাবে তেওঁলোকৰ ওপৰত ছাব মৰা হʼব, তেতিয়া তেওঁলোকৰ নাম এই কিতাপত সদায় কালৰ বাবে লিখা হʼব। এয়া হয়তো তেওঁলোকৰ মৃত্যুৰ আগত হʼব অথবা মহা-ক্লেশ আৰম্ভ হোৱাৰ আগতে হʼব।—প্ৰকা. ৭:৩.

৭. প্ৰকাশিত বাক্য ৭:১৬, ১৭ পদৰ অনুসৰি বৰ লোকসমূহৰ নাম জীৱনৰ কিতাপত কেতিয়া সদায় কালৰ বাবে লিখা হʼব?

দ্বিতীয় সমূহৰ লোকসকল হৈছে বৰ লোকসমূহ। এতিয়া তেওঁলোকৰ নাম জীৱনৰ কিতাপত লিখা আছেনে? নিশ্চয় আছে। হৰমাগিদোনৰ পাছতো তেওঁলোকৰ নাম জীৱনৰ কিতাপত লিখা থাকিবনে? নিশ্চয় থাকিব। (প্ৰকা. ৭:১৪) যীচুৱে কৈছিল যে এই মেৰ সমান লোকসকলে ‘অনন্ত জীৱন’ পাব। (মথি ২৫:৪৬; যোহ. ১০:১৬) কিন্তু হৰমাগিদোন শেষ হোৱাৰ লগে লগে তেওঁলোকে অনন্ত জীৱন নাপাব। সেই সময়ছোৱাত জীৱনৰ কিতাপত তেওঁলোকৰ নাম পেঞ্চিলেৰে লিখাৰ দৰে হʼব। হাজাৰ বছৰৰ শাসনৰ সময়ছোৱাত যীচুৱে তেওঁলোকক মেৰৰখীয়াৰ নিচিনা “জীৱন-জলৰ ভুমুকৰ ওচৰলৈ নিব।” সেই সময়ছোৱাত যিসকল লোকে যীচুৰ নিৰ্দেশনাবোৰ পালন কৰিব আৰু শেষ পৰীক্ষাত যিহোৱাৰ বিশ্বাসী হৈ থাকিব, তেওঁলোকৰ নামহে জীৱনৰ কিতাপত কলমেৰে লিখাৰ দৰে হʼব অৰ্থাৎ সদায় কালৰ বাবে লিখা হʼব।—প্ৰকাশিত বাক্য ৭:১৬, ১৭ পঢ়ক।

৮. কাৰ নাম জীৱনৰ কিতাপত লিখা নাই আৰু তেওঁলোকৰ কি হʼব?

তৃতীয় সমূহটো হৈছে ছাগলীৰ সমান লোকসকল, যিসকলক হৰমাগিদোনৰ সময়ত ধ্বংস কৰা হʼব। তেওঁলোকৰ নাম জীৱনৰ কিতাপত লিখা নাই। যীচুৱে কৈছিলে যে তেওঁলোকক ‘অনন্ত দণ্ড’ দিয়া হʼব অৰ্থাৎ তেওঁলোকক সদায় কালৰ বাবে ধ্বংস কৰা হʼব। (মথি ২৫:৪৬) পৌলেও কৈছিল যে “তেওঁবিলাকে অনন্ত সংহাৰৰূপ দণ্ড ভোগ কৰিব।” (২ থিচ. ১:৯, ১০; ২ পিত. ২:৯) যিসকল লোকে জানি-শুনি পবিত্ৰ আত্মাৰ বিৰোধে পাপ কৰিলে আৰু মৃত্যু হʼল, তেওঁলোকৰ নামো জীৱনৰ কিতাপত লিখা নাই আৰু তেওঁলোকক পুনৰ জীৱিত কৰা নহʼব। তেওঁলোকে অনন্ত জীৱন পোৱাৰ পৰিৱৰ্তে সদায় কালৰ বাবে তেওঁলোক ধ্বংস হʼল। (মথি ১২:৩২; মাৰ্ক ৩:২৮, ২৯; ইব্ৰী ৬:৪-৬) আহক এতিয়া বাকী থকা আৰু দুটা সমূহৰ বিষয়ে আলোচনা কৰোঁ, যিসকলক এই পৃথিৱীত পুনৰ জীৱিত কৰা হʼব।

কাক পুনৰ জীৱিত কৰা হʼব?

৯. (ক) পাঁচনিৰ কৰ্ম্ম ২৪:১৫ পদৰ অনুসৰি কোন দুবিধ লোকক পৃথিৱীত পুনৰ জীৱিত কৰা হʼব? (খ) এই দুবিধ লোকৰ মাজত কি পাৰ্থক্য আছে?

বাইবেলত কোৱা হৈছে যে “ধাৰ্ম্মিক অধাৰ্ম্মিক” এই দুয়োবিধ লোকক পুনৰুত্থান কৰা হʼব। এই দুয়োটা সমূহৰ লোকসকলৰ ওচৰতে অনন্ত জীৱন জীয়াই থকাৰ সুযোগ আছে। (পাঁচনিৰ কৰ্ম্ম ২৪:১৫ পঢ়ক।) যিসকল লোকে যিহোৱাৰ বিশ্বাসী হৈ আছিল আৰু তেওঁলোকৰ মৃত্যু হʼল, সেই লোকসকলক “ধাৰ্ম্মিক” লোক বুলি কোৱা হৈছে। যিসকল লোকে মৃত্যুৰ আগত যিহোৱাৰ উপাসনা কৰা নাছিল, তেওঁলোক “অধাৰ্ম্মিক” লোক হয়। এই লোকসকলৰ মাজৰ কিছুমানে বহুত বেয়া কাম কৰিছিল। দুয়োবিধ লোকক পুনৰ জীৱিত কৰা হʼব, ইয়াৰ অৰ্থ এয়া নেকি যে তেওঁলোকৰ সকলোৰে নাম জীৱনৰ কিতাপত লিখা থাকিব? ইয়াৰ বিষয়ে জানিবলৈ আহক এই দুয়োটা সমূহৰ বিষয়ে আলোচনা কৰোঁ।

১০. (ক) “ধাৰ্ম্মিক” লোকসকলক কিয় পুনৰ জীৱিত কৰা হʼব? (খ) তেওঁলোকৰ মাজৰ কিছুমান লোকক কি বিশেষ দায়িত্ব দিয়া হʼব? (পৃথিৱীত কাক পুনৰ জীৱিত কৰা হʼব আৰু তেওঁলোকৰ ন্যায় কেনেকৈ কৰা হʼব, তাৰ বিষয়ে বেছিকৈ জানিবলৈ এই প্ৰহৰীদুৰ্গৰপাঠকসকলৰ প্ৰশ্ন” লেখটো চাওক।)

১০ “ধাৰ্ম্মিক” লোকসকল হৈছে চতুৰ্থ সমূহ। তেওঁলোকৰ মৃত্যুৰ আগতেই তেওঁলোকৰ নাম জীৱনৰ কিতাপত লিখা হৈছিল। কিন্তু মৃত্যুৰ পাছত তেওঁলোকৰ নাম জীৱনৰ কিতাপৰ পৰা কাটি দিয়া হʼলনে? নহয়। কিয়নো যিহোৱাই তেওঁলোকক পাহৰা নাই। বাইবেলত এইদৰে লিখা আছে, “তেওঁ মৃতবিলাকৰ ঈশ্বৰ নহয়, জীয়াবিলাকৰহে ঈশ্বৰ; কিয়নো তেওঁৰ সম্বন্ধে সকলো জীয়াই আছে।” (লূক ২০:৩৮) ইয়াৰ অৰ্থ হৈছে যেতিয়া ধাৰ্মিক লোকসকলক পৃথিৱীত পুনৰ জীৱিত কৰা হʼব, তেতিয়া তেওঁলোকৰ নাম জীৱনৰ কিতাপত লিখা হʼব। কিন্তু সেই সময়ত পেঞ্চিলেৰে লিখাৰ দৰে হʼব। (লূক ১৪:১৪) তেওঁলোকৰ মাজৰ কিছুমানক যিহোৱাই এটা বিশেষ দায়িত্ব দিব। যেনে, তেওঁলোকক ‘অধিপতি’ পাতিব।—গীত. ৪৫:১৬.

১১. নিজকে সলনি কৰিবলৈ আৰু জীৱনৰ কিতাপত নিজৰ নাম লিখাবলৈ “অধাৰ্ম্মিক” লোকসকলে কি কৰিব লাগিব?

১১ “অধাৰ্ম্মিক” লোকসকল হৈছে পঞ্চম সমূহ। যিহোৱাৰ দৃষ্টিত কি ভাল আৰু কি বেয়া, তাৰ বিষয়ে হয়তো তেওঁলোকে মৃত্যুৰ আগতে জনা নাছিল। সেইবাবে, তেওঁলোকে যিহোৱাৰ মানদণ্ড পালন কৰা নাছিল। সেই কাৰণে জীৱনৰ কিতাপত তেওঁলোকৰ নাম লিখা নহʼল। কিন্তু তেওঁলোকক যেতিয়া পুনৰ জীৱিত কৰা হʼব, তেতিয়া জীৱনৰ কিতাপত তেওঁলোকে নিজৰ নাম লিখাবলৈ সুযোগ পাব। কিন্তু ইয়াৰ বাবে তেওঁলোকে যিহোৱা আৰু তেওঁৰ মানদণ্ডৰ বিষয়ে শিকিব লাগিব আৰু নিজকে সলনি কৰিব লাগিব। তেওঁলোকৰ মাজৰ কিছুমানে বহুতো দুষ্ট কাম কৰিছিল। তেওঁলোকে সেই কামবোৰ এৰিব লাগিব। কিন্তু ইয়াৰ বাবে তেওঁলোকক আনৰ সহায়ৰ প্ৰয়োজন হʼব। যীচুৰ হাজাৰ বছৰৰ শাসনৰ সময়ছোৱাত তেওঁলোকক বহুতো কথা শিকোৱা হʼব। প্ৰথম বাৰ ইমান বৃহৎ পৰিমাণে শিকোৱা হʼব।

১২. (ক) অধাৰ্মিক লোকসকলক কোনে শিকাব? (খ) যিসকল লোকে নিজকে সলনি নকৰিব তেওঁলোকৰ কি হʼব?

১২ সেই অধাৰ্মিক লোকসকলক কোনে শিকাব? বৰ লোকসমূহ আৰু ধাৰ্মিক লোকসকলে শিকাব, যিসকলক এই পৃথিৱীত জীৱিত কৰা হʼব। কিন্তু অধাৰ্মিক লোকসকলে যিহোৱাৰ লগত এটা ভাল সম্পৰ্ক গঢ়ি তুলিলে আৰু নিজৰ জীৱন তেওঁলৈ সমৰ্পণ কৰিলেহে, তেওঁলোকৰ নাম জীৱনৰ কিতাপত লিখা হʼব। তেওঁলোকে নিজকে সলনি কৰিবলৈ কি কি কৰিছে, তাৰ প্ৰতি যীচু আৰু তেওঁৰ লগত বিচাৰ কৰাসকলে ধ্যান দিব। (প্ৰকা. ২০:৪) যিসকল লোকে নিজকে সলনি নকৰে, তেওঁলোকক ধ্বংস কৰা হʼব। হাজাৰ বছৰ পূৰ হোৱালৈকে অপেক্ষা কৰা নহʼব। যদিও তেওঁ কেৱল ১০০ বছৰলৈকে জীয়াই নাথাকক কিয়, তথাপি তেওঁক ধ্বংস কৰা হʼব। (যিচ. ৬৫:২০) যিহোৱা আৰু যীচুৱে লোকসকলৰ হৃদয় পঢ়িব পাৰে। সেইবাবে, তেওঁলোকে নতুন পৃথিৱীত কাকো আনৰ হানি কৰিবলৈ বা ধ্বংস কৰিবলৈ নিদিব।—যিচ. ১১:৯; ৬০:১৮; ৬৫:২৫; যোহ. ২:২৫.

তেওঁলোকক ‘জীৱন’ বা “সোধ-বিচাৰৰ” বাবে পুনৰ জীৱিত কৰা হʼব

১৩-১৪. (ক) আগতে আমি যোহন ৫:২৯ পদত যীচুৱে কোৱা কথাৰ অৰ্থ কি বুলি ভাবিছিলোঁ? (খ) কিন্তু যীচুৱে কোৱা কথালৈ মন দিলে কি জানিব পাৰি?

১৩ যীচুৱে কৈছিল যে “যি কালত মৈদামত থকা সকলোৱে তেওঁৰ মাত শুনি” ওলাই আহিব, সেইকাল আহিছে। তাৰ পাছত তেওঁ কৈছিল যে যিসকল লোকে ভাল কাম কৰিছে, তেওঁলোকে জীৱন পাবলৈ আৰু যিসকল লোকে বেয়া কাম কৰিছে, তেওঁলোকে সোধ-বিচাৰৰ বাবে পুনৰুত্থান হʼব। (যোহ. ৫:২৮, ২৯) যীচুৱে কোৱাৰ অৰ্থ কি আছিল?

১৪ আগতে আমি বিশ্বাস কৰিছিলোঁ যে এই পদত যীচুৱে যিবোৰ কামৰ বিষয়ে কৈছে, সেয়া লোকসকলে জীৱিত হোৱাৰ পাছত কৰা কামবোৰ হʼব। কিছুমান লোকে ভাল কাম কৰিব আৰু কিছুমানে বেয়া কাম কৰিব। কিন্তু মন কৰক যীচুৱে ইয়াত এইদৰে কোৱা নাই যে তেওঁলোকে এনে কামবোৰ কৰিব। ইয়াৰ পৰিৱৰ্তে তেওঁ এইদৰে কৈছে “সৎকৰ্ম্ম কৰাবিলাক” আৰু “কুকৰ্ম্ম কৰাবিলাক।” ইয়াৰ অৰ্থ হৈছে যীচুৱে ইয়াত সেই কামবোৰৰ বিষয়ে কৈছিল, যিবোৰ তেওঁলোকে মৃত্যু হোৱাৰ আগতেই কৰিছিল। এই কথা সঁচাও হয়, নহয়নে বাৰু? কাৰণ নতুন পৃথিৱীত কোনো ধৰণৰ দুষ্টতাক থাকিবলৈ দিয়া নহʼব। সেইবাবে, আমি কʼব পাৰোঁ যে অধাৰ্মিক লোকসকলে সেই দুষ্ট কামবোৰ মৃত্যু হোৱাৰ আগতেই কৰিছিল। যীচুৱে এয়াও কৈছিল যে কিছুমানক ‘জীৱন’ পাবলৈ আৰু কিছুমানক “সোধ-বিচাৰৰ” বাবে পুনৰুত্থান কৰা হʼব। ইয়াৰ অৰ্থ কি?

১৫. কাক ‘জীৱন’ দিবলৈ পুনৰুত্থান কৰা হʼব আৰু কিয়?

১৫ যিসকল লোকে মৃত্যুৰ আগতে ভাল কাম কৰিলে, তেওঁলোকৰ নাম জীৱনৰ কিতাপত লিখা থাকিব। সেইবাবে, তেওঁলোকক ‘জীৱন’ দিবলৈ পুনৰুত্থান কৰিব। ইয়াৰ অৰ্থ হৈছে যোহন ৫:২৯ পদত “সৎকৰ্ম্ম কৰাবিলাক” বুলি যিসকল লোকক কোৱা হৈছে, তেওঁলোকে পাঁচনিৰ কৰ্ম্ম ২৪:১৫ পদত কোৱা “ধাৰ্ম্মিক” লোকসকল হয়। মন কৰক ৰোমীয়া ৬:৭ পদত কি কোৱা হৈছে, “যিজন মৰিল, তেওঁ পাপৰ পৰা মুক্ত” হʼল। ইয়াৰ অৰ্থ হৈছে যেতিয়া এই ধাৰ্মিক লোকসকলৰ মৃত্যু হʼল, তেতিয়া যিহোৱাই তেওঁলোকৰ পাপ ক্ষমা কৰিলে। কিন্তু তেওঁলোকে মৃত্যুৰ আগতে যিহোৱাৰ বাবে যি যি কাম কৰিলে, সেইবোৰ যিহোৱাই পাহৰা নাই। সেইবাবে তেওঁলোকক জীৱন দিবলৈ পুনৰুত্থান কৰা হʼব। (ইব্ৰী ৬:১০) কিন্তু তেওঁলোকে যদি আগলৈ গৈ যিহোৱাৰ বিশ্বাসী হৈ থাকে, তেতিয়াহে তেওঁলোকৰ নাম জীৱনৰ কিতাপত লিখা থাকিব।

১৬. “সোধ-বিচাৰৰ” বাবে পুনৰুত্থান কৰাৰ অৰ্থ কি?

১৬ যিসকল লোকে মৃত্যুৰ আগতে “কুকৰ্ম্ম” কৰিছিল, তেওঁলোকৰ বিষয়নো কি? যদিও মৃত্যু হোৱাৰ বাবে তেওঁলোকৰ পাপ ক্ষমা কৰা হʼল। কিন্তু তেওঁলোকে যেতিয়া জীৱিত আছিল, তেতিয়া তেওঁলোকে যিহোৱাৰ সেৱা কৰা নাছিল। সেইবাবে, তেওঁলোকৰ নাম জীৱনৰ কিতাপত লিখা নাই। মন কৰক, পাঁচনিৰ কৰ্ম্ম ২৪:১৫ পদত “অধাৰ্ম্মিক” বুলি কোৱা লোকসকলেও যিহোৱাৰ উপাসনা কৰা নাছিল আৰু তেওঁলোকৰ নামো জীৱনৰ কিতাপত লিখা নাই। সেইবাবে, এই দুয়োটা পদত একে ধৰণৰ লোকসকলৰ বিষয়ে কোৱা হৈছে বুলি আমি কʼব পাৰোঁ আৰু তেওঁলোকক “সোধ-বিচাৰৰ” বা ন্যায়ৰ বাবে পুনৰুত্থান হʼব। * “সোধ-বিচাৰৰ” বাবে পুনৰুত্থান কৰাৰ অৰ্থ হৈছে যীচুৱে তেওঁলোকৰ ওপৰত ধ্যান দিব আৰু তেওঁলোকে নিজকে সলনি কৰিছে নে নাই, তাক চালি-জাৰি চাব। (লূক ২২:৩০) এইবোৰ কৰিবলৈ সময়ৰ প্ৰয়োজন হʼব। তাৰ পাছত তেওঁলোকৰ নাম জীৱনৰ কিতাপত লিখিব লাগে নে নালাগে, তাৰ নিৰ্ণয় লোৱা হʼব। যদি এই অধাৰ্ম্মিক লোকসকলে নিজৰ জীৱন সলনি কৰিব আৰু যিহোৱালৈ নিজৰ জীৱন সমৰ্পন কৰিব, তেতিয়া তেওঁলোকৰ নাম জীৱনৰ কিতাপত লিখা হʼব।

১৭-১৮. (ক) যিসকল লোকৰ পৃথিৱীত পুনৰুত্থান হʼব, তেওঁলোকে কি কৰিব লাগিব? (খ) প্ৰকাশিত বাক্য ২০:১২, ১৩ পদত কোনবোৰ “কৰ্ম্মৰ” বিষয়ে কোৱা হৈছে?

১৭ খ্ৰীষ্টৰ হাজাৰ বছৰৰ শাসনৰ সময়ছোৱাত নতুন কিতাপবোৰ খোলা হʼব, যʼত বহুতো আইন লিখা থাকিব। যিসকল লোকক পুনৰ জীৱিত কৰা হʼব, যদিও তেওঁলোকে আগতে ভাল কাম কৰিছিল বা বেয়া কাম কৰিছিল, তথাপি তেওঁলোকে সেই সকলো আইন পালন কৰিব লাগিব। ইয়াৰ বিষয়ে পাঁচনি যোহনে এটা দৰ্শন দেখিছিল। তেওঁ এইদৰে কৈছিল, “সেই সিংহাসনৰ আগত সৰু বৰ সকলো মৃতবিলাকক থিয় হৈ থকা দেখিলোঁ; পাছে কেইখনমান পুস্তক মেলা হল; আৰু জীৱন-পুস্তক নামেৰে আন এখন পুস্তকো মেলা হল; আৰু সেই পুস্তকবোৰত লিখামতে, মৃতবিলাকৰ নিজ নিজ কৰ্ম্ম অনুসাৰে সোধ-বিচাৰ কৰা হল।”—প্ৰকা. ২০:১২, ১৩.

১৮ মৃত্যু হোৱা লোকসকলৰ “কৰ্ম্ম” অনুসৰি তেওঁলোকৰ সোধ-বিচাৰ কৰা হʼব বুলি ১৩ পদত কোৱা হৈছে। গতিকে ইয়াত তেওঁলোকে মৃত্যুৰ আগতে কৰা কামবোৰৰ বিষয়ে কৈছে নেকি? নহয়। কিয়নো আমি আগতে শিকিছিলোঁ যে এজন ব্যক্তিৰ মৃত্যুৰ পাছত তেওঁৰ পাপবোৰ ক্ষমা কৰি দিয়া হয়। গতিকে ইয়াত তেওঁলোকে মৃত্যুৰ আগতে কৰা কামবোৰৰ বিষয়ে কোৱা নাই। তেনেহʼলে কোনবোৰ কামৰ বিষয়ে কোৱা হৈছে? নতুন পৃথিৱীত তেওঁলোকক বহুতো কথা শিকোৱা হʼব। ইয়াৰ পাছত তেওঁলোকে যেনেধৰণৰ কামবোৰৰ কৰিব, তাৰ বিষয়ে ইয়াত কোৱা হৈছে। নোহ, চমূৱেল, দায়ূদ আৰু দানিয়েলৰ নিচিনা বিশ্বাসী লোকসকলেও যীচুৰ বিষয়ে বহুতো কথা শিকিব লাগিব আৰু যীচুৰ মুক্তিপণ স্বৰূপ বলিদানৰ ওপৰত বিশ্বাস কৰিব লাগিব। চিন্তা কৰকচোন, যদি এই বিশ্বাসী লোকসকলে ইমানখিনি শিকিব লাগিব, তেনেহʼলে যিসকলে বেয়া কাম কৰিছিল, তেওঁলোকে আৰু কিমান শিকিব লাগিব!

১৯. যিসকলে নিজকে সলনি নকৰিব, তেওঁলোকৰ কি হʼব?

১৯ নতুন পৃথিৱীত যিসকলে যীচুৰ বিষয়ে শিকিব আৰু তেওঁৰ মুক্তিপণস্বৰূপ বলিদানৰ ওপৰত বিশ্বাস কৰিব, তেওঁলোকৰ নাম জীৱনৰ কিতাপত সদায়ৰ বাবে লিখা হʼব। কিন্তু যিসকলে এই সুযোগ গ্ৰহণ নকৰিব, তেওঁলোকৰ কি হʼব? প্ৰকাশিত বাক্য ২০:১৫ পদত এইদৰে লিখা আছে, “জীৱন-পুস্তকত যি কোনোৰ নাম পোৱা নগল, তাক সেই অগ্নিৰ সৰোবৰত পেলোৱা হল।” ইয়াৰ অৰ্থ হৈছে তেওঁলোকক সদায় কালৰ বাবে নাশ কৰা হʼব। গতিকে আহক আমাৰ নাম জীৱনৰ কিতাপত লিখাবলৈ আৰু তাৰ পৰা কেতিয়াও নুমুচিবলৈ আমি সম্পূৰ্ণৰূপে চেষ্টা কৰোঁ।

এজন ভায়ে হাজাৰ বছৰৰ সময়ছোৱাত হোৱা বৃহৎ পৰিমাণৰ শিক্ষা দিয়া কামত ভাগ লৈছে (অনুচ্ছেদ ২০ চাওক)

২০. যীচুৰ হাজাৰ বছৰৰ শাসনৰ সময়ছোৱাত কি ৰোমাঞ্চকৰ ঘটনা হʼব? (বেটুপাতত দিয়া ছবিখন চাওক।)

২০ খ্ৰীষ্টৰ হাজাৰ বছৰ শাসনৰ সময়ছোৱাত বহুতো কাম হʼব। প্ৰথমবাৰ ইমান বৃহৎ পৰিমাণে শিকোৱা হʼব। এয়া সঁচাকৈ ৰোমাঞ্চাকৰ সময় হʼব, নহয়নে বাৰু? কিন্তু ইয়াৰ লগতে ধাৰ্মিক আৰু অধাৰ্মিক লোকসকলৰ ব্যৱহাৰৰ ওপৰত ধ্যান দিয়া হʼব আৰু তেওঁলোকক চালি-জাৰি চোৱা হʼব। (যিচ. ২৬:৯; পাঁচ. ১৭:৩১) কিন্তু প্ৰশ্ন হয় যে গোটেই পৃথিৱীত ইমান লোকসকলক কেনেকৈ শিকোৱা হʼব? পৰৱৰ্তী লেখত আমি যিহোৱাৰ এই ব্যৱস্থাৰ বিষয়ে আৰু বেছিকৈ শিকিম।

গীত ১৪৭ অনন্ত জীৱনৰ প্ৰতিজ্ঞা

^ যোহন ৫:২৮, ২৯ পদত কোৱা হৈছে যে কিছুমান লোকক ‘জীৱন’ পাবলৈ আৰু কিছুমান লোকক ‘সোধ-বিচাৰ’ বা ন্যায় কৰিবলৈ পুনৰুত্থান কৰা হʼব। এই লেখত আমি শিকিম যে যোহন ৫:২৮, ২৯ পদত যীচুৱে কোৱা কথাষাৰৰ অৰ্থ কি আছিল। ইয়াৰ বিষয়ে আগতে আমি যি ভাবিছিলোঁ, তাৰ বুজা-বুজিত কি সাল-সলনি কৰা হৈছে, তাৰ বিষয়েও আলোচনা কৰিম। আমি এয়াও শিকিম যে কোন লোকসকলক ‘জীৱন’ পাবলৈ আৰু কোন লোকসকলৰ ‘সোধ-বিচাৰৰ’ বাবে পুনৰুত্থান কৰা হʼব।

^ এই কিতাপখন “জগত স্থাপন” অৰ্থাৎ জগতৰ আৰম্ভণিৰে পৰা লিখা হৈছে। ইয়াত ‘জগতৰ’ অৰ্থ সেই লোকসকল হয় যিসকলৰ পাপ যীচু খ্ৰীষ্টৰ বলিদানৰ আধাৰত ক্ষমা কৰিব পাৰি। (মথি ২৫:৩৪; প্ৰকা. ১৭:৮) হেবল প্ৰথম বিশ্বাসী সেৱক আছিল। সেইবাবে, এই কিতাপখনত প্ৰথমে তেওঁৰেই নাম থাকিব পাৰে।

^ আগতে আমি বিশ্বাস কৰিছিলোঁ যে যোহন ৫:২৯ পদত কোৱা “সোধ-বিচাৰৰ” বা ন্যায়ৰ অৰ্থ হৈছে কাৰোবাক দোষী আৰোপ কৰা বা শাস্তি দিয়া। “সোধ-বিচাৰৰ” অৰ্থ এয়াও হʼব পাৰে। কিন্তু ইয়াৰ আশে-পাশে থকা পদবোৰ পঢ়িলে অনুভৱ হয় যে যীচুৱে ইয়াত বেলেগ এটা কথাহে কৈছিল। এনে লাগে যেন যীচুৱে কোৱা “সোধ-বিচাৰৰ” অৰ্থ হৈছে অলপ সময়লৈকে কাৰোবাক চালি-জাৰি চোৱা বা পৰীক্ষা কৰা। অথবা এখন গ্ৰীক বাইবেলৰ শব্দকোষত কোৱা হৈছে যে “কাৰোবাৰ ব্যৱহাৰৰ ওপৰত দৃষ্টি ৰখা।”